নাছাৰ দূৰবীণ
‘নাছা‘( NASA)ই এক বিশেষ ধৰণৰ দুৰ্লভতম ধাতৱ গ্ৰহাণুৰ সন্ধান পাইছে। ‘প্লেনেটৰি জাৰ্ণাল’ত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি এই বিশেষ গ্ৰহাণুটোৰ নাম দিয়া হৈছে ’16 Psyche’। এই গ্ৰহাণুটো পৃথিৱীৰ পৰা ৩৭০ মিলিয়ন কিলোমিটাৰ দূৰত্বত আছে। ইয়াৰ আকাৰ ২২৬ কিলোমিটাৰৰ আশে-পাশে।
কিন্তু আকাৰৰ বাবে এই গ্ৰহাণুটো গুৰুত্বপূৰ্ণ হৈ পৰা নাই, যিবোৰ ধাতৱ উপাদানেৰে এই গ্ৰহাণু সৃষ্ট – সেইবোৰক লৈহে ই গুৰুত্বপূৰ্ণ হৈ পৰিছে; কাৰণ শিল বা বৰফৰ দ্বাৰা ই সৃষ্ট নহয়, বিশেষ কিছু উপাদানৰ দ্বাৰাহে গঠিত।
বিজ্ঞানীসকলে জনাইছে যে সাধাৰণতে দেখা যায় – কোনো এক গ্ৰহাণুত অইন অনেক পদাৰ্থৰ মাজত বহুমূলীয়া ধাতৱ পদাৰ্থ লুকাই থাকে। কিন্তু এই গ্ৰহাণুৰ ক্ষেত্ৰত কথা একেবাৰে সুকীয়া। এই গ্ৰহাণুটো সম্পূৰ্ণ ভাবে ধাতৱ পদাৰ্থৰ দ্বাৰাই সৃষ্টি হৈছে।
গ্ৰহাণুটোত আছে নিকেল আৰু লোহা; আৰু সেই কাৰণেই গ্ৰহাণুটোৰ দাম হ’ব পাৰে প্ৰায় ১০,০০০,০০০,০০০,০০০,০০০,০০০ আমেৰিকান ডলাৰ ( ১ -অৰ পিঠিত ১৯ টা শূণ্য, তাৰপিছত ডলাৰৰ মূল্যৰে পূৰণ) !
ই সমগ্ৰ পৃথিৱীৰ অৰ্থনীতিতকৈ ১০০০০ গুণ বেছি !
হাবল দূৰবীণৰ ‘স্পেচ টেলিস্কোপ ইমেজিং স্পেক্টোগ্ৰাফ-ৰ সাহায্যৰে ২০১৭ চনত ‘আল্ট্ৰা ভায়’লেট’ ৰশ্মি ব্যৱহাৰ কৰি এই গ্ৰহাণুৰ উপাদান সম্পৰ্কে তথ্য সংগ্ৰহৰ কাম আৰম্ভ হয়। আশ্চৰ্যকৰ বিষয় লক্ষ্য কৰা হয় যে গ্ৰহাণুটোৰ পৃষ্ঠভাগ সম্পূৰ্ণ লোহাৰ দ্বাৰা তৈয়াৰী। ধাৰণা কৰা হৈছে যে কোনো গ্ৰহৰ একেবাৰে ভিতৰৰ অংশ এই গ্ৰহাণু।

একাধিক মহাজাগতিক সংঘৰ্ষৰ ফলত ইয়াৰ চেহেৰা এনে হৈ পৰিছে। বহু মহাজাগতিক সংঘৰ্ষৰ ফলত ইয়াৰ আকাৰ সৰু হৈ পৰিছে। ইতিমধ্যে নাছাই এই ৰহস্য ভেদ কৰাৰ কাম আৰম্ভ কৰিছে। ২০২২ চনত নাছাৰ মহাকাশযানৰ যাত্ৰা আৰম্ভ হ’ব। সেই মহাকাশযানে গ্ৰহাণুৰ তত্ত্বৰ অনুসন্ধান কৰিব।
‘স্পেচ এক্স ফেলকম হেভি ৰকেট’ৰ মাধ্যমেৰে এই যানখনক মহাকাশলৈ প্ৰেৰণ কৰা হ’ব। আশা কৰা হৈছে যে ২০২৬ চনত নাছাৰ মহাকাশযান এই গ্ৰহাণুত উপস্থিত হ’ব পাৰিব।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.