• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

ASSAMESE SECTION / Drama / Theater

by Editor
February 5, 2026
in ASSAMESE SECTION, Drama, Theater
Reading Time: 8 mins read
0
নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত
Share on FacebookShare on TwitterShare on LinkedIn

নাটকৰ ক্ৰমবিকাশ

drama6

জ্যোতি ভাৰ্গৱ

IMG 20220607 WA0037
জ্যোতি ভাৰ্গৱ

নাটক, সমাজৰ সকলো শ্ৰেণীৰ ৯০% শতাংশ লোকক সহজতে আকৰ্ষিত কৰিব পৰা জনপ্ৰিয় মাধ্যম হৈছে নাটক।

অতীজৰে পৰা নাটক মনোৰঞ্জনৰ আহিলা ৰূপে ব্য়ৱহৃত হৈছে যদিও বৰ্তমান যুগত নাটক বিজ্ঞ সকলৰ বাবে বৌদ্ধিক চিন্তাৰ খোৰাক হিচাপেও জনপ্ৰিয় হৈছে। সমাজৰ প্ৰতি যোগাত্মক বতৰা কঢ়িয়াই আনিবলৈ নাটকে বলিষ্ঠ ভূমিকা পালন কৰি আহিছে। এই লিখনিৰ দ্বাৰা নাটকৰ ক্ৰমবিকাশ তথা তাৰ লগত সম্বন্ধীয় ইতিহাসৰ বিষয়ে চমু আভাস দিবলৈ চেষ্টা কৰা হৈছে। 

asom natya sanmilan

    আজিকালিৰ দৰে নাটক ক’ত কেতিয়া সৰ্বপ্ৰথমে আনুষ্ঠানিকভাৱে অনুষ্ঠিত হৈছিল ,সেই বিষয়ে ইতিহাসবিদ সকলৰ জ্ঞান ধূসৰ। এতিয়ালৈকে অধ্যয়নৰ দ্বাৰা যিখিনি পোৱা গৈছে ,তাৰ সময় সম্পৰ্কে ক’বলৈ কঠিন । প্ৰায়বোৰ ইতিহাসবিদৰ মতে,নীলৰ পাৰত সৰ্বপ্ৰথমে নাটক অনুষ্ঠিত হৈছিল বুলি ধাৰণা কৰা হৈছে। জাৰ্মানীৰ সংগ্ৰহালয়ত সাঁচি থোৱা শিলালিপি এটা অধ্য়য়নত এই বিষয় পোহৰলৈ আহিছিল।

 খ্ৰীষ্টপূৰ্ব ২০০০ বছৰ আগতে এবিডজ (Abydos) নামৰ চহৰত নাটক জাতীয় বা নাটকৰ দৰে এবিধ অনুষ্ঠান পতাৰ প্ৰমান পোৱা যায়। দৰাচলতে এই অনুষ্ঠানত আছিল প্ৰাচীন ইজিপ্তৰ ফাৰাও বা ৰজা অ’চাৰিছ (Osiris) শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল।শিলালিপিৰ মতে ,ইকহাৰন’ফ্ৰেট (IKHERNOFRET) নামৰ ৰাজবিষয়াই ফাৰাও চেনুচ্ৰেট তৃতীয়ৰ আদেশমৰ্মে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।

ইতিহাসবিদ সকলে এই অনুষ্ঠান বা নাটকক Egyptian Passion Play নামেৰে নামাকৰণ কৰিছে। ইজিপ্তৰ এই ধৰনৰ নাটক ৰজাৰ পুনৰ জন্ম হৈ আকৌ ৰাজত্ব কৰক তাৰ বাবে পতা হৈছিল।

  ইজিপ্তত passion play চলি থকা অৱস্থাত পৃথিৱীৰ অন্য় প্ৰান্তত নাটক জাতীয় অনুষ্ঠান হৈছিল নে নাই তাৰ বিষয়ে বুৰঞ্জী নিমাত। এতিয়া আমি ইজিপ্তৰ পৰা আহো ইউৰোপৰ জ্ঞানৰ ভাণ্ডাৰ প্ৰাচীন গ্ৰীচলৈ । প্ৰায় ৭৭০ খ্ৰীষ্টপূৰ্বত গ্ৰীক  কবি সকলে ধ্বনিবৈজ্ঞানিক ( phonetician) বৰ্ণমালা ব্যৱহাৰ কৰি সাহিত্য়ৰ সৃষ্টি কৰিবলৈ ধৰিছিল।

     সাধাৰণতে গ্ৰীক সকলক আধুনিক নাটকৰ বাটকটীয়া বুলি ক’লেও ভূল নহ’ব।প্ৰায় ৪৮৭ খ্ৰীষ্টপূৰ্বত প্ৰাচীন গ্ৰীচত ডাইন’চিয়া (Dionysia Festival) নামৰ মহোৎসৱ অনুষ্ঠিত হোৱা বুলি প্ৰমাণ পোৱা যায়।বছৰত দুবাৰকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱ,গ্ৰীক দেৱতা ডাইন’চাচলৈ(Dionysus) লৈ উসৰ্গিত আছিল। ডাইন’চাচ কৃষি,সুৰা আৰু উৰ্বৰতা দেৱতা আছিল।

নাটকৰ ক্ৰমবিকাশ

এই মহোৎসৱত অনুষ্ঠিত হোৱা নাটক ডাইথেৰাম্বিক আৰ্হিত (Dythermbic form) পৰিবেশন কৰা হৈছিল। এই আৰ্হিত অৰ্ধবৃত্তাকাৰ ৰঙ্গভূমিত (Arena) ৰ মাজত থকা বেদীত ছাগলী বলি দি দেৱতালৈ নৈবদ্য় আগবঢ়াই নাটকৰ আৰম্ভনি কৰা হয়। এই অনুষ্ঠানত এজন অভিনেতা আৰু প্ৰায় ২০০ জনলৈকে সমবেত শিল্পী বা কোৰাছে অংশগ্ৰহণ কৰিছিল। বেদীত সন্মুখত থকা মঞ্চত অভিনেতাৰ স্থান আছিল আৰু কোৰাছ সকলে বেদীটো মাজত লৈ অৰ্ধবৃত্তাকাৰে থিয় হৈ Tragoidia পৰিবেশন কৰিছিল।

 Tragoidia ৰ অৰ্থ হৈছে Goat Song অৰ্থাৎ দেৱতালৈ নৈবদ্য় হিচাপে বলি দিয়া ছাগলীৰ মহত্ব বা কোৰাছ সকলে ছাগলীৰ ছাল পৰিধান কৰা বাবেই এই নামাকৰন কৰা হৈছিল বুলি ধাৰণা কৰা হয়। পিছলৈ Tragoidia ৰ পৰাই Tragedyশব্দৰ সৃষ্টি হোৱা বুলি ভাবিব পাৰি।ট্ৰেগোদিয়াৰ মূলতে তিনিটা ভাগত বিভক্ত- প্ৰথম হৈছে  Prologue ইয়াৰ অৰ্থ হৈছে এজন আঁত ধৰোতাৰ প্ৰবেশ আৰু নাটকৰ বিষয়বস্তু দৰ্শকৰ আগত উপস্থাপন কৰোৱা।

দ্বিতীয়তে,Parados ,ইয়াতে সমবেত শিল্পী বা কোৰাছৰ প্ৰবেশ আৰু ট্ৰেগোদিয়া পৰিবেশন আৰু তাত পাঁচটা নাট্য়ৰ দৃশ্য় সন্নিবিষ্ট হৈ আছিল তৃতীয়তে Exodus ত নাটকৰ চৰম সীমা (Climax) পাইছিল আৰু অন্ত পৰিছিল।উল্লেখযোগ্য় যে ট্ৰেগোডিয়া সমূহৰ বৈশিষ্ট এয়ে যে ই আছিল কাব্য়িক ধৰ্মী।

 প্ৰায় ৫৩৪ খ্ৰীষ্টপূৰ্বত ডাইন’ছিয়া মহোৎসৱত   নাটকৰ প্ৰতিযোগিতা আৰম্ভ হয় ।  প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া দলসমূহ নিৰ্বাচিত কৰিছিল Archon আৰু Coregoi সকলে। ARCHON আছিল ৰাজ্য়ৰ প্ৰশাসনিক বিষয়াৰ দৰে আৰু Coregoi সকল আছিল সমাজৰ সন্মানীয় বিত্তশালী লোকসকলৰ দল। সেই সময়ত নিয়ম আছিল যে কলা,সংগীত ইত্য়াদিৰ পৃষ্ঠপোষকতা লোকসকলে কৰ দিয়াৰ পৰা ৰেহাই পাব। যাৰ ফলত সমাজত কৰ দিয়াৰ পৰা বাচিবলৈ সৃষ্টি হৈছিল Coregoi সকলৰ।

নাটকৰ ক্ৰমবিকাশ

Coregoiসকলে কিন্তু নাটকৰ  কিছুমান ব্য়য় বহন কৰিব লগা হৈছিল। তাৰ ভিতৰত আখৰা,সাজসজ্জা,সংগীত ইত্য়াদিত হ’ব লগা খৰচ বহন কৰিছিল।আনহাতে ৰজাৰ খৰচ আছিল প্ৰেক্ষাগৃহৰ মেৰামতি,প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ পুৰস্কাৰ,অভিনেতাৰ মাননি ইত্যাদি।এইখিনিতে এটা কথা কওঁ যে থেচপিচ (Thespis) আছিল প্ৰথম অভিনেতা যিয়ে প্ৰথম পুৰস্কাৰ পাইছিল আৰু উপহাৰ ৰূপে দিয়া হৈছিল এটা ছাগলী।

ইতিমধ্য়ে প্ৰায় ৬০০ খ্ৰী:পূ:ত এথেন্সত গনতন্ত্ৰৰ জন্ম হয় আৰু নাটকটো তাৰ প্ৰভাৱ বাৰুকৈয়ে পৰে। এই সময়তে তিনিজন বিখ্য়াত নাট্য়কাৰৰ বিষয়ে জনা যায়। তেওঁলোক হৈছে- AESCHYLUS,SOPHOCLES, EURIPIDES

Aeschylusয়ে ডাইথেৰাম্বিক আৰ্হিত আৰু এজন অভিনেতাৰ সংযোজন কৰায়।মঞ্চত যিহেতু দুজন অভিনেতা হ’ল, গতিকে dialogue ৰ সৃষ্টি হ’ল।যাৰ আক্ষৰিক অৰ্থ হৈছে ,দুজন মানুহৰ মাজত হোৱা বাৰ্তালাপ। Aeschylus ৰ নাটকত গনতন্ত্ৰৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়।তেখেতৰ দ্বাৰা ৰচিত উল্লেখযোগ্য় নাটক হৈছে Agamemnon আৰু তেওঁ কমেও ৯০খন নাটকৰ ৰচনা কৰিছিল। এওঁৰ সময়তেই  গ্ৰীচত নাটকৰ শিক্ষানুষ্ঠান আৰু বৃত্তিগত অভিনেতাৰ সৃষ্টি হৈছিল।

Sophoclesৰ দ্বাৰা ৰচিত ১০০খন নাটকৰ ৭ খনেই ট্ৰেজেদী। তেখেতে মঞ্চত তৃতীয় অভিনেতাৰ পৰিচয় কৰায়।তেখেতৰ বিখ্য়াত ট্ৰেজেদী নাটক হৈছে Oedipus আৰু  Antigone, এই দুখন নাটকক একেলগে Theban Plays বোলা হৈছিল।

Euripides আছিল বাকী দুজনতকৈ কনিষ্ঠ।এখেতে পৰাম্পৰগত ধাৰা কিছু সলনি কৰিছিল। Euripides য়ে পাৰম্পৰিক, পৌৰাণিক কাহানিৰ নায়ক সকলক সাধাৰণ মানুহৰূপে উপস্থাপন কৰিছিল।এওকো নাট্য সাহিত্যত “The most tragic of the poet” হিচাপে আখ্য়া দিয়া হৈছে। এওঁৰ অন্যতম ৰচনা হৈছে Medea.

এথেন্সত সেই সময়তেই ট্ৰেজেদীৰ ওপৰিও আৰু দুই ধৰণৰ নাটক অনুষ্ঠিত কৰা হৈছিল। এবিধ হৈছে Satyr বা ব্য়ঙ্গ নাটক আৰু আনবিধ হৈছে Comedy বা হাস্য়ময়ী নাটক।

দৰাচলতে একেৰাহে  দুখন ট্ৰেজেদী নাটকৰ শেষত দৰ্শকে আমনি নাপাবলৈ তাৰ বাবে ব্য়ঙ্গ নাটক উপস্থাপন কৰা হৈছিল। এই ব্য়ঙ্গ নাট সমূহ উপাদান ট্ৰেজেদী আৰু কমেডীৰ মিশ্ৰিত ৰূপ আছিল।ব্য়ঙ্গ নাট সমূহৰ প্লট বা কাহানীৰ আধাৰ আছিল মিথ’লজীৰ কাহানী সমূহ। একেধৰনে কমেডীৰো বিষয় বস্তু আছিল মূৰ্খামি,বিদ্ৰূপ কৰা লেখীয়া আছিল। কমেডীৰ বিষয় বস্তু সম্পূৰ্ণৰূপে আন্তঃসাৰহীন।

প্ৰাচীন গ্ৰীচত অভিনেতা হ’বলৈ সহজ নাছিল। তাৰ বাবে প্ৰয়োজন হৈছিল কিছুমান বিশেষ গুণৰ। তাৰ ভিতৰত গান গোৱা,আবৃত্তি,সুন্দৰ কণ্ঠ,ক্ষিপ্ৰতা,অভিব্য়ক্তি ইত্য়াদি থকাটো প্ৰয়োজন আছিল। উল্লেখযোগ্য় যে, সেই সময়ত অভিনয়ত মুখৰ অভিব্য়ক্তিৰ প্ৰয়োজন নাছিল। কাৰণ সেই সময়ত অভিনেতাৰ মুখত মুখা পৰিধান কৰি অভিনয় কৰা হৈছিল।

