• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

নতুন প্ৰজন্মই আমাতকৈও অসমক বেছি ভাল পায়!!

ASSAMESE Section / Assam Movement

by Anjan Sarma
December 28, 2019
in Special Report, ASSAMESE SECTION, Politics
Reading Time: 6 mins read
0
নতুন প্ৰজন্মই আমাতকৈও অসমক বেছি ভাল পায়!!
Share on FacebookShare on TwitterShare on LinkedIn

নতুন প্ৰজন্মই আমাতকৈও অসমক বেছি ভাল পায়!!

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা

ইতিহাস সাক্ষীঃ

        …. চন্দ্ৰকান্ত সিংহক শোচনীয়ভাৱে পৰাস্ত কৰি দেশৰ পৰা একেবাৰে বহিষ্কাৰ কৰিবলৈ মানৰজাই ২০০০০ সৈন্য সহকাৰে নিৰ্ভৰযোগ্য সেনাপতি মিঙ্গিমাহা বান্দুলাক প্ৰেৰণ কৰিছিল আৰু ১৮২২ চনৰ ১৭ এপ্ৰিল তাৰিখে বান্দুলাই মহগড়ৰ সমীপৰ কলিয়নী পথাৰত  চন্দ্ৰকান্তক আক্ৰমণ কৰিছিল।

চন্দ্ৰকান্ত সিংহই সেই ৰণত প্ৰচন্ড শৌৰ্য প্ৰদৰ্শন কৰিছিল যদিও আহোম সৈন্যই সৰহপৰ প্ৰতিৰোধ দি থাকিব নোৱাৰিলে, ফলস্বৰূপে চন্দ্ৰকান্তই পৰাজয় বৰণ কৰি ভটীয়াবলৈ বাধ্য হৈছিল।

          চন্দ্ৰকান্ত সিংহই গুৱাহাটীৰ পৰা ভটীয়াই গৈ হাদিৰাচকী বা ‘অসম চকী’ পালেগৈ, কিন্তু তাতেও তেওঁক মানসৈন্যই প্ৰচন্ড আক্ৰমণ কৰিবলৈ পৰিকল্পনা কৰিলে। চন্দ্ৰকান্ত সিংহই এইবেলি মানক প্ৰতিহত কৰি অসমৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হ’লহেতেন, যদিহে চন্দ্ৰকান্তৰ শিৱিৰলৈ ভূটানৰ পৰা যোগাৰ কৰা ভালেমান সৈন্য লগত লৈ আহি তেওঁক সহায় কৰিবলৈ উপস্হিত হোৱা জগনাথ ঢেকিয়াল ফুকনৰ সৈতে চন্দ্ৰকান্তই ঐক্যবদ্ধ হৈ যুদ্ধ কৰিলেহেতেন।

কিন্তু চন্দ্ৰকান্তই জগনাথ ঢেকিয়াল ফুকনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। ঢেকিয়াল ফুকন গুচি গৈছিল অসম চকীৰ পৰা।

            ইতিমধ্যে মিঙ্গিমাহা বান্দুলাই গুৱাহাটী দখল কৰিছিল। বান্দুলাই বুজন পৰিমাণৰ সৈন্যৰে মিঙ্গিমাহা তিলোৱাক প্ৰেৰণ কৰিছিল চন্দ্ৰকান্তক আক্ৰমণ কৰিবলৈ।অসম চকীত ১৮২২ চনৰ ২১ জুন তাৰিখে দুয়োপক্ষৰ তয়াময়া যুদ্ধ হ’ল যদিও মানৰ প্ৰচন্ড আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰি চন্দ্ৰকান্তই ইংৰাজৰ সীমালৈ পৃষ্ঠভংগ দিলে।

১৮২২ চনৰ জুন মাহৰ শেষৰ পিনে অসম চকীত থকা ‘মুখ্য কমান্ডিং বিষয়া’ মিঙ্গিমাহা তিলোৱাক ‘অসমৰ ৰজা’ বুলি ঘোষণা কৰা হ’ল। অসমৰ স্বাধীনতাৰ বেলি মাৰ গ’ল। সেই তেতিয়াৰে পৰাই অসম জয়ী হোৱা নাই, অসম অইনৰ অধীন হৈ থাকিল। সেইসময়ত ঢেকিয়াল ফুকনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ’লে আজি অসমীয়াই ‘গান্ধী-মোডী-শ্বাহ’ আদিক ‘মুৰ্দাবাদ’ দিব নালাগিলহেতেন। অসম পৰাধীন হ’ল।

১৮২২ চনৰ ১৫ জুলাই তাৰিখে ডেভিদ স্কট (Agent to the Governor-General, North-East Frontier)-এ তেওঁৰ উৰ্দ্ধতন কতৃপক্ষলৈ লিখিছিল- “The Burmese having obtained complete mastery of Assam and a person of that nation having been appointed to the supreme authority, the country may now be considered as a province of the Burmese Empire.”

