• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, February 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

ধৰ্মীয় অসহিষ্ণুতা

দুলাল মিশ্ৰ

by Anjan Sarma
August 5, 2022
in Special Report, Opinion, Politics
Reading Time: 3 mins read
0
ধৰ্মীয় অসহিষ্ণুতা
Share on FacebookShare on TwitterShare on LinkedIn

ধৰ্মীয়অসহিষ্ণুতা

দুলাল মিশ্ৰ

ধৰ্মীয় অসহিষ্ণুতা -আদিৰপৰা আজিলৈ

পৃথিৱী যেতিয়া দুৰ্ঘোৰ আন্ধাৰৰ মাজত বুৰ গৈ আছিল, সেই সময়তে ভাৰতবৰ্ষ নামৰ এই বিশাল ভূখণ্ডত চলিছিল জ্ঞানৰ সাধনা। ঋষি-মুনিৰ তপস্যাৰে ধন্য হৈ পৰিছিল ভাৰতবাসী। ভাৰতত নিত্য নতুন জ্ঞানৰ দুৱাৰ খোল খোৱাৰ সময়তে পিছে আজিৰ আধুনিক আমেৰিকা দুৰ্ঘোৰ আন্ধাৰৰ মাজতেই আছিল। কেৱল আন্ধাৰৰ মাজত থকা বুলি ক’লেই হয়তো ভুল কোৱা হ’ব। ভাৰতত যেতিয়া জ্ঞানৰ জ্যোতি চৌদিশে বিয়পি পৰিছিল তেতিয়া আজিৰ সুসভ্য আমেৰিকা আৱিষ্কাৰেই হোৱা নাছিল। তাহানিৰ দিনৰেপৰাই ভাৰত জ্ঞান, বিদ্যা-বুদ্ধিৰ অভিকেন্দ্ৰ হৈ পৰিছিল।

এইহেন এখন দেশতেই শেহতীয়াকৈ ধৰ্মীয় অসহিষ্ণুতাই গা-কৰি উঠা বুলি বিভিন্ন মহলত ব্যাপক চৰ্চা হৈছে। কেৱল চৰ্চা হোৱাই নহয় ধৰ্মীয় অসহিষ্ণুতাৰ প্ৰতিবাদ জনাবলৈ গৈ বহুতে বঁটা-বাবো ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে। এনে এক পৰিস্থিতিত ধৰ্ম-নিৰপেক্ষ ভাৰতত ধৰ্মীয় অসহিষ্ণুতাৰ বিষয়টোৱে সমগ্ৰ দেশখনৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিছে। ভাৰতীয় সংবিধানে ভাৰত ভূখণ্ডত বাস কৰা প্ৰতিজন লোককেই ধৰ্মীয় ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ তথা মতাদৰ্শ পালনৰ সম্পূৰ্ণ অধিকাৰ দিছে। বিশ্বৰ ভিতৰত ভাৰতবৰ্ষই হয়তো প্ৰথম ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ। ইমানৰ পিছতো এইখন ভাৰতবৰ্ষতেই ধৰ্মীয় অসহিষ্ণুতাই গা-কৰি উঠাৰ বিষয়টো সঁচাকৈয়েই চিন্তনীয়।

RelatedPosts

Are We Ready For Autonomous Vehicles?

Are We Ready For Autonomous Vehicles?

February 10, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 10, 2026
THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

February 10, 2026

ইতিহাসৰ জলঙাইদি ধৰ্মীয় অসহিষ্ণুতা

ভাৰতবৰ্ষ এখন বিশাল দেশ। এইখন দেশত হিন্দু, জৈন, বৌদ্ধ, খ্ৰীষ্টান, ইহুদি, মুছলমান, শিখ আদি সকলো ধৰ্মাৱলম্বী লোকেই বাস কৰে। এনে মিশ্ৰিত ধৰ্মীয় ভাবাৱেগেৰে পৰিচালিত লোকেৰে ভৰি থকা দেশখনত ধৰ্ম-নিৰপেক্ষতা অৱলম্বন কৰাৰ বাদে আন কোনো গত্যন্তৰ নাই। বহুকেইটা ধৰ্মৰ লোকেৰে পৰিপূৰ্ণ ভাৰতবৰ্ষত ধৰ্ম-নিৰপেক্ষতা অৱলম্বন নকৰিলে প্ৰতিদিনেই ক’ৰবাত নহয় ক’ৰবাত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱাটো নিশ্চিত। এই প্ৰসংগত ‍‘চেণ্টাৰ ফৰ দ্য ষ্টাডী অৱ ডেভেলপিং ছ’চাইটি’ৰ প্ৰতিষ্ঠাতা ৰজনী কোঠাৰীয়ে কৈ যোৱা এষাৰ কথা উল্লেখ কৰিব বিচাৰিছো। কোঠাৰীয়ে এইবুলি কৈছিল যে ভাৰতবৰ্ষৰ মূল ভেটিটোৱেই হৈছে সু-সভ্যতাৰ ওপৰত গঢ় লোৱা ভেটি। ভাৰতীয় সভ্যতা কোনো ধৰ্মীয় ভাবাৱেগেৰে পৰিচালিত সভ্যতা নহয়। এই সভ্যতা সম্পূর্ণৰূপে ধৰ্ম-নিৰপেক্ষ সভ্যতা।

ভাৰতবৰ্ষত বাস কৰা ৮০ শতাংশ লোকেই হিন্দু। দেশখনত হিন্দুসকলৰ সমানেই মুছলমান, খ্ৰীষ্টান, শিখ, জৈন, ইহুদি আদি ধৰ্মাৱলম্বী লোকসকলে স্বাধীনতা ভোগ কৰি আহিছে। আমাৰ এই দেশখনত মুছলমান লোকৰ সংখ্যা প্ৰায় ১৪ শতাংশ। ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত কেতবোৰ বিশেষ ধৰ্মাৱলম্বী লোকৰ সংখ্যাগৰিষ্ঠতা আছে। তাৰ ভিতৰত জম্মু-কাশ্মীৰত মুছলমানৰ, পঞ্জাবত শিখৰ, নাগালেণ্ডত খ্ৰীষ্টান লোকসকলৰ সংখ্যাগৰিষ্ঠতা মন কৰিবলগীয়া। ভাৰতীয় সংবিধানে দেশৰ প্ৰতিটো প্ৰান্ততে বসবাস কৰা সকলো ধৰ্মাৱলম্বী লোকক নিজৰ ধৰ্মীয় আচাৰ, ৰীতি-নীতি পালন কৰাৰ বাবে পূৰ্ণ স্বাধীনতা দিছে। ১৯৪৭ চনৰ পিছত গ্ৰহণ কৰা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৫ আৰু অনুচ্ছেদ ২৫ত স্পষ্টভাৱে ধৰ্মৰ স্বাধীনতাক মৌলিক স্বাধীনতাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইমানৰ পিছতো অৱশ্যে ভাৰতবৰ্ষক কঁপাই গৈছে কেইবাটাও কুখ্যাত সাম্প্ৰদায়িক সংঘৰ্ষই। ইয়াৰ ভিতৰত ১৯৮৪ চনত দিল্লীত সংঘটিত শিখনিধন যজ্ঞ, ২০০২ চনত সংঘটিত মুছলমান নিধনযজ্ঞ আৰু ২০০৮ চনত সংঘটিত খ্ৰীষ্টান নিধনযজ্ঞ ইয়াৰ উদাহৰণ।

তাহানিৰেপৰাই ভাৰত ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ

স্বাধীনোত্তৰ ভাৰতত সংবিধান প্ৰণয়নৰ পিছতেই যে ভাৰত ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ হৈ পৰিল তেনে নহয়। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতেই ৰজা প্ৰিয়াদাসী (অশোক)য়ে তেওঁৰ প্ৰজাগণৰ মাজত ধৰ্মীয় স্বাধীনতা উপভোগ কৰাৰ সুবিধা কৰি দিছিল। অশোকৰ দিনৰ শিলালিপিত এই কথা এনেদৰে উল্লেখ আছে—‍‘ৰজা প্ৰিয়াদাসী (অশোক)য়ে ঈশ্বৰক বিশ্বাস কৰিছিল। তেওঁ জীৱজগতৰ সামান্য পৰুৱাটোৰপৰা আৰম্ভ কৰি সকলো জন্তুৰ ভিতৰতেই ঈশ্বৰে বসবাস কৰা বুলি বিশ্বাস কৰিছিল আৰু সকলোকে সম জ্ঞান কৰিছিল। তেওঁ এই কথা বিশ্বাস কৰিছিল যে সকলো প্ৰাণীৰ মাজতেই একো-একোটা বিশেষ গুণ নিহিত হৈ থাকে আৰু সেই বাবেই সকলো প্ৰাণীকেই সমদৃষ্টিৰে চোৱা উচিত।’ সম্ৰাট অশোকৰ এনে উদাৰ মনোভাবৰ বাবেই সেই সময়ত তেওঁৰ সাম্ৰাজ্যত ধৰ্মীয় স্বাধীনতা ভোগ কৰাৰ ক্ষেত্ৰত প্ৰজাগণে কোনো অসুবিধা পোৱা নাছিল। ভাৰতবৰ্ষত শাসন চলোৱা সম্ৰাট খাৰভেলাই খ্ৰীষ্টপূৰ্ণ দ্বিতীয় শতিকাতেই নিজকে প্ৰকৃতিৰ উপাসক বুলি ঘোষণা কৰিছিল। তেওঁ মানুহকে ধৰি প্ৰকৃতিৰ সকলো কীট-পতংগ আৰু জীৱকেই সমদৃষ্টিৰে চাবলৈ আহ্বান জনাইছিল। মোগল সম্ৰাট আকবৰেও ধৰ্ম-নিৰপেক্ষতা ৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। বাদায়ুনিয়ে তেওঁৰ ‍‘মুণ্টাখাব-আটতাৱাৰিখ’ গ্ৰন্থত এইবুলি উল্লেখ কৰিছে যে সম্ৰাট আকবৰে ১৫৫১-৫২ চনত দিন-ই-ইলাহী ধৰ্মবিশ্বাস মানুহৰ মাজত বিলাই দিয়াৰ চেষ্টা কৰিছিল। এই ধৰ্ম বিশ্বাসে সকলো ধৰ্মকেই সমদৃষ্টিৰে চোৱাৰ সুবিধা দিছিল। সম্ৰাট আকবৰৰ দিনৰ শিলালিপিত উল্লেখ থকা মতে—যিসকল হিন্দুক ইছলামলৈ ধৰ্মান্তৰিত কৰা হৈছে তেওঁলোকে পুনৰ নিজৰ ধৰ্মলৈ উভতি যাব পাৰে। কোনো লোককেই তেওঁৰ ধৰ্ম ত্যাগ কৰিবলৈ হেঁচা দিয়া অনুচিত আৰু প্ৰত্যেকজন লোকেই যদি বিচাৰে তেন্তে তেওঁক ধৰ্মান্তৰিত হোৱাৰ সুবিধা দিয়া উচিত। কোনোবাই যদি গীৰ্জা অথবা মন্দিৰ সাজিব খোজে তেন্তে তেওঁক কেতিয়াও বাধা দিয়া অনুচিত। সম্ৰাট আকবৰৰ এনে মহানুভৱতাৰ বাবেই তেওঁৰ দিনত ধৰ্মীয় সহিষ্ণুতাই সৰ্বদিশতে বিৰাজ কৰিছিল। মোগল সম্ৰাট ঔৰংজেৱৰ দিনত শিখসকলে নিজৰ ধৰ্ম ৰক্ষাৰ বাবে যুদ্ধ কৰিবলগীয়া হৈছিল। কিন্তু সেই শিখসকলৰেই গুৰু হৰগোবিন্দই মুছলমান লোকসকলক নামাজৰ সুবিধাৰ বাবে নিজা উদ্যোগত মছজিদ সাজি দিছিল।

