• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

নাগা ভদ্ৰলোক, খাউণ্ড, গুৱাহাটীৰ ট্ৰেফিক জ্যাম, বিকশিত অসম, আৰু গুগুল!

ASSAMESE SECTION

by Anjan Sarma
September 7, 2025
in ASSAMESE SECTION
Reading Time: 6 mins read
0
Management of vehicular traffic in Guwahati – scope for some environment friendly measures
Share on FacebookShare on TwitterShare on LinkedIn

নাগা ভদ্ৰলোক, খাউণ্ড, গুৱাহাটীৰ ট্ৰেফিক জ্যাম, বিকশিত অসম, আৰু গুগুল!

অঞ্জন শৰ্মা 

Anjan Sarma Picture
অঞ্জন শৰ্মা 

অইনদিনা তেওঁ হঠাৎ আহি ঘৰত উপস্থিত হয় বা তেওঁক হঠাৎ লগ পোৱা যায়, কিন্তু আজি ৰাতিপুৱা ১০ বজাত আহিম বুলি কৈও এতিয়া ১২ বাজো বাজো হৈছে – তথাপিও নাগা ভদ্ৰলোকৰ দেখাদেখি নাই, খাউণ্ড অলপ বিপাঙতেই পৰিল।

গা ধুবলৈ স্নানাগাৰত সোমালেও তেওঁ যদি আহি ‘কলিং বেল’টো অহৰহ বজাই থাকে! ঘৰত দ্বিতীয় এজন ব্যক্তি নাই যে দুৱাৰখন খুলি দিব পাৰিব। আৰু, এবাৰ বেলটো বাজিলে একো নাই – দুবাৰ তিনিবাৰ বাজিলে গুগুলৰ খংটো টিঙিচকৈ উঠে আৰু উত্তেজিত হৈ পৰে।

গুগুল এতিয়া শুই আছে, সি সাৰ পাব – যদিহে বেলটো বাজি থাকে! 

নাগা ভদ্ৰলোক, খাউণ্ড, গুৱাহাটীৰ ট্ৰেফিক জ্যামৰ দ্বাৰা বিকশিত অসম, আৰু গুগুল!

খাউণ্ডে চিন্তা কৰিবলৈ ধৰিলে। গুগুল সাৰ পোৱা মানেই তাক বাহিৰলৈ উলিয়াই নি ৰাস্তাৰ কাষত মুতাবলৈ আৰু হগুৱাবলৈ নিব লাগিব, আৰু এতিয়া সময়খিনি সেই কামফেৰাৰ বাবে সঠিক নহয়, অফিচলৈ যোৱা সময় – মানুহবোৰে বৰ বেয়াকৈ চায়। কিন্তু উপায়ো নাই। গুৱাহাটীৰ জনসংখ্যা হ’ল প্ৰায় ১২ লাখ, আৰু মানুহৰ বাবে ৰাজহুৱা স্থানত চৰকাৰে আগবঢ়াইছে মাত্ৰ ২০ টা মান শৌচাগাৰ – যিবোৰক নামাকৰণ কৰা হৈছে ‘প্ৰসাধন‘! 

এদিন খাউণ্ডে কেলকুলেটৰত হিচাপ কৰিবলৈ ওলাইছিল – ১২ লাখত ২০ টা ‘প্ৰসাধন’ কক্ষৰ শতাংশ কিমান হ’ব পাৰে – কিন্তু কেলকুলেটৰটোৰ বেটেৰীয়েই নোহোৱা হৈ থাকিল নে লাজেই পালে, মুঠতে হিচাপ নোলাল। মানুহৰেই য’ত সুবিধা নাই, গুগুলৰ বাবে ৰাজহুৱা সুবিধা ক’ত! গতিকে বেয়াকৈ চালেও উপায় নাই, গুগুলক ৰাস্তাৰ কাষতেই কামফেৰা নকৰালে ক’ত কৰাব!

