• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, May 18, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

নাগৰিকপঞ্জীৰ খচৰা আৰু মিঠাই

অঞ্জন শৰ্মা

by Admin
April 26, 2022
in Justice
Reading Time: 2 mins read
0
নাগৰিকপঞ্জীৰ খচৰা আৰু মিঠাই
Share on FacebookShare on TwitterShare on LinkedIn

নাগৰিকপঞ্জীৰ খচৰা

উভতি চাওঁ:

অসম আন্দোলনৰ আৰম্ভণিৰো আগৰে পৰাই অসমৰ জাতীয় জীৱনৰ সমস্যাৰ সৈতে কলমেৰে তথা অন্যান্য ধৰণে জড়িত হৈ আছিলো হেতুকেই ১৯৮৫ চনৰ ‘অসম চুক্তি’ খনক লৈ মুঠেও সুখী হোৱা নাছিলো বাবেই শ্ৰদ্ধাৰ সৌৰভ কুমাৰ চলিহা ওৰফে সুৰেন্দ্ৰ নাথ মেধিৰ সৈতে (আৰু ডঃ আনন্দ বৰবৰাদেৱো আছিল) অসম চুক্তিৰ বিৰোধীতা কৰি The Sentinel কাকতত চুক্তিখন স্বাক্ষৰিত হোৱাৰ পিছতেই লেখা প্ৰকাশ কৰিছিলো আৰু সম্ভৱতঃ সেয়াই আছিল প্ৰথম লিখিত প্ৰতিবাদ।

অসম চুক্তিৰ দৰে এখন চুক্তিৰ বাবে ৮৫৫ জন শ্বহীদ হোৱা নাছিল বা এখন আই-আই-টি, এটা শোধনাগাৰ, দুখন বিশ্ববিদ্যালয়, এখন কলাক্ষেত্ৰ, এখন অগপ চৰকাৰ ইত্যাদিৰ বাবে অসম আন্দোলনটোও হোৱা নাছিল। সমগ্ৰ অসম সেইসময়ত এক অবুজ উন্মাদনাত উটি গৈছিল, গতিকে আমাৰ প্ৰতিবাদ, নিবাৰণ বৰাৰ প্ৰতিবাদ, অতুল বৰাহতৰ প্ৰতিবাদ কাৰো কাণত পৰা নাছিল। অসম চুক্তিৰ ফলাফল আমি দেখিবলৈ পালো বাবে এতিয়া চৰ্চা নকৰো। এইখিনি কথা এইকাৰণেই উল্লেখ কৰিলো- যিহেতু এতিয়া নাগৰিকপঞ্জীৰ খচৰাৰ প্ৰকাশ হোৱাৰ পিছত এক অন্য অবুজ উন্মাদনাত অসম উটি-ভাহি আছে আৰু সেই সময়তেই নাগৰিকপঞ্জী সম্পৰ্কে দুষাৰ কবলৈ ওলাইছো; আৰু ভাবিছো- অকাৰণত মিঠাই বিতৰণ হৈ থকা অসমত মই কবলৈ ওলোৱা কথাখিনিৰ কোনোবাই জানো গুৰুত্ব দিব!! তথাপিও কৈ থব বিচাৰিছো ।


নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ হোৱাৰ লগে লগেই অসমত হুলস্থুল নহলেও অসমৰ বাহিৰত অসমৰ বিষয়ে কোনোকালে চিন্তা নকৰা বিভিন্ন সংগঠন, দল, ব‍্যক্তি আদিয়ে অসমৰ ৪০ লাখ ‘নাগৰিকত্বহীন’ লোকক লৈ অৰণ‍্যৰোদন কৰিবলৈ আৰম্ভ কৰিছে তথা এইসকলক কেন্দ্ৰ কৰি ‘ৰোহিংগা’সদৃশ সমস্যাৰ উদ্ভৱ হ’ব, বিশ্বই হাঁহিব, ইত্যাদি মতামত ডাঙি ধৰি এক অন্য পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচাৰিছে; আৰু অসমত আমি আনন্দত উটি গৈছো তথা কোন কোন কৃতিত্বৰ পাত্ৰ – সেইবিষয়ে গৱেষণা আৰম্ভ কৰিছো। ইয়াৰ মাজতে মূল বিষয়টো তল পৰি গৈছে আৰু সেই বিষয়টো হ’ল-এইধৰণৰ নাগৰিকপঞ্জীৰ বাবে অসম আন্দোলন হোৱা নাছিল, যিদৰে ‘অসম চুক্তি’ৰ দৰে এখন চুক্তিৰ বাবে অসম আন্দোলন হোৱা নাছিল বা ৮৫৫ জন শ্বহীদ হোৱা নাছিল।

