আত্মহত্যা
• অৰবিন্দ ৰাভা
২০১৮ চনৰ পৰা ২০২০ চনলৈ তিনিটা বছৰত আৰ্থিক অসঙ্গতিৰ বাবে ২৫০০০ জনৰো অধিকে ভাৰতত আত্মহত্যা কৰিছে বুলি যোৱাকালি বুধবাৰে ভাৰতৰ সংসদত চৰকাৰীভাৱে তথ্য প্ৰকাশ কৰা হয় আৰু এই তথ্য প্ৰকাশ হোৱাৰ পিছতেই মোডী চৰকাৰৰ ব্যৰ্থতাক লৈ চৌদিশে সমালোচনা আৰম্ভ হৈছে।
বিগত কেইবছৰমান ধৰি ভাৰতৰ অৰ্থনীতিৰ চকা পিছফালে চলি আছে। নিবনুৱা সমস্যা হু হু কৈ বৃদ্ধি পাইছে। ঋণৰ নাগপাশে মানুহক মেৰিয়াই অৱশ কৰি পেলাইছে। মোডীৰ বিমুদ্ৰাকৰণ, জাপি দিয়া বিসংগতি পূৰ্ণ জি-এছ-টি, মহম্মদ বিন তোগলকৰ দৰে হঠাৎ ঘোষণা কৰা লকডাউনৰ ভয়ংকৰ প্ৰতিক্ৰিয়া ইত্যাদিৰ বিৰুদ্ধে বিৰোধী দলবোৰে কৈ আহিছিল আৰু এতিয়া সেই কথাবোৰক সত্য বুলি মানি লৈ চিল-মোহৰ লগাবলৈ মোডী চৰকাৰ বাধ্য হ’ল।
নিবনুৱা সমস্যাই সৰ্বকালৰ ৰেকৰ্ড স্থাপন কৰিছে, মুদ্ৰাস্ফিতীয়ে জোলোকা জোলোকে পানী খুৱাইছে, পেট্ৰ’ল ডিজেল ঘৰুৱা চিলিন্ডাৰ আদিৰ মূল্য আকাশলংঘী হৈ পৰিছে, ইয়াৰ লগে লগে বাঢ়িছে ঋণৰ বোজা। এইবোৰৰ সৈতে টিকিব নোৱাৰি ২৫২৫১ জন মানুহে চৰম পন্হা অৱলম্বন কৰিবলৈ বাধ্য হৈছে। ২০২০ চনত এই হিচাব সৰ্বাধিক হৈছে, ৮৭৬১ জন! ইয়াৰে ৩৫৪৮ জনে চাকৰি হেৰুওৱা বাবে আত্মহত্যা কৰিছে। ভাৰতৰ সংসদত এক লিখিত প্ৰশ্নৰ উত্তৰ দি এই কথা সদৰি কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰাই-এ। নিবনুৱা সমস্যাৰ বাবে ২০১৮ চনত ৪৯৭০ জনে, ২০১৯ চনত ২৮৫১ জনে আৰু ২০২০ চনত ৩৫৪৮ জনে আত্মহত্যা কৰে; দেউলীয়া হৈ বা ঋণৰ বোজাত আত্মহত্যা কৰে সেই তিনিটা বছৰত যথাক্ৰমে ৪৯৭০, ৫৯০৮ আৰু ৫২১৩ জনে!