জলবায়ু সংকট
মোহন খাউণ্ড
পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গৰ জলবায়ু সম্পৰ্কীয় আন্দোলন ‘ ফ্ৰাইডেজ ফৰ ফিউচাৰ‘ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শান্তিৰ বাবে নোবেল বঁটা লাভ কৰোতা মালালা ইউচুফজাইয়ে কৈছে,’ জলবায়ু পৰিৱৰ্তন ৰোধৰ সংগ্ৰাম হ’ল নাৰীশিক্ষাৰো অংশ। জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্বৰ কোটি কোটি ছোৱালী বিদ্যালয়লৈ যোৱাৰ পৰা বঞ্চিত হৈছে।’
গ্ৰেটা থুনবাৰ্গৰ উদ্যোগত জলবায়ু পৰিৱৰ্তনক কেন্দ্ৰ কৰি ২০১৮ চনৰ পৰা চুইডেনৰ সংসদৰ বাহিৰত প্ৰতি শুক্ৰবাৰে বিক্ষোভৰ আয়োজন কৰা হয়।
যোৱাকালি শুক্ৰবাৰে ( ১০-০৬-২০২২) ‘ফ্ৰাইডেজ ফৰ ফিউচাৰ’ কাৰ্যসূচীত পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গ আৰু ভেনেচা নাকাটেৰ সৈতে যোগ দি এনেদৰে কয় পাকিস্তানী মালালা ইউচুফজাইয়ে।
নাৰীসকলক শিক্ষাৰ পৰা বঞ্চিত কৰিবলৈ পাকিস্তানী তালিবান( টিটিপি)ৰ অপচেষ্টাৰ বিৰুদ্ধে প্ৰচাৰ কাৰ্য চলোৱাৰ বাবে ২০১২ চনত টিটিপিৰ এজন বন্দুকধাৰীয়ে মালালাৰ মূৰলৈ লক্ষ্য কৰি গুলিচালনা কৰে যদিও কিবা প্ৰকাৰে মালালাৰ প্ৰাণ ৰক্ষা পৰে। তাৰপিছত সৰ্বকনিষ্ঠ হিচাপে ১৭ বছৰ বয়সতে মালালাই শান্তিৰ নোবেল বঁটা লাভ কৰে। মালালা ইউচুফজাইৰ বয়স এতিয়া ২৪ বছৰ।
এক সাক্ষাৎকাৰত মালালাই কৈছে, জলবায়ু পৰিৱৰ্তনৰ বাবে বহু ঘটনাই ঘটিছে। ইয়াৰ ফলস্বৰূপে কোটি কোটি ছোৱালী বিদ্যালয়লৈ যোৱাৰ পৰা বঞ্চিত হৈছে। খৰাং বতৰ আৰু বানপানীৰ প্ৰভাৱ বিদ্যালয়ৰ ওপৰতো পৰিছে। মানুহে ঘৰ-বাৰী এৰিবলৈ বাধ্য হৈছে। সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছে ছোৱালীসকল। কাৰণ সবাতোকৈ আগতে ছোৱালীবোৰে বিদ্যালয়লৈ যোৱা বন্ধ কৰিছে।
যোৱা শুক্ৰবাৰে বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জলবায়ু পৰিৱৰ্তনে তেওঁৰ জীৱনত কি প্ৰভাৱ পেলাইছে, তাৰে এক অধ্যায় বৰ্ণনা কৰে মালালাই। তেওঁ কয়, বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা সময়ছোৱাত সেই বিদ্যালয়খনো বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল আৰু তেওঁলোক বহুদিন বিদ্যালয়লৈযাব পৰা নাছিল। তেওঁলোকৰ ঘৰ- বাৰীও প্লাৱিত হৈছিল।
‘ফ্ৰাইডেজ ফৰ ফিউচাৰ’ কাৰ্যসূচীত মালালা, গ্ৰেটা, নাকাটাৰ বক্তব্যত জলবায়ু পৰিৱৰ্তনৰ বাবে ছোৱালীবোৰ শিক্ষাৰ পৰা বঞ্চিত হোৱা বিষয়টো উত্থাপন হয়। তেওঁলোকে কয়, জলবায়ু সংকটৰ বাবে উন্নয়নশীল দেশসমূহত ছোৱালীবোৰ অধিক ক্ষতিগ্ৰস্ত হৈছে। যদি শিক্ষাৰ মাধ্যমেৰে ছোৱালীসকলক ক্ষমতাৰ অধিকাৰী কৰা হয়, তেনেহলে তেওলোক সংকটৰ সমাধানৰ অংশ হ’ব পাৰিব।
১১-০৬-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.