• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Women

নাৰী: শাৰী, জিনচ  অথবা  বিকিনিৰ কাহিনী 

নাৰী

by Editor
November 4, 2024
in Women
Reading Time: 4 mins read
0
নাৰী: শাৰী, জিনচ  অথবা  বিকিনিৰ কাহিনী 
Share on FacebookShare on TwitterShare on LinkedIn

নাৰী: শাৰী, জিনচ  অথবা  বিকিনিৰ কাহিনী 

গায়ত্ৰী দেৱী বৰঠাকুৰ

Gayatri Devi barthakur
গায়ত্ৰী দেৱী বৰঠাকুৰ

আৰম্ভণিৰ কথাটো  পুৰণি দিনৰ।পুৰণি দিনত সাধাৰণ নাৰীৰ পৰা চলচ্চিত্ৰৰ অভিনেত্ৰীলৈকে সকলোৰে প্ৰিয় তথা সৰ্বভাৰতীয় পৰ্যায়ত সমাদৃত পোচাক আছিল শাৰী ,যাক সংস্কৃত ভাষাত জনা যায় শাটিকা নামেৰে।

এইক্ষেত্ৰত নিজ – নিজ ৰাজ্যৰ পোচাকসমূহৰ কথাও আছিল সুকীয়া মৰ্যদাৰে আৱৰা । লাহে- লাহে সমাজ – সংস্কৃতিৰ লগতে বেশভূষাৰো   হ’ল পৰিৱৰ্তন । বিৱৰ্তনৰ মাজেদি আহি শাৰীয়ে এতিয়া লাভ কৰিছে গাউন শাৰীৰ ৰূপ।

বিৱৰ্তনৰ এই ক্ৰমত আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰ মান আগতে বলীউদৰ মোহময়ী অভিনেত্ৰী কৰিশ্মা কাপুৰে ” মৈঁ তো ৰাস্তে সে  যা ৰহা থা” গীতটোত শাৰী পৰিধাৰণ কৰি সৃষ্টি কৰিছিলে আলোড়নৰ। তাৰপিছত নতুন প্ৰজন্মৰ মাজত পুনঃ বৃদ্ধি পাইছিলে শাৰীৰ প্ৰতি আকৰ্ষণ।

নাৰী: শাৰী, জিনচ  অথবা  বিকিনিৰ কাহিনী
কৰিশ্মা কাপুৰে ” মৈঁ তো ৰাস্তে সে  যা ৰহা থা” গীতটোত শাৰী পৰিধাৰণ কৰি সৃষ্টি কৰিছিলে আলোড়ন

সোঁত যেনি ব’লে তেনি গতি কৰা সমাজৰ জীৱন শৈলীয়ে  ক্ৰমে সলাই পেলালে নিজৰ বেশভূষা। লাহে- লাহে অনুভৱ লগতে সত্য প্ৰমাণিত হ’ল যে পাশ্চাত্যৰ সংস্কৃতি- সমাজৰ প্ৰভাৱে  আমাৰো   জীৱন কৰি তুলিব অথবা তুলিছে  সহজ।   সেইয়া লাগে লাইফ ষ্টাইল উন্নত কৰা গেজেটই হওক অথবা হওক  নানান ৰঙ- বিৰঙৰ পোচাক। নতুনত্বৰ প্ৰতি আদৰৰ দৌৰত  ম্লান পৰি ৰ’ল শাৰী অথবা স্থানীয় পোচাক।

পিছে অকল নাৰীৰ পোচাকেই  বিপ্লৱৰ সৃষ্টি কৰা নাই । পৰিৱৰ্তন এক  জোঁৱাৰ আনিলে পুৰুষৰ সাজ- পোচাকেও।কিন্তু তাৰমাজতে চিনেমাৰ নায়িকাৰ শোভা বঢ়াই হ’লেও হওক অথবা গাঁৱৰ বোৱাৰীৰ বাধ্যবাধকতা হৈয়েই হওক  আজিও  বৰ্তি  আছে ভাৰতবৰ্ষত শাৰী।শাৰীৰ পিন্ধি ঘৰুৱা কামবোৰ কৰিবলৈ দৰাচলতেই অলপ কঠিন। তাতে শাৰীৰ পিন্ধি থাকিব লগীয়া ঘৰবোৰত সাধাৰণতে  নাথাকে কোনো ‘কান্তা বায়ো’।গতিকে কথাবোৰ অলপ গণ্ডগোলীয়া।

কিন্তু এই সকলোবোৰৰ মাজতে যোৱা চেপ্তেম্বৰ মাহত শাৰীয়ে লাভ কৰিছে এক নতুন মাত্ৰা।গত মাহত শাৰী পিন্ধি কৰা এক ভিডিঅ’ই প্ৰায় আলোড়নৰ সৃষ্টি কৰিছে।সাধাৰণতে  কেইটামান ৰীলত শাৰী পিন্ধি ‘যোগ’  কৰা, বাইক চলোৱা অথবা ‘জিন্মাষ্টিক’ কৰা যুৱতী দেখা যায় যদিও ইনষ্ট্ৰাগ্ৰামৰ এই বিশেষ ভিডিঅ’টো হৈ পৰিছে বহুল ভাৱে চৰ্চিত। 

এতিয়া কল্পনা কৰক চোন সেউজীয়া শাৰী , ক’লা ব্লাউজ পিন্ধাই  এগৰাকী যুৱতীৰ ছবি।লাস্যময়ী নহয় নে।পিছে ৰ’ব ।এই যুৱতী গৰাকীয়ে শাৰী পিন্ধি কোনো সামাজিক অনুষ্ঠানলৈ যোৱা নাই। গৈছে জিমলৈ।আৰু কঁকালত ওজন দঙাৰ বেল্ট মাৰি ভাৰোত্তোলন কৰিছে   চল্লিশ অথবা পঞ্চাশ কে.জি.ৰ নহয় একেবাৰে এশ চল্লিশ কে.জি.ৰ।

সঁচাই সেউজীয়া শাৰী পিন্ধি সেউজীয়া হৈ পৰিল বৰ্ষা ৰাণা নামৰ যুৱতীগৰাকী।

Barsha Rana
বৰ্ষা ৰাণা

সেউজীয়া শাৰী পিন্ধি ভাৰোত্তোলন কৰা এই ভিডিঅ’টো শ্বেয়াৰ হৈছে আঠাইশ লাখবাৰ আৰু লাইক প্ৰায় দুই কোটিৰো অধিক।এই ভিডিঅ’টো শাৰীৰ সলনি ভাৰোত্তোলনৰ পোচাক পিন্ধি কৰা হেতেন হয়তো ইমান জনপ্ৰিয় নহ’লে হেতেন যিমান হ’ল শাৰীখনৰ বাবে।এয়ে ভাৰতীয় শাৰীৰ মহিমা।,যিয়েই পিন্ধে তেওঁকেই জাকত জিলিকাই নিজেও জিলিকি থকা।

Barsha Rana 1
বৰ্ষা ৰাণা

 পোচাকৰ এই লেখাৰ প্ৰসংগত  উল্লেখনীয় যে সম্প্ৰতি বাতৰিৰ শিৰোনাম দখল কৰি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী  আই.পি.এছ.বিষয়া । এই আই.পি.এছ .বিষয়া গৰাকী আগ্ৰাৰ সহকাৰী আৰক্ষী আয়ুক্ত (এ.চি.পি.)। নাম সুকন্যা শৰ্মা।

সাম্প্ৰতিক সময়ত সংঘটিত হৈ থকা নাৰীজনিত নানান অপৰাধমূলক ঘটনাৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ জৰুৰীকালীন নাম্বাৰ ১১২ৰ সঠিক প্ৰয়োগ তথা নাম্বাৰটো কাৰ্যকাৰিতাত কথা বুজ  ল’বলৈকে এ.চি.পি সুকন্যা শৰ্মাই  আৰক্ষীৰ ইউনিফৰ্ম সলনি সাধাৰণ এগৰাকী যুৱতীৰ দৰে ক’লা পেন্ট আৰু বগা টি ছাৰ্ট পিন্ধি পৰিভ্ৰমণ কৰিলে সম্পূৰ্ণ চহৰৰ লগতে আগ্ৰা, ৰে’লৱে ষ্টেচন, এম.জি .ৰোড, সদৰ বজাৰৰ দৰে বিভিন্ন স্পৰ্শকাতৰ অঞ্চল।

এই অঞ্চলসমূহ ঘূৰি- পকি তেত্ৰিশ বছৰীয়া শৰ্মাই আৰক্ষীক জৰুৰীকালীন নাম্বাৰত ফোন কৰি অসুৰক্ষিত বোধ কৰাৰ কথা অৱগত কৰাৰ লগতে তেওঁক  আৰক্ষীৰ সহায়ৰ প্ৰয়োজন বুলিও জনায়।

আৰক্ষীৰ বাবে আছিল সেয়া এগৰাকী সাধাৰণ নাৰীৰ ক’ল।এই ফোন ক’লৰ প্ৰতি  সঁহাৰি জনায় সময়মতেই সহায় আগবঢ়াবলৈ আগবাঢ়ি আহে আগ্ৰা আৰক্ষীৰ মহিলা টীম।

সুকন্যা শৰ্মাই বতাই দিয়া স্থানত উপস্থিত হৈ শৰ্মাৰ এই অভিযানৰ কথা জানিব পাৰি দলটি হৈ পৰে বিস্ময়াভিভূত।নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠাৱান সুকন্যা শৰ্মাৰ দৰে দক্ষ বিষয়াৰ কৰ্তব্যবোধে নাৰীসুৰক্ষাৰ দিশটো কৰি তুলিব অধিক সবল তথা কাৰ্যকৰী।

Sukanya Sarma ACP
সুকন্যা শৰ্মা

   এতিয়া শেষৰটো পৰিধাৰণৰ কথালৈ আঁহো। শিৰোনামত সেই পোচাকৰ নাম দেখি সকলো হ’ব পাৰে আচৰিত। মানে চকু গৈ কপালত উঠাৰ দৰে হয়তো অৱস্থা। আচলতে কথাটো সাধাৰণ বুলি ভাবিলেও অসাধাৰণ। আৰু তাতেই প্ৰতিফলিত হয় আমাৰ জীৱন।

Sukanya Sarma ACP 1
সুকন্যা শৰ্মা

সাম্প্ৰতিক সময়ত ৰিলতেই হওক বা চিনেমাতেই হওক নাৰী অথবা পত্নীকলৈ যিবোৰ কৌতুক সৃষ্টি হৈছে তেনে ধাৰণাৰ পৰা আঁতৰি থকা নাই এগৰাকী যুৱতীয়ে জীৱন্ত ঘঁৰিয়াল সাঁতুৰি  চুই অহা ঘটনাটোও। বহুতে ভিডিঅ’টোত কটাক্ষ কৰিছে ,” বিকিনি পিন্ধা বিপদজনক প্ৰাণীবিধৰ লগত এটা অসহায় ঘঁৰিয়াল দেখা গ’ল।ঈশ্বৰেহে জানে কি হয়গৈ শেষত গৈ এই সৰীসৃপটোৰ অৱস্থা।” আজিৰ যুগত  নাৰীৰ প্ৰতি এইয়া কি ধৰণৰ মন্তব্য সেইয়া চিন্তনীয় নহয়নে সঁচায়ে  !

 এই শেষৰ পোচাকৰ প্ৰসংগতে উল্লেখযোগ্য  এবিধ উভচৰ প্ৰাণীৰ কথা। প্ৰাণীবিধ হৈছে কুম্ভীৰ মানে ঘঁৰিয়াল।  আমি জানো যে  উভচৰ প্ৰাণীৰ ভিতৰত আটাইতকৈ হিংস্ৰ বুলি কোৱা হয় ঘঁৰিয়ালক।মাজতে উত্তৰ ভাৰতৰ বানপানীৰ সময়ত মানুহৰ ঘৰো সোমাইছিলেগৈ গংগা নদীৰ ঘঁৰিয়াল।

কল্পনা কৰক চোন  ৰাস্তাত খোজ কাঢ়ি থকা ঘঁৰিয়ালৰ দৃশ্য কেইটামান। দৰাচলতে  হয়তো  মোৰ দৰে বহুতৰে ঘঁৰিয়াল বুলি ক’লেই মনলৈ আহে ৰেখা  অভিনীত এখন বিশেষ চিনেমাৰ কথা ।কেনেকৈ অভিনেত্ৰী ৰেখা কাহিনীটোত  ঘঁৰিয়ালৰ মুখৰ পৰা উদ্ধাৰ হৈ আহিছিল সেইয়া অতি আশ্চৰ্যকৰ!!

পিছে এতিয়া যুগৰ পৰিৱৰ্তন হ’ল! এতিয়া সকলো Dare Devils । কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গালৰ কাল । এতিয়া আমাৰ দুঃসাহসিক মনে কৰিব খোজে সকলো অসাধ্য সাধন।কোনোবাই যদি মাউন্টেইন ক্লাইম্বিঙ কৰে  কোনোৱে আকৌ কৰে  স্কাই ড্ৰাইভিং।তেনে এক দুঃসাহসিক   ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ।

Rosie Moore Wildlife1
ৰ’জী মূৰে

গভীৰ পানীত সাঁতুৰি থকা  ঘঁৰিয়াল এটাক হঠাতে পিছ ফালৰ পৰা আহি   বিকিনি পিন্ধা এগৰাকী যুৱতীয়ে  কৰিছে হি স্পৰ্শ ! আচৰিত নহৈ নে? তেনে এটা খবৰে এতিয়া আচৰিত কৰাৰ দৰে আচৰিত কৰিছিলে দুবছমান আগতে । বাতৰি কাকতৰ  ‘দেশ- বিদেশ’ শিতানত প্ৰকাশিত “ভূবিজ্ঞানৰ পৰা ফেশ্বন ৰেম্পলৈ কেৱল সাফল্যৰ খোজ “– শীৰ্ষক এটা বাতৰিয়ে   দৃষ্টি আকৰ্ষণ কৰিছিলে তেতিয়া  ।

Rosie Moore Wildlife 2
ৰ’জী মূৰে

  সাধাৰণ দৃষ্টিৰে চাবলৈ গ’লে এইটো একো বিশেষ বাতৰি নাছিলে ।কিন্তু যদি আমি আমাৰ দৃষ্টিৰ পৰিসৰ ব্যাপক কৰো তেন্তে  চৰকাৰী খণ্ডত জলসম্পদ ব্যৱস্থাপক ৰূপে কৰ্মৰত ভূবিজ্ঞানী তথা বন্যপ্ৰাণী বিশ্লেষণক ফ্ল’ৰিডাৰ ৰ’জী মূৰে হৈ পৰিছিলে  আমাৰ অতি আপোন ও প্ৰেৰণাদায়ক এটি নাম।

    নাৰীৰ সৌন্দৰ্য অতুলনীয়।

বিধাতাৰ সৌন্দৰ্যপ্ৰিয় মনৰ সৰ্বোৎকৃষ্ট নিদৰ্শন নাৰী তথা নাৰীৰ মন।কিমান যে  গান, কবিতা, উপন্যাস ৰচনা হৈছে পৃথিৱীত নাৰীক লৈ , নাৰীৰ সৌন্দৰ্যক লৈ তাৰ হিচাপ নাই।

পিছে আজি যাৰ প্ৰসংগৰ আঁত ধৰি নাৰীৰ কথালৈ আগবাঢ়িছো সেই গৰাকীয়ে সৌন্দৰ্যৰে অনুৰাগীৰ হৃদয় জয় কৰাৰ লগতে জয় কৰিছে নিৰ্বাক বন্যপ্ৰাণী বিশেষকৈ সৰীসৃপ তথা জলজ প্ৰাণীৰো হৃদয়(!)।

যি অজগৰৰ অথবা ঘঁৰিয়ালৰ নাম শুনিলেই আমি ভয়তে বিতত হৈ পৰো সেই অজগৰ আৰু ঘঁৰিয়ালকো কোনো যতন নোহোৱাকৈয়ে বশ কৰিছে ৰ’জীয়ে।

এগৰাকী সুন্দৰী মডেল ৰূপেও অতি কম সময়ৰ ভিতৰতে মানুহৰ আদৰ লাভ কৰিছে ৰ’জীয়ে। তদুপৰি আমেৰিকাৰ সংবাদ মাধ্যমত ৰ’জী চৰ্চিত হৈছে সাগৰৰ তলিলৈ গৈ চিকাৰী হাঙ্গৰক নিৰীক্ষণ কৰি অহাৰ দৰে দুঃসাহসিক কামৰ বাবে।

Rosie Moore Wildlife
ৰ’জী মূৰে

ৰ’জীৰ এই প্ৰসংগই মনত পেলাই ‘ কিংকঙ‘ চিনেমা খনলৈ।

চিনেমাখনত আমি দেখিছিলো কেনেকৈ নায়িকাৰ প্ৰেমত পৰিছিলে বিশালকায় চিম্পাঞ্জীটো।অথবা ‘ৰবট’ চিনেমাখনৰ কথাও এই খিনিতে উনুকিয়াব পাৰি।

কেনেকৈ সলনি হৈ পৰিছিল এটা ৰবট  নাৰীৰ সংস্পৰ্শ তথা সৌন্দৰ্যত মোহিত হৈ ।জাগিছিল প্ৰেমৰ অনুভূতি।

কথাখিনি আমি চিনেমাৰ বুলি উলাই কৰি দিব পাৰো।কিন্তু ইমান সহজ নে উলাই কৰাটো। 

পুনৰ ঘূৰি যাওঁ ৰ’জীৰ প্ৰসংগলৈ। আমি ভবাতো দূৰৰে কথা  কল্পনাও কৰিব নোৱাৰা কাম এটা সম্পন্ন কৰি দেখুৱাইছে ৰ’জীয়ে। সঁচা অৰ্থত ৰ’জী সুন্দৰ উদাহৰণ Beauty with Brain ৰ।

এই ‘বিউটি উইথ ব্ৰেইন’ কথাষাৰি  দৰাচলতে আমি সকলোৱে মনে- প্ৰাণে বিশ্বাস কৰা উচিত।কেৱল ধুনীয়া এখন মুখেই যথেষ্ট নহয়।নাৰী এগৰাকীৰ মনটো সুন্দৰ হোৱাতো অতিকে প্ৰয়োজনীয়।

     যিটো কাম ৰ’জীৰ দৰে এগৰাকী কমবয়সীয়া যুৱতীয়ে নিজৰ দক্ষতা তথা কৌশলেৰে  কৰিব পাৰিছে সেই কৌশল আৰু দক্ষতা যদি প্ৰতি গৰাকী নাৰীয়ে আভূষণ ৰূপে ধাৰণ কৰে তেন্তে সমাজখনো হৈ পৰিব সুন্দৰ, সুকোমল। তদুপৰি বৰ্তমান সময়ত সঘনে উত্থাপিত এটা বিষয় হৈছে সম অধিকাৰ।

লিংগবৈষম্য দূৰ কৰাৰ হেঁপাহত সূচনা হৈছে নানান যুগান্তকাৰী সিদ্ধান্তৰ। এনে সিদ্ধান্তৰ আঁত ধৰি  সকলোতেই বলিছে পৰিবৰ্তনৰ বতাহ। আনবোৰ কথা থাককেই বৰ্তমান সময়ত যুগ- যুগ ধৰি কেৱল পুৰুষৰেই অধিকাৰ বুলি গণ্য কৰা ঈশ্বৰৰ সেৱা ( পূজাৰীৰ ৰূপত)আৰম্ভ কৰিছে নাৰীয়ে, এতিয়া মন্দিৰে- মন্দিৰে।

এই প্ৰসংগৰেই আঁত ধৰি উল্লেখ কৰিব পাৰি চলিত বৰ্ষত চতুৰ্থ বৰ্ষত ভৰি থোৱা আমেৰিকাৰ ৱাশ্বিংটন ছিয়াটেলৰ ঐক্যতান ক্লাৱৰ মহিলাসকলে আয়োজন কৰা দুৰ্গা পূজাৰ। এই পূজা ভাগৰ বৈশিষ্ট্য এয়ে যে এই পূজাভাগ পৰিচালিত হয় কেৱল নাৰীৰ দ্বাৰাই। আনকি এই পূজাৰ পুৰোহিতো মহিলাই।

  আই শাৰদাৰ এই পূজাভাগত প্ৰিয়ংকা গাংগুলী, অন্বেষা চক্ৰৱৰ্তীয়ে সুশোভিত কৰি আহিছে পুৰোহিতৰ আসন। অন্যান্য সন্মিলিত  নাৰী শক্তিয়ে  মণ্ডপৰ নক্সা প্ৰস্তুত কৰা , ৰভা সজোৱা আদি দিশৰ লগতে অন্যান্য যাৱতীয় সকলো দিশ তদাৰক কৰে।এই পূজাভাগৰ অন্যতম বৈশিষ্ট্য হৈছে যে পূজাৰ মূৰ্তিও প্ৰস্তুত কৰে ছিয়াটেলৰ মহিলাসকলেই।

নৈবেদ্য সাজু কৰা , খিচিৰি ৰন্ধা, প্ৰসাদ বিতৰণ কৰা আদি  সকলো  নাৰীৰ সুশ্ৰী হাতেৰেই সম্পন্ন হোৱা এই পূজাভাগত ৰাতিলৈ মহিলাসকলেই আয়োজন কৰে সাংস্কৃতিক সন্ধিয়াৰো।দশভূজাৰ পূজাত ছিয়াটেলৰ প্ৰতিগৰাকী নাৰীয়েই যেন হৈ দৈনন্দিন সংসাৰৰ কামকাজ কৰাৰ পৰা ঘৰ চম্ভলাৰ দৰে পূজাৰ কেইদিনতো পৰে দশভূজাৰ মানৱীৰূপ ।

বৰ্তমান সময়ত সমাজৰ যি অৱক্ষয় আৰম্ভ হৈছে সেই অৱক্ষয় ৰোধিবলৈ সুকন্যা , বৰ্ষা,  প্ৰিয়ংকা, ‘জীৰ দৰে প্ৰতি গৰাকী নাৰীয়েই হৈ পৰক সাহসী , সবল।

Women

নাৰী অবলা — এই ধাৰনা সলাই নাৰী আগুৱাই যাওক সৃষ্টিৰ আধাৰ ৰূপে আখ্যা , সন্মান  কৰিব পৰাকৈ অন্যান্য সকলো গুণেৰে মহীয়ীন হৈ।পৃথিৱীত নদীবোৰ থকালৈকে নাৰীবোৰো হৈ থাকক সকলোৰে পূজ্যা, শাশ্বত কাললৈ।

yogita truck

গায়ত্ৰী দেৱী বৰঠাকুৰ। জয়ন্তীপুৰ। তেজপুৰ। শোণিতপুৰ–784001

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence
Women

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

by SURAJIT BARUA
July 15, 2026
0

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence ““यत्रनार्यस्तुपूज्यन्तेरमन्तेतत्रदेवताः।”Where women are respected,...

Read moreDetails
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
Trapped: Dowry Deaths, Domestic Violence, and the Hidden Crisis of Marriage in India

Trapped: Dowry Deaths, Domestic Violence, and the Hidden Crisis of Marriage in India

June 14, 2026
When a Body Becomes Currency: The Shocking Truth of Women’s Commodification

When a Body Becomes Currency: The Shocking Truth of Women’s Commodification

May 2, 2026
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

May 2, 2026
Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

April 21, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d