• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, April 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

নিদ্ৰা হৰণকাৰী এজ্মা (asthma) বা হাঁপানী ৰোগ

- ডা:মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)

by Anjan Sarma
June 15, 2021
in Health, Lifestyle, World
Reading Time: 2 mins read
0
woman suffering from her allergy

Photo by cottonbro on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

– ডা:মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য) |

বৰ্তমান ঠাণ্ডাৰ দিন। ঠাণ্ডা বা শীতৰ প্ৰকোপত দেখা দিয়া বিভিন্ন স্বাস্থ্যজনিত সমস্যা সমূহৰ ভিতৰত  কাহ, চৰ্দী, চাইনাচাইটিছ্, এজ্মা ইত্যাদি প্ৰধান। ইয়াৰ উপৰিও ফাগুনৰ পছোৱা বোৱাৰ সময়তো আমাৰ চৌপাশৰ ধুলি বালি, ফুলৰ ৰেণু ইত্যাদি বিভিন্ন এলাৰ্জেনৰ প্ৰভাৱত এজ্মা বা হাঁপানী ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায়েই বৃদ্ধি পোৱা দেখা যায়। ব্ৰংকিয়েল এজ্মা বা হাঁপানী হ’ল হাওঁফাওঁত হোৱা এটা প্ৰদাহযুক্ত ৰোগ য’ত বায়ুনলীবিলাক অৱৰুদ্ধ বা সংকুচিত হৈ উশাহ নিশাহত অসুবিধাৰ সৃষ্টি হয়। ই এটা জীৰ্ণ (chronic) প্ৰদাহযুক্ত বেমাৰ য’ত কাহ, উশাহ নিশাহত বুকুৰ পৰা সো সো শব্দ, উশাহ নিশাহ চুটি চুটি আৰু বুকুখন টান বা আঁটি বন্ধাৰ নিচিনা হৈ যোৱা  লক্ষণ সমূহ মূখ্যতঃ দেখা যায়।

RelatedPosts

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

April 11, 2026
Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

April 9, 2026
The Carbon Footprints of War

The Carbon Footprints of War

April 9, 2026

এলাৰ্জীৰ লগত এই এজ্মা বেমাৰ আৰু অন্য শ্বাস প্ৰশ্বাস জনিত বেমাৰ যেনে- জীৰ্ণ চাইনাচাইটিছ্, মধ্য কানৰ সংক্ৰমণ, নাকৰ পলিপ ইত্যাদিৰ ওতঃপ্ৰোত সম্বন্ধ আছে। বহুতো ক্ষেত্ৰত দেখা যায় যে যিবিলাক লোকৰ এলাৰ্জী আৰু লগতে এজ্মা বেমাৰ থাকে তেনে লোকৰ ৰাতি ভালদৰে টোপনি নহয়, বেমাৰৰ বাবে কৰ্মস্থলীত মাজে মাজে অনুপস্থিত থাকিব লগা হয়। তেনেলোকক অধিক শক্তিশালী ঔষধৰ দৰকাৰ হয়।

এজ্মাৰ সমস্যাটো আমাৰ শৰীৰৰ mast cell আৰু তেজৰ eosinophil আৰু T-lymphocytes নামৰ কোষৰ লগত জড়িত। Mast cell বিলাক হ’ল এলাৰ্জীৰ কাৰক কোষ যিবিলাকে হিষ্টামিন (histamine) নামৰ ৰাসায়নিক পদাৰ্থ ক্ষৰণ কৰে। হিষ্টামিন নামৰ ৰাসায়নিক পদাৰ্থবিধৰ প্ৰভাৱতেই চৰ্দী লগা , hay fever বা চৰ্দী – জ্বৰ, বায়ুনলীবিলাকৰ সংকোচন হৈ এজ্মাৰ সৃষ্টি হয়, লগতে ছালত এলাৰ্জীৰ খজুৱতি হয়। Eosinophil আৰু T-lymphocytes বিলাক হ’ল কিছুমান শ্বেতৰক্ত কণিকা (White blood cells) যিবিলাকে কিছুমান প্ৰটিনজাতীয় ৰাসায়নিক পদাৰ্থ উলিয়াই দি এলাৰ্জীৰ কাৰকবোৰক শৰীৰৰ পৰা বাহিৰ কৰি দিবলৈ বা ধ্বংস কৰিবলৈ চেষ্টা কৰে আৰু ফলস্ৰুতিত আমাৰ শৰীৰত সেই এলাৰ্জীৰ কাৰক বা antigen বোৰৰ বিৰুদ্ধে ভৱিষ্যতৰ বাবে antibody প্ৰস্তুত হয়।

