নাম শুনিলেই যাৰ….

[ ২০২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৪৬ বছৰ পূৰ্বে লেখা এই পদ্যময় গদ্য বা গদ্যময় পদ্যটো পুনৰ প্ৰকাশ কৰা হ’ল ]

অঞ্জন শৰ্মা
নাম শুনিলেই যাৰ মন কপে বুকু ভৰে তেজ
উখল মাখল কৰে
সেয়ে মোৰ দেশ মোৰ অনন্য অমৰ অমৃত স্বদেশ
নিজকে লুইতপৰীয়া বুলি ভবাসকল
তহতেও বুৰঞ্জী পঢ়
অনুভৱ হ’ব স্বাধীন স্বদেশৰ
দিখৌপৰীয়াসকল, দীঘল উশাহ টান
জয়সাগৰত ডুব দি বোকা-মাটি আন
সান,
মৰ্দন কৰ সমগ্ৰ শৰীৰত
গোন্ধ পাবি স্বাধীন স্বদেশৰ।
কৰতোৱা গদাধৰ চম্পাৱতী আই
দিহিং দিবং কলং পাটকাই
সকলোতে নিহিত হৈ আছে ঘটোৎকচ গদাপাণি
আছে অণুৱে পৰমাণুৱে বৰ্বৰিক ভগদত্ত
ভাস্কৰবৰ্মা নৰনাৰায়ণ
চুকাফা চিলাৰায় ৰুদ্ৰসিংহ গোমধৰ
ইতিহাসৰ পাতে পাতে সন্ধান কৰ
গোন্ধ পাবি স্বাধীন স্বদেশৰ।
লুইতপৰীয়াৰ দল,
ভূচিত্ৰাৱলী সলনি হ’ল, ইতিহাসক
মৈদামত সুমুৱাই থোৱা হ’ল
মোমাইকটা গড়ত এতিয়া মীৰজুমলাৰ ভাৰত-নাট্যম
আৰু লাচিত দিৱসত আজি
প্ৰায় সকলোৱেই গায় ঔৰংজেৱৰ জয়গান
গঙ্গাৰ পাৰত আজি নিবিচাৰে কোনেও
চিলাৰায়ৰ চিতাভস্ম
ৰামসিংহৰ পদধূলিৰে এতিয়া সকলোৱেই ধন্য
‘ধন্য ধন্য ভাৰত-বৰিষ’!!
লুইতপৰীয়াৰ দল, আমাৰ
ইতিহাসৰ প্লাষ্টিক চাৰ্জাৰী কৰা হ’ল
চিন্থেটিক জন-গণ-মনৰে বতাহ গধূৰ হ’ল
আমাৰ হৃদয় ৰক্তাক্ত কৰি ৰেডক্লিফে
ক্ষত-বিক্ষত কৰি পেলালে স্বদেশৰ ভূগোল
তাজমহল হোটেলত লোকসভা-ৰাজ্যসভাত
বিধানসভাত প্ৰগতি ময়দানত নৰ্থ-ব্লকত
প্ৰমাণ কৰিবলৈ যত্ন কৰা হ’ল নৰনাৰায়ণ
বঙ্গৰ আছিল, চিলাৰায়-লাচিত
হিন্দুস্থানী আছিল
নাদিৰ শ্বাহে আজি সম্পাদনা কৰে
প্ৰাগজ্যোতিষপুৰৰ ইতিহাস
উজীৰ-এ-আজমে কয় যৌতুকত পাইছিল
কামৰূপ-কমতা অসম !!
সংশোধিত বুৰঞ্জীৰ পৃষ্ঠাবোৰ
লুইতপৰীয়াৰ দলে নালাগে পঢ়িব
দীঘলকৈ উশাহ টান
তহঁতৰ উশাহত ব্ৰহ্মপুত্ৰ হৃদয়ত
প্ৰাগজ্যোতিষপুৰ
গোন্ধ পাবি স্বাধীন স্বদেশৰ।
নাম শুনিলেই যাৰ মন কপে বুকু ভৰে তেজ
উখল মাখল কৰে
সেয়ে মোৰ দেশ মোৰ অনন্য অমৰ অমৃত স্বদেশ।

(সাপ্তাহিক নীলাচল, ১৯৮০)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.
















