• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 6, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অৰণ্য: নামদফা ৰাষ্ট্ৰীয় উদ্যান

অৰণ্য

by Anjan Sarma
February 6, 2022
in Special Report
Reading Time: 1 min read
0
অৰণ্য: নামদফা ৰাষ্ট্ৰীয় উদ্যান
Share on FacebookShare on TwitterShare on LinkedIn

অৰণ্য

গৌতম শৰ্মা

বিভিন্ন জাতি, জনগোষ্ঠীৰ লগতে প্ৰকৃতিৰ অলেখ সৌন্দৰ্যই অত্যন্ত সমৃদ্ধিশালী ভাৰতভূমিৰ উত্তৰ-পূৰ্বাঞ্চল। এই অঞ্চলটোৰ মধুমিতা প্ৰকৃতিৰ লাস্যময়ী ৰূপৰ মাধুৰ্যই মানুহৰ মনোৰাজ্যত সদায় প্ৰবল খলকনি আৰু আলোড়নৰ সৃষ্টি কৰি আহিছে। প্ৰচুৰ জৈৱ আৰু প্ৰাকৃতিক সম্পদেৰে চহকী উত্তৰ-পূৰ্বাঞ্চলৰ অৰণ্যাঞ্চলসমূহ। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যতেই এই অৰণ্যসমূহে নৈসৰ্গিক সৌন্দৰ্য্যবৰ্দ্ধন কৰাৰ লগতে দেশী-বিদেশী পৰ্যটকসকলকো সততে আকৰ্ষিত কৰি আহিছে।

     জৈৱ-বৈচিত্ৰ্যতাৰ ক্ষেত্ৰখনত উত্তৰ-পূবৰ সৰ্ববৃহৎ অৰণ্য হিচাপে খ্যাত অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ ৰূপ, সৌন্দৰ্য্য আৰু বৈচিত্ৰ্যতাই সকলোকে আকৰ্ষিত কৰি আহিছে। মাটিকালিৰ ফালৰপৰা এই নামদফা হৈছে ভাৰতৰ তৃতীয় বৃহৎ ৰাষ্ট্ৰীয় উদ্যান। ঐতিহাসিক দৃষ্টিভংগীয়ে অৰণ্যখনিৰ গুৰুত্ব বিচাৰ কৰিলে আমি পাওঁ যে, এই নামদফা নামটো প্ৰকৃততে গোটেই ৰাষ্ট্ৰীয় উদ্যানখনক দুভাগ কৰি বৈ যোৱা ‘নামদফা’ নামৰ নৈখনৰ পৰাহে আহিছে। এই নদীখন ডিয়ুন নদীৰ এখন উপনৈ।

টাই ভাষাত ‘নাম’ শব্দৰ অর্থ হৈছে পানী আৰু ‘দফা’ শব্দৰ অৰ্থ হৈছে চিংফৌসকলৰ এটা ফৈদৰ নাম। যিদুটা বিশেষ শব্দ মিলি “নামদফা” শব্দৰ উৎপত্তি হৈছে। ব্ৰহ্মদেশৰ গাতে লাগি থকা দফাবুম পৰ্বতৰ ‘কম’ নামৰ শৃংগটোৰ পৰা এই নামদফা নৈখন ওলাই নোৱা দিহিঙত মিলিছেহি। নোৱা দিহিঙৰ দুয়োকাষৰ শুভ্ৰ বৰফেৰে আবৃত পাহাৰৰ টিং, নামনিৰ সেউজীয়া বননি আৰু নৈৰ নীলা পানীয়ে নামদফাৰ সৌন্দৰ্য আৰু নৈসৰ্গিকতাক সোণত সুৱগা চৰাইছে। উল্লেখ্য যে, কম শৃংগটো সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৪৫০০ ফুট উচ্চতাত অৱস্থিত, ইয়াক এই অঞ্চলৰ সৰ্বোচ্চ স্থান বুলি ধৰা হয়; যিটো উচ্চতাত অৱস্থানে অৰণ্যখনিক বিশ্বৰ ভিতৰতে এক সুকীয়া মৰ্যদা প্ৰদান কৰিছে। গ্ৰীষ্ম, নাতিশীতোষ্ণ আৰু হিমমণ্ডলীয় পাৰিপাৰ্শ্বিকতাৰ সমাহাৰে অৰণ্যখনিত উদ্ভিদ আৰু প্রাণীসমূহৰ বাসস্থানৰ অনুকূল পৰিৱেশসমূহ ৰচনা কৰি আহিছে। সৰ্বমুঠ ২০০০ কিলোমিটাৰে নামদফাই এফালে ব্ৰহ্মদেশৰ ইৰাৱতী উপত্যকা আৰু আনফালে ব্ৰহ্মপুত্ৰ উপত্যকা স্পৰ্শ কৰি আছে।

   উল্লেখযোগ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়তহে এই নামদফাই আচলতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। জাপানৰ দ্বাৰা চীন আৰু বাৰ্মা আক্ৰমণৰ পাছত অসমৰ চাবুৱাপৰা কুনমিঙৰলৈকে মিত্ৰশক্তিৰ সহায়সমূহ চিয়াংকাই চেকৰ কুমিনন্টাং আৰ্মীলৈ নিয়মীয়াকৈ এই পথেৰেই পঠোৱা হৈছিল; আৰু তেতিয়াই অৰণ্যখনিৰ অলেখ জৈৱবৈচিত্ৰ্যতাৰ ভাণ্ডাৰসমূহ জনচাক্ষুষলৈ আহিছিল। ইয়াৰ পৰৱৰ্তী কালত জৈৱ বৈচিত্ৰ্যতা সংৰক্ষণৰ লগতে বহুতো বহিৰাগত শৰণাৰ্থীৰ কেম্প হিচাপেও এই অৰণ্যখন অদ্যাপি ব্যৱহাৰ হৈ আহিছে। বাংলাদেশৰ চাকমাসকল হৈছে নামদফাত অৱস্থান কৰা সৰ্বশেষ তথা শেহতীয়া বহিৰাগত শৰণাৰ্থী।

অন্যহাতেদি, নামদফা সংৰক্ষণৰ প্ৰাথমিক ইতিহাস প্ৰকৃতপক্ষে স্বাধীনোত্তৰ কালতহে আৰম্ভ হৈছিল। ১৯৪৭ চনত সেই সময়ৰ বন পৰীক্ষক “W. Maiklinjalm” য়ে অসমৰ গবৰ্ণৰলৈ নামদফাত থকা বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰি অৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ দাবী তুলিছিল। কিন্তু হঠাতে সূচনা হোৱা ভাৰত-চীন যুদ্ধই ইয়াক প্ৰায় ২৫ বছৰৰ কাৰণে তল পেলালে। যিটো তথ্য ১৯৬৯ চনত উদ্ধাৰ হোৱা কেতবোৰ নথি-পত্ৰই প্ৰমাণ কৰিছে। যি নহওক, ইয়াৰ পৰৱৰ্তী ২৫ বছৰৰ পাছত ১৯৭২ চনত অৰণ্যখনক অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ইয়াৰ পৰৱৰ্তী ১০ বছৰৰ পাছত ১৯৮৩ চনৰ ১২ মে’ত ৰাষ্ট্রীয় উদ্যান হিচাপে নামদফাক ঘোষণা কৰা হয়। আৰু ইয়াৰ লগে লগে নামদফাত উপলব্ধ বাঘৰ বিৰল প্ৰজাতিসমূহৰ বাবেও অৰণ্যখনিক  বাঘৰ আদৰ্শ বাসস্থান হিচাপে গঢ় দিয়াৰ স্বাৰ্থতে ব্ৰাঘ্য প্ৰকল্পৰ কামো শুভাৰম্ভ কৰা হয়।

   জৈৱ বৈচিত্ৰ্যতাৰ অনুপম ভঁৰাল নামদফা ৰাষ্ট্ৰীয় উদ্যানখন সম্প্ৰতি ১০০ বিধতকৈয়ো অধিক স্তন্যপায়ী, ৭০০ বিধ চৰাই, ৫০বিধমান সৰীসৃপ ৪০ বিধমান মাছ, ৭ বিধমান বিভিন্ন জোক, ১০ বিধমান কেঁচু, ২৫ বিধতকৈ অধিক উভচৰ প্ৰাণীৰ বাসস্থান।  তদুপৰি অৰণ্যখনিৰ অভ্যন্তৰত থকা নৈ, জান-জুৰি, গহ্বৰ, উপত্যকা, শিলাখণ্ড, নিমখৰ পুং, গৰমপানীৰ উঁহ আদিবোৰে নামদফাক যথেষ্ট চহকী কৰি গঢ়িছে। গোধাফুটুকী, স্নলিঅ’পাৰ্ড বা বৰফৰ কম (পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমীসকলৰ নয়নৰ মণি), ঢেকীয়াপতীয়া, নাহৰফুটুকী, কুকুৰনেজীয়া, লতামাকৰী, ওন্দোলা বাঘৰ দৰে বিভিন্ন প্ৰজাতিৰ দুষ্পাপ্য বাঘৰ লগতে হলৌ, লাজুকী, ৰিজাছ, সিংহনেজীয়া, টুপীমুৰীয়া আদি বান্দৰবোৰ, মাৰফল কেটকে, বনৰীয়া মেকুৰী, বন কুকুৰ, বনৰীয়া ম’হ, বনৰীয়া ছাগলী, হায়েনা, ঘোং, ৰঙা পাণ্ডা, গুঁই, হিমালয়ৰ ক’লা ভালুক, ভাৰতীয় বনৰীয়া ভালুক, লথ বিয়েৰ, বৰা গাহৰি, বনৰৌ, মেথোন, ভিন্ন কাছ, ভিন্ন কেৰ্কেটুৱা, ভিন্ন প্ৰজাতিৰ ২৫ বিধতকৈয়ো অধিক সাপসমূহে নামদফাক সমৃদ্ধিশালী কৰি ৰাখিছে।

অন্যহাতেদি, ১৫০ বিধৰো অধিক চিনাকি-অচিনাকি পক্ষীৰ বিচৰণভূমি হৈছে এই নামদফা। হিৰণ, ধনেশ, ক’লা ঈগল, ৰঙা কাপৰ বেউড পেকাৰ, দেওহাঁহ, অসংখ্য কীট-পতংগ, মৌ প্ৰচুৰ পৰিমাণে ইয়াত পোৱা যায়। পশু-পক্ষীৰ সমান্তৰালকৈ নানান আপুৰুগীয়া আৰু দুষ্পাপ্য উদ্ভিদ প্ৰজাতিৰে চহকী নামদফা ৰাষ্ট্ৰীয় উদ্যান। হোলোং, মেকাই, মেকাহি, জুটুলী, নাহৰ, ভেলেউ, বনচোম, গমাৰি, কন্ধকৰৈ, সাঁচি, নিম, ৰুদ্ৰাক্ষৰ, পমা, বনপমা, বৰহমথুৰী, খখন, বান্দৰডিমা, চেলেং, তিতাচপা, শলখ, ভোমোৰা, শিলিখা, ২০০ ৰ পৰা ৩০০ ফুট পৰ্যন্ত ওখ শিমলু, আঁহত, পিল’’ আদিৰ লগতে বিভিন্ন ঔষধি গুণসম্পন্ন গছ, লতা, গুল্মজাতীয়, ঢেকীয়াজাতীয়, বেংছতা, ৰং-বিৰঙৰ শেলাই, ভেঁকুৰ ইত্যাদিবোৰ প্ৰচুৰৰূপত পোৱা যায়। নামদফাত প্ৰায় ৫০০ বিধ গছত আৰু শিলত গজা দুৰ্লভ প্ৰজাতিৰ অৰ্কিড পোৱা গৈছে। উল্লেখ্য যে, আমি জানিবপৰা মতে নামদফাৰ প্ৰায় ৬০% অৰণ্যভূমি এতিয়াও অনাবিষ্কৃত।

      অক্টোবৰৰ পৰা মাৰ্চলৈকে পৰ্যবেক্ষণৰ উপযুক্ত সময় নামদফা ৰাষ্ট্ৰীয় উদ্যানখনে বছৰি বহু দেশী বিদেশী প্ৰকৃতিপ্ৰমী আৰু পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে। বৰষুণৰ পৰিমাণ কম হোৱা এই বিশেষ সময়ছোৱাত নামদফাৰ পৰিৱেশ দৰ্শনাৰ্থীৰ বাবে অনুকূল। উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া পৰা মিয়াওলৈ যাবলৈ সুচল পথ যোগাযোগ আছে। মিয়াওৰপৰা উদ্যানখনলৈ দুৰুত্ব মাথোঁ ৩০ কিলোমিটাৰ।

নামদফা উদ্যানখনৰ নিকটৱৰ্তী ৰেল ষ্টেচন হৈছে লেখাপানী (তিনিচুকীয়া) আৰু নিকটৱৰ্তী বিমানবন্দৰ হৈছে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰ। উল্লেখ্য, অৰুণাচল প্ৰদেশৰ বাহিৰৰ দৰ্শনাৰ্থীসকলে উদ্যানখনৰ প্ৰৱেশৰ বাবে অৰুণাচলৰ গৃহ চৰকাৰৰ অনুমতি পত্ৰ ল’ব লাগে। অৰণ্যখনিত প্ৰৱেশ কৰি নাৱেৰে আৰু হাতীৰ পিঠিত উঠি ইয়াৰ প্ৰাকৃতিক দৃশ্যৰ উপভোগ কৰাৰ আমেজেই সুকীয়া। নামদফাৰ আটাইতকৈ ৰোমাঞ্চিত কাম হৈছে ট্ৰেকিং। ইয়াত গৈ থাকিব পৰাকৈও মিয়াঙত  পৰ্যটন নিবাস, পৰিদৰ্শন বঙলা, অৱৰ্ত ভৱন আদিবোৰো সুন্দৰৰূপত সজাই তোলা হৈছে। নামদফাত গৈ পৰ্যটকসকলে দৰ্শন কৰিবপৰা মূল স্থানসমূহ হৈছে- দেৱান, ৰাণীঝিল, মিয়াঙৰ ঊলৰ দলিছা উদ্যোগ, ধৰাচাঙৰ তৈলক্ষেত্ৰ, ডিয়ুন নৈৰ ওলোমা দলং, নামদফা আৰু দফাবুমৰ প্ৰাকৃতিক দৃশ্য, বুলবুলিৰ গৰম পানীৰ উঁহ, পক্ষী আৰু বন্যপ্ৰাণী নিৰীক্ষণ কেন্দ্ৰসমূহ আৰু ব্যাঘ্ৰ নিৰীক্ষণ কেন্দ্ৰসমূহেই প্ৰধান। যিসমূহ ঠাইৰ অনন্য সৌন্দৰ্য আৰু সম্পদে যান্ত্ৰিক পৃথিৱীৰ অলেখ কোলাহলৰ পৰা বহু লোককে নামদফাৰ অপূৰ্ব সৌন্দৰ্যক উপভোগৰ হেতু সদায় হাতবাউল দি মাতে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অৰুণাচল প্ৰদেশনামদফা ৰাষ্ট্ৰীয় উদ্যান
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

May 28, 2026
Making Mindfulness a Part of the Contemporary Age

Making Mindfulness a Part of the Contemporary Age

May 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33724 shares
    Share 13489 Tweet 8431
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14975 shares
    Share 5990 Tweet 3744
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    367 shares
    Share 147 Tweet 92
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3787 shares
    Share 1515 Tweet 947
  • মাধৱদেৱৰ সাহিত্যকৃতি

    682 shares
    Share 273 Tweet 171
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1003 shares
    Share 401 Tweet 251
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6584 shares
    Share 2634 Tweet 1646
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4377 shares
    Share 1751 Tweet 1094
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    259 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d