• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Spirituality Spirituality

নিসঙ্গতা আৰু অসঙ্গত্ব : একেই নে?

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
July 27, 2023
in Spirituality, Lifestyle, Spirituality
Reading Time: 6 mins read
0
close up of hands holding baby feet

Photo by Rene Asmussen on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

নিসঙ্গতা আৰু অসঙ্গত্ব : একেই নে?

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

নিসঙ্গতা আৰু অসঙ্গত্ব মুঠেই একেই নহয়। নিসঙ্গতা বিচৰা নাযায়, কিন্তু দুর্ভাগ্যক্রমে কেতিয়াবা নিসঙ্গ হ’ব লগীয়া হয়।

অসঙ্গত্বক বিচাৰিলেই পোৱা নাযায়, সাধাৰণতে কষ্টসাধ্য সাধনাৰ পিছতহে পোৱা যায়। অসঙ্গত্বই পূর্ণতা দিয়ে, নিসঙ্গতাই অভাৱৰ অনুভুতি তীব্র কৰি তোলে : নাই, নাই, নাই, কোনো নাই।

        ভাল কাম কৰিলে বেয়া ফল পোৱা নাযাব বুলি আমি আশা কৰোঁ। ভগৱান কৃষ্ণই গীতাত অর্জুনক কোৱাৰ চলেৰে সকলো মানুহকে কৈছে যে “কর্মন্যেৱাধিকাৰস্তে মা ফলেষু কদাচন” : (তোমাৰ) কর্মৰ (অর্থাৎ কাম কৰাৰ)হে অধিকাৰ আছে, কর্মৰ ফলৰ অধিকাৰ কেতিয়াও নাই” ।

ফলৰ অধিকাৰ যে নাই কৃষ্ণই জোৰ দি কৈছে – কদাচন – “কেতিয়াও নাই”। কিন্তু আধ্যাত্মিক সাধনাত গভীৰ ভাবে মন দিয়া মানু্হৰ বাদে (অর্থাৎ সাধাৰণতে বেছি ভাগ মানুহে “চেৰা-বলিয়া” বুলি ভবা খুব কম সংখ্যক মানুহৰ বাদে) বেছি ভাগ মানুহে ভাল কাম কৰি ভাল ফলৰ আশা কৰে।

সেই বাবে যিসকলে নিজৰ ল’ৰা-ছোৱালীক ভালতকৈও ভাল অনুষ্ঠানত পঢ়ুৱাবলৈ যত্ন কৰে তেওঁলোকে স্বাভাৱিকতে আশা কৰে যে তেওঁলোকৰ বছৰ বছৰৰ কষ্টই ভাল ফল দিব। এটা অর্থত ভাল ফল পায় তেওঁলোকে : ল’ৰা-ছোৱালীয়ে খুব ভালদৰে পঢ়া-শুনা কৰি, বিভিন্ন প্রশিক্ষণ লৈ, বিদেশৰ খুব ডাঙৰ অনুষ্ঠানৰ উচ্চ পদত নিযুক্ত হয়। কিন্তু তাৰ পিছত বহুতৰে (সকলোৰে নহয়) ল’ৰা-ছোৱালীয়ে মাক-দেউতাকলৈ ঘূৰি চাবলৈও আহৰি নোপোৱা হয়গৈ।

এইটো নহয় যে তেওঁলোকে প্রত্যেকেই ভীষণ স্বার্থপৰ হৈ পৰে আৰু মাক-দেউতাকৰ কথা নাভাবে। বহুতে চেষ্টা কৰে বিভিন্ন ধৰণে যোগাযোগ ৰক্ষা কৰিবলৈ, ঘৰলৈ আহি মাক-দেউতাকক অন্তত: কিছুদিন লগ দিবলৈ, কিন্তু লাহে লাহে তেওঁলোকৰ সেই ডাঙৰ প্রতিষ্ঠানৰ ডাঙৰ কামে তেওঁলোকৰ সকলো সময় শেষ কৰিবলৈ আৰম্ভ কৰে।

আৰু কয় নহয় যে “কৃতকার্য্যতাই কৃতকার্য্যতাৰ জন্ম দিয়ে” (success breeds success)….. তেওঁলোকে যিমানেই কৃতকার্য্যতাৰ জখলাত বগাবলৈ ধৰে সিমানেই তেওঁলোকৰ বাবে সফলতাৰ নতুন নতুন বাট মুকলি হৈ গৈ থাকে। সেইবোৰ বাটেৰে নগৈ নোৱাৰি, গতিকে যাওঁতে যাওঁতে তেওঁলোকে গম নোপোৱাকৈয়ে মাক-দেউতাকৰ পৰা বহুত দূৰ হৈ যায়।

এইদৰে লাহে লাহে ভৌগোলিক দূৰত্বৰ উপৰি মানসিক দূৰত্বও বাঢ়িবলৈ ধৰে। আপোনজনৰ পৰা মানসিক দূৰত্ব যিমানে বাঢ়ে নিসঙ্গতা সিমানে বাঢ়ে। মূল কর্মজীৱন শেষ হোৱাৰ পিছত, অৱসৰী জীৱনত আপোনজনৰ পৰা মানসিক ভাবেও দূৰ হ’বলগীয়া হোৱা বৰ কষ্টকৰ, এনে নিসঙ্গতা অসহনীয়। আনৰ আগত “আমাৰ ল’ৰাই অস্ত্রেলিয়াৰ বিশ্ববিদ্যালয়ত পঢ়ুৱাই” বুলি গৌৰৱ কৰিলেও মনৰ ভিতৰত বিষাদ : ল’ৰাৰ মুখ দেখা বহুত যুগ হ’ল…..।

নিসঙ্গতা আৰু অসঙ্গত্ব : একেই নে?

        বয়স বাঢ়ি অহা এক দম্পতী। ল’ৰাই মার্কিন যুক্তৰাষ্ট্রত ডাঙৰ কম্প্যুটাৰ কোম্পানীত কাম কৰে। ছোৱালী বিয়াহৈ কানাডালৈ গ’লগৈ। দুয়ো দুয়োৰ সঙ্গ, কিন্তু ল’ৰা-ছোৱালীক, নাতি-নাতিনীক দেখা নোপোৱাৰ দুখে দুয়োকে দহিছে।

এজনে যদি ভাবিছে আমেৰিকাৰ কথা, আনজনে ভাবিছে কানাডাৰ কথা। বা দুয়ো আমেৰিকা-কানাডাৰ কথা ভাবিছে। ভাবত ডুবগৈ থাকোতে তেওঁলোকৰ ইজনে সিজনৰ লগত পতা কথাও কমি আহে। নিসঙ্গতা নামি আহে।

মানুহজনে বজাৰলৈ গ’লে ল’ৰাই কি খায় ভাল পায়, ছোৱালীয়ে কি খায় ভাল পায় চিন্তা কৰি বজাৰ কৰিছিল। এতিয়া দেখোন কি কি বস্তু আনিব লাগে সুধি-পুছি গৈও পাহৰি থাকে।

দুই এবাৰ ল’ৰাৰ, ছোৱালীৰ ঘৰলৈ গৈছিলো, কিন্তু সিহঁতৰ দেখোন নিজৰ কামৰ পৰা আহৰিয়েই নাই। নাতি-নাতিনীহঁতো স্কুল, খেলা-ধুলা, গান-নাচৰ প্রশিক্ষণ আদিতে ব্যস্ত থাকে। ব্যস্ত চহৰৰ সফল, ব্যস্ত নাগৰিক সিহঁত। সিহঁতৰ খালি ঘৰটোৰ ৰখীয়া হৈ থকাতকৈ নিজৰ ঘৰতে বুঢ়া কালটো পাৰ কৰা ভাল হ’ব যেন লাগে। এনেয়ো এই বয়সত নিজৰ ঘৰখন এৰি যাবলৈ মন নাযায়।

        আৰু এয়া কেৱল আমেৰিকা, অস্ত্রেলিয়া, কানাডা বাসী ল’ৰা-ছোৱালীৰ মাক-দেউতাকৰ কাহিনী নহয়, এতিয়া আমাৰ নিজৰ দেশতো এনে হৈছে। নিজৰ কাম বনত ব্যস্ত ল’ৰা ছোৱালীয়ে মাক দেউতাকক সময় দিবলৈ অপাৰগ হোৱাতো যদি আধুনিক, ব্যস্ত জীৱনৰ লক্ষণ হৈ পৰিছে, তেন্তে সেই আধুনিক, ব্যস্ত জীৱন এতিয়া আমাৰ ইয়াতো সহজ লভ্য।