এয়া নিৰ্মম সত্য যে সেইদিনাৰ পৰাই অসম পৰাধীন। সেইকাৰণে কেতিয়াবা ইন্দিৰা গান্ধীৰ আৰু এতিয়া ‘গুজৰাটী’ৰ গোৰ-চৰ খাই আন্দোলনৰ পথ লবলগীয়া হৈছে- আশ্বৰ্যকৰভাৱে নিজকে ‘প্ৰভুভক্ত গোলাম’ বুলি আনন্দৰে গ্ৰহণ কৰি! সেইবাবেই আমি সকলোৰে উপহাসৰ পাত্ৰ।

‘হেংদাং’-অৰ কথা ক’লে মাৰোৱাৰী বণিয়াইও আজি হাহেঁ; কাৰণ খোদ লাচিতৰ মূৰ্তিয়েও আজি গুৱাহাটীৰ ফাঁচীবজাৰৰ গেলাপট্টিৰ ফালে চাই আৰ্তনাদ কৰি আছে তথা ‘লাচিত দিৱস’ পাতি আছে দিল্লীৰ ভৃত্য ৰামসিংহসকলে!! এতিয়া আনকি ‘আত্মনিয়ন্ত্ৰণৰ অধিকাৰ’ লাগে বুলিও কবলৈ তথাকথিত ৰাজনৈতিক ‘নেতা’সকলৰ ‘দম’ নাই! বিদেশীক বৰপীৰা পাৰি দিয়াটো এওঁলোকৰ বাবে একো ডাঙৰ ঘটনা নহয়।

‘অসম চকী’ৰ পৰা দৃষ্টি নিক্ষেপ কৰিলে সকলো দিশতে আগ্ৰাসনকাৰী বিদেশীৰেই দপদপনি দেখা যাব, কিন্তু বুৰঞ্জী খুচৰিলেই বিপদ- ‘Comfort Zone’ৰ পৰা ওলাই আহিবলৈ সৰহভাগেই ইচ্ছুক নহয়।

অসমৰ সমস্যা কেৱল “কা”-ই নহয়, কিন্তু অনাগত দিনত যদি “কা” মানি নলও বুলি অসমৰ ‘গেৰুৱা ৰজা” ওলাই আহে- পুনৰ মিঠাই বিতৰণ হোৱাটো তথা “মহানায়ক” উপাধি দি অইন সকলো সমস্যা সমাপ্ত হোৱা বুলি ধৰি লৈ আনন্দমেলা অনুষ্ঠিত হোৱাটো খাটাং!

নতুন প্ৰজন্মই আমাতকৈও অসমক বেছি ভাল পায়!!

সম্প্ৰতি “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ কৰোতে কোনোপধ্যেই যাতে ‘বিদেশী বিতাৰণ’ৰ বিষয়টো তল পৰি নাযায়, সেইবিষয়ে বিশেষ দৃষ্টি ৰাখিব লাগিবই; অইন সমস্যাবোৰ আছেই। তাৰোপৰি, ইতিহাসৰ অভিজ্ঞতা গ্ৰহণ কৰি সকলোৱে ঐক্যবদ্ধ হৈ এখন “খিলঞ্জীয়া নাগৰিকপঞ্জী” প্ৰস্তুত কৰিবলৈ চিন্তা কৰিব লাগে।

       এয়া এক মৰ্মন্তুদ ট্ৰেজেদী যে আজি “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কৰি অসমৰ চুকে-কোণে অসমীয়া-খিলঞ্জীয়া মানুহবোৰ ওলাই আহিছে, তথাপিও বুৰঞ্জীৰ শিক্ষা লৈ সকলো ‘অসমপ্ৰেমী নেতা’ একগোট হ’ব নিবিচাৰে!! ঢেকিয়াল ফুকনে চন্দ্ৰকান্তক সহায় কৰিবলৈ আহিছিল, চন্দ্ৰকান্তই ঐক্যবদ্ধ হৈ যুঁজ কৰিব নিবিচাৰিলে হেতুকেই আজিও অসম উপনিৱেশ!

সকলোৱে বেলেগে বেলেগে আৰু বেলেগ বেলেগ ধৰণে আন্দোলন কৰিব লাগে কিয়? কিয় এতিয়াও একগোট হব পৰা নাই- মহগড়ৰ সমীপৰ কলিয়নী পথাৰত পৰাজয় বৰণ কৰাৰ পিছতো, আৰু ডজন ডজন বদন বৰফুকনৰ চেহেৰা প্ৰত্যক্ষ কৰাৰ পিছতো?

চেলুকচ্, কি বিচিত্ৰ এই দেশ!!