“ভাৰতবৰ্ষত বাস কৰা ৮০ শতাংশ লোকেই হিন্দু। দেশখনত হিন্দুসকলৰ সমানেই মুছলমান, খ্ৰীষ্টান, শিখ, জৈন, ইহুদি আদি ধৰ্মাৱলম্বী লোকসকলে স্বাধীনতা ভোগ কৰি আহিছে। আমাৰ এই দেশখনত মুছলমান লোকৰ সংখ্যা প্ৰায় ১৪ শতাংশ। ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত কেতবোৰ বিশেষ ধৰ্মাৱলম্বী লোকৰ সংখ্যাগৰিষ্ঠতা আছে। তাৰ ভিতৰত জম্মু-কাশ্মীৰত মুছলমানৰ, পঞ্জাবত শিখৰ, নাগালেণ্ডত খ্ৰীষ্টান লোকসকলৰ সংখ্যাগৰিষ্ঠতা মন কৰিবলগীয়া। ভাৰতীয় সংবিধানে দেশৰ প্ৰতিটো প্ৰান্ততে বসবাস কৰা সকলো ধৰ্মাৱলম্বী লোকক নিজৰ ধৰ্মীয় আচাৰ, ৰীতি-নীতি পালন কৰাৰ বাবে পূৰ্ণ স্বাধীনতা দিছে।”

ভাৰতত ধৰ্মৰ বীজ অংকুৰণ

ভাৰতবৰ্ষ বিভিন্ন ধৰ্মৰ লোকেৰে ভৰি থকা এখন দেশ। ইয়াত যদিও হিন্দু লোকসকলৰ সংখ্যাগৰিষ্ঠতা বেছি তথাপি এই দেশখনত মুছলমান, খ্ৰীষ্টান, ইহুদি, জৈন, বৌদ্ধ, বাহাই, শিখ আদি ধৰ্মাৱলম্বী লোকেও বাস কৰি আহিছে। ইহুদীসকলে প্ৰথমতে জেৰুজালেমৰপৰা আহি কোচিনত বাস কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰায় ২৫০০ বছৰ পূৰ্বেই ইহুদিসকলে জেৰুজালেমত ৰোমানসকলৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি সাগৰীয় পথেৰে ভাৰতৰ কোচিনত উপস্থিত হৈছিল। সেই কোচিনেই পৰৱৰ্তী সময়ত কেৰালা নাম পায়। কেৰালালৈ ইহুদিসকল অহাৰ সময় খ্ৰীষ্টপূৰ্ব ৫৬২ হ’ব বুলি বহু বুৰঞ্জীবিদে ক’ব বিচাৰে। ইহুদিসকলৰ দৰে খ্ৰীষ্টানসকলেও প্ৰথম শতিকাতেই ছেইণ্ট থমাছৰ জৰিয়তে ভাৰতলৈ আহিছিল। ছেইণ্ট থমাছে কেৰালাত এটা বিশেষ খ্ৰীষ্টান সম্প্ৰদায়ৰ জন্ম দিছিল। পৰৱৰ্তী সময়ত ১৫-১৬ শতিকাত ইউৰোপৰপৰা মিছনেৰীসকলে আহি গোৱা আৰু মাংগালোৰত খোপনি পুতিছিল। সেইসকল মিছনেৰীয়েই ১৮-১৯ শতিকাত উত্তৰ-পূৰ্বাঞ্চললৈ ধাৱমান হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত মিছনেৰীসকলে নানা উন্নয়নমূলক কামত হাত উজান দিছিল।

পাৰ্চীসকলেও নৱম শতিকাতেই ভাৰতত প্ৰৱেশ কৰিছিল। পাৰ্চীয়াৰপৰা বিভিন্ন গোষ্ঠীগত সংঘৰ্ষৰ পৰিণতিত পাৰ্চীসকলে ভাৰতলৈ আহিবলৈ বাধ্য হৈছিল। সেইসকল পাৰ্চীয়েই পৰৱৰ্তী  সময়ত ভাৰতৰ ঔদ্যোগিক ক্ষেত্ৰখনত দপদপাই থাকিবলৈ সক্ষম হৈছিল। জামছেদজী টাটা আদিৰ লেখীয়া উদ্যোগপতিসকল পাৰ্চী বংশধৰ। একেদৰে ভাৰতৰ এজন বিখ্যাত ফিল্ড মাৰ্শ্বাল এছ.এফ. মানেকশ্ব’ও পাৰ্চী মূলৰেই ব্যক্তি। পাৰ্চীসকলৰ বিশেষত্বটো হ’ল তেওঁলোক ব্যৱসায়-বাণিজ্যৰ প্ৰতি অতি আগ্ৰহী। তেওঁলোকে যি ব্যৱসায়েই কৰে সেই ব্যৱসায়ৰ লগতেই তেওঁলোকৰ উপাধিও জড়িত কৰি দিয়ে। সেয়ে সুৰাৰ ব্যৱসায় কৰা পাৰ্চীসকলে দাৰুৱালা উপাধি গ্ৰহণ কৰাৰ লগতে অভিযন্তাৰ পেছা গ্ৰহণ কৰাসকলে ইঞ্জিনিয়াৰ উপাধি লৈছিল। ফাৰুক ইঞ্জিনিয়াৰ তেনে এগৰাকী পাৰ্চী ব্যক্তি।

