• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

নটসূৰ্য ফণী শৰ্মা

কুমাৰ দীপক দাস 

by Anjan Sarma
July 31, 2022
in Cultural, Drama, Movie, Theater
Reading Time: 2 mins read
0
নটসূৰ্য ফণী শৰ্মা
Share on FacebookShare on TwitterShare on LinkedIn

নটসূৰ্য ফণী শৰ্মা

কুমাৰ দীপক দাস 

আজি ৩১জুলাই , ১৯৭০ চনৰ এই দিনটোতে আমাৰ সকলোৰে শ্ৰদ্ধা আৰু আদৰৰ প্ৰথিতযশা বিশিষ্ট শিল্পী ,অভিনেতা ,নাট্যকাৰ , পৰিচালক নটসূৰ্য ফণী শৰ্মাদেৱে ইহলীলা সম্বৰণ কৰে ৷আজিৰ এই বিশেষ  দিনটোত তেখেতৰ পবিত্ৰ স্মৃতিত আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শ্ৰদ্ধাৰে সুৱৰিছোঁ –

RelatedPosts

Filmfare Awards Assamese 2026: How an Event Triggered a Major Upset for Assamese Cinema

Filmfare Awards Assamese 2026: How an Event Triggered a Major Upset for Assamese Cinema

March 8, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026

ফণীশৰ্মা(১৯০৯-১৯৭০)দেৱৰ জীৱন আৰু কৃতি


তেজপুৰৰ ঐতিহাসিক বাণ ৰঙ্গমঞ্চৰ দ্বাৰ-ৰক্ষী হিছাপে ফণী শৰ্মাদেৱৰ নাট্যশালাৰ জীৱন আৰম্ভ হয়। তেখেতৰ দেউতাক মোলান শৰ্মাও এজন নাট বিশেষজ্ঞ আৰু বাণ ৰঙ্গমঞ্চৰ সু-অভিনেতা হিছাপে জনাজাত আছিল। দেউতাকৰ লগত নিয়মিত নাট্যশালালৈ গৈ ফণী শৰ্মাই ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, ললিত মোহন চৌধুৰী, প্ৰফুল্ল বৰুৱা আদিৰ দৰে প্ৰবীণ অভিনেতাসকলৰ পৰিবেশনা উপভোগ কৰিছিল। ডেকা বলীন (ফণী শৰ্মাদেৱৰ ঘৰুৱা নাম) ক্ৰমাৎ নাট্যজগতৰ প্ৰতি আকৃষ্ট হয়। ১৯২৮ চনত তেখেতে বাণ ৰঙ্গমঞ্চৰ ‘ৰাণা প্ৰতাপ’ নাটকত ‘আকবৰ’ৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে।

১৯৩০ চনত ফণী শৰ্মাই পৰিভ্ৰমী নাট্যদল কহিনুৰ অপেৰাত যোগদান কৰে। ইয়াৰ প্ৰতিষ্ঠাপক আছিল শিল্পী সৈনিক অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাদেৱ । শদিয়াৰ পৰা ধুবুৰীলৈকে, ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে কহিনুৰ অপেৰাই নাট মঞ্চস্থ কৰি যায় আৰু ফণী শৰ্মাদেৱৰ অভিনয় ইয়াৰ অন্যতম আকৰ্ষণ হৈ পৰে। এক নাট্য আন্দোলন আৰম্ভ কৰাৰ উপৰিও ১৯৩১ চনত কহিনুৰ অপেৰাই অসমৰ মঞ্চত প্ৰথমবাৰৰ বাবে সহ-অভিনয়ৰ সূত্ৰপাত ঘটায়।

কৰুণাকান্ত মজুমদাৰৰ প্ৰযোজনাত আৰম্ভ হোৱা পূৰ্বজ্যোতি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম বৰ্ষৰপৰাই ফণী শৰ্মাদেৱে কেবাখনো নাটক পৰিচালনা কৰিছিল। একে নাট্যদলৰ বাবে দ্বিতীয় বছৰত পাছলৈ তেখেতে অন্যান্য ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছিল।