আজিৰ অসমৰ সামগ্ৰিক পৰিস্হিতি  দুৰ্বোধ্য বহুৰঙী ‘মডাৰ্ণ আৰ্ট’সদৃশ এক জটিল কেনভাচৰ দৰে হৈ পৰিছে। বহুমাত্ৰিক – বহুকৌণিক সেই কেনভাচখন চকুৰ সন্মুখলৈ আনিলেই মূৰ আচন্দ্ৰাই কৰে।

অনেক লোভী বিশ্বাসঘাতক ৰাজনৈতিক শিল্পীৰ কুটিল তুলিকাৰ ষ্পৰ্শৰে জটিলতম হৈ পৰা সেই কেনভাচখনত ইন্দিৰা গান্ধীৰ তুলিকাৰে ‘ইন্দিৰা – মুজিব চুক্তি’ৰ ৰং যিদৰে আছে, জৱাহৰলালৰ তুলিকাৰে ‘নেহৰু-লিয়াকৎ চুক্তি’ৰ ৰং, ৰাজীৱ গান্ধীয়ে সনা ‘অসম চুক্তি’ৰ ৰং, আব্দুল মুহিব মজুমদাৰৰ ৰং, ছাদুল্লাই সানি থোৱা ৰং, ইংৰাজে সানি দিয়া প্ৰব্ৰজনকাৰীৰ ৰং, সমগ্ৰ কেনভাচখনেই আৱৰি আছে ব্যৰ্থতাৰে ম্লান অসম আন্দোলনৰ ৰং, হঠাৎ দেখা যায় নাগৰিকপঞ্জীৰ কৰুণ ৰঙৰ প্ৰলেপ, বিভিন্ন আঁক-বাঁক;  মূৰ্তমান অগণন চৰিত্ৰ, আশ্বাস-প্ৰতিশ্ৰুতি, অলেখ সংগঠন, মন্ত্ৰী-বিধায়ক- নেতা- নিৰ্যাতিত, হঠাৎ দেখা যায় কংগ্ৰেছে হত্যা কৰা শ শ শ্বহীদৰ কেঁচা তেজৰ ৰং, চিতাজুইৰ ৰং, বিভিন্ন ৰঙৰ প্ৰলেপৰ তলত চেপা খাই পৰি আছে ভাস্কৰবৰ্মা-পৃথু-নৰনাৰায়ণ-চিলাৰায়- ৰুদ্ৰসিংহ-চন্দ্ৰকান্ত-বদন-হাদিৰাচকী-ইয়ান্ডাবু, আৰু ভুৱা স্বাধীনতা; ঈগলৰ দৃষ্টিৰে চালে দেখা যায় লক্ষ লক্ষ নিবনুৱাৰ জ্বালা-যন্ত্ৰণাৰ ৰং, বিশ্বাসহীনতাৰ ৰং, নিৰ্লজ্জতাৰ ৰং, পদলেহণকাৰীৰ লেলাৱতিৰ ৰং,…; সেইহেন কেনভাচতেই এতিয়া নতুন ৰাজনৈতিক শিল্পী মোদী-শ্বাহে সানি দিছে ‘কা'(CAA)ৰ কদৰ্য ৰং!!

নতুন প্ৰজন্মই আমাতকৈও অসমক বেছি ভাল পায়!!

সেই ৰঙক লৈ এতিয়া উত্তাল সমগ্ৰ অসম। অতীতত শ শ শ্বহীদৰ বাবে ইন্দিৰা গান্ধী-হিতেশ্বৰ শইকীয়াৰ কংগ্ৰেছক জগৰীয়া কৰা সৰ্বানন্দ সোণোৱাল- অতুল বৰাহতৰ দ্বাৰাই পুনৰ শ্বহীদ হোৱাসকলৰ কেঁচা তেজৰ ৰঙেৰে ৰক্তাক্ত হৈ পৰিছে কেনভাচখন- শ্বহীদ দিৱসৰ দুটি দিন পাৰ নৌ-হওতেই, শ্বহীদ উদ্যানৰ আধাৰশিলাৰ চিমেণ্ট গোট নৌ-মাৰোতেই!

যিসকলে হত্যা কৰিলে , তেওঁলোকেই অনুষ্ঠিত কৰে আজি ‘শান্তি সমদল’!! কিন্তু এই নিৰ্মম মৃত্যুৰ চাদৰেৰে ঢাক খাই পৰিল ৰাজনৈতিক নেতাসকলৰ অতীতৰ সমস্ত বিবৃতি-কুচকাৱাজ- মৌন প্ৰাৰ্থনা!

নতুন প্ৰজন্মই আমাতকৈও অসমক বেছি ভাল পায়!!