নাটকৰ ক্ৰমবিকাশ

ক্ৰমান্বয়ে গ্ৰীচত নাট্য়কাৰ আৰু অভিনেতাৰ মাজত বিভেদ সৃষ্টি হোৱা পৰিলক্ষিত হয় আৰু নাটক সমূহৰ বিংসগতি হ’বলৈ ধৰিলে। যাৰ ফলত Melodrama জাতীয় নাটকৰ আৰম্ভ হ’ল আৰু লাহে লাহে গ্ৰীক নাটকৰ মানদণ্ড নিম্নগামী হ’বলৈ ধৰিলে।এনে অৱস্থাত প্ৰায় ৩৩৫ খ্ৰী:পূ:ত এৰিষ্টটলে ৰচনা কৰে Poeticsৰ।পয়েটি্কচত এৰিষ্টটলে ট্ৰেজেদী নাটকক ব্য়াকৰণ দিয়ে আৰু প্ৰয়োজনীয় সাপেক্ষে তিনিটা মুখ্য়ভাগত বিভক্ত কৰে।

প্ৰথমতে Mythos/Plot বা নাটকৰ আধাৰ,দ্বিতীয়তে Characters বা চৰিত্ৰসমূহ,তৃতীয়তে Thought বা নাটকত অন্তৰ্নিহিত হৈ থকা বিশেষ চিন্তা, চতুৰ্থতে Dictation বা সংলাপৰ সঠিক উচ্চাৰণ,পঞ্চমতে Music/Melody বা সংগীত আৰু সুৰ  আৰু শেষত Spectacle বা আশ্চৰ্যকৰ পৰিস্থিতি সৃষ্টি কৰা।  সেই সময়ৰ এৰিষ্টটলৰ পয়েটিক্চ এমাইলৰ খুটি হিচাপে বিবেচিত কৰা হৈছিল।

গ্ৰীক ট্ৰেজেদী নাটকৰ দৰে উন্নত তেওঁলোকৰ বৃত্তাকাৰ ৰঙ্গভূমি সমূহো আছিল । এই বৃত্তাকাৰ ৰঙ্গভূমি সমূহত একেলগে ১৪০০০ /১৫০০০দৰ্শক বহি নাটক উপভোগ কৰিব পাৰিছিল।কিন্তু সঘনে হৈ থকা যুদ্ধ ,বিভিন্ন অৰ্থনৈতিক কাৰণত গ্ৰীক সাম্ৰাজ্য় ক্ৰমান্বয়ে অৱনমিত হ’বলৈ ধৰিলে যাৰ ফলস্বৰূপে গা কৰি উঠিল ৰোমান সাম্ৰাজ্য়।

ৰোমান সাম্ৰাজ্য়ৰ ঊৰ্ধ্বতম কালত গ্ৰীক ট্ৰেজেদী নাটকৰ শৈলী ল’ব ধৰিলে যাৰ ফলত দুইধৰণৰ নাটকৰ সৃষ্টি হ’ল। এবিধ Fabula Palliata অৰ্থাৎ গ্ৰীক নাটকৰ প্ৰভাৱপুষ্ট নাটক Fabula Togota ৰোমান নাট্য়কাৰৰ নাটক।

 Fabula Togota আচলতে  গ্লেডিয়েটৰ যুদ্ধ ,ৰথচালনাৰ প্ৰতিযোগিতাৰ আশ্চৰ্যকৰ অনুষ্ঠান।গ্ৰীক নাটকৰ চৰ্চা হোৱাৰ আগতে ৰোমত নাটক বুলিবলৈ একো নাছিল। মাথো আছিল চাৰ্কাছ জাতীয় খেল, মুকাভিনয়(Mime),পেন্টোমাইম(Pantomime),গ্লেডিয়েটৰৰ যুদ্ধ, বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

নাটকৰ ক্ৰমবিকাশ

প্ৰাচীন গ্ৰীচৰ দৰেই ইয়াতো এক ধাৰ্মিক মহোৎসৱ অনুষ্ঠিত হৈছিল।এই মহোৎসৱ ৰোমান দেৱতা জুপিটাৰৰ সন্মানত পতা হৈছিল।এই মহোৎসৱৰ নাম আছিল Ludi Romani আৰু ই প্ৰায় ৩৬৬ খ্ৰী:পূ:ত আৰম্ভ হৈছিল।প্ৰথম অৱস্থাত, ই ১২ৰ পৰা ১৪ চেপ্তেম্বৰলৈ অনুষ্ঠিত হৈছিল যদিও পিছলৈ জুলিয়াছ চিজাৰৰ দিনত ইয়াৰ ১ টা বঢ়োৱা হৈছিল।

এই মহোৎসৱত আগতে কৈ অহাৰ দৰেই চাৰ্কাছজাতীয় খেল, মুকাভিনয় (Mime), পেন্টোমাইম (Pantomime), গ্লেডিয়েটৰৰ যুদ্ধ, বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। সেই মুকাভিনয় আছিল সংলাপবিহীন অভিনয় । এই মাইম সমূহ ব্য়ঙ্গ আৰু হাস্য়পূৰ্ণ হয়। ই কিছু পৰিমাণে সময় সাপেক্ষে যৌনগন্ধীও আছিল।

পেন্টোমাইম সাধাৰণতে সাংগীতিকধৰ্মী আছিল।ইয়াৰ বিষয়বস্তু আছিল পৌৰানিক আৰু বুৰঞ্জীমূলক কাহানী। ই সাধাৰণতে গাম্ভীৰ্যপূৰ্ণ আছিল যদিও মাজে সময়ে হাস্য়ধৰ্মীও হোৱা দেখা যায়।

 ৰোমত যে অকল এনেধৰণৰ প্ৰতিযোগিতাই হৈছিল তেনে নহয়।ৰোমতো পিছলৈ নাটক ব্য়াপক ৰূপে মঞ্চস্থ কৰা হৈছিল। গ্ৰীক ট্ৰেজেদীৰ দৰে ৰোমান ট্ৰেজেদীৰো নাট্য়সাহিত্য়ত সমানে অৱদান আছিল। সেই সময়ৰ বিখ্য়াত ৰোমান নাট্য়কাৰ,দাৰ্শনিক হৈছে Lucius Annaues Seneca বা চমুকৈ Seneca ,যিয়ে প্ৰথম ৰোমান ট্ৰেজেদী নাটক ৰচনা কৰিছিল। চেনেকাই নাটকত সময়ৰ ব্য়ৱধান বুজাবলৈ ৫টা অংক বা ব্য়ৱহাৰ কৰিছিল।

চেনেকাই কিছুমান বিশেষ নাটকৰ প্ৰযুক্তিগতসংজ্ঞা বা Technical terms ৰ উদ্ভাৱন কৰিছিল।তাৰ ভিতৰত Soliloquy,Aside ইত্য়াদিৰ কথা ক’ব পাৰি। আজিও নাটকত এই সমূহৰ ব্য়ৱহাৰ ব্য়াপক ৰূপে কৰা হয়।

drama4

ৰোমান সাম্ৰাজ্য় শিখৰত থকা অৱস্থাত ৰোমান আভিযান্ত্ৰিকশৈলীও অতি উন্নত আছিল। তেওঁলোকৰ আভিযান্ত্ৰিকশৈলীৰ বাবেই আজিও বিশ্বখ্য়াত ৰোমান সকলৰ স্মৃতিচিহ্ন আজিও বিদ্য়মান হৈ আছে। ইয়াৰ প্ৰভাৱ ৰোমানসকলৰ প্ৰেক্ষাগৃহ সমূহটো দেখা যায়।