#ব্ৰংকিয়েল এজ্মাৰ কাৰক সমূহ:-

*প্ৰত্যক্ষ বা পৰোক্ষ ধূমপান

*কিছুমান সংক্ৰমণ, যেনে- চৰ্দী, পানীলগা বা নিউমোনিয়া ইত্যাদি।

*কিছুমান বস্তুৰ প্ৰতি থকা এলাৰ্জী, যেন- কিছুমান খাদ্য পদাৰ্থ, ফুলৰ ৰেণু, এলান্ধু, ধূলি বালি, ঘৰচীয়া জন্তুৰ শুকান ছালৰ গুড়ি, পাৰফিউম ইত্যাদি ।

*অত্যধিক ব্যায়াম

*প্ৰদূষিত বাতাবৰণ

*বতৰ বা উষ্ণতাৰ অত্যধিক তাৰতম্যতা

*কিছুমান ঔষধৰ সেৱনৰ ফলত, যেনে – কিছুমান বিষ নিবাৰক ঔষধ (NSAID), হৃদৰোগৰ বাবে ব্যৱহৃত এছপিৰিন, বিটা ব্লকাৰ ইত্যাদি।

*কিছুমান খাদ্যৰ প্ৰতি থকা আসক্তি, যেনে – মন’ছডিয়াম গ্লাইক’নেট যুক্ত খাদ্য (মেগী, চাউমিন ইত্যাদিত Preservative হিচাবে ব্যৱহাৰ কৰা হয়)।

*মানসিক চাপ বা উদ্বেগ

*গান গোৱা, হাঁহি বা ক্ৰণ্ডনৰ ফলত

*পাৰফিউম বা উগ্ৰ গোন্ধযুক্ত প্ৰসাধন সামগ্ৰী

*Acid reflux বা এচিডিটিৰ ফলত হোৱা টেঙা উগাৰ ইত্যাদি।

#ব্ৰংকিয়েল এজ্মাৰ লক্ষণসমূহ – সাধাৰণতে তলত দিয়া যিকোনো লক্ষণ বা লক্ষণসমূহ এজ্মা হোৱা ৰোগীৰ ক্ষেত্ৰত দেখা যায় –

*উশাহ চুটি চুটি হোৱা

*বুকু আঁটি মাৰি ধৰা বা টান হৈ যোৱা

*উশাহৰ সময়ত হাওঁফাওঁৰ পৰা সো সো শব্দ হোৱা

*অত্যধিক কাহ, বিশেষকৈ ৰাতিৰ ভাগত যাৰ ফলত ৰোগী শুৱ নোৱাৰে।

#ব্ৰংকিয়েল এজ্মাৰ প্ৰকাৰ :- সাধাৰণতে দুই ধৰণৰ এজ্মা দেখা যায়। যেনে-

*এলাৰ্জীযুক্ত বা বহিৰাগত কাৰকৰ প্ৰভাৱত হোৱা এজ্মা (allergic or extrinsic asthma): এইবিধ এজ্মাৰ বৈশিষ্ট্য হ’ল ধূলি বালি, ফুলৰ ৰেণু, ঘৰচীয়া জন্তুৰ শুকান ছালৰ গুড়ি ইত্যাদিৰ প্ৰভাৱত ইয়াৰ প্ৰকোপ বেছি হয়। সাধাৰণতে সৰু ল’ৰা ছোৱালীৰ ক্ষেত্ৰত এইবিধ এজ্মা বেছিকৈ দেখা যায়।

*বিনা এলাৰ্জীযুক্ত বা আভ্যন্তৰীণ কাৰকৰ প্ৰভাৱত হোৱা এজ্মা (non allergic or intrinsic asthma): এইবিধ এজ্মা এলাৰ্জীৰ লগত জড়িত নহয়। সাধাৰণতে অত্যধিক মানসিক চাপ বা উদ্বেগ, ব্যায়াম, ঠাণ্ডা বতাহ, শ্বাসতন্ত্ৰৰ ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণ, ধোঁৱা ইত্যাদিৰ প্ৰভাৱত এইবিধ এজ্মা ৰোগ হোৱা দেখা যায়।

*ব্যায়ামৰ প্ৰভাৱত হোৱা এজ্মা :- ব্যায়াম কৰাৰ ফলত বা শাৰিৰীক পৰিশ্ৰমৰ প্ৰভাৱত এনেধৰণৰ এজ্মা হোৱা দেখা যায়। সাধাৰণতে ব্যায়াম কৰাৰ ৫-২০ মিনিটৰ পিছত এনেধৰণৰ এজ্মা আৰম্ভ হয় আৰু উশাহ নিশাহত কষ্ট হয়।

*ভিন্ন প্ৰকাৰৰ কাহৰ পৰা হোৱা এজমা:- এনেকুৱা এজ্মাত কেৱল কাহেই মূখ্য লক্ষণ হিচাপে দেখা দিয়ে ।সাধাৰণতে নাক ৰন্ধ্ৰত হোৱা সংক্ৰমণ, পুৰণি চৰ্দী, চাইনাচাইটিছ্, এচিদ ৰিফ্লাক্স বা এচিডিটিৰ ফলত হোৱা টেঙা উগাৰ ইত্যাদিৰ প্ৰভাৱত এনেধৰণৰ এজ্মা হোৱা দেখা যায়।

*বৃত্তি বা জিৱিকা সম্পৰ্কীয় এজ্মা :- এনেধৰণৰ এজ্মা মানুহজনৰ কৰ্মক্ষেত্ৰৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে ঘৰচীয়া পশু পালক, কেশবিন্যাসকৰ্তা (hair dresser), কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, খেতিয়ক, ৰং মিস্ত্ৰী ইত্যাদি মানুহৰ ক্ষেত্ৰত এনেধৰণৰ এজ্মা হোৱা দেখা যায়।

*নিশাৰ ভাগত হোৱা এজ্মা :- (nocturnal asthma) সচৰাচৰ দেখা পোৱা এজ্মাৰ ভিতৰত ই প্ৰধান। এজ্মা থকা ৰোগীৰ সাধাৰণতে  শেষ ৰাতি বা একেবাৰে ৰাতিপুৱাৰ ভাগত এজ্মাৰ প্ৰকোপ বৃদ্ধি হোৱা পৰিলক্ষিত হয়। ইয়াৰ মূখ্য কাৰণ হ’ল ৰাতিৰ ভাগত আমাৰ হাওঁফাওঁৰ কাৰ্য্যক্ষমতা কিছু পৰিমাণে কমি যায় আৰু হাওঁফাওঁৰ পৰা প্ৰদাহ বিৰোধী (Anti Inflammatory) পদাৰ্থৰ ক্ষৰণ এই সময়ছোৱাত বৃদ্ধি পায় আৰু এইটো নিয়ন্ত্ৰিত হয় আমাৰ শৰীৰত ২৪ ঘণ্টাই চলি থকা জৈৱিক ঘড়ী (circadian rhythm) ৰ দ্বাৰা। সাধাৰণতে এই শেষ নিশা বা একেবাৰে ৰাতিপুৱাৰ সময়ছোৱাতেই এজ্মাৰ বাবে হোৱা সৰস সংখ্যক ৰোগীৰ মৃত্যু ঘটে।

#এজ্মা ৰোগ কেনেকৈ চিনাক্ত কৰিব: সাধাৰণতে লক্ষণ বিলাকৰ ওপৰত ভিত্তি কৰি এজ্মা ৰোগ চিনাক্ত কৰা হয় যদিও কিছুমান পৰীক্ষাৰো দৰকাৰ হয়। যেনে-

*স্পাইৰমেট্ৰি :- এইটো এটা হাওঁফাওঁৰ কাৰ্য্যক্ষমতা নিৰুপন কৰা পৰীক্ষা য’ত স্পাইৰমিটাৰ (spirometer) নামৰ যন্ত্ৰৰ সহায়ত মানুহজনে উশাহ নিশাহ কেনেদৰে লৈছে পৰীক্ষা কৰা হয়।

*Peak Expiratory test:- Peak flow meter নামৰ এটা যন্ত্ৰত জোৰেৰে ৰোগীজনৰ নিশাহটো এৰি দিবলৈ দি পৰীক্ষা কৰা হয় কিমান জোৰেৰে মানুহজনে নিশাহত বায়ু এৰি দিছে।

*বুকুৰ x-ray :- অন্য কোনো বেমাৰৰ বাবে এজ্মাৰ নিচিনা লক্ষণ দেখা দিছে নেকি পৰীক্ষা কৰিবলৈ বুকুৰ x-ray কৰিবলৈ দিয়া হয়।

*ইয়াৰ উপৰিও এলাৰ্জী জনিত এজ্মাৰ বাবে তেজৰ ইঅ’চিনোফিল, IgE পৰীক্ষা কৰা হয়।

#চিকিৎসা :- আধুনিক চিকিৎসা বিজ্ঞানত ব্ৰংকিয়েল এজ্মাৰ চিকিৎসাত এণ্টি-হিষ্টামিনিক, মিউকোলাইটিক, ষ্টেৰইড, ব্ৰংকডায়েলটৰ, নাকেৰে শুঙা ইনহেলাৰ ইত্যাদিৰ প্ৰয়োগ কৰা হয়। কিন্তু এই ঔষধ সমূহৰ বহুতো পাৰ্শ্চক্ৰিয়া থাকে।

#আয়ুৰ্বেদিক দৃষ্টভংগী :- আয়ুৰ্বেদত ব্ৰংকিয়েল এজ্মাক তমক শ্বাসৰ লগত তুলনা কৰা হৈছে। আয়ুৰ্বেদ শাস্ত্ৰত এই ৰোগৰ কাৰণ সম্পৰ্কে অতি সুন্দৰ ভাবে বৰ্ণনা কৰা হৈছে।

” रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात्।

व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात्”

আয়ুৰ্বেদতো কোৱা হৈছে যে ধূলি, বালি, ধোঁৱা, বতাহৰ সংস্পৰ্শত, ঠাণ্ডা বাতাবৰণত বসবাস বা ঠাণ্ডা খাদ্য পদাৰ্থ সেৱন, নিজৰ শাৰীৰিক ক্ষমতাতকৈ অধিক ব্যায়াম, সদায় অত্যধিক চৰ্বীজাতীয় খাদ্য সেৱনৰ অভ্যাস , দৰকাৰতকৈ কম বা অত্যধিক খাদ্য সেৱন, খাদ্য খোৱাৰ সময়তকৈ আগত বা অতি দেৰিকৈ খাদ্য সেৱন, আম (হজম নহোৱা খাদ্য) দোষৰ প্ৰকোপত, কোষ্ঠকাঠিন্যতাৰ লগতে পেটত গেছ উৎপন্ন হ’লে, অত্যধিক উপবাসে থকা, শৰীৰৰ গুৰুত্বপূৰ্ণ প্ৰধান অংগসমূহৰ দুৰ্বলতা বা আঘাত, বিৰুদ্ধ আহাৰ সেৱন, মাটি দাইল, দৈ ইত্যাদি কফকাৰক আহাৰৰ অধিক সেৱন ইত্যাদি কাৰণত শ্বাসৰোগৰ সৃষ্টি হয়।

