• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

নাগৰিকপঞ্জীৰ খচৰা আৰু মিঠাই

অঞ্জন শৰ্মা

by Anjan Sarma
April 26, 2022
in Justice
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

নাগৰিকপঞ্জীৰ খচৰা

উভতি চাওঁ:

অসম আন্দোলনৰ আৰম্ভণিৰো আগৰে পৰাই অসমৰ জাতীয় জীৱনৰ সমস্যাৰ সৈতে কলমেৰে তথা অন্যান্য ধৰণে জড়িত হৈ আছিলো হেতুকেই ১৯৮৫ চনৰ ‘অসম চুক্তি’ খনক লৈ মুঠেও সুখী হোৱা নাছিলো বাবেই শ্ৰদ্ধাৰ সৌৰভ কুমাৰ চলিহা ওৰফে সুৰেন্দ্ৰ নাথ মেধিৰ সৈতে (আৰু ডঃ আনন্দ বৰবৰাদেৱো আছিল) অসম চুক্তিৰ বিৰোধীতা কৰি The Sentinel কাকতত চুক্তিখন স্বাক্ষৰিত হোৱাৰ পিছতেই লেখা প্ৰকাশ কৰিছিলো আৰু সম্ভৱতঃ সেয়াই আছিল প্ৰথম লিখিত প্ৰতিবাদ।

অসম চুক্তিৰ দৰে এখন চুক্তিৰ বাবে ৮৫৫ জন শ্বহীদ হোৱা নাছিল বা এখন আই-আই-টি, এটা শোধনাগাৰ, দুখন বিশ্ববিদ্যালয়, এখন কলাক্ষেত্ৰ, এখন অগপ চৰকাৰ ইত্যাদিৰ বাবে অসম আন্দোলনটোও হোৱা নাছিল। সমগ্ৰ অসম সেইসময়ত এক অবুজ উন্মাদনাত উটি গৈছিল, গতিকে আমাৰ প্ৰতিবাদ, নিবাৰণ বৰাৰ প্ৰতিবাদ, অতুল বৰাহতৰ প্ৰতিবাদ কাৰো কাণত পৰা নাছিল। অসম চুক্তিৰ ফলাফল আমি দেখিবলৈ পালো বাবে এতিয়া চৰ্চা নকৰো। এইখিনি কথা এইকাৰণেই উল্লেখ কৰিলো- যিহেতু এতিয়া নাগৰিকপঞ্জীৰ খচৰাৰ প্ৰকাশ হোৱাৰ পিছত এক অন্য অবুজ উন্মাদনাত অসম উটি-ভাহি আছে আৰু সেই সময়তেই নাগৰিকপঞ্জী সম্পৰ্কে দুষাৰ কবলৈ ওলাইছো; আৰু ভাবিছো- অকাৰণত মিঠাই বিতৰণ হৈ থকা অসমত মই কবলৈ ওলোৱা কথাখিনিৰ কোনোবাই জানো গুৰুত্ব দিব!! তথাপিও কৈ থব বিচাৰিছো ।


নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ হোৱাৰ লগে লগেই অসমত হুলস্থুল নহলেও অসমৰ বাহিৰত অসমৰ বিষয়ে কোনোকালে চিন্তা নকৰা বিভিন্ন সংগঠন, দল, ব‍্যক্তি আদিয়ে অসমৰ ৪০ লাখ ‘নাগৰিকত্বহীন’ লোকক লৈ অৰণ‍্যৰোদন কৰিবলৈ আৰম্ভ কৰিছে তথা এইসকলক কেন্দ্ৰ কৰি ‘ৰোহিংগা’সদৃশ সমস্যাৰ উদ্ভৱ হ’ব, বিশ্বই হাঁহিব, ইত্যাদি মতামত ডাঙি ধৰি এক অন্য পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচাৰিছে; আৰু অসমত আমি আনন্দত উটি গৈছো তথা কোন কোন কৃতিত্বৰ পাত্ৰ – সেইবিষয়ে গৱেষণা আৰম্ভ কৰিছো। ইয়াৰ মাজতে মূল বিষয়টো তল পৰি গৈছে আৰু সেই বিষয়টো হ’ল-এইধৰণৰ নাগৰিকপঞ্জীৰ বাবে অসম আন্দোলন হোৱা নাছিল, যিদৰে ‘অসম চুক্তি’ৰ দৰে এখন চুক্তিৰ বাবে অসম আন্দোলন হোৱা নাছিল বা ৮৫৫ জন শ্বহীদ হোৱা নাছিল।

