• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

নাগা ভদ্ৰলোক আৰু ‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ সংকট !

ASSAMESE SECTION/ Assamese

by Anjan Sarma
July 7, 2025
in ASSAMESE SECTION, Opinion, Special Report
Reading Time: 6 mins read
0
নাগা ভদ্ৰলোক আৰু ‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ সংকট !
Share on FacebookShare on TwitterShare on LinkedIn

নাগা ভদ্ৰলোক আৰু ‘মেমচাহাব‘ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ সংকট !

নাগা ভদ্ৰলোক আৰু 'মেমচাহাব' হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ সংকট

অঞ্জন শৰ্মা 

Anjan Sarma Pic
অঞ্জন শৰ্মা 

৯ আগষ্ট, ২০২৩ চন।

শ্বিলঙৰ উত্তৰ – পূৰ্ব পাৰ্বত্য বিশ্ববিদ্যালয় ( NEHU)ৰ প্ৰেক্ষাগৃহত ‘নৰ্থ ইষ্ট ইন্ডিজেনাছ পিপলচ্ ফ’ৰাম‘( NORTH EAST INDIGENOUS PEOPLES’ FORUM) ৰ উদ্যোগত অনুষ্ঠিত হোৱা তথা ৰাষ্ট্ৰসংঘৰ আহ্বানত সমগ্ৰ বিশ্বতে পালন হোৱা International Day of the World’s Indigenous Peoples শীৰ্ষক সভাখনত উপস্থিত হৈ লগ পাইছিলো নগা পাহাৰৰ লোকজনক।

‘খিলঞ্জীয়া’ সম্পৰ্কে বিভিন্ন বক্তাই সভা আগুৱাই নিয়াৰ পিছত আহাৰ গ্ৰহণ কৰা সময়ত তেওঁৰ কাষতে মই বহিছিলো।

তেতিয়াই তেওঁ মোক ক’বলৈ আৰম্ভ কৰিছিল :

আমাৰ উত্তৰ পূব ভূ-খন্ডত যিদৰে সকলোফালেৰে বিপদ নামি আহিছে, আক্ৰমণ হৈ আছে, আমাক যিদৰে শিপাহীন কৰাৰ চেষ্টা চলি আছে – ‘সেইচব’ৰ বিষয়ে যথেষ্ট আলোচনা হৈ আছে, হৈ থাকিব, খিলঞ্জীয়া মানুহৰ বাবে আলফাই আলোচনা কৰি আছে, মুইভাই আলোচনা কৰি আছে, অসম চুক্তি আছে, ৬ নং দফা আছে, আমাৰ ইনাৰ লাইন আছে, নেছ’ আছে, আপোনালোকৰো অসমত সমুজ্জ্বল আছে, অতুল বৰা আছে, দিল্লীত সোণোৱাল আছে, ৰঞ্জন গগৈ আছে, ভুৱনেশ্বৰ কলিতা আছে, গৌৰৱ গগৈ আছে, ক’হিমাত নেফিউ আছে, শ্বিলঙত ছাংমা আছে – কিবা নহয় কিবা হ’ব; কিন্তু আপোনালোকৰ অসমৰ খিলঞ্জীয়া গৰুবিলাকৰ কি হ’ব?

অসমৰ খিলঞ্জীয়া গৰু!!

মই হতবাক! ক’ত উত্তৰ পূব অঞ্চলৰ খিলঞ্জীয়া লোকৰ সমস্যাৰ পটভূমিত অনুষ্ঠিত হোৱা সভা আৰু ক’ত অসমৰ খিলঞ্জীয়া গৰু!!

