• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Environment

নাগা ভদ্ৰলোক আৰু ‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ!

নমামি ভৰলু

by Anjan Sarma
November 7, 2023
in Environment, Science, Tech, Tourism
Reading Time: 7 mins read
0
নাগা ভদ্ৰলোক আৰু ‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ!
Share on FacebookShare on TwitterShare on LinkedIn

নাগা ভদ্ৰলোক আৰু ‘নমামি ভৰলু‘ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ!

অঞ্জন শৰ্মা 

Anjan Sarma
অঞ্জন শৰ্মা 

হ’ব পাৰে যুগান্তকাৰী বৈপ্লৱিক চিন্তা, কিন্তু একেবাৰে নাভূত – নাশ্ৰুত কথা! গছত গৰু উঠা কথা!!

ভৰলু নদীৰ সহায়ত অসমৰ সমস্ত ঋণ পৰিশোধ কৰিও হাতত জমা হৈ থাকিব হাজাৰ হাজাৰ কোটি টকা!

সৰুকালতেই শুনিছিলো – 
‘আমৰ গছত জাম লাগিল, তেতেলি গছত বেল।
সৰিয়হ আঞ্জা কৰি, মাহৰ পেৰে তেল।।
আমৰ গছত ডাব নাৰিকল, তামোলৰ গছত বেল।
সাতোটা হাতীয়ে আলচখন পাতিছে, এন্দুৰৰ গাতত মেল।।’
কি যে উদ্ভত আৰু অদ্ভূত চিন্তা! নমামি ভৰলু, কেৱল ভৰলুৰ দ্বাৰাই সম্ভৱ অসমৰ সমস্ত ঋণ পৰিশোধ!

হয়, শ্বিলঙত ৯ আগষ্টত লগ পোৱা নগা ভদ্ৰলোকজনক হঠাৎ পুনৰ লগ পাইছিলো।

তেওঁক গুৱাহাটীৰ জয়ানগৰত হঠাৎ দেখা পাই মই স্বাভাবিকতে উচ্ছসিৎ হৈ পৰিছিলো, কাৰণ শ্বিলঙত আহাৰ গ্ৰহণ কৰি থকা সময়ত তেওঁ মোক যিখিনি চিন্তাৰ খোৰাক যোগান ধৰিছিল – মই তাকেই যুগুতাই ‘মেমচাহাব হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ ‘ শীৰ্ষক এক‌ লেখা মহাবাহুত প্ৰকাশ কৰাৰ পিছত বহুতেই সেই লেখাটো পঢ়ি উপকৃত হোৱা বুলি জনাইছিল।

গতিকে, নগা ভদ্ৰলোকক পাই আনন্দ লাভ কৰা স্বাভাৱিক। মোৰ সৈতে একেলগে বেলতলা বজাৰৰ পৰা জয়ানগৰৰ নিজৰ ঘৰলৈ আহি থকা বন্ধুবৰ খাউন্ডকো আঙুলিয়াই দেখুৱাই দিলো -‘চিনি পাইছে নে খাউন্ড’?

কিন্তু খাউন্ডে যদিও তেওঁৰ সৈতে মোৰ বাৰ্তালাপ মহাবাহুত প্ৰকাশ হোৱাৰ পিছত পঢ়িছিল, তেওঁক চিনি পোৱা নাছিল – যিহেতু শ্বিলঙত খাউন্ডে আহাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁৰ সৈতে বহা নাছিল।

যি কি নহওক, মই তেওঁৰ কাষ চাপি মাত দি কৰমৰ্দন কৰি আনন্দ প্ৰকাশ কৰিলো আৰু খাউন্ডেও। মই সুধিলো, তেওঁ নগালেণ্ডৰ পৰা কেতিয়া আহিছে?

উত্তৰত তেওঁ ক’লে যে তেওঁ ৰাতিপুৱাই আহি পাইছে আৰু জয়ানগৰত ভাড়াঘৰত থাকি ‘ডাউন টাউন বিশ্ববিদ্যালয়’ত পঢ়া-শুনা কৰি থকা ভতিজাকক লগ ধৰিবলৈ আহি বোন্দাপৰ দিবলগীয়া হৈছে – কাৰণ ভতিজাকৰ ক্লাছ শেষ হোৱা নাই, কমেও দুঘন্টা লাগিব। সেইকাৰণে অশান্তি হৈছে আৰু ‘বেকাৰ বিজি’ হৈ ইফাল সিফাল কৰি আছে।

তেওঁৰ কথাখিনি শুনি খাউন্ডৰ নো কি এনে দয়া উপজিল যে হঠাৎ কৈ উঠিল – ‘সৌ বগা বিল্ডিঙটোৰ ফ্লেট এটাত মই থাকো, ব’লক, অলপমান বহিব, অলপ চাহ – পানী খাব।’

নগা ভদ্ৰলোকেও শুনি আনন্দ পালে। তেওঁ ক’লে, আমি তোৰ তাত যাব – ঠিক আছে, কিন্তু চাহ-পানী নাখাব, নগাই চাহ- পানী নাখায়। তই মেগি খুৱালে হৈ যাব, চল্।

“হয়, তেওঁৰ কথাখিনি বা পৰামৰ্শ শুনি বিশেষ কামটো সম্পন্ন কৰিব পাৰিলেই সমগ্ৰ অসমে ঋণৰ পৰা মুক্তি লাভ কৰিব আৰু হাজাৰ হাজাৰ কোটি টকা চৰকাৰৰ ভড়ালত জমা হ’ব। ইয়াৰোপৰি প্ৰতিজন মন্ত্ৰী তথা বিধায়ক – অধ্যক্ষইও ( উপাধ্যক্ষই নোৱাৰিব বুলি নগা ভদ্ৰলোকে কৈ দিছে) চাৰ্টাৰ্ড এৰোপ্লেন বা হেলিকপ্টাৰত বহি ভ্ৰমণ কৰিব পাৰিব। তাৰোপৰি, অসম চৰকাৰে কেইখনমান হেলিকপ্টাৰ কিনিবও পাৰিব। টকাই টকা!”

খাউন্ডৰ ঘৰত আমি তিনিও গমেই নাপালো যে প্ৰায় দুই ঘন্টা সময় কিদৰে পাৰ হৈ গ’ল!

'নমামি ভৰলু' প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

খাউন্ডৰ ঘৰত অসমৰ এখন বাতৰি কাকতত প্ৰকাশ হোৱা এটা ভয়ংকৰ বাতৰি মেগি ভক্ষণ কৰি কৰি পঢ়ি উঠি তেওঁ যিখিনি কথা ক’লে, আ: কি মৌলিক, কি চমৎকাৰ, কি অসাধাৰণ, আৰু একেষাৰে – কি বৈপ্লৱিক! আজিলৈ হয়তো কোনো খাৰখোৱাই তেনে কথা ভবা দূৰৰ কথা – সপোনতো দেখা নাই! 

হয়, তেওঁৰ কথাখিনি বা পৰামৰ্শ শুনি বিশেষ কামটো সম্পন্ন কৰিব পাৰিলেই সমগ্ৰ অসমে ঋণৰ পৰা মুক্তি লাভ কৰিব আৰু হাজাৰ হাজাৰ কোটি টকা চৰকাৰৰ ভড়ালত জমা হ’ব। ইয়াৰোপৰি প্ৰতিজন মন্ত্ৰী তথা বিধায়ক – অধ্যক্ষইও ( উপাধ্যক্ষই নোৱাৰিব বুলি নগা ভদ্ৰলোকে কৈ দিছে) চাৰ্টাৰ্ড এৰোপ্লেন বা হেলিকপ্টাৰত বহি ভ্ৰমণ কৰিব পাৰিব। তাৰোপৰি, অসম চৰকাৰে কেইখনমান হেলিকপ্টাৰ কিনিবও পাৰিব। টকাই টকা!

আৰু এই সকলোবোৰ সম্ভৱ হ’ব ভৰলু নদী ( নলা)ৰ দ্বাৰা! 

কথাখিনি শুনি মোৰ আৰু খাউন্ডৰ বিস্ময়ৰ অন্ত নাই। 

ভাব হ’ল, এনেধৰণৰ বিশিষ্ট ব্যক্তি আজিলৈ ‘অৰ্থনৈতিক উপদেষ্টা’ হিচাপে নিযুক্ত হোৱা নাই কিয়!

“তেওঁ আৰম্ভ কৰিলে, আপোনালোকৰ যে ভৰলু নামৰ নদীটো বা নৰ্দমাটো আছে, সেইটো খাচী পাহাৰৰ পৰা নামি আহি বাহিনী নদী হৈ এটা সোঁত বশিষ্ঠলৈ গৈছে আৰু বাহিনী গৈ গৈ চিৰিয়াখানাৰ ওচৰত ভৰলু নাম লৈ নবীননগৰ, অনিলনগৰ, ভঙাগড়, চেৰাবভাট্টি, ফটাশিল, ভৰলু হৈ ব্ৰহ্মপুত্ৰত পৰিছে। এই যাত্ৰাত ভৰলুই গুৱাহাটীৰ ঘৰুৱা অঞ্চলৰ তৰল আৱৰ্জনা, চেপ্টিক টেংকৰ মছলা, কেঁচা শৌচাগাৰৰ মাল-মছলা, প্লাষ্টিকৰ ঠোঙা, প্লাষ্টিকৰ বটল, গুৱাহাটী ৰিফাইনাৰীৰ উদ্যোগিক পানী, ৩৯ টা নলাৰ পানী, ধাতুৰ টুকুৰা, নাৰ্চিং হোম – চিকিৎসালয়ৰ মাল – মছলা সকলো কঢ়িয়াই কঢ়িয়াই ক’লা হৈ পৰিছে, বিষাক্ত হৈ পৰিছে, আৰু ব্ৰহ্মপুত্ৰৰ দৰে নদীকো বিষাক্ত কৰিছে…!”

'নমামি ভৰলু' প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

সমগ্ৰ বাৰ্তালাপ ( বাৰ্তালাপ ঠিক নহয়, নগা ভদ্ৰলোকৰ উপদেশ)ৰ সাৰাংশ এনেধৰণৰ: 

হঠাৎ খাউন্ডৰ ঘৰত থকা বাতৰিকাকতখনৰ এটা বাতৰি তেওঁ মনোযোগেৰে পঢ়ি সমাপ্ত কৰি উত্তেজিত হৈ পৰিল। বাতৰিটো আছিল – ‘২০২১-২২ বৰ্ষলৈ অসমৰ সৰ্বমুঠ ঋণ ১০১৯৯৬.৯৫ কোটি টকা; আৰু ২০১২-১৩ বৰ্ষৰ পৰা ২০২১-২২ বৰ্ষলৈ অসম চৰকাৰে সুদ পৰিশোধ কৰিছে ৩৪৯৬৮.৫০ কোটি টকা..!’

বাতৰিটো পঢ়ি তেওঁ আমাক অহৰহ গঞ্জনাৰে ধিক্কাৰ দিবলৈ ধৰিলে। তেওঁ ক’লে, তহতৰ মাথাৰ ওপৰত ইমান ধাৰ – কিন্তু ইমান পায়তাৰা! গুৱাহাটীৰ মূল ৰাস্তাত এনে এটা খুটা নাই য’ত ধাৰ কৰি কৰি হলেও ৫ বছৰত চাৰ্টাৰ্ড এৰোপ্লেন আৰু হেলিকপ্টাৰত ১০৭ কোটি খৰছ কৰা মুখ্যমন্ত্ৰীৰ ফটো নাই! আৰে ভায়া, আগতে ধাৰ মাৰা, তাৰপিছত হেলিকপ্টাৰ উৰাই থাকা। ধাৰ মাৰাৰ কত কিমান উপায় আছে, অলপ মাথা মাৰা ভাই!

মই তেওঁক সুধিলো, কেনেধৰণৰ উপায় আছে?

তেওঁ হাঁহিলে আৰু সুধিলে – আপুনি পূব গুৱাহাটীৰ বিধায়কক চিনি পায়?

মোৰ উত্তৰ – নাপাওঁ।

তেওঁ সুধিলে – গুৱাহাটীৰ মেয়ৰক চিনি পায়?

নাপাওঁ।

তেওঁ সুধিলে – গুৱাহাটীৰ এম- পি কুইন বাইদেউক চিনি পায়?

মোৰ উত্তৰ – পাওঁ।

শুনি তেওঁ সন্তুষ্ট হ’ল যেন লাগিল। তেওঁ ক’লে যে তেওঁৰ কথাখিনি কুইন বাইদেউক বুজাই তেওঁৰ দ্বাৰা গুৱাহাটীৰ মন্ত্ৰী সিংহলক বুজাই কেবিনেটত উত্থাপন কৰিব পাৰিলেই অসমৰ সকলো ঋণ খতম। 

তেওঁ আৰম্ভ কৰিলে, আপোনালোকৰ যে ভৰলু নামৰ নদীটো বা নৰ্দমাটো আছে, সেইটো খাচী পাহাৰৰ পৰা নামি আহি বাহিনী নদী হৈ এটা সোঁত বশিষ্ঠলৈ গৈছে আৰু বাহিনী গৈ গৈ চিৰিয়াখানাৰ ওচৰত ভৰলু নাম লৈ নবীননগৰ, অনিলনগৰ, ভঙাগড়, চেৰাবভাট্টি, ফটাশিল, ভৰলু হৈ ব্ৰহ্মপুত্ৰত পৰিছে। … মই ইমান ঠাইৰ নাম কেনেকৈ জানো জানে? মোৰ ভতিজাৰ ভাড়াঘৰ বদলি কৰি কৰি…

…..এই যাত্ৰাত ভৰলুই গুৱাহাটীৰ ঘৰুৱা অঞ্চলৰ তৰল আৱৰ্জনা, চেপ্টিক টেংকৰ মছলা, কেঁচা শৌচাগাৰৰ মাল-মছলা, প্লাষ্টিকৰ ঠোঙা, প্লাষ্টিকৰ বটল, গুৱাহাটী ৰিফাইনাৰীৰ উদ্যোগিক পানী, ৩৯ টা নলাৰ পানী, ধাতুৰ টুকুৰা, নাৰ্চিং হোম – চিকিৎসালয়ৰ মাল – মছলা সকলো কঢ়িয়াই কঢ়িয়াই ক’লা হৈ পৰিছে, বিষাক্ত হৈ পৰিছে, আৰু ব্ৰহ্মপুত্ৰৰ দৰে নদীকো বিষাক্ত কৰিছে…! 

তেওঁৰ কথা শুনি খাউন্ডৰ চকু সেমেকি উঠিল।

'নমামি ভৰলু' প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

“নগা ভদ্ৰলোকে খাউন্ডক বাধা দি কৈ উঠিল, ইমান ইমোশ্যনেল হৈ লাভ নাই বন্ধু। উপায় আছে। গুৱাহাটীত এবাৰ ক্ৰিকেট খেলা হওতে ভৰলুক সেউজীয়া ত্ৰিপাল দি হিমন্ত চৰকাৰে ঢাকি দিয়া নাছিল নেকি? সেইটোও ‘গিনিজ ৰেকৰ্ড’ হ’ব লাগিছিল! কি বুদ্ধি। সেইকাৰণে, এনে বুদ্ধিমান চৰকাৰৰ দিনত অসমে ভৰলুৰ দ্বাৰা সমস্ত ধাৰ পৰিশোধ কৰি নিজৰ ভৰিত থিয় হ’ব পাৰে।”

খাউন্ডে ক’লে – ভৰলু এক ভয়ংকৰ প্ৰদূষিত নদী। সুস্থ নদীৰ কাৰণে জৈৱ ৰাসায়নিক অক্সিজেন চাহিদা ( BOD বা Biochemical Oxygen Demand) হ’ল ৩ মিলিগ্ৰাম প্ৰতি লিটাৰত; কিন্তু ভৰলুত হয়তো ৫২ মিলিগ্ৰামো হৈছে সময়ে সময়ে প্ৰতি লিটাৰত। আমি মানুহেই ধ্বংস কৰিলো ভৰলুক। ভৰলুৰ দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ বেছিভাগ সময়তে শূণ্য হৈ থাকে। ভৰলুৰ পানীত নাইট্ৰেট, ফ্ল’ৰাইডৰ দৰে অজৈৱিক দূষক, পেট্ৰ’কেমিকেল, কীটনাশক, ৰোগ সৃষ্টিকাৰী জীৱাণু, ঘৰুৱা আৱৰ্জনা, আৰ্চেনিক, ক্ৰ’মিয়ামকে ধৰি অজস্ৰ প্ৰদূষক। মাটিৰ তলৰ পানীও ভৰলুই প্ৰদূষিত হৈছে। …

ময়ো হয়ভৰ দি ক’লো- ভৰলুৰ অস্বাস্থ্যকৰ অৱস্থা কেৱল অনান্দনিক নহয়, ই হৈ পৰিছে জনস্বাস্থ্যৰ প্ৰতিও প্ৰৱল ভাবুকি। বাহিনী আৰু ভৰলুই জলাশয়বোৰৰ জৈৱ বৈচিত্ৰ্যতো প্ৰৱল আঘাত হানিছে। গছৰ পাত, কাঠৰ টুকুৰা, মৃত উদ্ভিদ, মৃত জীৱ -জন্তু, পশুৰ গোবৰ, বৰ্জ্য পানী, চহৰৰ পানী, প্লাষ্টিকৰ ঠোঙা – বটল,…কি কি নিক্ষেপ নহয় ভৰলুত?

খাউন্ডে পুনৰ ক’লে – ২০১৫ চনত ফেব্ৰুৱাৰী মাহত ‘জাইকা'( জাপান ইন্টাৰনেছনেল কোপাৰেশ্যন এজেঞ্চী) ই চৰকাৰৰ লগত ১১৭৮ কোটি টকাৰ গুৱাহাটী নলা- নৰ্দমা প্ৰকল্পৰ কামৰ কাৰণে চুক্তি কৰিছিল আৰু ১০০১ কোটি টকা ‘জাইকা’ই দিব বুলি কৈছিল – বাকী ১৭৭ কোটি টকা চৰকাৰে দিয়া প্ৰতিশ্ৰুতি দিছিল। সময় ধৰিছিল ৭ বছৰ। এতিয়া ৭ বছৰ পাৰ হৈ গ’ল, একো উন্নতি নহ’ল ভৰলুৰ। ক’লা পানী ক’লা হৈ থাকিল!..

“… কিন্তু গ্ৰীণ পাৱাৰ হ’ব লাগিব ঘৰবিলাকত, চাইকেল আৰু ই-ৰিক্সা হে চলিব পাৰিব ঢালাই হোৱা ভৰলুত। আৰু ভৰলুৰ পানীত থাইলেণ্ডৰ মাগুৰ এৰি দিলে মাল- মছলা খাই পৰিষ্কাৰ কৰিব পাৰিব। কুমাৰপাৰাত যিহেতু এতিয়া বেছি সংখ্যক ‘কুমাৰ’ নাই, ‘মৰোৱাৰীপাৰা’ হৈ পৰিছে – গতিকে গুৱাহাটী হাইকোৰ্টখন উত্তৰ গুৱাহাটীলৈ নিয়াৰ সময়ত কুমাৰপাৰাখনো উত্তৰ গুৱাহাটীলৈ নি তাত নতুনকৈ এখন কুমাৰপাৰা সৃষ্টি কৰিলে এতিয়াৰ কুমাৰপাৰাত প্ৰকান্ড অমৃত সৰোবৰ এটা খান্দি তাত ঢালাই ভৰলুৰ পানী পৰিষ্কাৰ কৰা প্ৰকল্প এটা কৰাৰ পিছত পানীবোৰ ব্ৰহ্মপুত্ৰত পেলালে হে ‘নমামি ভৰলু’ অলপ হ’লেও সফল হব, এম-পি কুইন বাইদেউক বুজাব লাগিব, তেওঁ বুজি পাব, কেবিনেটত উত্থাপন কৰিব লাগিব….!“

নগা ভদ্ৰলোকে খাউন্ডক বাধা দি কৈ উঠিল, ইমান ইমোশ্যনেল হৈ লাভ নাই বন্ধু। উপায় আছে। গুৱাহাটীত এবাৰ ক্ৰিকেট খেলা হওতে ভৰলুক সেউজীয়া ত্ৰিপাল দি হিমন্ত চৰকাৰে ঢাকি দিয়া নাছিল নেকি? সেইটোও ‘গিনিজ ৰেকৰ্ড’ হ’ব লাগিছিল! কি বুদ্ধি। সেইকাৰণে, এনে বুদ্ধিমান চৰকাৰৰ দিনত অসমে ভৰলুৰ দ্বাৰা সমস্ত ধাৰ পৰিশোধ কৰি নিজৰ ভৰিত থিয় হ’ব পাৰে।

'নমামি ভৰলু' প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

আমি দুয়ো সমস্বৰে সুধিলো: কেনেকৈ?

নগা ভদ্ৰলোকে ঢেকঢেকাই হাঁহিবলৈ ধৰিলে। তেওঁ ক’লে, খাউন্ড চাহাব ,এখন কাগজ আনক আৰু এটা কলম।

এইবাৰ তেওঁ অংক আৰম্ভ কৰিলে : 

নমামি ভৰলু প্ৰকল্প

বাহিনী আৰু ভৰলুই আগুৰি থকা মাটি = ১২০ বৰ্গকিলোমিটাৰ।

১ বৰ্গকিলোমিটাৰ= ১০৭৬৩৯১.৪ বৰ্গফুট

১০৭৬৩৯১.৪ × ১২০ বৰ্গ কিলোমিটাৰ= ১২৯১৬৬৯২০০ বৰ্গফুট

১২৯১৬৬৯২০০ বৰ্গফুট= ৪৪৮৪৯৬ কঠা

[ ইয়াৰে ৮৪৯৬ কঠা মন্ত্ৰী, বিধায়ক, অধ্যক্ষ, (উপাধ্যক্ষই নাপাব) ৰাজনৈতিক দলৰ নেতা, বিষয়া, সাংবাদিক ( ৱেব পৰ্টেলৰ সাংবাদিকে নাপাব), প্ৰাক্তন এম-পি, প্ৰাক্তন এম- এল- এ, সাহিত্য সভাৰ কাৰণে সংৰক্ষিত হৈ থাকিব]

এতিয়া বাকী থাকিল ৪৪০০০০ কঠা।

১ কঠা = ২৫,০০,০০০ টকাকৈ ধৰি বিক্ৰী কৰিলে চৰকাৰে পাব ১১০০০০০০০০০০০ টকা!

অসমৰ মুঠ ধাৰ আছে ১০১৯৯৬৯৫০০০০০ টকা।

( ১১০০০০০০০০০০০ টকাৰ পৰা ১০১৯৯৬৯৫০০০০০ টকা বিয়োগ কৰিলে হাতত থাকিব ৮০০৩০৫০০০০০ টকা)

অৰ্থাৎ, অসম চৰকাৰৰ হাতত সকলো ধাৰ মাৰি জমা হ’ব ৮০০৩০৫০০০০০ টকা।

এতিয়া আহো কংক্ৰিত ঢালাই:

১০০০ বৰ্গফুট ঢালাইৰ খৰছ হ’ল আনুমানিক ১.৫ লাখ টকা।

৪৪০০০০ কঠা = ১২৬৭২০০০০০ বৰ্গফুট।

১২৬৭২০০০০০ বৰ্গফুট × ১৫০০০০ = ১৯০০৮০০০০০০০ টকা ।

আগৰ জমা ৮০০৩০৫০০০০০ টকাৰ লগত ৮০০৩০৫০০০০০ টকা যোগ হ’ব। এই সম্পূৰ্ণ টকা বেংকত থৈ তাৰে সুতৰ টকাৰে ধীৰে ধীৰে ঢালাই হৈ থাকিব।

