• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 4, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

নিচাসক্ত নিগনি: এই নিগনিবোৰে হে ভাৰতক ফোপোলা কৰিছে নেকি?

কাকলি দাস

by Admin
December 2, 2022
in Special Report, Justice, National, Politics
Reading Time: 2 mins read
0
Narcotic Rats: Are These Rats Emptying INDIA?
Share on FacebookShare on TwitterShare on LinkedIn

নিচাসক্ত নিগনি

কাকলি দাস

নিচাসক্ত নিগনি: এই নিগনিবোৰে হে ভাৰতক ফোপোলা কৰিছে নেকি?

জৰুৰীকালীন অৱস্থাত নিৰ্মিত এখন ছবি আছিল “কিচ্ছা কুৰ্ছি কা” (১৯৭৮), যিখনত দেখুওৱা হৈছিল যে কেনেকৈ ৰাজনৈতিক নেতাসকলে মানুহৰ পেটৰ অগণিক নিগনিৰ সংখ্যা বৃদ্ধিৰ বাবে দোষাৰোপ কৰে – দেশত মানুহৰ ভোক দুৰ্নীতি আৰু ক’লা বজাৰৰ বাবে নহয়, বৰঞ্চ সকলো শস্য খাই পেলোৱা নিগনিৰ বাবেহে হয়।

নিগনিৰ বিৰুদ্ধে যুঁজিবলৈ আৰম্ভ কৰা হয় দেশজোৰা পদক্ষেপ। মানুহে নিগনি হত্যা কৰি বহু টকা উপাৰ্জন কৰিছিল যাৰ ফলত অধিক দুৰ্নীতিৰ সৃষ্টি হৈছিল।

ব্যংগ ছবিখনে সমাজ আৰু ৰাজনীতিৰ ওপৰত এক তীব্ৰ তীক্ষ্ণ ধাৰাভাষ্য আগবঢ়াইছিল – কিদৰে মানুহৰ প্ৰচন্ড ক্ষুধা আৰু দুৰ্নীতিৰ দোষ নিগনিৰ ওপৰত জাপি দিয়া হৈছিল।

RelatedPosts

All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 4, 2023
Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

June 2, 2023
Muslim women’s double whammy: Systemic repression and toxic Islamophobia  

মুছলমান মহিলা যাঁতত পিষ্ট: ব্যৱস্থাগত দমন আৰু বিষাক্ত ইছলামোফ’বিয়াত!

June 2, 2023

কিন্তু নিগনিটোৱে এতিয়া শস্য খাই থকা নাই – এতিয়া এই নিগনিয়ে ‘নতুন ভাৰত’ত অবৈধ দ্ৰব্যও সেৱন কৰি আছে। আদালতত এই কথা কয় উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে। শেহতীয়াকৈ মথুৰা পুলিচে আদালতত কয় যে নিগনিয়ে তেওঁলোকৰ গুডামত মজুত থকা ৫৮০ কিলোগ্ৰাম গাঞ্জা খাই পেলাইছে।

 আৰক্ষীয়ে জব্দ কৰি মজুত কৰি ৰাখিছিল গাঞ্জাখিনি। ৮০ গ্ৰাম বা ৫৮০ গ্ৰাম নহয়, এয়া নিগনিয়ে খোৱা ৫৮০ কিলোগ্ৰাম।

এইটো আচৰিত কথা, কাৰণ যেতিয়া আৰিয়ান খানৰ হাতত ৫ গ্ৰাম গাঞ্জা আছে বুলি উৰাবাতৰি ওলাইছিল, তেতিয়া সেই বাতৰি ভূমিস্খলনকাৰী বাতৰি আছিল আৰু ‘গোডী মিডিয়া‘ই ৫ গ্ৰাম গাঞ্জাক কেন্দ্ৰ কৰি আৰিয়ান খান তথা শ্বাহৰুখ খানৰ ওপৰত জপিয়াই পৰিছিল। কেইবা সপ্তাহ ধৰি আমি এই খবৰটো গিলি থাকিলো যে ‘এছ আৰ কে’ৰ পুত্ৰই অবৈধ দ্ৰব্য সেৱন কৰে – পকেটত পোৱা গৈছে ৫ গ্ৰাম!

