• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

ASSAMESE SECTION / Women

by Gautam Sarmah
March 8, 2026
in ASSAMESE SECTION, Women
Reading Time: 4 mins read
0
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Share on FacebookShare on TwitterShare on LinkedIn

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

গৌতম শৰ্মা

gautam sarma
গৌতম শৰ্মা

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ প্ৰাকক্ষণত বিশ্বজুৰি সততে আলোচনাত গুৰুত্ব পোৱা বিষয়সমূহৰ ভিতৰত নাৰী সবলীকৰণ আৰু শিক্ষা, ৰাজনীতি, কৰ্মসংস্থান আৰু সামাজিক জীৱনত নাৰীসকলে লাভ কৰা অগ্ৰগতি আদিবোৰেই অন্যতম। আলোচনাৰ বাবে গুৰুত্ব পোৱা এই বিষয়সমূহৰ প্ৰতিটোৱেই অতি স্পৰ্শকাতৰ। কিয়নো শতাব্দীৰ পিছত শতাব্দী ধৰি সমগ্ৰ বিশ্বতে নাৰীসকলে বহু বৈষম্য আৰু অন্যায়ৰ সন্মুখীন হৈ আহিছিল।

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম

কিন্তু আজি বিজ্ঞান, প্ৰশাসন, ৰাজনীতি, ক্ৰীড়া আৰু শিক্ষাকে ধৰি প্ৰায় সকলো ক্ষেত্ৰতেই চকুত লগা ধৰণে নাৰীসকল আগবাঢ়ি গৈছে। বহু দেশৰ নাৰীয়ে আজি বিজ্ঞান, কলা, সাহিত্যৰ লগতে উচ্চ শিক্ষানুষ্ঠানৰ দৰে পেছাদাৰী কৰ্মক্ষেত্ৰসমূহত নিজৰ যোগ্যতাই উচ্চ অগ্ৰাধিকাৰসমূহ স্থাপন কৰিছে। এনেবোৰ ইতিবাচক পৰিৱৰ্তনে দেখুৱাই যে সমাজ ক্ৰমে আজি সমতাৰ দিশে আগবাঢ়ি গৈছে।

নাৰীৰ এই সাফল্য উদযাপন কৰাৰ ক্ষণত আধুনিক বিশ্বই আন এটা গুৰুত্বপূৰ্ণ বাস্তৱতাৰ বিষয়েও চিন্তা কৰিবলৈ সময় আহি পৰিছে। সততে নাৰীৰ সমতা, অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব দিয়া বিশ্বসমাজে আজি বহু পুৰুষে সন্মুখীন হোৱা ক্ৰমবৰ্ধমান অসুবিধা আৰু কষ্টৰ কথা বিচাৰ কৰিবলৈ পাহৰি গৈছে। সমতা মানে মানৱ সমাজৰ আধা অংশৰ সমস্যাবোৰক উপেক্ষা কৰা নহয়।

গতিকে, বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক বুলি সকলোৱে ভবাৰ থল আছে। আজিৰ বিশ্বত পৰ্যবেক্ষকসকলৰ অনুভৱ কৰিছে যে জীৱনৰ বহু ক্ষেত্ৰত ল’ৰা বা পুৰুষসকল লাহে লাহে বহুখিনি পিছপৰি গৈছে। বহু দেশৰ, বহু বিদ্যালয়ত ল’ৰাৰ ফলাফল ছোৱালীতকৈ দুৰ্বল হোৱা দেখা গৈছে আৰু বহু ল’ৰাই মাজপথতে আনুষ্ঠানিক শিক্ষা এৰি দিয়াৰ সম্ভাৱনাও অধিক হৈ পৰিছে। গৱেষণাসমূহে দেখুৱাইছে যে বিশ্বজুৰি লক্ষ লক্ষ ল’ৰাই মৌলিক শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰাৰ দৰে পৰিস্থিতিসমূহৰো উদ্ভৱ হৈছে।

বিশ্বব্যাপী হোৱা শেহতীয়া এক গৱেষণাৰ তথ্য অনুসৰি বিদ্যালয়সমূহত অধ্যয়ন কৰাৰ বয়সৰ সময়ছোৱাত প্ৰায় ১৩২ নিযুত ল’ৰা বিদ্যালয়ৰ বাহিৰত আছে, যিয়ে দেখুৱাই যে সম্প্ৰতি ল’ৰাসকলৰ শিক্ষাৰ সমস্যাও যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। যেতিয়া ল’ৰাবোৰে এনেদৰে শিক্ষা আহৰণৰ ক্ষেত্ৰখনতেই পিছপৰি যায়, তেতিয়া ই তেওঁলোকৰ ভৱিষ্যৎ কৰ্মসংস্থাপনৰ সুযোগ, সামাজিক আত্মবিশ্বাস আৰু সামগ্ৰিক বিকাশতো প্ৰভাৱ পেলায়। সেয়েহে আধুনিক বিশ্বত ছাত্ৰীৰ অগ্ৰগতিৰ লগতে ছাত্রৰ শিক্ষাৰ বিষয়টোও সমানে গুৰুত্ব পোৱা উচিত।

আজিৰ দিনত ল’ৰা অৰ্থাৎ পুৰুষসকলে সন্মুখীন হোৱা আন এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে মানসিক স্বাস্থ্য। বিশ্বজুৰি বহু পুৰুষে নিঃসঙ্গতা, হতাশা আৰু আৱেগিক বিচ্ছিন্নতাৰ সৈতে সংগ্ৰাম কৰি আছে। সামাজিক ধাৰণাসমূহে সাধাৰণতে পুৰুষসকলক সদায় শক্তিশালী দেখুৱাব লাগিব আৰু দুখ বা দুৰ্বলতা প্ৰকাশ নকৰিব লাগিব বুলি শিকায়।

ফলত বহু পুৰুষে গভীৰ কষ্টত থাকিলেও কাৰোবাৰ অকণমান সহায় বিচাৰিবলৈও বহু সময়ত সংকোচ অনুভৱ কৰে। এই নীৰৱতাই বহু সময়ত দুখজনক পৰিণতি লৈ আহে। বিশ্বব্যাপী গৱেষণাই দেখুৱাইছে যে পুৰুষসকলৰ আত্মহত্যাৰ হাৰ নাৰীৰ তুলনাত দুগুণতকৈও অধিক। বিশেষকৈ ৪৪ বছৰৰ তলৰ পুৰুষসকলৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈছে আত্মহত্যা। বিশ্ব স্বাস্থ্য সংস্থা আৰু অন্যান্য গ্লোবেল স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ অধ্যয়নত পোৱা গৈছে যে আত্মহত্যাৰ ফলত পুৰুষৰ মৃত্যু মহিলাতকৈ বহু বেছি।

বিশ্বজুৰি প্ৰতিবছৰে প্ৰায় ৭ লাখৰো অধিক লোক আত্মহত্যাৰ ফলত মৃত্যুবৰণ কৰে, আৰু এই মৃত্যুৰ অধিকাংশই পুৰুষ। গ্লোবেল তথ্য অনুসাৰে প্ৰায় ৭৮ শতাংশ আত্মহত্যাজনিত মৃত্যু পুৰুষৰ, অৰ্থাৎ পুৰুষ আৰু মহিলাৰ অনুপাত প্ৰায় ৩:১। কেইবাখনো দেশত এই পাৰ্থক্য আৰু অধিক স্পষ্ট। উদাহৰণস্বৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰত পুৰুষৰ আত্মহত্যাৰ হাৰ প্ৰতি ১ লাখ লোকত প্ৰায় ২২.৭ জন, মহিলাৰ ক্ষেত্ৰত এই হাৰ প্ৰায় ৫.১ জন।

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম

গৱেষকসকলৰ মতে সামাজিক চাপ, আৰ্থিক সংকট, নিঃসংগতা আৰু পুৰুষে কেতিয়াও নিজৰ দুখ প্ৰকাশ নকৰে বুলি সমাজত থকা ধাৰণাবোৰেই এই সংকট বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। তদুপৰি, অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়নৰ বাবে বিভিন্ন সংস্থাই দেশসমূহত কৰা স্বাস্থ্য অধ্যয়নসমূহত দেখা পোৱা গৈছে যে পুৰুষৰ আত্মহত্যাৰ হাৰ মহিলাতকৈ ২ গুণৰ পৰা ৮ গুণলৈকে অধিক।

ফলস্বৰূপে, কৰ্মক্ষম বয়সৰ পুৰুষসকলৰ মাজত আত্মহত্যা মৃত্যুৰ অন্যতম মুখ্য কাৰণ হিচাপে পৰিগণিত হৈছে। এই ভয়ংকৰ পৰিসংখ্যাবোৰে স্পষ্টকৈ দেখুৱাই যে পুৰুষসকলৰ মানসিক স্বাস্থ্য বিষয়টোত তৎক্ষণাত অধিক গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় হৈ পৰিছে। কিয়নো, এই উদ্বেগজনক পৰিসংখ্যাবোৰেই দেখুৱাই যে পুৰুষৰ মানসিক স্বাস্থ্য এতিয়া এক গুৰুত্বপূৰ্ণ সামাজিক উদ্বেগত পৰিণত হৈছে। যি সমাজে প্ৰকৃততে সমতাৰ ওপৰত বিশ্বাস কৰে, সেই সমাজে এনে নিৰাপদ পৰিৱেশ সৃষ্টি কৰিব লাগিব; য’ত পুৰুষসকলে উপহাসৰ ভয় নোহোৱাকৈ নিজৰ অনুভূতিৰ বিষয়ে খোলাকৈ ক’ব পাৰিব।

হিংসাত্মক কাৰ্যকলাপ হৈছে আন এটা ক্ষেত্ৰ, য’ত পুৰুষসকলে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈ আহিছে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ পৰিসংখ্যা অনুসাৰে বিশ্বজুৰি হত্যাৰ ঘটনাত ভুক্তভোগীৰ সৰ্বাধিক অংশই পুৰুষ। বাস্তৱতে বিশ্বব্যাপী হত্যাৰ ভুক্তভোগীৰ প্ৰায় ৮১ শতাংশেই পুৰুষ, অৰ্থাৎ হিংসাত্মক অপৰাধৰ ফলত জীৱন হেৰুওৱাৰ সম্ভাৱনা পুৰুষসকলৰ ক্ষেত্ৰত অধিক। ইয়াৰ উপৰিও সশস্ত্ৰ সংঘাত, গেং হিংসা আৰু বিপজ্জনক পেছাসমূহতো পুৰুষসকলৰ মৃত্যু অধিক ঘটে। এই বাস্তৱতাবোৰে দেখুৱাই যে যদিও পুৰুষসকলক সাধাৰণতে শক্তিশালী বা ক্ষমতাশালী বুলি ধৰা হয়, তথাপিও বহু পুৰুষ হিংসা আৰু অ-নিৰাপত্তাৰ ভুক্তভোগী। 

Depression 1

গৃহস্থালী বা ঘৰুৱা হিংসাৰ বিষয়টো সাধাৰণতে নাৰীৰ সৈতে সম্পৰ্কিত কৰিয়েই আলোচনা কৰা হয়। অৱশ্যে এইটো যথাৰ্থও, কিয়নো বহু নাৰীয়ে সম্পৰ্কত নিৰ্যাতনৰ সন্মুখীন হয়। কিন্তু আধুনিক গৱেষণাই এইটোকো দেখুৱাইছে যে পুৰুষসকলেও ঘৰুৱা হিংসাৰ বলি হয়, যদিও তেওঁলোকৰ এই কষ্ট অধিকাংশ সময়তে অদৃশ্য হৈ থাকে। পৰ্যবেক্ষকসকলে কেইবাখনো দেশত কৰা অধ্যয়নে দেখুৱাইছে যে যথেষ্ট সংখ্যক পুৰুষ সঙ্গী বা পৰিয়ালৰ সদস্যৰ দ্বাৰা আৱেগিক, শাৰীৰিক বা মানসিক নিৰ্যাতনৰ ভুক্তভোগী হয়।

কিছুমান সমীক্ষাত দেখা গৈছে যে জীৱনৰ কোনো এটা সময়ত পাঁচজন পুৰুষৰ মাজত এজন পুৰুষে ঘৰুৱা নিৰ্যাতনৰ অভিজ্ঞতা লাভ কৰাৰ কথা জনাইছে আৰু সকলো ভুক্তভোগীৰ মাজতো পুৰুষৰ অংশ যথেষ্ট ডাঙৰ। কিন্তু বহু সময়ত পুৰুষ ভুক্তভোগীয়ে এই নিৰ্যাতনৰ বিষয়ে জনাবলৈ সংকোচ অনুভৱ কৰে, কিয়নো সমাজে তেওঁলোকক উপহাস কৰিব পাৰে বা তেওঁলোকৰ কাহিনী বিশ্বাস নকৰিব পাৰে। বহু সহায় সেৱা, আশ্ৰয় কেন্দ্ৰ আনকি ভাৰতৰ দৰে দেশসমূহৰ আধুনিক আইন-কানুনবোৰ মূলতঃ নাৰীৰ অত্যধিক সুবিধাৰ বাবেই গঢ়ি তোলা হোৱা বাবে পুৰুষ ভুক্তভোগীয়ে সহায় বিচাৰিবলৈ ঠাই সীমিত হৈ পৰে। পুৰুষৰ ভুক্তভোগীতাক লৈ থকা এই নীৰৱতা সমাজৰ বাবে অপ্ৰিয় হ’লেও এক ডাঙৰ প্ৰত্যাহ্বান।

Depression 2

আজিৰ দিনত পুৰুষসকলক প্ৰভাৱিত কৰা আন এটা সমস্যা হৈছে সামাজিক চাপ। পৰম্পৰাগত ধাৰণাই প্ৰায়েই আশা কৰে যে পুৰুষেই সদায় নিজৰ পৰিয়ালৰ আৰ্থিক যোগান ধৰোতা হ’ব লাগিব। যেতিয়া বেকাৰত্ব বা আৰ্থিক সংকট দেখা দিয়ে, তেতিয়া বহু পুৰুষে গভীৰ লাজ বা ব্যৰ্থতাৰ অনুভৱ কৰে। এই চাপৰ ফলত তেওঁলোকৰ আত্মসন্মান আৰু মানসিক স্বাস্থ্যত বেয়া প্ৰভাৱ পৰে।

বহু দেশত পুৰুষসকলেই নিৰ্মাণ কাৰ্য, খনন কাৰ্য, সামৰিক সেৱা আৰু গধুৰ উদ্যোগৰ দৰে বিপজ্জনক পেছাসমূহত অধিক দেখা যায়। ফলত কৰ্মক্ষেত্ৰত দুৰ্ঘটনা আৰু মৃত্যুৰ হাৰো পুৰুষসকলৰ মাজত অধিক। এই বাস্তৱতাবোৰেই দেখুৱাই যে লিংগ বৈষম্যই পুৰুষসকলকো ভিন্ন ভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে আৰু ইতিমধ্যে প্ৰভাৱিত কৰি আহিছে। কিন্তু আমি দেখিও সদায় নেদেখাৰ ভাও ধৰোঁ।

ইয়াৰ উপৰিও আধুনিক আইনগত আৰু সামাজিক বিতৰ্কসমূহত বহু সময়ত পিতৃসকলে সন্মুখীন হোৱা অসুবিধা আৰু বৈষম্যবোৰ উপেক্ষিত হয়। বিবাহ-বিচ্ছেদ, সন্তানৰ অভিভাৱকত্ব আৰু পাৰিবাৰিক বিবাদৰ সৈতে জড়িত বিষয়সমূহে বহু পুৰুষৰ বাবে আৱেগিক কষ্টৰ সৃষ্টি কৰে। বিশেষকৈ তেওঁলোকে নিজৰ সন্তানৰ জীৱনত জড়িত হৈ থাকিবলৈ ইচ্ছা কৰিলেও বহু সময়ত হৈ নুঠে।

depression 3

যদিও আইনসমূহৰ উদ্দেশ্য পৰিয়াল আৰু সন্তানক সুৰক্ষা দিয়া, বহু সমাজকর্মী আৰু চিন্তাবিদে মত প্ৰকাশ কৰিছে যে পাৰিবাৰিক আদালতত পিতৃসকলেও ন্যায়সংগত বিবেচনা লাভ কৰা উচিত। এইক্ষেত্ৰত অদূৰ ভৱিষ্যতে অত্যধিক সুষম নীতি-নিয়মৰ প্ৰয়োজন আছে যাতে মাতৃ আৰু পিতৃ দুয়োৰে সমানভাৱে সন্তানৰ লালন-পালনত অৱদান আগবঢ়াব পাৰে।

নাৰী দিৱস উদযাপনৰ এই প্ৰাকক্ষণত পুৰুষৰ সমস্যাসমূহক লৈ বৃদ্ধি পাই থকা আলোচনা কৰা মানে এইটো নহয় যে নাৰীৰ সংগ্ৰামসমূহ উপেক্ষা কৰিব লাগিব। বিশ্বৰ বহু ঠাইত নাৰীসকলে এতিয়াও বহু বৈষম্য, বিভিন্ন শাৰীৰিক বা মানসিক হাৰাশাস্তি আৰু বিভিন্ন হিংসাৰ দৰে বহু গম্ভীৰ সমস্যাবোৰৰ সন্মুখীন হৈ আছে।

কিন্তু প্ৰকৃত সমতাৰ অৰ্থ হৈছে সমাজে দুয়ো লিংগই সন্মুখীন হোৱা অসুবিধাসমূহক স্বীকাৰ কৰা। যেতিয়া এটা গোটৰ সমস্যাবোৰে অত্যধিক চৰ্চা বা মনোযোগ লাভ কৰে তেতিয়া বহু সময়ত আন এটা গোটৰ দুখ-কষ্ট নীৰৱে লুকাই থাকে। এনে হ’লে আমাৰ বিচাৰত সমাজত প্ৰকৃত সমন্বয় আৰু শান্তি স্থাপন হোৱা সম্ভৱ নহয়।

Mahabahu Climate Logo
Mahabahu Climate Forum

গতিকে আজি সমগ্ৰ বিশ্ব সমাজে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দৰে অনুষ্ঠান উদযাপনৰ জৰিয়তে সমাজত মহিলাৰ কৃতিত্বসমূহ উদযাপন কৰাৰ লগতে লিংগ ন্যায়ৰ প্ৰতি থকা দায়বদ্ধতাকো নবীকৰণ কৰিব লাগিব। একে সময়তে এনে মুহূৰ্তসমূহে মানৱ সমাজৰ সামগ্ৰিক মংগলৰ বিষয়েও গভীৰভাৱে চিন্তা কৰাৰ প্ৰেৰণা দিব পাৰে। কিয়নো, পুৰুষ আৰু নাৰী প্ৰতিদ্বন্দ্বী নহয়, বৰং শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী বিশ্ব গঢ়ি তোলাৰ ক্ষেত্ৰত দুয়োয়ে দুয়োৰ অংশীদাৰ। এটা লিংগৰ অগ্ৰগতি কেতিয়াও আনটো লিংগৰ অৱহেলা বা উপেক্ষাৰ কাৰণ কোনোপধ্যেই হ’ব নোৱাৰে।

সেয়েহে আধুনিক বিশ্বত উদযাপিত নাৰী দিৱসৰ সমান্তৰালকৈ লিংগ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰতো আমি সুষম আলোচনাসমূহক উৎসাহিত কৰিব লাগিব। চৰকাৰ, শিক্ষানুষ্ঠান আৰু সামাজিক সংগঠনসমূহে এনে কাৰ্যসূচীসমূহক সমৰ্থন কৰিব লাগে; যিয়ে পুৰুষসকলৰ মানসিক স্বাস্থ্য উন্নত কৰিব, তেওঁলোকৰ ওপৰত হোৱা হিংসা প্ৰতিৰোধ কৰিব আৰু শিক্ষা তথা কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো ন্যায়সংগত সুযোগসমূহ প্ৰদান কৰিব।

আমি আমাৰ ল’ৰাসকলক আৱেগিক বুদ্ধিমত্তা, সহানুভূতি আৰু আনৰ প্ৰতি সন্মান গঢ়ি তুলিবলৈও উৎসাহিত কৰিব লাগিব। লগতে সহায় বিচৰা মানে দুৰ্বলতা নহয়, বৰং ই এক সাহসৰ লক্ষণহে, এই কথাও তেওঁলোকে শিকাব পাৰিব লাগিব। এখন ন্যায়সংগত সমাজৰ লক্ষ্য হৈছে পুৰুষে নাৰীৰ ওপৰত জয়লাভ কৰা বা নাৰীয়ে পুৰুষৰ ওপৰত জয়লাভ কৰা নহয়।

প্ৰকৃত জয় নিহিত হৈ আছে দুয়ো লিংগৰ মাজত পাৰস্পৰিক সন্মান, সহানুভূতি আৰু সহযোগিতাত। আমি যেতিয়া নাৰীৰ সাফল্য আৰু সবলীকৰণক উদযাপন কৰোঁ, সেই সময়তেই বিশ্বজুৰি বহু পুৰুষে সন্মুখীন হোৱা নীৰৱ সংগ্ৰামবোৰকো স্বীকাৰ কৰা উচিত। পুৰুষ আৰু নাৰী দুয়োৰে মৰ্যাদা, সুৰক্ষা আৰু মংগল সুনিশ্চিত হ’লেহে মানৱ সমাজে প্ৰকৃততে সুষম আৰু মানৱীয় ভৱিষ্যতৰ দিশে আগবাঢ়িব পাৰিব।

depression 4

লেখকৰ ফোন: 99540-00200 [গৌতম শৰ্মা –  সহকাৰী অধ্যাপক, ইতিহাস বিভাগ, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাই, অসম]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Gautam Sarmah

Gautam Sarmah

Related Posts

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ
Climate Change

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

by Jharna Sarma Dev Choudhury
August 16, 2026
0

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ ঝৰ্ণা শৰ্মা দেৱচৌধুৰী এনে এখন দেশ, যিখন দেশ হয়তো আৰু কেইবছৰমানৰ...

Read moreDetails
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 16, 2026
My name is Mujtaba Faizi- Today, I speak on behalf of the people of Afghanistan

My name is Mujtaba Faizi- Today, I speak on behalf of the people of Afghanistan

August 14, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d