nrc

মূল বিষয়টো হ’ল- যি ৪০ লাখ লোক নাগৰিকপঞ্জীৰ পৰা বাদ পৰিছে, তেওঁলোক কোন? এই প্ৰশ্ন উঠিলেই উচ্চতম ন‍্যায়ালয়ৰ নাম লৈ কোৱা হয় যে উচ্চতম ন‍্যায়ালয়ৰ তত্ত্বাৱধানত নাগৰিকপঞ্জী প্ৰস্তুত কৰা হৈছে বাবে এনেবোৰ প্ৰশ্ন কোনেও নকৰাই ভাল! উচ্চতম ন‍্যায়ালয়ে নাগৰিকপঞ্জী প্ৰস্তুত কৰা নাই, উচ্চতম ন‍্যায়ালয়ে তত্ত্বাৱধানৰ নামত ‘Content’ আৰু ‘Process’ পৰ্যবেক্ষণ হে কৰিছে, ঘৰে ঘৰে ন‍্যায়াধীশৰ অধীনস্থ বিষয়া-কৰ্মচাৰী যোৱা নাই, ন‍্যায়াধীশে নিযুক্তি দি ‘Data Entry’ কৰোৱা নাই, ইত্যাদি। শুনামতে, Data Entry Operatorৰ বাবে ধাৰ্য কৰা ১৫০০০ টকাৰ পৰা Wipro জাতীয় প্ৰতিস্থানে ৬০০০ টকা কাটি ৰাখি ৯০০০ টকা হে দিছিল প্ৰতিজনৰ নামত আৰু তাৰেপৰা মাজৰ মধ‍্যভোগীয়ে ৪০০০ টকা নিজৰ জেপত থৈ মাত্ৰ ৫০০০ টকাহে প্ৰতিজন অপাৰেটৰক দিছিল; অৰ্থাৎ ১৫০০০/- টকাৰ ঠাইত ৫০০০/-টকা!! উচ্চতম ন‍্যায়ালয়ে হয়তো এইবোৰো চোৱা নাই।

Data Entry কিমান মানদন্ডপূৰ্ণ হ’ব পাৰে অনুমান কৰিব পাৰি আৰু অনুমান কৰিব পাৰি যে অইনবোৰ বিষয়তো কেনেধৰণৰ ‘বিত্তীয় ঘটনা’ সংঘটিত হৈছে। এইবোৰৰ বিচাৰ হয়তো মহাগাণনিকৰ কাৰ্যালয়ে কৰিব (যদিহে উচ্চতম ন‍্যায়ালয়ৰ নাম লৈ বাধা দিয়া নহয়), আৰু ১০ বছৰমানৰ পিছত আমি গম পাম (তেতিয়ালৈ মানুহে পাহৰি যোৱাই স্বাভাৱিক, যিদৰে এতিয়াৰ বহু মন্ত্ৰী যে কংগ্ৰেছৰ আছিল-সেয়া পাহৰাৰ দৰেই)!

