• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

নাৰীৰ মানসিক স্বাস্থ্য 

Assamese Section / WOMEN

by Monoswini Sarmah
March 8, 2026
in ASSAMESE SECTION, Women
Reading Time: 3 mins read
0
নাৰীৰ মানসিক স্বাস্থ্য 
Share on FacebookShare on TwitterShare on LinkedIn

নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

মনস্বিনী শৰ্মা 

manaswini sarma
মনস্বিনী শৰ্মা 

মানসিকভাৱে সুস্থ হৈ থাকিব পাৰিলেহে জীৱনৰ গভীৰতম সুখৰ উপলব্ধি হয়। বস্তুবাদী আনন্দই স্পৰ্শ কৰিব নোৱাৰা মানসিক স্বাস্থ্যক সুস্থ ৰখাৰ ক্ষেত্ৰত বহু কাৰকৰ কথা আহি পৰে। এজন মানুহ শাৰীৰিকভাৱে সুস্থ থকাটো যিমান প্ৰয়োজন সিমানেই প্ৰয়োজন হয় মানসিকভাৱে সুস্থ হৈ থকাটো।‌ মানসিক স্বাস্থ্যৰ সুস্থিৰতাই জীৱন সমৃদ্ধ কৰে। 

    পুৰুষ – মহিলা উভয়ৰে মানসিক স্বাস্থ্যৰ গুৰুত্ব আছে। কিন্তু মহিলাৰ মানসিক স্বাস্থ্য আৰু অধিক গুৰুত্বপূৰ্ণ হয়। নাৰীৰ মানসিক স্বাস্থ্য সুস্থ সমাজৰ বাবে অপৰিহাৰ্য, যি শাৰীৰিক সুস্থতাৰ সৈতে ওত:প্ৰোতভাৱে জড়িত। হৰম’নৰ পৰিৱৰ্তন (যেনে- গৰ্ভাৱস্থা, মেন’পজ), সামাজিক চাপ আৰু লিংগ বৈষম্যৰ বাবে নাৰীসকল হতাশা আৰু উদ্বেগজনিত সমস্যাত বেছিকৈ ভোগে।
নাৰীৰ মানসিক স্বাস্থ্য 

        এগৰাকী নাৰীয়ে জীৱন কালত বহু কেইটা স্তৰ পাৰ কৰিবলগীয়া হয়; যেনে— কন্যাকাল (শিশুকাল-বাল্যকাল), কিশোৰীকাল, গৰ্ভধাৰণ, মাহেকীয়া বন্ধ হোৱাৰ সময় ইত্যাদি। এই বিভিন্ন স্তৰসমূহ পাৰ কৰোঁতে বাস্তৱিকতেই নাৰী এগৰাকীয়ে বহুতো সমস্যাৰ সন্মূখীন হ’বলগীয়া হয়, যিবোৰে মহিলাৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ ওপৰতো বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। প্ৰকাশ কৰিব নোৱাৰা কাৰণে পৰিয়াল অথবা অন্য ব্যক্তিক এই বিষয়ে অৱগত কৰাও দেখা নাযায়।

বিশেষকৈ ছোৱালী এজনীৰ শৈশৱ আৰু বাল্যকাল পাৰ হৈ কৈশোৰকাল আৰম্ভ হোৱাৰ পৰাই কিছুমান নিৰ্দিষ্ট স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। এইখিনি সময়তে ছোৱালী এজনীৰ জীৱনত শাৰীৰিক, মানসিক, আৱেগিক তথা সামাজিক পৰিৱৰ্তনে দেখা দিয়ে। শাৰীৰিক পৰিৱৰ্তন হোৱাৰ লগে লগে মানসিক উদ্বেগতা আৰু উৎসুকতা বাঢ়িবলৈ আৰম্ভ কৰে; যিয়ে আৱেগত প্ৰভাৱ পেলায়।

আৱেগিক পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে সমাজ অথবা পৰিয়ালৰ ডাঙৰৰ লগত ভাব বিনিময় কৰাত দ্বিধাবোধ কৰে আৰু ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টি হৈ কেতিয়াবা হতাশাত ভোগাও দেখা যায়। সাধাৰণতে প্ৰায় ১১–১২ বছৰ বয়সত ছোৱালী এজনীৰ মাহেকীয়া আৰম্ভ হয়, যিটো সময়ত ছোৱালীজনীক মানসিক সমৰ্থনৰ বিশেষ প্ৰয়োজন। কিন্তু আমাৰ সমাজৰ কিছুমান সামাজিক বাধা তথা প্ৰচলিত কিছু ৰীতি–নীতিৰ কাৰণে ছোৱালীজনীৰ মন সংকূচিত হৈ থাকে, যাৰ কাৰণে মাক-দেউতাক অথবা সমনীয়াৰ লগতো মুকলিকৈ কথা পাতিব নোৱাৰে। 

     গৰ্ভাৱস্থা হৈছে নাৰীজীৱনৰ বিশেষ প্ৰত্যাহ্বানৰ সময়। বিবাহৰ পাছত ছোৱালী এজনীয়ে নিজৰ মাকৰ ঘৰখন এৰি আহি আন এটা অচিনাকী পৰিয়ালৰ লগত খাপ খোৱাবলৈ নিজকে বহুত সলনি কৰিবলগীয়া হয়। সকলোৰে মন বুজি লৈ ঘৰ এখনৰ দায়িত্ব ল’বলগীয়া হোৱাত কিছু পৰিমাণে হ’লেও মানসিক ভাৰসাম্য হেৰুৱাটো স্বাভাৱিক; যিটো শাৰীৰিক স্বাস্থ্যৰ কাৰণেও ক্ষতিকাৰক। মানসিক চাপ গৰ্ভাৱস্থাৰ আটাইতকৈ ক্ষতিকাৰক ব্যাধি।

আনহাতে এইখিনি সময়ত মহিলা গৰাকীৰ শৰীৰত হোৱা বিভিন্ন ধৰণৰ হৰম’নৰ পৰিৱৰ্তনৰ কাৰণে কেতিয়াবা তাৰ প্ৰভাৱ তেওঁলোকৰ ব্যৱহাৰিক আচৰণত পৰাও দেখা যায়। গতিকে এই সময়খিনিত একমাত্র পৰিয়ালৰ লোকেহে মহিলা এগৰাকীক মানসিকভাৱে সন্তুলিত কৰি ৰখাৰ লগতে শাৰীৰিকভাৱেও সুস্থ কৰি তুলিব পাৰে।

Women

     যেতিয়া মহিলা এগৰাকীৰ মাহেকীয়া বন্ধৰ সময় আহি পৰে তেতিয়া আৰু কিছু সমস্যাই দেখা দিয়ে। বিভিন্ন ধৰণৰ হৰম’নৰ পৰিৱৰ্তন হোৱাৰ ফলত শৰীৰত নানান ৰোগে আক্রমণ কৰিবলৈ ধৰে। দেখা যায় যে বহু সময়ত নাৰীয়ে স্বাস্থ্যৰ ক্ষেত্রত নিজক লৈ অৱহেলা কৰে আৰু প্ৰকাশ নকৰাকৈয়ে নিজৰ ভিতৰতেই বহু কথাই ৰাখি থয়। নিজক লৈ অৱহেলা কৰাটো নাৰী জীৱনৰ এটা স্বভাৱ সুলভ প্ৰৱণতা বুলিও ক’ব পাৰি যদিও সময়ত চিকিৎসকৰ পৰামৰ্শ নল’লে জটিল সমস্যা হোৱাৰ আশংকা থাকে।

      পৰোক্ষভাৱে হ’লেও লিংগ-বৈষম্যও মহিলাৰ স্বাস্থ্য সমস্যাৰ আন এটা কাৰণ হ’ব পাৰে। ল’ৰা-ছোৱালীৰ ভেদাভেদে শিশুকালৰ পৰাই ছোৱালী এজনীৰ মনক প্ৰভাৱিত কৰে যাৰ ফলত ছোৱালীজনীৰ মনত মানসিক চাপৰ সৃষ্টি হয়। কেতিয়া আৰু ক’ত‌ লিংগ-বৈষম্যৰ দৰকাৰ সেইখিনি বিশ্লেষণ কৰি শৈশৱকালৰ পৰাই ছোৱালীসকলক শিকোৱা দৰকাৰ। 

     অতীজতে মহিলাসকল ঘৰৰ কাম-কাজতে সীমাবদ্ধ হৈ আছিল। সন্তান,স্বামীৰ সৈতে একোটা পৰিয়াল পৰিচালনাৰ বেলিকা তেওঁলোকে কেতিয়াবা কিছুমান বিশেষ পৰিস্থিতিৰ মাজেৰে পাৰ হ’বলগীয়া হয় আৰু তেনেবোৰ পৰিস্থিতিয়ে মহিলাগৰাকীৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। বৰ্তমান মহিলাসকলে পৰিয়াল পৰিচালনাৰ লগতে নিজ কৰ্ম সংস্থাপনটো জড়িত হ’বলগীয়া হয়। কৰ্মক্ষেত্ৰত সন্মুখীন হ’বলগীয়া কিছুমান পৰিৱেশে যেনে কৰ্মৰ অত্যধিক চাপ, মাহেকীয়া ইত্যাদিৰ কষ্টৰ সময়ত কামৰ পৰা ৰেহাই নোপোৱা (অৱশ্যে বৰ্তমান কিছুমান কৰ্মক্ষেত্ৰত পিৰিয়ড লীভ আৰম্ভ হৈছে), শাৰীৰিক আতিশয্য চলোৱা ইত্যাদিয়ে মহিলা এগৰাকীক মানসিকভাৱে ভাৰাক্ৰান্ত কৰে।

women in white dress shirt

     যিকোনো বয়সত হ’ৰমনৰ ক্ৰিয়াই মহিলাৰ স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যও প্ৰভান্বিত কৰে। মাহেকীয়া ঋতুচক্ৰ, গৰ্ভাৱস্থা, মাহেকীয়া ঋতুচক্ৰ বন্ধ হোৱা ইত্যাদি সময়ত মহিলা এগৰাকীৰ হ’ৰমন যথেষ্ট পৰিমাণে সলনি হয়। যাৰ ফলত মন অশান্ত লাগে, নিসংগ,হতাশা ইত্যাদিয়ে আগুৰি ধৰে। ইয়াৰে বহু নাৰীয়ে ইয়াৰ কাৰণ হ’ৰমনৰ প্ৰতিক্ৰিয়া বুলি নাজানে। যাৰ বাবে নিজকে বুজোৱাত,শান্ত কৰোৱাত নিজেও বিফল হয়।

      মহিলাসকলে সেয়ে পোনপ্ৰথমে নিজৰ মানসিক স্বাস্থ্যৰ বিষয়ে নিজে বুজি উঠিবলৈ চাব লাগে। মানসিক স্বাস্থ্য সুস্থভাৱে অটুট ৰাখিবলৈ নিজৰ যতন ল’ব লাগে। মহিলাৰ মানসিক স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ সুষম আহাৰ, পৰ্যাপ্ত টোপনি (৮ ঘণ্টা), আৰু নিয়মিত ব্যায়াম বা খোজকঢ়া অতিকৈ প্ৰয়োজন। মানসিক চাপ কমাবলৈ ধ্যান, যোগাভ্যাস বা প্ৰিয় কাম কৰা, লগতে পৰিয়াল/বন্ধু, নিজৰ প্ৰিয়জনৰ সৈতে সময় কটোৱা উচিত।

মানসিক সুস্থিৰতাৰ বাবে বিশ্বাসী তথা আপোনজনৰ আগত আৱেগবোৰ প্ৰকাশ কৰা, নিজৰ আৱেগ- অনুভূতিক বুজি উঠা,আত্ম-যত্ন লোৱা আৰু প্ৰয়োজন হ’লে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা অত্যন্ত জৰুৰী। মনটোক ভালে ৰাখিবলৈ দিনটোৰ ব্যস্ততাৰ মাজতো নাৰীসকলে নিজৰ পচন্দৰ ভাললগা কাম কৰিব লাগে, পচন্দৰ খাদ্য গ্ৰহণ কৰা,ভাললগা ঠাইলৈ ফুৰিবলৈ যোৱা, ভাললগা স্থানত সামাজিক সংযোগ স্থাপন কৰা ইত্যাদি কৰিব লাগে। মহিলাসকলে নিজৰ মাহেকীয়া সময়খিনিত নিজৰ প্ৰতি যত্ন ল’ব লাগে। 

      যদি কিবা পৰিস্থিতিত মহিলাসকলে আনৰ পৰা কেতিয়াবা সঁহাৰি লাভ কৰিবলৈ অসমৰ্থ হয়,তেতিয়াও মহিলাসকলে নিজৰ কথা চিন্তা কৰি নিজৰ যতন লোৱাত হেমাহি কৰিব নালাগে। সদায় মনত এক আত্মপ্ৰেমভাৱ ৰাখিব লাগে। নিজক পৰিপাটিকৈ সুন্দৰকৈ সজাই ল’ব জানিলেও মনবোৰ মুকলি হৈ থাকে। দৈনন্দিন কিছুমান কাম, অভ্যাস নিজৰ বাবে ৰাখিব লাগে। কাৰণ বহু সময়ত আনসকলৰ যত্ন লোৱাৰ বেলিকা মহিলাসকলে নিজৰ যতনৰ কথা চিন্তা কৰিবলৈ পাহৰি যায়। 

women1

      সেইদৰে পৰিয়ালৰ লোকসকলে আৰু জীৱনসংগী গৰাকীয়ে মহিলাগৰাকীৰ বিভিন্ন পৰ্যায়ত হোৱা মানসিক অস্থিৰতা, হ’ৰমনৰ ক্ৰিয়া, মনৰ ইচ্ছা-অনিচ্ছাৰ বিষয়ে জ্ঞাত হ’ব লাগে আৰু এই ক্ষেত্ৰত সহযোগিতা প্ৰদান কৰিব লাগে। নাৰীৰ মনটো প্ৰায়ে আৱেগপ্ৰৱণ হৈ থাকে। গতিকে আৱেগিক নিৰাপত্তা লাভ কৰাটো মহিলা এগৰাকীৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। 

       ইয়াৰ লগতে মহিলাৰ আত্মসন্মান এক ডাঙৰ বিষয়। নিজৰ আত্মসন্মান,আত্ন মৰ্যদা অটুট ৰাখিবলৈ বিচৰা মহিলাই সদায় নিজক নিজে ভালদৰে ৰাখিবলৈ বিচাৰে। অযুক্তিকৰ, অসন্মান কথাক এইসকলে প্ৰতিহত কৰিব পাৰে। গতিকে এইধৰণৰ যুক্তিপূৰ্ণ চিন্তা, বিশ্লেষণাত্মক মনোভাৱ ইত্যাদিৰে নাৰীয়ে সদায় বিবেকক আগৰণুৱা কৰি ৰাখিব লাগে।

       সৱলীকৰণ নাৰীৰ এক দিগদৰ্শন। আৰ্থিকভাৱে নিজৰ পৰিস্থিতিক চম্ভালি লোৱা,আৰ্থিক স্বাচ্ছন্দৰে নিজৰ জীৱন সুন্দৰ কৰি লোৱা, নিজৰ প্ৰতিভাৰে নিজকে সমৃদ্ধ কৰিব পৰা নাৰীয়ে নিজৰ জীৱনত সুখী হ’ব পাৰে।

      ভাৰতৰ সৰ্বমুঠ মহিলা আত্মহত্যাৰ ২৭% ৰ কাৰণেই হৈছে মহিলাসকলৰ মানসিক অসুস্থতা। গতিকে মহিলাৰ এই বিষয়টো অতি গভীৰ। নিজৰ মানসিক অৱস্থা সুস্থ ৰখাৰ বাবে কৰণীয় কাম-কাজৰ লগতে ইয়াৰ মাত্ৰা বাঢ়িলে মানসিক ৰোগৰ বিশেষজ্ঞৰ পৰামৰ্শ মহিলাসকলে নি:সংকোচে লোৱা উচিত। 

     মনেই হৈছে সবাতোকৈ পৰম ধন। মন-মগজুক সুস্থ ৰাখিলেহে আমাৰ শাৰীৰিক স্বাস্থ্য ভালে থাকিব। সেইদৰে শাৰীৰিক স্বাস্থ্যৰ সুস্থিৰতাইও মানসিক স্বাস্থ্যক সুস্থভাৱে ৰাখে। গতিকে সকলোলোকে শৰীৰৰ যতন লোৱাৰ ধৰণে মানসিক স্বাস্থ্যৰ যতন ল’ব লাগে। তেহে সকলোৱে এক সুখ-স্বাচ্ছন্দৰ জীৱন অতিবাহিত কৰিব পাৰিব।

Mahabahu Climate Logo
Mahabahu Climate Forum

(মনস্বিনী শৰ্মা শিৱসাগৰৰ এগৰাকী যুৱ লেখিকা)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 19, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 18, 2026
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

July 17, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d