আৰু সি সময়মতে প্ৰাকৃতিক কৰ্মফেৰা সম্পন্ন কৰিব নোৱাৰিলে খাউণ্ডৰ স্নানাগাৰৰ দুৱাৰমুখতেই বহি লয়, কি যে এক কদৰ্য পৰিস্থিতিৰ সন্মুখীন হ’ব লাগে মাজে মাজে! তেতিয়া গুগুলক বিদায় দিবলৈ মন যায়। কিন্তু থলুৱা ধেকুৰা হ’লেও গুগুলৰ নিভাজ মৰমৰ বাবেই তেনে চিন্তা কাৰ্যকৰী কৰিবলৈও ইচ্ছা নাযায়। 

খাউণ্ডে সিদ্ধান্ত ল’লে যে এতিয়াই স্নানাগাৰলৈ নাযায়, আৰু এঘন্টা বাট চাব। তেওঁ নাগা ভদ্ৰলোকৰ সঠিক অৱস্থান জানিবলৈ পুনৰ এবাৰ মোবাইলৰ বুটামবোৰ টিপিলে যদিও সংযোগ স্থাপন কৰিব নোৱাৰিলে। কিন্তু তেওঁ যে আহিব, খাটাং। খাউণ্ডৰ ঘৰৰ ওচৰৰে তেওঁৰ ভতিজাক ল’ৰা এজন বহুদিনৰ পৰা আছে। তাক লগ পাবলৈ তেওঁ মাজে সময়ে আহে, আহিলে খাউণ্ডৰ ঘৰতো এপাক মাৰে।

খাউণ্ডৰো মাতৃ বিয়োগৰ পিছত ঘৰখন একেবাৰে শূণ্য হৈ পৰিছে, তাতেই খাউণ্ড অৱসৰপ্ৰাপ্ত বিষয়া – সময় কোনোমতে পাৰ নহয়। সেইবাবেই চুবুৰীয়া কংকনে খাউণ্ডক মৰমতে উপহাৰ দিয়া থলুৱা গুগুলৰ আৱিৰ্ভাৱ। নহ’লে খাউণ্ডে কোনোদিনে কুকুৰ পোহাৰ বিষয়ে ভবাই নাছিল ।

এবাৰ এঘৰ মানুহৰ চ’ৰা ঘৰত থকা চোফাখনত খাউণ্ডে বহাৰ পিছত তেওঁৰ ক’লা পেন্টটোত কুকুৰৰ নোম ইমানেই লাগি আহিছিল যে তেওঁক অফিচৰ সহকৰ্মী মুনি কৃষ্ণই সুধি পেলাইছিল – বৰ আনকমন পেন্টটো- ক’ত কিনিলে? তেতিয়াহে খাউণ্ডে মন কৰিছিল কুকুৰৰ নোমবোৰ কিদৰে লিপিট খাই আছে! আৰু এবাৰ এজনৰ ঘৰত চাহৰ লগত চানপাপৰি খাবলৈ দিছিল। খাউণ্ডে খাইছিলো। কিন্তু খাই উঠি দেখিছিল যে গৃহস্থৰ নোমাল কুকুৰটোৰ নোম সিচৰিত হৈ থকা নাই ক’ত!

অৱশ্যে গৃহস্থই তেওঁক অভয় দিছিল যে চানপাপৰি আৰু চাহৰ কাপত নোম নাই, কাৰণ তেওঁলোকে ফেনখন চলোৱা নাছিল।

আৰু এবাৰ, এঘৰত খাউণ্ডক অতিথি হিচাপে লুচি খুৱাবলৈ সাজু হৈ ময়দাত পানী ঢালি পিটিকি থকা অৱস্থাতেই গিৰিহতনীৰ কাষলৈ যোৱা নোমাল কুকুৰটোক ময়দাযুক্ত হাতেৰে মৰম কৰি কৰি পুনৰ হাত নোধোৱাকৈ ময়দা পিটিকি থকা দেখি খাউণ্ডে সেই ভয়ংকৰ লুচি নাখাও বুলি পলাই পত্ৰং দিছিল।

এতিয়া দিন সলনি হৈছে। ধেকুৰাৰ আদৰ বাঢ়িছে। ধেকুৰাৰ লগত চেলফি, ধেকুৰা বা ধেকুৰনীৰ লগত বিচনাত শোৱা, ধেকুৰাক চেৰেলেক খুৱাই থকা অৱস্থাতেই ফটোচেছন কৰা, ধেকুৰাক ‘মেৰা বেটা’ বা ‘হায় চানি’ বুলি সম্বোধন কৰা, ফেচবুক আৰু ইন্স্টাগ্ৰামত ধেকুৰা আৰু ধেকুৰনীৰ গ্ৰুপ বা পেজ খুলি লাইক-কমেন্ট কৰা; এইবোৰ এতিয়া সাধাৰণ কথা।