     এতিয়া এখন বেলেগ কেনভাচলৈ লক্ষ্য কৰা যাওকঃ

এক বেচৰকাৰী প্ৰতিষ্ঠানৰ কম্পিউটাৰ প্ৰগ্ৰামিং অভিযন্তা শ্বন্মুগা সুব্ৰমণিয়মে কামৰ মাজতে আজৰি সময় উলিয়াই ভাৰতে প্ৰেৰণ কৰা নিৰুদ্দিষ্ট চন্দ্ৰযানখনৰ অৱস্হান সম্পৰ্কে নিজাববীয়াকৈ এক অনুসন্ধান কৰি আছিল।

ডিচেম্বৰ মাহত  একেৰাহে চাৰিদিন ধৰি “নাছা”(NASA)ই প্ৰেৰণ কৰা চন্দ্ৰৰ পৃষ্ঠভাগৰ ছৱিৰে শেষ পৰ্যায়ৰ অনুসন্ধান কৰি এক উজ্বল ছৱিৰ দ্বাৰা তেওঁ চন্দ্ৰযানখনৰ ধ্বংসাৱশেষৰ  টুকুৰা  এটি চিনাক্ত কৰিবলৈ সক্ষম হৈছিল আৰু”নাছা”ইও পতিয়ন গৈছিল- এই ডিচেম্বৰৰ প্ৰথম সপ্তাহত।

সুব্ৰমণিয়মে সন্ধান উলিওৱাৰ আগলৈকে ভাৰতৰ মহাকাশ সংস্থাই চন্দ্ৰযানখন ‘নিৰুদ্দেশ হৈছে’ বুলি কৈয়েই আছিল আৰু নিৰুদ্দেশ হোৱাৰ এক অন্যতম কাৰণ এইটোও হ’ব পাৰে বুলি কৈছিল-“..the reduction in velocity was more than the design value”! কিন্তু সুব্ৰমণিয়মৰ সফলতাৰ পিছত ভাৰতৰ মহাকাশ সংস্থাই কৈ উঠিছিল যে সংস্হাই  এসপ্তাহৰ আগতেই গম পাইছিল যদিও কিছুমান কাৰণত অৱহেলা কৰি বিশ্ববাসীক সদৰি নকৰাকৈ আছিল!

       সন্ধানহীন চন্দ্ৰযানখনৰ দৰেই আজিৰ ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতি। আন্তৰ্জাতিক মুদ্ৰানিধি (IMF)ৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে যোৱা ২০ ডিচেম্বৰত নতুন দিল্লীত কৈছে যে ভাৰতৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিৰ নিৰাময় সোণকালে সম্ভৱ নহব, বেংক আদিকে ধৰি প্ৰায় সকলো ক্ষেত্ৰতে এক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে;..!

আন নালাগে, মোডীয়েও ক’বলৈ আৰম্ভ কৰিছে,”শংকামুক্ত হৈ বিনিয়োগ কৰক”! নতুন দিল্লীৰ এখন সভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে,”সংশয়ৰ পৰা নিজকে মুক্ত কৰক”! আজি এইবোৰেই হৈ পৰিছে শংকাৰ কাৰণ!!

২০১৩ চনৰ পিছত সম্প্ৰতি ‘GDP’ সৰ্বনিম্ন, যোৱা ১২ মাহত মাত্ৰ ৪.৫%। খাৰুৱা তেলৰ মূল্যবৃদ্ধি, আন্তৰ্জাতিক ব্যৱসায়ী গোষ্ঠীৰ ভাৰতত বিনিয়োগৰ বাবে হোৱা অনীহা, গাড়ীৰ বিক্ৰী অভাৱনীয়ভাৱে হ্ৰাস, ভোদাফোন-আইডিয়াৰ ৭ বিলিয়ন ডলাৰ লোকচান, ইত্যাদি বিভিন্ন কাৰণত অৰ্থনৈতিক পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে, কিন্তু স্বীকাৰ নকৰে-ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ দৰে, যিবোৰ যুক্তি দৰ্শায়-সেইবোৰো ভাৰতৰ মহাকাশ সংস্থাই দৰ্শোৱা যুক্তিৰ দৰেই -‘..the reduction in velocity was more than the design value !!’

       ‘The Economist’-এ এইসম্পৰ্কে এনেদৰে লিখিছে-“India’s Space Agency was slow to acknowledge that it’s lander had been destroyed (insisting at first that it was still trying to communicate with it). After NASA confirmed Mr Subramaniyam’s discovery of the crash site, the Indian Agency said that it had found it weeks ago, but for some reason it neglected to reveal the location to the outside world. India’s dogged and passionate professionals ate one reason global Investors fell love with the country’s growth story….”!

