• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

ASSAMESE SECTION / Assam

by Anjan Sarma
March 4, 2026
in ASSAMESE SECTION, ASSAM
Reading Time: 6 mins read
0
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!
Share on FacebookShare on TwitterShare on LinkedIn

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম
Image : From Internet

অঞ্জন শৰ্মা 

Anjan Sarma Pic
অঞ্জন শৰ্মা 

এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ ফোন আহিল নাগা ভদ্ৰলোকৰ পৰা – একেই কথা, মই ছয়মাইললৈ যাব লাগে, তেওঁ আহি আছে, তাৰপিছত খাউণ্ডৰ ঘৰলৈ একেলগে যাব লাগে। মই দুবাৰকৈ ক’লো যে মই নাযাও, কিন্তু তেওঁ নাছোৰবান্দা – মই যাব লাগিবই! অগত্যা যথাসময়ত যথাস্থানত উপস্থিত হৈ দুয়ো বন্ধুবৰ খাউণ্ডৰ ঘৰ পালো।

অইন সময়ত খাউণ্ডৰ ঘৰৰ দুৱাৰদলিত উপস্থিত হৈ কলিং বেলৰ চুইচ টিপিবই নাপাও, খাউণ্ডৰ গুগুল নামৰ ধেকুৰা কুকুৰটোৱে ইমানেই ভুকিবলৈ আৰম্ভ কৰে যে আলহীৰ অপৰাধবোধ হ’বলৈ ধৰে। কিন্তু আজিও গুগুলৰ সাৰ-সুৰ নাই, আগৰবাৰৰ দৰেই হয়তো আজিও গম পাইছে যে নাগা ভদ্ৰলোক আহিছে – কাৰণ দুবাৰকৈ বেলটোৰ শব্দ হ’ল যদিও এবাৰো ভুকা নাই। অলপ সময় পিছত খাউণ্ডে দুৱাৰখন খুলি দিলে, তেওঁৰ মুখত সদায় লাগি থকা হাঁহিটো আৰু তামোল-পাণৰ সেলেঙি। 

আমি দুয়ো বহিলো। নাগা ভদ্ৰলোকলৈ খাউণ্ডে তামোল-পাণৰ বঁটাটো আগবঢ়াই দিলে। ‘খাউন্ড ভাই, অলপ ধঁপাত দিবি, চূণাও কম আছে’- নাগাই ক’লে। ময়ো এখন তামোল মুখত ভৰালো।

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম
Image : From Internet

আজি বতৰটো গোমা, আকাশত ক’লা মেঘ, আৰু মেঘ মানেই বিপদ-বিঘিনি , এই ছয়মাইলত! ৰাস্তাত কিমান পানী হয়, পানী মানে নলাৰ পানী, নৰ্দমাৰ পানী, ক’লা পানী, ৰঙা পানী, গোবৰ পানী, আৰু ট্ৰেফিক জ্যাম! সেই কাৰণেই আজি আহিবলৈ ইচ্ছা নাছিল, কিন্তু নাগা ভদ্ৰলোকৰ প্ৰচন্ড হেঁচা আৰু খাউণ্ডে দিয়া অভয়বাণী – ‘ বৰষুণ হ’লেও চিন্তা নাই, মোৰ ঘৰতেই থাকিব পাৰিব, মা ঢুকোৱাৰ পিছত ঘৰ সম্পূৰ্ণ খালী, আড্ডা মাৰিম;’ গতিকে আহিবলৈ বাধ্য হ’লো। কিন্তু লক্ষ্য কৰিলো যে খাউণ্ডৰো মুখমণ্ডল সামান্য গোমা! কি বা হৈছে!

কেৱল ময়েই নহয়, নাগা ভদ্ৰলোকৰ দৃষ্টিয়েও খাউণ্ডৰ গোমা হৈ থকা মুখখন আৱদ্ধ কৰিছে। তেখেতেই সুধিলে -‘ খাউণ্ড ভায়া, কি হৈছে তোৰলাগা? তোৰ মুখটু ডিম লাইট লাগা হৈ আছে, ফৰ্চা হোৱা নাই – বেমাৰ হৈছে নেকি’? 

‘বেমাৰ হোৱা নাই, আপোনাক পাই বহুত ভাল লাগিছে ভাই, কিন্তু ৰাতিপুৱা পেপাৰখন পঢ়ি মন বেয়া হৈছে।’

‘কোন মৰিল ভাই?’- নাগা ভদ্ৰলোকৰ প্ৰশ্ন।

‘কোনো ভি মৰা নাই, আমি হে মৰিবলৈ গৈ আছো ভায়া!’