ভাৰতবৰ্ষত তিব্বতী মূলৰ বৌদ্ধধৰ্মী লোকৰো যথেষ্ট প্ৰভাৱ আছে। তিব্বতী ধৰ্মগুৰু দালাই লামাই ভাৰতত বৌদ্ধধৰ্মীসকলৰ গেলুং মতাদৰ্শৰ প্ৰসাৰত আজিও ব্ৰতী হৈ আছে। ভাৰত চৰকাৰে হিমাচল প্ৰদেশত দালাই লামাৰ বাবে বিস্তীৰ্ণ অঞ্চল দান হিচাপে আগবঢ়াইছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল বাহাই লোকৰ জনসংখ্যা পৃথিৱীৰ ভিতৰতেই সৰ্বাধিক। ইৰানৰপৰা বিভিন্ন পৰিস্থিতিগত কাৰণত ভাৰতলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হোৱা বাহাইসকলে ভাৰতৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ আছে। দিল্লীৰ ল’টাছ টেম্পল বাহাইসকলৰ এক উল্লেখযোগ্য ধৰ্মীয় স্থান।

ধৰ্মীয় অসহিষ্ণুতাৰ পম খেদি

ভাৰতবৰ্ষত বিভিন্ন শাসকে সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰাৰ বাবে চেষ্টা চলোৱা সত্ত্বেও বিভিন্ন সময়ত বহু সাম্প্ৰদায়িক সংঘৰ্ষই এই ভূখণ্ডক জোকাৰি গৈছে। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাতেই কাশ্মীৰত সম্ৰাট মিহিৰাকুলাৰ দিনত ব্যাপক হাৰত বৌদ্ধ লোকসকলক হত্যা কৰা হৈছিল। ঔৰংজেৱেৰ দিনত হিন্দু, জৈন, বৌদ্ধ, শিখ আদি লোকসকলক অতি নৃশংসভাৱে হত্যা কৰা হৈছিল। ঔৰংজেৱে আন ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত জিজিয়া কৰ আৰোপ কৰিছিল। একেদৰে গোৱাত পর্টুগীজসকলে ইহুদি, মুছলমান আৰু হিন্দুৰ বিৰুদ্ধে ৰক্তাক্ত সংঘৰ্ষত জড়িত হৈ পৰিছিল। এটা সময় আছিল যিটো সময়ত বৌদ্ধ আৰু জৈন ধৰ্মই হিন্দু ব্ৰাহ্মণ্যবাদৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছিল।

সেই সময়ত বৌদ্ধ, জৈন আদি ধৰ্মাৱলম্বী লোকসকলক ছাৰ্বাকৰ দৰ্শন মানি চলা হিন্দুসকলে নাস্তিক আখ্যা দিছিল। ১৪ শতিকাত শিখসকলেও পঞ্জাবৰ খ্ৰীষ্টানসকলৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হৈছিল। ব্ৰিটিছে প্ৰথমতে ভাৰত ভূখণ্ডত মিছনেৰীসকলক ধৰ্মীয় কাম-কাজ চলাই নিয়াত বাধা আৰোপ কৰিছিল যদিও ১৮৩৭ চনৰপৰা ব্ৰিটিছ চৰকাৰে মিছনেৰীসকলক ভাৰত ভূখণ্ডত ধৰ্মীয় কাম-কাজ চলাই যোৱাৰ অনুমতি দিছিল। ফলত বহু লোকক খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰাত মিছনেৰীসকল সক্ষম হৈছিল। মিছনেৰীসকলৰ ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়াই এনে এক পৰ্যায়ত উপনীত হৈছিল যে ভাৰত ভূখণ্ডৰ বহু অঞ্চলত হিন্দু, জৈন আদি ধৰ্মাৱলম্বী লোকৰ সংখ্যা লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছিল। ফলত ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন অঞ্চলত জাগৰণৰ সৃষ্টি হৈছিল। এই জাগৰণেই এটা সময়ত ঠায়ে ঠায়ে সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ পৰিগ্ৰহণ কৰিছিল।

ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে আইন

খ্ৰীষ্টান মিছনেৰীসকলৰ ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াই বিভিন্ন ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত স্বাধীনোত্তৰ ভাৰতত ধৰ্মান্তৰকৰণ ৰোধ কৰাৰ বাবে ৰাজ্যসমূহে বিশেষ আইন প্ৰণয়ন কৰিবলৈ বাধ্য হৈছিল। এই ক্ষেত্ৰত উৰিষ্যাই প্ৰথম পথ-প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছিল। উৰিষ্যাই প্ৰথমবাৰৰ বাবে ধৰ্মান্তৰকৰণ ৰোধ কৰিবলৈ ‍‘উৰিষ্যা ফ্ৰীডম অৱ ৰিলিজিঅ’ন এক্ট ১৯৬৭’ গ্ৰহণ কৰিছিল। মধ্যপ্ৰদেশ চৰকাৰে ১৯৬৮-ত আৰু অৰুণাচল প্ৰদেশে ১৯৭৮-ত ধৰ্মান্তৰকৰণ বিৰোধী আইন গ্ৰহণ কৰিছিল। একেদৰে ২০০০ চনত ছত্তিশগড়ে আৰু ২০০৩ চনত গুজৰাটে ধৰ্মান্তৰকৰণ বিৰোধী আইন গ্ৰহণ কৰিছিল।