nrc2


যি কি নহওক, নাগৰিকপঞ্জীৰ ৪০ লাখ সংখ‍্যাটোলৈ চোৱা যাওক। অসমৰ বাহিৰৰ ৰাজ‍্যবোৰলৈ অসমত বাস কৰা মাৰোৱাৰী, বিহাৰী, তামিল, বঙালী ইত‍্যাদিৰ নথি-পত্ৰ বিচাৰি প্ৰেৰণ কৰা পত্ৰৰ বিপৰীতে উত্তৰ অথবা নথি-পত্ৰ নহা নাগৰিকৰ সংখ্যা প্ৰায় ৬০০০০০ মান হ’ব বুলি জানিব পৰা গৈছে। গতিকে সংখ্যাটো হৈ পৰিল ৩৪০০০০০ নাগৰিক। এতিয়া ২০১৪ চনলৈ অহা হিন্দু নেপালী, বৌদ্ধ, শিখ আদিক নাগৰিকত্ব প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে দৃঢ়প্ৰতিজ্ঞ হেতুকেই অসমত পুনৰ ১৫০০০০০ হিন্দু বঙালী লোকে নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ’ব, অৰ্থাৎ ৩৪ লাখৰ পৰা ১৫ লাখ বাদ দিলে সংখ্যা হৈ পৰিল ১৯ লাখ! অসমৰ ধেমাজি, জোনাই আদিৰ বানবিধ্বস্ত অঞ্চলবোৰৰ বহু লোকৰ ভূমি নাই, কোনো নথি পত্ৰ নাই; এনে খিলঞ্জীয়া লোকৰ সংখ্যা হ’ব প্ৰায় ১২ লাখ বা অধিক। গতিকে সংখ্যা হৈ পৰিল মাত্ৰ ৯ লাখ!!

সন্দেহজনক বিদেশী মাত্ৰ ৯ লাখ??

nrc3

আকৌ, ২০১১ চনৰ লোকপিয়লৰ পিছত ২০১৫ চনত অসমৰ Projected জনসংখ্যা হ’ব লাগিছিল প্ৰায় ৩৪৬০০০০০ (২% Growth per year); কিন্তু নাগৰিকপঞ্জীৰ বাবে আবেদন কৰিছিল প্ৰায় ৩২৯০০০০০ জন লোকেহে! অৰ্থাৎ ১৭ লাখ লোকে আৱেদন কৰা নাই! এই ১৭ লাখৰ ভিতৰত সন্দেহজনক বিদেশী আছে বুলি আমি নাভাবো, এইসকল আমাৰ খিলঞ্জীয়া লোকেই হ’ব- যিসকলক বাতৰিকাকত, ইলেক্ট্ৰনিক মেডিয়া, মোবাইল আদিয়ে ঢুকি নাপায় তথা অজ্ঞ আৰু জ্ঞাত হ’লেও উদাসীন। গতিকে এইখন নাগৰিকপঞ্জীৰ খচৰাৰ নামত অদৰ্কাৰী উন্মাদনাত মত্ত হৈ লাভ নাই।

অসম চুক্তিৰ নামত ১৯৭১ চনলৈ কিমানক বৈধতা দিয়া হ’ল তাৰো হিচাপ আমি যিদৰে নাজানিলো, এইখন নাগৰিকপঞ্জীৰ পৰাও আমাৰ অসমৰ কিবা যে লাভ হ’ব-সেই আশা নকৰাই ভাল। তাতে মুখ‍্যমন্ত্ৰী, ভাৰতৰ গৃহমন্ত্ৰী সকলোৱে কৈ আছে নাগৰিকপঞ্জীৰ পৰা বাদ পৰাসকলে ভয় খাবলৈ একো নাই!! গতিকে যদি কোনোবাই ভয় খাব লাগে, সেয়া হলো আমি। কিন্তু আমি ভয় খোৱা নাই। আমি নায়ক, মহানায়ক নিৰ্বাচন কৰি আছো।


বেছিদিন নাই, এইখন নাগৰিকপঞ্জীৰ বিৰোধিতা কৰি পুনৰ এক ঐতিহাসিক আন্দোলন আৰম্ভ কৰিব লাগিব। গতিকে হাজেলা মহোদয়ে বা উচ্চতম ন‍্যায়ালয়ে নাগৰিকপঞ্জীৰ খচৰাৰ পৰা নাম বাদ পৰাসকলৰ তালিকাখন প্ৰকাশ কৰিব লাগে, তেতিয়াহে গম পাম-কি হৈছ আৰু কি হ’ব, আৰু দেখিলেহে লেখিম। আজি সেয়েহে আমি অনাহক উন্মাদনাত জাপ মাৰি একো লাভ নাই আৰু অসমৰ বাহিৰতো বিভিন্ন লবীয়ে হুলস্থুল কৰিও একো লাভ নাই। অনতিপলমে আমি গম পাম যে এনে এখন নাগৰিকপঞ্জীৰ বাবে অসম আন্দোলন হোৱা নাছিল।