মই আচৰিত হোৱা দেখি তেওঁ আচৰিত হৈছিল আৰু তেওঁ আচৰিত হোৱা হেতুকে মই পুনৰ আচৰিত হৈছিলো।

তেওঁ মোক বুজাবলৈ আৰম্ভ কৰিছিল এনেদৰে – শুনক, – আপোনালোকৰ অসমত যিবোৰ খিলঞ্জীয়া গৰু আছে , সেইবিলাক ক্ষীণ, টেটেৰা, সৰু, গাখীৰ কমকৈ দিয়ে। বৰ জোৰ দুই লিটাৰ বা তিনি লিটাৰ গাখীৰ দিয়ে। 

'মেমচাহাব' হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

চব ঠিকেই আছিল, আপোনালোকো চলি আছিল আৰু আপোনালোকৰ গৰুবোৰো চৰি আছিল। আপোনালোকে বছৰত এবাৰ সেই খিলঞ্জীয়া গৰুবোৰক বিহুৰ সময়ত গলত পাচলিৰ মালা পিন্ধাই গাত হালধি সানি গা ধুৱাই নতুন ৰছীৰে বান্ধি গৰুবিহু পাতি আছিল, ঠিকেই আছিল। সকলো ঠিকেই আছিল।

কিন্তু আপোনালোকে ‘গৰবৰি’ ( গন্ডগোল) কৰি পেলালে। খিলঞ্জীয়া গৰুৰ ভৱিষ্যতো আপোনালোকে বৰবাদ কৰি দিলে! ( তেওঁৰ যেন মোৰ ওপৰতেই খং উঠিছিল)

আমি বৰবাদ কৰি দিলো!! আমি কি কৰিলো? – মই তেওঁক প্ৰশ্ন কৰিলো।

'মেমচাহাব' হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ
শ্বিলঙৰ NEHUৰ প্ৰেক্ষাগৃহত NORTH EAST INDIGENOUS PEOPLES’ FORUM ৰ উদ্যোগত অনুষ্ঠিত হোৱা তথা ৰাষ্ট্ৰসংঘৰ আহ্বানত সমগ্ৰ বিশ্বতে পালন হোৱা International Day of the World’s Indigenous Peoples শীৰ্ষক সভা

খং নাখাব। কিন্তু সত্য কথা হ’ল, আপোনালোকে বেয়া কাম কৰিলে। কৰিব নালাগিছিল। আপুনি সচাই বুজা নাই নে বুজিও নুবুজাৰ দৰে থাকি মোক বুজাব বিচাৰিছে যে আপুনি সচাই বুজা নাই!

শুনক, আমি নাগাই গাখীৰ নাখাও, আমাৰ খাদ্য সংস্কৃতিত গাখীৰ নাই। অসমীয়াৰো গাখীৰ খোৱা অভ্যাস নাই, অলপ দৈ খায় অসমীয়াই। অসমীয়াই আগতে গাখীৰৰ বদলি ( সলনি) গাখীৰ -পানী খাইছিল, ঘৰত আৰু চাহৰ দোকানত ( হয়, আমি বিদ্যালয়ৰ ছাত্ৰ হৈ থকা সময়ত চাহৰ দোকানত গাখীৰ – পানীৰ প্ৰচলন আছিল) গাখীৰ-পানী চলিছিল।

অসমীয়া মানুহে চাহ খায়, গাখীৰ ক’ত খায়! গাখীৰ খায় গুজৰাটীয়ে, পঞ্জাৱীয়ে, গাখীৰ খায় দিল্লীৱালাই। আপোনালোকৰ চাহৰ কাপত মাত্ৰ ২ চামুচ গাখীৰ হ’লেই হৈ যায়। গতিকে খিলঞ্জীয়া গৰুৰ গাখীৰেই আপোনালোকৰ বাবে যথেষ্ট আছিল।

“তেওঁ মোক ক’বলৈ আৰম্ভ কৰিছিল, আমাৰ উত্তৰ পূব ভূ-খন্ডত যিদৰে সকলোফালেৰে বিপদ নামি আহিছে, আক্ৰমণ হৈ আছে, আমাক যিদৰে শিপাহীন কৰাৰ চেষ্টা চলি আছে – ‘সেইচব’ৰ বিষয়ে যথেষ্ট আলোচনা হৈ আছে, হৈ থাকিব, খিলঞ্জীয়া মানুহৰ বাবে আলফাই আলোচনা কৰি আছে, মুইভাই আলোচনা কৰি আছে, অসম চুক্তি আছে, ৬ নং দফা আছে, আমাৰ ইনাৰ লাইন আছে, নেছ’ আছে, আপোনালোকৰো অসমত সমুজ্জ্বল আছে, অতুল বৰা আছে, দিল্লীত সোণোৱাল আছে, ৰঞ্জন গগৈ আছে, ভুৱনেশ্বৰ কলিতা আছে, গৌৰৱ গগৈ আছে, ক’হিমাত নেফিউ আছে, শ্বিলঙত ছাংমা আছে – কিবা নহয় কিবা হ’ব; কিন্তু আপোনালোকৰ অসমৰ খিলঞ্জীয়া গৰুবিলাকৰ কি হ’ব?”

কিন্তু, বেয়া নাপাব, আপোনালোকৰ লোভ বাঢ়ি গ’ল, গাখীৰৰ লোভ নহয়- কাৰণ গাখীৰ আপোনালোকে নাখায়, আপোনালোকৰ বাঢ়ি গ’ল পইছা অৰ্জন কৰাৰ লোভ, আৰু লগে লগে খিলঞ্জীয়া গৰুৰ কাৰণে বিপদ নামি আহিল। অসমৰ মানুহৰ মূৰত বুদ্ধিৰ খেলা আৰম্ভ হ’ল, চয়তানে সেই বুদ্ধিৰ জন্ম দিলে।

indigenous cow1
খিলঞ্জীয়া গৰু

আপোনালোকৰ মনত ভাব হ’ল, অসমৰ খিলঞ্জীয়া গৰুবিলাকৰ গাখীৰ বঢ়াব লাগে – যিদৰে এতিয়া আমাৰ নাগালেণ্ডৰ কিছুমান গাৰ্জেনকো কেৱল স্কুলৰ পৰীক্ষাত বাচ্চাৰ নম্বৰ লাগে ৯৫%/৯৮%/ ৯৯%.., পাৰিলে ১০০%+ নম্বৰো লাগে ! আপোনালোকৰ মনত সোমাল, গাখীৰ বঢ়াব লাগে, গাখীৰ বেচিব লাগে, গাখীৰৰ পৰা পইছা অৰ্জন কৰিব লাগে। আপোনালোকে কি কৰিলে?

নিজেই নিজৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কৈ গ’ল –

আপোনালোকে অসমৰ বা উত্তৰ পূব অঞ্চলৰ বাহিৰৰ পৰা ডাঙৰ ডাঙৰ জাৰ্চী ষাড়গৰুৰ বীৰ্য আমদানি কৰিবলৈ ধৰিলে আৰু অসমৰ সৰু সৰু সৰল সহজ দুৰ্বল গাইগৰুবোৰৰ, যাক আপোনালোকে আজিকালি ‘গো-মাতা‘ বুলি কোৱাটো ফেশ্বন হৈ পৰিছে – সেই গো-মাতাৰ ইচ্ছা-অনিচ্ছা একো নাচাই, গো-মাতাৰ একো মতামত নোলোৱাকৈ অগণতান্ত্ৰিকভাবে বলপূৰ্বক ভৰিবোৰত বান্ধি লৈ যোনিপথেৰে বীৰ্য প্ৰৱেশ কৰাই কৃত্ৰিম প্ৰজনন আৰম্ভ কৰিলে – কাৰণ আপোনালোকক পইছা লাগে, গো-মাতাই জাৰ্চী ষাড়ৰ বীৰ্য ভাল পোৱা নোপোৱাৰ বিচাৰ কোনে কৰে! এয়া কেনে সভ্যতা!

'মেমচাহাব' হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

গো-মাতাৰ প্ৰতি কেনে অবিচাৰ! ছি: ছি:! আজি অসম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, অৰুণাচল আদিত যিদৰে হিন্দী গানে, ইংৰাজী গানে খিলঞ্জীয়া সঙ্গীত ধ্বংস কৰাৰ পথত – অসমতো খিলঞ্জীয়া দমৰা- ষাড় আদিক উপেক্ষা কৰি অৱহেলা কৰি জাৰ্চী ষাড়ৰ বীৰ্য ব্যৱহাৰ কৰিলে – এতিয়া যিদৰে খিলঞ্জীয়া ঠিকাদাৰক বঞ্চিত কৰি বাহিৰৰ ঠিকাদাৰক ঠিকা দিয়া হয় – একেদৰেই অসমৰ দমৰা- ষাড়ক বঞ্চিত কৰি জাৰ্চী ষাড়ক ৰঙা কাৰ্পেট পাতি দিলে আপোনালোকে। 

মই শুনি গৈছিলো। 

তেওঁ কৈ গৈছিল, আপোনালোকক অসমৰ বাহিৰৰ কোনোবাৰ পৰিকল্পনাৰ অংশ হিচাপে বুজাই দিয়া হৈছিল যে খিলঞ্জীয়া গৰুৰ গাখীৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে অধিক উৎপাদনক্ষম ষাড়গৰুৰ বীৰ্যৰে কৃত্ৰিম প্ৰজনন কৰাব লাগে। এয়া এক নীতিত পৰিণত কৰা হ’ল – কোভিডৰ সময়ত ইচ্ছা-অনিচ্ছা নাচাই ভেকচিন দিয়াৰ দৰে – যদিও পিছত ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ দায়িত্ব গ্ৰহণ নকৰে বুলি ঘোষণা কৰিলে!

একেদৰে, জাৰ্চীৰ ষাড়ক ভিভিআইপিৰ মৰ্যদা দিয়া হ’ল আৰু গিনিপিগ কৰা হ’ল অসমৰ নীৰিহ সৰু সৰু লেৰেলা চেপেটা গাইবোৰক। আৰে ভাই, আপোনালোকে গাখীৰ নাখায়, আৰু অসমত খিলঞ্জীয়া দমৰা- ষাড়ৰো অভাৱ নাই, কিয় আনিব লাগে অচিন কাঠৰ ঠোৰা? পইছা অৰ্জন কৰিবলৈ বহুত ৰাস্তা আছে, গো-মাতাক কিয় চুৱা কৰিব লাগে? অসমৰ গো-মাতাক নোসোধাকৈ বাহিৰৰ বিজতৰীয়া জাৰ্চী ষাড়ৰ বীৰ্য আনি প্ৰজনন! এয়া কেনে নীতি ভাই?

'মেমচাহাব' হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

মই একান্ত বাধ্যৰ দৰে শুনি গৈছিলো।!

নাগা ভদ্ৰলোকে কৈ গৈছিল, আপুনি নাজানে বুলি ধৰি লৈ আপোনাক মই এতিয়া অলপ টেকনিকেল কথা ক’ম। ধৰি লওক অসমৰ থলুৱা খিলঞ্জীয়া গাইগৰু এজনীয়ে ২ লিটাৰ গাখীৰ দিয়ে।

আপোনাক কোৱা হ’ল যে সেই গাইগৰুজনীক যদি ২০ লিটাৰ গাখীৰ দিয়া জাৰ্চী গাইৰ পৰা ওপজা দমৰা/ ষাড়ৰ বীৰ্যৰে কৃত্ৰিম প্ৰজনন কৰোৱা হয় – গো-মাতাৰ ইচ্ছা অনিচ্ছাৰ কথা নাই, জাৰ্চীৰ ষাড়টোৰ বা ধৰ্ম কি – সেয়াও চোৱা নহয়; খ্ৰীষ্টান হ’ব পাৰে – ‘লাভ জেহাদ’ হ’ব নে নহ’ব – চিন্তা নাই, তেনেহলে অসমৰ খিলঞ্জীয়া গাইজনীৰ যদি চেউৰী পোৱালি জন্ম হয় – সেই পোৱালিয়ে সময়ত প্ৰায় ১১ লিটাৰ গাখীৰ দিব পৰাকৈ উন্নত হ’ব। এইটো টেকনিকেল কথা।

তেওঁ উদাহৰণ দি ক’লে, খিলঞ্জীয়া গাইগৰুৰ গাখীৰৰ আধা, অৰ্থাৎ ২ লিটাৰৰ আধা হ’ল ১ লিটাৰ; আৰু জাৰ্চীৰ ২০ লিটাৰৰ আধা, অৰ্থাৎ ১০ লিটাৰ; এই দুয়োটা সংখ্যা (১+১০) যোগ হৈ হ’ব ১১ লিটাৰ। ইয়াৰ অৰ্থ হ’ল – সাধাৰণতে সন্তানে মাতৃ আৰু পিতৃৰ গুণাৱলীৰ আধা অংশ বহন কৰে। গতিকে আধা আধা, ফিফটি ফিফটি! বুজিছে? ১১ লিটাৰ।

