• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 7, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Business

নতুন জি এছ টি হাৰ

কাকলি দাস

by Admin
September 12, 2022
in Business, Economy, Justice
Reading Time: 3 mins read
0
নতুন জি এছ টি হাৰ
Share on FacebookShare on TwitterShare on LinkedIn

জি এছ টি

কাকলি দাস

নতুন জি এছ টি হাৰ
বাসন্তী

ৰামগড় এখন সৰু গাঁও; ইয়াৰ গাঁৱৰ মানুহে কেনেবাকৈ দৰিদ্ৰতা, মুদ্ৰাস্ফীতি আদিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হয়। বহুতেই আকৌ খেতিৰ প্ৰতিও আকৰ্ষিত, পৰিবহণৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহ কম।

বাসিন্দাসকলৰ ভিতৰত এজনী গাভৰু বাসন্তীয়ে জীৱিকাৰ বাবে ঘোঁৰাৰ গাড়ী চলায়।

RelatedPosts

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 6, 2023
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

June 6, 2023
Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

June 5, 2023

মূলতঃ জীৱনটো সহজ নহয়। জীৱনে তেওঁলোকক সঘনাই বৰকৈ তিক্ততা দিয়ে, আৰু সাধাৰণতে সেই তিক্ততাৰ বাবে তেওঁলোকে নেহৰুক দোষাৰোপ কৰে।

যিয়েই নহওক কঠোৰ বাস্তৱৰ সৈতে তেওঁলোকে আৰু নো কেনেকৈ মোকাবিলা কৰিব পাৰে?

তাৰ পিছত, ভূতৰ ওপৰত দানহ পৰাদি ৫ বছৰ আগতে ৰামগড়ত এক নতুন ‘ফিগাৰ’-এ প্ৰৱেশ কৰে, তেওঁক গব্বৰ বোলা হয়। গব্বৰৰ দাবী ৩ গুণ কৰ। এতিয়া, আপুনি হয়তো সুধিব, “লগানৰ লগত শোলে কিয় মিহলি কৰা হৈছে?”

 আচলতে,লগান চিনেমাৰ ভূৱনে নিজৰ খেলখনেৰে ব্ৰিটিছৰ খেলুৱৈৰ দলটোক পৰাস্ত কৰি কৰ বিলুপ্ত কৰাই দেশ এৰি যাবলৈ বাধ্য কৰাইছিল, কিন্তু কেপ্তেইন ৰাছেলে ইয়াত ‘ছ’ৰী’, ‘ধন্যবাদ’ আৰু ‘লাগান’ (টেক্স)ৰ এটা লিগেচি ব্যৱস্থাটোত এৰি থৈ গৈছিল।

 জিএছটি ৰূপায়ণক লৈ ৰামগড়ত ৰাইজে গব্বৰক সোধা-পোছা কৰিছে। কৰৰ হাৰ ‘ৰেণ্ডম’ যেন লাগে, কিছুমান বস্তু ১২%, আন কিছুমান ১৮% কৰ, তাৰ পিছত ২৪% আদি অনুসৰণত অত্যধিক জটিলতা। তথাপিও জি এছ টি এটা প্ৰয়োজনীয়তা – ইয়াক ভালদৰে কাৰ্যকৰী কৰিব পৰা গ’লহেঁতেন৷

কিন্তু গব্বৰে ক’লে, “ক্ষমা কৰিব, মোৰ উপায় নাই, এয়া কানুন (আইন)।” এতিয়া গব্বৰৰ বিৰুদ্ধে কথা ক’বলৈ সাহস কোনে কৰিব পাৰে? ঠাকুৰেও বিশেষ একো কৰিব নোৱাৰিলে, অকলে চিঞৰ-বাখৰ কৰাৰ বাহিৰে৷

কঠিন হ’ব পাৰে, কিন্তু জনসাধাৰণে বছৰ বছৰ ধৰি জি এছ টিৰ সৈতে মোকাবিলা কৰিছিল। একাংশই জি এছ টিৰ পক্ষ ৰক্ষা কৰি কৈছে: উদ্দেশ্য ভাল। বহু ক্ষুদ্ৰ ব্যৱসায় বন্ধ। আৰু কৰ’না মহামাৰীয়ে তাক আৰু বেছি ভয়াৱহ কৰি তুলিলে। তথাপিও কৰটো ৰৈ গ’ল। গব্বৰে যি বিচাৰিছিল তাকে পাইছিল, আনহাতে মানুহে কষ্ট পাইছিল। কিন্তু গব্বৰে আৰু বিচাৰিছিল। তেওঁ উভতি আহি পুনৰ অধিক কৰ দাবী কৰে। মানুহবোৰো এনেকুৱা আছিল যে কেৱল এনেদৰে সোধাৰ বাহিৰে উপায় নাই, “আৰু কিমান?” গাওঁখনৰ অৱস্থাও বিশেষ সলনি হোৱা নাই; স্মাৰ্ট ৰামগড়ৰ কোনো লক্ষণ ক’তো দেখা নাযায়।