* আয়ুৰ্বেদ মতে তমক শ্বাসৰ লক্ষণ সমূহ :- আয়ুৰ্বেদত অতি সুন্দৰ ভাবে তমক শ্বাসৰ লক্ষণসমূহ বৰ্ণনা কৰা হৈছে যিবিলাক দেখিলে অন্য কোনো পৰীক্ষাৰ দৰকাৰ নহয়।

” करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा।

अतीव तीव्रवेगं च श्वांस प्राणप्रपीडकम्।। ”

হাওঁফাওঁৰ পৰা সো সো শব্দ হয়, উশাহ নিশাহত প্ৰচণ্ড অসুবিধাৰ সৃষ্টি হয়, মাংসপেশীৰ সংকোচনৰ ফলত মানুহজনে খুব কঁপিব পাৰে আৰু কাহ হব পাৰে, মূৰ্ছা যাব পাৰে, যেতিয়ালৈকে মানুহজনৰ বুকুৰ পৰা কফ বা খেকাৰ ওলাই নাহে তেতিয়ালৈকে মানুহজনে আৰাম নাপায় আৰু খেকাৰ ওলাই যোৱাৰ পিছতহে অলপ আৰাম পায়, ৰোগীজনে চিৎ হৈ শুৱ নোৱাৰে আৰু বহি থাকিব পালে আৰাম পায়, গৰম খাদ্য খাব বিচাৰে, কপালত ঘাম ওলাব পাৰে আৰু অধৈৰ্য হব পাৰে, বাৰে বাৰে মুখৰ ভিতৰফাল শুকাই যায়, সঘনাই উশাহ নিশাহত কষ্ট অনুভৱ কৰে, সাধাৰণতে মেঘাচ্ছন্ন বতৰ, আদ্ৰ পৰিবেশত, ঠাণ্ডা বতাহৰ সংস্পৰ্শত ইয়াৰ প্ৰকোপ বেছি হয়।

#আয়ুৰ্বেদিক চিকিৎসা :- আয়ুৰ্বেদিক চিকিৎসাত  ৰোগটোৰ তিনিটা দিশৰ ওপৰত ধ্যান দিয়া হয়, যেনে-বেমাৰটোৰ প্ৰতিৰোধী দিশ, নিয়ন্ত্ৰণ মূলক দিশ আৰু নিৰাময় মূলক দিশ এই তিনিধৰণৰ চিকিৎসাৰ পৰামৰ্শ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত দিয়া হয়। বেমাৰৰ প্ৰতিৰোধী চিকিৎসা হিচাবে ধূলি, বালি, পাৰফিউম, ঠাণ্ডা বাতাবৰণৰ পৰা আতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয়। লগতে ঋতু পৰিৱৰ্তনৰ সময়ছোৱাত বিষেশ সাৱধানতা অৱলম্বন কৰা উচিত। নিয়ন্ত্ৰণ মূলক চিকিৎসাৰ লক্ষ্য হ’ল শ্বাসনলী বা হাওঁফাওঁত জমা হৈ থকা কফ গলাই  পেলোৱা আৰু তাক বাহিৰ কৰি দিয়া । ইয়াৰ বাবে তলৰ ঔষধী সমূহ ব্যৱহাৰ কৰা হয়। যেনে- মুলেথি চূৰ্ণ – ই mucolytic হিচাপে কাম কৰে অৰ্থাৎ ই ভিতৰত জমা হৈ থকা কাহ বা খেকাৰক গলাই দিয়ে । তংকন ভস্ম – ই expectorant হিচাপে কাম কৰে আৰু হাওঁফাওঁৰ পৰা কফ উলিয়াই আনে। স্ফটিকা ভস্ম – ইও হাওঁফাওঁৰ ভিতৰত জমা হৈ থকা কফ উলিয়াই অনাত সহায় কৰে। লগতে নিউমোনিয়া ইত্যাদি সংক্ৰমণ প্ৰতিহত কৰাত স্ফটিকা ভস্মৰ নিচিনা দ্বিতীয় এবিধ ঔষধ পোৱা কঠিন। ইয়াৰ উপৰিও বাসা, কণ্টকাৰী ইত্যাদি ঔষধৰো প্ৰয়োগ কৰা হয় যিয়ে শ্বালনলী প্ৰসাৰক (bronchodilator) হিচাপে কাম কৰি উশাহ নিশাহত হোৱা কষ্ট কমাই দিয়ে।

নিয়ন্ত্ৰণ মূলক চিকিৎসা হিচাবে হৰিদ্ৰা আৰু ত্ৰিকটু চূৰ্ণ সেৱনৰ পৰামৰ্শ দিয়া হয় ।এগিলাচ গৰম গাখীৰত আধা চামুচ হালধী মিহলাই ৰাতি শুৱাৰ সময়ত খাব লাগে লগতে ত্ৰিকটু চূৰ্ণ এচামুচকৈ দিনত দুবাৰ ভাত খোৱাৰ পিছত মৌৰ লগত মিহলাই খাবলৈ দিয়া হয়। যদি মানুহ এজনে নিয়মিত ভাবে ত্ৰিকটু চূৰ্ণ তিনি চাৰিমাহ সেৱন কৰে আৰু ধূলি, বালি, ধোঁৱা ইত্যাদি প্ৰদূষিত বাতাবৰণৰ পৰা নিজকে আতৰাই ৰাখিব পাৰে তেন্তে তেনে মানুহৰ এলাৰ্জী হোৱাৰ সম্ভাৱনা একেবাৰে কমি যায়। ইয়াৰ উপৰিও ৰোগী বিশেষে শীতোপলাদি চূৰ্ণ, তালিসাদি চূৰ্ণ, শ্বাস-কাস চিন্তামনি ৰস, কনকাসৱ, বাসকাৰিষ্ট, ব্ৰিসল চিৰাপ,  চেপ্টিলিন ইত্যাদি ঔষধৰ প্ৰয়োগ কৰিব পৰা যায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: এজ্মাব্ৰংকিয়েল এজ্মা
Anjan Sarma

Anjan Sarma

Related Posts

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation
News

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

by Editor
April 11, 2026
0

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation Hanna Bielik...

Read moreDetails
Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

April 9, 2026
The Carbon Footprints of War

The Carbon Footprints of War

April 9, 2026
The Hidden Climate Cost of War: How Military Emissions Are Fuelling Global Warming Without Accountability

The Hidden Climate Cost of War: How Military Emissions Are Fuelling Global Warming Without Accountability

April 8, 2026
Trump Warns “A Whole Civilization Will Die Tonight” as Iran Deadline Expires

Trump Warns “A Whole Civilization Will Die Tonight” as Iran Deadline Expires

April 7, 2026
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

April 7, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

April 11, 2026
Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

April 11, 2026
Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    29956 shares
    Share 11982 Tweet 7489
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12394 shares
    Share 4958 Tweet 3099
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    227 shares
    Share 91 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    133 shares
    Share 53 Tweet 33
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4260 shares
    Share 1704 Tweet 1065
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3596 shares
    Share 1438 Tweet 899
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    838 shares
    Share 335 Tweet 210
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    915 shares
    Share 366 Tweet 229
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    80 shares
    Share 32 Tweet 20
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d