১৯৩৫ চনত ফণী শৰ্মাদেৱে জ্যোতিপ্ৰসাদৰ কথাছবি ’জয়মতী’ৰ নিৰ্মাণত সহযোগ কৰে আৰু তাত গাঁঠি হাজৰিকাৰ চৰিত্ৰ ৰূপায়ণ কৰে। জ্যোতিপ্ৰসাদৰ  দ্বিতীয় কথাছবি ’ইন্দ্ৰমালতী’ত তেখেতে নায়কৰ বন্ধু ‘ললিত’ৰ ভূমিকাত অভিনয় কৰে।

১৯৪৮ চনত ফণী শৰ্মাদেৱে বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ এটা জনপ্ৰিয় ছুটি গল্পৰ আধাৰত ’ ছিৰাজ ’নামৰ বোলছবি নিৰ্মাণ কৰে।

১৯৫৫ চনত তেখেতে পিয়লী ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে মুখ্য ভূমিকাত অভিনয় কৰে। ১৯৬৩ চনত তেখেতে ইটো সিটো বহুতোত পৰিচালকৰ ভাৰ নলৈ কেৱল অভিনয় কৰে। চলচ্চিত্ৰ জীৱনৰ এয়াই আছিল তেখেতৰ শেষ অভিনয়।

নাট্যকাৰ জীৱন


মঞ্চ আৰু চলচ্চিত্ৰত অভিনয়ৰ উপৰি এজন নাট্যকাৰ ৰূপেও ফণী শৰ্মাদেৱ সুপ্ৰসিদ্ধ আছিল। সংখ্যাত কম হ’লেও তেখেতৰ নাটকত সাহিত্যিক দিশতকৈ নাটকীয়তাক অধিক গুৰুত্ব দিয়া হৈছিল। বিশ্বজনীন কাহিনী আৰু আবেদন থকা তেখেতৰ মঞ্চনাটসমূহ দৰ্শক আৰু সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছিল।

বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাৰ গ্ৰন্থ ‘কোঁৱৰ বিদ্ৰোহ’ত বৰ্ণনা কৰা আহোম স্বৰ্গদেউ চুন্যেওফাৰ দিনত হোৱা বিদ্ৰোহৰ আলম লৈ ফণী শৰ্মাই বুৰঞ্জীমূলক নাটক ‘ভোগজৰা’ লিখি উলিয়ায়। তেখেতৰ অভিনয় কৰা প্ৰথম বোলছবি জয়মতীও বুৰঞ্জীমূলক ঘটনাৰ ওপৰতে আধাৰিত আছিল আৰু ইয়াৰ পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা এই নতুনচাম নাট্যকাৰৰ ভিতৰত আছিল অন্যতম। স্থানীয় কাহিনীক ভিত্তি কৰি জ্যোতিপ্ৰসাদৰে পদানুসৰণ কৰি ফণী শৰ্মাই অসমীয়া মানুহ আৰু সংস্কৃতিৰ পৰিচয় বহন কৰা কেইবাখনো নাট লিখে।

১৯৪৮ চনৰ বোলছবি ছিৰাজৰ সফলতাৰ পিছত তেখেতে একে নামৰ নাটক এখন লিখিবলৈ অনুপ্ৰেৰণা লাভ কৰে। ইয়াৰ বিষয়বস্তু আছিল হিন্দু-মুছলমানৰ একতা। ফণী শৰ্মাই নিজেই নাটকখনৰ নামভূমিকাত অভিনয় কৰে আৰু ১৯৫০-৬০ৰ দশকত এশতকৈও অধিক ঠাইত নাটখন মঞ্চস্থ কৰে।