নতুন জি এছ টি হাৰ
গব্বৰ

গব্বৰৰ এখন তালিকা আছিল; তেওঁ তালিকাৰ পৰা পঢ়িছিল: পোৰা আৰু নিমখীয়া বাদাম ১২% জিএছটি আৰু অধিক বস্তুৰ ওপৰত কৰ আৰোপ কৰা হ’ব। তাৰ লগে লগে গব্বৰে দৈনিক ব্যৱহাৰ কৰা খাদ্য, যেনে চাউল, ঘেঁহু, আটা, দৈ, লাছ্ছি, ফুলি উঠা চাউলত ০% জি এছ টিৰ পৰা ৫% জি এছ টি ঘোষণা কৰিলে। প্ৰিন্টিং, লিখা, ড্ৰয়িং চিয়াঁহী, দা, পেঞ্চিল, শ্বাৰপেনাৰ, কেক চাৰ্ভাৰত ১৮% (পূৰ্বতে ১২%) কৰ আৰোপ কৰা হৈছিল। টেট্ৰা পেকত (পানীয়, ফলৰ ৰস আদিৰ বাবে) এতিয়া ১২%ৰ পৰা ১৮%লৈ কৰ আৰোপ কৰা হ’ব। সস্তীয়া, ১০০০ টকাতকৈ কম, হোটেলৰ কোঠাটোৱে এতিয়া ১২% কৰ আকৰ্ষণ কৰিব (০% আগতে)। কেৱল হোটেল নহয়, হস্পিতালৰ কোঠাত পূৰ্বতে ০% কৰ আৰোপ কৰা হৈছিল, এতিয়াও কৰ আৰোপ কৰা হ’ব।

কিন্তু এয়া কাহিনীৰ এটা দিশহে। কেৱল সৰু সৰু বস্তুৱেই নহয়, দামী সম্পূৰ্ণ সামগ্ৰীৰ হীৰাৰ ওপৰত কৰ ০.২৫% (পূৰ্বতে)ৰ পৰা ১.৫% (এতিয়া)লৈ সামান্য বৃদ্ধি পাইছে। কেবল কাৰৰ ওপৰত কৰ ১৮%ৰ পৰা ৫%লৈ হ্ৰাস। কি অনবদ্য মাষ্টাৰষ্ট্ৰ’ক!

আচৰিত কথাটো হ’ল কিছুমান মানুহে এতিয়া অতিশয় সুখী, বা ভয়ত অভিনয় কৰি আছে! তথাপিও ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে এফ এম নিৰ্মলা সীতাৰমণক জৈৱ চিকিৎসা আৱৰ্জনা পৰিশোধন সুবিধাসমূহক জি এছ টি ৰেহাই দিবলৈ আহ্বান জনায়। চিকিৎসালয়ৰ কোঠাত কৰ আৰোপ কৰিলে স্বাস্থ্যসেৱা অধিক ব্যয়বহুল হৈ পৰিব।

২৬ জুলাই, ২০২২ তাৰিখত ভোপালৰ পৰা দেশজোৰা আন্দোলন ঘোষণা কৰাৰ লগতে জি এছ টিৰ নিয়ম সহজ কৰি তোলাৰ দাবীত কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে ঘোষণা কৰিছিল। ব্যৱসায়ী সংস্থাটোৱে জনোৱা মতে, ব্ৰেণ্ডবিহীন খাদ্য আৰু অন্যান্য সামগ্ৰীসমূহ জিএছটি কৰ অধীনত আনিলে ব্যৱসায়ীসকলৰ ওপৰত কম্প্লাইয়েন্সৰ বোজা বৃদ্ধি পাব। ইজ অফ ডুইং ব্যৱসায়ৰ বাবে ই ভাল নহয়। কিন্তু এই ব্যৱসায়ীৰ দলটোৰ কথা কোনে শুনিব? তেওঁলোকেও নিশ্চয় আগতে গব্বৰক সমৰ্থন কৰিছিল।

GST1

আচলতে ৫ বছৰ আগতেই GST কাৰ্যকৰী কৰা হৈছিল, এই পদক্ষেপক সকলোৱে মাষ্টাৰষ্ট্ৰ’ক হিচাপে উদযাপন কৰিছিল আৰু বিত্তীয় স্বাধীনতা হিচাপে প্ৰচাৰ কৰিছিল। অৰ্থনীতিবিদসকলে ভাবিছিল যে জিএছটি শাসনে জিডিপি ২% বৃদ্ধি কৰিব। ৫ বছৰৰ পাছতো আমি বিভিন্ন সামগ্ৰীৰ ওপৰত জি এছ টিৰ হাৰ নিৰ্ণয় কৰি আছো। ই এটা সাধাৰণ কৰ গাঁথনি হ’ব লাগিছিল, কিন্তু ই জটিল আৰু জটিলতম হৈ পৰিছে।

 উদাহৰণস্বৰূপে, পিজ্জাত ৰেষ্টুৰেণ্টে (ডাইন ইন) ৫% জি এছ টি আৰোপ কৰিব, কিন্তু ডেলিভাৰী কৰিলে ১৮% কৰ আৰোপ কৰা হ’ব। টপিঙৰ ওপৰত জি এছ টি ১৮%। কিছুমান পিজ্জা কোম্পানীয়ে পনিৰ টপিং হিচাপেও বিক্ৰী কৰে, পনিৰ অন্যথা এটা প্ৰচেছড খাদ্য – ১২%, কিন্তু টপিং হিচাপে ১৮%। গাখীৰ আৰু লাছ্ছিৰ ক্ষেত্ৰতো একেই, সোৱাদযুক্ত গাখীৰৰ ওপৰত ১২% কৰ আৰোপ কৰা হয়। ঘূৰণীয়া ৰুটিৰ ওপৰত কৰ ৫%, কিন্তু ত্ৰিকোণীয় পৰন্তৰ ওপৰত ১৮% কৰ। অত্যধিক বিভ্ৰান্তি!

সাধাৰণ মানুহ আৰু ব্যৱসায়ী দুয়োৰে বাবে জি এছ টি সহজ নহয়। কৰ ইমানেই জটিল যে কৰ পৰামৰ্শদাতা নিয়োগ কৰাটো এক প্ৰয়োজনীয়তা হৈ পৰিছে। ইয়াৰ ফলত ‘এমএছএমই’ৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে, কাৰণ জিএছটিয়ে এই খণ্ডসমূহত অতিৰিক্ত কাৰ্য্যকৰী ব্যয় সংযোজন কৰিছে। আই টি সমাধানসমূহ ৰক্ষণাবেক্ষণ কৰাটো গৰিষ্ঠসংখ্যক এম এছ এম ই(msme)ৰ বাবে ই এক উঠা-নমা কৰা কাম। সেই জটিলতাবোৰ চম্ভালিবলৈ ডাঙৰ ব্যৱসায়ীসকলৰ হাতত সকলো সম্পদ আছে। ইমান কঠিন হ’লে ক্ষুদ্ৰ ব্যৱসায়ীয়ে কেনেকৈ ইনপুট টেক্স ক্ৰেডিট ৰিফাণ্ড দাবী কৰিব?

আজি এই জটিলতাৰ বাবেই জি এছ টিক কোনেও মাষ্টাৰষ্ট্ৰ’ক বুলি নকয়। কোনেও কোৱা নাই যে ই এটা ডাঙৰ সফলতা। তথাপিও সকলোৱে একমত যে জি এছ টিৰ ধাৰণাটো ভাল আছিল। দশক দশক আগতেই একেধৰণৰ কৰ ব্যৱস্থাৰ প্ৰয়োজন আছিল। জি এছ টি প্ৰৱৰ্তন কৰাটো এটা ডাঙৰ মাষ্টাৰষ্ট্ৰ’ক আছিল, কিন্তু ইয়াৰ এক্সিকিউশ্যন একেবাৰে মানুহৰ বাবে উপযোগী নহয়। মানুহৰ ওপৰত জোৰকৈ GST জাপি দিবলৈ এনে কাৰ্য কৰা হৈছিল।

জি এছ টিৰ পজিটিভ দিশঃ

• জি এছ টি সংগ্ৰহ বৃদ্ধি – ভাল খবৰ হ’ল কৰ সংগ্ৰহ বৃদ্ধি পাইছে।

• হেঁচামুক্ত আন্তঃৰাজ্যিক গতিবিধি – আন্তঃৰাজ্যিক সামগ্ৰীৰ চলাচল এতিয়া সহজ হৈ পৰিছে,

• কৰ ফাঁকি দিয়াসকলক আটক কৰা – অনুসৰণৰ বাবে কৰ এৰাই চলিব নোৱাৰি।

যদি GST সঁচা অৰ্থত সফল হ’ব লাগিব, তেন্তে ইয়াক সহজ কৰি তুলিব লাগিব। ইতিবাচক পৰিৱৰ্তনৰ সৈতে নতুন জি এছ টি ২.০ প্ৰৱৰ্তন কৰিব পাৰি, কিন্তু চৰকাৰে কৰিবনে?

জি এছ টিৰ বাবেই কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিছে। বহুবাৰ কেন্দ্ৰই সময়মতে ৰাজ্যসমূহক তেওঁলোকৰ অংশ জিএছটি দিব পৰা নাই। (কেন্দ্ৰই ৫ বছৰৰ বাবে ৰাজ্যসমূহক জিএছটি ক্ষতিপূৰণ দিব লাগিব)। ৰাজ্যসমূহে জিএছটিৰ নিজৰ অংশ পাবলৈ কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। কমেও ১২খন ৰাজ্যই GST ক্ষতিপূৰণ অব্যাহত ৰাখিবলৈ কয়। ইকনমিক টাইমছৰ ভাৰতীয় ৰেটিং অনুসৰি জি এছ টিয়ে ৰাজ্যসমূহৰ সংগ্ৰহ বৃদ্ধি কৰা নাই। কেন্দ্রই কেনেদৰে দিব ৰাজ্যসমূহক ক্ষতিপূৰণ?

যিহেতু জি এছ টি সংগ্ৰহ আশা কৰা ধৰণে বেছি নাছিল, গতিকে দৈনন্দিন সামগ্ৰী সৰুৰ পৰা ডাঙৰলৈকে জি এছ টিৰ অধীনত অনা হয়। য’ত জি এছ টি এক ঐক্যবদ্ধ ব্যৱস্থা হ’ব লাগিছিল, কিন্তু হাৰৰ সৈতে এতিয়াও খেল-ধেমালি কৰা হৈছে।

Gst in healthcare

কিন্তু ইয়াত আটাইতকৈ ডাঙৰ বাধাটো হ’ল কৰ ফাঁকি বন্ধ কৰিবলৈ ইমানবোৰ পন্হা অনুসৰণ কৰা হৈছে, যে সেই অনুসৰণসমূহক অনুসৰণ কৰাটোও নিজা ব্যৱসায় আৰু উদ্যোগত পৰিণত হৈছে। চাৰ্টাৰ্ড একাউণ্টেণ্টসকলে ইয়াৰ দ্বাৰা সন্তুষ্ট আৰু অতিশয় লাভৱান হৈছে, কিন্তু ব্যৱসায়ীসকল ইমান নহয়। জি এছ টিয়ে ব্যৱসায় কৰাৰ সহজতা জটিল কৰি তুলিছে যিটো দীৰ্ঘকালীনভাৱে ভাল নহয়।

ইয়াৰ পিছত কি হ’ব? 

গব্বৰৰ ভয়ে মানুহক প্ৰশ্ন কৰাত বাধা দিবনে?

কৰৰ পৰা ৰাইজক বচাবলৈ জয় আৰু বীৰু ক’ত?

এতিয়াও আমি বিচাৰি পোৱা নাই…!!

jai veeru
জয় আৰু বীৰু

[Images from different sources]

[কাকলি দাসৰ মূল ইংৰাজী লেখাৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?
Women

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

by Admin
June 6, 2023
0

Wrestlers’ Protest: Will they get Justice against Sexual Harassment? KAKALI DAS Welcome to the New India – on Veer Savarkar’s...

Read more
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

June 6, 2023
Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

June 5, 2023
Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

June 2, 2023
Muslim women’s double whammy: Systemic repression and toxic Islamophobia  

মুছলমান মহিলা যাঁতত পিষ্ট: ব্যৱস্থাগত দমন আৰু বিষাক্ত ইছলামোফ’বিয়াত!

June 2, 2023
Does IIT always guarantee jobs, huge salary packages?

Does IIT always guarantee jobs, huge salary packages?

May 31, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
বিকাশ বনাম বিনাশ : দুখন ছবি

বিকাশ বনাম বিনাশ : দুখন ছবি

June 6, 2023
Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 6, 2023
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 6, 2023
COLLAGE OF AFGHANISTAN (23)

COLLAGE OF AFGHANISTAN (23)

June 6, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    908 shares
    Share 363 Tweet 227
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    644 shares
    Share 258 Tweet 161
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    635 shares
    Share 254 Tweet 159
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    419 shares
    Share 168 Tweet 105
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    261 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: