•দিলীপ দৈমাৰী
মাত্ৰ কেইদিনমানৰ আগতে পঢ়িছিলো যে নগাপাহাৰৰ ঘটনা কোনো বিচ্ছিন্ন ঘটনা নহয়! মণিপুৰত ইতিপূৰ্বে ঘটা অকল্পনীয় ঘটনাবোৰো কোনো বিচ্ছিন্ন ঘটনা নহয়। যিবোৰ ঘটি আছে আমাৰ সুকীয়া ইতিহাসক তেজৰ ৰঙা ৰঙা ৰঙেৰে অদৃশ্য কৰি পেলাবলৈ, সেইবোৰো কোনো বিচ্ছিন্ন ঘটনা নহয়। এইবোৰৰ অন্তৰালত জ্ঞানী/বুধিয়কৰ মগজুৰ দ্বাৰা সৃষ্ট পৰিকল্পনা আছে। সেইবাবেই এই মুলুকত জাপি দিয়া হৈছে ‘আৰ্মড ফোৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ এক্ট’!

এয়াও পঢ়িছিলো যে নগাপাহাৰৰ ওটিঙত সাধাৰণ নিৰীহ গাঁওবাসীক ভাৰতীয় সৈন্যই বৰ্বৰভাবে গুলিয়াই তেজেৰে ফাকু খেলা ঘটনাটো কোনো বিচ্ছিন্ন ঘটনা নহয়। ২০০৪ চনৰ ১৫ জুলাই তাৰিখে মণিপুৰৰ ৮ গৰাকী মহিলাই অসম ৰাইফলছ-অৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সম্পূৰ্ণ উলঙ্গ হৈ বিক্ষোভ প্ৰদৰ্শন কৰিছিল – কাৰণ মণিপুৰী মহিলা মনোৰমাক ১১ জুলাইত অসম ৰাইফলছ-অৰ সেনাই ধৰ্ষণ কৰিয়েই ক্ষান্ত নাথাকি হত্যাও কৰিছিল! সেই ঘটনাৰো ১৭ বছৰ পাৰ হৈ গ’ল। ১৬ বছৰ ধৰি আমৰণ অনশন কৰি কৰি ইবম শৰ্মিলাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিলে; কিন্তু ‘আফ্স্পা’ প্ৰত্যাহাৰ নহ’ল, চৰকাৰ আৰু সেনাৰো স্বভাৱ সলনি নহ’ল।

ইতিমধ্যে নগাপাহাৰৰ ওটিঙত যি বৰ্বৰ ঘটনা ঘটিল আৰু সেই ঘটনাৰ বিৰুদ্ধে সমগ্ৰ নগাপাহাৰত যি এক নজীৰবিহীন বিক্ষোভ হ’ল তথা যি পৰিৱেশৰ পটভূমিত নগালেণ্ডৰ চৰকাৰখনেও কুখ্যাত ‘আফ্স্পা’ আইনখন প্ৰত্যাহাৰ কৰিবলৈ বিধানসভাৰ মজিয়াত প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য হ’ল – সেই সকলোবোৰক বুঢ়া আঙুলি দেখুৱাই গুজৰাটী উজীৰ-এ-আজম আৰু তেওঁৰ গুজৰাটী কনিষ্ঠ শ্বাহজাদাই কুখ্যাত ‘আফ্স্পা’ আইনখন পুনৰ ৬ মাহলৈ নগাপাহাৰত বলৱৎ কৰি সকলোকে স্তম্ভিত কৰি তুলিলে। এয়াই ভাৰত চৰকাৰৰ চৰিত্ৰ! কেৱল নগালেণ্ডৰ চৰকাৰেই নহয়, মণিপুৰ চৰকাৰেও, মেঘালয় চৰকাৰেও সেই কুখ্যাত ‘আফ্স্পা’ আইনখন বাতিল কৰিব লাগে বুলি সজোৰে দাবী কৰিছিল; কিন্তু উত্তৰ-পূৱৰ কথা শুনিব কোনে? সেই একেই চৰিত্ৰ ভাৰত চৰকাৰৰ! কংগ্ৰেছৰ দিনত যি চৰিত্ৰ, বিজেপিৰ দিনতো একেই চৰিত্ৰ! সেইবাবেই আজি বৃহস্পতিবাৰে, ৩০-১২-২০২১ তাৰিখে সকলোকে লেঠু দেখুৱাই, উপহাস কৰি, বিবৃতি জাৰী কৰি জনাই দিয়া হ’ল যে আজিৰে পৰা অহা ৬ মাহলৈ নগালেণ্ড ‘উপদ্ৰুত এলেকা’ হিচাপে চিহ্নিত হৈ থাকিব আৰু ‘আফ্স্পা’ আইনখনো বলৱৎ হৈ থাকিব। ভাৰত চৰকাৰৰ নৌটংকীৰ অংশ হিচাপে মাত্ৰ কেইদিনমানৰ আগতে গৃহ মন্ত্ৰালয়ৰ অধীনত ৪৫ জন সদস্যৰ এখন কমিটিও গঠন কৰা হৈছিল ; কিন্তু সকলো গালো বালো খোলাকুটিৰ তাল! পুনৰ মুষিকো ভৱ!! ১৯৮৫ চনৰ অসম চুক্তিৰ ৩৬ বছৰ হ’ল, নগা বিদ্ৰোহীৰে আলোচনা ধোঁৱাচাঙত উঠিল, আলফাৰে আলোচনা সকলোৱে যেন পাহৰি গ’ল, আখৰে আখৰে অসম চুক্তিৰ দফা দাড়ি-কমা নকটাকৈ ৰূপায়ণ কৰা হ’ব বুলি কৰা ঘোষণাৰ বিষয়ে অমিত শ্বাহক কোনোবাই সুধিলে তেওঁৰ হয়তো হাঁহি হাঁহি চকুলো ওলাই গ’লে আমাৰে কোনোবাই ফুলাম গামোচাৰে সেই কৌতুকাশ্ৰু আথে-বেথে মচি দি ধন্য মানিব…..!কিন্তু এইবোৰ চিন্তা কৰিয়েই বা কি হ’ব! কাৰণ অহাকালিৰ বাবে সাজু হ’বৰ হ’ল, ‘হেপ্পী/হেপ্পি নিউ ইয়েৰ‘ বুলি আনন্দৰাম হ’বলৈ হ’ল,……’কা’ বিৰোধ কৰি কোন কোন মৃত্যুমুখত পৰিছিল, ওটিঙত কি হৈছিল – কাৰ কি আহে যায়! গুজৰাটীৰ পদলেহন কৰাত হে জীৱনৰ সাৰ্থকতা! আহক, সমস্বৰে চিঞৰো -‘অচ্ছে দিন…...’
(৩০-১২-২০২১)