       কেৱল অৰ্থনৈতিক পৰিস্থিতিয়েই নহয়, ইতিমধ্যে বিমুদ্ৰাকৰণৰ ব্যৰ্থতা, ক’লাধন সকলোৰে একাউণ্টত ভৰাই দিয়া হ’ব বুলি ফোপজহী ভাষণ দিয়াৰ পিছত অৱলম্বন কৰা নীৰৱতা, ‘বেটী বাচাও’ৰ আৱাজ দিলেও নাৰীৰ সুৰক্ষাহীনতা, কোটি কোটি নিবনুৱাৰ সমস্যা দূৰ কৰা দূৰৈৰ কথা- অপদাৰ্থ সন্তানে পিতৃৰ সম্পত্তি বেচি খোৱাৰ দৰে এটাৰ পিছত এটাকৈ ৰাজহুৱা প্ৰতিষ্ঠান বন্ধ কৰা-বিক্ৰী কৰা, উৎসৱ-ঘোষণা আদিৰে বয়-বস্তুৰ ব্যাপক হাৰত মূল্যবৃদ্ধিক আওকাণ কৰি থকা, কেৱল মাত্ৰ ব্যক্তিগতকৰণৰ সপোন দেখি থাকি ভাৰতক অন্ধকাৰলৈ ঠেলি থকা মোডী চৰকাৰে মূল বিষয়ৰ পৰা সৰ্বসাধাৰণৰ মনোযোগ আতৰাই নিবলৈ হঠাৎ পাকিস্তান আক্ৰমণ @ পুলুৱামা, হঠাৎ ‘কেব’ আৰু ‘কা’, হঠাৎ পেটেলৰ উচ্চতৰ মূৰ্তি স্থাপন, ৰাম মন্দিৰ নিৰ্মাণ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সমগ্ৰ ভাৰতত হ’ব বুলি কৰা ঘোষণা, অক্ষয় কুমাৰৰ দ্বাৰা সাক্ষাৎকাৰ…. এনেবোৰ চমক দি দি মোডী নেতৃত্বাধীন চৰকাৰখনে সময় পাৰ কৰিছে আৰু এক সংশয়পূৰ্ণ পৰিস্থিতিৰ পিনে সকলোকে ঠেলি পঠিয়াইছে; অথচ স্তাৱক বাহিনীয়ে সেইবোৰ দেখা নাই!…

নতুন প্ৰজন্মই আমাতকৈও অসমক বেছি ভাল পায়!!

          সমগ্ৰ ভাৰত উপমহাদেশৰ বাবে এইবাৰ অসমৰ নতুন প্ৰজন্মৰ/ছাত্ৰ সমাজৰ আন্দোলন হৈ পৰিল বাটকটীয়া -‘কেব’ আৰু ‘কা’ৰ ক্ষেত্ৰত; অতীততো ভাৰতবৰ্ষই সেই সুযোগ পাইছিল যদিও সম্পূৰ্ণ অৱহেলা কৰিছিল অসমৰ আন্দোলনটোক, আৰু ইন্দিৰা-হিতেশ্বৰে অসমত বোৱাই দিছিল তেজৰ নদী। এইবাৰৰ ‘কা’ বিৰোধী আন্দোলনটো অসম আন্দোলনৰ বৃক্ষদালৰ এটি ‘ডাল’ৰ বিৰুদ্ধে হে মাত্ৰ, মূল বিদেশী বিতাড়ণৰ  সমস্যা আজিও একে অৱস্হাতেই থাকিল।

আমাৰ জন্ময় সময়ছোৱাত ৰঞ্জিত বৰপূজাৰী শ্বহীদ হৈছিল, আমাৰ কৈশোৰত আমি অংশগ্ৰহণ কৰা ভাষা আন্দোলনৰ সময়ছোৱাত অনিল বৰা – মোজাম্মিল হক শ্বহীদ হৈছিল, আমাৰ যৌৱনকাল অতিবাহিত হ’ল অসম আন্দোলনৰ পটভূমিত আৰু আমি প্ৰত্যক্ষদৰ্শী হ’লো শ শ শ্বহীদৰ চিতাজুইৰ- ভাৰত ৰাষ্ট্ৰৰ অমানৱীয় নিৰ্যাতনৰ- প্ৰৱঞ্চনাৰ, আমাৰ জীৱনৰ চল্লিশটা বছৰ পাৰ হ’ল এক ব্যৰ্থ অসম আন্দোলনৰ পটভূমিত কৰি থকা এক ‘আশাহীন আশা’ৰ মাজেৰে বিভিন্ন ঘটনাক্ৰমৰ মাজেৰে, আজিলৈ নেদেখিলো এজনো প্ৰকৃত অসমপ্ৰেমী শক্তিশালী ‘ৰাজনৈতিক নেতা’ – যাৰ পিছফালে নিৰ্ভয়ে থিয় হ’ব পাৰে অসমৰ হতভগীয়া জনসাধাৰণ!