২০০৬ চনৰ আগষ্ট মাহত ছত্তিশগড় চৰকাৰে ধৰ্মান্তৰকৰণ বিৰোধী আইনখন অধিক কঠোৰ কৰি এনে ব্যৱস্থা ৰাখিছিল যে যদি কাৰোবাক ধৰ্মান্তৰকৰণ কৰিবলগীয়া হয় তেন্তে সেই বিষয়ত ৩০ দিনৰ ভিতৰত জিলা ন্যায়িক দণ্ডাধীশৰপৰা অনুমতি ল’ব লাগিব। ২০০৭ চনৰ ফেব্ৰুৱাৰি মাহত হিমাচল প্ৰদেশে ধৰ্মান্তৰকৰণ আইন প্ৰণয়ন কৰিছিল। হিমাচল প্ৰদেশেই হ’ল দেশৰ প্ৰথমখন কংগ্ৰেছশাসিত ৰাজ্য যিখন ৰাজ্যই প্ৰথমবাৰৰ বাবে ধৰ্মান্তৰকৰণ বিৰোধী আইন গ্ৰহণ কৰিছিল। ৰাজস্থানে ২০০৮ চনত ধৰ্মান্তৰকৰণ বিৰোধী আইন গ্ৰহণ কৰি ৰাজ্যখনত সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰখাৰ চেষ্টা চলাইছিল।

ইমানৰ পিছতো অৱশ্যে ভিতৰি ভিতৰি এতিয়াও দেশৰ বিভিন্ন ৰাজ্যত ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া চলিয়েই আছে। অসমৰ সত্ৰনগৰী মাজুলীত খ্ৰীষ্টান ধৰ্মান্তৰকৰণৰ জোৱাৰ উঠি থকাৰ সময়তে দেশৰ বিভিন্ন প্ৰান্তত ‍‘লাভ জিহাদ’ৰ জৰিয়তে হিন্দু যুৱতীক মুছলমানলৈ ধৰ্মান্তৰিত কৰাৰ চেষ্টা এতিয়াও অব্যাহত আছে। এনে ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াৰ বাবেই দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত অসহিষ্ণুতাৰ মনোভাবে গা-কৰি উঠাও পৰিলক্ষিত হৈছে। শেহতীয়াকৈ কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতেই গেৰুৱা বাহিনীয়ে নিজৰ সাম্প্ৰদায়িক স্বৰূপ প্ৰকাশ কৰি বিজেপি শাসিত ছখনকৈ ৰাজ্যত গো-মাংস নিষিদ্ধ কৰিছে। এই নিষিদ্ধকৰণে বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সাম্প্ৰদায়িক ঐক্য বিনষ্ট কৰাৰ উপক্ৰম ঘটাইছে।

উত্তৰ প্ৰদেশৰ দাদ্ৰীত মহম্মদ আখলাক নামৰ লোকজনক গো-মাংস ভক্ষণৰ অভিযোগত উন্মত্ত লোকে হত্যা কৰাৰ পিছতেই সমগ্ৰ দেশজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। কেৱল সেয়াই নহয় বিজেপি-পিডিপি শাসিত জম্মু-কাশ্মীৰতো গো-হত্যাৰ অভিযোগত এজন ইছলামধৰ্মী লোকক হত্যা কৰাৰ পিছতেই সমগ্ৰ কাশ্মীৰ উপত্যকা জ্বলি উঠিছিল। এনডিএ চৰকাৰে দেশত সাম্প্ৰদায়িক ঐক্য টনকিয়াল কৰাৰ সলনি গো-মাংস নিষিদ্ধকৰণৰ দৰে স্পৰ্শকাতৰ বিষয়ত মনোনিৱেশ কৰাৰ বাবেই দেশত এতিয়া ধৰ্মীয় অসহিষ্ণুতাই চূড়ান্ত ৰূপ ধাৰণ কৰিছে। এনডিএ চৰকাৰ ক্ষমতালৈ অহাৰ পিছতেই হিন্দু মৌলবাদে দেশৰ বিভিন্ন প্ৰান্তত মূৰ দাঙি উঠিছে।

“বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ দিনত ধৰ্মীয় অসহিষ্ণুতাই চৰম ৰূপ পৰিগ্ৰহ কৰাৰ সময়তে বিৰোধী কংগ্ৰেছ দলে চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ চৰকাৰৰ দিনতেই সংঘটিত শিখ নিধনযজ্ঞৰ কথা পাহৰি কংগ্ৰেছে এতিয়া ধৰ্মীয় অসহিষ্ণুতাৰ বিৰুদ্ধে কেৱল ৰাজনৈতিক স্বাৰ্থতেই পদযাত্ৰাৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিছে। তাৎপৰ্যপূর্ণ কথাটো হ’ল প্ৰায় দহ সহস্ৰাধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া ১৯৮৪ চনৰ শিখ নিধনযজ্ঞত অভিযুক্ত জগদীশ টাইটলাৰ কংগ্ৰেছৰেই এজন জ্যেষ্ঠ নেতা। শালক শিঙীয়ে হঁহাৰ দৰে কংগ্ৰেছেও এতিয়া ধৰ্মীয় অসহিষ্ণুতাৰ প্ৰসংগত বিজেপিক হঁহাৰ কথাই বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।”

বাংলাদেশত যিদৰে ইছলামিক মৌলবাদীয়ে অভিজিৎ ৰয় প্ৰমুখ্যে ভালেকেইজন প্ৰগতিশীল লেখক তথা ব্লগাৰক হত্যা কৰিছে ঠিক তেনেদৰে ভাৰততো হিন্দু মৌলবাদীয়ে গোবিন্দ পানচাৰে, এম. কালবুৰ্গিৰ দৰে প্ৰগতিশীল তথা চিন্তাশীল লেখকক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। এনে এক পৰিস্থিতিত দেশত ধৰ্মীয় অসহিষ্ণুতাই এনে এক পৰ্যায়লৈ গতি কৰিছে যে যিকোনো মুহূৰ্ততে চৰকাৰী উদ্যোগতেই এতিয়া সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱাৰ আশংকাই দেখা দিছে। এনে বিষম পৰিস্থিতিত উদ্বিগ্নতা ব্যক্ত কৰি দেশৰ অৰ্ধশতাধিক বিশিষ্ট সাহিত্যিক, শিল্পী, কলা-কুশলী, চিত্ৰ নিৰ্মাতা আদিয়ে তেওঁলোকক প্ৰদান কৰা বঁটা ওভতাই দিবলৈ বাধ্য হৈছে। ইমানৰ পিছতো অৱশ্যে গা লৰা নাই সাম্প্ৰদায়িক ভাবাৱেগেৰে পৰিচালিত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ।

শালক হাঁহে শিঙীয়ে

বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ দিনত ধৰ্মীয় অসহিষ্ণুতাই চৰম ৰূপ পৰিগ্ৰহ কৰাৰ সময়তে বিৰোধী কংগ্ৰেছ দলে চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ চৰকাৰৰ দিনতেই সংঘটিত শিখ নিধনযজ্ঞৰ কথা পাহৰি কংগ্ৰেছে এতিয়া ধৰ্মীয় অসহিষ্ণুতাৰ বিৰুদ্ধে কেৱল ৰাজনৈতিক স্বাৰ্থতেই পদযাত্ৰাৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিছে। তাৎপৰ্যপূর্ণ কথাটো হ’ল প্ৰায় দহ সহস্ৰাধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া ১৯৮৪ চনৰ শিখ নিধনযজ্ঞত অভিযুক্ত জগদীশ টাইটলাৰ কংগ্ৰেছৰেই এজন জ্যেষ্ঠ নেতা। শালক শিঙীয়ে হঁহাৰ দৰে কংগ্ৰেছেও এতিয়া ধৰ্মীয় অসহিষ্ণুতাৰ প্ৰসংগত বিজেপিক হঁহাৰ কথাই বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ভাৰত ভূখণ্ডত সংঘটিত কেইটামান কুখ্যাত সাম্প্ৰদায়িক সংঘৰ্ষ—

১৭৮৪-১৭৯৯ : এই সময়ছোৱাৰ ভিতৰত কৰ্ণাটকৰ ছেৰিয়ানগানপট্টনমত ৫৬০০ জন খ্ৰীষ্টান লোকক অতি নৃশংসভাৱে হত্যা কৰা হৈছিল। মাংগালোৰ খ্ৰীষ্টান গণ-নিধনযজ্ঞ হিচাপে কুখ্যাতি অৰ্জন কৰা এই গণহত্যাই সমগ্ৰ ভূখণ্ডকে জোকাৰি গৈছিল। টিপু চুলতানৰ সেনাই এপিনৰপৰা খ্ৰীষ্টান লোকসকলক হত্যা কৰি গৈছিল।

১৮৫৭ : ব্ৰিটিছ জেনেৰেল নেইলৰ নিৰ্দেশত এলাহাবাদ, কাণপুৰ আদি অঞ্চলত কেইবাহাজাৰো ভাৰতীয় লোকক হত্যা কৰা হৈছিল। সেই হত্যাকাণ্ড ধৰ্মৰ ভিত্তিতে হোৱা বুলি বহুতে ক’ব বিচাৰে। ১৮৫৭ চনৰ ২৭ জুনৰ দিনা সংঘটিত ছাতিচৌৰাঘাট গণহত্যাত নানাচাহেবৰ সেনাই দুই শতাধিক ব্ৰিটিছ লোকক হত্যা কৰিছিল। একেটা চনৰে ৮ জুনৰ দিনা ঝাঞ্চীত ৬০ জন ব্ৰিটিছ বিষয়াক তেওঁলোকৰ পৰিয়ালৰ সৈতে জ্বলাই দিয়া হৈছিল।

১৮৭২ : ১৮৭২ চনৰ ১৭ আৰু ১৮ জানুৱাৰীৰ দিনা লুধিয়ানাৰ ডেপুটি কমিছনাৰ মিঃ কৱান আৰু আম্বালাৰ কমিছনাৰ মিঃ ফৰচিথৰ নিৰ্দেশত ৮৫০ জন শিখ, ৫০জন হিন্দু আৰু ১০০জন মুছলমানক পঞ্জাবৰ মাৰেল কটলাত গুলীয়াই হত্যা কৰা হৈছিল।

১৯৪৬ : ১৯৪৬ চনৰ ১৫ আৰু ১৭ ছেপ্টেম্বৰত সংঘটিত কলিকতা ৰায়তত প্ৰায় দহ হাজাৰ হিন্দু লোকক হত্যা কৰা হৈছিল।

১৯৪৮ : ১৯৪৮ চনত হায়দৰাবাদত সংঘটিত হৈছিল এক ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ। সেই সময়ত আৰক্ষীয়ে সকলো সম্প্ৰদায়ৰ হাতত থকা অস্ত্ৰ জব্দ কৰিছিল যদিও মুছলমানসকলে অস্ত্ৰ জমা দিয়া নাছিল। হায়দৰাবাদৰ নিজামৰ পতনৰ পিছতেই মুছলমানসকল লিপ্ত হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষত। উক্ত সংঘৰ্ষত শতাধিক হিন্দু লোকৰ মৃত্যু ঘটিছিল।

১৯৬৯ : ১৯৬৯ চনত গুজৰাটত সংঘটিত হৈছিল ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষ। উক্ত সংঘৰ্ষত ৬৬০ জন হিন্দু আৰু ৪৩০জন মুছলমান লোক নিহত হৈছিল।

১৯৭৯ : ১৯৭৯ চনৰ ৩১ জানুৱাৰীৰ দিনা পশ্চিমবংগৰ মাৰিছজাপিত পূব পাকিস্তানৰপৰা অহা এহেজাৰৰো অধিক শৰণাৰ্থীক অতি নৃশংসভাৱে হত্যা কৰা হৈছিল।

১৯৮০ : ১৯৮০ চনত উত্তৰ প্ৰদেশৰ মোৰাদাবাদত সংঘটিত হিন্দু-মুছলমানৰ সংঘৰ্ষত ২৫০০ জন লোকৰ মৃত্যু ঘটিছিল।

১৯৮৩ : ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰিৰ দিনা অসমৰ নেলীত ২১৯১জন মুছলমান লোকক হত্যা কৰা হৈছিল। চৰকাৰী তথ্য অনুসৰি অৱশ্যে উক্ত গণনিধন যজ্ঞত নিহতৰ সংখ্যা কম আছিল।

১৯৮৪ : ১৯৮৪ চনৰ ২৩ ফেব্ৰুৱাৰিৰ দিনা পঞ্জাবৰ ৰে’লত শিখ সম্প্ৰদায়ৰ লোকে আক্ৰমণ চলাই ১১জন হিন্দু লোকক হত্যা কৰিছিল। উক্ত বৰ্ষৰে ৩১ অক্টোবৰৰপৰা ৪ নৱেম্বৰৰ ভিতৰত দিল্লীত ২৮০০জনৰো অধিক শিখ লোকক কংগ্ৰেছ সমৰ্থিত বাহিনীয়ে অতি নৃশংসভাৱে হত্যা কৰিছিল। বহুতে উক্ত শিখ নিধনযজ্ঞত ১০ হেজাৰৰো অধিক লোক নিহত হোৱা বুলি তথ্য প্ৰকাশ কৰি আহিছে। ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক শিখ সম্প্ৰদায়ৰ লোকে গুলীয়াই হত্যা কৰাৰ পিছতেই দিল্লীত শিখ নিধনযজ্ঞ হৈছিল।

১৯৯৩ : ১৯৯৩ চনৰ ৩০ জানুৱাৰীৰ দিনা কাশ্মীৰৰ চপৰেত হিন্দু-মুছলমানৰ সংঘৰ্ষ প্ৰতিহত কৰিবলৈ বিএছএফে গুলীচালনা কৰাত ৫৫ জন লোকৰ মৃত্যু ঘটিছিল।

১৯৯৭ : ১৯৯৭ চনৰ ১ ডিচেম্বৰৰ দিনা বিহাৰৰ আৰোৱাল জিলাত উচ্চ সম্প্ৰদায়ৰ লোকেৰ গঠিত ৰণবীৰ সেনাই ৫৮ জন দলিত সম্প্ৰদায়ৰ লোকক গুলীয়াই হত্যা কৰিছিল।

১৯৯৮ : ১৯৯৮ চনৰ ৩ আগষ্ট আৰু ১৭ এপ্ৰিলত কাশ্মীৰৰ চাম্বা জিলাৰ লগতে জম্মুত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত শতাধিক লোকৰ মৃত্যু ঘটিছিল।

২০০০ : ২০০০ চনৰ ২০ মাৰ্চত কাশ্মীৰৰ অনন্তনাগ জিলাত ছিটিসিংপুৰাত মুছলমান সন্ত্ৰাসবাদীয়ে ৩৬জন শিখ সম্প্ৰদায়ৰ লোকক গুলীয়াই নিধন কৰিছিল। একে চনৰে ১ আগষ্টৰ দিনা ইছলামিক সন্ত্ৰাসবাদীয়ে ৩০ জন অমৰনাথ যাত্ৰীক হত্যা কৰিছিল।

২০০২ : ২০০২ চনৰ ২৮ ফেব্ৰুৱাৰি। এই দিনটোতেই আহমেদাবাদৰ নাৰদাত সংঘটিত হৈছিল হিন্দু আৰু মুছলমানৰ মাজত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ। উক্ত সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হৈছিল কেইবাশতাধিক লোক। সংঘৰ্ষৰ হোতা তদানীন্তন গুজৰাট চৰকাৰৰ মন্ত্ৰী মায়া কোদনানীক আদালতে পৰৱৰ্তী সময়ত ২৮ বছৰৰ কাৰাদণ্ড বিহিছিল যদিও মাত্ৰ এবছৰ কাৰাগাৰত থাকিয়েই জামিনত মুক্তি লাভ কৰি আজিও কোদনানীয়ে মুক্ত আকাশৰ তলতেই বাস কৰি আছে। গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষত ২,০৪৪ জন লোকৰ মৃত্যু ঘটিছিল। ইয়াৰে ১২৫৪ জন আছিল মুছলমান সম্প্ৰদায়ৰ আৰু ৭৯০ জন আছিল হিন্দু সম্প্ৰদায়ৰ লোক।

২০০৬ : ২০০৬ চনৰ মাৰ্চ মাহত বাৰাণসীৰ সংকটমোচন হনুমান মন্দিৰত ইছলামিক সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই ২৮ জন ভক্তক হত্যা কৰিছিল। একে বৰ্ষৰে ৩০ এপ্ৰিলত জম্মু-কাশ্মীৰৰ ডোদাত ইছলামিক সন্ত্ৰাসবাদীয়ে ৩৫ জন হিন্দু লোকক হত্যা কৰিছিল।

২০০৭ : ২০০৭ চনৰ ১৮ ফেব্ৰুৱাৰিৰ দিনা ভাৰত আৰু পাকিস্তানৰ মাজত চলা চমঝোতা এক্সপ্ৰেছ ৰে’লখন পঞ্জাবৰ সমীপৱৰ্তী দিৱানা ষ্টেছনত ৰখোৱাৰ সময়তে হিন্দু মৌলবাদীয়ে আক্ৰমণ চলাই ৬৮ জন পাকিস্তানী নাগৰিকক হত্যা কৰিছিল।

২০০৮ : ২০০৮ চনৰ আগষ্ট মাহত উৰিষ্যাৰ টুমুদী বন্ধ অঞ্চলত খ্ৰীষ্টান মৌলবাদীয়ে পাঁচজন হিন্দু লোকক হত্যা কৰিছিল। ইয়াৰ পিছতেই হিন্দু মৌলবাদীৰ আক্ৰমণত ৪২ জন খ্ৰীষ্টান নিহত হৈছিল।

২০১৩ : ২০১৩ চনৰ ২১ ফেব্ৰুৱাৰিৰ দিনা পশ্চিমবংগৰ কেনিঙত মুছলমান লোকে হিন্দু লোকৰ দুই শতাধিক ঘৰ জ্বলাই দিয়াৰ লগতে বহু হিন্দু লোকক হত্যা কৰিছিল। একেটা বৰ্ষৰে ২৫ আগষ্টত উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰ জিলাত হিন্দু-মুছলমানৰ সংঘৰ্ষত ৪২ জন মুছলমান আৰু ২০ জন হিন্দু লোক নিহত হৈছিল। মুজাফৰ নগৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰত বহুকেইজন ৰাজনৈতিক নেতা জড়িত আছিল।

শেহতীয়াকৈ দেশত পুনৰ ধৰ্মীয় অসহিষ্ণুতাই গা-কৰি উঠিছে। সাম্প্ৰদায়িক ভাবাৱেগেৰে পৰিচালিত হোৱা বিজেপি চৰকাৰখনে দেশত সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ বাবে যেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া কৰিব পৰা নাই। ইয়াৰ বিপৰীতে গো-মাংস নিষিদ্ধকৰণৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহক লৈয়েই বিজেপি চৰকাৰখন ব্যস্ত হৈ থকাৰ ফলত দেশত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধিৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতিও বিনষ্ট হোৱাৰ উপক্ৰম ঘটিছে।

এনে সময়ত দেশবাসীয়ে ৰাজনীতিৰ কুটিল চক্ৰান্ত বুজি উঠি সম্প্ৰীতি ৰক্ষাত গুৰুত্ব দিলেহে সাধাৰণ জনতা উপকৃত হ’ব।

(Note: This article was first published in Mahabahu in June, 2019)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ধৰ্মীয় অসহিষ্ণুতা
Anjan Sarma

Anjan Sarma

Related Posts

Are We Ready For Autonomous Vehicles?
Tech

Are We Ready For Autonomous Vehicles?

by Rituraj Phukan
February 10, 2026
0

Are We Ready For Autonomous Vehicles? RITURAJ PHUKAN We are entering the relatively new age of Autonomous vehicles (AVs). AVs...

Read moreDetails
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 10, 2026
THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

February 10, 2026
World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

February 10, 2026
How the US Dollar Became the World’s Most Powerful Currency? From Bretton Woods to Petrodollar

How the US Dollar Became the World’s Most Powerful Currency? From Bretton Woods to Petrodollar

February 10, 2026
Manipur in Turmoil Again !

Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

February 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Are We Ready For Autonomous Vehicles?

Are We Ready For Autonomous Vehicles?

February 10, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 10, 2026
THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

February 10, 2026
World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

February 10, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    26879 shares
    Share 10751 Tweet 6720
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    10335 shares
    Share 4134 Tweet 2584
  • Latest COVID data confirm infections have risen globally

    1938 shares
    Share 775 Tweet 485
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3207 shares
    Share 1283 Tweet 802
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6351 shares
    Share 2540 Tweet 1588
  • Winter without Sleep: Kashmir’s Black Bears in a Warming World

    112 shares
    Share 45 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3455 shares
    Share 1382 Tweet 864
  • Perks of Leaving Your Hometown Behind

    96 shares
    Share 38 Tweet 24
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    732 shares
    Share 293 Tweet 183
  • Massive Epstein Files Release Sparks Debate in India Over Mentions of PM Modi and Minister Puri

    83 shares
    Share 33 Tweet 21
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d