‘কি হ’ল খাউণ্ড, কি মৰিবলৈ গৈ আছে বা আমিও গৈ আছো?’- ময়ো সুধিলো।

এইবাৰ খাউণ্ডে ভালদৰে বহি লৈ আৰম্ভ কৰিলে – ‘এইদৰে জীয়াই থকাৰ কিবা মানে আছে নেকি কওকচোন শৰ্মা, এই বাতৰিটো পঢ়ক – পুনৰ ৰিজাৰ্ভ বেংকৰ পৰা অসম চৰকাৰৰ ১০০০ কোটি টকাৰ ঋণ!আগতে আমাৰ সমাজত কোনোবাই ঋণ লৈ বিয়া-বাৰু পাতিলেও সমাজখনে বেয়া দৃষ্টিৰে চাইছিল, ‘সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ…’ পদ্য আছিল আমাৰ স্কুলত, ‘গাত নাই চাল-বাকলি/ মদ খায় তিনি টেকেলি’ বুলি ঠাট্টা-বিদ্ৰুপ কৰিছিল, কিন্তু এতিয়া চাওক – অসমৰ নিজৰ ৰাজহ নাই, কেৱল ঋণ আৰু ঋণ আৰু ঋণ, আৰু ভঙা-ছিঙা, ফ্লাইঅভাৰ বনোৱা, বিল্ডিং বনোৱা, মানুহক সম্পূৰ্ণ নিষ্কৰ্মা কৰিবলৈ হিতাধিকাৰী কৰা, ধাৰ কৰা ধনেৰে ৰজাৰ দৰে বিলোৱা, আৰু এইবোৰ যিমানেই বাঢ়িবলৈ ধৰিলে – মানুহৰ আনন্দও সিমানেই বাঢ়িছে, অসময়তো বিহু মাৰিছে হোৱাই নোহোৱাই….২০২৩-২০২৪ বৰ্ষত অসমৰ চৰকাৰে ধাৰ কৰিছে প্ৰায় ২৪০০০ কোটি টকা। কোনে মাৰিব এইবোৰ ধাৰ? মন্ত্ৰীসকলে? অসম চৰকাৰৰ কেবিনেটে? ক’ত খৰছ হৈছে? কিয় খৰছ কৰিছে? এইবোৰলৈ ভ্ৰুক্ষেপ নাই, বিহু… ঝুমুৰ… আৰু কত যে কি! ২০২৫ চনৰ আগষ্ট মাহত ৰিজাৰ্ভ বেংকে কৈছে যে অসমৰ চৰকাৰে ধাৰ মাৰিবলৈ আছে ১৫০৯০০ কোটি টকা!! অৰ্থাৎ আপোনাৰ মূৰৰ ওপৰত আছে প্ৰায় ৪০৫৪০৫ টকাৰ ধাৰ, মোৰো মূৰত আছে প্ৰায় ৪০৫৪০৫ টকাৰ ধাৰ… অসমৰ সকলো মানুহৰ মূৰৰ ওপৰত সিমান ধাৰ! পঢ়ি পঢ়ি মূৰ গৰম হৈ গৈছে, আৰু খৰছবোৰ তো দেখিয়েই আছে ..এক লাখ টকাৰ বঁটা দিওতে তিনি কোটিৰ অস্থায়ী পেন্ডেল, মনসা পূজালৈ যাওতেও হেলিকপ্তাৰ…এইবোৰেই বিকাশ! এইদৰেও জীয়াই থাকি লাভ আছে নে, কওকচোন বাৰু?’ একে উশাহতে কথাখিনি কৈ যেন তেওঁৰ অলপ পাতল পাতল লাগিছিল। হয়তো, খাউণ্ডে ঠিকেই কৈছে, আমাৰ দোষ ক’ত? নিজৰ উপাৰ্জনৰ ধনেৰে যি দিয়া দি থাকা, ধাৰ কৰি ধাৰ কৰি দৰমহা দিয়া, উৰণীয়া সেঁতু বনোৱা, মহিলাক বিলোৱা,…হয় তো, ধাৰ কৰাবোৰে তো ধাৰ মাৰিব নালাগে, অসমৰ হে ধাৰ, অসমৰ মানুহে মাৰিব লাগিব, আৰু যুক্তিপূৰ্ণ কামতো খৰছ হোৱা নাই ধাৰৰ ধন! 

ময়ো চিন্তাত পৰিলো। কিন্তু মোক আৰু খাউণ্ডক হতবাক কৰি হো-হোৱাই হাঁহিবলৈ ধৰিলে নাগা ভদ্ৰলোকে। হাঁহি হাঁহি তেওঁ আমাক এটা অদ্ভূত প্ৰশ্ন কৰিলে – ‘খাউণ্ড ভাই, শৰ্মা ভাই, আপোনালোকে নিৰামিষ মাটনৰোল খাই পাইছে নেকি, বা ধৰ্মনিৰপেক্ষ মৌলবাদৰ বিষয়ে জানে নেকি?’