কিন্তু, ঘনঘোৰ অন্ধকাৰৰ মাজত এচেৰেঙা পোহৰ এয়াই যে আমি যিদৰে অসমখনক ভাল পাওঁ, যিমান ভাল পাওঁ,  আজিৰ নতুন প্ৰজন্মই হ‌য়তো আমাতকৈও বহুত বেছি ভাল পায়, আৰু তেওঁলোক আমাতকৈও সচেতন -‘কা’ আৰু ‘কেব’ জাপি দিয়াৰ পিছত আমাৰ দৰে অসম আন্দোলনৰ অংশীদাৰ সকলৰ আত্মতৃপ্তি তাতেই। আজি সমগ্ৰ ভাৰত উপমহাদেশত এই আন্দোলন বিয়পি পৰাৰ মূল কৃতিত্ব তেওঁলোকৰেই (যদিও আমাৰ আন্দোলনৰ সৈতে ভাৰতৰ আন্দোলনৰ মৌলিক পাৰ্থক্য আছে আৰু আজিও সমগ্ৰ ভাৰতে অসমৰ আন্দোলনটোক হৃদয়াংগম কৰিবলৈ ব্যৰ্থ হৈছে কিম্বা হৃদয়াংগম কৰিবলৈ প্ৰয়াসেই কৰা নাই)!

         এইবেলি অসমৰ ছাত্ৰসমাজে যিদৰে মাৰ বান্ধি ওলাই আহিল, চৰকাৰখনে সেয়া কল্পনাও কৰিব পৰা নাছিল। সমগ্ৰ ঘটনাটোৰ বাবে ভাৰত চৰকাৰে সন্তৰ্পণে যুগুত কৰা অইন এক বিষয় উটি-ভাঁহি যোৱা দেখি খঙতে একোনাই হৈ নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰক ককৰ্থনা কৰি চৰম ব্যৱস্থা লবলৈ দি জি-পি সিঙৰ নেতৃত্বত বাচ-বিচাৰ নকৰাকৈ আইন-কানুন মোহাৰি জঘণ্যভাৱে অমানৱীয় হত্যালীলা সংঘটিত কৰালে – ‘বিদেশী’ৰ স্বাৰ্থত, নিজৰ স্বাৰ্থত, ভাবিছিল যে হত্যা কৰিলেই সকলো ঠাণ্ডা হৈ যাব!!

নতুন প্ৰজন্মই আমাতকৈও অসমক বেছি ভাল পায়!!

এতিয়া আহো সন্তৰ্পণে কৰিব বিচৰা কৰ্মটো সম্পৰ্কে।

মোডী চৰকাৰৰ বৈদেশিক নীতিৰ তিনিটা প্ৰধান স্তম্ভ হ’ল (১) শক্তিশালী আন্তৰ্জাতিক ‘ইমেজ’ তৈয়াৰ কৰা, (২) বৃহৎ শক্তিসমূহৰ সৈতে গা-ঘঁহাই কাৰ্যকৰী কূটনৈতিক কৰ্ম সম্পাদন কৰা, (৩) চুবুৰীয়া দেশসমূহৰ সৈতে অত্যাধিক মিতিৰালি কৰি অইনক চমক খুৱাই দিয়া! কিন্তু “কা” জাপি দিয়াৰ পিছত এই স্তম্ভকেইটা সোলোক-ঢোলোক হৈ পৰিল; আৰু তাৰেও বাটকটীয়া অসম, অসমৰ নতুন প্ৰজন্মৰ আন্দোলন। কাৰণ সবাতোকৈ ডাঙৰ আঘাতটো আহিল জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজু এবেৰ গুৱাহাটী -ইম্ফল ভ্ৰমণ বাতিল তথা এবে-মোডীৰ বৈঠক বাতিলৰ দ্বাৰা।

যোৱা ১৫ আগষ্টত হ’বলগীয়া সেই ভ্ৰমণ কোনো সাধাৰণ ভ্ৰমণ নাছিল, এই ভ্ৰমণৰ বাবে বহুদিন ধৰি সন্তৰ্পণে দুয়োপক্ষই কচৰৎ কৰিছিল, ভাৰতে অত্যাধিক কচৰৎ কৰিছিল যাতে এবে চীন দেশলৈ ভ্ৰমণ কৰিবলৈ যোৱাৰ আগেয়ে ভাৰত ভ্ৰমণ কৰে ( চীনক ‘মেছেজ’ দিবলৈ) আৰু ভাৰতৰ উত্তৰ-পূৱ সীমান্তৰ চীন প্ৰভাৱান্বিত চুবুৰীয়া দেশবোৰেও যাতে এক ‘মেচেজ’ পায়! অৰ্থাৎ এক বৃহৎ ‘মেছেজ’ৰ এক অতি গুৰুত্বপূৰ্ণ অংশ আছিল জাপানৰ প্ৰধানমন্ত্ৰী এবেৰ গুৱাহাটী আৰু ইম্ফল ভ্ৰমণ।

সজাই তোলা হৈছিল গুৱাহাটী। বছৰ বছৰ ধৰি লক্ষ লক্ষ মানুহে দাবী কৰি থাকিলেও যিবোৰ কাম গুৱাহাটীত হোৱা নাছিল, যুদ্ধকালীনভাৱে সেইবোৰ কাম হাতত লোৱা হৈছিল (‘মুন্নাভাই এম-বি-বি-এছ’ বোলছৱিত দেখুওৱা দৃশ্য কিয় বা মনলৈ আহিল!)।

