• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ধ্ৰুপদী ভাষাৰ মৰ্যাদা

অসমীয়া ভাষা

by Monoswini Sarmah
October 5, 2024
in Special Report, Literature, News
Reading Time: 2 mins read
0
ধ্ৰুপদী ভাষাৰ মৰ্যাদা
Share on FacebookShare on TwitterShare on LinkedIn

ধ্ৰুপদী ভাষাৰ মৰ্যাদা

মনস্বিনী শৰ্মা

manaswini sarma
মনস্বিনী শৰ্মা

“চিৰ চেনেহী মোৰ ভাষা জননী” আমাৰ প্ৰাণৰ মাতৃভাষা ‘অসমীয়া ভাষা’ ই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ বতৰাই অসম তথা অসমীয়াক গৌৰৱান্বিত কৰিছে। ভাৰতৰ ধ্ৰুপদী ভাষা বা শাস্ত্ৰীয় ভাষা বুলিলে প্ৰাচীন, মূল্যৱান, মৌলিক আৰু সুকীয়া সাহিত্যিক ঐতিহ্য থকা ভাৰতীয় ভাষাসমূহক বুজা যায়৷

২০০৪ চনত ভাৰত চৰকাৰে ঘোষণা কৰে যে কিছুমান কঠোৰ মানদণ্ড পূৰণ কৰা ভাষাসমূহক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হ’ব।

Assamese

লগতে ধ্ৰুপদী ভাষাৰ প্ৰাৰম্ভিক মানদণ্ড ১০০০ বছৰ বুলি ধৰা হয় আৰু ইয়াৰ ১৫০০-২০০০ বছৰ পুৰণি উচ্চ মানদণ্ডৰ লিখনি আৰু প্ৰামাণিক ইতিহাস থাকিব লাগিব।

ধ্ৰুপদী ভাষা হ’বলৈ ভাষাটোৰ থাকিবলগীয়া মানদণ্ডসমূহ হ’ল: প্ৰাচীনত্ব, সাহিত্যিক সমৃদ্ধি,অলেখ পৰম্পৰা, সাহিত্যৰ স্বতন্ত্ৰতা, প্ৰাচীন আৰু আধুনিক ৰূপৰ প্ৰভেদ।

ইয়াৰ লগতে ধ্ৰুপদী ভাষা হ’বলৈ প্ৰয়োজন হোৱা অনান্য চৰ্তসমূহ হ’ল: ভাষাটোৰ থাকিব লাগিব বহু প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গ্ৰহণ কৰিব পৰা সাহিত্যৰ সমল, নিজস্ব লেখাৰ সমল,পদ্য, শিলালিপি বা তাম্ৰলিপি আদিৰ প্ৰমাণ আৰু পদ্যৰ লগতে ঘাইকৈ গদ্যৰ জ্ঞানসমৃদ্ধ পাঠ্য, ভাষাৰ প্ৰাচীন ৰূপটো আৰু ইয়াৰ বৰ্তমানৰ আধুনিক ৰূপ তথা অপভ্ৰংশ/উপভাষা আদিৰ মাজত ধাৰাবাহিকতাৰ বিচ্ছিন্নতা আদি।

     পোন প্ৰথমে কেন্দ্ৰীয় চৰকাৰে ছয়টা ভাষা: তামিল, সংস্কৃত,কানাড়া,তেলেগু,মালায়ালম,ওড়িয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছিল। ইয়াৰ পাছত বিগত ৩ অক্টোবৰ, ২০২৪ তাৰিখে কেন্দ্ৰীয় চৰকাৰে আৰু পাঁচটা ভাষা অসমীয়া, মাৰাঠী, পালি,প্ৰাকৃত, বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়ে। গতিকে বৰ্তমান ভাৰতৰ ধ্ৰুপদী ভাষাৰ সংখ্যা হ’ল ১১ টা।

     অসমীয়া ভাষা-সাহিত্যৰ গৌৰৱোজ্জ্বল দুহেজাৰ বছৰীয়া ক্ৰমধাৰাক সাৰথি কৰি অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা ।অসম সাহিত্য সভাকে ধৰি অসমীয়া সাহিত্য চৰ্চা কৰি অহা বিভিন্ন গুণী-শুধীজনৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে চলাই অহা নেৰানেপেৰা চেষ্টাৰ ফলতেই আজি অসমীয়া জাতিয়ে এই ভাল খবৰটো লাভ কৰিবলৈ সক্ষম হ’ল ৷

সাহিত্যিক কুলধৰ শইকীয়াই অসম সাহিত্য সভাপতি হৈ থকা কালতেই ২০২১ চনত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা দিব লাগে বুলি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়লৈ ৩৯১ পৃষ্ঠাৰ এখন প্ৰতিবেদন প্ৰেৰণ কৰিছিল ৷ সেয়াই আছিল আৰম্ভণি ৷ তেতিয়াৰে পৰা বিৰামহীনভাৱে চলি আছিল এই প্ৰক্ৰিয়া ৷