প্ৰায় ৫৫০ খ্ৰী:পূ:ত ইটালীৰ পম্পেই নগৰত প্ৰথম ৰোমান প্ৰেক্ষাগৃহ বনোৱা হৈছিল। য’ত বনৰীয়া হিংস্ৰ  জন্তুৰ যুদ্ধ, গ্লেডিয়েটৰৰ যুদ্ধ, নৌসেনাৰ যুদ্ধ ইত্য়াদি খেল পতা হৈছিল। প্ৰবাদ মতে,ইয়াৰ তলৰ মহলা কংক্ৰিটৰ,দ্বিতীয় মহলা কাঠৰ আৰু তৃতীয় মহলা কাঁচৰ আছিল বুলি শুনা যায়। কিন্তু পম্পেই হোৱা এক বিধ্বংসী আগ্নেয়গিৰিত পম্পেই চহৰ নিশ্চিহ্ন হৈ যায় যাৰ ফলত ইয়াৰ বিষয়ে একো প্ৰমাণ পোৱা নাযায়।

ইয়াৰ পিছতে আহে ৰোমৰ ক’লেজিয়াম ( Colosseum of Rome) যি এতিয়ালৈকে আটাইতকৈ ডাঙৰ বৃত্তাকাৰ ৰঙ্গভূমি (Amphitheatre) । কলেজিয়ামটো বনাবলৈ প্ৰায় ৮ বছৰ লাগিছিল। ইয়াৰ নিৰ্মাণৰ কাম ৭২ খ্ৰী:ত আৰম্ভ হৈছিল আৰু ৮০ খ্ৰী:ত শেষ হৈছিল। এই এমপিথিয়েটাৰটোত একেলগে ৫০,০০০ ৰ পৰা ৮০,০০০ দৰ্শক একেলগে বহাৰ সুবিধা আছিল।গ্ৰীকৰ এমপিথিয়েটাৰৰ তুলনাত বহুত উন্নত আৰু সুপৰিকল্পিত আছিল।

ৰোমান নাটকৰ মঞ্চ  গ্ৰীক সকলৰ দৰে উন্মুক্ত নাছিল, বৰঞ্চ দুমহলীয়া ঘৰৰ সমান আছিল। অভিনেতাসকলৰ বাবে গ্ৰীন ৰুম,বেক ষ্টেজ ইত্য়াদি নিৰ্মাণ কৰা হৈছিল।

এনে সময়তে পশ্চিম ইউৰোপত খ্ৰীষ্টানধৰ্মই গা কৰি উঠে আৰু সেই সময়খিনিতে প্ৰায় ৫০০ খ্ৰীষ্টাব্দত ৰোমান সাম্ৰাজ্য় পতনৰ দিশে আগবাঢ়ে। যাৰ ফলত গীৰ্জাসমূহ ক্ষমতাৰ কেন্দ্ৰবিন্দু হৈ পৰে। যাৰ প্ৰভাৱ বিভিন্ন দিশত পৰে। বিশেষকৈ সামাজিক,অৰ্থনৈতিক ইয়াৰ প্ৰভাৱ দেখা যায়।যাৰ প্ৰভাৱ নাটকতো দেখা যায়।

গ্ৰীক,ৰোমান সকলৰ সাহিত্য়ৰ মানদণ্ড অৱনমিত হ’বলৈ ধৰিছিল।যাৰ বাবে ইটালীৰ বিদ্বান Petrarchয়ে ১৩৩০ খ্ৰীষ্টাব্দত এই সময়ছোৱাক ‘অন্ধযুগ’(Dark Age) আখ্য়া দিছিল। এই অন্ধযুগ প্ৰায় ১০০০ বছৰ ধৰি গোটেই ইউৰোপতে বিয়পি পৰিছিল।

drama5

এনে নহয় যে অন্ধকাৰ যুগত নাটক হোৱা নাছিল। ৰোমান,গ্ৰীক সকলৰ সময়তকৈ বেছিকৈ ব্য়াপক ৰূপত নাটক অনুষ্ঠিত হৈছিল। কিন্তু সেইবোৰ ধৰ্মপ্ৰচাৰৰ বাবেহে কৰা হৈছিল আৰু বিভিন্ন পৰিকল্পনাৰে (Concepts) নাটকসমূহ কৰা হৈছিল। য’ত যীশুখ্ৰীষ্ট জন্ম কাহানী,বাইবেলৰ গাথা ইত্য়াদিৰে নাটকৰ বিষয় বস্তুৰে পৰিপূৰ্ণ আছিল।  সেই সময়ছোৱাত গ্ৰীক ,ৰোমান সকলৰ দৰে নাটকৰ কোনো স্থায়ী মঞ্চ নাছিল।

ই আজিকালিৰ ভ্ৰাম্য়মাণ নাটকৰ দৰে ইউৰোপৰ বিভিন্ন ঠায়ে ঠায়ে ঘূৰি নাটক প্ৰদৰ্শন কৰা হৈছিল। নাটকৰ মঞ্চখন বহনযোগ্য় আছিল,ইয়াক Pageant- Wagon কোৱা হয় আৰু ইয়াৰ নাটক সমূহকMystery Plays বা  Saint’s Play কোৱা হয়।

অন্ধযুগৰ ক’লা আচ্ছাদনৰ শেষত জ্ঞানৰ সূৰ্যোদয়ৰ প্ৰথম কিৰণ ইটালীতে পৰে।যাক পিছলৈ ৰেনেজাঁ নামেৰে জনা যায়। ৰেনেজাঁৰ আৰম্ভণি হোৱাৰ মূলতে হ’ল ভৌগোলিক অন্বেষণ,দাৰ্শনিক অনুসন্ধান,বিজ্ঞান আৰু কলা। ৰেনেজাঁৰ সৃষ্টি দুটা বিষয়ে সাৰ পানী যোগাইছিল,সেই দুবিধ হৈছে মানৱতা আৰু ক্লাচিকেল যুগলৈ উভতি চোৱা।

ৰেনেজাঁৰ প্ৰভাৱ সৰ্বপ্ৰথমে চিত্ৰকলাত দেখিবলৈ পোৱা যায়। ৰেনেজাঁত চিত্ৰকলালৈ নতুন ধাৰণা আহিল ,সেইটোক কোৱা হয় 3D অৰ্থাৎ ৰেনেজাঁৰ আগৰ সময়ছোৱাত দুটা ডাইমেনচন দেখা কিন্তু ৰেনেজাঁৰ সময়ত ইয়াত 3D perspective আহিল আৰু আন এবিধ ধাৰনা আহিল ফ্ৰেমিং ,যাৰ প্ৰভাৱ নাটকত প্ৰত্য়ক্ষ ভাৱে দেখা যায়।

প্ৰায় ১৪৯৮ চনত এৰিষ্টটলৰ পয়েটিকচ ছপাশালত ছপা হয়। যাৰ আধাৰতে Neo Classical Plays  আৰম্ভ হয়।

drama6

এই Neo Classical ট্ৰেজেদী নাটকসমূহৰ ব্য়াকৰণ পয়েটিকচত উল্লেখিত নাটকৰ ব্য়াকৰণৰ লগত প্ৰায় সাদৃশ্য় আছে। এই নাটক সমূহৰ আধাৰ আগৰ দৰেই পৌৰানিক কাহানী আছিল। চৰিত্ৰসমূহ ৰজা আৰু ৰাজ পৰিয়ালৰ লোক আৰু সংলাপ সমূহ কাব্য়িকধৰ্মী আৰু ইয়াৰ যৱনিকা দুখঃজনক আছিল।

ৰেনেজাঁৰ সময়ত নাটক আহি ঘৰৰ ভিতৰত সোমাল। নাটকক নিদিষ্ট আকাৰ বা ফ্ৰেম দিয়া হ’ল। Sebastiano Serilio নামৰ এগৰাকী স্থপতিবিদে ইটালী প্ৰথমটো আজিৰ দৰে প্ৰচেনিয়াম প্ৰেক্ষাগৃহৰ নিমাৰ্ণ কৰে। তেওঁ নাটকৰ মঞ্চত Perspective চিত্ৰকলাৰ  ব্য়ৱহাৰ কৰে।

এনে সময়তে প্ৰায় ১৫শ শতিকাত ইংলেণ্ডৰ ৰজা হেনৰী পঞ্চমে জ্ঞানৰ সস্প্ৰসাৰণৰ বাবে ইটালীৰ পৰা কিছু বিদ্বান লোকক আমন্ত্ৰণ কৰে। তেওঁলোকৰ সহযোগত ইংলেণ্ডৰ শিক্ষিত শ্ৰেণীৰ মাজত বাৰুকৈয়ে ৰেনেজাঁৰ প্ৰভাৱ পৰে।

১৫৬১চনত ইংলেণ্ডত নবজাগৰণৰ প্ৰভাৱ পুষ্ট নাটকৰ আৰম্ভণি কৰা হয়।এই নাটকসমূহ বৰদিনত মঞ্চস্থ কৰা হয়। ১৫৬১ চনত প্ৰথমখন নাটক The Tragedie of Gorboduc বৰদিনত মঞ্চস্থ কৰা হয়।নাটকসমূহ আইন শিক্ষাৰ অনুষ্ঠান Inn’s of Courtৰ  Inner temple ত পতা হৈছিল আৰু এই নাটক সমূহ ১৬৪২ চনলৈকে চলি থাকিল।ইয়াৰ পিছত  ইংৰাজ সংসদে বিশেষ কাৰণত নাটক মঞ্চস্থ কৰাত নিষেধাজ্ঞা আৰোপ কৰিলে।

১৫৬১ ৰ পৰা ১৬৪২ কালছোৱাক তিনিটা ভাগত ভগাব পাৰি ,কাৰণ এইখিনি সময়তে তিনিগৰাকী ৰাণীৰ শাসন কাল চলিছিল।১৫৬২ ৰ পৰা ১৬০৩লৈকে Elizabethan Theatre,১৬০৩ ৰ পৰা ১৬২৫লৈকে  Jacobean Theatre আৰু ১৬২৫ৰ পৰা ১৬৪২লৈকে Caroline Theatre আখ্য়া দিয়া হয়।

ৰাণী এলিজাবেথৰ সময়ত নাটক কম্পেনীৰ আৰম্ভ হৈছিল।নিয়মমতে এই নাটকৰ দলসমূহৰ স্বত্বাধিকাৰী ইংৰাজ nobleman হ’ব লাগিব। এই কালছোৱাত উল্লেখযোগ্য় দল হৈছে ৰাণী এলিজাবেথৰ সময়ৰ Admiral’s Men আৰু ৰাণী জেকোবিয়ানৰ সময়ৰ Queen Anne’s Men দল।ৰাণীৰ আদেশ অনুযায়ী নাটকৰ দলসমূহক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল। যাৰ বাবে অভিনেতাসকলে কিছুমান নিয়ম মানি চলিব লাগিছিল।

১৬শ শতিকাত ৰাণী এলিজাবেথৰ শাসনৰ শেষ সময়ছোৱাত অক্সফ’ৰ্ড আৰু কেম্বব্ৰিজত অধ্য়য়ন  কৰা ৭ গৰাকী ছাত্ৰৰ মাজত এক নাটকৰ দলৰ সৃষ্টি হয়। যাক  ১৯  শতিকাৰ সাংবাদিক তথা লেখক George Saintsburyয়ে University Wits বুলি নামাকৰণ কৰিছিল। এই দলৰ সদস্য় আছিল  Christopher Marlowe, Robert Greene,  Thomas Nashe ,John Lyly, Thomas Lodge, George Peele আৰু Thomas Kyd আৰু এওঁলোকেই নাটকত নতুনধৰণৰ চিন্তাৰ সৃষ্টি কৰে।

এই দলটোৱে নাটকৰ গুণগত মান আৰু গঠন প্ৰণালীৰ সংশোধন কৰি নতুন ৰূপ প্ৰদান কৰে।এওঁলোকৰ সময়তে জনসাধাৰণক আকৰ্ষিত কৰিবলৈ নাটকত পোষ্টাৰ ব্য়ৱহাৰ  কৰা হয়।

drama8

নাট্য় সাহিত্য়ত ১৫৯৪চনৰ পৰা ৱিলিয়াম চেক্সপীয়েৰৰ সময় আৰম্ভ হয়। তেওঁৰ নাটকত গ্ৰীক ট্ৰেজেদী আৰু ৰোমান ট্ৰেজেদীৰ বৈশিষ্টতা দেখা যায়। চেক্সপীয়েৰৰ মুঠ ৩৯ নাটক পোৱা যায়।  ১৬২৩ চনত চেক্সপীয়েৰৰ মৃত্য়ুৰ পিছত তেওঁৰ দুজন বন্ধু  Henry Condel আৰু John Hemingesয়ে তেওঁৰ নাটকসমূহ First Folio নামেৰে প্ৰকাশ কৰে। তেওঁৰ উল্লেখযোগ্য় নাটক হৈছে Macbeth,Othello,Helmet. ইত্য়াদি।

চেক্সপীয়েৰৰ সমসাময়িক আন এজন নাট্য়কাৰ বেন জনছন আছিল।তেৱো চেক্সপীয়েৰৰ সমান সুখ্য়াতি আৰ্জিছিল।তেওঁৰ উল্লেখযোগ্য় কমেডী নাটক হৈছে Volpone আৰু The Alchemist.

ইতিমধ্য়ে নাটকত ব্লকিং আহি পৰিছিল। সেইহেতাৰ লগে লগে নিৰ্দেশকৰো প্ৰয়োজনীয়তা আহি পৰিছিল। সেয়েহে প্ৰায় ১৮৬৬ চনত নাটকত নিৰ্দেশকৰ ভূমিকা  পৰা দেখা যায়। পশ্চিমীয়া নাট্য় জগতত Duke of Saxe-Meiningenক প্ৰথম মঞ্চ নিৰ্দেশক হিচাপে গন্য় কৰা হয়। Duke of Saxe-Meiningenয়ে ইংৰাজী নাটকৰ বহু উন্নতি কৰিছিল। বহুতো নাটক তেওঁ প্ৰযোজনা,নিৰ্দেশনা,ৰূপসজ্জাত খ্য়াতি আৰ্জিছিল।

প্ৰায় ১৯ শতিকাৰ ওচৰে পাজৰে ইউৰোপৰ বিভিন্ন নাট্য়কাৰ সকলে নাটকত বিভিন্ন ধৰণৰ ধাৰা লৈ নাটক মঞ্চস্থ কৰিবলৈ ধৰিছিল। ইয়াৰ ভিতৰত Naturalism ,  Realism ,Absurd ইত্য়াদি নাটকৰ গুৰুত্বপূৰ্ণ ধাৰা।এই ধাৰা সমূহৰ উল্লেখযোগ্য় ব্য়ক্তি হৈছে ৰাছিয়াৰ André Antoine আছিল Naturalism ধাৰাৰ অন্য়তম  গুৰি ধৰোতা।আনহাতে Realismৰ আৰম্ভণি Konstantin Stanislavskyয়ে কৰিছিল।

drama9

আৰু Absurd ধাৰা Samuel Backetয়ে নাটকলৈ আনিছিল। চেমুৱেল বেকেটৰ Waiting for Godot নাটকখন Absurb ধাৰাৰ বিখ্য়াত নাটক ।উল্লেখযোগ্য় যে এইসময়ৰ বিখ্য়াত নাট্য়কাৰ আৰু তেওঁলোকৰ বিখ্য়াত নাটকসমূহ হৈছে- Henrik Ibsenৰ A doll’s house।

ইবচেনক “the father of realism” আৰু Modernism অন্য়তম আগ ধৰোতা বুলি গন্য় কৰা হয়।আন এজন ৰাছিয়ান নাট্য়কাৰ Anton Chekovৰ নাটক হৈছে   The Cherry Orchard আৰু এওঁ Modernism ৰ অন্য়তম গুৰিধৰোতা।

waiting for Godot

এতিয়া আহো ভাৰতৰ নাট্য়জগতলৈ।ভাৰতত নাটকৰ পৰম্পৰা অতি প্ৰাচীন কালৰ পৰা চলি আহিছে। ভাৰতীয় নাট্য় সাহিত্য়ৰ অন্য়তম কিতাপ নাট্য়শাস্ত্ৰ ভৰতমুনিয়ে প্ৰায় খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত ৰচনা কৰে। নাট্য়শাস্ত্ৰ ভাৰতীয় নাটকৰ ব্য়াকৰণ স্বৰূপ।

নাট্য়শাস্ত্ৰত উল্লেখিত এটা কাহানীৰ পৰা জনা যায় যে দেৱতাসকলৰ প্ৰাৰ্থনা অনুযায়ী ব্ৰহ্মাই সমস্ত মানৱ জাতিৰ মনোৰঞ্জনৰ বাবে নাটকৰ ৰচনা কৰিছিল। ক্ষুদ্ৰসকলৰ বাবে বেদ পঠন নিষিদ্ধ আছিল বাবে পঞ্চ বেদৰ ৰচনাৰ প্ৰয়োজনীয়তা আহি পৰিছিল। পঞ্চবেদ অৰ্থাৎ নাট্য়বেদ সকলো বৰ্ণৰ লোকৰ বাবে ব্ৰহ্মাই ঋকবেদৰ পৰা পাঠ্য়,সামবেদৰ পৰা সংগীত,যৰ্জুৰবেদৰ পৰা অভিনয় আৰু অৰ্থৱবেদৰ পৰা ৰস লৈ সৃষ্টি কৰিছিল।

जग्राह पाठ्यं ऋग्वेदात्‌, सामभ्यो गीतमेव च।

यजुर्वेदादभिनयान्‌, रसमाथर्वणादपि।। नाट्यशास्त्र 1/17-18′

খ্ৰীষ্টপূৰ্ব ২য় সহস্ৰাব্দৰ শেষৰ ফালে নাটক মঞ্চস্থ কৰাৰ আৰম্ভণি হয়।এই নাটসমূহ সংস্কৃত ভাষাত ৰচিত আছিল। বৌদ্ধ দাৰ্শিনক অশ্বঘোষে ৰচনা কৰা বুদ্ধচৰিতা বাবে তেওঁক প্ৰথম সংস্কৃত নাট্য়কাৰ হিচাপে গন্য় কৰা হয় ।যদিও সংস্কৃত নাটক বোলা হৈছিল যদিও সংস্কৃত আৰু প্ৰাকৃত দুয়োটা ভাষাতে নাটক ৰচনা কৰা হৈছিল।

প্ৰায় খ্ৰীষ্টীয় ৪/৫ শতিকাৰ পৰা কালিদাসৰ যুগ আৰম্ভ হয়।কালিদাসক এগৰাকী মহান সংস্কৃত নাট্য়কাৰ হিচাপে জনা যায়।তেওঁৰ বিখ্য়াত নাটকসমূহ হৈছে- অভিজ্ঞান-শকুন্তলম‌, বিক্রমোর্বশীয়ম, মালবিকাগ্নিমিত্রম নামে তিনিখন নাটক । অভিজ্ঞান-শকুন্তলম‌  নাটক মহাভাৰতৰ কাহানীৰে ৰচনা কৰা ।এইখনেই প্ৰথম সংস্কৃত নাটক,যি ইংৰাজী আৰু জাৰ্মান ভাষালৈ অনুদিত হৈছে।

kalidasa
কালিদাস

ভাৰতত ইছলামী শাসন প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা নাটকে পূৰ্বৰ গৰিমা বহুগুণে কমি যায়। হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা সংস্কৃত নাটকৰ অবাধ গতি স্থবিৰ হৈ ৰয়।

উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ সময়ত ভগৱান শ্ৰীকৃষ্ণ জীৱন চৰিত অভিনয়ৰ মাধ্য়মেৰে জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ পৰম্পৰা আৰম্ভণি হয়।এই পৰম্পৰা মঠ – মন্দিৰ সমূহত আৰম্ভণি হয় আৰু ৰাইজৰ মাজত জনপ্ৰিয় হ’বলৈ ধৰে আৰু পিছলৈ ইয়াক ৰাসলীলা নামেৰে জনা যায়।এই ধাৰাৰ প্ৰখ্য়াত ব্য়ক্তি আছিল তুলসীদাস আৰু সুৰদাস ।

তুলসীদাসৰ প্ৰভাৱতে উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ সময়ত দুই লোকধৰ্মী নাট্য় পৰম্পৰা  আৰম্ভণি হয়-১) ৰাসলীলা আৰু ২) ৰামলীলা।এনে সুবাদতে বংগদেশত চৈতন্য় মহাপ্ৰভুৰ প্ৰভাৱত কীৰ্ত্তনে যাত্ৰাৰ ৰূপ লয় । এনেদৰে উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত  ভক্তি আন্দোলনৰ প্ৰভাৱতে নাট্য় পৰম্পৰাৰ আৰম্ভণি হয়।

ব্ৰিটিছ উপনিবেশৰ সময়ত ভাৰতীয় নাটকত পশ্চিমীয়া নাটকৰ প্ৰভাৱ পৰা দেখা যায়। এইখিনি সময়তে প্ৰচেনিয়াম নাটকৰ ভাৰতত হ’বলৈ ধৰে।এই কালছোৱাক ভাৰতত আধুনিক নাটকৰ আৰম্ভণি বুলিব পাৰি।ৰবীন্দ্ৰনাথ ঠাকুৰ আধুনিক নাটক গুৰি ধৰোতা বুলিব  পাৰি। তেওঁৰ নাটকত জাতীয়তাবাদ,নিজস্বতা,আধ্য়াত্মিকতা,বস্তুবাদী লোভ ইত্য়াদি বিষয়ক লৈ ৰচিত। তেওঁ ৰচিত বঙালী নাটক সমূহ হৈছে- ৰক্তকৰবী, ডাকঘৰ,চিত্ৰাংগদা,ৰাজা ইত্য়াদি।