“গো-মাতাৰ প্ৰতি কেনে অবিচাৰ! ছি: ছি:! আজি অসম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, অৰুণাচল আদিত যিদৰে হিন্দী গানে, ইংৰাজী গানে খিলঞ্জীয়া সঙ্গীত ধ্বংস কৰাৰ পথত – অসমতো খিলঞ্জীয়া দমৰা- ষাড় আদিক উপেক্ষা কৰি অৱহেলা কৰি জাৰ্চী ষাড়ৰ বীৰ্য ব্যৱহাৰ কৰিলে – এতিয়া যিদৰে খিলঞ্জীয়া ঠিকাদাৰক বঞ্চিত কৰি বাহিৰৰ ঠিকাদাৰক ঠিকা দিয়া হয় – একেদৰেই অসমৰ দমৰা- ষাড়ক বঞ্চিত কৰি জাৰ্চী ষাড়ক ৰঙা কাৰ্পেট পাতি দিলে আপোনালোকে।” 

'মেমচাহাব' হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

ইয়াৰ পিছত যদি সেই ১১ লিটাৰ গাখীৰ দিব পৰাকৈ উন্নত হোৱা খিলঞ্জীয়া গাইজনীৰ চেউৰীজনীক উপযুক্ত সময়ত পুনৰ ২০ লিটাৰ গাখীৰ দিব পৰা গুণৰ জাৰ্চীৰ বীৰ্যৰে কৃত্ৰিম প্ৰজনন কৰোৱা হয় – তেনেহলে তাইৰ পোৱালিয়ে একে সূত্ৰ অনুযায়ী ১৬.৫ লিটাৰ গাখীৰ দিব পৰাকৈ গুণসম্পন্ন হ’ব। অৰ্থাৎ, খিলঞ্জীয়া গাইজনীৰ পৰা এটা সময়ত ১৬.৫ লিটাৰ গাখীৰ দিয়া গাইগৰু অসমে লাভ কৰিব। ইতিমধ্যে কৰি আছেও। সেয়াই বিপদ!

কাৰণ আপোনালোকে ১৬.৫ লিটাৰ গাখীৰ উৎপাদন কৰিব পৰা গাইগৰুৰ মালিক হ’ল যদিও আৰম্ভ হ’ল খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ সংকট। কাৰণ, এনেদৰে যেতিয়া বৰ্ণসংকৰ কৰা হয়, তেতিয়া অইন এটা ঘটনাও নিউটনৰ সূত্ৰৰ দৰে ( সকলো ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে) ঘটিবলৈ ধৰে।

সেইটো হ’ল, খিলঞ্জীয়া অসমীয়া গাইগৰুৰ পোৱালিজনীয়ে বা সেই পোৱালিৰ পোৱালিজনীয়ে নিজৰ নিজৰ পৰিচয় হেৰুৱাবলৈ আৰম্ভ কৰে। কিয়নো এনেদৰে খিলঞ্জীয়া গাইগৰুৰ শৰীৰত বাহিৰৰ পৰা আমদানিকৃত অধিক গাখীৰ উৎপাদনৰ গুণ বীৰ্যৰে প্ৰৱেশ কৰালে খিলঞ্জীয়া গৰুৰ জেনেটিক চৰিত্ৰ সলনি হয়। কেনেকৈ সলনি হয় আপুনি জানে?

নাজানো – মোৰ সংক্ষিপ্ত উত্তৰ।

'মেমচাহাব' হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

তেনেহলে শুনক, ১০০% খিলঞ্জীয়া গাইজনীক ১০০% জাৰ্চী গৰুৰ বীৰ্যৰে প্ৰজনন কৰালে নতুন প্ৰজন্মটো জেনেটিকেলি ৫০% খিলঞ্জীয়া আৰু ৫০% জাৰ্চী গৰুৰ চৰিত্ৰৰ হ’ব। তেতিয়া তাইৰ নাম আগতে যদি আছিল ‘চেনিচম্পা’, তাইৰ নতুন নাম হয়তো হৈ পৰিব ‘ছাকিৰা’ বা ‘হাচনাহানা’ – কাৰণ তাই হৈ পৰিব ‘ ক্ৰছ জাৰ্চী’! অৰ্থাৎ, আধা চেনিচম্পা আৰু আধা মেমচাহাব হৈ পৰিব। হ’ব নহয়, হৈ আছেই, বাটে-ঘাটে এতিয়া সকলোতে দেখা যায়।

এই ‘ক্ৰছ জাৰ্ছী’ বা ‘আধা মেমচাহাব’জনীক পুনৰ যদি একেদৰে প্ৰজনন কৰোৱা হয়, তেনেহলে তাইৰ চেউৰী পোৱালিজনীৰ শৰীৰ জেনেটিকেলি ২৫% খিলঞ্জীয়া আৰু ৭৫% জাৰ্চীৰ গুণসম্পন্ন হ’ব। ইতিমধ্যে মই আপোনাক কৈছোৱেই যে এই নতুন গাইজনীৰ ১৬.৫ লিটাৰ বা চাৰে ষোল্ল লিটাৰ গাখীৰ দিব পৰা গুণ থাকিব।

কিন্তু ইয়াৰ পিছতো যদি একেধৰণে প্ৰজনন কৰোৱা হয়, তেনেহলে নতুন প্ৰজন্মটোৰ গাখীৰ দিব পৰা গুণ বাঢ়িব আৰু খিলঞ্জীয়াৰ গুণ বা চৰিত্ৰ সেই গৰুবোৰৰ নোহোৱা হ’ব। যিমানেই খিলঞ্জীয়াৰ চৰিত্ৰ লোপ পাব, সিমানেই নতুন নতুন সমস্যাৰ সৃষ্টি হ’ব। যেনে: গাইজনী অসমতেই থাকিব যদিও অসমৰ স্থানীয় বাতাৱৰণত চলিবলৈ অসুবিধা পাব।

অসমৰ ৰ’দ, বতাহ, বেমাৰ -আজাৰ আদি খিলঞ্জীয়া গৰুৱে যিদৰে সহ্য কৰি ৰোগমুক্ত হৈ থাকিব পাৰে, সেই ‘ইমিউনিটি’ জেনেটিকেলি স্থানীয় চৰিত্ৰ হেৰুৱাই পেলোৱা বৰ্ণসংকৰ গাইজনীৰ নাথাকিব। ফলত সঘনাই বেমাৰ-আজাৰ হ’ব। অথবা খিলঞ্জীয়া গৰুৰ ক্ষেত্ৰত নোহোৱা সমস্যাবোৰ এই নতুন প্ৰজন্মৰ মাজত বেছিকৈ দেখা যাব।

পশু বিজ্ঞানী আৰু পশু চিকিৎসকসকলে গৱেষণা কৰি জানিব পাৰিছে যে জেনেটিকেলি ৫০% খিলঞ্জীয়া আৰু ৫০ % জাৰ্চী হ’লেও অসমৰ পৰিৱেশত হয়তো খাপ খাব পাৰে। সেইকাৰণে একেবাৰে মেমচাহাব নবনাই অলপ দোভচীয়া কৰি ৰাখিব পাৰিলেও মঙ্গল।

কাৰণ এয়া প্ৰমাণ হৈছে যে বাহিৰৰ জেনেটিক চৰিত্ৰক আঁকোৱালি ল’লে এফালে কিছু উন্নতি হোৱা যেন লাগে যদিও নিজস্বতা লোপ পায়। হৈ পৰে – ‘না ঘৰ কা, না ঘাট কা’! গতিকে এটা নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰত থাকিহে বাহিৰৰ বস্তু গ্ৰহণ কৰিব লাগে।

'মেমচাহাব' হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

নাগা ভদ্ৰলোকৰ কথাখিনি শুনাৰ পিছত মই যেন এখন নতুন জগত আৱিষ্কাৰ কৰিলো। মই তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আৰু ক’লো – আপোনাৰ কথাখিনি কেৱল অসমৰ খিলঞ্জীয়া গৰুৰ ক্ষেত্ৰতেই নাখাটে, তথাকথিত আঞ্চলিক দলৰ ক্ষেত্ৰতো খাটে, কাৰণ আমাৰ তথাকথিত বিখ্যাত আঞ্চলিক দলৰো আগৰ চৰিত্ৰ – গুণ এতিয়া নোহোৱা হৈ গৈছে, প্ৰথমে যিখিনি আছিল – বৰ্ণসংকৰ হোৱাৰ পিছত আৰু বাৰম্বাৰ গুজৰাটৰ দানা-পানী খাই থকাৰ পিছত আশ্বৰ্যজনকভাবে গুণ-চৰিত্ৰৰ লগতে গাখীৰো নোহোৱা হৈছে – কেৱল গোবৰ আৰু গোবৰ।

আমাৰো খিলঞ্জীয়া চৰিত্ৰ – গুণ নাইকীয়া হ’বলৈ ধৰিছে। আৰু কিছুমান খিলঞ্জীয়াই বলপূৰ্বক জাৰ্চীৰ চোলা পিন্ধি হেম্বেলিয়াই আছে – কিন্তু ‘না গাখীৰ, না চেউৰী’; সেইবোৰে আকৌ যথাযথভাবে জেনেটিকেলি সলনি হোৱাৰ আগতেই বলপূৰ্বক মানসিকভাবে সলনি হৈ পৰিছে! কি বিচিত্ৰ!…..

মই কৈ থাকোতে নাগা ভদ্ৰলোকে মোক বাধা দি কৈ উঠিল, আৰে ভাই, সেই কাৰণেই আমাৰ ইয়াৰে পৰা গৈ খিলঞ্জীয়াই দিল্লী -গুজৰাটত ৰাজত্ব কৰিব নোৱাৰে।

indigenous cow
অসমৰ খিলঞ্জীয়া ষাড়

মই সুধিলো- কিয়?

তেওঁ ক’লে, বাহিৰৰ ২০ লিটাৰ গাখীৰ দি থকা জাৰ্চীক যদি অসমৰ খিলঞ্জীয়া ষাড়-দমৰাৰ বীৰ্যৰে কৃত্ৰিম প্ৰজনন কৰোৱা হয়, সেই জাৰ্চীৰ পোৱালিৰ গাখীৰ হৈ যাব ১১ লিটাৰ; তাৰপিছত ৬.৫ লিটাৰ, তাৰপিছত ৪.২৫০ লিটাৰ…!

 সেইকাৰণে আপোনালোকৰ অসমৰ খিলঞ্জীয়া গাইৰো এতিয়া অস্তিত্বৰ সংকট আৰু অসমৰ খিলঞ্জীয়া দমৰা- ষাড়বোৰৰো কোনো কাম নাই ! অসমতো কাম নাই- অসমৰ বাহিৰতো কাম নাই – ‘নিবনুৱা’ৰ দৰে! গতিকে কিবা চিন্তা কৰক, গো-মাতাৰ বাবে চুক্তি ফুক্তি কিবা কৰক। যদি পাৰে, গৰুমন্ত্ৰীক কৈ অসমৰ অকামিলা আৰু অখিলঞ্জীয়া হৈ পৰা দমৰা/ষাড়বিলাকক ‘খাচী’ কৰি পেলাওক!

মই তেওঁক ক’লো- খাচী নহয়, বলদ !

তেওঁ বেকাকৈ এটা হাঁহি মাৰি ক’লে – একেই কথা ভাই! খাচীয়েই বলদ, বলদেই খাচী*!

আমাৰ আহাৰ গ্ৰহণ সমাপ্ত হ’ল, দুয়ো বিদায় ললো।

  • *’খাচী’ মানে তেওঁ ‘পঠাছাগলীক খাহী কৰাৰ দৰে দমৰাক বলদলৈ ৰূপান্তৰিত কৰাৰ কথা বুজাইছিল বুলিহে মই বুজিছিলো‘!
'মেমচাহাব' হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

  

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 19, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d