• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, April 1, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Economy

নিষেধাজ্ঞা থকা স্বত্বেও ৰাছিয়াৰ ৰুবল এতিয়া শক্তিশালী!

মোহন খাউণ্ড

by Admin
June 28, 2022
in Economy, Business, Finance, Politics, World
Reading Time: 2 mins read
0
নিষেধাজ্ঞা থকা স্বত্বেও ৰাছিয়াৰ ৰুবল এতিয়া শক্তিশালী!

Stacks of 1000 Russian Roubles notes are pictured at Goznak printing factory in Moscow, Russia July 11, 2019. REUTERS/Maxim Shemetov

Share on FacebookShare on TwitterShare on LinkedIn

ৰাছিয়াৰ ৰুবল

মোহন খাউণ্ড

ডলাৰৰ দ্বাৰা নহয়, তেলৰ দাম পৰিশোধ কৰিব লাগিব ৰুবলৰ দ্বাৰা। এনে নীতি প্ৰযোজ্য হোৱাৰ পিছত ডলাৰৰ বিপৰীতে ক্ৰমান্বয়ে মূল্য বাঢ়ি বাঢ়ি এই বছৰটোৰ সবাতোকৈ শক্তিশালী মুদ্ৰা হিচাপে পৰিগণিত হৈছে ৰাছিয়াৰ ৰুবল-এ।

বিগত ২২ জুন তাৰিখ, ২০২২ চন, বুধবাৰে আন্তৰ্জাতিক বজাৰত বিশ্বৰ ‘শ্ৰেষ্ঠ – কাৰ্যকৰী মুদ্ৰা‘ হিচাপে ৰুবলক অভিহিত কৰা হ’ল। এই বছৰ ইউক্ৰেনৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰাই ৰাছিয়াৰ ওপৰত নজিৰবিহীন অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰে আমেৰিকাকে ধৰি আমেৰিকাৰ অইন পশ্চিমীয়া মিত্ৰ দেশবোৰে। তাৰপিছত ক্ৰমশঃ তিনিমাহ ধৰি ৰুবলৰ মূল্যৰ পতন হৈ থাকিলেও হঠাৎ ৰুবলৰ চমকপ্ৰদ উত্থান ঘটে।

RelatedPosts

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

March 31, 2023
Wall Street Journal reporter detained in Russia

Wall Street Journal reporter detained in Russia

March 31, 2023
Emotional speech of Italian P.M. Giorgia Meloni in the country’s parliament to support Ukraine

Emotional speech of Italian P.M. Giorgia Meloni in the country’s parliament to support Ukraine

March 27, 2023

আমেৰিকাৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বছৰৰ জানুৱাৰীৰ পৰা এতিয়ালৈ ডলাৰৰ বিপৰীতে ৰুবলৰ মূল্য ৪০% বৃদ্ধি পাইছে।

নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদনত কোৱা হৈছে, ২০১৫ চনৰ জুনৰ পৰা এই বছৰৰ জুন পৰ্যন্ত ৭ বছৰত ৰুবলৰ মূল্য সৰ্বোচ্চ স্তৰত উপনীত হৈছে।

আনহাতে নিষেধাজ্ঞা থকা স্বত্বেও ৰাছিয়ান মুদ্ৰাৰ এনে চমকপ্ৰদ উত্থান সম্পৰ্কে হাৰ্ভাৰ্ড কেনেডী স্কুলৰ ইকোনমিক্স এন্ড বিজনেছ ষ্টাডিজ-অৰ অধ্যাপক জেফৰি ফ্ৰাঙ্কেল-এ কৈছে, ‘এয়া এক অস্বাভাৱিক পৰিস্থিতি ‘!

নিষেধাজ্ঞা থকা স্বত্বেও ৰাছিয়াৰ ৰুবল এতিয়া শক্তিশালী

মূলতঃ আন্তৰ্জাতিক নিষেধাজ্ঞা আৰু বৃহৎ প্ৰকাৰৰ সামৰিক সংঘাতৰ মুখামুখি হৈ থকা কোনো দেশৰ মুদ্ৰাৰ মান এনেদৰে বৃদ্ধি হোৱা ঘটনা বিশ্বৰ ইতিহাসত দেখা নাযায়। বিশেষজ্ঞসকলে কৈছে, এনে পটভূমিত দেশৰ পৰা বিনিয়োগকাৰী গুচি যায় আৰু পুঁজিৰ প্ৰৱাহ বাধাপ্ৰাপ্ত হয় – সেয়াই স্বাভাৱিক। তাৰফলত সেই দেশখনৰ মুদ্ৰাৰ দামো কমিবলৈ ধৰে।

কিন্তু ৰাছিয়াৰ ক্ষেত্ৰত একেবাৰে বিপৰীত ঘটনা ঘটা দেখা গ’ল। অৰ্থ আৰু পুঁজি নিজৰ দেশত নিয়ন্ত্ৰিত কৰি ৰাখিবলৈ ‘অস্বাভাৱিক’ পদক্ষেপ গ্ৰহণ কৰিছে ৰাছিয়াই। ইউৰোপৰ দেশবোৰৰ বাবে সৰ্বাধিক প্ৰয়োজনীয় হিচাপে পৰিগণিত হোৱা ইন্ধন তেল আৰু প্ৰাকৃতিক গেছৰ প্ৰধান ৰপ্তানীকাৰক ৰাছিয়াৰ ওপৰত জাপি দিয়া নিষেধাজ্ঞাই ‘হিতে বিপৰীত’ কৰিছে! 

অস্থিতিশীল ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰভাৱত বৃদ্ধি পাইছে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ দাম। এনে অৱস্থাত পশ্চিমীয়া দেশবোৰৰ নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ হিচাবে ৰাছিয়াই ডলাৰৰ সলনি ৰুবলৰ দ্বাৰা ইন্ধনৰ মূল্য পৰিশোধ কৰিব লাগিব বুলি ,ময়ো নিৰ্দ্ধাৰণ কৰি দিছিল। গতিকে নিষেধাজ্ঞা আৰোপ কৰি অতি বেছি লাভৱান হ’ব নোৱাৰিলে পশ্চিমীয়া দেশবোৰে, বৰং ৰাছিয়াৰ অৰ্থনৈতিক পৰিস্থিতি মজবুত হ’বলৈ আৰম্ভ কৰিছে।

ৰুবল শক্তিশালী হোৱাৰ অৰ্থ হ’ল, ৰাছিয়াৰ ওপৰত জাপি দিয়া নিষেধাজ্ঞাই ‘সুফল’ দিয়া নাই। কিন্তু আমেৰিকাৰ গৱেষক সকলে কৈছে, ডলাৰৰ বিপৰীতে ৰুবলৰ এনে‌ সুৰক্ষা-ব্যৱস্থা কিমান দিনলৈ স্থায়ী হ’ব, এতিয়াও নিশ্চিত নহয়।

নিষেধাজ্ঞা থকা স্বত্বেও ৰাছিয়াৰ ৰুবল এতিয়া শক্তিশালী
FILE PHOTO: Russian Rouble and U.S. Dollar banknotes are seen in this illustration taken, February 24, 2022. REUTERS/Dado Ruvic/Illustration

ইউক্ৰেনৰ ওপৰত ৰাছিয়াই আক্ৰমণ কৰাৰ পিছত ডলাৰৰ বিপৰীতে ৰুবল সৰ্বকালৰ দুৰ্বল মুদ্ৰাত পৰিণত হৈছিল। তেনে অৱস্থাত ৰাছিয়াৰ কেন্দ্ৰীয় বেংকটোৱে অৰ্থনীতিৰ পৰা ৰুবলৰ বহিঃপ্ৰবাহ ৰুদ্ধ কৰিবলৈ সুদৰ হাৰ দুইগুণৰো অধিক, ২০% বৃদ্ধি কৰে। তাৰপিছত ক্ৰমে কিছুমান বিধিনিষেধ শিথিল কৰা হয় আৰু সুদৰ হাৰ কমাই আনি ইউক্ৰেন আক্ৰমণ কৰা সময়ৰ আগৰ সময়ছোৱাৰ পৰ্যায়লৈ, অৰ্থাৎ পূৰ্বৰ ৯.৫% কৰা হয়।

