• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, January 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

নিমখ

-ডাঃ অনুপ বৈশ্য

by Anjan Sarma
June 26, 2021
in Health, Lifestyle, Special Report
Reading Time: 4 mins read
0
নিমখ
Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ অনুপ বৈশ্য |

কবি নীলিম কুমাৰে লিখা “নিমখ”নামৰ কবিতাটি পঢ়িছেনে?কবিয়ে আমাৰ জীৱনৰ ওপৰত নিমখৰ প্ৰভাৱ  কাব্যিক দৃষ্টিভংগীত সুন্দৰভাৱে আলোকপাত কৰিছে।সম্পূৰ্ণ মনত নাই যদিও সাৰমৰ্ম হ’ল এনেধৰণৰ—

RelatedPosts

Perks of Leaving Your Hometown Behind

Perks of Leaving Your Hometown Behind

January 19, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026

      নিমখ আমি আটায়ে ভাল পাওঁ।আমাৰ শৰীৰৰ পৰা ওলোৱা ৰস সমূহত নিমখ থাকে,সুখৰ চকুলোতো নিমখ,দুখৰ চকুলোতো নিমখ,নিমখ মানেই দুখ,ৰক্তত নিমখ,হৃদয়তো নিমখ-সেয়েহে হৃদৰোগীক নিমখ খাব মানা কৰে ।শিশুৱে নিমখ নাখায়,সেয়ে শিশুৰ দূখো নাই,।লাহে লাহে ডাঙৰ হৈ নিমখ ভাল পোৱা হয় দূখো আকোৱালি লয়—ইত্যাদি ইত্যাদি(কবি নীলিম কুমাৰ ডাঙৰীয়াই ক্ষমা কৰি দিব কবিতাটি সঠিক ভাবে উপস্থাপন নকৰা বাবে)

          এতিয়া আহিছো মূল প্ৰসঙ্গলৈ।ওপৰোক্ত কাবিতাটিৰ প্ৰসংগ দাঙি ধৰাৰ মূল কাৰণটোৱেই হৈছে নিমখ আমাৰ শৰীৰৰ এক অতি দৰকাৰী উপাদান। দেহৰ কোষে কোষে নিমখৰ প্ৰয়োজন আছে।

         আমি খোৱা খাদ্য ছয় বিধ ৰসৰ সমষ্টি-মিঠা,টেঙা,নিমখীয়া, জ্বলা, তিতা,আৰু কেহা।যিকোনো খাদ্যত কম বেছি পৰিমানে একল ভাবে বা যুগ্ম ভাৱে এই ৰস বোৰ পোৱা যায়।

নিমখ মানেনো কি?

————————–

নিমখ হৈছে এবিধ যৌগ যাক sodium chloride বুলি কোৱা হয়।য’ত sodium আৰু chlorine নামৰ দুবিধ মৌল থাকে।পানীত মিহলি কৰিলে এই দুয়োটা মৌল পৃঠক পৃথক হৈ পৰে।

  শৰীৰত ইয়াৰ প্ৰয়োজন

————————————–

আমাৰ শৰীৰটো এক বৈদ্যুতিক যন্ত্ৰৰ দৰে।শৰীৰৰ সম্পুৰ্ণ কৰ্ম কেতবোৰ ion ৰ ওপৰত নিৰ্ভৰশীল।ইয়াৰে কেতবোৰ ion ঋণাত্মক গুণৰ আৰু আন কেতবোৰ যোগাত্মক গুণৰ।শৰীৰৰ কোষবোৰ ক্রিয়াশীল হবলৈ এই ion সমূহৰ কোষ সমূহৰ ভিতৰৰ পৰা বাহিৰলৈ আৰু বাহিৰৰ পৰা ভিতৰলৈ অহা যোৱা কৰা দৰকাৰ।এটি ঋণাত্মক ion কোষবোৰৰ ভিতৰলৈ গলে এটি যোগাত্মক ion বাহিৰলৈ ওলাই যায়।এনেদৰেই আমাৰ শৰীৰৰ আটাইবোৰ কোষ সক্ৰিয় হৈ থাকে।এই ion সমূহ মূলতঃ হ’ল চডিয়াম,পটাছিয়াম, কেলচিয়াম,আৰু ক্লৰিন।চডিয়ামে আমাৰ কোষবোৰৰ মাজত  থকা জলীয় অংশ যাক  extra cellular fluid বুলি কোৱা হয় সেই জলীয় অংশৰ সঠিক পৰিমাণত বজাই ৰাখিবৰ কাৰণে সহায় কৰে।সহজ সৰল ভাষাত কবলৈ গলে -আমাৰ শৰীৰৰ সম্পূৰ্ণ জালিয়াংশ এই চডিয়াম অৰ্থাৎ নিমখৰ ওপৰত নিৰ্ভৰশীল।ইয়াৰ অভাৱত শৰীৰৰত জলীয়াংশ কমি যাব আৰু অত্যাধিক হলে শৰীৰত জলিয়াংশৰ বৃদ্ধি হব।নিমখত থকা আনবিধ মৌল ক্লৰিন আমাৰ পাকস্থলীৰ পৰা নিঃশৰীত হোৱা অম্লৰস(hydrochloric acid) কাৰণে দৰকাৰ।ইয়াৰোপৰি শৰীৰৰ জলীয়াংশৰ সন্তুলন বজাই ৰখাতো ক্লৰিনে সহায় কৰে।

অত্যাধিক নিমখ খালে কি হব পাৰে?

*******************************

১)শৰীৰটো ফুলিব পাৰে।

২)উচ্চ ৰক্তচাপ থকা ৰোগীৰ ৰক্তচাপ বাঢ়িব পাৰে।

৩)শকত হব পাৰে।

৪)শৰীৰৰ কেলচিয়ামৰ পৰিমাণ কমি যায়।যাৰ ফলত হাড়ৰ বিষ লগতে হাড়বোৰ ঠুনুকা হব পাৰে।

৫)পাকস্থলীৰ কেন্সাৰ ৰোগ হব পাৰে।

নিমখ কম খালে কি হব?

**********************

১)শৰীৰৰ ৰক্তচাপ কমি যাব।

২)কোষ বোৰ নিষ্ক্ৰিয় হব।

৩)শৰীৰৰ মাংসপেশী বোৰ টান হৈ পৰিব যাৰ ফলত       ৰোগীয়ে লৰচৰ কৰিব নোৱাৰা হব।

৪)শৰীৰৰ জলীয়াংশ কমি যোৱাৰ ফলত

     dehydration ৰোগৰ চিকাৰ হব পাৰে।

৫)কথা কোৱাৰ অসুবিধা হব বা কলেও অতি লাহে

    লাহে কব লগীয়া হয়।

৬) মস্তিষ্কৰ সন্তুলন হেৰাই যাব পাৰে।

নিতৌ কিমান নিমখ খাব লাগে?

***************************

     সাধাৰণতে কোনো ৰোগ নাথাকিলে নিতৌ ৬ গ্ৰামকৈ চডিয়াম খাব লাগে।আমাৰ শৰীৰৰ প্ৰতি লিটাৰ ঘামত  ০.৫-১.৯গ্ৰাম চডিয়াম থাকে।সেয়েহে ঘাম বেছিকৈ ওলালে নিমখ বেছিকৈ খাব লগীয়া হয়।তাৰোপৰি ৰোগীয়ে যদি ডায়েৰীয়া ৰোগত ভোগে তেনেহলেও নিমখ বেছিকৈ খাব লাগে।

আমি কেনেকৈ ৬ গ্ৰাম চডিয়াম নিৰ্বাচন কৰিম?

****************************************

      আমি চাহ খোৱা চামুচৰ এক চামুচ ত ২৩০০ মিলিগ্ৰাম চডিয়াম থাকে।সেয়েহে খানা বানাওতে ঘৰত কিমান চামুচ নিমখ ব্যৱহাৰ হয় ,তাৰ সৰ্বমুঠক ঘৰৰ সদস্য সকলেৰে হৰণ কৰিলে গাইপতি কিমান চ’ডিয়াম দিনটোত খোৱা হয় ওলাই যাব।ইয়াৰোপৰি আমি খোৱা বিস্কুট,soya sauce, tomato sauce, চিপছ, কুৰ কুৰে,,ready food, টিনৰ টেমাত সংৰক্ষিত খাদ্য ,আচাৰ ইত্যাদিত অত্যাধিক মাত্ৰাত চডিয়াম থাকে।সেয়েহে এনেবোৰ খাদ্য খাওঁতে খাদ্যৰ পেকেটত লাগি থকা ফুড value ৰ তালিখন চালেই আপুনি  কিমান চডিয়াম খালে গম পাই যাব।আপুনি জানেনে নিমখৰ সোৱাদ নথকা ব্ৰেডতো বহুত পৰিমানে নিমখ থাকে।

 শৰীৰত থকা চডিয়ামৰ পৰিমাণ গম পাব পাৰি নে?

********************************************

  হয়।ৰক্তৰ পৰীক্ষাৰ দ্বাৰা চডিয়ামৰ পৰিমাণ জুখিব পাৰি।তেজত ইয়াৰ পৰিমাণ ১৩৫-১৪৯m. eq/লিটাৰ থাকে।

চিকিৎসক সকলে প্ৰয়োজনত ইয়াক পৰীক্ষা কৰায়।

আত্ম কথা

***********

১)আজিৰ পৰা ওঠৰ বছৰ আগৰ কথা।মই তেতিয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে বেনাৰস হিন্দু ইউনিভাৰ্চিটি ত পঢ়ি আছো।আমাৰ চিকিৎসালয়ৰে নাৰ্ছ এগৰাকীৰ একমাত্ৰ পুত্ৰ অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।সকলো পৰীক্ষাৰ অন্তত গম পোৱা গল যে ৰোগীজনৰ চডিয়াম অত্যাধিক কমি গৈছে।মই প্ৰথম বৰ্ষৰ ছাত্র।মোৰ ওপৰত কেইবাজনো চিনিয়ৰ ছাত্র লগতে senior resident আছে।ৰোগীৰ ভয়ংকৰ অৱস্থা দেখি মোৰ senior resident চিকিৎসক জনে sodium chloride injection কেইটামান দিলে।পৰীক্ষা কৰিলোঁ তেজত চডিয়াম সঠিক মাত্ৰাত পোৱা গল যদিও পিছ মুহূৰ্ততে ৰোগীজনে চটফটাব ধৰিলে।লগে  লগেই নাৰ্ভৰ আৰু কিডনী ৰোগৰ বিশেষজ্ঞ সকলক মাটি অনা হল আৰু তেওলোকে মন্তব্য কৰিলে যে ৰোগীজনে ২ঘণ্টাৰ ভিৰতত ঢুকাব।কথা মতেই ৰোগীজন ঢুকাই থাকিল।মনত বৰ দুখ পালো।আমাৰ কি ভুল হল?এই প্ৰশ্নই খুলি খুলি খাব ধৰিলে।পিছ দিনাখন মই মাতি অনা চিকিৎসক দুজখন লগ  কৰিলো লগতে সুধিলো ৰোগীজন কিয় ঢুকাই থাকিল।তেওঁলোকে কলে আপোনালোকে কম সময়তে বহুত sodium chloride injection দিলে যাৰ ফলত ব্ৰেইনৰ নাৰ্ভৰ ওপৰ অংশ( যাক meyelin sheath বুলি কোৱা হয় ) সমূহ নষ্ট হৈ গৈছিল বাবেই ৰোগীজন ঢুকাই থাকিল।

        ভাবি চাওক নিমখে কি কি নকৰিব পাৰে!!

২)আজি কেইবছৰমান আগৰ কথা।চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়লৈ এগৰাকী প্ৰায় অচেতন ৰোগী লৈ আহে।ৰোগী দুখীয়া লগতে অন্য চিকিৎসালয়লৈ নাযাও বুলি কোৱাত ভৰ্ত্তি  কৰাই দিও।তেজ পৰীক্ষা কৰি গম পালো যে তেওঁৰ চডিয়াম বহুত কমি গৈছে।চিকিৎসা আৰম্ভ কৰিলো, চডিয়াম দিলোঁ।পিছদিনাখন ৰোগীজন সম্পূৰ্ণ সুস্থ হৈ উঠিল।ৰোগীৰ অভিভাৱক আচৰিত হৈ গল কেনেকৈ এদিনতে ৰোগীজন ভাল হৈ গল।

      এনেকুৱা বহুত সচা কাহিনী আছে নিমখ সংক্ৰান্তত।মনলৈ অহা বাবেই  নিমখৰ অভাৱত কি কি হব পাৰে বুজাবলৈ এই দুয়োটা ঘটনাই উল্লেখ কৰিলোঁ।

                                                পৰিসংহাৰ এটি কবিতাৰে

                                                *******************

                                                            শিশু কবিতা

                                                            *********

(মনলৈ অহা কথা খিনি কবিতা আকৃতিত লিখিবলৈ যাওতে  কবিতাটো এটি শিশুৱে লিখা যেন হল বাবেই নাম দিলো শিশু কবিতা)

         নিমখ,নিমখ,নিমখ

         আমি খাও নিমখ।

         জিভাকো লাগে নিমখ

         তেজকো লাগে নিমখ।

          নিমখে কৰে সুস্থ

          কম খালে কৰে দুষ্ট

          শৰীৰ হয় অসুস্থ

           মস্তিস্ক হয় ক্লান্ত

           কোষবোৰ হয় শান্ত,

           মাংশপেশীও হয় ক্লান্ত।

           বিস্কুট খাও,চিপছ খাওঁ

           আৰু খাও আচাৰ

           শৰীৰত গৈ কৰে ই ব্যভিচাৰ।

           নিমখ নিমখ নিমখ

           কম খালেও বিপদ

           বেছি খালেও বিপদ

           বেছি খাম ফুলি যাম

           হৃদয় পৰিব ওফন্দী

           প্ৰেচাৰে কৰিব আমনি

           শৰীৰ যাব ফুলি

            হাড় বোৰো যাব ভাঙি।

            হব অথন্তৰ

            হৈ পৰিম স্থূলন্তৰ

            নিমখ নিমখ নিমখ

            আমি খাওঁ নিমখ——-

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: নিমখ
Anjan Sarma

Anjan Sarma

Related Posts

Perks of Leaving Your Hometown Behind
Lifestyle

Perks of Leaving Your Hometown Behind

by RODALI BARUAH
January 19, 2026
0

Perks of Leaving Your Hometown Behind RODALI BARUAH Moving away from home, to a new city has almost always been...

Read moreDetails
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

January 15, 2026
শৈশৱ আৰু মানসিক আঘাত!

শৈশৱ আৰু মানসিক আঘাত!

January 15, 2026
Is Climate Change Slowly Poisoning Our Brains and Fuelling Dementia?

Is Climate Change Slowly Poisoning Our Brains and Fuelling Dementia?

January 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026
Perks of Leaving Your Hometown Behind

Perks of Leaving Your Hometown Behind

January 19, 2026
ভোগালীৰ পৰিবর্তিত ৰূপ : অসমীয়াৰ অগ্রগতি ?

Magh Bihu: Where Assam Cooks Its Memory, Gratitude, and Togetherness

January 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d