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম

‘নিৰামিষ মাটনৰোল!’ – এইটো নো কি আহিল বজাৰত? খাউণ্ডে ক’লে।

‘আৰে খাউণ্ড ভাই, ময়ো টাইম পালে মাজে সময়ে অলপ পঢ়া-শুনা কৰো। এতিয়া টাইম হৈছে ধৰ্মনিৰপেক্ষ মৌলবাদৰ আৰু নিৰামিষ মাটনৰোলৰ। অলপতে পঢ়িছো- ‘দাদাৰহস্য’, তাত কোৱা হৈছে, যিয়ে ভোটৰ বাবে ৰামৰ পূজা কৰিব, ৰাষ্ট্ৰমন্ত্ৰীৰ অনুৰোধত অস্ত্ৰপূজা কৰিব, ৰাজ্যমন্ত্ৰীৰ অনুপ্ৰেৰণাত বিবিধ মেলাপূজা কৰিব, ক্ষমতাৰ লোভত জনমতপূজা কৰিব আৰু বিৰোধী শিৱিৰত বংশদন্ডসঞ্চাৰৰ বাবে তথা নিজৰ কেলেংকাৰী ঢকাৰ পূণ্য আৰ্জিবলৈ তদন্ত আয়োগ গঢ়িবলৈ সমৰ্থ হ’ব – তেৱেঁই দাদা। যাৰ গমন মাৰ্চিডিজত, শয়ন সংগোপন সেউজ ৰিজৰ্টত, পান কঠিন -তৰল-গেছীয় মাদক আৰু আহাৰ শ্ৰমিক -কৃষকৰ দেহৰস, তেৱেঁই দাদা। যি মহাদেৱৰ দৰে নন্দী-ভৃঙ্গীৰে পৰিবেষ্টিত, ব্ৰহ্মাতুল্য বহুমুখেৰে বহুকথা-বিশাৰদ আৰু বিষ্ণুৰ দৰে অৱতাৰপ্ৰৱণ বিভিন্ন দলত, তেৱেঁই দাদা। হে খাউণ্ড ভাই, যিয়ে তানপুৰাক চেতাৰ বুলি ক’ব, দোতাৰাক সৰোদ বুলি ক’ব, আৰু ফটোকপিক জেৰক্স বুলি ক’ব, তেৱেঁই দাদা। যি কংগ্ৰেছৰ সময়ত জৰুৰীকালীন অৱস্থাৰ সমৰ্থক, বামপন্হাৰ শাসনকালত কমিউনিষ্ট, আলফাৰ উত্থানৰ সময়ত আলফাৰ সমৰ্থক, বিজেপিৰ উথানৰ লগে লগে গেৰুৱা আৰু সংঘং চৰণং গচ্ছামি, তেৱেঁই দাদা…. গতিকে এই দাদাবোৰেই হ’ল নিৰামিষ মাটনৰোল আৰু ধৰ্মনিৰপেক্ষ মৌলবাদৰ মূল চালক! বুজিছে?’

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম
Image: Indian Express

‘আপুনি কৈছে কিবা, আৰু আমি কৈছো কিবা। ‘দাদা’ৰ লগত অসমৰ ধাৰৰ কি সম্পৰ্ক? আপুনি আমাৰ কথা বুজাই নাই ভায়া!’- খাউণ্ডে কৈ উঠিল। 

‘খাউন্ড ভাই, আৰু তামোল-পাণ দিবি, মই তো আজি আহিছিলো আড্ডা মাৰিম বুলি। কিন্তু টপিক বেলেগ হৈ গৈছে ভাই, তামোল দিবি; (তামোল-পাণ মুখত ভৰাই লৈ) … খাউণ্ডে শুনি আচৰিত হবি, মই নাগা হ’ব পাৰো, কিন্তু সংস্কৃত কিতাপ, ৰামায়ণ, মহাভাৰত, গীতা এইচবো অন্য কিতাপৰ লগতে পঢ়িছিলো। মই এটা কাহিনী ক’ম তোক, তোৰ চব চিন্তা দূৰ হৈ যাব। তই এতিয়া ধৰি লবি, শৰ্মা ভায়া – তয়ো ধৰি লবি, দাদাই ধাৰ লৈছে অসমৰ নামত, আৰু ধৰি লবি দাদাই মায়া, জগতখনো মায়া, মায়াৰে সন্তান দাদা… এতিয়া আমাৰ কাম হৈছে চিন্তাশূণ্য হোৱা, ঋণ -ধাৰ এইবোৰ চিন্তা দূৰ কৰা.. মই এটা কাহিনী ক’ম, শুনিবি না?’

