• দিলীপ দৈমাৰী
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত বুকুত আৰু হাতত গুলিৰ যন্ত্ৰণা লৈ শয্যাশায়ী হৈ আছে নাগালেন্ডৰ ম’ন জিলাৰ ২৩ বছৰীয়া কন্যাক ডেকা ছেইৱাং। কাণৰ কাষত গুলিৰ যন্ত্ৰণা লৈ শয্যাশায়ী হৈ আছে ৩০ বছৰীয়া কন্যাক ডেকা ৱেইহ্ৱাং। সমগ্ৰ দৃশ্য তেওঁলোকৰ চকুৰ সন্মুখত এতিয়াও ভাঁহি আছে – কি ধৰণৰ বৰ্বৰতাৰে ভাৰতীয় সৈন্যই তেওঁলোকৰ লগতে অইন নিৰীহ সকলক নিৰ্বিচাৰে গুলিয়াইছিল আৰু উল্লাস কৰিছিল! তেওঁলোকে কৈছে -‘ আমাক ডাইৰেক্ট মাৰিছে’! অসমত মানসৈন্যই পাশৱিক উল্লাস কৰি কৰি হত্যালীলা চলোৱাৰ দৰেই নাগালেণ্ডত হত্যালীলা চলোৱা ভাৰতীয় সৈন্যই কেৱল মাথো হত্যা কৰিয়েই ক্ষান্ত হোৱা নাছিল, তেওঁলোকে নিধন কৰা মৃতদেহৰ পোছাক সলাবলৈও আৰম্ভ কৰিছিল! ম’ন জিলাৰ সেই বৰ্বৰ হত্যালীলাৰ বলি নিহতৰ পৰিয়ালৰ লোক তথা সেই জঘণ্য কান্ডৰ প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ উত্থাপন কৰিছে যে মৃতদেহ কিছুমানৰ কাপোৰ সলনি কৰি অইন বস্ত্ৰৰে ঢাকি পেলোৱা হৈছিল – সমস্ত ঘটনাক গাপ দিবলৈ বা অইন ৰূপ দিবলৈ।ওটিং গাওঁৰ বাসিন্দা, প্ৰত্যক্ষদৰ্শী কিপৱাং কন্যাকে অভিযোগ উত্থাপন কৰিছে যে তেওঁ নিজেই দেখিছিল – কিদৰে ৰক্তলোলুপ ভাৰতীয় সৈন্যই নিৰীহ গাঁওবাসীক গুলিয়াই হত্যা কৰাৰ পিছত কাপোৰ সলাবলৈ ধৰিছিল। ওটিং গাওঁৰ বাসিন্দা তেওঁ কৈছে যে ধাৰাসাৰ গুলিৰ শব্দ শুনি তেওঁ আৰু অইন কেইজনমানে ঘটনাস্থলীলৈ দৌৰি দৌৰি গৈ সেই কান্ড দেখা পায়। শোমৱাং নামৰ নিহত এজনৰ পৰিয়ালেও অভিযোগ উত্থাপন কৰিছে যে মৃতকৰ দেহ অৰ্দ্ধ- উলংগ কৰি পেলোৱা হৈছিল। তেওঁলোকে কৈছে যে, সেনাৰ চাৰিখন গাড়ী আছিল আৰু সেই গাড়ীতো গাঁওবাসীৰ মৃতদেহ আছিল – তেজেৰে ৰক্তাক্ত! হয়তো পৰিচয় লুপ্ত বা মৃতদেহৰ সন্ধান নাইকিয়া কৰিবলৈ সৈন্যসকলে চেষ্টা কৰিছিল। গাঁওৰ মানুহ ঘটনাস্থলীলৈ অহা দেখি ঘটনাস্থলীৰ পৰা আতৰি যাবলৈ প্ৰয়াস কৰোতে সেই ঘটনাৰ ভিডিঅ’ কৰা মানপেই নামৰ কন্যাক ডেকা এজনেও কৈছে যে তেওঁ দেখিছিল – সৈন্যই কিদৰে মৃতদেহ তেওঁলোকৰ গাড়ীত তুলি লৈছিল আৰু কাপোৰ সলাই দিছিল- হয়তো নিৰুদ্দেশ কৰিবলৈ! এই ঘটনাৰ প্ৰতিক্ৰিয়া সকলোপিনে বিয়পি পৰিছে আৰু সংসদৰ মজিয়াতো তাৰে প্ৰতিধ্বনি শুনা গৈছে। মঙলবাৰে, ৭-১২-২০২১ তাৰিখে Peoples Republic of Nagalandঅৰ পেডত নাগা আৰ্মিয়েও সকিয়নি দিছে – ‘নিৰীহ লোকসকলৰ নিদাৰুণ হত্যাৰ প্ৰতিশোধ লোৱা হ’ব আৰু নাগাসকলে জানে – কি কৰিব লাগিব’!