মূল বিষয়টো হ’ল- যি ৪০ লাখ লোক নাগৰিকপঞ্জীৰ পৰা বাদ পৰিছে, তেওঁলোক কোন? এই প্ৰশ্ন উঠিলেই উচ্চতম ন‍্যায়ালয়ৰ নাম লৈ কোৱা হয় যে উচ্চতম ন‍্যায়ালয়ৰ তত্ত্বাৱধানত নাগৰিকপঞ্জী প্ৰস্তুত কৰা হৈছে বাবে এনেবোৰ প্ৰশ্ন কোনেও নকৰাই ভাল! উচ্চতম ন‍্যায়ালয়ে নাগৰিকপঞ্জী প্ৰস্তুত কৰা নাই, উচ্চতম ন‍্যায়ালয়ে তত্ত্বাৱধানৰ নামত ‘Content’ আৰু ‘Process’ পৰ্যবেক্ষণ হে কৰিছে, ঘৰে ঘৰে ন‍্যায়াধীশৰ অধীনস্থ বিষয়া-কৰ্মচাৰী যোৱা নাই, ন‍্যায়াধীশে নিযুক্তি দি ‘Data Entry’ কৰোৱা নাই, ইত্যাদি। শুনামতে, Data Entry Operatorৰ বাবে ধাৰ্য কৰা ১৫০০০ টকাৰ পৰা Wipro জাতীয় প্ৰতিস্থানে ৬০০০ টকা কাটি ৰাখি ৯০০০ টকা হে দিছিল প্ৰতিজনৰ নামত আৰু তাৰেপৰা মাজৰ মধ‍্যভোগীয়ে ৪০০০ টকা নিজৰ জেপত থৈ মাত্ৰ ৫০০০ টকাহে প্ৰতিজন অপাৰেটৰক দিছিল; অৰ্থাৎ ১৫০০০/- টকাৰ ঠাইত ৫০০০/-টকা!! উচ্চতম ন‍্যায়ালয়ে হয়তো এইবোৰো চোৱা নাই।

RelatedPosts

First Person: I am a woman, a refugee, ‘I am who I am’

First Person: I am a woman, a refugee, ‘I am who I am’

May 17, 2022
Children of Afghanistan : A nation cannot be insulted more than this!

Children of Afghanistan : A nation cannot be insulted more than this!

May 17, 2022
Afghan women’s rights under Taliban’s Rule!

The gift of Taliban

May 17, 2022

Data Entry কিমান মানদন্ডপূৰ্ণ হ’ব পাৰে অনুমান কৰিব পাৰি আৰু অনুমান কৰিব পাৰি যে অইনবোৰ বিষয়তো কেনেধৰণৰ ‘বিত্তীয় ঘটনা’ সংঘটিত হৈছে। এইবোৰৰ বিচাৰ হয়তো মহাগাণনিকৰ কাৰ্যালয়ে কৰিব (যদিহে উচ্চতম ন‍্যায়ালয়ৰ নাম লৈ বাধা দিয়া নহয়), আৰু ১০ বছৰমানৰ পিছত আমি গম পাম (তেতিয়ালৈ মানুহে পাহৰি যোৱাই স্বাভাৱিক, যিদৰে এতিয়াৰ বহু মন্ত্ৰী যে কংগ্ৰেছৰ আছিল-সেয়া পাহৰাৰ দৰেই)!


যি কি নহওক, নাগৰিকপঞ্জীৰ ৪০ লাখ সংখ‍্যাটোলৈ চোৱা যাওক। অসমৰ বাহিৰৰ ৰাজ‍্যবোৰলৈ অসমত বাস কৰা মাৰোৱাৰী, বিহাৰী, তামিল, বঙালী ইত‍্যাদিৰ নথি-পত্ৰ বিচাৰি প্ৰেৰণ কৰা পত্ৰৰ বিপৰীতে উত্তৰ অথবা নথি-পত্ৰ নহা নাগৰিকৰ সংখ্যা প্ৰায় ৬০০০০০ মান হ’ব বুলি জানিব পৰা গৈছে। গতিকে সংখ্যাটো হৈ পৰিল ৩৪০০০০০ নাগৰিক। এতিয়া ২০১৪ চনলৈ অহা হিন্দু নেপালী, বৌদ্ধ, শিখ আদিক নাগৰিকত্ব প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে দৃঢ়প্ৰতিজ্ঞ হেতুকেই অসমত পুনৰ ১৫০০০০০ হিন্দু বঙালী লোকে নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ’ব, অৰ্থাৎ ৩৪ লাখৰ পৰা ১৫ লাখ বাদ দিলে সংখ্যা হৈ পৰিল ১৯ লাখ! অসমৰ ধেমাজি, জোনাই আদিৰ বানবিধ্বস্ত অঞ্চলবোৰৰ বহু লোকৰ ভূমি নাই, কোনো নথি পত্ৰ নাই; এনে খিলঞ্জীয়া লোকৰ সংখ্যা হ’ব প্ৰায় ১২ লাখ বা অধিক। গতিকে সংখ্যা হৈ পৰিল মাত্ৰ ৯ লাখ!!

সন্দেহজনক বিদেশী মাত্ৰ ৯ লাখ??

আকৌ, ২০১১ চনৰ লোকপিয়লৰ পিছত ২০১৫ চনত অসমৰ Projected জনসংখ্যা হ’ব লাগিছিল প্ৰায় ৩৪৬০০০০০ (২% Growth per year); কিন্তু নাগৰিকপঞ্জীৰ বাবে আবেদন কৰিছিল প্ৰায় ৩২৯০০০০০ জন লোকেহে! অৰ্থাৎ ১৭ লাখ লোকে আৱেদন কৰা নাই! এই ১৭ লাখৰ ভিতৰত সন্দেহজনক বিদেশী আছে বুলি আমি নাভাবো, এইসকল আমাৰ খিলঞ্জীয়া লোকেই হ’ব- যিসকলক বাতৰিকাকত, ইলেক্ট্ৰনিক মেডিয়া, মোবাইল আদিয়ে ঢুকি নাপায় তথা অজ্ঞ আৰু জ্ঞাত হ’লেও উদাসীন। গতিকে এইখন নাগৰিকপঞ্জীৰ খচৰাৰ নামত অদৰ্কাৰী উন্মাদনাত মত্ত হৈ লাভ নাই।

অসম চুক্তিৰ নামত ১৯৭১ চনলৈ কিমানক বৈধতা দিয়া হ’ল তাৰো হিচাপ আমি যিদৰে নাজানিলো, এইখন নাগৰিকপঞ্জীৰ পৰাও আমাৰ অসমৰ কিবা যে লাভ হ’ব-সেই আশা নকৰাই ভাল। তাতে মুখ‍্যমন্ত্ৰী, ভাৰতৰ গৃহমন্ত্ৰী সকলোৱে কৈ আছে নাগৰিকপঞ্জীৰ পৰা বাদ পৰাসকলে ভয় খাবলৈ একো নাই!! গতিকে যদি কোনোবাই ভয় খাব লাগে, সেয়া হলো আমি। কিন্তু আমি ভয় খোৱা নাই। আমি নায়ক, মহানায়ক নিৰ্বাচন কৰি আছো।


বেছিদিন নাই, এইখন নাগৰিকপঞ্জীৰ বিৰোধিতা কৰি পুনৰ এক ঐতিহাসিক আন্দোলন আৰম্ভ কৰিব লাগিব। গতিকে হাজেলা মহোদয়ে বা উচ্চতম ন‍্যায়ালয়ে নাগৰিকপঞ্জীৰ খচৰাৰ পৰা নাম বাদ পৰাসকলৰ তালিকাখন প্ৰকাশ কৰিব লাগে, তেতিয়াহে গম পাম-কি হৈছ আৰু কি হ’ব, আৰু দেখিলেহে লেখিম। আজি সেয়েহে আমি অনাহক উন্মাদনাত জাপ মাৰি একো লাভ নাই আৰু অসমৰ বাহিৰতো বিভিন্ন লবীয়ে হুলস্থুল কৰিও একো লাভ নাই। অনতিপলমে আমি গম পাম যে এনে এখন নাগৰিকপঞ্জীৰ বাবে অসম আন্দোলন হোৱা নাছিল।