‘শুনিম, শৰ্মাক একাপ চাহ দি লও, আপুনিও চাহ খাব নেকি? আপুনি তো নাখায় আগে-পিছে। ‘

‘ধুৰ্, আমি চাহ নাখায়,অলপ পাছত যাম, ভতিজাটৌ কাষতে থাকে না, সি ভাত বনাব। তই শৰ্মাক খুৱালেই মই খোৱাৰ দৰে হ’ব ভায়া। মইও চুইগিত তহতৰ কাৰণে অৰ্ডাৰ দিব পাৰো।তোৰ কুত্তাই কি খাব? ক’ত সি?’

dog

‘গুগুল শুই আছে, বিচনাৰ তলত সোমাই শুই আছে, সি এতিয়া একো নাখায়।’

মোক চাহকাপ খাউণ্ডে হাতত দিয়াৰ লগে লগে নাগা ভদ্ৰলোকে আৰম্ভ কৰিলে, ‘এতিয়া মই যিটো কাহিনী ক’ম – শুনিলে ভাবিবি যে নাগাই এই কাহিনী কোৱা আৰু নিৰামিষ মাটনৰোল একেই কথা! মই প্ৰথমে ক’ম মহৰ্ষি ভৃগুৰ কথা। এতিয়া ভাব, নাগা আৰু মহৰ্ষি ভৃগু…..হা: হা: হা:…আৰে ভাই, অসমত থাকি যি যদি পাবলো নেৰুদাৰ কৰা ক’ব পাৰা, নাগাই ভৃগুৰ কথা ক’ব নাপাৰিব কিয়? …পঢ়িছু না ভায়া…

‘কাজী নজৰুলে ‘বিদ্ৰোহী’ নামৰ কবিতাত লিখিছে-

“মই বিদ্ৰোহী ভৃগু 

ভগৱানৰ বুকুত আঁকি দিও পদ চিহ্ন”

সঁচাই হতবাক হ’লো, নাগা ভদ্ৰলোকৰ মুখত নজৰুলৰ ‘বিদ্ৰোহী’….নাগা ভদ্ৰলোকৰ মুখত মহৰ্ষি ভৃগু! আৰু এইবোৰৰ লগত অসমৰ লক্ষকোটি টকাৰ ঋণ!

ইতিমধ্যে তেওঁ আৰম্ভ কৰিছিল…

‘বহুকাল আগৰ কাহিনী। তেতিয়া সৰস্বতী নদী খলখলাই বৈ আছিল। সেই নদীৰ পাৰত বহি ঋষি -মুনিচবে যজ্ঞ কৰি আছিল। তাতে জমা হোৱা বামুণ, মুনি, ঋষিচবৰ মাজত বিতৰ্ক আৰম্ভ হৈছিল যে কোন শ্ৰেষ্ঠ – ব্ৰহ্মা না শিৱ না বিষ্ণু? এই ত্ৰিমূৰ্তিৰ মাজৰ কোন শ্ৰেষ্ঠ? সৃষ্টিৰ মালিক ব্ৰহ্মা না খতম কৰাৰ মালিক শিৱ না পালন কৰাৰ মালিক বিষ্ণু? কিন্তু টিভিৰ চেনেলচবত যেনেকৈ বিতৰ্ক হ’লেও সমাধান সূত্ৰ বাহিৰ নহয়, সৰস্বতী নদীৰ পাৰতো সেই বিতৰ্কৰ উত্তৰ বাহিৰ নহ’ল। জাগা গৰম হৈ গ’ল, কোন শ্ৰেষ্ঠ বাহিৰ নহ’ল। বিতৰ্কৰ দ্বাৰা কোনো সমাধান নহয়। তৰ্ক আৰু বিতৰ্কৰ মাজত ফাৰাক আছে, তৰ্ক -যুক্তি-আৰ্গুমেন্ট হয় তথ্যৰ ভিত্তিত; কিন্তু বিতৰ্কৰ মাজত যুক্তি-তৰ্কৰ লগতে মিহলি হৈ থাকে সংশয় আৰু স্বভাৱিত তথা সুচিন্তিত বিচাৰৰ মাত্ৰা। গতিকে কোনো উত্তৰ বাহিৰ নহ’ল। সেই কাৰণে বামুণসকলে সেই প্ৰশ্নৰ উত্তৰ বাহিৰ কৰাৰ দায়িত্ব দিলে ব্ৰহ্মাৰ পুতেক মহৰ্ষি ভৃগুক।

