-দিলীপ দৈমাৰী |
‘এন-এছ-চি-এন'( নেশ্যনেল চোছিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড)ৰ মুইভা গোটে ২২ বছৰীয়া শান্তি চুক্তি ভঙ্গ কৰিবলৈ আগ্ৰহী হৈছে। এন-এছ-চি-এন’-ৰ এই গোটৰ সাধাৰণ সম্পাদক থুইঙ্গালেঙ মুইভাই যোৱা ফেব্ৰুৱাৰী মাহতেই তেওঁলোকৰ এনে ইচ্ছা সদৰি কৰি প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছিল। যোৱা ৭ মাহে প্ৰধানমন্ত্ৰীৰ কোনো সহাৰি লাভ নকৰি এইবাৰ সেই ৮ পৃষ্ঠাৰ চিঠিখন মুইভাই প্ৰকাশ কৰি দিলে। প্ৰধানমন্ত্ৰীক লেখা সেই চিঠিত এন-এছ-চি-এন-ৰ পক্ষৰ পৰা কোৱা হৈছে যে তেওঁলোকৰ বৰ্তমান অৱস্থান ভাৰতত হোৱা হেতুকে যদি অনাকাঙ্খিত পৰিস্থিতিৰ উদ্ভৱ হৈছে, তেনে ক্ষেত্ৰত কোনো তৃতীয় দেশত আলোচনা চলোৱাৰ ব্যৱস্থা কৰা হওক। এন-এছ-চি-এন-ৰ মুইভা গোষ্ঠীৰ পক্ষৰ পৰা যোৱা ১৫ ফেব্ৰুৱাৰী তাৰিখেই চিঠিখন প্ৰেৰণ কৰা হৈছিল বুলি যোৱা সোমবাৰে (৫ অক্টোবৰ, ২০২০) এক বিবৃতিৰে জনোৱা হয়। বিবৃতিটোত কোৱা হৈছে যে ‘আমি যোৱা ৭ মাহ ধৰি প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা ইতিবাচক সঁহাৰি প্ৰত্যাশা কৰি আছিলো। এইবাৰ বাধ্য হৈ সাধাৰণ মানুহৰ জ্ঞাতাৰ্থে চিঠিখনৰ বক্তব্য সংবাদ মাধ্যমত ডাঙি ধৰিলো। এন-এছ-চি-এন নাগা জনসাধাৰণৰ ওচৰত দায়বদ্ধ। ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ জনসাধাৰণৰ প্ৰতি কিমান দায়িত্বহীন সেই কথা জনাবলৈ চিঠিখন প্ৰকাশ কৰা হ’ল।’
সেই সুদীৰ্ঘ ৮ পৃষ্ঠাৰ চিঠিখনত মুইভাই কৈছে যে ‘আৰম্ভণিৰে পৰাই আমি জনাই আহিছিলো যে যিহেতু ২২ বছৰ ধৰি ভাৰত চৰকাৰ আৰু এন-এছ-চি-এন-ৰ মাজৰ আলোচনা নাগা পতাকা আৰু সংবিধানৰ বিষয়টোৰ ক্ষেত্ৰত মাৰাত্মক অচলাৱস্থা সৃষ্টি হৈছে, গতিকে সেই দুয়োটা বিষয়ত আপুনি মাত মাতক।’ মুইভাই কৈছে যে ভাৰত চৰকাৰে যদি নাগা ইছুটোক এক ৰাজনৈতিক সমস্যা হিচাপে মান্যতা দিয়ে আৰু বিষয়টো ‘আভ্যন্তৰীণ আইন-শৃঙ্খলাৰ বিষয়’ বুলি কোৱা বন্ধ কৰে, তেতিয়াহে এন-এছ-চি-এন-এ ভাৰত চৰকাৰৰ লগত ৰাজনৈতিক আলোচনা চলাই যোৱাৰ পক্ষপাতী। তেওঁ পুনৰ কয় যে আমি আমাৰ প্ৰস্তাৱত সদৰি কৰিছো যে নাগালেন্ডে নিজৰ জাতীয় পতাকা ব্যৱহাৰ কৰিব, নিজৰ জাতীয় সঙ্গীত থাকিব, নিজস্ব প্ৰতীক তথা নিজস্ব পৰিচয় চিহ্ন ব্যৱহাৰ কৰিব। ইয়াৰোপৰি আমি অইন এক প্ৰস্তাৱত কৈছো যে এই চুক্তিয়ে এখন সংবিধান তৈয়াৰ কৰিব, যাক কোৱা হ’ব-‘ইয়েহযাবো’, আৰু ই সমগ্ৰ নাগাভূমিত প্ৰযোজ্য হ’ব।
এন-এছ-চি-এন-ৰ সাধাৰণ সম্পাদক থুইঙ্গালেঙ মুইভাই কৈছে যে,’ আমি আজি গভীৰ উদ্বেগেৰে অইন এটা বিষয় আপোনালোকক ডাঙি ধৰিবলৈ ওলাইছো, আৰু সেয়া হ’ল ভাৰতৰ গৃহমন্ত্ৰালয়, এন-আই-এ, তথা আসাম ৰাইফলচ্ আদি এজেন্সীৰ ক্ৰিয়াকলাপ। আপোনালোক সকলোৱে জানে যে ২২ বছৰ আগতেই শীৰ্ষস্তৰত ৰাজনৈতিক আলোচনা আৰম্ভ হৈছিল, প্ৰধানমন্ত্ৰীৰ পৰ্যায়থ, কোনোধৰণৰ পূৰ্বচৰ্ত অবিহনে আৰু ভাৰতৰ বাহিৰত কোনো তৃতীয় দেশত। আমি ভাৰত চৰকাৰৰ আমন্ত্ৰণক্ৰমে হে ভাৰতলৈ আহিছো। আমি মৰ্মাহত আৰু বিস্মিত যে ৰাজনৈতিক আলোচনা আৰম্ভ হোৱাৰ দুই দশক পাৰ হোৱা সত্ত্বেও ভাৰতৰ গৃহমন্ত্ৰালয় আৰু সেই মন্ত্ৰালয়ৰ এজেন্সীবোৰৰ আচৰণ আপত্তিজনক হৈ উঠিছে। এন-এছ-চি-এন-ৰ হৈ যিসকল আলোচনাত অংশগ্ৰহণ কৰিছে, তেওঁলোকক ‘সন্ত্ৰাসবাদী’ হিচাপে চিহ্নিত কৰা হৈছে। আলোচনাৰ পৰ্যায়টোক ভাৰতে আইন-শৃঙ্খলাৰ ইছুলৈ পৰ্যবসিত কৰিবলৈ চলোৱা কাৰ্য এক সুপৰিকল্পিত নীতি। উপৰ্যুপৰি সামৰিক অভিযান চলোৱাৰ লগতে ৰাষ্ট্ৰীয় সন্ত্ৰাস নাগাভূমিত চলোৱা হৈছে। নাগা জনগোষ্ঠীসকলৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে, এন-এছ-চি-এন-ৰ কেডাৰবোৰৰ বিৰুদ্ধে সন্ত্ৰাসী তহবিল সংগ্ৰহৰ অভিযোগ অনা হৈছে, তালাচী চকী বহুওৱা হৈছে, নিয়মিতভাৱে যুদ্ধবিমান- টেংক আদি ব্যৱহাৰ কৰা হৈছে।
এন-এছ-চি-এন-ৰ মুইভাই কয় যে ‘ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন প্ৰতিনিধিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্ত কৰাৰ পিছত তেওঁৰ আৰু তেওঁলোকৰ তৎপৰতা বিশাল উদ্বেগৰ কাৰণ হৈ পৰিছে। কাৰণ ৰাজ্যপালে সমগ্ৰ বিষয়টোক ভাৰতৰ সংবিধানৰ আইন-শৃঙ্খলাৰ গন্ডীৰ পৰা বিবেচনা কৰিছে। তেওঁক ৰাজ্যপাল হিচাপে নিযুক্ত কৰাৰ কাৰণ হৈছে ইন্দো-নাগা শান্তি আলোচনাক ইচ্ছাকৃতভাৱে খৰ্ব কৰাৰ উদ্দেশ্যে সন্মুখত লৈ। ভাৰতৰ চৰকাৰৰ এইজন প্ৰতিনিধিৰ ক্ৰিয়াকৰ্মই এক সন্মানজনক ৰাজনৈতিক সমাধানৰ উদ্দেশ্যে নাগা সমাজক ঐক্যৱদ্ধ কৰাৰ সলনি নাগা সমাজক লৈ বিভিন্ন সমীকৰণ কৰা আৰম্ভ কৰিছে। তেওঁ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে আলোচনা প্ৰক্ৰিয়াৰ প্ৰধান লোকসকলক বাদ দি কথা-বতৰা পাতি আছে আৰু নাগা সমাজৰ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে চুক্তিখনক লৈ দৰ-দাম আৰম্ভ কৰিছে। গৃহমন্ত্ৰালয়ৰ সাম্প্ৰতিক যি ‘এপিচোড’, সেইমৰ্মে ডিমাপুৰত আমাৰ উপস্থিতিৰ কাৰণ বিচাৰি নাগালেণ্ড চৰকাৰক প্ৰশ্ন উত্থাপন কৰা হৈছে। আমি নাগালেন্ডত আছো আমাৰ নিজৰ নাগা মানুহৰ সৈতে সাক্ষাৎ কৰাৰ বাবে আৰু এক কথাত শান্তি প্ৰক্ৰিয়াৰ বাবে। …ভাৰতত আমাৰ উপস্থিতি যদি কাঙ্খিত নহয়, তেনেহলে ভাৰতৰ বাহিৰলৈ আমাক যাবলৈ প্ৰয়োজনীয় ব্যৱস্থা কৰি দিয়া হওক আৰু কোনো তৃতীয় দেশত শান্তি আলোচনা চলোৱা হওক।’ এইখিনিতে উল্লেখযোগ্য যে এন-এছ-চি-এন আৰু ভাৰত চৰকাৰৰ মাজত হৈ থকা শান্তি আলোচনাত ভাৰত চৰকাৰে নিযুক্তি দিয়া মধ্যস্থতাকাৰী আৰ-এন ৰবিক তথা নাগালেণ্ডৰ ৰাজ্যপাল হিচাপেও নিযুক্ত কৰা তেওঁক সলনি কৰাৰ দাবী উত্থাপন কৰাৰ পিছৰে পৰাই শান্তি আলোচনাৰ স্বাভাৱিক পৰ্যায়ত অচলাৱস্থাই দেখা দিয়ে। এনে পটভূমিত মুইভাৰ এনে বক্তব্য ঐতিহাসিক ভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। উল্লেখযোগ্য যে ১৯৯৫ চনত পেৰিছত শান্তি আলোচনাত এন-এছ-চি-এন-ৰ সৈতে সেইসময়ৰ প্ৰধানমন্ত্ৰী পি-ভি নৰসিংহ ৰাও-ৱে অংশগ্ৰহণ কৰিছিল, ১৯৯৭ চনত জুৰিখ (জেনেভা)ত সেইসময়ৰ প্ৰধানমন্ত্ৰী দেবেগৌড়াই অংশগ্ৰহণ কৰিছিল, ১৯৯৮ চনত পেৰিছত আৰু ২০০১ চনত ওচাকাত সেইসময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এন-এছ-চি-এন-ৰ সৈতে আলোচনা কৰিছিল আৰু ২০১০ চনত সেইসময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে নতুন দিল্লীত অনুষ্ঠিত হোৱা আলোচনাত অংশগ্ৰহণ কৰিছিল।