আমি সকলোৱে এখন খিলঞ্জীয়া নাগৰিকপঞ্জীৰ বাবে প্ৰস্তুত হোৱাৰ এয়াই প্ৰকৃত সময়। লগতে নাগৰিকত্ব সংশোধনী বিল, ২০১৬ খনক সৰ্বপ্ৰকাৰে প্ৰতিৰোধ কৰাৰো এয়াই প্ৰকৃত সময়। দেখা যাওক, এই নাগৰিকপঞ্জীৰ খচৰাক লৈ উচ্চতম ন্যায়ালয়ে কি পদক্ষেপ গ্ৰহণ কৰে; কি পদক্ষেপ উচ্চতম ন‍্যায়ালয়ে মতিউৰ ৰহমানৰ গোচৰৰ ক্ষেত্ৰত গ্ৰহণ কৰে! অসম আন্দোলন সচাই এক ট্ৰেজেদী হিচাপেই ইতিহাসৰ বক্ষত লিপিবদ্ধ নহওক বুলিয়েই মনৰ ভাব ব‍্যক্ত কৰিলো, কোনো বিতৰ্কৰ বাবে নহয়। কাৰণ, আমি অসম আন্দোলনত অংশগ্ৰহণ কৰোতে আমাৰ বয়স আছিল ১৮/১৯ বছৰ, আৰু এতিয়া ষাঠীৰ দেওনা ষ্পৰ্শ কৰিবলৈ বেছি দিন নাই; কিছুমান মন্ত্ৰী হ’ল, মুখ‍্যমন্ত্ৰী হ’ল-কিন্তু অসম আন্দোলনৰ বা আপোচমূলক অসম চুক্তিখনৰ দ্বাৰা অসমৰ মৌলিক সুফল একো চকুত নপৰিল, এতিয়াও একেবোৰ বিষয়ক লৈ আন্দোলন চলিয়েই আছে।

কংগ্ৰেছে আৰম্ভ কৰা বিদেশী সমস‍্যা বিজেপিয়ে নতুন মাত্ৰা প্ৰদান কৰি অসম আন্দোলনৰ মূল ভিত্তিয়েই উছন কৰিবলৈ বদ্ধপৰিকৰ। গতিকে এই নাগৰিকপঞ্জীৰ খচৰাক লৈ মিঠাই খালে মধুমেহ ৰোগৰ বলি হব লাগিব বুলিয়েই মনৰ ভাব ব‍্যক্ত কৰিলো।৪০ লাখক লৈ অসমৰ বাহিৰৰ হুলস্থলৰ যিদৰে অৰ্থ নাই, আমাৰো আনন্দৰ অৰ্থ নাই (সেইবাবেই অসমৰ ভিতৰতো হুলস্থুল-হুমুনিয়াহ সেইসকলৰ নাই-যিসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে অসম আন্দোলন কৰা হৈছিল। প্ৰকৃততে কি হৈছে-সময়ে প্ৰমাণ কৰিব। প্ৰণাম।

06-08-2018

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: নাগৰিকপঞ্জীৰ খচৰা
Admin

Admin

Related Posts

First Person: I am a woman, a refugee, ‘I am who I am’
Women

First Person: I am a woman, a refugee, ‘I am who I am’

by Admin
May 17, 2022
0

First Person UN The UN migration agency, IOM, is running migrant centres across six provinces in Turkey as part of its refugee response,...

Read more
Children of Afghanistan : A nation cannot be insulted more than this!

Children of Afghanistan : A nation cannot be insulted more than this!

May 17, 2022
Afghan women’s rights under Taliban’s Rule!

The gift of Taliban

May 17, 2022
My soldier

My soldier

May 16, 2022
Taliban’s continuing ban on education for young girls

Taliban’s continuing ban on education for young girls

May 16, 2022
Afghan women’s rights under Taliban’s Rule!

Afghan women’s rights under Taliban’s Rule!

May 15, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 18, 2022
Taliban rules for Afghan Women

Before the Taliban & After the Taliban

May 17, 2022
an anti war message on a red piece of paper

UKRAINE DIARY: Today is the 27th Day of WAR

May 17, 2022
RUSSIAN WAR CRIMES & HUMAN RIGHT VIOLATIONS IN THE WAR

UKRAINE DIARY: Today is the 26th Day of WAR

May 17, 2022

Popular Stories

  • Emergence Of The KNF In Chittagong Hill Tracts

    Emergence Of The KNF In Chittagong Hill Tracts

    301 shares
    Share 120 Tweet 75
  • ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

    14 shares
    Share 6 Tweet 4
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    27 shares
    Share 11 Tweet 7
  • Tathā-agata

    15 shares
    Share 6 Tweet 4
  • First Person: I am a woman, a refugee, ‘I am who I am’

    6 shares
    Share 2 Tweet 2
  • ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

    21 shares
    Share 8 Tweet 5
  • NEIPF’s ‘Diphupar Declaration’

    79 shares
    Share 32 Tweet 20
  • Inflation: Difference between 2014 and 2022

    4 shares
    Share 2 Tweet 1
  • Children of Afghanistan : A nation cannot be insulted more than this!

    4 shares
    Share 2 Tweet 1
  • তপা মানুহক ‘তপা’ বুলি কোৱাটো অপৰাধ, জনালে আদালতে

    13 shares
    Share 5 Tweet 3
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: