নিজৰ মগজুক লৈ সাৱধান নহলে ভয়ংকৰ বিপদ!
অঞ্জন শৰ্মা

গুৰুত্বপূৰ্ণ খবৰ : বিশেষজ্ঞসকল আতংকিত হৈ পৰিছে!!
হয়, বিশেষজ্ঞসকল আতংকিত হৈ পৰিছে। কাৰণ চীনত কম্পিউটাৰ বিজ্ঞানীসকলে মানুহৰ মগজুক পোনপটীয়াকৈ নিয়ন্ত্ৰণ কৰিব পৰা এক বিশেষ ছফ্টৱেৰযুক্ত যন্ত্ৰ প্ৰস্তুত কৰি আছে।
ইতিমধ্যে চীনে কাৰাবন্দী কেইজনমানৰ ওপৰত এই যন্ত্ৰৰে পৰীক্ষা কৰি সফল হোৱা বুলি জানিব পৰা গৈছে। কাৰাবন্দীসকলৰ মগজুত কেনে কেনে চিন্তাই দোলা দি থাকে—তাৰে গতিবিধিৰ উমান পোৱাৰ লগতে যন্ত্ৰটোৰ বুটাম টিপি কাৰাবন্দীসকলৰ গতিবিধিও নিয়ন্ত্ৰণ কৰিবলৈ বিজ্ঞানীসকল সক্ষম হৈছে। অদূৰ ভৱিষ্যতে এনে এক যন্ত্ৰৰ প্ৰভাৱ কেনে হ’ব পাৰে সেয়া কল্পনা কৰাও অকল্পনীয় হৈ পৰিছে।
চীনৰ চৰকাৰে এনে যন্ত্ৰ ব্যৱহাৰ কৰি নাগৰিকসকলক মগজুবিহীন ড্ৰ’নলৈ ৰূপান্তৰিত কৰিব পাৰিব, তেওঁলোকক স্বাধীন চিন্তা-ইচ্ছাৰ পৰাও বঞ্চিত কৰিব পাৰিব। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এনে যন্ত্ৰৰ সহায়ত নিজৰ সামগ্ৰীসমূহ নাগৰিকসকলক কিনিবলৈ বাধ্য কৰাব পাৰিব—তাকো নিজে নিজৰ ইচ্ছা/অনিচ্ছা একো গম নোপোৱাকৈ।
অপৰাধীসকলে এনে যন্ত্ৰ ব্যৱহাৰ কৰি নাগৰিকক অপৰাধীৰ ব্যক্তিগত বাহিনীৰ চোৰ-হত্যাকাৰী হিচাপে পৰিণত কৰাব পাৰিব—নাগৰিকৰ আপোন ইচ্ছাৰ বিৰুদ্ধে। গতিকে কেনে বিপদ হ’ব পাৰে, অনুমান কৰিব পাৰি নে?

কিন্তু হে সৰল পাঠক!
আতংকিত নহ’ব। আমিও আতংকিত হোৱা নাই। কাৰণ, ওপৰত উল্লেখ কৰা কথাখিনি বা ‘গুৰুত্বপূৰ্ণ বাতৰি’টো হ’ল এক কল্পকাহিনী বা অইন কথাত ‘উৰাবাতৰি’!
কিন্তু ওপৰৰ বাতৰিটোৱে যদিহে আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু আপোনাক চিন্তিত কৰি তুলিব পাৰিছিল—তেনে ঘটনাই প্ৰমাণ কৰে যে আমাৰ মগজুটোক লৈ খেল খেলিব পাৰি!
ছ’ছিয়েল মেডিয়া আৰু তাৎক্ষণিক যোগাযোগৰ এই যুগত ভুল তথ্য এক জটিলতম সমস্যাত পৰিণত হৈছে।
কেৱল ভুৱা বাতৰিয়েই নহয়, মানুহৰ বিশ্বাস, আচৰণ তথা পৰিচয়কো হেঁচা মাৰি ধৰিবলৈ ভুল তথ্য আৰু ভুল তথ্য প্ৰচাৰ এতিয়া অত্যাধুনিক উপায় হৈ পৰিছে। এনে কাৰ্যকো ‘ব্ৰেইন হেকিং’ বুলি ক’ব পাৰি। কাৰণ ইয়াৰ সৈতে মানুহৰ মগজু আৰু মনোবিজ্ঞানৰ দুৰ্বলতাসমূহক আশ্ৰয় বা শোষণ কৰি মানুহৰ ধাৰণা আৰু সিদ্ধান্তক প্ৰভাৱিত কৰা ঘটনা জড়িত হৈ থাকে।
কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰখনৰ পৰাই ‘ব্ৰেইন হেকিং’ শব্দ দুটাৰ উৎপত্তি হৈছিল। কিন্তু ইয়াক এতিয়া মানুহৰ আচৰণ আৰু জ্ঞানশক্তিক লৈ হেতালি খেলাৰ বাবে প্ৰযুক্তি তথা অন্যান্য পদ্ধতিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰক বুজাবলৈও ব্যৱহাৰ কৰা হয়।

ইয়াৰে সৈতে নিউৰ’মাৰ্কেটিঙৰ কৌশল, গ্ৰাহকৰ আচৰণ অধ্যয়ন আৰু মানুহৰ বা ‘গ্ৰাহক’ৰ মগজুক হেঁচা মাৰি ধৰাৰ বাবে স্নায়ুবিজ্ঞানৰ কৌশল ব্যৱহাৰ কৰা হয়, লগতে ‘ছ’ছিয়েল মেডিয়া বট’(Social media bots are automated social media accounts. Some are benevolent, but most are used for malicious and manipulative purposes) আৰু ‘এলগৰিদম’ৰ ব্যৱহাৰ কৰি ভুল তথ্য বিয়পাই দি জনমতৰ ওপৰত বা ‘গ্ৰাহক’ৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হয়। মগজু হেকিং কৌশলৰ অপব্যৱহাৰৰ সম্ভাৱনাই গোপনীয়তা, সন্মতি, ব্যক্তি আৰু ব্যক্তিসকলক লৈ হেতালি খেলাৰ বিষয়ে উদ্বেগৰ সৃষ্টি কৰে।
কাহিনী বা আখ্যানৰ প্ৰতি সহাঁৰি জনাবলৈ আমাৰ মনটো অনবৰতে সচেতন হৈ থাকে—যদিও কাহিনীবোৰৰ সৰহভাগেই সঁচা নহয়।
মানুহৰ মগজুৱে অহৰহ আৰ্হিৰ সন্ধান কৰি থাকে, সংযোগ স্থাপন কৰি থাকে, চৌপাশৰ জগতখনৰ অৰ্থ উলিয়াবলৈ চেষ্টা কৰি থাকে। যেতিয়া আমি আমাৰ ভয় আৰু ইচ্ছাক দমন/অপহৰণ/বশীভূত কৰা ধৰণৰ কাহিনী শুনা পাওঁ—তেতিয়া ই আমাৰ আৱেগক সক্ৰিয় কৰি আমাৰ যুক্তিবাদী চিন্তাধাৰাক অতিক্ৰম কৰিব পাৰে। ইয়েই ‘ব্ৰেইন হেকিং’ আৰু ভুল তথ্যৰে বিপথে পৰিচালনা কৰা ষড়যন্ত্ৰমূলক নীতি।
যুদ্ধ, পলায়ন, প্ৰতিৰোধ, প্ৰাকৃতিক দুৰ্যোগ, অৰ্থনৈতিক দুৰ্যোগ, দুৰ্ভিক্ষ আদি বিভিন্ন ভাবুকিৰ প্ৰতি এক নিৰ্দিষ্ট ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ মানুহৰ মগজুটোৱে এক সুদীৰ্ঘ কালৰ বিৱৰ্তনৰ মাজেৰে বিকশিত হৈছে।

এই সম্পৰ্কে কুৰি শতিকাৰ আৰম্ভণিতে আমেৰিকাৰ শৰীৰবিজ্ঞানী ৱাল্টাৰ ব্ৰেডফৰ্ড কেননে অধ্যয়ন কৰিছিল আৰু তেওঁ মানসিক চাপত পৰা মানুহৰ প্ৰতিক্ৰিয়াৰ বিষয়ে গৱেষণা কৰিছিল।
বিপদৰ সন্মুখীন হ’লে মানুহৰ শৰীৰে এড্ৰিলেনিন আৰু অন্যান্য মানসিক চাপ (pressure)ৰ হৰম’ন নিৰ্গত কৰে—যাৰ ফলত এক প্ৰতিক্ৰিয়াৰ সূচনা হয়। কিন্তু ডিজিটেল যুগত মানুহে সন্মুখীন হোৱা ভাবুকিবোৰ প্ৰায়েই শাৰীৰিক নহয়।
ডিজিটেল যুগত আমাৰ আবেগক হেঁচা মাৰি ধৰিবলৈ আৰু আমাৰ সমালোচনাত্মক চিন্তাধাৰাক বিৱশ কৰিবলৈ ভাবুকিবোৰ ‘ভুৱা বাতৰি’ আৰু ‘ডিজাইন কৰা ভুল তথ্য’ৰ ৰূপত আহে। এয়াও ঠিক শাৰীৰিক ভাবুকিৰ দৰেই, আমাৰ বিশ্বাস, মূল্যবোধ বা পৰিচয়ৰ প্ৰতি ভাবুকি হিচাপে ধৰা পৰা তথ্যৰ সন্মুখীন হ’লে আমাৰ ‘মগজু’টোও বেলেগ ‘মোড’লৈ যাব পাৰে।
প্ৰতিৰোধ বা সমৰ্থনৰ সহাঁৰিৰ লগে লগে, যিসকলে ভুল তথ্য বিয়পোৱা বা আমাৰ বিশ্বাসক আক্ৰমণ কৰা বুলি আমি অনুভৱ কৰো—তেওঁলোকৰ প্ৰতি আমি আক্ৰমণাত্মক বা সংঘাতপূৰ্ণ মনোভাৱেৰে আৱেশিত হৈ পৰিব পাৰো।
কিন্তু আমাৰ মগজুক কেন্দ্ৰ কৰি হোৱা পৰিকল্পিত আক্ৰমণৰ প্ৰতি সহাঁৰি নজনাই আমি যদি জঁপিয়াই (skip) যাব পাৰো আৰু আওকাণ কৰিব পাৰো অথবা নিজৰ দৃঢ় মানসিক স্থানলৈ পিছুৱাই যাব পাৰো—য’ত কেৱলমাত্ৰ নিজৰ বিদ্যমান বিশ্বাসৰ পতাকা উৰি থকা বা তেনে বিশ্বাস নিশ্চিত কৰা মতামত হে শুনিবলৈ পাও—তেনেহ’লে আমি ডিজিটেল আক্ৰমণৰ পৰা সুৰক্ষিত হ’ব পাৰো।
কিন্তু যদি এনে ডিজিটেল আক্ৰমণৰ সৈতে সহাৱস্থান কৰা হয়, নিজকে পক্ষাঘাতগ্ৰস্ত বুলি অনুভৱ হ’ব—যিহেতু ভুল তথ্যৰ প্ৰতি কেনেকৈ সহাঁৰি জনাব লাগে সেই সম্পৰ্কে নিশ্চিত হ’ব নোৱাৰি।

আৰম্ভণিতে উল্লেখ কৰা, আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিব পৰা যন্ত্ৰৰ কাহিনী ‘কাল্পনিক’ যদিও, মগজু ‘হেক’ কৰা তথা ‘ভুল তথ্যৰদ্বাৰা সৃষ্টি হোৱা ভাবুকি’ অতি বাস্তৱ। গতিকে আমাৰ মগজুক লৈ হেতালি খেলাৰ প্ৰতি সচেতন হ’লেহে বিষয়টো বুজি পাব পাৰি আৰু নিজকে সমালোচনাত্মক তথা স্বাধীনভাৱে প্ৰশিক্ষিত হ’বলৈ সুযোগ দি নিজক নিয়ন্ত্ৰণ কৰাৰ লগতে আমাক প্ৰতাৰণা কৰিব বিচৰাসকলৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি।
গতিকে, আৰম্ভণিতে উল্লেখ কৰা ‘কাল্পনিক কাহিনী’টোৰ দৰে কোনো কাহিনী, মিছা আশ্বাস, ঝুমলা, ভুল তথ্যৰ সন্মুখীন হ’লে—যিবোৰ এক শক্তিশালী আৱেগিক সহাঁৰিৰ সৃষ্টি কৰে—তেনে ক্ষেত্ৰত দুখোজ পিছুৱাই যাব লাগে আৰু সমালোচনাত্মকভাৱে বিশ্লেষণ কৰিব লাগে। নিজকে প্ৰশ্ন কৰিব লাগে—এয়া সঁচা নেকি? এনে বাৰ্তাৰ অন্তৰালত কোন আছে আৰু কোন লাভান্বিত হ’ব?
ভুৱা তথ্য, ঝুমলা, কাল্পনিক কাহিনী বাদেই, সংসদৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০১৯ চনলৈ দিয়া মোডী চৰকাৰৰ ১৫০০ আশ্বাস এতিয়াও পূৰণ হোৱা নাই আৰু পূৰ্বৰ চৰকাৰতকৈ এই সংখ্যা (পূৰণ নকৰা আশ্বাস) ৩০০% বৃদ্ধি পাইছে—কিন্তু যি হাৰত নাগৰিকসকলক নৰেন্দ্ৰ মোডীৰ ফটো দেখুওৱা হয় (নাগৰিকৰ ধনেৰেই), অমিত শ্বাহৰ ফটো দেখুওৱা হয়, যি হাৰত ডিজিটেল প্ৰচাৰ চলোৱা হয়—উন্নয়নৰ জোৱাৰ অনা বুলি, যি হাৰত টেলিভিশ্বনৰ পৰ্দাত অহৰহ বন্দনা চলে, বাটে-হাটে-পেট্ৰ’ল পাম্প-ৰেচন কাৰ্ড— কোভিড সম্পৰ্কীয় বাণী—ভেকচিন লোৱা কাৰ্ড ইত্যাদিত যিদৰে ছবি সংলগ্ন কৰা হয়—সেইবোৰেই ‘ব্ৰেইন হেকিং’ আৰু তাৰ ফলত নাগৰিকে পাহৰি যায় যে ২০১৪ চনৰ পৰা ২০১৯ চনলৈ মোডী চৰকাৰে ১৫০০ প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম হোৱা নাই।

এনে পূৰণ নোহোৱা প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত অন্যতম হ’ল—পুলিচৰ জিম্মাত মৃত্যুবৰণ কৰাৰ পৰা আৰম্ভ কৰি বিমুদ্ৰাকৰণৰদ্বাৰা হোৱা অৰ্থনৈতিক দুৰ্যোগৰ পৰা সংবাদ কৰ্মীৰ ওপৰত হোৱা আক্ৰমণ, কলা ধন, স্মাৰ্ট চিটি, মহিলাৰ সংৰক্ষণ, লোকপাল ইত্যাদি! কিন্তু সেইবোৰলৈ নাগৰিকৰ দৃষ্টি নিক্ষেপ নহবৰ বাবে নাগৰিকৰ মগজুক লৈ হেতালি খেলা হয়, সফলো হয়।
যেনে: কৰ’নাকালীন সময়ত কাঁহী, বাতি, ঘন্টা, টিলিঙা, পেঁপা, হুইচেল, ধামা, ড্ৰাম, বাঁহী, গীতাৰ, দোতাৰা আদি বজোৱা দিনটোৰ কথা ভাবক বা সকলোৰে বেংকৰ একাউন্টত ১৫ লাখকৈ টকা ভৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে মোহাচ্ছন্ন কৰি ভোট আহৰণ কৰাৰ কথাই মনত পেলাওক কিম্বা মনমোহন সিঙৰ দিনত পেট্ৰল- ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰা নৰেন্দ্ৰ মোদীৰ কথাই চিন্তা কৰক – এইবোৰো ‘ব্ৰেইন হেকিং‘ নহয় নে?
অসমৰ পৰা বাংলাদেশীক বিতাড়ণ কৰাৰ কথাই ভাবকচোন ( ব্ৰেইন হেকাৰসকলক কোটি কোটি প্ৰণাম)!!
গতিকে নিজৰ ‘মগজুক’ লৈ সাৱধান হওক, নহ’লে বিপদ, ভয়ংকৰ বিপদ!
[ বিভিন্ন লেখাৰ ছাঁ লৈ]
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)