ৰবীন্দ্ৰনাথ ঠাকুৰ আৰম্ভ কৰা আধুনিক ধাৰাটো তেওঁৰ পিছৰ নাট্য়কাৰ সকলে আগবঢ়াই নিছিল।ভাৰতৰ আধুনিক নাটকৰ উল্লেখযোগ্য় নাট্য়কাৰ হৈছে মৃত্য়ুঞ্জয় প্ৰভাকৰ,হবীব টনবীৰ,বি.ভি.কাৰ্নাথ,প্ৰসন্না,ৰতন থীয়াম,ডি.আৰ.অংকুৰ আৰু বহুতো।

ভাৰতত ভাষা আৰু জাতি অনুযায়ী বিভিন্ন ধৰণৰ নাটক দেখা যায়।অংকীয়া নাট ,তামাচা,নৌতংকী,ভাবাই,থেৰুকথু আদিৰ উদাহৰণ আমি ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ।

প্ৰাচীন অসমত বিনোদনধৰ্মী অনুষ্ঠান আছিল যদিও নাটকৰ সৈতে মিল নাছিল। সেই সময়ত পুতলা নাচ আৰু ওজাপালি অসমৰ বিভিন্ন জনপ্ৰিয় আছিল। উল্লেখ্য় যে ওজাপালিতকৈ পুতলা নাচ প্ৰাচীন।পুতলা নাচৰ দৰে ওজাপালিও জনপ্ৰিয় আছিল।

ওজাপালি অনুষ্ঠান ভাৰতীয় মাৰ্গী সংগীত পৰম্পৰাৰ পৰা জন্ম হয় ৷ ইয়াৰ উদ্ভৱ আৰু বিকাশত মন্দিৰৰ প্ৰভূত অৰিহণা আছে ৷ এই ওজাপালি কলাশৈলীৰ উদ্ভৱ আৰু বিকাশ সন্দৰ্ভত বিভিন্ন জনশ্ৰুতি জড়িত হৈ আছে৷ এই দৈৱিক মতবাদ অনুসৰি বৃহন্নলাৰূপী অৰ্জুনৰ দ্বাৰা এইবিধ কলা স্বৰ্গৰ পৰা মৰ্ত্যত প্ৰচলিত হয় ৷ পাৰিজাত নামৰ এগৰাকী মহিলাই স্বপ্নৰ দ্বাৰা এই কলা আয়ত্ব কৰি শিষ্যসকলক শিকাই বুলিও বিয়াহৰ ওজাপালিসকলে বিশ্বাস কৰে ৷

বিয়াহ কলাই আৰু কেন্দুকলাই এই দুয়োগৰাকী ব্যক্তিবিশেষো ওজাপালিৰ জনক বুলি জনশ্ৰুতি প্ৰচলিত৷ খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাৰ বিশিষ্ট পণ্ডিত বেদাচাৰ্যৰ স্মৃতি-ৰত্নাকৰ, অসমৰ তাম্ৰ শাসন, গুৰু-চৰিত কথা আৰু বৈষ্ণৱ যুগৰ বিভিন্ন সাহিত্যত এই ওজাপালি প্ৰাচীন কালৰে পৰা প্ৰচলন থকাৰ তথ্য দেখা পোৱা যায় ৷

Ojapali
ওজাপালি

ওজাপালি ঘাইকৈ নামনি অসম আৰু মধ্য় অসমৰ কিছু কিছু ঠাইত দেখা যায়।ওজাপালিত কমেও পাচঁজন লোক থাকে। ওজা, দাইনা পালি আৰু বাকী কেইজন পালি।ওজাৰ মুখ্য় সহযোগীজন ওজাৰ সোঁফালে থাকে,সেইবাবে দাইনাপালি বোলা হয়।

ওজাপালি অনুষ্ঠানক বিষয়বস্তু ফালৰ পৰা দুটা ভাগত ভগাব পাৰি -মহাকাব্য আশ্ৰয়ী আৰু মহাকাব্য অনাশ্ৰয়ী ।মহাকাব্য আশ্ৰয়ীক আকৌ সাঁতোটা ভাগত ভগাব পাৰি -বিয়াহৰ অথবা সভাগোৱা ওজাপালি,ৰামায়ণ ওজাপালি, ভাইৰা ওজাপালি, দুৰ্গাবৰী ওজাপালি, সত্ৰীয়া ওজাপালি, পাঞ্চালি ওজাপালি, দুলৰি ওজাপালি ।

 আনহাতে মহাকাব্য অনাশ্ৰয়ীক পাঁচটা ভাগত ভগাব পাৰি-সুকন্নানী ওজাপালি, বিষহৰি গান,মাৰে গান, পদ্ম পুৰাণৰ গান, টুকুৰীয়া ওজাপালি।ওজা আৰু পালি এই দুইবিধ অনুষ্ঠান নিৰ্বাহিকাৰ দ্বাৰা ওজাপালি অনুষ্ঠান সংগঠিত ৷

পালি দুইবিধ-দাইনা পালি আৰু সাধাৰণ পালি ।উল্লেখ্য় যে ওজাপালিৰ ওজা আৰু দাইনাপালিৰ সৈতে পুতলানাচৰ বায়ন আৰু দাইনাপালিৰ সাদৃশ্য আছে।ওজাপালিক নাটকৰ শাৰীত সম্পূৰ্ণৰূপে ৰাখিব নোৱাৰিলেও ওজাপালিয়ে কিছু নাটকৰ চৰিত্ৰ বহন কৰে।সচাঁ অৰ্থত ই নাটকৰ দৰে,যদিও ই নাটক নহয়। নাটকৰ দৰে ওজাপালিতো নিৰ্দিষ্ট কাহানী,নিৰ্দিষ্ট শৈলী আছে। ইয়াত ওজাই ভিন্ন চৰিত্ৰত অভিনয় কৰে। আৰু ইয়াক সম্পূৰ্ণৰূপে কৰিয়গ্ৰাফ কৰা হয়।

প্ৰায় ১৪০০ খ্রীষ্টাব্দৰ পৰা অসমীয়া নাটকৰ ধাৰাবাহিক ইতিহাস পোৱা যায়। হাজোৰ মাধৱ মন্দিৰ,ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়,আৰু বিশ্বনাথৰ শিৱ-মন্দিৰত বহু প্ৰাচীন কালৰে পৰা নট-নটীৰ গীত নৃত্যৰ অভিনয় আদিৰ অনুষ্ঠান হেছিল বুলি অনুমান কৰিব পাৰি।অৱশ্যে এনে উদাহৰণ শংকৰদেৱৰ পূৰ্বে দুই এটাহে পোৱা গৈছিল।প্রাক-শংকৰী যুগৰকেইজন মান কবি আৰ সাহিত্যিকৰ নাম হ’ল মাধৱ কন্দলী, হৰিবৰ বিপ্র, নট আৰু ভাট।

অসমত মহাপুৰুষ শংকৰদেৱে অসমত নাটকৰ আৰম্ভণি কৰে। “অংকীয়া নাট” হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে পৌৰাণিক আখ্যানৰ ভিত্তিত ব্ৰজাৱলী ভাষাত ৰচনা কৰা নাটসমূহ। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক ” যাত্ৰা ঝুমুৰা” হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে অংকীয়া নাট নামেৰে নামাকৰণ কৰিছিল। তেওঁৰ চৰিত পুথি অনুযায়ী চিহ্নযাত্ৰা প্ৰথম নাট্য় অনুষ্ঠান আছিল।

Ankia Drama
অংকীয়া নাট

হয়তো ই নিৰ্বাক নাটক  আছিল।শংকৰদেৱে ৬ খন নাট ৰচনা কৰিছিল।সেইকেইখন হৈছে- পত্নীপ্ৰসাদ, কালীয় দমন,কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয় নাট। পত্নীপ্রসাদ শংকৰদেৱৰ প্রথম নাট।শংকৰদেবে কপিলী মুখৰ কুমাৰৰ হতুৱাই খোল গঢ়াই নটুৱা, সূত্ৰধাৰ, গীত-মাত শিকাইছিল।

শংকৰদেৱৰ শিষ্য় মাধবদেৱে ৬ খন নাট ৰচনা কৰিছিল বুলি কোৱা হয় যদিও পিছলৈ মাধৱদেৱৰ নামত বহুতো নাটক পোৱা হোৱা বাবে মাধবদেৱৰ নাট সমূহক সন্দেহযুক্ত আৰু সন্দেহমুক্ত নাটক হিচাপে দুটা ভাগত ভাগ কৰি আলোচনা কৰা হয়। শংকৰদেৱ আৰু মাধবদেৱৰ নাটসমূহ ৰচনাৰ উদ্দেশ্য একে আছিল আৰু দুয়োজনৰে ৰচনা শৈলী ভিন্ন আছিল।

১৮২৬চনত হোৱা ইয়ান্দাবু সন্ধিৰ পিছত সমাজৰ সকলো দিশতে প্ৰভাৱ পৰিল।অসমলৈ অহা চাহ বাগিছাৰ বনুৱা,বিহাৰ,বংগৰ লোকৰ বাবে অসমীয়া ৰংগমঞ্চত অনা অসমীয়া গান-বাজনা,যাত্ৰাৰো প্ৰভাৱ পৰিল।যাৰ ফলত নামনি অসমত বহুতো যাত্ৰা পাৰ্টিৰ আৰম্ভণি হ’বলৈ ধৰিলে।

নাটকৰ ক্ৰমবিকাশ - এটি আলোকপাত
অচ্যুত লহকৰ

ব্ৰিটিছ আমোলত অসমীয়া নাটক আধুনিক ৰূপ পায়।প্ৰচেনিয়াম থিয়েটাৰ অসমলৈ আহিল। তাৰ ফলত অসমীয়াই নতুনৰূপেৰে নাটক চাবলৈ ধৰিলে। অসমীয়া নাটকৰ আধুনিক ধাৰা গুনাভিৰাম বৰুৱাৰ “ৰাম-নৱমী” (১৮৫৭)ৰ পৰাই আৰম্ভ হয়।এই নাটকত বংগীয় চিন্তাধাৰা ঈশ্বৰচন্দ্ৰ বিদ্য়াসাগৰৰ বিধৱা বিবাহ সম্পৰ্কে গঢ়ি উঠা আন্দোলনৰ পটভূমিতে বুলি কোৱা হয়।

তেনেকৈ ১৮৬১ চনত হেমচন্দ্ৰ বৰুৱাৰ কানীয়াৰ কীৰ্ত্তনে অসমীয়া সমাজক দুৰ্নীতি বিৰুদ্ধে সচতেনতা আনি দিছিল।এই নাটকতো বঙালী নাটক কুলীন কুলসৰ্বস্ব,নীলদৰ্পন নাটকৰ প্ৰভাৱ দেখা যায়।১৯০০চনত ৰমাকান্ত চৌধৰীৰ সীতাহৰণ নাটকতো বংগীয় নাটকৰ প্ৰভাৱ দেখা যায়।

কুৰি শতিকাৰ লগে লগে অসমত ঐতিহাসিক নাটকৰ ৰচনা পৰম্পৰা আৰম্ভ হয়।১৯০০ চনত পদ্মনাথ গোহাঞি বৰুৱাৰ জয়মতীৰ জৰিয়তে বুৰঞ্জীমূলক নাটকৰ আৰম্ভণি হয়।এই পৰম্পৰাই  অসমীয়া জাতীয় জীৱনত স্বজাতীয় আৰু স্বদেশ চেতনাৰ প্ৰবাহিত সোঁত নাট্য়শিল্পৰ যোগেদি সঞ্চাৰিত কৰিলে।শতিকাটোৰ দ্বিতীয় দশকৰ একেটা বছৰতে  ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী কুৱৰী,চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ নাটক প্ৰস্তুত কৰি উলিযায়।

সেই সময়তে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কেইবাখনো নাটক ৰচনা উলিয়ায়।  তেওঁৰ ৰূপালীম,কাৰেঙৰ লিগিৰী,লভিতা ইত্যাদি বিখ্যাত নাটক। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে গতানুগতিক নাট্যৰীতি পৰিহাৰ কৰি সংলাপ মঞ্চ নিৰ্দেশনা গ্ৰহণ কৰি অসমীয়া নাটকলৈ এক নতুন পৰিবৰ্তন আনে।

“কাৰেঙৰ লিগিৰী” ৰোমান্তিক ধৰ্মী নাটক হ’লেও নাটকীয় সৃষ্টিভংগীৰ দিশৰ পৰা এই নাটখনৰ নায়ক সুন্দৰ কোঁৱৰৰ যোগেদি নাট্যকাৰে অসমীয়া নাটকত প্ৰগতিশীল আৰু বৈপ্লৱিক নায়কৰ সৃষ্টি কৰিছে।এই নাটকখনত বাৰ্নাৰ্ড শ্ব বা   হেনৰিক ইবচেনৰ ৰিয়েলষ্টিক বা বাস্তৱধৰ্মীৰ নাটক দৰে মানি ল’ব পাৰি।

নাটকৰ ক্ৰমবিকাশ - এটি আলোকপাত

অসমীয়া সাহিত্য়ৰ আন এগৰাকী বৰেন্য় ব্য়ক্তি  হ’ল- ড° ভৱেন্দ্ৰ নাথ শইকীয়া দেৱে, তেওঁ সাহিত্য সাংস্কৃতিৰ বিশাল ক্ষেত্ৰখনত মহান অৱদান আগবঢ়াই থৈ যোৱা এইজনা মহান মনীষীয়ে পেছাদাৰী আৰু অপেছাদাৰী উভয় মঞ্চৰ বাবে প্ৰায় ত্ৰিশখনৰো অধিক নাটক ৰচনা কৰিছিল ।

১৯৬২ চনত অচ্যুত লহকৰদেৱে ভ্ৰাম্যমাণ নাটকৰ সূচনা কৰে। তেওঁ মুকলি কৰা প্ৰথম ভ্ৰাম্যমাণ নাটকৰ দলটি হৈছে নটৰাজ থিয়েটাৰ।নটৰাজ থিয়েটাৰ আগতে নটৰাজ অপেৰা পাৰ্টি নামৰ যাত্ৰাদল আছিল যদিও লহকৰ দেৱে সেই দলটোৰে ভ্ৰাম্য়মাণ থিয়েটাৰৰ সূচনা কৰে। বৰ্তমান অসমত ২০তকৈয়ো অধিক ভ্ৰাম্য়মাণ নাটকৰ দল অসমত আছে।

এই প্ৰবন্ধটো হৈছে নাটকৰ বিষয়ে এক মাথোঁ প্ৰয়াস আৰু নিমিত্ত মাথোঁ। ই এক আভাস ।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)


 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
July 29, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

July 23, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d