অভিনেতা হিছাপে নিজৰ অভিজ্ঞতা আৰু অভিনয় কালত পুত্ৰৰ মৃত্যুৰ সংবাদত পোৱা দুখৰ ফলস্বৰূপে ফণী শৰ্মাই সামাজিক নাটক ‘কিয়’ ৰচনা কৰে। ইয়াৰ কাহিনী আছিল এনে এজন শিল্পীৰ যি নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱন আন মানুহৰ মনোৰঞ্জৰ বাবে উছৰ্গা কৰে আৰু তাৰ বিনিময়ত সমাজৰ পৰা যৎসামান্যও ক্ষতিপূৰণ নাপায়। আকৌ ৰাজনৈতিক ভ্ৰষ্টাচাৰক লৈ তেখেতে ‘নাগ-পাশ’ নামৰ নাটক ৰচনা কৰে। ‘ক’লা বজাৰ’ নাটকত তেখেতে সামাজিক ন্যায় আৰু অসমতাৰ দৰে গম্ভীৰ বিষয়ৰ লগতে হাস্যৰসো সন্নিৱিষ্ট কৰে।

ফণী শৰ্মাই জে. বি. প্ৰিষ্টলীৰ বিখ্যাত নাটক এন ইন্সপেক্টৰ কল্‌ছ অসমীয়া ভাষালৈ অনুবাদ কৰে।

অভিনয় কৰা চলচ্চিত্ৰ আৰু চৰিত্ৰ


১৷  ১৯৩৫ জয়মতী-গাঁঠি হাজৰিকা
২৷ ১৯৩৭ দেৱদাস –
৩৷ ১৯৩৯ ইন্দ্ৰমালতী ললিত
৪৷ ১৯৪৮ ছিৰাজ ছিৰাজ
৫৷ ১৯৫৫ পিয়লী ফুকন পিয়লি ফুকন
৬৷ ১৯৫৬ এৰা বাটৰ সুৰ হাৰাণ
৭৷ ১৯৬১ লাচিত বৰফুকন ৰছিদ খাঁ
৮৷ ১৯৬৩ ইটো সিটো বহুতো অৱসৰপ্ৰাপ্ত সেনা বিষয়া
৯৷ ১৯৬৪ মণিৰাম দেৱান মণিৰাম দেৱান

নাটক


ভোগজৰা,১৯৫৭ চন।
কিয় ? ,১৯৬১ চন
চিৰাজ, ১৯৬৭ চন
নাগপাশ, ১৯৭৬ চন
এমুঠি চাউল
ক’লা বজাৰ, ১৯৭৬ চন।

পৰিচালিত চলচ্চিত্ৰ

চিৰাজ, ১৯৪৮ চন
পিয়লি ফুকন, ১৯৫৫ চন
ধুমুহা, ১৯৫৭ চন
কেচাসোণ, ১৯৫৯ চন
পুৱতি নিশাৰ সপোন,১৯৫৯ চন।

অভিনীত চলচ্চিত্ৰ


জয়মতী, ১৯৩৫ চন
ইন্দ্ৰমালতী, ১৯৩৯
সতী বেউলা, ১৯৫০চন
সৰাপাত, ১৯৫৪ চন
এৰা বাটৰ সুৰ, ১৯৫৫ চন
 আমাৰ ঘৰ, ১৯৫৯ চন
 লাচিত বৰফুকন, ১৯৬১ চন
 শকুন্তলা, ১৯৬১চন
 নৰকাসুৰ১৯৬২ চন
 ইটো-সিটো-বহুতো,১৯৬৩ চন
 মণিৰাম দেৱান,১৯৬৪ চন
প্ৰতিধ্বনি, ১৯৬৪ চন ইত্যাদি।
      (তথ্য সংগৃহিত )

31-07-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Filmfare Awards Assamese 2026: How an Event Triggered a Major Upset for Assamese Cinema
Movie

Filmfare Awards Assamese 2026: How an Event Triggered a Major Upset for Assamese Cinema

by Gaurav Gautam Saha
March 8, 2026
0

Filmfare Awards Assamese 2026: How an Event Triggered a Major Upset for Assamese Cinema Gaurav Gautam Saha The Filmfare Awards...

Read moreDetails
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026
Holi in Barpeta,  Assam: A Symphony of Colors, Culture, and Devotion

অসমত উদযাপিত দৌলোৎসৱৰ তাৎপৰ্য

March 3, 2026
নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

February 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d