নাগালেণ্ডৰ ঐতিহাসিক হৰ্ণবিল উৎসৱ আৰু পৰ্যটন
গৌতম শৰ্মা
সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১,৪৪৪ মিটাৰ উচ্চতাত অৱস্থিত অন্তহীন সেউজীয়া পাহাৰৰ নৈসৰ্গিকতাই সুশোভিত উত্তৰ-পূৰ্বাঞ্চলৰ এখন অতি উল্লেখযোগ্য চহৰ হৈছে ক’হিমা।
নাগালেণ্ডৰ দক্ষিণ কোণত অৱস্থিত ৰাজ্যখনৰ ৰাজধানী চহৰ হিচাপে খ্যাত ক’হিমা হৈছে উত্তৰ-পূব ভাৰতৰ এখন অতি গুৰুত্বপূৰ্ণ পাৰ্বত্য পৰ্যটন কেন্দ্ৰ।
ঐতিহাসিক, সাংস্কৃতিক, প্ৰাকৃতিক এই প্ৰত্যেকটো দিশৰ পৰাই চহকী ক’হিমা চহৰখনক আজি ‘হৰ্ণবিল’ নামৰ পৰ্যটন উৎসৱটোৱে বিশ্ববিদিত ৰূপত সুপ্ৰতিষ্ঠা কৰিছে।
মূলতঃ হৰ্ণবিল বা ধনেশ পক্ষী নামৰ এবিধ আপুৰুগীয়া চৰাইৰ নামেৰে নামকৰণ কৰা এই হৰ্ণবিল উৎসৱটিক প্ৰতিবছৰে বিভিন্ন কাৰ্যসূচীয়ে উদযাপন কৰি অহা হৈ আহিছে।
নাগালেণ্ড চৰকাৰ, চৰকাৰী-বেচৰকাৰী সকলো সংগঠন, স্থানীয় ৰাইজ তথা নাগালেণ্ডবাসীৰ বলিষ্ঠ সহযোগিতাত ২০০০ চনৰ ডিচেম্বৰ মাহৰ ১ তাৰিখৰ পৰা হৰ্ণবিল উৎসৱ অনুষ্ঠিত হোৱা বিশেষ ঠাইখন নাগালেণ্ডৰ ৰাজধানী ক’হিমাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত; আৰু এই বিশেষ ঠাইখনক কিছামা নগা গাঁও হিচাপে জনা যায়।
নাগালেণ্ডবাসীয়ে প্ৰত্যেক বছৰে এই হৰ্ণবিল উৎসৱ উদযাপন কৰাৰ মূল উদ্দেশ্যটো নাগালেণ্ড ৰাজ্যখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত হোৱাৰ লগত বিশেষভাৱে জড়িত। উল্লেখযোগ্য যে, ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতবৰ্ষৰ ষষ্ঠদশ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যদা পাইছিল। যি গৌৰৱময় স্বীকৃতিক সোঁৱৰণ কৰি নাগালেণ্ডবাসীয়ে প্ৰায় ৩৭ বছৰ অন্ততঃ অৰ্থাৎ ২০০০ চনত ৰাজ্যখন গঠনৰ বাৰ্ষিকী হিচাপে এই উৎসৱটো পালন কৰিবলৈ লয়।
এইখিনিতে আৰু এটা কথা উল্লেখ কৰাটো ভাল হ’ব যে, যদিও সেই উদ্দেশ্যেই পোনপ্ৰথমে হৰ্ণবিল উৎসৱটো উলহ-মালহেৰে উদযাপন কৰিবলৈ লৈছিল কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত এই উৎসৱটোৱে সমগ্ৰ ৰাজ্যখনলৈ এক অনাকাংক্ষিত আশাৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। যিটো উৎসৱক কেন্দ্ৰ কৰি আজি নাগালেণ্ডক সমগ্ৰ বিশ্বই জানিবলৈ সক্ষম হৈছে।
“উৎসৱৰ সময়ত ইয়াৰ সৈতে সংলগ্ন ৰাখি অনুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, পুষ্পসজ্জা, পৰম্পৰাগত নৃত্য-গীত প্ৰদৰ্শন, সৌন্দৰ্য প্ৰতিযোগিতা, ফেশ্বন শ্ব’, পৰম্পৰাগত ধনুৰ্বিদ্যা, চিত্ৰশিল্প, কাঠৰ শিল্প, অন্যান্য ভাষ্কৰ্য, বিভিন্ন পৰম্পৰাগত সজূঁলি, বনৌষধ, ফুল আদিৰ প্ৰদৰ্শনী, সংগীতানুষ্ঠান, বিভিন্ন পৰম্পৰাগত আকৰ্ষণীয় খেল যেনে- ভোট জলকীয়া খোৱা প্ৰতিযোগিতা, গাহৰি মঙহ খোৱা প্ৰতিযোগিতা, কঁয়াক সকলৰ জুই ভক্ষণ কৰা প্ৰতিযোগিতা, বিভিন্ন সাহিত্য প্ৰতিযোগিতা আৰু সাহিত্যালোচনা, হৰ্ণবিল ক’ৰেল পেন’ৰমা, হৰ্ণবিল গ্ল’বেল চলচিত্ৰ মহোৎসৱ, উত্তৰ পূৰ্বীয় ঢোলৰ সমূহীয়া বাদন, নগা জলকীয়া খোৱা প্ৰতিযোগিতা, হৰ্ণবিল জাতীয় পাহাৰ বগোৱা প্ৰতিযোগিতা, হৰ্ণবিল আন্তঃৰাষ্ট্ৰীয় মটৰ ৰেলী আৰু WW-II ভিন্টেজ কাৰ ৰেলী, তেল ঘঁহি পিছল কৰি থোৱা বাঁহত উঠা প্ৰতিযোগিতা ইত্যাদি নানান বিচিত্রানুষ্ঠানবোৰে ইয়াত উপস্থিত হোৱা লোকসকলক সদায় মোহিত কৰি আহিছে।”
হৰ্ণবিল উৎসৱৰ দিন চমু চাপি আহিলেই নানান দেশী-বিদেশী পৰ্যটকসকলে উত্তৰ-পূব তথা নাগালেণ্ড ভিৰ কৰেহি। যাৰ পৰিপ্ৰেক্ষিতত আজি নাগালেণ্ড ৰাজ্যখনৰ লগতে গোটেই উত্তৰ-পূৰ্বাঞ্চলতে পৰ্যটন উদ্যোগটো নকৈ ঠন ধৰি উঠিছে।
হৰ্ণবিল পৰ্যটন উৎসৱৰ প্ৰধান উদ্দেশ্যই হৈছে জাতীয় সংহতি স্থাপন। জাতি, ধৰ্ম, বৰ্ণ, ভাষাগত বৈশিষ্ট্যৰ ঊৰ্ধত নাগালেণ্ডবাসীয়ে এই উৎসৱটোৰ যোগেদি সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাক বিশ্ববাসীলৈ দিছে। প্ৰসংগক্ৰমে উল্লেখ কৰিলে ভাল হ’ব যে নাগালেণ্ড ৰাজ্যখন ১৬ টা প্ৰধান জাতি-জনগোষ্ঠীৰ লগতে অন্যান্য বহুখিনি উপ জাতি-জনগোষ্ঠীয় লোকসকলৰ বসবাসৰ থলী।
হৰ্ণবিল উৎসৱত ইয়াৰ প্ৰত্যেকটোৰ লোকেই সক্ৰিয় অংশগ্ৰহণৰ পূৰ্ণ সুযোগ-সুবিধাসমূহ পায়। য’ত তেওঁলোকে তেওঁলোকৰ কলা, কৃষ্টি, ৰীতি-নীতি তথা সংস্কৃতিৰ বিভিন্ন উপাদানবোৰ মুক্তভাৱে প্ৰদৰ্শন কৰে। এই বিৰল দৃষ্টান্তই নাগালেণ্ডবাসীৰ মনত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰাতো সহায় কৰি আহিছে; যিটো উদাহৰণক অনুপ্ৰেৰণা হিচাপে লৈ আমিও আগবাঢ়িব পাৰোঁ।
আকৌ হৰ্ণবিল উৎসৱথলীৰ প্ৰধান বিশেষত্ব হৈছে থলুৱা সংস্কৃতি প্ৰদৰ্শন আৰু বাৰেৰহনীয়া সাংস্কৃতিক বিনিময়। উৎসৱৰ সৈতে সংলগ্ন ৰাখি উৎসৱ কালত বহা বিভিন্ন মেলাসমূহত নানা ধৰণৰ ঘৰুৱা উৎপাদিত তথা থলুৱা সামগ্ৰীসমূহৰ প্ৰদৰ্শনৰ যোগেদি সেইসমূহ ক্ৰয়-বিক্ৰয় হয়। তাত হস্তনিৰ্মিত নানাৰঙী বস্ত্ৰ, গহনা, থলুৱাভাৱে নিৰ্মিত দা, কটাৰী, কোৰ, মাটিৰ বাচন-বৰ্তনৰ লগতে বিভিন্ন পাহাৰীয়া সুস্বাদো থলুৱা খাদ্য সম্ভাৰৰো বাণিজ্য মেলা হয়।
যিসমূহক হৰ্ণবিল উৎসৱথলীত সমবেত স্থানীয়, দেশী আৰু বিদেশী পৰ্যটকসকলে ব্যাপক মাত্ৰাত ক্ৰয় কৰে। এইক্ষেত্ৰত সামগ্ৰীসমূহৰ আকাশলংঘী দামেও এইসমূহ ক্ৰয় কৰাত পৰ্যটকসকলক অলপো বাধা প্ৰদান নকৰে; ইয়াৰ মূলতে এইসমূহ সামগ্ৰী নিৰ্মাণৰ নিখুঁটতাই মূল কাৰণ।
তদুপৰি, উৎসৱৰ সময়ত ইয়াৰ সৈতে সংলগ্ন ৰাখি অনুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, পুষ্পসজ্জা, পৰম্পৰাগত নৃত্য-গীত প্ৰদৰ্শন, সৌন্দৰ্য প্ৰতিযোগিতা, ফেশ্বন শ্ব’, পৰম্পৰাগত ধনুৰ্বিদ্যা, চিত্ৰশিল্প, কাঠৰ শিল্প, অন্যান্য ভাষ্কৰ্য, বিভিন্ন পৰম্পৰাগত সজূঁলি, বনৌষধ, ফুল আদিৰ প্ৰদৰ্শনী, সংগীতানুষ্ঠান, বিভিন্ন পৰম্পৰাগত আকৰ্ষণীয় খেল।
যেনে- ভোট জলকীয়া খোৱা প্ৰতিযোগিতা, গাহৰি মঙহ খোৱা প্ৰতিযোগিতা, কঁয়াক সকলৰ জুই ভক্ষণ কৰা প্ৰতিযোগিতা, বিভিন্ন সাহিত্য প্ৰতিযোগিতা আৰু সাহিত্যালোচনা, হৰ্ণবিল ক’ৰেল পেন’ৰমা, হৰ্ণবিল গ্ল’বেল চলচিত্ৰ মহোৎসৱ, উত্তৰ পূৰ্বীয় ঢোলৰ সমূহীয়া বাদন, নগা জলকীয়া খোৱা প্ৰতিযোগিতা, হৰ্ণবিল জাতীয় পাহাৰ বগোৱা প্ৰতিযোগিতা, হৰ্ণবিল আন্তঃৰাষ্ট্ৰীয় মটৰ ৰেলী আৰু WW-II ভিন্টেজ কাৰ ৰেলী, তেল ঘঁহি পিছল কৰি থোৱা বাঁহত উঠা প্ৰতিযোগিতা ইত্যাদি নানান বিচিত্রানুষ্ঠানবোৰে ইয়াত উপস্থিত হোৱা লোকসকলক সদায় মোহিত কৰি আহিছে।
সম্প্ৰতি পৰিৱৰ্তনৰ বতাহজাকে হৰ্ণবিল উৎসৱলৈও কেতবোৰ নতুনত্ব আনিছে। উদাহৰণস্বৰূপে, পোনপ্ৰথমে থলুৱা উৎপাদিত সামগ্ৰীয়ে মেলাসমূহ ভৰি থাকিলেও আজি নাগালেণ্ডৰ লগতে অন্যান্য আমদানিকৃত সামগ্ৰীসমূহেও ভৰি পৰিছে এইসমূহ।
আকৌ পৰ্যটকসকলক আকৰ্ষণৰ লগতে বাণিজ্যিক দিশটোকো সুস্থৰূপত বৰ্তাই ৰাখিবলৈ শেহতীয়াকৈ উৎসৱ উদযাপনকাৰীসকলে আধুনিকতা আৰু জাকজমকতাকো অলপ বেছিকৈ গুৰুত্ব দিব লগাত পৰিছে।
অৱশ্যে যি নহ’লেও সঠিক সময়ত, সঠিক ৰূপত নাগালেণ্ডবাসীয়ে নিজস্বতাখিনি প্ৰদৰ্শনত কেতিয়াও, ক’তো যেন আজিকোপতি আপোচ কৰা নাই।
সমন্বয়ৰ উৎসৱ হৰ্ণবিল উৎসৱথলীলৈ পৰ্যটকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱালৈ লক্ষ্য কৰি আৰু সাতদিনীয়া উৎসৱটিক শেহতীয়াকৈ দহদিনীয়া কৰিবলৈ বাধ্য হোৱা আদি দিশসমূহলৈ চাই সাম্প্ৰতিক সময়ত এই হৰ্ণবিল উৎসৱটোৰ গুৰুত্ব আৰু প্ৰভাৱ যে সকলোতে সুদূৰপ্ৰসাৰী ৰূপত পৰিছে সেই সত্যক আজি আমি অকপটে স্বীকাৰ কৰিবলৈও বাধ্য হৈছোঁ।
যি নহওক, আমি আশা কৰিছোঁ নাগালেণ্ডবাসীৰ প্ৰাণৰ হৰ্ণবিল উৎসৱে সম্ভাৱনাৰ আৰু ন-ন দুৱাৰসমূহ উন্মোচন কৰি গৈ থাকিব।
(লেখক হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০-০০২০০)
Images collected from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)