খাউণ্ডে কুকুৰ দেখিব নোৱাৰিছিল। সেই খাউণ্ডৰ ঘৰতেই এতিয়া গুগুল! কিন্তু খাউণ্ডে গুগুলক চোফা বা বিচনাত এতিয়াও উঠিবলৈ দিয়া নাই!

গুগুল এতিয়া একেবাৰে নি:শ্চিন্তমনে তাৰ নিজৰ বস্তা-শয্যাত শুই আছে, ২ মান বজাৰ আগতে সি শেতেলীৰ পৰা নুঠে যে খাটাং। 

নাগা ভদ্ৰলোক, খাউণ্ড, গুৱাহাটীৰ ট্ৰেফিক জ্যামৰ দ্বাৰা বিকশিত অসম, আৰু গুগুল!

খাউণ্ডে ভাবি-গুণি থাকোতেই হঠাৎ কলিং বেলটো বাজি উঠিল। এক্কে দৌৰে খাউণ্ডে গৈ দুৱাৰখন খুলি দিলে( দুবাৰ বজালে গুগুলে সাৰ পাব বুলিয়েই), আৰু প্ৰত্যক্ষ কৰিলে যে সহাস্যবদনে নাগা ভদ্ৰলোক উপস্থিত হৈছে তেওঁৰ দুৱাৰ মুখত। 

‘ছৰি, বহুত ছৰি লবি হা খাউণ্ড ভাই, লেট হৈ গ’ল, ৰাস্তাত বহুত জ্যাম না’!

‘একো নাই, মইতো ফ্ৰি আছো না। আহিবি, ভিতৰত আহিবি ভাই।’- খাউণ্ডে ক’লে।

গুগুল শুই আছে। নিশ্চিতমনে শুই আছে নিজৰ শেতেলীত, হয়তো দেখি আছে গুগুলনীৰ দিবা-স্বপ্ন। খাউণ্ড আশ্বস্ত হ’ল, অন্ততঃ মাথোন এবাৰ কলিং বেল বজা বাবে সি সাৰ নাপালে। অলপ আগতে যদি খাউণ্ডে গা ধুবলৈ গ’লহেতেন- সি সাৰ পালেহেতেন আৰু পৰিস্থিতি জটিল হৈ পৰিলেহেতেন। 

নাগা ভদ্ৰলোক ভিতৰলৈ সোমাই গ’ল আৰু কি আচৰিত, দুৱাৰখনৰ পৰা প্ৰায় ৩০ ফুট দূৰৈত নিশ্চিন্তমনে শুই থকা গুগুলে বিনামেঘে বজ্ৰপাত পৰাৰ দৰে হঠাৎ সাৰ পালে আৰু আতংকিত হোৱাৰ দৰে আচৰণ কৰি মুখেৰে এক দুৰ্বোধ্য শব্দ নিৰ্গত কৰি পিছুৱাই পিছুৱাই গৈ খাউণ্ডৰ বিচনাখনৰ তলত সোমাই আশ্ৰয় লৈ অস্ফুটভাবে যেন বিনাবলৈ ধৰিলে!

Dog

খাউণ্ড আচৰিত হ’ল! সি সাধাৰণতে সাৰ পালে তাক বাহিৰলৈ নিব লাগে, আজি সি নিয়মমতে সাৰ পাব নালাগিছিল; কিন্তু সাৰ পালে, আৰু সাৰ পালে যদিও – সি বাহিৰলৈ যাব নিবিচাৰি ভিতৰলৈ গৈ বিচনাৰ তলত! যেন তাৰ কৰিবলগীয়া প্ৰাকৃতিক কৰ্মফেৰাও চেঁচা হৈ গোট মাৰিছে! আচৰিত! খাউণ্ড হতবাক!

‘আহিবি খাউণ্ড ভাই, একো চিন্তা নকৰিবি। তোৰ কুত্তাটো আগৰ জন্মত আমাৰ নাগালেণ্ডত আছিল, মোক চিনিছে। এই জন্মত ইয়াতে কুত্তা হৈছে। মোক দেখি কিনে আচৰিত হৈছে। মই তোৰ ইয়াৰ পৰা ওলাই গ’লে সি ঠিক হৈ যাব।’

‘ আপুনি কি কৈছে মই বুজা নাই ভায়া। সি এইৰকম কিয় কৰিছে বা?’- খাউণ্ডে উত্তৰ দিলে।

‘হ’ব, হ’ব, মই বুজাই দিম। এতিয়া কুত্তাৰ লগত কুত্তা হৈ লাগি থাকিবি না মোৰ ওচৰত আহি কিনে মানুহ হৈ বহিবি?’

উপায় নাই, খাউণ্ডে গুগুলক তাতেই তেনেদৰে এৰি আগবাঢ়ি গৈ নাগা ভদ্ৰলোকৰ সন্মুখৰ চোফাখনত বহিল।

‘আপোনাৰ ক’ত দেৰি হ’ল ভাই, কোন জাগাত?’– খাউণ্ডে আৰম্ভ কৰিলে।

‘কোন জাগাত? কি সুধিছা খাউণ্ড ভায়া! তোমাৰ গুৱাহাটীত ক’ত জ্যাম নাই ভাই? ছিক্সমাইল, এলেন ইন্সটিটিউট, পল্টন বাজাৰ, চান্দমাৰী, চাইকেল ফেক্টৰী, ভৰলুমুখ, লালগণেশ, বিষ্ণুপুৰ, কুমাৰপাৰা……; ক’ত জ্যাম নাই ভাই!! কিন্তু এই জ্যাম তোমাৰ আচামৰ উন্নতিৰ কাৰণে হৈ আছে না! অলপ দেৰি হ’ব পাৰে, কিন্তু আচামৰ ইকনমি ভি ভাল হৈছে না!’

‘ইকনমি’! – খাউণ্ড আচৰিত! সকলো ৰাস্তা ভাল হ’লে, ফ্লাই অ’ভাৰবোৰ সম্পূৰ্ণ হ’লে বেলেগ কথা, নিজে ঠিকাদাৰী কৰিলেও বেলেগ কথা, কিন্তু মানুহৰ ইমান হাৰাশাস্তি- এওঁ আৰু কি বা ইকনমি দেখা পাইছে! গতিকে খাউণ্ডে সুধিলে, ‘কি ইকনমিৰ কথা কৈছে ভাই?‘ 

নাগা ভদ্ৰলোক, খাউণ্ড, গুৱাহাটীৰ ট্ৰেফিক জ্যামৰ দ্বাৰা বিকশিত অসম, আৰু গুগুল!

নাগাই হাঁহিলে। প্ৰাণ খোলা হাঁহি, যেন সুখৰ বাঁহী।

‘খাউন্ড, তই ভাই বহুত চিম্পল হৈ আছা! একদম বাচ্চা। এতিয়া শুনিবি, মই তোক বুজাই আছো। তোমাৰ আচামৰ ইনকাম কি আছে? চবটো ধাৰ কৰি কিনে চলি আছে না? মই তো আগতে একবাৰ আহোতে আচামৰ চব ধাৰ মাৰা বুদ্ধি এটা দি গৈছিলু, মনত আছে কি নাই ভায়া? সেই যে তোমাৰ ভৰলু নদী ঢালাই দি কিনে মাল কামাই ধাৰ মাৰি লাভ কৰা অংক দিছিলু না? ….

“এতিয়া শুনিবি…কুত্তাৰ ফালে মন নিদিবি। আজিকালি আচামত বহুতে নিজৰ মা-বাপেকক বুঢ়া হ’লে ভি নাচাব, কিন্তু কুত্তাৰ লগত চেলফি উঠি ফেচবুকত দিব, ইন্স্টাগ্ৰামত দিব, কি ফাল্টু কথা… আচ্চা, সেইটু কথা পাচত পাতিম… তোমাৰ আচামৰ ধাৰেই ধাৰ, ইনকাম কি আছে? ইনকাম হয় পেট্ৰল, ডিজেল বিক্ৰী হ’লে, গাড়ী বিক্ৰী হ’লে, গাড়ীৰ ফটো মাৰি ফাইন কৰিলে, হেলমেট নিপিন্ধিলে, …; আৰু আচামৰ মানুহে মদ খালে!…

নাগা ভদ্ৰলোক, খাউণ্ড, গুৱাহাটীৰ ট্ৰেফিক জ্যামৰ দ্বাৰা বিকশিত অসম, আৰু গুগুল!

‘তোমাৰ আচামত মদৰ দাম আচাম চৰকাৰে ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা বঢ়াই দিয়াৰ কথা ঘোষণা কৰিছিল, কিহৰ কাৰণে? আচামৰ চৰকাৰক মাল লাগে, মাল নাই! যিখন মুখেৰে ৰামৰ নাম, সেই মুখেৰে মদৰ জয়গান! আমাৰ নাগালেণ্ড ড্ৰাই আছে ( হাঁহি)! এতিয়া ডাঙৰ ঘটনা ঘটিল আচামত । দাম বাঢ়িল, কিন্তু আচামৰ মদাহী ভি বহুত চালু হৈ গৈছে! সেইকাৰণে কোনো প্ৰতিবাদ নাই, বিবৃতি নাই, আন্দোলন নাই, কোৰ্টত কেচ ভি নাই, কিন্তু মদৰ দাম মদাহীৰ নীৰৱ অসহযোগৰ কাৰণে, খাবলৈ এৰা কাৰণে বা কম কমকৈ খাব ধৰা কাৰণে, আচাম চৰকাৰে দাম কমাব লগা হ’ল।

‘১ এপ্ৰিলত দাম বঢ়ালে, কিন্তু আচাম চৰকাৰে ১ ছেপ্টেম্বৰৰ পৰা মদৰ দাম কমাই দিয়াৰ কথা ঘোষণা কৰে! ইয়াৰ আগতে ভি আমদানি কৰা হুইস্কি আৰু ৰামৰ স্পেচিয়েল ব্ৰেণ্ডৰ দাম কমাই দিয়াৰ পিছতে আৰু মদৰ দাম কমাই দিলে। গতিকে মদাহীৰ জয়লাভ হ’ল! কোনো আন্দোলন নকৰাকৈ মদাহীয়ে মদ বৰ্জন বা মদ খোৱা নিয়ন্ত্ৰণ কৰা কাৰণে মদৰ দাম কমি গ’ল! আলু, পিয়াঁজ, মিঠাতেল, এইচবৰো দাম কমাবৰ কাৰণে মদাহীক নেতা বনালে কাম হৈ যাব ভায়া। মদাহী জিকি গ’ল।

‘ কিন্তু আচাম চৰকাৰৰ ৰেভিনিউ কমি গ’ল। কাৰণ দাম কমি গ’ল। ২০২৩ চনত দুৰ্গাপূজাৰ টাইমত আচামৰ মদাহীয়ে ২২ কোটি টকাৰ মদ খাইছিল ৩ দিনত – মোৰ মনত আছে, পেপাৰত ভি নিউজ ওলাইছিল। আচামৰ মদাহীৰ ইকনমিত বহুত দান আছে ভায়া। মদাহীক পেন্সন দি দিলে আচামৰ ইকনমি আৰু বাঢ়িব, চবেই খাব! আচাম মানেই মদৰ ৰাজ্য হৈ যাব, ইকনমি বাঢ়িব। আৰু এতিয়া ফুল স্পিডত চাৰা নৰ্থ – ইষ্টত চলি থকা নাৰক’টিক ড্ৰাগছকো যদি লিগেল কৰা হয়- লাখ কোটি টকা ইনকাম হ’ব। বিকাশ হ’ব।….’

নাগা ভদ্ৰলোক, খাউণ্ড, গুৱাহাটীৰ ট্ৰেফিক জ্যামৰ দ্বাৰা বিকশিত অসম, আৰু গুগুল!

খাউণ্ডে মাজতে মাত দিলে- ‘ ভাই, ট্ৰেফিক জ্যামৰ কথাটো ক’ত গ’ল?

‘কতো যোৱা নাই, তই ভাই নাভাবিবি মই পাহৰি গৈছু বুলি। মই কুত্তাৰ কথাও পাহৰা নাই। এতিয়া এখন তামোল আন ভাই।’

কথামতেই কাম। খাউণ্ডে তামোলৰ বঁটাটো নাগা ভদ্ৰলোকৰ সন্মুখৰ টেবুলখনত থ’লে আৰু নিজেও এখন মুখত ভৰালে। নাগা ভদ্ৰলোকেও মুখত এখন তামোল ভৰালে। তেওঁ চাহ নাখায়, অভ্যাস নাই। পিছত খাউণ্ডে তেওঁক এক পেকেট মেগী বনাই খুৱাব বুলি ভাবি থৈছে। খাউণ্ডে তেওঁৰ মুখলৈ চাই ৰ’ল ( কিন্তু কাণ দুখন সজাগ হৈ থাকিল গুগুলৰ অস্ফুট কান্দোনৰ পিনেও! কি আচৰিত! গুগুল যেন সংজ্ঞাহীন হৈ পৰিছে!)

‘খাউন্ড ভাই, তোমাৰ আচামৰ মদাহীৰ নিচাৰ কাৰণে আচামে ২০২৩-২৪ চনত ৩৮০০ কোটি টকাৰ বেছি কামাইছিল। এতিয়া দাম কমিল। সেইকাৰণে ট্ৰেফিক জ্যাম। হা: হা: হা:…কি বুদ্ধি!..( নাগাই‌ হাঁহিবলৈ ধৰিলে)

‘মই বুজা নাই!’– খাউণ্ডে ক’লে।

‘তই বহুত চিম্পল গাধা ভায়া। এতিয়া মোৰ কথা শুনিবি, চব বুজি পাবি। গুৱাহাটীত মানুহ কিমান আছে?’

‘প্ৰায় ১২ লাখ’– খাউণ্ডে উত্তৰ দিলে।

‘গাড়ী কিমান আছে?’

‘চাৰি চাক্কাৰ গাড়ী ৩ লাখ মান হ’ব আৰু দুই চাক্কাৰ ৬ লাখ মান হ’ব।’- খাউণ্ডে ক’লে।

‘ এতিয়া শুনিবি। এখন গাড়ী যদি ১ নম্বৰ গিয়েৰত চলে, ১ লিটাৰ তেলত কিমান দূৰ যাব? ১ লিটাৰত ৫ কিলোমিটাৰ যাব। আৰু ১ ঘন্টাৰ ট্ৰেফিক জ্যামত এখন গাড়ীয়ে ২ লিটাৰ তেল পুৰিব। কিন্তু ৪ নম্বৰ গিয়েৰত চলিলে ১৮ বা ২০ কিলোমিটাৰ যাব। এতিয়া যিমান বেছি ট্ৰেফিক জ্যাম হ’ব, সিমান বেছি তেল পুৰিব। ১ লিটাৰ তেল পুৰিলে এক্সাইজ ডিউটি ২০ টকা, ভেটৰ পইছা ১৪/১৫ টকা চৰকাৰে পাব। গতিকে যিমান জ্যাম হ’ব, সিমান টকা চৰকাৰে পাব।

‘সেইকাৰণে চাৰা গুৱাহাটীৰ ৰাস্তা খান্দি দিয়া হৈছে আৰু ট্ৰেফিক জ্যাম কৰা হৈছে। মালিগাঁৱৰ চাৰিআলিত এখন সৰু ওভাৰব্ৰিজ বনালেই কাম হৈ যায়, কিন্তু লম্বা কৰা হ’ল। ঠিকাদাৰেও মাল কামালে, চৰকাৰেও জ্যাম কৰি পইছা কামালে। এতিয়া ৰিজাৰ্ভ বেংকৰ পৰা বামুণী মৈদাম – কিমান লম্বা ফ্লাইঅ’ভাৰ! পইছাই পইছা। ধাৰ কৰা পইছা, আৰু ধাৰ কৰা পইছা খৰছ কৰি কামাই কৰা পইছা।

traffic

‘ বিৰুবাৰী, ডাউনটাউন, ভৰলুমুখ, …. চাৰা গুৱাহাটী ট্ৰেফিক জ্যাম, ১ নম্বৰ গিয়েৰ, যিমান পাৰা তেল পোৰা, পলিউশ্যন কৰা, কামাই কৰা। গুৱাহাটীত ফ্লাইঅ’ভাৰ কি দৰকাৰ – গোটেই কেইখন ফ্লাইঅ’ভাৰ জোৰা দিলে কাজিৰঙাৰ মাজেদি আধা ফ্লাইঅ’ভাৰ হৈ যায়। যোৰহাটৰ পৰা ভি ডিব্ৰুগড়ৰ ৰাস্তা খান্দি দিয়া হৈছে, তেল বেছি পুৰিব লাগে…টেক্স লাগে, মাল লাগে চৰকাৰক, ধাৰ কৰা পইছাৰে হিতাধিকাৰী বনাব লাগে!… সেইকাৰণে আজি তোৰ ঘৰত আহোতে দেৰি হ’ল, কিন্তু আচাম চৰকাৰৰ কামানি হ’ল। মই তেল বেছিকৈ পুৰিলো! হা: হা: হা:…, খাউণ্ড ভায়া, তই বহুত গাধা! বুজি পালি ?’

‘পালো, গুৱাহাটীৰ ট্ৰেফিক জ্যাম আমাৰ বিকাশৰ কাৰণে!’

‘হয়, তোমাৰ আচামৰ বিকাশৰ কাৰণে।… এতিয়া তোৰ কুত্তাটোৰ কথা শুনিবি?’

‘ভায়া, কুত্তা বুলি নকবি, তাৰ নাম গুগুল।’

‘আৰে গুগুলেই হওক বা য়াহুৱেই হওক, এইচব হ’ল কুত্তা। সি ঢেকুৰাই হওক বা বিলাতীয়েই হওক, কুত্তা। কুত্তা মানে কুত্তা। মই কুত্তাক ভালদৰে জানো, কুত্তাইও আমাক জানে। আমি কুত্তাক কন্ট্ৰোল কৰিব জানো। আচামত এতিয়া কি হৈছে? নতুন ফেশ্যন, কুত্তাৰ লগত ছেলফি, কুত্তাৰ লগত বিচনাত টোপনি, কুত্তাক চোফাত বহাই দুধদানি! আচামৰ কিছুমান গাঁৱত এতিয়া চাৰি পাঁচটামান ধেকুৰা লগ হৈ ছাগলী মাৰি খোৱা খবৰ আমি পাইছো। আগতে নাছিল। কিয় হৈছে শুনিবি? আচামৰ গাঁৱৰ ৰাস্তা- ঘাটত এতিয়া যতে ততে ব্ৰইলাৰ মুৰ্গী কাটি বিক্ৰী কৰা হয় আৰু মুৰ্গীৰ নাড়ী- ভুৰু য’ত ত’ত পেলাই দিয়া হয়।

stray dogs attacked goat (village)

‘ সেইচব কুত্তাই খায়। খাই খাই সিহঁতৰ জিভা আৰু মনত নিচা লাগি গৈছে। গতিকে মুৰ্গীৰ নাড়ী- মাথা খাব নাপালে ৰজনীগন্ধা আৰু শিখৰ খাব নাপালে ল’ৰাবোৰৰ যেনে লাগে বা ড্ৰাগছ খাই খাই খাব নাপালে যেনে লাগে -কুত্তাৰো তেনে লাগে। কুত্তাৰো এতিয়া ইভলিউশ্যন হৈছে। গতিকে ছাগলী মাৰি খাই দিয়া হৈছে। এতিয়া ছাগলী নাপালে, সৰু বাচ্চাকো আক্ৰমণ কৰিব পাৰে।

‘আৰু আচামতেই নহয়, লাডাখত আগতে কুত্তাৰ সমস্যা নাছিল, কিন্তু লাডাখত ফুৰিব যোৱা টুৰিষ্টে লাডাখৰ ৰাস্তাৰ ঢেকুৰা কুত্তাবোৰক খোৱা বস্তু দি দি অভ্যাস বেয়া কৰাত তাৰে কুত্তাইও লাডাখৰ দুষ্প্ৰাপ্য ‘স্নো-লিওপাৰ্ড’ক দল বান্ধি আক্ৰমণ কৰি খাবলৈ আৰম্ভ কৰিছে, ভেৰাৰখীয়াৰ নিদ্ৰাহৰণ কৰিছে – আচামত ছাগলী খোৱাৰ দৰে লাডাখত ভেৰা আক্ৰমণ কৰা হৈছে, ‘হিমালয়ান পিকা’ক আক্ৰমণ কৰা হৈছে। আগতে নাছিল।

‘আৰু শুনিবি? মাদ্ৰাজ আই.আই.টি. কেম্পাচত তাৰে মাদ্ৰাজী ধেকুৰাই হৰিণ আক্ৰমণ কৰা আৰম্ভ কৰিছে, বনৰীয়া গাহৰিক আক্ৰমণ কৰি খোৱা আৰম্ভ কৰিছে। কুত্তা এতিয়া আগৰ চিম্পল কুত্তা হৈ থকা নাই। ই হিংস্ৰ হৈ পৰিছে। মানুহৰ ঘৰত মানুহ গ’লেও কামুৰি দিয়া হৈছে। ইভলিউশ্যন ভায়া, ইভলিউশ্যন!

stray dog attacked people

‘গুজৰাটৰ কচ্চ অঞ্চলত তাৰে ধেকুৰাই বনৰীয়া গাধক আক্ৰমণ কৰা আৰম্ভ কৰিছে, তাৰে বনৰীয়া গাধক এতিয়া দুষ্প্ৰাপ্য বুলি কোৱা হয়। এইচব কুত্তাই সেই দুষ্প্ৰাপ্য বা অইনক কামুৰিলে, মানুহৰ ক্ষেত্ৰত নহয়, ‘কেনাইন ডিচটেম্পাৰ’ হয়। পঢ়ি চাবি। উত্তৰ প্ৰদেশৰ ‘জেকেল’ আৰু লোকেল ধেকুৰাৰ ক্ৰছ, যিবোৰৰ নাম ‘উল্ফ’ বুলি ভুলকৈ কোৱা হৈছে- এতিয়ালৈকে কিমান মানুহ মাৰিলে – চাৰ্চ কৰি চাবি।

‘মই বেছি কৈ নাথাকো, চেমিনাৰ পাতিবি, ১ ঘন্টাৰ বেছি কৈ দিম। …. এতিয়া তোৰ কুত্তাই মোক দেখি ভয় খাইছে কিয় জানিবি? সি আগৰ জন্মত নাগালেণ্ডত আছিল আৰু আমি কুত্তাক পাট্টা নিদিও বুলি সি জানে। মই গুছি গ’লে সি আগৰ দৰে হৈ যাব, কিন্তু বেছি উৎপাত কৰিলে মোৰ লগত আগৰবাৰ আহোতে তোৰ লগত মোবাইলত উঠা ফটোখন এনলাৰ্জ কৰি তাক দেখাই দিবি। তোৰ গুগুল ঠান্ডা হৈ যাব।

‘আৰু শুনিবি, WHO কি জানা? এই যে বিশ্ব স্বাস্থ্য সংস্থা, World Health Organization, সি লিখিছে যে পৃথিৱীত এক বছৰত গড়ে ৫৯০০০ মানুহ মৰে কুত্তাৰ কামোৰত, আৰু তোৰ ভাৰতত মৰে এক বছৰত ২০৫৬৫ জন। চাই লবি, পঢ়িবি। বেছি গুগুল গুগুল কৰি নাথাকিবি ভায়া…

আৰু তই ইয়াক ঘৰত নাৰাখিবি, তই শুই থাকোতে ব্ৰইলাৰ মুৰ্গীৰ গল বুলি তোৰ গলটোত কামুৰি দিব পাৰে। ইভলিউশ্যন ভায়া, ইভলিউশ্যন!

মই এতিয়া যাম, ভতিজাক লগ পাম। আৰু পাম মই ট্ৰেফিক জ্যাম! আচাম এনেকৈয়ে চলিব, কামানি কৰাৰ বুদ্ধি! 

‘এতিয়া মেগী খুৱাবি, নে বিদায় দিবি?’

stray dogs attacked goat

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
চুনদকু

চুনদকু

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
Mahabahu – Special Issue

অৰুনোদইৰ আঁত ধৰি

August 23, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d