ইয়াৰ পিছত: 

৪৪০০০০ কঠা = ১.৫ কঠাৰ ২৯৩৩৩৩ টা প্লট হ’ব। ভাল আৰ্কিটেক্টৰ দ্বাৰা ডেৰকঠাত দুটা ঘৰ ( এয়াৰপোৰ্টৰ কাষৰ ‘লাৰিকা গ্ৰীণ’ৰ দৰে) হ’লে ৫৮৬৬৬৬ টা ঘৰ হ’ব। হিমন্ত চৰকাৰৰ মতে এটা পৰিয়ালত দুটা সন্তান থাকিলে মুঠ ৪ টাকৈ ২৩৪৬৬৬৪ জন মানুহ থাকিব পাৰিব।

৫৮৬৬৬৬ টা ঘৰৰ বাবদ বছৰি ৫০০০ টকাৰ খাজনা ১০ বছৰৰ কাৰণে একেলগে ল’লে চৰকাৰে পাব –

৫৮৬৬৬৬ × ৫০০০ × ১০ = ২৯৩৩ কোটি টকা।

এই টকাও আগৰ জমাৰ লগত জমা হ’ব।

টকাই টকা। জি-এছ-টি মাফ কৰিব পাৰিব, গৃহহীনৰ সমস্যা সমাধান হ’ব, কেঁচা শৌচাগাৰৰ মাল-মছলাৰ সমস্যা সমাধান হ’ব, প্লাষ্টিকৰ ঠোঙা -বটলৰ সমস্যা সমাধান হ’ব, অসমৰ সকলো ঋণ পৰিশোধ হ’ব, অসম চৰকাৰে আৰু বিধান সভাই হেলিকপ্টাৰ কিনিব পাৰিব। আকাশতো‌ কেবিনেট মিটিং সম্ভৱ হ’ব ( গিনিজ ৰেকৰ্ড হ’ব)!

টকাই টকা! ভৰলুৰ দান, বাহিনীৰ দান। তাৰপিছত কলং নদী – নগাঁও টাউনত, যোৰহাটত ভোগদৈ, শিৱসাগৰত দিখৌ….

নগা ভদ্ৰলোকৰ অংকৰে কাগজখন ভৰি পৰিল। আমি হতবুদ্ধি হ’লো। একো বুজা নাই। 

'নমামি ভৰলু' প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!
Photo by Pixabay on Pexels.com

নগা ভদ্ৰলোকে আমাক সহজ সৰলকৈ বুজাই দিলে: ভৰলু নদীক সেউজীয়া ত্ৰিপালেৰে ঢাকি দিয়াৰ দৰে যদি বাহিনী আৰু ভৰলুক ওখকৈ কংক্ৰিত ঢালাই কৰি দিয়া হয় আৰু কঠা হিচাপে মানুহক বিক্ৰী কৰা হয়, খাজনা লোৱা হয়, ঢালাইৰ খৰছ লোৱা হয়, যদি ডেৰকঠাৰ প্লটত দুটাকৈ একেধৰণৰ ঘৰ সাজি মানুহক থাকিবলৈ দিয়া হয়, এটা চাইকেলৰ ট্ৰেক ছয়মাইলৰ পৰা ভৰলুলৈ কৰা হয় – ঘৰবোৰৰ সন্মুখৰ পথেৰে, খোজকঢ়া ট্ৰেক কৰা হয়- অসমৰ সকলো ঋণ খতম, টকাই টকা, গৃহহীনৰ সমস্যা খতম, টুৰিষ্টৰ আকৰ্ষণ হ’ব, মাজে মাজে ফুচকা- মমোৰ দোকান হ’ব , পাৰ্ক হ’ব, প্লাষ্টিকৰ ঠোঙা নিষিদ্ধ কৰিব লাগিব, গিণিজ ৰেকৰ্ড হ’ব, দুৰ্গন্ধ খতম হৈ যাব, চবে ঘৰৰ আগত ১০ টাকৈ ফুলৰ টাব ৰাখি থব, ভেলেন্টাইন ডে’ৰ দিনা ৰঙা গোলাপ ৰাখিব…..ঘৰবিলাকৰ ডিজাইন একৰকমৰ হ’ব লাগিব – ইউৰোপিয়ান কাউন্ট্ৰিত সিংহল, কুইন বাইদেউৰ লিডাৰশ্বিপত সজাতিদল গৈ কিনে ঘৰৰ ডিজাইন চাই আহিব পাৰিব ( উপাধ্যক্ষই যাব নোৱাৰিব)..ঘৰৰ ৰঙ পেইন্টিং বীৰেন সিংহ, ভৰলুমখৰ শিল্পী হিচাপে ধনঞ্জয় শৰ্মাক দায়িত্ব দিব লাগিব…..

… কিন্তু গ্ৰীণ পাৱাৰ হ’ব লাগিব ঘৰবিলাকত, চাইকেল আৰু ই-ৰিক্সা হে চলিব পাৰিব ঢালাই হোৱা ভৰলুত। আৰু ভৰলুৰ পানীত থাইলেণ্ডৰ মাগুৰ এৰি দিলে মাল- মছলা খাই পৰিষ্কাৰ কৰিব পাৰিব। কুমাৰপাৰাত যিহেতু এতিয়া বেছি সংখ্যক ‘কুমাৰ’ নাই, ‘মৰোৱাৰীপাৰা’ হৈ পৰিছে – গতিকে গুৱাহাটী হাইকোৰ্টখন উত্তৰ গুৱাহাটীলৈ নিয়াৰ সময়ত কুমাৰপাৰাখনো উত্তৰ গুৱাহাটীলৈ নি তাত নতুনকৈ এখন কুমাৰপাৰা সৃষ্টি কৰিলে এতিয়াৰ কুমাৰপাৰাত প্ৰকান্ড অমৃত সৰোবৰ এটা খান্দি তাত ঢালাই ভৰলুৰ পানী পৰিষ্কাৰ কৰা প্ৰকল্প এটা কৰাৰ পিছত পানীবোৰ ব্ৰহ্মপুত্ৰত পেলালে হে ‘নমামি ভৰলু’ অলপ হ’লেও সফল হব, এম-পি কুইন বাইদেউক বুজাব লাগিব, তেওঁ বুজি পাব, কেবিনেটত উত্থাপন কৰিব লাগিব….! তাৰপিছত ভৰলুমুখত ব্ৰহ্মপুত্ৰৰ লগত পৰিষ্কাৰ পানী য’ত মিহলি হ’ব – তাতে ‘অলা ৱাটাৰ টেক্সি’ থাকিব- এয়াৰপোৰ্টৰ ফালে যাব আৰু পানিখাইতিৰ ফালেও যাব …..

নগা ভদ্ৰলোকৰ সকলো কথা শেষ নহ’ল। তেওঁৰ ফোনটো বাজি উঠিল। ভতিজাকৰ ফোন, আহি পাইছে।

তেওঁ হুৰমূৰকৈ গুচি গ’ল। খাউন্ড আৰু মই মুখ মেলি বহি থাকিলো! পিছত হে ভাবিলো, তেওঁৰ ফোন নম্বৰটোও ৰখা নহ’ল!!

'নমামি ভৰলু' প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis
Climate Change

Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

by PAHARI BARUAH
September 13, 2026
0

Artificial Intelligence's Growing Water Footprint Amid a Global Water Crisis PAHARI BARUAH The explosive growth of artificial intelligence (AI) in...

Read moreDetails
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

September 11, 2026
Is Fast Fashion Fueling the Global Plastic Pollution Crisis?

Is Fast Fashion Fueling the Global Plastic Pollution Crisis?

September 10, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

September 10, 2026
Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

Transcend Ethnic Barriers, Build Social Bridges

August 29, 2026
এয়াই অসম…প্ৰতিটো বনৰ পাত..জাংফাই মিনা কৰা..!

Kaziranga at a Crossroads: Threats and the Fight to Preserve It

August 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d