নটসূৰ্য্য ফণী শৰ্মা লৈ একাজলি শ্ৰদ্ধাঞ্জলি
৩১ জুলাই ২০২৪-৫৪তম্ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে

অসমৰ নাট্য আৰু চলচ্চিত্ৰ জগতৰ জীৱন্ত কিংবদন্তি স্বৰূপ নটসূৰ্য্য ফণী শৰ্মা।
১৯০৯ চনত জন্ম গ্ৰহণ কৰা ফণী শৰ্মাই একেধাৰে নাট্যকাৰ, অভিনেতা আৰু পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰি অসমৰ নাট্য আৰু চলচ্চিত্ৰ জগতখনক জগত সভালৈ লৈ যোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণা অসমীয়া জাতীয় আৰু সাংস্কৃতিক জীৱনৰ বাবে এক জীৱন্ত দলিল হিচাপে স্বীকৃত হৈ আহিছে।
মঞ্চ অভিনেতা হিচাপে সাংস্কৃতিক জীৱনৰ পাতনি মেলা নটসূৰ্য্য ফণী শৰ্মাৰ নাট্য জীৱন আৰম্ভ হৈ তেজপুৰৰ ঐতিহাসিক বাণ ৰংগমঞ্চৰ দ্বাৰৰক্ষী হিচাপে। তেখেতৰ পিতৃ মোলান শৰ্মাও আছিল নাট বিশেষজ্ঞ লগতে বাণ ৰংগমঞ্চৰ এগৰাকী বলিষ্ঠ আৰু জনপ্ৰিয় অভিনেতা।

পিতৃৰ পৰম্পৰাগত আদৰ্শ আৰু কৰ্মৰাজিক জীৱনৰ পণ হিচাপে গ্ৰহণ কৰি ফণী শৰ্মাইও তেওঁৰ নাট্য জীৱন আৰম্ভ কৰিছিল।
ল’ৰালি কালতেই দেউতাকৰ লগত নাট্যশালা লৈ গৈ অভিনয়ৰ অ-আ-ক-খ শিকিবলৈ আৰম্ভ কৰা ফণী শৰ্মাই জীৱনৰ আৰম্ভণিৰ সময়তে ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, ললিত মোহন চৌধুৰী, প্ৰফুল্ল বৰুৱা আদিৰ দৰে প্ৰবীণ আৰু অভিজ্ঞ অভিনেতাসকলৰ অভিনয় আৰু পৰিৱেশনৰ কৌশলসমূহ উপভোগ আৰু আয়ত্ব কৰি ক্ৰমাৎ নাট্য জগতৰ প্ৰতি আকৃষ্ট হ’বলৈ ধৰে আৰু তাৰ ফলস্বৰূপে ১৯২৮ চনত বাণ ৰঙ্গমঞ্চত “ৰাণা প্ৰতাপ” নাটকত “আকবৰ”ৰ চৰিত্ৰত অভিনয় কৰি নাট্য জগতৰ বহল পথাৰখনত খোজ দিয়ে।
পৰৱৰ্তীকালত ফণী শৰ্মাই ১৯৩০ চনত সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাই প্ৰতিষ্ঠা কৰা পৰিভ্ৰমী নাট্য দল “কহিনুৰ অপেৰা”ত যোগদান কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নাট্য দলটোৰ যোগেদি অভিনয় কৰি “কহিনুৰ অপেৰা”ৰ অন্যতম আকৰ্ষণীয় অভিনেতা হিচাপে দৰ্শক ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।
ব্ৰজনাথ শৰ্মাৰ এই “কহিনুৰ অপেৰা”ৰ জৰিয়তেই অসমৰ মঞ্চ জগতত পোনপ্ৰথমবাৰৰ বাবে সহ-অভিনয়ৰ সংযোজন ঘটাই অসমৰ নাট্য আন্দোলনে এক নৱ ৰূপেৰে উদ্ভাসিত হৈ পৰে।
এই উদ্ভাসিত নব্য নাট্য আন্দোলনক অধিক জাগ্ৰত আৰু প্ৰাণৱন্ত কৰি অসমৰ নাট্য জগতৰ বুৰঞ্জীত ভ্ৰাম্যমাণ নাট্য দলৰ সৃষ্টি কৰি অসমৰ সাংস্কৃতিক জগতৰ এই অনবদ্য আৰু অনন্য সম্পদক সমগ্ৰ পৃথিৱীৰ নাটকৰ বুৰঞ্জীত “এক আচৰ্য্য” হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত যোগোৱা অৱদান সদায় চিৰস্মৰণীয় হৈ থাকিব।
ফণী শৰ্মাই কহিনুৰ অপেৰাৰ উপৰিও কৰুণাকান্ত মজুমদাৰৰ প্ৰযোজনাত গঢ়ি উঠা “পূৰ্বজ্যোতি থিয়েটাৰ”টো নাট পৰিচালনা কৰাৰ লগতে কেইবাখনো নাটকত অভিনয় কৰিছিল। ইয়াৰোপৰিও তেওঁ অন্য কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় ভ্ৰাম্যমাণ থিয়েটাৰক এক ব্যতিক্ৰমী ৰূপত প্ৰতিষ্ঠা কৰি গৈছে।
নটসূৰ্য্য ফণী শৰ্মাই মঞ্চ আৰু চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে এগৰাকী সু-প্ৰতিষ্ঠিত নাট্যকাৰ হিচাপেও খ্যাতি অৰ্জন কৰিছিল। সংখ্যাত তাকৰ হ’লেও তেখেতৰ নাটকসমূহ আছিল অতি গুণমান বিশিষ্ট। সাহিত্যৰ দিশতকৈ তেওঁৰ নাটবোৰত নাটকীয় দৃষ্টিভংগীয়ে অধিক প্ৰাধান্য লাভ কৰিছিল। নাটকসমূহৰ কাহিনীভাগত আৱেদন আৰু বিশ্বজনীনতাৰ অবাধ সমাৱেশ ঘটাত তেওঁৰ মঞ্চ নাটসমূহে দৰ্শক আৰু সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত হৈছিল।
বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাৰ গ্ৰন্থ ‘কোঁৱৰ বিদ্ৰোহ’ত বৰ্ণনা কৰা আহোম স্বৰ্গদেউ চুন্যেওফাৰ দিনত হোৱা বিদ্ৰোহৰ আলম লৈ ফণী শৰ্মাই বুৰঞ্জীমূলক নাটক ‘ভোগজৰা’ লিখি উলিয়ায়। তেখেতৰ প্ৰথম বোলছবি জয়মতীও বুৰঞ্জীমূলক ঘটনাৰ ওপৰতে আধাৰিত আছিল আৰু ইয়াৰ পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা এই নতুনচাম নাট্যকাৰৰ ভিতৰত আছিল অন্যতম।
স্থানীয় কাহিনীক ভিত্তি কৰি জ্যোতিপ্ৰসাদে শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা আদি নাটক ৰচনা কৰিছিল। জ্যোতিপ্ৰসাদৰে পদানুসৰণ কৰি ফণী শৰ্মাই অসমীয়া মানুহ আৰু সংস্কৃতিৰ পৰিচয় বহন কৰা কেইবাখনো নাট লিখে।

১৯৪৮ চনৰ বোলছবি ছিৰাজৰ সফলতাৰ পিছত তেখেতে একে নামৰ নাটক এখন লিখিবলৈ অনুপ্ৰেৰণা লাভ কৰে। ইয়াৰ বিষয়বস্তু আছিল হিন্দু-মুছলমানৰ একতা। ফণী শৰ্মাই নিজেই নাটকখনৰ নামভূমিকাত অভিনয় কৰে আৰু ১৯৫০-৬০ৰ দশকত এশতকৈও অধিক ঠাইত নাটখন মঞ্চস্থ কৰে।
অভিনেতা হিছাপে নিজৰ অভিজ্ঞতা আৰু অভিনয় কালত পুত্ৰৰ মৃত্যুৰ সংবাদত পোৱা দুখৰ ফলস্বৰূপে ফণী শৰ্মাই সামাজিক নাটক ‘কিয়’ ৰচনা কৰে। ইয়াৰ কাহিনী আছিল এনে এজন শিল্পীৰ যি নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱন আন মানুহৰ মনোৰঞ্জৰ বাবে উছৰ্গা কৰে আৰু তাৰ বিনিময়ত সমাজৰ পৰা যৎসামান্যও ক্ষতিপূৰণ নাপায়।
আকৌ ৰাজনৈতিক ভ্ৰষ্টাচাৰক লৈ তেখেতে ‘নাগ-পাশ’ নামৰ নাটক ৰচনা কৰে। ‘ক’লা বজাৰ’ নাটকত তেখেতে সামাজিক ন্যায় আৰু অসমতাৰ দৰে গম্ভীৰ বিষয়ৰ লগতে হাস্যৰসো সন্নিৱিষ্ট কৰে।
ফণী শৰ্মাই মঞ্চ আৰু নাটকৰ অভিনয়ৰ সমান্তৰালভাৱে অসমীয়া বোলছবি জগতখনো স্বকীয় প্ৰতিভাৰে সম্বৃদ্ধ কৰি গৈছে। ১৯৩৫ চনত ফণী শৰ্মাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত কথাছবি জয়মতীৰ নিৰ্মাণত সহযোগ কৰে আৰু তাত গাঁঠি হাজৰিকাৰ চৰিত্ৰ ৰূপায়ণ কৰে। আগৰৱালাৰ দ্বিতীয় কথাছবি ইন্দ্ৰমালতীত তেখেতে নায়কৰ বন্ধু ‘ললিত’ৰ ভূমিকাত অভিনয় কৰে।
১৯৪৮ চনত ফণী শৰ্মাই বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ এটা জনপ্ৰিয় ছুটি গল্পৰ আধাৰত “ছিৰাজ” নামৰ বোলছবি নিৰ্মাণ কৰে। ১৯৫৫ চনত তেখেতে “পিয়লী ফুকন” বোলছবি পৰিচালনা কৰাৰ লগতে মুখ্য ভূমিকাত অভিনয় কৰে। ১৯৬৩ চনত তেখেতে “ইটো সিটো বহুতো”ত পৰিচালকৰ ভাৰ নলৈ কেৱল অভিনয় কৰে। চলচ্চিত্ৰ জীৱনৰ এয়াই আছিল তেখেতৰ শেষ অভিনয়।
১৯৭০ চনৰ ৩১ জুলাইত মৃত্যু বৰণ কৰা এই মহীয়সী শিল্পী নটসূৰ্য্য ফণী শৰ্মাৰ ৫৪তম্ মৃত্যু বাৰ্ষিকীত শিল্পীগৰাকীৰ বৰ্ণিল আৰু অনবৈদ্য জীৱন পৰিক্ৰমাক আমি আজি শ্ৰদ্ধাৰে সুঁৱৰি তেওঁৰ অভিনয় জীৱনশৈলীক সুক্ষ্মভাৱে অধ্যয়ন কৰিলে সাম্প্ৰতিক অতি গুণমান বিশিষ্ট মঞ্চ আৰু চলচ্চিত্ৰ জগতখন অধিক সম্বৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত নতুন প্ৰজন্মই আগবঢ়াৰ ক্ষেত্ৰত নিশ্চয় এক নতুন পথৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ’ব।

যুগান্ত বায়ন; ৮৮৭৬৪১৫০৮৯
31-07-2024
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.