তাৰপিছত বিশ্বৰ মুদ্ৰাৰ বজাৰত ৰুবল পুনৰ স্বাভাৱিক অৱস্থানলৈ উভতিবলৈ ধৰে। মুদ্ৰা ক্ৰমান্বয়ে শক্তিশালী হৈ পৰাত ৰাছিয়াৰ মুদ্ৰাস্ফীতিও এতিয়া বহুত সহজ হৈ আহিবলৈ ধৰিছে।

নিষেধাজ্ঞা থকা স্বত্বেও ৰাছিয়াৰ ৰুবল এতিয়া শক্তিশালী
U.S. dollar banknotes are displayed in this illustration taken, February 14, 2022. REUTERS/Dado Ruvic/Illustration

তদস্বত্ত্বেও বিশেষজ্ঞসকলে কৈছে যে ৰাছিয়াৰ বাজেটৰ ওপৰত প্ৰচন্ড চাপ থাকিবই। কাৰণ ৰাছিয়াৰ আয় প্ৰধানতঃ ইন্ধন ৰপ্তানীৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল আৰু এই ইন্ধন বিক্ৰীৰ বিষয়টো বেছিভাগ ক্ষেত্ৰতে ডলাৰৰ ওপৰত নিৰ্ভৰশীল। 

কিন্তু তাতেই ৰাছিয়াই ‘তাচপাতৰ টেক্কা’ প্ৰয়োগ কৰি কৈছে, ‘ডলাৰত নহয়, ৰুবলৰ দ্বাৰা লোৱা হ’ব ৰপ্তানী কৰিবলগীয়া ইন্ধনৰ দাম’!

২৭-০৬-২০২২

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values
Special Report

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

by Admin
March 31, 2023
0

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values Monikangkan Barooah Monikangkan Barooah In India, 705 ethnic...

Read more
Wall Street Journal reporter detained in Russia

Wall Street Journal reporter detained in Russia

March 31, 2023
Emotional speech of Italian P.M. Giorgia Meloni in the country’s parliament to support Ukraine

Emotional speech of Italian P.M. Giorgia Meloni in the country’s parliament to support Ukraine

March 27, 2023
Russia’s full-scale defeat will be a reliable guarantee against new aggressions: Volodymyr Zelenskyy

Russia’s full-scale defeat will be a reliable guarantee against new aggressions: Volodymyr Zelenskyy

March 27, 2023
“We have to be ready to pay a price to put an end to the war” PM of Finland Sanna Marin

“We have to be ready to pay a price to put an end to the war” PM of Finland Sanna Marin

March 27, 2023
icebergs

The future of weather, climate and water across generations

March 24, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

March 31, 2023
মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

March 31, 2023
নিঃচৰ্ত শব্দসাধক

নিঃচৰ্ত শব্দসাধক

March 31, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 31, 2023

Popular Stories

  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 93 Tweet 58
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 325 Tweet 203
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    204 shares
    Share 82 Tweet 51
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    210 shares
    Share 84 Tweet 53
  • Brahmaputra -The never-ending metaphor as Media of the valley

    100 shares
    Share 40 Tweet 25
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    153 shares
    Share 61 Tweet 38
  • কল্পনাতীত সৌন্দৰ্যৰ আকৰ ৱাৰি চ’ৰা! 

    75 shares
    Share 30 Tweet 19
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    70 shares
    Share 28 Tweet 18
  • Nature-Writings: New Rising In The World Of Literature

    57 shares
    Share 23 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    56 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: