• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Entertainment Drama

নিঃচৰ্ত শব্দসাধক

ASSAMESE SECTION / Translation

by Anjan Sarma
September 29, 2025
in Literature, Drama, Entertainment
Reading Time: 11 mins read
0
নিঃচৰ্ত শব্দসাধক
Share on FacebookShare on TwitterShare on LinkedIn

নিঃচৰ্ত শব্দসাধক

মূলঃ সায়ম বন্দ্যোপাধ্যায়; অনুবাদঃ অঞ্জন শৰ্মা

“… the true poet has no choice of material. The material plainly chooses him, not he it.” — J.D. Salinger

(Seymour- An Introduction)

J.D. Salinger
জে-ডি স্যালিনজাৰ

(প্ৰথম দৃশ্য)

মিঃ লেনন …

ষ্টুডিঅ’ৰপৰা ডাকোটা হোটেলত জন লেননে প্ৰৱেশ কৰিছে।

তেওঁৰ অন্তিমখন ৰেকৰ্ড মুকলি হৈছিল ৫ বছৰ পূৰ্বে। নিজকে প্ৰচাৰৰ ক্ষেত্ৰখনৰপৰা বহু আঁতৰত ৰাখিবলৈ প্ৰয়াস কৰিছিল লেননে। যদিও তেওঁৰ জনপ্ৰিয়তা আছিল যতিহীন।

সদ্যহতে এখন ‘চিংগল’ মুকলি হৈছে। এতিয়া প্ৰস্তুতি চলিছে এখন পূৰ্ণাংগ এলবাম উলিয়াবলৈ।

সেইহেতুকেই আবেলি ৫ বজাৰ লগে লগেই ষ্টুডিঅ’ অভিমুখে ৰাওনা হৈছিল লেনন।

এতিয়া তেওঁ উভতি আহিছে। নিশা প্ৰায় ১১ বাজিছে। ‘লিমুজিন’ গাড়ীখনৰপৰা নামি তেওঁৰ আগে আগে খোজ কাঢ়ি হোটেল অভিমুখে আগবাঢ়িছে পত্নী ইউকো ওনো।

পিছে পিছে জন লেনন।

তেনে এক সময়তেই কোনোবাই মাত দিলে তেওঁক, লেননক।

কিন্তু উভতি চোৱাৰ পূৰ্বেই লেননৰ পিঠিত-কান্ধত পাঁচটা গুলী প্ৰৱেশ কৰিলে। মুখেৰে অনৰ্গল বাহিৰ হ’বলৈ ধৰিলে তেজ। কোনোমতে ভৰি চোঁচৰাই হোটেলৰ চিৰি পৰ্যন্ত যাবলৈ সক্ষম হ’ল তেওঁ, তাৰ পিছত আৰু নোৱাৰিলে, মুখমণ্ডল আছাৰ খাই পৰিল লেননৰ। অস্ফুট শব্দ শুনা গ’ল তেওঁৰ মুখেৰে— ‘আই এম শ্বট্’!

লেননে যদি সেইনিশা উভতি চালেহেঁতেন, তেন্তে তেওঁ দেখিলেহেঁতেন সেই যুৱকজনক— যিজনক সেইদিনাই, অৰ্থাৎ মাত্ৰ ছঘণ্টা পূৰ্বে, হোটেলৰপৰা ষ্টুডিঅ’ অভিমুখে ৰাওনা হোৱাৰ সময়ত দেখা পাইছিল। কেৱল দেখা পোৱাই নহয়, যুৱকজনে নিজৰ হাতত লৈ থকা লেননৰ এলবাম ‘ডাবল ফেণ্টাছি’খনত স্বাক্ষৰদানো কৰিছিল। স্বাক্ষৰ কৰাৰ পিছত সুধিছিল, ‘‘হ’ল; এয়াই নে, আৰু একো নালাগে নে?’’

john lenon
লেনন

দুয়োজনে দুয়োজনক নিশ্চুপে লক্ষ্য কৰিছিল। লেননে কি মৃত্যুবাৰ্তা অনুমান কৰিব পাৰিছিল?

উভতি চোৱা নহ’ল লেননৰ। উভতি চালে দেখিলেহেঁতেন তেওঁ যিজন যুৱকৰ হাতত থকা এলবামত স্বাক্ষৰদান কৰিছিল, সেই যুৱক মাৰ্ক ডেভিদ চ্যাপমেনক। তেওঁৰ ঘাতকক। ‘কমবেট’ৰ ভংগীৰে থিয় দি যিজনে তেওঁৰেই ঈশ্বৰৰ পিঠিলৈ লক্ষ্য কৰি এৰি দিলে পাঁচটাকৈ গুলী!

গুলীচালনা কৰি পলাবলৈ কোনো ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰা নাছিল চ্যাপমেনে। কিছু সময় নিঃশব্দে থিয় হৈ থাকিল তেওঁ, তাৰ পিছত সমাহিত হৈ প্ৰস্থান কৰিলে হোটেলৰ সন্মুখৰ পথৰ দাঁতিলৈ। তাত তেওঁ বহিল। কোটৰ পকেটৰপৰা বাহিৰ কৰিলে এখন গ্ৰন্থ, সাধাৰণ ইটা-বৰণীয়া বেটুপাত, বেটুপাতত লিখা আছে কিতাপৰ আৰু লেখকৰ নাম—‘দ্যা ক্যাচাৰ ইন দ্যা ৰাই’— লেখকঃ জে-ডি স্যালিনজাৰ।

“সেই যে গোপন কেমেৰাৰে দেখা গৈছে সেই মানুহজনে ঘোচ খাইছে… সেই যে দেখা গৈছে মানুহ এজনে প্ৰকাশ্যে ঘোচৰ টকা বিচাৰিছে… সেই যে দেখা গৈছে সেই মানুহজনে অগ্নিসংযোগ কৰিছে কোনো সংখ্যালঘুৰ বাসগৃহত… সেই যে দেখা গৈছে মুখেৰে অনৰ্গল বক্তৃতা দি মানুহক প্ৰৱঞ্চনা কৰি আছে সেই নেতাজনে… আৰু সেই যে দেখা গৈছে, সেই যে, ইয়াত-তাত চহৰত-গাঁৱত মানুহে হাতচাপৰি বজাই আছে… বজাইয়ে আছে… যিকলক জনগণে চিনি পায় তেওঁলোকো মজি আছে উৎসৱত…”

The Catcher in the Rye

‘কাট টু’

দ্বিতীয় দৃশ্য

লেননক হত্যা কৰাৰ চাৰিমাহৰ ভিতৰতেই।

ৱাশ্বিংটন ডি-চি। হিলটন হোটেলৰপৰা বাহিৰ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰোনাল্ড ৰেগান। এখন সভাত বক্তৃতা দিবলৈ আহিছিল তেওঁ। ‘লিমুজিন’খনত উঠিবলৈ গৈ আছে ৰেগান, এনে সময়তে হোটেলৰ বাহিৰত মানুহৰ ভিৰৰ মাজত থকা ২৬ বছৰীয়া যুৱক জন হিনকলিয়ে অকস্মাৎ আগবাঢ়ি আহি ৰেগানক লক্ষ্য কৰি ছটাকৈ গুলী এৰি দিলে ৰিভলভাৰৰপৰা।

গুৰুতৰভাৱে আহত হ’ল ৰেগান। চিকিৎসালয়ত দেখা গ’ল, অলপৰ বাবে, প্ৰায় ‘মিৰাকুলাচ’ভাৱে—ৰেগানৰ প্ৰাণৰক্ষা হৈছে। এটা গুলী ৰেগানৰ দেহৰ ভিতৰত প্ৰৱেশ কৰি হৃদপিণ্ডৰ সামান্যতম দূৰত্বত ৰৈ গৈছে।

পুলিচে হিনকলিৰ বস্তু-বাহানিৰ মাজত বিচাৰি পালে এখন গ্ৰন্থ— জে-ডি স্যালিনজাৰৰ—‘দ্যা ক্যাচাৰ ইন দ্যা ৰাই’।

The catcher in the Rye1

‘কাট টু’

তৃতীয় দৃশ্য

আঠৰ দশকৰ অন্তিম ভাগ। হলিউডৰ টেলিভিছনৰ তাৰকা ৰেবেকা শ্বেফাৰৰ ‘মাই ছিষ্টাৰ চ্যাম’ নামৰ এটা শ্ব’ সেই সময়ত অতি জনপ্ৰিয়। সেই শ্ব’ৰ শ্বুটিং চলি আছিল। ৰেবেকাৰ এগৰাকী অতি অন্ধ অনুৰাগী আছে। ইতিমধ্যে ৰেবেকাক দুবাৰ পোষ্টকাৰ্ড প্ৰেৰণো কৰিছে সেই অনুৰাগীজনে, তেওঁৰ নাম ৰবাৰ্ট বাৰ্ডো। ৰেবেকাইও উত্তৰ প্ৰেৰণ কৰিছে। সিমানখিনিয়েই। কিন্তু ‘সিমানখিনিতেই’ সন্তুষ্ট হৈ থাকিবলৈ ৰাজী নহয় ৰবাৰ্ট।

ৰবাৰ্ট বাৰ্ডো হ’ল ৰেবেকাৰ গুণমুগ্ধ। ৰেবেকা হলিউডৰঅন্যান্য শিল্পীৰ দৰে নহয় বুলি ৰবাৰ্টৰ ধাৰণা। ৰবাৰ্ট অধিক উৎসাহী হৈ পৰে ৰেবেকাৰ সৈতে সুদৃঢ় যোগাযোগ স্থাপনৰ বাবে। চকলেট আৰু এটা ডাঙৰ ‘টেডি বিয়াৰ’ কোলাত লৈ ৰেবেকাক লগ ধৰিবলৈ ৰবাৰ্ট ষ্টুডিঅ’লৈ যায়। অন্যান্য গুণগ্ৰাহীসকলক সচৰাচৰ কৰাৰ দৰেই ৰবাৰ্টকো ষ্টুডিঅ’ৰ দুৱাৰমুখৰপৰাই বিদায় দিয়ে নিৰাপত্তাৰক্ষীয়ে। ৰবাৰ্ট উভতি আহে, কিন্তু ৰবাৰ্টে নিয়োগ কৰে এগৰাকী ‘প্ৰাইভেট ইনভেষ্টিগেটৰ’ক— ৰেবেকাৰ ঘৰত ঠিকনা জানিবলৈ।

ঠিকনা লাভ কৰাৰ লগে লগেই ৰেবেকাৰ ঘৰৰ সন্মুখত হাজিৰ হয় ৰবাৰ্ট। এইবাৰ ৰবাৰ্টৰ হাতত চকলেট নাছিল, টেডি বিয়াৰো নাছিল। আছিল বন্দুক।

ঘৰৰ সন্মুখতেই ৰেবেকাক হত্যা কৰে ৰবাৰ্টে।

ৰবাৰ্টৰ বেগত পোৱা গৈছিল এখন গ্ৰন্থ—জে-ডি স্যালিনজাৰৰ—‘দ্যা ক্যাচাৰ ইন দ্যা ৰাই’।

The Catcher in the Rye

কাট টু

চতুৰ্থ দৃশ্য

বিদ্যালয়ৰ এজন কৰ্মচাৰীৰ সৈতে কাজিয়া লাগে এজন ছাত্ৰৰ। কৰ্মচাৰীজনক চাকৰিৰপৰা বিদায় দিয়া হয়। কেইদিনমান পিছত কৰ্মচাৰীজনে বিদ্যালয়ত এটা ৰাইফল হাতত লৈ প্ৰৱেশ কৰে আৰু গুলীয়ায় সেই ছাত্ৰজনক— যাৰ সৈতে কাজিয়া লগাৰ পৰিণতি হিচাপে চাকৰি হেৰুৱাইছিল তেওঁ। তাৰ পিছত গুলী মাৰে প্ৰধান শিক্ষকক। তাৰ পিছত বিদ্যালয়ৰ ১৮ জন ছাত্ৰক পণবন্দী কৰে। ৯ ঘণ্টাৰ পিছত সকলোকে বিনা আঘাতেৰে মুকলি কৰি দিয়ে ৰবাৰ্ট ও উইকচ্ নামৰ প্ৰাক্তন কৰ্মচাৰীজনে। তাৰ পিছত তেওঁ নিজৰ কপাললৈ লক্ষ্য কৰি গুলীচালনা কৰে।

ৰবাৰ্ট ও উইকচ্-এ যিখন গ্ৰন্থক তেওঁৰ বাইবেল বুলি জ্ঞান কৰিছিল, সেইখন আছিল জে-ডি স্যালিনজাৰৰ ‘দ্যা ক্যাচাৰ ইন দ্যা ৰাই’।

The catcher in the Rye1

ফেড আউট

ফেড ইন

পঞ্চম দৃশ্য

টোকাঃ এই যে এটাৰ পিছত আনটো হত্যা বা হত্যাৰ চেষ্টাৰ ঘটনা, সেইবোৰৰ সময়-স্থান-পাত্ৰ সকলোবোৰেই সুকীয়া সুকীয়া। কিন্তু এইবোৰৰ সংযোগসূত্ৰ একেটাই—জে-ডি স্যালিনজাৰৰ উপন্যাস ‘দ্যা ক্যাচাৰ ইন দ্যা ৰাই’।

পাঁচৰ দশকত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হ’লেও স্যালিনজাৰৰ মগজুত ঘূৰি আছিল ‘দ্যা ক্যাচাৰ ইন দ্যা ৰাই’ প্ৰায় এক দশক জুৰি। তেওঁৰ গল্পত একাধিকবাৰ প্ৰত্যক্ষ হৈছে হোল্ডেন কলফিল্ড, ক্যাচাৰৰ কিশোৰ নায়ক। হোল্ডেনক কেন্দ্ৰ কৰি এখন ‘সম্পূৰ্ণ উপন্যাস’ সম্পূৰ্ণ হ’বলৈ প্ৰয়োজন হৈছিল বহু সময়। স্যালিনজাৰে অতিক্ৰম কৰিছিল অজস্ৰ বিষাদ, অৱসাদ, অপমান।

বহু প্ৰকাশকে নাকচ কৰি ওভতাই দিছিল উপন্যাসখন; কিছুমানে পৰামৰ্শ দিছিল কাহিনী বা চৰিত্ৰৰ ধৰণ-কৰণ পৰিৱৰ্তন কৰিবলৈ। স্যালিনজাৰ আছিল আপোচহীন, তেওঁ কোনোপধ্যেই হোল্ডেনৰ গল্পৰ কোনো ধৰণৰ পৰিৱৰ্তন নকৰে। এইজন হোল্ডেন কোন, যাৰ বাবে অলৰ-অচৰ তেওঁৰ স্ৰষ্টা?

হোল্ডেন ১৬ বা ১৭ বছৰীয়া এজন কিশোৰ। তেওঁৰ অভিজ্ঞতাৰ পৃথিৱীখন উজ্জ্বল নহয়। ছল-কপতালিৰ আধিপত্য, কৃত্ৰিমতাৰ পয়োভৰ পৃথিৱীখনত। মানুহক দেখুৱাবলৈ কৃত্ৰিম আৱেগ। কম বয়সতেই যি ধৰণৰ অন্তঃসাৰশূন্যতাৰ সন্মুখীন হয় হোল্ডেন, সেয়াই তেওঁৰ মনৰ ভিতৰত সৃষ্টি কৰে ক্ষোভ-বিৰক্তি।

তেওঁ বুজিব পাৰে— যিসকলক তেওঁ দেখা পাইছে, যিসকলৰ সৈতে তেওঁ কথা পাতিছে সেইসকলৰ অধিকাংশই প্ৰকৃততে ‘ফোনি’ (Phoney/Phonyঃ জাল, নকল, অপ্ৰকৃত), অৰ্থাৎ, ফোঁপোলা অন্তঃসাৰশূন্য মানুহ।

এই ‘ফোনি’ শব্দটো এটা প্ৰজন্মৰ মৌখিক অলংকাৰ হিচাপে থাকি যাব।

ফোনিসকলৰ মাজত সাৰল্য বিচাৰি পোৱা যায় একমাত্ৰ শিশুবোৰৰ মাজত। হোল্ডেনে সেইবাবেই বহুত আশা নকৰে। হোল্ডেনে কল্পনা কৰে যে তেওঁ গম খেতিৰ স্থানৰ একাষত থিয় হৈ আছে, খেতিৰ স্থান কোনো উচ্চস্থানত। তাৰেই কাষত গভীৰ খাদ। খেতিপথাৰত শিশুবোৰে খেলি আছে, দৌৰি আছে। যদি কোনো শিশুৱে খেলি থাকোতে অসাৱধান হৈ খাদৰ কাষলৈ দৌৰি আহে, হোল্ডেনে তৎক্ষণাৎ শিশুটোক ধৰিবলৈ সাজু। হোল্ডেন হ’ব ‘ক্যাচাৰ ইন দ্যা ৰাই’। শিশুসকলৰ সৰলতাৰ ৰক্ষক।

বা সাৰল্যৰ ৰক্ষক। যি ৰক্ষক হ’বলৈ আজীৱন চেষ্টা কৰিছিল স্যালিনজাৰে। ‘দ্যা নিউ ইয়ৰ্কাৰ’-অত তেওঁৰ প্ৰথম প্ৰকাশিত গল্প ‘এ পাৰফেক্ট ডে ফৰ বানানাফিশ্ব’-অত চিমুৰ গ্লাচ-এ দেখা পায় সাগৰৰ পাৰত বালিকা চিবিল কাৰ্পেণ্টাৰক। চিমুৰে বালিকা চিবিলৰ সৈতে অন্তৰংগ হ’বলৈ প্ৰয়াস কৰে। চিবিলক শুনায় অদ্ভুত মাছবোৰৰ কাহিনী, যিবোৰে কল ভক্ষণ কৰি এনেদৰে ফুলি উঠে যে নিজৰ স্থানৰপৰা ওলাই আহিব নোৱৰা হৈ তাতেই বন্দী হৈ থাকিবলগীয়া হয়।

তাতেই মৃত্যুবৰণো কৰিবলগীয়া হয়। গল্পটো শেষ হোৱাৰ পিছত চিবিলৰ ভৰিখনৰ সেই স্থানত— য’ত আঁঠুৰ ভাঁজ হৈছে, সেই বংকিমস্থলত চিমুৰে চুম্বন কৰে। তাৰ পিছত হোটেললৈ উভতি আহে। হোটেলৰ কোঠাত ‘টুইন-বেড’খনত তেওঁৰ পত্নী মুৰিয়েল তেতিয়া গভীৰ নিদ্ৰাত। চিমুৰ-এ নিজৰ ছুটকেছটোৰপৰা এটা পিষ্টল উলিয়াই আনে। বিছনাখনত পত্নীৰ কাষত বহে। এবাৰ মুৰিয়েললৈ লক্ষ্য কৰে। তাৰ পিছত নিজৰ সোঁফালৰ কপাললৈ লক্ষ্য কৰি গুলীচালনা কৰে।

চিবিলৰ সাৰল্যত স্নাত হৈ, সেই অভিজ্ঞতা নিজৰ স্মৃতিকোঠাত ‘ফ্ৰিজ’ কৰি আত্মঘাতী হ’ল চিমুৰ।

অভাৱনীয় এক শ্বহীদত্ব!

J.D. Salinger1

ডিজলভ

ষষ্ঠ দৃশ্য

কৰ্নিশ, নিউ হ্যামশ্বিয়াৰত নিজৰ ঘৰত স্যালিনজাৰ। দুবছৰমান আগেয়ে প্ৰকাশিত হৈছে “দ্যা ক্যাচাৰ ইন দ্যা ৰাই”। স্যালিনজাৰ জাতীয় ‘চেলিব্ৰেটি’, জাতীয় নায়ক। তেওঁৰ ইমানেই খ্যাতি যে মানুহবোৰে, বিশেষকৈ কিশোৰ-তৰুণসকলে তেওঁক উন্মাদৰ দৰে আলিংগন কৰি থাকিবলৈ বিচাৰে। কেতিয়াবা মানুহবোৰ যায় তেওঁৰ নিউ ইয়ৰ্কৰ বাসগৃহলৈ, কেতিয়াবা পথৰ দাঁতিত অপেক্ষা কৰি থাকে তেওঁৰ সাক্ষাৎ পাবলৈ। কেতিয়াবা তেওঁক অনুসৰণ কৰে।

তেওঁলোকক নতুনকৈ ক’বলৈ একো নাই স্যালিনজাৰৰ। তেওঁ খ্যাতি বিচাৰিছিল, আৰু যেতিয়াই সেই কাংক্ষিত খ্যাতি লাভ কৰিলে— মুহূৰ্ততে তেওঁ সেই খ্যাতিৰপৰা বিমুক্ত হ’বলৈ বিচাৰিলে (প্ৰশ্ন হয়, এয়া আছিল নেকি তেওঁৰ কিবা প্ৰকল্পৰ অংশ (?) তেওঁ এনে এক ইমেজ নিৰ্মাণ কৰিব, যি ইমেজ স্পৰ্শ কৰিবলৈ তেওঁৰ ভক্তসকল কাতৰ হ’ব, কিন্তু তেওঁ সাক্ষাৎ নিদিব।

অন্তৰালত থাকিও তেওঁ প্ৰচাৰ লাভ কৰি থাকিব তেনেদৰেই। যেন তেওঁ কোনো এক ঈশ্বৰ। লেখক-ঈশ্বৰ)। গ্ৰন্থখনৰ পৃষ্ঠভাগত তেওঁৰ যিখন ছবি আছিল, সেইখনো আঁতৰাবলৈ প্ৰকাশকক তেওঁ নিৰ্দেশ দিয়ে।

সেইবাবেই আঁতৰি আহিছে কৰ্নিশৰ গাঁৱলৈ। এই কৰ্নিশতে তেওঁ বাস কৰিব নিৰৱতাৰ মাজত নিভৃতে, অন্তৰালত, সকলোৰে আঁতৰত। লগত পত্নী ক্লেয়াৰ (পিছলৈ পুত্ৰ-কন্যাসৱে জন্মগ্ৰহণ কৰিব); সহজতে কাকো দেখাই নিদিয়ে, কথা-বতৰা, সাক্ষাৎকাৰ দূৰৈৰ কথা। কিন্তু গাঁওখনৰ মানুহবোৰৰ সৈতে মিলা-প্ৰীতি আছে। গাঁৱৰ কিশোৰ-কিশোৰীসকলৰ সান্নিধ্যত সময় পাৰ কৰিবলৈ ভাল পায় স্যালিনজাৰে।

এগৰাকী কিশোৰী আছিল, ১৬ বছৰীয়া উজ্জ্বল হাইস্কুলীয়া ছাত্ৰী চাৰ্লি ব্লেনি। গৱেষকসকলে সম্প্ৰতি কৈছে যে সেই সময়ত কিছুদিনৰ বাবে হ’লেও স্যালিনজাৰে (নিজে বিবাহিত হ’লেও)— চাৰ্লিৰ সংগলাভ কৰিবলৈ অত্যুৎসাহী হৈ পৰিছিল। একেলগে দুয়ো সময় অতিবাহিত কৰিছিল। কিন্তু স্যালিনজাৰে সম্ভৱতঃ এই কথা নাজানিছিল যে চাৰ্লি এগৰাকী ছাত্ৰ-সাংবাদিকো আছিল। স্থানীয় ‘ডেইলি ঈগল’ কাকততো মাজে-সময়ে চাৰ্লিৰ লেখা প্ৰকাশ হৈছিল।

স্যালিনজাৰৰ সৈতে হোৱা ঘনিষ্ঠতাৰ সুযোগ গ্ৰহণ কৰিলে চাৰ্লিয়ে। তেওঁক ক’লে যে স্কুলৰ প্ৰজেক্টৰ বাবে স্যালিনজাৰৰ এটি সাক্ষাৎকাৰৰ প্ৰয়োজন। স্যালিনজাৰ ৰাজী হ’ল নে? স্যালিনজাৰে ‘নহ’ব’ বুলি কোৱা নাছিল। যিহেতু প্ৰকাশ্য একো নহয়, নিতান্তই স্কুলৰ বাবেহে প্ৰয়োজন!

সাক্ষাৎকাৰ লোৱা হ’ল। কিন্তু স্কুলৰ প্ৰয়োজনত নহয়। সেই সাক্ষাৎকাৰ প্ৰকাশ হ’ল ‘ডেইলি ঈগল’ কাকতত। অৰ্থাৎ স্যালিনজাৰক প্ৰতাৰণা কৰিলে সেই কিশোৰীয়ে— যিজনীক ইমানদিনে সৰল, নিষ্পাপ বুলি ভাবি আছিল স্যালিনজাৰে।

ফোনি!

J.D. salinger2

যি হ’ল, ভাল নহ’ল। যি সাৰল্যৰ প্ৰতি শ্ৰদ্ধাৱনত হৈ থাকিও এনে প্ৰতিদান— তেনেক্ষেত্ৰত কিদৰে তেওঁ নিজকে প্ৰবোধ দিব পাৰে? নিশাটোৰ ভিতৰতেই নিজকে এক খোলাৰ মাজত সুমুৱাই পেলালে তেওঁ। যিখিনি মিলা-মিছা মানুহৰ সৈতে কৰিছিল, সেয়াও বন্ধ হৈ গ’ল। দেখা-সাক্ষাৎ সকলোৰেপৰা পাৰ্যমানে দূৰত থাকিবলৈ আৰম্ভ কৰিলে স্যালিনজাৰে। আৰু যি পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে, সেয়া হ’ল নিজৰ বাসগৃহৰ চাৰিওফালে নিৰ্মাণ কৰিলে ওখ বিশাল প্ৰাচীৰ।

তাৰ পিছৰেপৰাই জীৱনৰ অন্তিমকাল পৰ্যন্ত তেওঁৰ ছবি কাকো তুলিবলৈ দিয়া নাছিল স্যালিনজাৰে। ফটো তোলাৰ সুযোগেই দিয়া নাছিল। এসময়ত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল যে মানুহে নিজে অংকন কৰি ধাৰণা দিবলৈ চেষ্টা কৰিছিল যে সম্প্ৰতি স্যালিনজাৰ দেখিবলৈ কেনেকুৱা হৈছে।

বিখ্যাত বাতৰিকাকত, আলোচনীৰ সাংবাদিক-ফটোগ্ৰাফাৰসকলে চোপ দি ৰৈছিল জে-ডি স্যালিনজাৰৰ ফটো এখনৰ বাবে। কেতিয়াবা হঠাৎ তেওঁলোকে দেখা পাইছিল সেই লেখক-ঈশ্বৰক—পোষ্ট অফিচৰপৰা বাহিৰ হোৱা মুহূৰ্তত… ক্লিক্… দূৰৈত খোজ কাঢ়ি থকা অৱস্থাত… ক্লিক্…বাসগৃহৰ বেৰৰ ফাঁকেৰে দেখা গৈছে… ক্লিক্…

চাৰ্লি ব্লেনিয়েও তেওঁক মনত পেলাই দিছিল নেকি কেতিয়াবা হঠাৎ উনাৰ কথা?

কাট টু

সপ্তম দৃশ্য

Una O Neal j.D. salinger
উনা অ’ নিল

উনা অ’ নিল। পিতৃ বিখ্যাত নাট্যকাৰ ইউজিন অ’ নিল। অত্যন্ত সুন্দৰী উনা (তেতিয়া ১৬ বছৰ বয়স)ৰ প্ৰথম দৰ্শনতেই প্ৰেমত আবদ্ধ হৈ পৰিছিল স্যালিনজাৰ। সেই সম্পৰ্ক লাহে লাহে গভীৰ হয়। উনা আকৃষ্ট হৈ পৰে স্যালিনজাৰৰ মননশীল সত্তাৰ প্ৰতি, স্যালিনজাৰ আকৃষ্ট হৈ পৰে উনাৰ ৰূপৰ প্ৰতি।

ইয়াৰ পিছত এদিন, স্যালিনজাৰ সাজু হ’ব লাগে যাবলৈ যুদ্ধক্ষেত্ৰলৈ, দ্বিতীয় বিশ্বযুদ্ধৰ বাবে স্যালিনজাৰকো অংশ ল’বলৈ মাতি পঠিওৱা হৈছে, তাৰেই প্ৰস্তুতিকালত— স্যালিনজাৰ উনাৰপৰা বহু আঁতৰত, সৈন্যবাহিনীৰ প্ৰশিক্ষণ কেম্পত। স্যালিনজাৰৰ প্ৰতি উনাৰ আকৰ্ষণ দুৰ্বল হ’বলৈ ধৰে। এপিনে দূৰত্ব, অইনপিনে অভিনয় জগতৰ হাতবাউলি। হলিউডৰ অভিনেত্ৰী হ’বলৈ উনাৰ প্ৰবল ইচ্ছা।

জনৈক এজেণ্টে উনাক পৰিচয় কৰাই দিলে প্ৰবাদপ্ৰতিম চাৰ্লি চেপলিনৰ স’তে। চেপলিনে সেই সময়ত তেওঁৰ পৰৱৰ্তী চিনেমাখনৰ বাবে অভিনেত্ৰীৰ সন্ধান কৰি আছিল। এজেণ্টৰ মতে উনাই আছিল অভিনেত্ৰীৰ বাবে সবাতোকৈ যোগ্য তথা চেপলিনৰ পৰৱৰ্তী চিনেমাৰ নায়িকাৰ বাবেও। চেপলিনেও পিছে নায়িকাৰ সন্ধান কৰিবলৈ আহি মত্ত হৈ পৰিল উনাৰ স’তে। তেওঁৰ চিনেমাত উনাৰ অভিনয় কৰা নহ’ল। উনাৰ বয়স ১৮ হোৱালৈ অপেক্ষা কৰিলে চেপলিনে, আৰু ১৮ হোৱাৰ পিছতেই উনাক বিয়া কৰালে। চেপলিনৰ বয়স সেই সময়ত ৫৬ বছৰ!

Chaplin
চাৰ্লি চেপলিন

ইউজিন অ’ নিলৰো একেই বয়স। নিজৰ বয়সৰ এজনক— লাগিলে তেওঁ বিশ্ব চলচ্চিত্ৰৰ অন্যতম চৰ্চিত ব্যক্তিত্বই নহওক কিয়— নিজৰ ১৮ বছৰ বয়সীয়া ছোৱালীয়ে বিয়া কৰোৱা কাৰ্যক লৈ ভীষণ অসহ্যকৰ, অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল ইউজিন অ’ নিল। তেওঁ যিমানদিনলৈ জীয়াই আছিল, উনাৰ মুখ চোৱা নাছিল।

অসহ্যকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল স্যালিনজাৰ।

সকলো ‘ফোনি’!

একে ধৰণৰ অসহ্যকৰ পৰিস্থিতিৰ সন্মুখীন পৰৱৰ্তী কালতো হৈছিল স্যালিনজাৰৰ, তেওঁৰ প্ৰথম পত্নী চিলভিয়াৰ কথা ভাবি। যুদ্ধ পৰৱৰ্তী ইউৰোপত স্যালিনজাৰে বিয়া কৰাইছিল চিলভিয়াক। যেতিয়া আমেৰিকালৈ উভতি আহিল, তেতিয়াহে বুজিব পাৰিলে যে চিলভিয়া যেন কিবা এক প্ৰকাৰৰ অপৰিচিত, আগন্তুক। গম পালে যে চিলভিয়া প্ৰকৃততে নাৎসী সমব্যথী।

‘ডিজলভ’

J.D. Salinger3

 অষ্টম দৃশ্য

স্যালিনজাৰে নিজতকৈ কম বয়সৰ নাৰীৰ প্ৰতি সদায়েই আকৃষ্ট আছিল (সেয়া কেৱলমাত্ৰ সাৰল্য, নিষ্পাপ… এইবোৰ কাৰণত? বিশ্বাস কৰিবলৈ দ্বিধা হয়)। তেওঁৰ দীৰ্ঘ জীৱনত একাধিক নাৰীৰ সৈতে সম্পৰ্ক আছিল। প্ৰকৃততে, যেতিয়াই কোনো নাৰীৰ প্ৰতি স্যালিনজাৰ আকৃষ্ট হয়, তেতিয়াও সেই নাৰীগৰাকীৰ সংগসুখৰ বাবে তেওঁ উদ্বাউল হৈ পৰে।

সেই কাৰণেই, আনকি স্থানবিশেষে নিজৰ অৱগুণ্ঠনকামিতাও তেওঁ ত্যাগ কৰি নিজেই স্বতঃপ্ৰবৃত্ত হৈ পত্ৰও প্ৰেৰণ কৰিছিল এগৰাকীক। যিজন ব্যক্তিয়ে কাৰো স’তেই দেখা-সাক্ষাৎ কৰিবলৈ অনিচ্ছুক আছিল, তেৱেঁই নিজৰ আদৰ্শ ভংগ কৰি নিজেই এগৰাকী নাৰীক সাক্ষাৎ কৰিছিল।

আৰু যেতিয়াই তেওঁৰ ভাব হৈছে যে নাৰীগৰাকীক ভাল লগা নাই, তেতিয়াই দ্ৰুতভাৱে তেওঁ ঘনিষ্ঠ হোৱা নাৰীৰ সংগ ত্যাগ কৰি আঁতৰিও আহিছে। সেই নাৰীৰ সংগ, কথা একোৱেই আৰু ‘ভাল লগা’ হৈ থকা নাই। যেনেদৰে, সন্তান হোৱাৰ পিছত ক্লেয়াৰে লক্ষ্য কৰিছিল যে স্যালিনজাৰে ক্ৰমাৎ দূৰত্ব বঢ়াই দিছে ক্লেয়াৰৰ স’তে। যেন সন্তান জন্ম দিয়াৰ মাজেৰেই ক্লেয়াৰৰ সমস্ত সাৰল্য ধ্বংস হৈ পৰিছে।

ফেড আউট

ফেড ইন

 নৱম দৃশ্য

মাৰ্ক ডেভিদ চ্যাপমেনে লেননক কিয় হত্যা কৰিছিল? তেওঁৰ জবানবন্দীৰপৰা জনা যায় য়ে চ্যাপমেনে লেননক হত্যা কৰিছিল লেননৰ সাৰল্য, অকৃত্ৰিমতা, অপৰিৱৰ্তিত কৰি ৰাখিবলৈ, অটুট ৰাখিবলৈ। যিজন মানুহে লিখিছিল ‘ইমাজিন নো পজেশ্যনছ; ইট্ ইজণ্ট হাৰ্ড টু ডু’, সেই মানুহজনেই কিদৰে সাতলাখ ডলাৰ মূল্যৰ সাগৰৰ পাৰৰ বাসভৱন ক্ৰয় কৰিব পাৰে বা চাৰে-চাৰি লাখ ডলাৰ খৰচ কৰিব পাৰে অইন এটা বাসভৱন ক্ৰয় কৰিবলৈ — এই তথ্যবোৰ চ্যাপমেনে পাইছিল এখন আলোচনীৰপৰা।

আৰু স্যালিনজাৰে লিখা “দ্যা ক্যাচাৰ ইন দ্যা ৰাই” পঢ়ি চ্যাপমেনে বুজি পাইছিল যে জন লেনন আচলতে এক ‘ফোনি’।

man hat usa portrait
ৰেগান; Photo by Pixabay on Pexels.com

হিনকলিয়ে ৰেগানক কিয় হত্যা কৰিব বিচাৰিছিল?

প্ৰকৃততে, অভিনেত্ৰী জোডি ফষ্টাৰৰ প্ৰেমত পৰিছিল হিনকলি— মাৰ্টিন স্কৰচেছৰ পৰিচালিত ‘টেক্সি ড্ৰাইভাৰ’ চিনেমাখন চাই। কিন্তু ফষ্টাৰে হিনকলিক গুৰুত্ব দিবই বা কিয়? সেই কথা ভাবিয়েই ৰেগানক হত্যা কৰাৰ পৰিকল্পনা কৰে হিনকলিয়ে। অন্ততঃ নিজৰ নাম ফাটিফুটি যাব। কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰেগানৰ সৈতে যুক্ত হৈ থাকিব হিনকলিৰ নাম। ফষ্টাৰেও গম পাব। আকৃষ্ট হ’ব হিনকলিৰ প্ৰতি!

নিবিড় অপূৰ্ণ এক কামনাৰপৰাই উৎসাৰিত সমাজচ্যুত হোৱাৰ কি এক বিৰল প্ৰৱণতা।

স্যালিনজাৰে দেখুৱাই দিছিল— কিদৰে পাৰিপাৰ্শ্বিকতাই ক্ৰমশঃ মহাশূন্যতাৰ পিনে ঠেলি দিছে যুৱ-মননক। ইয়াৰ বাবে দায়ী কোন?

‘কাট টু’

দশম দৃশ্য

হোল্ডেন কলফিল্ড সম্পৰ্কে ফ্ৰয়েডৰ বন্ধু-সহকৰ্মী তথা তেওঁৰ জীৱনী-লেখক আৰ্নেষ্ট জোনছ-এ লিখিছিল—

“His sense of alienation is almost complete from parents, from friends, from society in general as represented by the prep school from which he has been expelled and the night club and hotel world of New York in which he endures a weekened exile while hiding out from his family. With his alienation go assorted hatreds—of the movies, of night clubs, of social and intellectual pretention, and so on. And physical disgust : pimples, sex, an old man picking his nose all equally cause for nausea. It is of little importance that the alienation, the hatreds, and the disgust are those of a nineteen year old. Any reader, sharing or remembering something like them, will agree with the unclusion to be drawn from this unhappy odyssey : to borrow a line from Auden, “We must love one another or die.”

‘কাট টু’

একাদশ অধ্যায়

প্ৰথম টোকাঃ স্যালিনজাৰে যুদ্ধ দেখিছে। ৰণাংগনত সৈনিক আছিল তেওঁ। তেওঁ দেখিছে কিদৰে তেওঁৰ সন্মুখতেই ৰক্তাক্ত হৈ ঢলি পৰিছে কিছু সময় আগলৈ তেওঁৰ স’তেই থকা সহযোদ্ধা। কুখ্যাত হাৰ্টগেন অৰণ্যৰ যুদ্ধতো আছিল তেওঁ। স্যালিনজাৰৰ ডিভিজনে ‘ডাশ্বাউ কনচেনট্ৰেছন কেম্প’ মুক্ত কৰিছে। তেওঁ পাহৰিব পৰা নাই বন্দী ইহুদিসকলৰ শৰীৰৰ অত্যাচাৰৰ চিহ্ন। তেওঁৰ নাকত লাগি থাকে ডাশ্বাউৰ গেচ বেমাৰৰ মানৱ মাংস-ছালৰ গোন্ধ।

দ্বিতীয় টোকাঃ স্যালিনজাৰ আৰু তেওঁৰ ৰচনা হ’ল এক বিক্ষুব্ধ প্ৰজন্মৰ নিশ্বাস। যি প্ৰজন্মই দেখিছে জাতীয় জীৱনৰ গণ্য-মান্য ব্যক্তিত্ব, যেনে চিনেটৰ ম্যাককাৰ্থি, যেনে এফ-বি-আইৰ মুৰব্বী জে এডগাৰ হুবাৰ—তেওঁলোক জনসাধাৰণৰ সন্মুখত ‘যেনে’, প্ৰকৃততে ‘তেনে’ নহয়। এওঁলোক নিজৰ স্ব-জাতিকেই সন্দেহ কৰে, আঘাত কৰে।

স্যালিনজাৰৰ প্ৰজন্মই গৰজি উঠিছে এওঁলোকৰ বিৰুদ্ধে। তেওঁলোকৰ হাতত সেই ইটা-বৰণীয়া বেটুপাতৰ উপন্যাস— “দ্যা ক্যাচাৰ ইন দ্যা ৰাই” (The catcher in the Rye)।

‘কাট টু’

দ্বাদশ অধ্যায়

Ramkrishna Kathamrit

খ্যাতিৰ শীৰ্ষস্থান পোৱাৰ পিছত লেখা বন্ধ কৰি দিছিল স্যালিনজাৰে। তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা যেতিয়া মাত্ৰ চাৰিখন— যেনে “দ্যা ক্যাচাৰ ইন দ্যা ৰাই”, “নাইন ষ্টোৰিজ”, “ৰেজ হাই দ্যা ৰুফ বিম”, “কাৰ্পেণ্টাচ্ এণ্ড চিমুৰঃ এন ইণ্ট্ৰ’ডাকছন্” …, তেতিয়াই তেওঁ জনাই দিয়ে য়ে জীৱিত অৱস্থাত তেওঁ পুনৰ কোনো ৰচনা প্ৰকাশ নকৰে।

তেতিয়া তেওঁ, তেওঁৰ সাম্প্ৰতিক কালৰ জীৱনী-লেখকসকলৰ মতে, তেওঁৰ জীৱনৰ বানপ্ৰস্থ অধ্যায়ত উপনীত। কিছু সময় পিছতেই গুচি যাব সন্ন্যাস-জীৱনলৈ। তেওঁ তেতিয়া আশ্ৰয় লাভ কৰিছে এখন পৰম মূল্যৱান গ্ৰন্থৰ, ‘শ্ৰীম’ ৰচিত ‘শ্ৰীশ্ৰীৰামকৃষ্ণ কথামৃত’ৰ। তেওঁ আশ্ৰয় লাভ কৰিছে শ্ৰীমদ্ভগৱদগীতাৰ। চিন্তাৰ সংলগ্নতা বিচাৰি পাইছে ‘বেদান্ত’ত।

তেওঁ আশ্ৰয় লাভ কৰিছে স্বামী বিবেকানন্দৰ।

স্যালিনজাৰৰ এক চৰিত্ৰই এনেদৰে কৈছে, বিবেকানন্দ… is one of the most exciting, original, and best equipped giants of this entury I have ever run into; my personal sympathy for him will never be outgrown or exhausted as long as I live, mark my words : I would easily give ten years of my life, possibly more, if I could have shaken his hand or at least said a brisk, respectful hell to him on some busy strret in Calcutta or elsewhere. (“হ্যাপৱৰ্থ” ১৬, ১৯২৪)

বেদান্ত দৰ্শনত উদ্ভাসিত আছিল স্যালিনজাৰৰ “কাচ্যাৰ” পৰৱৰ্তী প্ৰায় সকলোবোৰ ৰচনাই।

স্যালিনজাৰৰ গুৰু আছিল স্বামী নিখিলানন্দ; শ্ৰীশ্ৰীমাৰ সাক্ষাৎ-শিষ্য আৰু মানহাটনৰ ‘ৰামকৃষ্ণ-বিবেকানন্দ চেণ্টাৰ’ৰ প্ৰতিষ্ঠাপক।

‘কাট টু’

 ত্ৰয়োদশ অধ্যায়

J.D.Salinger4

স্যালিনজাৰে আৰু লেখা প্ৰকাশ নকৰে। কিন্তু তেওঁ লেখা বন্ধও নকৰে। তেওঁ নিয়মিতভাৱে লিখি গ’ল, প্ৰতিদিনে প্ৰায় পোন্ধৰ-ষোল্ল ঘণ্টা ধৰি তেওঁ লেখা কৰ্ম কৰি থাকিল। কিন্তু সেই লেখাবোৰৰ এটাও প্ৰকাশ নকৰিলে। কাকো চাবলৈও নিদিলে। মাথোঁ নিজৰ ‘বাংকাৰ’ত বহি লিখি থাকিল।

প্ৰকাশ কৰিলে কি হ’ব? প্ৰকাশ কৰাৰ ইচ্ছাৰপৰা লেখা মানেই হ’ল কামনা-তাড়িত হোৱা— লেখা প্ৰকাশ হ’ব, মানুহে কিনিব, কেনে হৈছে, —ক’ব, পাঠকে কেনে পাইছে জনাৰ ইচ্ছা হ’ব। কিন্তু স্যালিনজাৰ নিৰ্লোভ নিঃচৰ্ত এগৰাকী শব্দসাধক। লেখাই তেওঁৰ সাধনা। লেখাৰ বাবেই তেওঁ নিজৰ ধনী পিতৃৰ ‘চিজ’ আৰু ‘ফ্ৰজেন মাংস’ৰ ব্যৱসায়ত জড়িত নহ’ল। লেখাৰ বাবেই সহ্য কৰিছে বিবিধ অৱমাননা।

লেখা হ’ল স্যালিনজাৰৰ অস্তিত্বৰ প্ৰাণ-নিৰ্যাস। গতিকে তেনেক্ষেত্ৰত তেওঁ কামনা মিহলি কৰি লেখনক কলুষিত কৰিব কিদৰে?

অসম্ভৱ। অসম্ভৱ।

কৰ্মণ্যেবাধিকাৰন্তে মা ফলেষু কদাচন।

‘কাট টু’

চতুৰ্দশ অধ্যায়

সেই যে গোপন কেমেৰাৰে দেখা গৈছে সেই মানুহজনে ঘোচ খাইছে… সেই যে দেখা গৈছে মানুহ এজনে প্ৰকাশ্যে ঘোচৰ টকা বিচাৰিছে… সেই যে দেখা গৈছে সেই মানুহজনে অগ্নিসংযোগ কৰিছে কোনো সংখ্যালঘুৰ বাসগৃহত… সেই যে দেখা গৈছে মুখেৰে অনৰ্গল বক্তৃতা দি মানুহক প্ৰৱঞ্চনা কৰি আছে সেই নেতাজনে… আৰু সেই যে দেখা গৈছে, সেই যে, ইয়াত-তাত চহৰত-গাঁৱত মানুহে হাতচাপৰি বজাই আছে… বজাইয়ে আছে… যিকলক জনগণে চিনি পায় তেওঁলোকো মজি আছে উৎসৱত…

ফোনি, ফোনি, ফোনি, সকলোৱেই ফোনি।

কোনে ক’লে? কোনে?

হোল্ডেন! হোল্ডেন?

নিজৰ মাতৃভাষাত যেন কিছু শুনা পাইছো এইবোৰ। তাকেইতো। মাতৃভাষাত। শুনা, এই যে পুনৰ শুনা পাইছো—

মই ভিতৰে বাহিৰে/যিপিনেই চাওঁ, মই

স্বদেশে-বিদেশে/যিপিনেই চাওঁ— মাথোঁ

অন্ধকাৰ, মাথোঁ অন্ধকাৰ/পিতামহ, মই এক

নিষ্ঠুৰ সময়ত জীয়াই আছো।/এয়া এক আশ্চৰ্য

সময়।/যেতিয়া আশ্চৰ্য বুলিবলৈ প্ৰকৃততে একো নাই।

Gita 1
তেওঁ আশ্ৰয় লাভ কৰিছে শ্ৰীমদ্ভগৱদগীতাৰ

                                                সমাপ্ত।

এণ্ড ক্ৰেডিটচ্—

ঋণঃ

ইয়ান হেমিল্টন

পল আলেকজাণ্ডাৰ

কেনেথ শ্লওয়েন্সকি

ডেভিদ শিল্ডচ্ আৰু শ্বেন চালেৰ্নো

ডেভিদ ষ্ট্ৰেটফেল্ড

নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: নিঃচৰ্ত শব্দসাধকসায়ম বন্দ্যোপাধ্যায়
Anjan Sarma

Anjan Sarma

Related Posts

Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam
Drama

Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

by SUMPEE BORAH
August 11, 2026
0

Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam SUMPEE BORAH D.D. Kosambi mentioned that history is not just...

Read moreDetails
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

June 11, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d