আনকি বিগত সময়ছোৱাত অসম সাহিত্য সভাই অসমীয়া ভাষাক কিয় ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিব লাগে তাৰ সপক্ষে বিভিন্ন তথ্য, অসমীয়া ভাষাৰ জন্ম আৰু উৎপত্তি, তাম্ৰলিপি, শিলালিপি, অসমীয়া ভাষাৰ বিকাশ, স্থাপত্য আদি বিভিন্ন ঐতিহাসিক সমল কেন্দ্ৰীয় চৰকাৰক যোগান ধৰি আহিছিল ৷ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰখনেও ইয়াৰ বাবে নিৰলস চেষ্টা অব্যাহত ৰাখিছিল ৷

assamese1

      ভাৰত চৰকাৰে দিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ ফলত ভৱিষ্যৎ সুৰক্ষিত হ’ল অসমীয়া ভাষাৰ । এতিয়াৰ পৰা দেশৰ সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয়তে থাকিব এখনকৈ অসমীয়া ভাষাৰ অধ্যাপকৰ আসন ।এই ব্যৱস্থাই অসমীয়া ভাষাৰ গৱেষণা আৰু প্ৰসাৰত সহায় কৰিব।অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অসমীয়া ভাষাৰ বিকাশ-প্ৰসাৰ আদিৰ কাৰণে এক গৱেষণা প্ৰতিষ্ঠান গঢ়ি তুলিব।

কেন্দ্ৰীয় চৰকাৰৰ সহযোগত গঢ় লৈ উঠা এই প্ৰতিষ্ঠানটিয়ে এতিয়াৰে পৰা অসমীয়া ভাষাৰ বিষয়ে যি গৱেষণা কৰ্ম হ’ব সেয়া আগবঢ়াই লৈ যাবলৈ প্ৰভূত সহায় কৰিব। এই মৰ্যাদাই ইউনিক’ডৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত এতিয়াৰে পৰা এক সবল যুক্তিও সাজু কৰিলে।

ধ্ৰুপদী ভাষা হ’লে বিদেশী বিশ্ববিদ্যালয়ত উক্ত ভাষাৰ পাঠ্যক্ৰম থাকিব, ভাষাটোৰ বাবে থাকিব পৃথক বিশ্ববিদ্যালয়, সেই ভাষাটোৰ সাহিত্য আন ভাষালৈ অনুবাদ হ’ব, সংৰক্ষণ আৰু সংবৰ্ধনৰ সুবিধা, ধ্ৰুপদী ভাষাৰ অধ্যয়ন আৰু গৱেষণা কৰা পণ্ডিতসকলৰ বাবে প্ৰতি বছৰে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰা হয়।

     সাংবিধানিকভাৱে স্বীকৃতিৰ সমান্তৰালকৈ বৌদ্ধিক উত্তৰণৰ মাজেৰে ভাষাটোক কেনেকৈ অধিক সমৃদ্ধ কৰি তুলিব পাৰি সেইটোৱে হ’ব ভৱিষ্যতৰ কৰণীয়। অৱশ্যে সৃষ্টিমূলক ৰচনা, গৱেষণা আদিৰ জৰিয়তে বিশ্বত ভাষাটোৰ মৰ্যাদা প্ৰতিষ্ঠাৰ বাবে এটা নতুন বাট কটা হ’ল।

এই স্বীকৃতিয়ে আজি অসমীয়া জাতিটোক দিয়া উৎসাহ-প্ৰেৰণাই অসমীয়াৰ মনত জাতীয়বাদৰ ভেটি সুদৃঢ় কৰিব বুলিয়েই আশা কৰিব পাৰি। গতিকে কেৱল উক্ত স্বীকৃতিতে আমি সীমাবদ্ধ নাথাকি এতিয়াৰ পৰা অসমীয়া ভাষাটোক শুদ্ধভাৱে প্ৰয়োগ আৰু প্ৰচাৰ-প্ৰসাৰ কৰিব লাগিব।

নৱপ্ৰজন্মৰ লগতে ভৱিষ্যত প্ৰজন্মকো ভাষাটোৰ উচিত মৰ্যদা ৰাখিবলৈ শিকাব লাগিব। আমি সততে অসমীয়া ভাষাটোক ভুল ৰূপত লিখি বা কৈ আহিছো।

এই স্বীকৃতি লাভৰ পাছত এতিয়া আমি অসমীয়া ভাষাক আৰু অধিক চৰ্চা কৰি আগবঢ়াই নিব লাগে, সাহিত্যৰ ভঁৰাল চহকী কৰাৰ চিন্তা কৰিব লাগে আৰু ভাষাটোৰ দশোদিশৰ উত্তৰণ ঘটাই প্ৰকৃত পৰিচয়েৰে জীয়াই ৰাখিব লাগে। তেতিয়াহে ধ্ৰুপদী ভাষাৰ মান্যতা লাভৰ অৰ্থ সাৰ্থক হ’ব।

(মনস্বিনী শৰ্মা শিৱসাগৰৰ এগৰাকী যুৱ লেখিকা)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 12, 2026
What Is a Life Well Spent? Lessons from Ancient Civilizations

What Is a Life Well Spent? Lessons from Ancient Civilizations

August 11, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 10, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d