এতিয়া আকৌ এই লেখাত এইবাৰ আমি ৫৮০ কেজি অবৈধ পদাৰ্থৰ কথা কৈছো – এইবাৰ ৫৮০ কিলোগ্ৰাম গাঞ্জা সেৱন কৰা সেই নিগনিবোৰৰ কি হ’ল?

নিচাসক্ত নিগনি: এই নিগনিবোৰে হে ভাৰতক ফোপোলা কৰিছে নেকি?
আৰিয়ান খান

উল্লেখযোগ্য যে ২০২০ চনৰ মে’ মাহত মথুৰাত এখন ট্ৰাকত গাঞ্জা সৰবৰাহ কৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। এন ডি পি এছ আইন অনুসৰি তিনিওজনক গ্ৰেপ্তাৰ কৰা হয়, আৰু ইতিমধ্যে ২০০ কিলোগ্ৰাম জমা হৈ থকা গুদামত পঠোৱা হয় গাঞ্জাখিনি। আদালতৰ শুনানিৰ সময়ত মজুত গাঞ্জাৰ বিষয়ে সোধাত আৰক্ষীয়ে উত্তৰ দিছিল এতিয়া গুডামত গাঞ্জাখিনি নাই, কাৰণ নিগনিবোৰে সকলো গাঞ্জা খাই শেষ কৰিছে।

‘মাল’ জমা কৰিবলৈ আৰু নিগনিৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষী থানাত কোনো নিৰাপদ স্থান নাই।’- আদালতত এইদৰেও কয় আৰক্ষীয়ে। আৰক্ষীয়ে লগতে কয় যে নিগনিবোৰ সৰু যদিও আৰক্ষীক ভয় নকৰে। (লাহে ধীৰে হাত চাপৰি)

এই সাহসী নিগনিবোৰ কোন আৰু ক’ৰ পৰা আহিল? এই সকলোবোৰ শুনি বিচাৰকে কি বা ভাবিছে ! ন্যায়াধীশে অভিষেক যাদৱ(এছ এছ পি মথুৰা)ক নিচাসক্ত নিগনিৰ সৈতে ততালিকে মোকাবিলা কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে, আদেশ দিলে যে আৰক্ষীয়ে প্ৰমাণ কৰিব লাগিব যে নিগনিয়েই ৫৮০ কেজি বা ৬০ লাখ মূল্যৰ গাঞ্জাবোৰ খাইছিল।

কিন্তু কোনে ধৰিব এই নিগনিবোৰ? এজন ‘পাইড পাইপাৰ’-এ, যিয়ে সকলো ‘ৰোডেণ্ট’ক মাতিব আৰু তাৰ পিছত সেইবোৰ পৰীক্ষা কৰা হ’ব, নহয়নে?

কিছু বছৰৰ আগতে আৰ্জেণ্টিনাতো একেধৰণৰ দৃশ্যপট দেখা গৈছিল, য’ত ৫০০ কিলোগ্ৰাম এনে পদাৰ্থ নোহোৱা হৈ গৈছিল। বুয়েনছ আয়াৰ্ছৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত পিলাৰ চহৰত আৰক্ষীৰ গুদামত ৬০০০ কিলোগ্ৰামৰ ৫৫০০ কিলোগ্ৰাম ড্ৰাগহে আছিল। আৰ্জেণ্টিনাৰ আৰক্ষীয়ে বুজাই দিছিল যে অন্তৰ্ধান হোৱা ড্ৰাগখিনি এন্দুৰে খাইছিল। 

কিন্তু ফৰেনছিক বিশেষজ্ঞৰ পৰামৰ্শ আদালতে লৈছিল, আৰু ৰোডেণ্টে যে ইমান ড্ৰাগ খোৱাটো সম্ভৱ নাছিল, তেওঁলোকেও এই কথাত সন্মতি দিছিল। দ্বিতীয়তে, এন্দুৰে ঔষধটোক খাদ্য বুলি ভুল নকৰিলেহেঁতেন, আৰু যদি এন্দুৰৰ এটা বৃহৎ দলে খালেহেঁতেন তেন্তে গুদামত বহুত মৃতদেহ পোৱা গ’লহেঁতেন – ন্যায়াধীশৰ এজন মুখপাত্ৰই কৈছিল। ফলত ৮ জন আৰ্জেণ্টিনাৰ আৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় – আদালতে কৰা বিচাৰ মতে।

narco1

কিন্তু, ভাৰতত নিগনিবোৰ আন এটা স্তৰত আছে – ২০২১ চনতো উত্তৰ প্ৰদেশৰ পুলিচে ৰিপ’ৰ্ট কৰিছিল যে নিগনিয়ে ১৪০০ কাৰ্টন মদ গিলি পেলাইছিল। গোটেই লকডাউনৰ সময়ছোৱাত নিগনিবোৰ যেন ‘পাৰ্টি মুড‘ত আছিল। পিছত তদন্তত দেখা গ’ল যে মজুত কৰা ৩৫ লাখ মূল্যৰ মদ ‘এছ এইচ অ’ আৰু ‘হেড ক্লাৰ্কে’ এজন গেংষ্টাৰক বিক্ৰী কৰিছিল।

ইয়াৰ পূৰ্বে ২০১৮ চনত বাৰেলীত নিগনিয়ে আৰক্ষীয়ে জব্দ কৰা ১০০০ লিটাৰ সুৰা পান কৰিছিল। তেতিয়াও আৰক্ষীয়ে নিগনিক দোষাৰোপ কৰিছিল যদিও সেই বটলবোৰ বিক্ৰী হোৱা দেখা গৈছিল। বিহাৰত ‘ৰোডেন্টে’ ১০ লাখ সুৰাৰ বটল শেষ কৰি অভিলেখ সৃষ্টি কৰিছিল। নিগনিয়েও ৰাজ্যত বানপানীৰ সৃষ্টি কৰিছিল বুলি ২০১৭ চনত বিহাৰৰ এজন মন্ত্ৰীয়ে কৈছিল।

মন্ত্ৰীয়ে কৈছিল যে নিগনিয়ে নদীৰ মথাউৰি দুৰ্বল কৰি পেলোৱাৰ ফলত বানপানীৰ সৃষ্টি হয়। অৰ্থাৎ নিগনি কেৱল নিচাসক্ত আৰু মদ্যপায়ীয়েই নহয়, দেশৰ ভেটিও দুৰ্বল কৰি তুলিছে।

animal blur close up cute
Photo by Pixabay on Pexels.com

বহু আগতেই “কিচ্ছা কুৰ্ছি কা” চিনেমাখনত ভৱিষ্যদ্বাণী কৰা হৈছিল – নিগনি আটাইতকৈ ডাঙৰ শত্ৰু – পাহৰি যাওক ‘টুকৰে টুকৰে গেং‘ বা ‘খান মাৰ্কেট গেং‘!

আৰু এনেও লাগে যেন এই নিগনিবোৰে আৰক্ষী বা সংবাদ মাধ্যমক ভয় নকৰে – কোনে এই ‘ৰোডেন্ট’বোৰক বাধা দিব? আমি তেওঁলোকৰ সৈতে কেনেকৈ মোকাবিলা কৰিব পাৰো? আমি সচেতন নেকি?

আমি কাৰ্য্যত সক্ৰিয় নহ’লে এই নিগনিবোৰ অধিক শক্তিশালী হ’ব৷ আগতে শস্য খাইছিল, এতিয়া মদ আৰু গাঞ্জা, লগতে মথাউৰি – এই নিগনিবোৰৰ পৰৱৰ্তী লক্ষ্য আপোনাৰ সঞ্চয়!

হয় নে? সজাগ হওক!

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

All About Domestic Abuse and Violence
Women

All About Domestic Abuse and Violence

by Admin
June 4, 2023
0

All About Domestic Abuse and Violence AGRITA CHHIBBER Agrita Chhibber What is domestic violence and abuse? When people think of...

Read more
Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

June 2, 2023
Muslim women’s double whammy: Systemic repression and toxic Islamophobia  

মুছলমান মহিলা যাঁতত পিষ্ট: ব্যৱস্থাগত দমন আৰু বিষাক্ত ইছলামোফ’বিয়াত!

June 2, 2023
pexels-photo-359989.jpeg

জীৱনৰ বিষয়ে এখনি ৰচনা

June 2, 2023
close up photo of lighted cigarette stick

ই – চিগাৰেট : এক ফেশ্বন

June 2, 2023
Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

June 2, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি

June 4, 2023
ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

June 4, 2023
All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 4, 2023
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

June 4, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    659 shares
    Share 264 Tweet 165
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    609 shares
    Share 244 Tweet 152
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    619 shares
    Share 248 Tweet 155
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    401 shares
    Share 160 Tweet 100
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    236 shares
    Share 94 Tweet 59
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: