গ্ৰন্থ উন্মোচন
প্ৰফুল্ল কুমাৰ শইকীয়া
যোৱাকালি ১৮ ছেপ্টম্বৰ ২০২২ তাৰিখ ৰবিবাৰে দিনৰ ২.৩০ বজাত গুৱাহাটীৰ বি বৰুৱা পথত থকা হোটেল লেণ্ডমাৰ্কৰ সভাগৃহত মোৰ শহুৰ দেউতা প্ৰয়াত নগেন্দ্ৰনাথ চৌধুৰীৰ দেৱৰ ৰচনা সমগ্ৰ “প্ৰয়াত নগেন্দ্ৰনাথ চৌধুৰীৰ সংগৃহীত ৰচনাৱলী” নামৰ গ্ৰন্থখনি উন্মোচন কৰা হয় ।
উন্মোচনী সভাত উপস্থিত থাকে অসমৰ প্ৰাক্তন উদ্যেগমন্ত্ৰী তথা শিক্ষাবিদ শ্ৰীযুত গুণীন হাজৰিকা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন প্ৰফেছৰ তথা নুমলীগড় শোধনাগাৰৰ কাৰ্যবাহী বিষয়া ড. ফণী ডেকা, সাংবাদিক শ্ৰীযুত মৃণাল তালুকদাৰ আৰু কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৭৫ বছৰ বয়সৰ শ্ৰীযুত কপূৰ চান্দ জৈন ডাঙৰীয়া ।
সভাখনত শতাধিক নিমন্ত্ৰিত লোক উপস্থিত থাকে । ৪৯১ পৃষ্ঠাৰ এই গ্ৰন্থখনি সম্পাদনা কৰিছে তেখেতৰ জীয়ৰী তথা মোৰ পৰিবাৰ চন্দ্ৰমল্লিকা চৌধুৰী শইকীয়াই ।
এই খিনিতে তেখেতৰ বিষয়ে অলপ মান :
ঐতিহ্যমণ্ডিত কাঁহশিল্প নগৰী সৰ্থেবাৰীত ১৯১৮ চনৰ ১২ অক্টোবৰত তেখেতৰ জন্ম ৷
যোৰহাটৰ নৰ্মাল স্কুলৰ পৰা নৰ্মাল পাছ কৰি কাকজান চৰকাৰী মজলীয়া বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা এক বিৰল প্ৰতিভা সম্পন্ন প্ৰয়াত চৌধুৰীয়ে ১৯৫০ চনত কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হৈ আহি তাত চাব্বিশ বছৰ সুখ্যাতিৰে শিক্ষকতা কৰি ১৯৭৬ চনত অৱসৰ গ্ৰহণ কৰে ৷ ১৯৪৮-৪৯ চনত তেখেতে প্ৰায় ডেৰবছৰকালৰ একক প্ৰচেষ্টাত পোন প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত অসমীয়া ভূচিত্ৰাৱলী প্ৰকাশ কৰি উলিয়ায় ৷
১৯৪১ চনত শ্ৰীশ্ৰী শঙ্কৰদেৱৰ গুণমালা সম্পাদনা কৰি যোৰহাট গ্ৰেজুৱেট ষ্টোৰৰ মালিক সিদ্ধিৰাম কলিতা দেৱৰ যোগেদি প্ৰকাশ কৰায় ৷ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তেখেতে পাঠ্যপুথি হিচাপে দিয়া অনবদ্য দানসমূহৰ ভিতৰত ১৯৩৮ চনৰ ভূগোল পৰিচয় , ১৯৪৮ চনৰ সাহিত্য সখা , ১৯৫২ চনৰ অতি সহজ-সৰল অসমীয়া ব্যাকৰণ আৰু ভাৰত বুৰঞ্জীৰ টোকা আদি ৷ তদুপৰি ২০০৭ চনত তেখেতে ৰচিত শ্ৰীশ্ৰী শঙ্কৰদেৱৰ বৰগীতৰ সৰলাৰ্থ আৰু ভাৱাৰ্থ তেখেতৰ ভাঙৰ জোৱায়েক প্ৰয়াত ধৰ্ম দাসে প্ৰকাশ কৰে ৷
প্ৰয়াত চৌধুৰীদেৱ শঙ্কৰী কলাকৃষ্টি সাহিত্যৰ এজন একান্ত সেৱক থকাৰ উপৰিও গুৰুদুজনাৰ সমূহ ৰচনাৱলীৰ ওপৰত তেখেতৰ যথেষ্ট দখল আছিল ৷ আমৃত্যু পৰ্যন্ত তেখেতে ইয়াৰ মাজতেই নিমজ্জিত হৈ থাকিল। ২০১২ চনৰ ১৭আগষ্ট তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে ৷
19-09-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)