• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, March 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

নগাপাহাৰৰ ঘটনা কোনো বিচ্ছিন্ন ঘটনা নহয়!

নগাপাহাৰৰ গণহত্যা

by Anjan Sarma
December 13, 2021
in History, Justice, National, News, Opinion, Politics, Real Stories, Special Report, Uncategorized
Reading Time: 3 mins read
0
অমিত শ্বাহৰ বিবৃতি দায়িত্বজ্ঞানহীনঃ এন.এছ.চি.এন (আই-এম)
Share on FacebookShare on TwitterShare on LinkedIn

•অঞ্জন শৰ্মা

নগাপাহাৰৰ ওটিঙত সাধাৰণ নিৰীহ গাঁওবাসীক ভাৰতীয় সৈন্যই বৰ্বৰভাবে গুলিয়াই তেজেৰে ফাকু খেলা ঘটনাটো কোনো বিচ্ছিন্ন ঘটনা নহয়। ২০০৪ চনৰ ১৫ জুলাই তাৰিখে মণিপুৰৰ ৮ গৰাকী মহিলাই অসম ৰাইফলছ-অৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সম্পূৰ্ণ উলঙ্গ হৈ বিক্ষোভ প্ৰদৰ্শন কৰিছিল – কাৰণ মণিপুৰী মহিলা মনোৰমাক ১১ জুলাইত অসম ৰাইফলছ-অৰ সেনাই ধৰ্ষণ কৰিয়েই ক্ষান্ত নাথাকি হত্যাও কৰিছিল! সেই ঘটনাৰো ১৭ বছৰ পাৰ হৈ গ’ল। ১৬ বছৰ ধৰি আমৰণ অনশন কৰি কৰি ইবম শৰ্মিলাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিলে; কিন্তু ‘আফ্স্পা’ প্ৰত্যাহাৰ নহ’ল, চৰকাৰ আৰু সেনাৰো স্বভাৱ সলনি নহ’ল। ২০১৬ চনৰ ৮ জুলাই তাৰিখ শুক্ৰবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছিল যে ভাৰতীয় সৈন্যই ‘আৰ্মড ফোৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ এক্ট’ (AFSPA)ৰ নামত কোনোধৰণৰ আতিশায্য চলাব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ এয়াও কৈছিল যে বিগত ২০ বছৰত মণিপুৰত সংঘটিত হোৱা ১৫০০ টা ভুৱা ‘এনকাউন্টাৰ’ৰ অভিযোগৰো তদন্ত হ’ব লাগিব। উচ্চতম ন্যায়ালয়ৰ এনে নিৰ্দেশৰ পটভুমিতেই অনুমান কৰিব পাৰি – কি মাত্ৰাত সৈন্যবাহিনীয়ে জঘণ্য ঘটনাবোৰ সংঘটিত কৰি আহিছে। ১৫০০ টা নহয়, ১৫২৮ টা ‘ফেক এনকাউন্টাৰ’ৰ বিষয়ে উচ্চতম ন্যায়ালয়ৰ মজিয়াত অভিযোগ উত্থাপিত হৈছিল। এয়াই “জয়-হিন্দ”/ ” মেৰা ভাৰত মহান”ৰ উদাহৰণ! উচ্চতম ন্যায়ালয়ৰ এনে নিৰ্দেশৰ প্ৰায় ১ বছৰেই পাৰ নহ’ল, পুনৰ ২০১৭ চনৰ এপ্ৰিল মাহৰ ১৮ তাৰিখ, মঙ্গলবাৰে, উচ্চতম ন্যায়ালয়ে ভাৰতীয় সৈন্যক স্পষ্টকৈ প্ৰশ্ন কৰিবলগীয়া হ’ল! ভাৰতীয় সৈন্যক উচ্চতম ন্যায়ালয়ে সুধিলে -” Do you have rapists in uniform”( ইউনিফৰ্ম পিন্ধি থকা ধৰ্ষণকাৰীৰ দল তোমালোকৰ বাহিনীত আছে নেকি)? এই প্ৰশ্নও আছিল মণিপুৰত সৈন্যবাহিনীয়ে চলাই থকা ধৰ্ষণ, আতিশায্য, হত্যা আদিক লৈ ৰজু হোৱা গোচৰৰ পটভূমিত। উচ্চতম ন্যায়ালয়ৰ এনে প্ৰশ্নই দুগ্ধপান কৰি থকা শিশুকো বুজাই দিব পাৰিব – মণিপুৰত বা সমগ্ৰ ‘উত্তৰ-পূব অঞ্চল’ত ‘আৰ্মড ফোৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ এক্ট’ (AFSPA)ৰ নামত অসভ্য ভাৰতীয় সৈন্যই ১৯৫৮ চনৰ পৰাই বৰ্বৰভাবে কি কি কৰি আছে! আজি নাগালেণ্ডৰ ম’ন জিলাৰ ওটিঙত ১৪ জন নিৰীহক গুলিয়াই হত্যা কৰিছে, আমি সৰৱ হৈছো, বহুতেই সৰৱ হৈছে, কিন্তু বহুতৰে হয়তো মনত নপৰে – ২০০০ চনৰ ২ নৱেম্বৰ তাৰিখ বৃহস্পতিবাৰে মণিপুৰৰ মাল’ম বাছ আস্থানত ভাৰতীয় সৈন্যই নিৰ্বিচাৰে গুলিয়াই ১০ জন‌ সুঠাম মণিপুৰী নিৰীহ ডেকাক হত্যা কৰিছিল! উচ্চতম ন্যায়ালয়ৰ এনে বলিষ্ঠ মনোভাৱৰ পৰিপ্ৰেক্ষিতত সেইসময়ত বাতৰিকাকতত এনেদৰে লেখা প্ৰকাশ হৈছিল -” It seems that the Supreme Court has become the last bastion of democracy in contemporary India, as it grapples with extremes of human rights and sexual violations allegedly committed by its own military and paramilitary personnel.” কেৱল মণিপুৰত নহয়, ১৯৬৬ চনৰ পৰাই মিজোৰামত ভাৰতীয় সৈন্যই কি ধৰণৰ হত্যা, অত্যাচাৰ, ধৰ্ষণ চলাইছিল – সেয়া এতিয়া ভাবিলেও এক দুঃস্বপ্নৰ দৰে লাগে! “Women in armed conflict situations in India”( R.Goswami, M G Sreekala, M.Goswami, page 47-48)-অৰ পৃষ্ঠাৰ পৰা উল্লেখ কৰিব বিচৰা এই এটা ঘটনাই যথেষ্ট – এতিয়াৰে পৰা প্ৰায় তিনি দশক পূৰ্বে লিয়াথাংভুৱাঙ্গা (Liathangvuanga) নামৰ ১৩ বছৰীয়া ছোৱালী এজনীক ৫ জন ভাৰতীয় সৈন্যই নিৰ্লজ্জ ভাৱে ধৰ্ষণ কৰিছিল! সেই ছোৱালীজনীয়ে প্ৰচন্ড আঘাতপ্ৰাপ্ত হৈ, তেজ ওলাই থকা অৱস্থাতেই, কিবাকৈ চুচৰি বাগৰি ঘটনাস্থলীৰ পৰা পলাবলৈ সমৰ্থ হৈছিল। কিন্তু সেই ১৩ বছৰীয়া মিজো ছোৱালীজনীক পুনৰ ধৰ্ষণ কৰিবলৈ বিচাৰি নাপাই তাইৰ দেউতাকক ধৰি বান্ধি অত্যাচাৰ কৰি কৰি হত্যা কৰিছিল। পৰিয়ালৰ অইনৰো একে দশা হয় বুলি ছোৱালীজনীয়ে সন্ত্ৰাসিত হৈ কাকো ঘটনাৰ বিষয়ে একো কোৱা নাছিল…!! ৩০ বছৰ আগতেও তেনে চৰিত্ৰ আছিল মহান ভাৰতীয় সৈন্যৰ!আজি ১০ ডিচেম্বৰ। আজি শ্বহীদ দিৱস! আজি একেধাৰে ‘আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস’! আজিৰে পৰা কুৰি বছৰৰ আগতেই ‘নেশ্যনেল হিউমেন ৰাইটচ্ কমিশ্যন (ইন্ডিয়া)’ৰ চেয়াৰমেন প্ৰাক্তন ন্যায়াধীশ জে-এছ বাৰ্মাই কৈছিল -“The law enforcement agencies are the biggest violators of human rights in the country.” তেওঁ মণিপুৰৰ আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলত সৈন্যবাহিনী আদিৰ ভূমিকাক লৈ তেনেকৈ কৈছিল।

RelatedPosts

How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
aasu

২০০০ চনৰ ২৬ ডিচেম্বৰ তাৰিখৰ পৰা ২০০১ চনৰ ১ জানুৱাৰী তাৰিখলৈ মহাৰাষ্ট্ৰ ৰাজ্যৰ পাঁচগণিত অনুষ্ঠিত হোৱা ‘নেশ্যনেল কনফাৰেন্স আন হিউমেন ৰাইটচ্, চোছিয়েল ম’ভমেন্টচ্, গ্লোবেলাইজেশ্যন এন্ড দ্যা ল’ শীৰ্ষক বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিনিধিত্ব কৰি ননীবালা দেৱী য়েংখ’ম-এ উদাত্ত কন্ঠে কৈছিল -” Women everywhere, irrespective of caste, creed, religion, wealth or age, have faced various forms of violence. Northeast Indian women are no exception. Of all forms of violence, rape is considered the most cruel and inhuman form of torture. The fear of rape is common to all women, however, among Northeast Indian women this fear is heightened by the situation in which they live. It stems not merely from the horror of physical assault, but from the subsequent social stigmatization and many other inexpressible feelings. In fact, in Manipuri the literal meaning of the word to describe rape is “elimination of one’s esteem”. In a single act of wild sexual aggression the victim loses her esteem forever. Not only does she suffer from this social stigmatization, but also from the mental trauma of potential pregnancy, lost virginity, possible physical injury that may render her unable to bear children and the prospect of sexually transmitted diseases such as AIDS. The survivor of such violence is never the same person. Many victims complain of headaches, general weakness, lost appetite, nightmares, insomnia, restlessness and anxiety.”

naga pic

তেওঁ পুনৰ কৈছিল, “In this part of India, the rapists are typically members of the Indian armed forces deployed to curb insurgency. Most of these men hail from the strictly patriarchal societies of mainland India, which are extremely prejudiced against women. Coupled with this, in Northeast India they enjoy elated status as security forces. They usually carry out rapes during combing operations in residential areas, when they compel the males to come out of their homes and gather them at one place, while women are forced to stay indoors. Anyone who tries to intervene is severely beaten. Generally, the perpetrators go completely free, as they acquire immunity from prosecution under the Armed Forces (Special Powers) Act of 1958, which has been imposed in the whole of Northeast India for decades. It has become a common practice among the security forces engaging in the counter insurgency operations to do away with the safeguards accorded to women by the Criminal Procedure Code. After the crime, the army also always tries to cover it up by using any available means. In some instances, rapists have been deliberately left out of the line up for the purpose of identification. In others, the identification parade has not been done at all, or after a lengthy period since the crime….”নগাপাহাৰত কি কি হৈছিল, মণিপুৰত কি হৈছিল, মিজোৰামত কি হৈছিল, বহুত দীঘলীয়া সেইবোৰ অধ্যায়, হয়, বৰ কৰুণ, বৰ নিদাৰুণ সেইবোৰ অধ্যায়। আৰু অসম! অসম আন্দোলনৰ সময়ত আমি দেখিছিলো ভাৰতীয় সৈন্য, অৰ্দ্ধ-সামৰিক বাহিনী, অসম পুলিচৰ অলেখ ঘটনা! দেখিছিলো অসংখ্য মৃতদেহ, আহত, ধৰ্ষিতা, ….!

nagaland pti 1638861554

সেয়া এক দীঘলীয়া ইতিহাস। আজি সেইবোৰ বকলা নেমেলো। কিন্তু কেইটামান উল্লেখযোগ্য ঘটনা উল্লেখ কৰোঃ অসমৰ, ১৩ বছৰীয়া এগৰাকী কিশোৰী, নাম উল্লেখ নকৰো, উপাধি ‘কোঁৱৰ’, অষ্টম মানৰ ছাত্ৰী; শিৱসাগৰৰ এখন গাওঁৰ নিষ্পাপ কিশোৰীজনীৰ দেউতাকক বান্ধি তেওঁৰ চকুৰ সন্মুখতেই ভাৰতীয় নিৰাপত্তা ৰক্ষীয়ে ১৯৯১ৰ ৩০ জানুৱাৰীত কিশোৰীজনীক ধৰ্ষণ কৰিছিল। তথাকথিত ‘স্বাধীন’ দেশত আজিলৈ হ’লনে কিবা বিচাৰ …?? [ আজিকালি কথাই কথাই কিবা ‘দৃষ্টান্তমূলক শাস্তি’ৰ বিষয়ে কোৱা হয়, সেইবিধনো কি আজিও নাজানিলো!] ১৬ বছৰীয়া এগৰাকী অসম কন্যা, উপাধি ‘বৰা’, তেওঁক ডিগবৈত পঞ্জাৱ ৰেজিমেন্টৰ দুজন পাষন্ন্ডই তেওঁৰ ঘৰতেই বলাৎকাৰ কৰিছিল…!(গোচৰ নং ২/৯১ এচ ৩৭৬/৩৪ আই পি চিৰ অধীনত),কিবা ন্যায় পালেনে তথাকথিত ‘স্বাধীন’ দেশৰ পৰিয়ালটোৱে…? ১৬ বছৰীয়া ল. গগৈ, ২০বছৰীয়া নি. গগৈ, ১৫ বছৰীয়া মী. গগৈ, ১৬বছৰীয়া য. গগৈ, ১৪ বছৰীয়া প. গগৈ ;লক্ষীপথাৰৰ তেওঁলোকক ভাৰতীয়সৈন‍্যই কৰা গণধৰ্ষণৰ আজিও কিয় বিচাৰ নহ’ল…?বিচাৰ নহ’ল, কিন্তু তাৰপিছত আৰু দহগৰাকী ধৰ্ষিতাৰ সংখ্যা বৃদ্ধি হ’ল-তাৰে দুগৰাকী গৰ্ভৱতীও হ’ল! ১৪ বছৰীয়া ভ. দত্তৰ ভাৰতীয় সৈন্যৰ গণধৰ্ষণত মৃত্যু হৈছিল ১৯৯১ৰ ১৬ অক্টোবৰত, লক্ষীমপুৰৰ এখন গাঁৱত! তেওঁৰ পৰিয়ালে বিচাৰি পাইছিল নাঙঠ কিশোৰী জনীৰ ৰক্তাক্তএটা মৃতদেহ, যাৰ কোনো বিচাৰেই নহ’ল কোনোদিনে। ১৯৯২ৰ ১৮ মেত ১৬ বছৰীয়া নী. বড়ো, ১৪ বছৰীয়া ফ. বড়ো ভাৰতীয় সৈন্যৰ ধৰ্ষণৰ বলি হৈছিল টংলা পুলিচ চকীৰ অধীনৰ এখন গাঁৱত। ২৮ বছৰীয়া বোৱাৰী উ. ৰয় ১৯৯১ৰ ২২ অক্টোবৰত ধৰ্ষিতা হৈছিল স্বাধীন ভাৰতীয় সৈন্যৰ দ্বাৰা (ৰেজিষ্টাৰ্ড গোচৰ, বিজনী পুলিচ থানা, কেচ নং ৮৯১৯১ইউ/ এচ ৩৭৬)! এয়া মাত্ৰ কেইটামান উদাহৰণহে। হাজাৰ হাজাৰ বাৰ অসমীয়া জীয়ৰী বোৱাৰীক কলুষিত কৰিছে ভাৰতীয় সৈন্য নামধাৰী কিছুমান দস্যুই। সেইসকলেই নগাপাহাৰত কৰিছে নিৰ্মম হত্যালীলা! ‘এনকাউন্টাৰ’ এতিয়া হৈ পৰিছে এক আনন্দময় খেলা!! ‘নেশ্যনেল কেম্পেইন এগেইনষ্ট্ টৰ্চাৰ ( National Campaign Against Torture বা NCAT)-এ প্ৰস্তুত কৰা এখন তালিকাত অন্তৰ্ভূক্ত কৰিছিল ধৰ্ষণ, বলাৎকাৰ, আৰু অইন অইন ধৰণৰ যৌন নিগ্ৰহৰ তথ্য। সেই তালিকাত ২০০০ চনৰ ১ নৱেম্বৰ তাৰিখৰ পৰা ২০২০ চনৰ ৩০ অক্টোবৰ তাৰিখলৈ ১১ খন ৰাজ্যৰ তথ্য যুগুত কৰা হৈছিল। উল্লেখযোগ্য যে সেই তালিকাত ভাৰত চৰকাৰৰ সৈন্যই বিগত ২০ বছৰত যিখন ৰাজ্যৰ নাৰীক সেইবোৰ যৌন অত্যাচাৰ কৰি কৰি তালিকাৰ শীৰ্ষস্থানত ৰাখিবলৈ সক্ষম হৈছে – সেই ৰাজ্যখন হ’ল অসম!!! অসমৰ পিছত মণিপুৰৰ নাম, তাৰপিছত ছট্টিশগড়, তাৰপিছত জম্মু আৰু কাশ্মীৰ,….!!সেইবাবেই আৰম্ভণিতেই কৈছো – নগাপাহাৰৰ ঘটনা কোনো বিচ্ছিন্ন ঘটনা নহয়! মণিপুৰৰ ঘটনা কোনো বিচ্ছিন্ন ঘটনা নহয়। যিবোৰ ঘটি আছে আমাৰ সুকীয়া ইতিহাসক তেজৰ ৰঙা ৰঙা ৰঙেৰে অদৃশ্য কৰি পেলাবলৈ, সেইবোৰো কোনো বিচ্ছিন্ন ঘটনা নহয়। এইবোৰৰ অন্তৰালত জ্ঞানী/বুধিয়কৰ মগজুৰ দ্বাৰা সৃষ্ট পৰিকল্পনা আছে। সেইবাবেই এই মুলুকত জাপি‌ দিয়া হৈছে ‘আৰ্মড ফোৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ এক্ট’! আমি সকলোৱেই ভুক্তভোগী। সেইবাবেই আমি আজি নগাপাহাৰৰ বৰ্বৰ কান্ডৰ প্ৰতিবাদ কৰিছো। সমবেদনা জ্ঞাপন কৰিছো।

অথচ ,আমাৰ মুলুকত নগাপাহাৰৰ শেহতীয়া ঘটনাক লৈ কি এক অখন্ড আশ্বৰ্যকৰ নীৰৱতা!!

চেলুকচ, কি বিচিত্ৰ এই দেশ!!

(১০-১২-২০২১)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

How the Iran Conflict is Triggering an LPG Shortage in India?
Special Report

How the Iran Conflict is Triggering an LPG Shortage in India?

by Nilim Kashyap Barthakur
March 14, 2026
0

How the Iran Conflict is Triggering an LPG Shortage in India? Nilim Kashyap Barthakur The escalating conflict involving the United...

Read moreDetails
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026
New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

March 12, 2026
OIL Lakshya Football League Concludes at Duliajan

OIL Lakshya Football League Concludes at Duliajan

March 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d