        চীনক তথা চীনৰ প্ৰভাৱান্বিত চুবুৰীয়া দেশ সমূহক শক্তিশালী ‘মেছেজ’ দিয়াৰ উপৰিও, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী সৈন্যৰ সৈতে সুভাষ বসুৰ ‘আজাদ হিন্দ ফৌজ’ৰ সৈতে ইংৰাজ সৈন্যৰ ইম্ফলত( অধিকাংশ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা সংগ্ৰহ কৰা সৈন্য – যেনে মাৰাঠী- বালুচ্চ-গোৰ্খা আদি, অৰ্থাৎ ভাৰতৰ সৈন্যৰ বিৰুদ্ধে ভাৰতৰেই সৈন্যৰ যুদ্ধ হৈছিল ইম্ফলত) হোৱা যুদ্ধত অজস্ৰজনৰ মৃত্যু হৈছিল হেতুকে সেইসকলৰ আত্মাৰ চিৰশান্তি বিচাৰি এক অনুষ্ঠানৰ আয়োজন কৰি ভাৰতে সুভাষ বসুৰ প্ৰতি হঠাৎ অহৈতুকী প্ৰীতি দেখুৱাই মমতা বন্দ্যোপাধ্যায়ৰ পশ্চিমবঙ্গৰ বঙালী লোক (ভোটাৰ) সকলক এক মেছেজ দিয়াৰ লগতে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজু এবেইও এক শক্তিশালী সাংকেতিক বাৰ্তা প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছিল – জাপানৰ জনসাধাৰণলৈ!

আৰু সেয়া হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰায় ২৫ লক্ষ জাপানী সৈন্যৰ শেষকৃত্য সম্পন্ন কৰা (যিসকলৰ ভিতৰত ভালেমান ‘জঘণ্য যুদ্ধ অপৰাধী’ও আছিল) ‘য়াশ্বুকুনি শ্ৰাইন'( Yasukuni Shrine)-অলৈ তেওঁ (এবে) প্ৰধানমন্ত্ৰী হিচাপে ২০১৩ চনৰ ২৪ ডিচেম্বৰত গৈ শোক প্ৰকাশ তথা প্ৰাৰ্থনা কৰাৰ পিছতেই চীন- কোৰিয়াকে ধৰি বহুকেইখন দেশে তীব্ৰতম ক্ষোভ-আপত্তি প্ৰদৰ্শন কৰিছিল হেতুকে সম্পূৰ্ণ ৬ বছৰৰ পিছত ইম্ফলৰ অনুষ্ঠানৰ মাধ্যমেৰে পুনৰ ২৫ লাখ মৃত সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই চীন-কোৰিয়া আদিৰ চকু কপালত তোলা কথা আছিল তথা জাপানৰ মানুহৰ মন জয় কৰা উদ্দেশ্য আছিল [ উদাহৰণ স্বৰূপে এটা বাতৰি ডাঙি ধৰিলো – ” Tokyo , December 25, 2013 (Reuters): Japanese Prime Minister Shinzo Abe visited a shrine on Thursday that is seen by critics as a symbol of Tokyo’s wartime aggression infuriating China and South Korea and promoting concern from the United States about deteriorating ties between the North Asian neighborhood….] ! 

CAA 1

কিন্তু “কা”ৰ বাবে আৰু “কা”-ৰ বিৰুদ্ধে অসমৰ ছাত্ৰ সমাজৰ প্ৰৱল প্ৰতিবাদে সকলো পানী কৰি দিলে!!

মোডী-শ্বাহৰ খং নুঠিব?

এবে ডাঙৰীয়াইও অসন্তুষ্টি প্ৰকাশ কৰিছে! আনফালে আকৌ অসমে বিয়পাই দিয়া জুইকুৰা দেশে দেশে বিয়পি পৰিছে, ‘অসমীয়া’ প্ৰতিবাদকাৰীক মোডীয়ে পাকিস্তানী বুলি কবলগীয়া হৈছে – যিদৰে অসমৰ মানুহক ৰঞ্জিত দাসে ‘হাঁহ-মূৰ্গীৰ বেপাৰী’ বুলি কৈ উপহাস কৰিছে! তাতে আকৌ ইছলামিক দেশবোৰেও – যিবোৰ দেশৰ সৈতে মোডীয়ে বৈদেশিক নীতিৰ নামত গা ঘঁহাই ফুৰে – সেই দেশবোৰেও “কা”-ক ছি: ছি: বুলিবলৈ ‌ধৰিছে, বিষয়টো এতিয়া আন্তৰ্জাতিক হৈ পৰিছে।

        তীব্ৰ অৰ্থনৈতিক সংকটৰ পৰিস্থিতি, নিবনুৱা সমস্যা, বিমুদ্ৰাকৰণৰ ব্যৰ্থতা, স্মাৰ্ট চিটিৰ ব্যৰ্থতা ইত্যাদি ঢাকিবলৈ পলুৱামা, পাকিস্তান, ৩৭০ নং দফা, ৰাম মন্দিৰ আদি সফল হৈছিল যদিও “কা” যে এনেদৰে বুমেৰাং হ’ব – মোডীয়ে কল্পনা কৰা নাছিল, সোণোৱালেও কৰা নাছিল; তাতে ঝাৰখণ্ড হৈ পৰিল ‘গেলাত টেঙা’!

২০১৮ চনৰ ডিচেম্বৰত ৰাজস্থান, মধ্যপ্ৰদেশ, চত্তিশগড়ত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছত ২০১৯ চনৰ মে’ মাহত উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানাতো বিজেপিৰ একেই দশা হৈছিল, অলপতে মহাৰাষ্ট্ৰৰ নিৰ্বাচনতো বিজেপিক ‘হিন্দু’ শিৱসেনাইয়ে লেং মাৰিলে (হাৰিয়ানাত যেনেতেনে মিত্ৰজোঁট চৰকাৰ এখন বিজেপিয়ে কৰিলে)! ছিক্কিম আৰু অৰুণাচল ধৰ্তব্য নহয়।

গতিকে যি ‘anti -incumbency’ ৰ ঢৌত উঠি বিজেপিয়ে ক্ষমতা কৰায়ত্ব কৰিছিল আৰু পাকিস্তানৰ নাম লৈ মানুহক মূল বিষয়ৰ পৰা আতৰাই নিছিল, এতিয়া একে কৌশলে কাম দিয়া নাই, “বুমেৰাং” হৈছে! ৭০% ৰ পৰা ৪০% লৈ হ্ৰাস পাইছে বিজেপিৰ গেৰুৱা ৰং ৰাজ্যসমূহৰ নিৰ্বাচনত। চিন্তাৰ কাৰণ হবই, কাৰণ কেন্দ্ৰীয় চৰকাৰে নহয়, প্ৰকৃততে শাসন কৰে ৰাজ্য চৰকাৰসমূহে; ৰাজ্যৰ চৰকাৰৰ হাতত থাকে পুলিচ, প্ৰশাসন, কৃষি, শিক্ষা, স্বাস্হ্য, পৰিবহন, ইত্যাদি বিভিন্ন বিভাগ।

গতিকে “কা” বিৰোধিতা তথা “সমগ্ৰ ভাৰতত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰোধিতা” কৰা ৰাজ্যসমূহত আৰ-এছ-এছৰ আচনি মোডীয়ে সফল কৰিবলৈ সক্ষম নহব। ইতিমধ্যে মোডীয়ে ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী’ সম্পৰ্কে সুৰ সলোৱাৰ লগে লগেই শ্বাহেও সুৰ সলনি কৰিছে; সেই দুজনাই সুৰ সলোৱাৰ লগে লগে অসমতো সুৰ সলনি হোৱাটো খাটাং। মোদী – শ্বাহৰ খোজবোৰ লাহেকৈ পিচুৱাইছে, অন্ততঃ ‘সমগ্ৰ ভাৰতত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী’ৰ ক্ষেত্ৰত!!

তাৰোপৰি ঝাৰখণ্ডৰ দৰে যদি পশ্চিমবঙ্গ আৰু দিল্লীৰ নিৰ্বাচনতো মুখ থেকেচা খায়, ৰাজ্যসভাৰ একক সংখ্যাগৰিষ্ঠতা বিজেপিৰ বাবে হৈ ৰব সপোন! অভিনন্দন অসমৰ নতুন প্ৰজন্মক, হিয়াভৰা অভিনন্দন।

ৰাজনৈতিক দৃশ্য এতিয়া সলনি হবলৈ আৰম্ভ কৰিছে। এতিয়া পৰিকল্পনা কৰি আগবঢ়া সময়, নতুন প্ৰজন্মৰ নেতাই লেকাম ধৰা সময়, সকলোৱে ঐক্যবদ্ধ হৈ থকাৰ সময় (সেইবাবেই চন্দ্ৰকান্ত সিংহৰ বিষয়ে আৰম্ভণিতেই উল্লেখ কৰিছিলো)। আন্দোলন, ৰাজনৈতিক সংগ্ৰাম, অৰ্থনৈতিক আন্দোলন- এই তিনিওটা ধাৰাৰে অসম আগবাঢ়িব লাগিব,‌আৰু আজি আমি আশাবাদী – যিহেতু অসমক আমাতকৈও অধিক ভাল পায় নতুন প্ৰজন্মই।

CAA2

28-12-2019

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: খিলঞ্জীয়া নাগৰিকপঞ্জীচন্দ্ৰকান্ত সিংহমানৰজা
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d