আমি সকলোৱে এখন খিলঞ্জীয়া নাগৰিকপঞ্জীৰ বাবে প্ৰস্তুত হোৱাৰ এয়াই প্ৰকৃত সময়। লগতে নাগৰিকত্ব সংশোধনী বিল, ২০১৬ খনক সৰ্বপ্ৰকাৰে প্ৰতিৰোধ কৰাৰো এয়াই প্ৰকৃত সময়। দেখা যাওক, এই নাগৰিকপঞ্জীৰ খচৰাক লৈ উচ্চতম ন্যায়ালয়ে কি পদক্ষেপ গ্ৰহণ কৰে; কি পদক্ষেপ উচ্চতম ন‍্যায়ালয়ে মতিউৰ ৰহমানৰ গোচৰৰ ক্ষেত্ৰত গ্ৰহণ কৰে! অসম আন্দোলন সচাই এক ট্ৰেজেদী হিচাপেই ইতিহাসৰ বক্ষত লিপিবদ্ধ নহওক বুলিয়েই মনৰ ভাব ব‍্যক্ত কৰিলো, কোনো বিতৰ্কৰ বাবে নহয়। কাৰণ, আমি অসম আন্দোলনত অংশগ্ৰহণ কৰোতে আমাৰ বয়স আছিল ১৮/১৯ বছৰ, আৰু এতিয়া ষাঠীৰ দেওনা ষ্পৰ্শ কৰিবলৈ বেছি দিন নাই; কিছুমান মন্ত্ৰী হ’ল, মুখ‍্যমন্ত্ৰী হ’ল-কিন্তু অসম আন্দোলনৰ বা আপোচমূলক অসম চুক্তিখনৰ দ্বাৰা অসমৰ মৌলিক সুফল একো চকুত নপৰিল, এতিয়াও একেবোৰ বিষয়ক লৈ আন্দোলন চলিয়েই আছে।

nrc1

কংগ্ৰেছে আৰম্ভ কৰা বিদেশী সমস‍্যা বিজেপিয়ে নতুন মাত্ৰা প্ৰদান কৰি অসম আন্দোলনৰ মূল ভিত্তিয়েই উছন কৰিবলৈ বদ্ধপৰিকৰ। গতিকে এই নাগৰিকপঞ্জীৰ খচৰাক লৈ মিঠাই খালে মধুমেহ ৰোগৰ বলি হব লাগিব বুলিয়েই মনৰ ভাব ব‍্যক্ত কৰিলো।৪০ লাখক লৈ অসমৰ বাহিৰৰ হুলস্থলৰ যিদৰে অৰ্থ নাই, আমাৰো আনন্দৰ অৰ্থ নাই (সেইবাবেই অসমৰ ভিতৰতো হুলস্থুল-হুমুনিয়াহ সেইসকলৰ নাই-যিসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে অসম আন্দোলন কৰা হৈছিল। প্ৰকৃততে কি হৈছে-সময়ে প্ৰমাণ কৰিব। প্ৰণাম।

06-08-2018

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: নাগৰিকপঞ্জীৰ খচৰা
Anjan Sarma

Anjan Sarma

Related Posts

Supreme Court Stands Firm Against Wealthy Silencing Media!
Special Report

India’s Judicial Transparency In the path of Transition

by Pradakshina Sarmah
August 15, 2026
0

India’s Judicial Transparency In the path of Transition PRADAKSHINA SARMAH Judicial Transparency refers to the openness, accessibility, and accountability of...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

July 23, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Attending RAI’S Class

Attending RAI’S Class

August 17, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d