‘ ভৃগু যিৰকম ব্ৰহ্মাৰ পুতেক আছিল, সেইৰকম ৰুদ্ৰ-শিৱৰো ভাই আছিল। কাৰণ একসময়ত ব্ৰহ্মাৰ কিবা এটা কথাত বহুত খং হৈছিল, মাথা গৰম হৈছিল, আৰু ব্ৰহ্মাৰ কপালত থকা দুই ভুৰুৰ মাজৰ পৰা জন্ম হৈছিল কুমাৰ নীল লোহিত। কুমাৰ নীল লোহিতে জন্মগ্ৰহণ কৰাৰ পাছৰে পৰা কেৱল কান্দে আৰু কান্দে, কান্দাক ৰোদন কৰা বুলিও কয় ভায়া, সেইকাৰণে ব্ৰহ্মাই নতুন বাচ্চাটোৰ নাম দিলে ৰুদ্ৰ, ৰোদনৰ পৰা ৰুদ্ৰ। গতিকে খাউণ্ড ভায়া, মহৰ্ষি ভৃগু ৰুদ্ৰ-শিৱৰো ভাই আছিল। তাৰমানে ভৃগুৰ বিৰাট ষ্টেটাচ্ আছিল সেই জমানাত। সেই কাৰণে স্বয়ং ভগৱানকো বিচাৰ কৰা ক্ষমতা ভৃগুৰ আছিল বুলি বামুণ সকলে বুজি পাইছিল। ভৃগুৰ আছিল বিৰাট মৰ্যদা। যি কি নহওক, সাৰস্বত মুনিসমাজৰ নিৰ্দেশ পাই ভৃগু উপস্থিত হ’ল প্ৰথমতে ব্ৰহ্মাৰ সভাত। 

‘ভৃগু মুনিয়ে সেই তিনিজন বিৰাট ব্যক্তিৰ ক্ষেত্ৰত যি পৰীক্ষা কৰিবলৈ গৈছিল, সেই পৰীক্ষা আছিল সত্ত্বগুণৰ বিচাৰ। ভৃগু মুনিয়ে তেওঁৰ পিতৃ ব্ৰহ্মাৰ সভাত উপস্থিত হৈ কোনো প্ৰণাম বা নমস্কাৰ আদি নকৰিলে – কাৰণ তেওঁ ব্ৰহ্মাৰ সত্ত্বগুণৰ বিচাৰ কৰিবলৈ গৈছিল। পুতেক ভৃগুৰ এনে প্ৰাথমিক অপব্যৱহাৰ দেখি ব্ৰহ্মাৰ খং উঠিল। বহুদিনৰ পিছত পিতৃৰ সৈতে দেখা-সাক্ষাৎ হ’লে কেনে ব্যৱহাৰ কৰিব লাগে সেই শিক্ষা ভৃগুক ভালকৈ শিকাই দিয়াৰ এক ক্ৰুদ্ধ ইঙ্গিত ব্ৰহ্মাৰ মুখমণ্ডলত প্ৰকাশ হোৱাৰ লগে লগে ভৃগু মুনিয়ে সেই সভাগৃহ পৰিত্যাগ কৰিলে, কাৰণ তেওঁৰ পৰীক্ষা ইতিমধ্যে হৈ গৈছে! ভৃগুৱে বুজি পাইছে যে তেওঁৰ পিতৃৰ ক্ষেত্ৰত ৰজোগুণৰেই আধিক্য, কাৰণ সামান্য এক কথাতেই তেওঁৰ সত্ত্বগুণৰ অভাৱ ঘটিছে। ধৈৰ্য, ক্ষমা, শান্তিৰ দৰে সত্ত্বগুণৰ উপাদানবোৰ তেওঁৰ ক্ষেত্ৰত প্ৰকটভাৱে অনুপস্থিত। 

‘শৰ্মা, বিৰক্ত হৈছে নেকি? খাউণ্ড ভায়া,তামোল দিবি । ‘

মোৰ উত্তৰলৈ অপেক্ষা নকৰি মুখত তামোল এখন ভৰাই তেওঁ পুনৰ আৰম্ভ কৰিলে, ‘ ভৃগু মুনিয়ে কালবিলম্ব নকৰি ব্ৰহ্মাৰ সভা পৰিত্যাগ কৰিলে আৰু কৈলাস পৰ্বতত বিৰাজমান ভগৱান শিৱৰ কাষলৈ। শিৱই ভৃগুক দেখা মাত্ৰেই – ‘আৰে, মোৰ ভাই আহিছে, মোৰ মৰমৰ ভাই..’ এইদৰে কৈ বহাৰ পৰা উঠি আহি আলিঙ্গন কৰিবলৈ উদ্যত হ’ল। কিন্তু ভৃগুৱে দেখুৱালে নিৰুৎসাহ ভাব, একেবাৰে যেন উদাসীন! ভগৱান শিৱৰ দুৰ্লভ আলিঙ্গন আওকাণ কৰি ভৃগু মুনিয়ে দুখোজ পিছুৱাই গ’ল আৰু ৰুক্ষস্বৰে ক’লে – ‘নুচুবা, তুমি নুচুবা মোক, তুমি হ’লা এজন উন্মাৰ্গগামী স্বেচ্ছাচাৰী, শ্মশানবাসী অপৱিত্ৰ, তুমি নুচুবা মোক।’ ভৃগুৰ এনে অকাৰণ আক্ষেপ-বাক্য শুনি ৰুদ্ৰ -শিৱৰ ইমানেই খং উঠিল যে তেওঁ ত্ৰিশুলেৰে ভৃগুক তেতিয়াই মাৰি পেলাবলৈ উদ্যত হ’ল। কিন্তু সামান্য দূৰৈৰ পৰা সমগ্ৰ দৃশ্য চাই থকা পাৰ্বতীয়ে আহি শিৱৰ ভৰিত পৰি তেওঁক শান্ত -সমাহিত কৰিলে বাবে ভৃগুৰ প্ৰাণৰক্ষা হ’ল। কিন্তু একেলগে ভৃগু মুনিৰ মূল কামফেৰাও হৈ গ’ল। ভৃগুৱে বুজি পালে যে শিৱৰো সত্ত্বগুণ প্ৰধান নহয়, নহ’লে সৰু ভায়েকৰ সামান্য কথাতেই ইমান ক্ৰুদ্ধ হ’ব কিয়!

‘কৈলাসৰ পৰা ভৃগু এইবাৰ গ’ল বৈকুণ্ঠৰ ফালে, লক্ষ্মীপতি ভগৱান বিষ্ণুৰ কাষলৈ। বৈকুণ্ঠত উপস্থিত হৈ ভৃগু মুনিয়ে দেখিলে যে বৈকুণ্ঠপতি ভগৱান বিষ্ণুৱে লক্ষ্মীদেৱীৰ কোলাত মূৰটো দি চিৎ হৈ শুই আছে আৰু এক তন্দ্ৰালু ভাব উপভোগ কৰি আছে। এনে দৃশ্য ভৃগুৰ দৰে এজন ৰুক্ষ শুষ্ক মুনিৰ চিত্তই সহ্য কৰে কিদৰে? গতিকে তেওঁ ভগৱান বিষ্ণুৰ বুকুত সজোৰে এক পদাঘাত কৰিলে। ….. সেইকাৰণে নজৰুলে লিখিছিল: “মই বিদ্ৰোহী ভৃগু / ভগৱানৰ বুকুত আঁকি দিও পদ চিহ্ন”! এতিয়া বুজিলি খাউণ্ডে? যি কি নহওক, ভগৱান বিষ্ণুৰ মুখমণ্ডলত প্ৰকট নহ’ল ব্ৰহ্মা বা শিৱৰ দৰে কোনো ক্ৰোধৰ লক্ষণ, বৰং পত্নী লক্ষ্মীদেৱীক লৈ সাষ্টাংগে মুনিৰ ভৰিত দীঘল দি পৰিল আৰু ক’লে – হে মুনিবৰ, আপোনাৰ আগমণৰ বিষয়ে মই নজনাটো মোৰ দোষ, কিন্তু আপোনাৰ সুকোমল ভৰিখনে মোৰ কঠিন বুকুত খুন্দা খাই আঘাত পোৱা নাই তো! 

Bishnu and Bhrigu
Image : From Internet

‘শাস্ত্ৰত লেখা আছে খাউণ্ডে পঢ়ি লবি, “অতীব-কৌমলৌ তাত চৰণৌ তে মহামুনে/ বজ্ৰ-কৰ্কশ- মদ্বক্ষ:- স্পৰ্শেন পৰিপীড়িতৌ!” ইমান বিনয়ৰ পিছতো বিষ্ণু ক্ষান্ত নহ’ল, ভগৱান বিষ্ণুৱে ক’লে – হে মুনিবৰ, আপোনাৰ চৰণস্পৰ্শৰে মোৰ শৰীৰ যিহেতু নিষ্পাপ হৈ গ’ল, গতিকে পৃথিৱীৰ সমস্ত ঐশ্বৰ্যৰ প্ৰতীক এই ভৃগুপদচিহ্ন তেতিয়াৰে পৰাই নিৰন্তৰ মোৰ বক্ষত প্ৰকট আৰু স্পষ্টভাবে অংকিত হৈ থাকিব।’

‘মহৰ্ষি ভৃগুৰ বুজিবলৈ বাকী নাথাকিল যে শ্ৰেষ্ঠ কোন? তেওঁ বৈকুণ্ঠৰ পৰা তুৰন্তে গৈ সৰস্বতী নদীৰ পাৰত উপস্থিত হৈ সবিস্তাৰে বৰ্ণনা কৰিলে ভগৱান পৰীক্ষাৰ প্ৰণালী আৰু ফলাফল, আৰু ঘোষণা কৰিলে ভগৱান বিষ্ণুৱেই হ’ল শ্ৰেষ্ঠ। ….

নাগা ভদ্ৰলোকৰ কথাৰ মাজতে হঠাৎ বাধা প্ৰদান কৰি খাউণ্ডে ক’লে, ‘আপুনি কৈ থকা কাহিনী শুনি ভাল পাইছো, কিন্তু ক’ত অসমৰ ১৫০৯০০ কোটিৰ ধাৰ আৰু ক’ত ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠত্ব! কিবা ক’ব বিচাৰি আপুনি কিবা বেলেগ কৈ আছে, আৰু আপুনি এইবোৰ শাস্ত্ৰ পঢ়া বুলি মোৰ কোনো ধাৰণাই নাছিল। কিন্তু ধাৰ কৰি অনা ধনৰ পৰা ৰজাৰ দৰে বিলোৱা মাত্ৰ ৪১ টকা প্ৰতিদিনৰ গড় হিচাবে পাই বহুত মহিলাই নাচি-বাগি আছে, আৰু তাতশালৰ শব্দ নোহোৱা হৈ গৈছে – আৰু যে আমি দিনে দিনে ধাৰত পোত খাই গৈছো, দিনে দিনে সুতৰ ধন দি আছো কোনোবাৰ ধাৰ কৰা স্বভাৱৰ বাবে, তাৰে লগত মহৰ্ষি ভৃগু বা বিষ্ণুৰ সম্পৰ্ক কি ভায়া?’

Assam Govt loan 1
Image : From Internet

‘শুন ভাই খাউণ্ড, অলপ ধৈৰ্য ধৰি শুনি থাক না, তোৰো সত্ত্বগুণৰ অভাৱ ঘটিছে। তোক মই উত্তৰ দি আছো। শুনি যা….

‘ মহৰ্ষি ভৃগুৰ কাম খতম হ’ল, কিন্তু বৈকুণ্ঠত পয়মাল হ’ল। স্বামী বিষ্ণুৰ যি স্থান স্বয়ং লক্ষ্মীদেৱীৰ, তাতেই চিৰস্থায়ী হ’ল ভৃগুৰ পদচিহ্ন, আৰু ভগৱান বিষ্ণুৱে বুকুত প্ৰচন্ড গোৰ খাইও যি আচৰণ দেখুৱালে- লক্ষ্মীৰ সহ্য নহ’ল। তেওঁ ব্যথিত হৈ বৈকুণ্ঠৰ পৰা প্ৰস্থান কৰিলে আৰু মৰ্ত্যত জন্মগ্ৰহণ কৰি পদ্মাৱতী নাম পালে। বয়স বঢ়াৰ লগে লগে যথা সময়ত পদ্মাৱতীয়ে পুনৰ বিষ্ণুৰ পাণিগ্ৰহণ কৰিবলৈ আৰাধনা আৰম্ভ কৰিলে। গতিকে উপায় নাই, ভগৱান বিষ্ণুৱে ভেংকটেশ হৈ আৱিৰ্ভাৱ হ’ল আৰু পদ্মাৱতীৰ পাণি গ্ৰহণ কৰিবলৈ সাজু হ’ল। কিন্তু ঝামেলা আহিল। ভেংকটেশৰ হাতত বিয়া পাতিবলৈ ধন নাই। কি কৰা ভাল হ’ব চিন্তা কৰি থাকোতে উপস্থিত হ’ল নাৰদ মুনি। নাৰদ আৰু ভেংকটেশে বিয়াৰ খৰছ কিমান হ’ব পাৰে হিচাব কৰি দেখিলে যে ১৪ লাখ ৰামমুদ্ৰা প্ৰয়োজন হ’ব। তাৰপিছত নাৰদে ভেংকটেশক লৈ গ’ল ধনৰ পতি কুবেৰৰ ওচৰলৈ। খাউণ্ডে ধৰি লবি, কুবেৰ হ’ল ৰিজাৰ্ভ বেংকৰ মালিক। কুবেৰে ভেংকটেশক দেখা পাই পৰম আহ্লাদিত হৈ পৰিল আৰু ১৪ লাখ ৰামমুদ্ৰা ঋণ দিবলৈ সন্মত হ’ল সুতৰ বিনিময়ত। গতিকে চুক্তি হ’ল ১০০০ বছৰৰ বাবে, কলিযুগ শেষ হোৱাৰ লগে লগে ভেংকটেশে সম্পূৰ্ণ মূল ঋণ সুত সহকাৰে পৰিশোধ কৰিবলৈ সন্মত হ’ল তথা সাক্ষী হিচাপে উপস্থিত থাকিল ব্ৰহ্মা আৰু শিৱ। 

Lord Venkateshwara and Devi Padmavati

‘খাউন্ড, এতিয়া ‘টু দ্যা পইন্ট’ আহি যা, তই অকাৰণত দুখ কৰি আছ ভায়া, চিন্তা কৰি আছা। স্বয়ং ভগৱানেও বিয়াৰ নামত ঋণ লৈছিল সুতৰ বিনিময়ত, আৰু ভেংকটেশেই হ’ল তিৰুপতিৰ বালাজী! এতিয়া খাউণ্ডে ভাব, দেৱলোকৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কুবেৰৰ পৰা ১৪০০০০০ ৰামমুদ্ৰা সুতৰ বিনিময়ত লৈ স্বয়ং ভগৱানে বিয়া পাতিছিল, সেই ঋণ থাকিব কলিযুগ শেষ নোহোৱালৈকে। আৰু ভেংকটেশ প্ৰভুৱে অৱস্থান কৰিছে তিৰুপতিত বালাজী হিচাপে। বালাজীৰ বা ভেংকটেশৰ কোনো টেনশ্যন নাই, ধাৰ কৰি লেভেল দেখুৱাই বিয়া পাতিলে তেওঁ – আৰু বছৰ বছৰ ধৰি প্ৰতিদিনে শাৰী পাতি পাতি লাখ লাখ ভক্তই তিৰুপতিত সোণ-ৰূপ-ধন আদি কিমান আনন্দ মনেৰে দান কৰি কৰি ভেংকটেশৰ ধাৰ মাৰি আছে – এবাৰ গৈ চাই আহিবি। কাৰো মনত কোনো দু:খ নাই, চিন্তা নাই, আপত্তি নাই, …. কাৰণ দানৰ নামত ঋণ পৰিশোধ কৰা মানুহৰ মনতো সুমুৱাই দিয়া হৈছে যে ভগৱানৰ ধাৰ হিচাপে ১ টকা দান কৰিলে ভগৱানে হেনো ১০ টকা দিয়ে! গতিকে লাখ লাখ ভক্তই কেৱল ধাৰকেই মাৰি আছে আনন্দ মনেৰে…..

Tirupati loan
কুবেৰৰ সৈতে প্ৰভু ভেংকটেশ্বৰেবিবাহৰ বাবে ঋণ লওতে কৰা ঋণপত্ৰ

‘এতিয়া খাউণ্ডে ধৰি ল যে অসম চৰকাৰ মানে হ’ল ভেংকটেশ বা বালাজী, গতিকে কোনো চিন্তা নকৰিবি, আনন্দ মনেৰে এই জনমটো ধাৰ মাৰি যা, আকৌ ইয়াতেই জনম লভাৰ বাবে প্ৰাৰ্থনা জনা আৰু জনম লাভ কৰি ধাৰ মাৰ…. তই যিমান ধাৰ মাৰিবি তাৰে ১০ গুণ পাবি তোৰ বেংক একাউণ্টত! এইদৰে তই দাদাসকলৰো ধাৰ মাৰিব পাৰিবি আৰু এদিন সকলো প্ৰাৰব্ধৰ পৰা তই মুক্তি লাভ কৰিবি। তই সত্ত্বগুণ কেতিয়াও নেৰিবি…….’

Tirupati 1
gold donation Tirupati

নাগা ভদ্ৰলোকৰ ফোনটো বাজি উঠিল, তেওঁ হাহাকাৰ কৰি উঠিল – ‘হাৰে ভায়া, ভতিজাই ভাত ৰান্ধি ৰৈ আছে- মই যাও, পিছত দেখা হ’ব, খাউণ্ডে দুখ কৰি নাথাকিবি….’; ইয়াকে কৈ তেওঁ বিদায় ল’লে। 

তেওঁ বিদায় লোৱাৰ লগে লগে বিচনাৰ তলৰ পৰা ওলাই আহি গুগুলেও গা-মূৰ জোকাৰি খাউণ্ডৰ কাষত থিয় হৈ নেগুৰ নচুৱাবলৈ ধৰিলে।

খাউণ্ডে তেওঁক বিদায় দি উঠি এক কৰুণ হাঁহি মাৰি মোৰ পিনে চাই ক’লে – ‘মহৰ্ষি ভৃগুৰ নো কি দৰকাৰ হৈছিল বিষ্ণুৰ বুকুত গোৰ মাৰিবলৈ …!’

RBI

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

July 6, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d