–দিলীপ দৈমাৰী
অৱশেষত গণহত্যাৰ স্মৰণাৰ্থে নিৰ্মিত টিয়েনমেন স্কোৱেৰৰ ২৬ ফুট উচ্চতাৰ ‘পিলাৰ অব শ্বেম’ক যোৱা ২২ ডিচেম্বৰ, ২০২১ তাৰিখ বুধবাৰে সন্তৰ্পণে আৰু অতি গোপনে হংকং বিশ্ববিদ্যালয়ৰ পৰা আতৰাই পেলোৱা হ’ল। ১৯৮৯ চনত গণতন্ত্ৰকামী বিক্ষোভকাৰী সকলৰ ওপৰত টিয়েনমেন স্কোৱেৰত নিৰ্বিচাৰে গণহত্যা চলাইছিল সেইসময়ৰ চীনৰ কমিউনিষ্ট চৰকাৰে। ৪ জুনত সংঘটিত হোৱা সেই গণহত্যাৰ ফলত কিমানজনৰ মৃত্যু হৈছিল তাৰ হিচাব আজিও প্ৰকাশ হোৱা নাই। পৰৱৰ্তীকালত সেই গণহত্যা যাতে ভৱিষ্যতৰ প্ৰজন্মই গম পায়, সেই উদ্দেশ্যে ডেনমাৰ্কত জেমচ্ গ্যালচোইট-এ ২৬ ফুট উচ্চতাৰ এই ব্ৰঞ্জৰ মূৰ্তি তৈয়াৰ কৰিছিল। যোৱা ২২ বছৰ ধৰি সেই মূৰ্তি বিশ্ববিদ্যালয়ৰ প্ৰৱেশপথত বেৰিকেড দি স্থাপন কৰা আছিল।
‘পিলাৰ অফ শ্বেম’ক যে আতৰাই নিয়া হ’ব, তেনে এক বাৰ্তা বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছিল আৰু তাকে লৈ বিতৰ্কৰ মুখত পৰিছিল বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ। কিন্তু সেই বিতৰ্কক নস্যাৎ কৰি নিশাৰ অন্ধকাৰত অতি গোপনে মূৰ্তিটোক ভাগে ভাগে কাটি আতৰাই নিয়া হয়। পিচে মূৰ্তিটোৰ তলত থকা স্তম্ভৰ অংশ ভাঙিবলৈ ধৰাৰ সময়ত প্ৰচন্ড শব্দ হয় আৰু বিশ্ববিদ্যালয়ৰ ওচৰে পাজৰে থকা ঘৰবোৰৰ পৰা সংবাদ মাধ্যমক খবৰ দিয়া হয়। কিন্তু সাংবাদিক অহাৰ পথ আগতেই বন্ধ কৰি থোৱা হৈছিল। প্ৰত্যক্ষদৰ্শীৰ মতে ঐতিহাসিক সেই মূৰ্তিটো ভাঙি ক’লা প্লাষ্টিকেৰে মেৰিয়াই থোৱা হৈছিল যদিও স্তম্ভটো ভঙাৰ সময়ত যে সমস্যা হ’ব – সেই সম্পৰ্কে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ আৰু প্ৰশাসনৰ ধাৰণা নাছিল। সেইবাবেই সংবাদ মাধ্যমৰ লোকক বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ বহু আগতেই অৱৰোধ কৰা হয় আৰু এতিয়াও কোনো সাংবাদিকে ‘পিলাৰ অফ শ্বেম’ক ভঙা দৃশ্য কেমেৰাবন্দী কৰিবলৈ সমৰ্থ হোৱা নাই! কেৱল দেখা গৈছে যে ক’লা প্লাষ্টিকেৰে মেৰুৱাই মূৰ্তিটোৰ অংশবোৰ লৈ যোৱা হৈছে।
হংকঙৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা এই মূৰ্তিটো চীনৰ চৰকাৰৰ বাবে অস্বস্তিকৰ বিষয় হৈ আছিল। হংকঙৰ ভিন্নমতাৱলম্বী ৰাজনৈতিক নেতা আৰু কৰ্মীসকলৰ বিৰুদ্ধে বেইজিং-এ অতিমাত্ৰাৰে দমন পীড়ণ বঢ়াই থকাৰ সময়ত এই মূৰ্তিটো আতৰাই নি চীনে এক সাৱধানবাণী সকলোকে শুনাই দিছে। উল্লেখযোগ্য যে অক্টোবৰ মাহতেই মূৰ্তিটো আতৰাই নিয়া সম্পৰ্কে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই নিৰ্দেশ জাৰী কৰিছিল যদিও কিবা অজ্ঞাত কাৰণত মূৰ্তি অপসাৰণৰ প্ৰস্তাৱটো বাতিল কৰি দিছিল বিশ্ববিদ্যালয়খনে। এতিয়া কি কাৰণত মূৰ্তিটো ইমান গোপনে নিশাৰ অন্ধকাৰত আতৰোৱা হ’ল, তাৰে কোনো ব্যাখ্যা বিশ্ববিদ্যালয়ে দিয়া নাই। বি.বি.চি. সূত্ৰৰ মতে যান-জঁট দূৰ কৰিবলৈ মূৰ্তিটো আতৰ কৰা হৈছে বুলি কৰ্তৃপক্ষই জনাইছে। লগতে এয়াও কোৱা হৈছে যে বৈদেশিক মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি এই কাম সম্পন্ন কৰা হৈছে।
জেমচ্ গ্যালচোইট-এ মূৰ্তি আতৰ কৰা সম্পৰ্কে কৈছে যে ‘এয়া বাস্তৱিকতে এক নৃশংস ঘটনা আৰু ইতিহাসক বিকৃত কৰা পদক্ষেপ।’ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কৈছে যে সম্প্ৰতি ব্ৰঞ্জৰ মূৰ্ত্তিৰ টুকুৰাসমূহ বিশ্ববিদ্যালয়ৰ গুদামত ৰখা হ’ব। কিন্তু জেমচ্ গ্যালচোইট-এ চীনৰ এনে কৰ্মত খৰ্গহস্ত হৈ কৈছে যে ‘গণহত্যাৰ ইতিহাস মানুহে যাতে পাহৰি নাযায় সেই উদ্দেশ্যে মূৰ্তিটো তৈয়াৰ কৰা হৈছিল, সেই মূৰ্তিটো ভাঙি ১৯৮৯ চনৰ বৰ্বৰ ইতিহাসক কবৰ দিলে জিংপিং চৰকাৰে।’
টিয়েনমেন স্কোৱেৰত মৃত্যু হোৱা সেই গণতন্ত্ৰকামী সকলক স্মৰণ কৰি প্ৰতিবছৰে বিশ্ববিদ্যালয়ৰ শত শত ছাত্ৰ-শিক্ষকে শ্ৰদ্ধা নিবেদন কৰে আৰু চীনতো বিক্ষিপ্তভাবে কেইবাঠাইতো গণহত্যাৰ সেই দিনটোক ‘শ্বহীদ দিৱস’ হিচাপে পালন কৰা হয়। ২০২০ চনলৈ ৪ জুনৰ তাৰিখটোত হংকঙত নিহতসকলক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান কৰা হৈছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে হংকঙত আৰু চীনৰ একাধিক স্থানত সেই দিৱস পালন নহ’ল, কাৰণ চীনৰ চৰকাৰে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছিল। তথাপিও সেই দিনটোত ৯ জন গণতন্ত্ৰ প্ৰেমীয়ে ‘পিলাৰ অফ শ্বেম’ত মাল্যাৰ্পণ কৰিবলৈ আহিছিল। কিন্তু তেওঁলোকক ১০ মাহৰ কাৰাবাসৰ আদেশ দি এতিয়াও কাৰাগাৰত বন্দী কৰি থোৱা হৈছে!