এতিয়া সহজ লভ্য নহয় সময়। সহজ লভ্য নহয় আপোন জনৰ বাবে, বিশেষকৈ বয়সীয়াল, অৱসৰী জীৱন কটোৱা আপোনজনৰ বাবে সময় উলিউৱাবলৈ যত্ন কৰা মানুহ। (কেতিয়াবা টেলিভিজনৰ খবৰত দেখা মাক-দেউতাকক ঘৰৰ পৰা বাহিৰ কৰা পাষণ্ডবোৰৰ কথা ইয়াত আলোচনা কৰা নাই, সাধাৰণ ভাবে ভাল মানুহ বুলি পৰিচিত মানুহৰ ব্যৱহাৰৰ কথাহে কোৱা হৈছে।)

নিসঙ্গতা আৰু অসঙ্গত্ব : একেই নে?

অৱসৰী জীৱন কটোৱা মানুহৰ নিসঙ্গতাৰ লগতে থাকে এটা ভয় : সেই নিসঙ্গতা বেছি ঘনীভূত হৈ পৰাৰ আশংকা। বয়স বাঢ়ি অহাৰ লগে লগে অসুখ-বিসুখেও জুমুৰি দি ধৰে। কোনে জানে কেতিয়া কাৰ কি হয়। ইজনে সিজনৰ লগ হৈ থকা “ভাগ্য”কণো কেতিয়া শেষ হব কোনো জানে?

এটা সময় আছিল যে ঔষধ খাবলগীয়া হোৱাকৈ বেমাৰেই নহৈছিল, এতিয়া আহাৰ যিমান বাৰ খোৱা যায়, সিমান বাৰ ঔষধ খোৱাৰ উপৰি আৰু কেইবাৰমান ঔষধ খাবলগীয়া হয়।

দুজনৰ পৰা এজন হ’বলৈ বহুত দিন নাই চাগৈ, আৰু তেতিয়া থকাজনৰ নিসঙ্গতা আৰু গভীৰ হ’ব। এনে দুশ্চিন্তা দুয়োৰো মনলৈ আহে, আৰু সেই দুশ্চিন্তাৰ বাবেও যেন নিসঙ্গতা বাঢ়ি যায়। বহুত বছৰৰ সঙ্গ হেৰুৱাবলগীয়া হ’লেও নিসঙ্গতা বাঢ়িব পাৰে।

যিমানে দিন বাগৰিছে, সমাজ স্মার্ট হৈছে, সিমানে নিসঙ্গতাই বিভিন্ন ৰূপ ধাৰণ কৰিছে। বিবাহ-বিচ্ছেদৰ সংখ্যা বাঢ়িছে (অর্থাৎ America is happening!)। আগতে যদি জীৱনটো একেলগে পাৰ কৰা দম্পতীৰ শেষ বয়সত ইজনে ইজনক হেৰুৱাবলগীয়া ভয় বেছি আছিল, এতিয়া “একেলগে থাকিও নিসঙ্গ” দম্পতীৰ সংখ্যা বাঢ়িছে।

ভালেমান বছৰ আগতে, বহুত দিনৰ মূৰত খবৰ পোৱা বন্ধু এজনক সুধিছিলো যে তেওঁ অকলে থাকে নে বিবাহিত (পত্নীৰ সৈতে তেওঁৰ বিচ্ছেদ হোৱাৰ কথা শুনিছিলো, সেইবাবে জানিব খুজিছিলো যে তেওঁ আকৌ বিয়া কৰালে নেকি)। তেওঁৰ উত্তৰ : অকলে, কিন্তু অকলশৰীয়া নহয় (single, but not alone)।

নিসঙ্গতা আৰু অসঙ্গত্ব : একেই নে?

অর্থাৎ তেওঁ আকৌ বিয়া কৰোৱা নাই, কিন্তু তেওঁৰ সঙ্গী আছে। তেওঁৰ আগৰ পত্নীয়েও তেনেকৈ কোনোবা সঙ্গী বিচাৰি পাব পাৰে, নাপাবও পাৰে। বন্ধুৰ এসময়ত পত্নীৰ সৈতে বিচ্ছেদ হোৱাৰ দৰে সঙ্গীৰ সৈতেও বিচ্ছেদ হ’ব পাৰে। বিভিন্ন সম্ভাৱনা। কিন্তু এই সম্ভাৱনাবোৰৰ মাজে মাজে বা আশে পাশে সদায় আত্মপ্রকাশ কৰিবলৈ বাট চাই থাকে নিসঙ্গতাই।

১৯৯৯ চনৰ ইণ্ডিয়া টুডেত ওলোৱা এটা ৰিপ’র্টৰ মতে তেতিয়া কেৱল ৰাজধানী দিল্লীতে নিসঙ্গ মানুহক সঙ্গ বিচাৰি দিয়া ভালেমান কোম্পানী চলি আছিল। সেই কোম্পানীবোৰত ছোৱালী/স্ত্রীৰ সাধাৰণতে বিনামূলীয়াকৈ নামভর্ত্তি হয়, কিন্তু পুৰুষে ধন দিব লাগে।

ইণ্ডিয়া টুডেৰ সাংবাদিকজনে সঙ্গ বিচৰা এজন অকলশৰীয়া মানুহৰ ভাও দি ১৫০০ টকাত নাম ভর্ত্তি কৰিলে। বিনিময়ত কোম্পানীয়ে তেওঁক তিনিটা ভাগৰ মহিলাৰ ফোন নম্বৰ দিলে : কলেজত পঢ়ি থকা ছোৱালী, অবিবাহিত মহিলা, বিবাহিত মহিলা। নামবোৰ কিবা ৰ’জী, ড’লী, নিশিতা এনেকুৱা। উপাধি-তুপাধি নাই কাৰো। বয়সটো কোম্পানীৰ ৰেকর্ডমতে জনা যায়।

সাংবাদিক জনে বিভিন্ন গৰাকী মহিলাৰ সৈতে কথা পতাৰ অভিজ্ঞতাৰ কথা কৈছে। কিছুমানে কেৱক “টকিং” কৰে, অর্থাৎ মিঠা মিঠা কথাৰেই বেচেৰা অকলশৰীয়াৰ মন মৰমেৰে ওপচাই পেলায়, কিছুমানে কিছুদিনৰ “টকিং”ৰ পিছত “মিটিং” অর্থাৎ লগ পাবলৈ ৰাজি হয়। লগ পালে পুৰুষ সকলে বেছিভাগেই চিধাই যৌন-কর্মত লিপ্ত হ’ব বিচাৰে।

মাজে মাজে পুলিছে এনেকুৱা কোম্পানী একোটাৰ মানুহক অনৈতিক কার্যকলাপ কৰা বুলি (বা যৌনতাৰ বজাৰ মেলা বুলি) হাৰাশাস্তি কৰে, আৰু বহুত সময়ত পুলিছে বৰ বেছি একো কৰিব নোৱাৰে কাৰণ এই কোম্পানীবোৰে চলাই থকা কিছুমান কাম হেনো দেশৰ আইন মতে শুদ্ধ নে অশুদ্ধ, আইনী নে বেআইনী কোৱা টান।

সেইয়া হ’ল ১৯৯৯ চনৰ কথা। এতিয়া ইন্টাৰনেটৰ, চছিয়েল নেটৱর্কিঙৰ, ডেটিং ছাইত্ছৰ দিনত আৰু বহুত কিবা কিবি ধৰণে নিসঙ্গ মানুহৰ নিসঙ্গতাকলৈ বেপাৰীয়ে বেপাৰ কৰি আছে, আৰু ব্যক্তিগত উদ্যোগতো কম বয়সীয়া ল’ৰা-ছোৱালীৰ পৰা বয়স্থ মানুহলৈ সকলোৱে নিজৰ নিজৰ নিসঙ্গতা আঁতৰাবলৈ কত কি উপায় অবলম্বন কৰিছে।  কিন্তু নিসঙ্গতা শেষ হৈছেনে?

নিসঙ্গতা আৰু অসঙ্গত্ব : একেই নে?
কুৰি শতিকাৰ আৰম্ভণতে টি এছ এলিয়টে অঁকা নিসঙ্গতাৰ ছবি :

Shall I say, I have gone at dusk through narrow streets

And watched the smoke that rises from the pipes

Of lonely man in shirt-sleeves, leaning out of windows?…..

(“The Love Song of J Alfred Prufrock”)

এতিয়াও প্রাসঙ্গিক নহয় জানো?

কেতিয়াবা আকৌ এহাল মানুহে একেলগে গোটেই জীৱন পাৰ কৰে, কিন্তু নিসঙ্গতাৰ পৰা এজনৰো নিস্তাৰ নাই। একেলগে থাকি অনুভব কৰা নিসঙ্গতা বেছি কষ্টদায়ক নে অকলশৰীয়াকৈ থাকি অনুভব কৰা নিসঙ্গতা বেছি কষ্টদায়ক কোনে জানে? নিসঙ্গতা নিসঙ্গতাই, সদায় কষ্টদায়ক।

        সাধাৰণতে মানুহে সঙ্গ বিচাৰে, নিসঙ্গতা নিবিচাৰে। কিন্তু সঙ্গ কি? কেৱল মানুহৰ সঙ্গেই সঙ্গ নহয়। জগতত যি আছে, সকলোৰে সৈতে মোৰ যি সম্বন্ধ সেয়াই সঙ্গ। হিতোপদেশে “ৱসুধৈৱ কুটুম্বকম” বুলি সমস্ত জগতক মানুহৰ পৰিয়াল, কুটুম বুলিছে। কিন্তু সাধাৰণতে মানুহে নিজৰ ক্ষুদ্র স্বার্থ সিদ্ধিৰ বাবে কাৰ বা কি বস্তুৰ সঙ্গ বিচাৰে আৰু কাৰ সঙ্গ নিবিচাৰে সেয়া ঠিক কৰে। সৰু ডাঙৰ সকলো কথাতে এইটোৱেই “নিয়ম”।

সৰু ল’ৰা এটাই যদি কেৰেলা খাব বিচৰা নাই, মাংস খাব নিচাৰিছে, তেন্তে তেওঁক কোনটো বস্তুৰ “সঙ্গ” লাগে সেইটোৰ তেওঁ বাচনি কৰিছে। এইটো লাগে, এইটো নালগে – এই বাচনি প্রক্রিয়া থকা মানেই নির্দিষ্ট বস্তুৰ প্রতি আসক্তি, প্রেম (অর্থাৎ সেই বস্তুৰ সঙ্গ লাগে), আৰু অন্য নির্দিষ্ট বস্তুৰ প্রতি অনীহা।

নিসঙ্গতা আৰু অসঙ্গত্ব : একেই নে?

ধর্ম শাস্ত্রত সধাৰণতে ব্যৱহাৰ কৰা শব্দ দুটা হ’ল “ৰাগ” আৰু “দ্বেষ”। এটা বস্তুৰ প্রতি ৰাগ, আন এটাৰ প্রতি দ্বেষ। আৰু সাধাৰণতে কাম্য বস্তুৰ সঙ্গ বিচৰা মানে কোনো এটা ইন্দ্রিয় সুখ বিচৰা। মাংস খাব খোজা ল’ৰাটোৱে জিভাৰ জুতিৰ বাবে মাংস বিচাৰিছে, দিল্লীৰ সেই “বন্ধুত্ব” কোম্পানী বোৰৰ পুৰুষ গ্রাহক সকলে যে “টকিঙ”ৰ পৰা “মিটিঙ”লৈ গতি কৰিব খোজে, তেওঁলোকৰ প্রকৃত উদ্দেশ্য হ’ল যৌন-সম্ভোগ, ইন্দ্রিয় সুখ।

        কেতিয়াবাতো ইন্দ্রিয় সুখ নোলোৱাকৈও সঙ্গ-সুখ হ’ব পাৰে? বন্ধু-বান্ধৱীৰ সৈতে কথা পাতি, হাঁহি তামাচা কৰা? তাত কি ইন্দ্রিয় সুখ? তাত দেখ দেখ কৈ স্থুল ইন্দ্রিয় সুখৰ কথা নাই যেন লাগিলেও বন্ধু-বান্ধবীৰ চেহেৰাটো দেখিলেই যে ভাল লাগে, মাতটো শুনিলেই যে ভাল লাগে, সেইবোৰ সকলোবোৰ একো একোটা সৰু সৰু ইন্দ্রিয়-সুখ : চকুৰ, কাণৰ…..

        ৰাগ-দ্বেষ থাকে মানে যিদৰে কিছুমান বস্তু ভাল লাগে, কিছুমান বেয়া লাগে, কিছুমান বিশেষ মানুহৰ সঙ্গ ভাল লাগে……তেতিয়ালৈকে নিসঙ্গতাৰ সম্ভাৱনাও থাকে। কিন্তু “ৰাগ-দ্বেষ থাকে মানে”ৰ কি অর্থ?

ৰাগ-দ্বেষতো থাকেই। ৰাগ-দ্বেষ নোহোৱা কৰিবলৈ সাধাৰণতে কঠোৰ সাধনাৰ প্রয়োজন। সাধনাত সফল হ’লে অসঙ্গত্বৰ অৱস্থালৈ উত্তীর্ণ হোৱা যায়। ইচ্ছা কৰি “সঙ্গ” বা “আসক্তি” ত্যাগ মানেই সন্ন্যাস; আৰু সন্ন্যাসৰ আচল অর্থ অসঙ্গত্ব। ঘৰ দুৱাৰ, স্বজন-বান্ধৱ এৰি পর্বতৰ গুহাত ধ্যানত বহা মানে সন্ন্যাসী হোৱা নহয়। সম্পূর্ণ ৰাগ-দ্বেষ এৰি, স্বার্থ এৰি, নি-স্ব, অসঙ্গ হোৱা মানে সন্ন্যাস।

অসঙ্গত্বই পূর্ণতা দিয়ে। পূর্ণতা মানে পৃথিৱীৰ সকলো সুখ-আনন্দ গোটাই লোৱা পূর্ণতা নহয়, কোনো ভোগ-বাসনাৰ প্রয়োজন নথকা পূর্ণতা।

যদি সন্ন্যাসী হৈও ধন বিত বা সংসাৰৰ বস্তুৰ প্রতি আসক্তি থাকে তেন্তে সেয়া সন্ন্যাসো নহয়, অসঙ্গত্বও নহয়। এজন মানুহে ঘৰ-বাৰী, পৰিয়াল এৰি অৰণ্যৰ ভিতৰত ধ্যানত বহিল। সেই অৰণ্যৰ মাজেৰে এটা প্রাচীন মন্দিৰলৈ যোৱা বাট আছিল। মানুহজনে এজোপা প্রকাণ্ড গছৰ তলত বহি ধ্যানত বহিছে। আবেলী চাৰিটামান বজাত সেই মন্দিৰৰ বাবে অৰণ্যৰ ফুল তুলিবলৈ এজনী গাভৰু ছোৱালী আহিল।

মানুহজনে দেখিলে তেওঁৰ ওচৰৰে জোপোহা ফুল কিছুমানৰ পৰা ধুনীয়া ছোৱালীজনীয়ে ফুল তুলিছে। তাইৰ ভৰিত পিন্ধা নুপুৰৰ শব্দও তেওঁৰ কাণত পৰিছে। কিছুপৰ তাইক ৰ লাগি চোৱাৰ পিছত মানুহজনৰ যেন চেতনা ঘূৰি আহিল, আৰু তেওঁ পুনৰ চকু মুদি ধ্যানত বহিল। সেইদিনা তেওঁ সেই ধুনীয়া ছোৱালীৰ সৌন্দর্য দেখি ভোল গৈছিল বাবে তেওঁ সেইদিনাৰ ধ্যান নষ্ট হ’ল বুলি ধৰিলে আৰু পিছদিনা পুনৰ তাত নতুন উদ্যমেৰে ধ্যানত বহিল।

নিসঙ্গতা আৰু অসঙ্গত্ব : একেই নে?

আজি চকু নেমেলোৱেই বুলি তেওঁ প্রতিজ্ঞাবদ্ধ। আবেলি চাৰিটামান বজাত ছোৱালীজনী আহিল ফুল তুলিবলৈ, আৰু তাইৰ ভৰিৰ নুপুৰৰ শব্দ কাণত পৰাৰ লগে লগে মানুহজনৰ মনত এটা ভাব খেলাই গ’ল : “কালি অহা ধুনীয়া ছোৱালী জনী আজিও আহিছে”। পুনৰ ধ্যান ভঙ্গ!

পিছদিনা তেওঁ আৰু সজাগ হ’ল : কাণত সোপা দি থ’লে, চকু ভাল দৰে বন্ধ কৰি থ’লে। আবেলি চাৰিটামান বজাত এটা মিঠা গোন্ধ তেওঁৰ নাকত লাগিছে, আৰু তেওঁ ভাবিছে, “আহ! ছোৱালীজনীয়ে চুলিত বন্ধা ফুলৰ সুবাস! তাই আহিছে!” এনেকৈ সেইদিনাও ধ্যান ভঙ্গ হোৱাত পিছদিনা তেওঁ ভীষণ প্রতিজ্ঞাবদ্ধ হৈ ধ্যানত বহিছে। চকু বন্ধ, কাণত সোপা, নাকতো কপাহ সুমুৱাই থৈছে। আবেলী চাৰি মান বজাত তেওঁৰ মনটোৱে কৈছে : “ছোৱালীজনী আহিছে চাগৈ!”

গীতাৰ একাদশ অধ্যায়ৰ ৫৫ সংখ্যক শ্লোকত ঈশ্বৰত সম্পূর্ণকৈ শৰণাগত ভক্ত সকল “সঙ্গৱর্জিত:” অর্থাৎ সকলো সঙ্গ, আসক্তি আদিৰ পৰা মুক্ত হয় বুলি কোৱা হৈছে :

মত্কর্মকৃন্মত্পৰমো মদ্ভক্ত: সঙ্গৱর্জিত:

নির্ৱৈৰ: সর্ৱভূতেষু য়: স মামেতি পাণ্ডৱ

“যিজন ভক্তই নিজৰ কর্ত্তব্য সমূহ মোৰ বাবেই কৰে, মোক সর্বোপৰি বুলি জানি মোৰ ওপৰতে নির্ভৰশীল হৈ থাকে, সকলো সঙ্গ/আসক্তি ত্যাগ কৰি, কোনো জীৱৰ প্রতি বৈৰী ভাব নাৰাখে, তেওঁ মোকেই পায় (মোলৈকে আহে)”।

ঈশ্বৰক পোৱা মানে আত্ম-সাক্ষাৎকাৰ হোৱা, নিজৰ (নিত্য, বুদ্ধ, শুদ্ধ) প্রকৃত স্বৰূপ উপলব্ধি কৰা। আৰু সেয়া সম্ভৱ হ’বলৈ যিবোৰ গুণৰ প্রয়োজন, তাৰ ভিতৰত “সঙ্গৱর্জিত:” অন্যতম। আচলতে এই শ্লোকটোত বর্ণিত গুণবোৰ জ্ঞানী বা পৰাভক্তৰ ক্ষেত্রত একেলগে পৰিস্ফুট হয়।

নিসঙ্গতা আৰু অসঙ্গত্ব : একেই নে?
Photo by Rene Asmussen on Pexels.com

ৰাগ-দ্বেষ, সঙ্গ, নিসঙ্গতা, অসঙ্গত্ব সকলো মনত। মন নিয়ন্ত্রিত নহ’লে অসঙ্গত্ব ক’ত? অৰণ্যত ধ্যান কৰিবলৈ লৈ ফুল তোলা ছোৱালীজনী দেখি বিচলিত হোৱা মানুহজনৰ সন্ন্যাস মিছা এইবাবে যে তেওঁ নিজৰ মনেৰে “সঙ্গ” ত্যাগ কৰিব পৰা নাই, “সঙ্গৱর্জিত:” হ’ব পৰা নাই। স্বামী বিবেকানন্দই কৈছিল যে হুলস্থুলীয়া চহৰ এখনৰ মাজতো তেওঁ সম্পুর্ণ অসঙ্গ।

অসঙ্গত্বৰ অর্থ সম্পূর্ণতা, পৰিপূৰর্ণতা (অর্থাৎ “অভাৱ”ৰ সম্পূর্ণ অভাৱ)। ৰাগ-দ্বেষ, আসক্তি আদি সমূলি নাথাকিবলৈ সম্পূর্ণ নিস্বার্থও হ’ব লাগিব। নিস্বার্থ হ’বলৈ বহুত চেষ্টা কৰিও মানুহ বিফল হয়, গীতাৰ উপদেশ মানি নিষ্কাম কর্ম কৰাৰ কথা ভাবিও শেষত ফলাকাংক্ষা নকৰাকৈ থাকিব নোৱাৰে। কিন্তু প্রকৃত জ্ঞানী বা সন্ন্যাসীৰ বাবে এইবোৰ সহজ কথা।

ramana 1

তামিল নাডুৰ তিৰুৱান্নমলই চহৰৰ পবিত্র অৰণাচলা পাহাৰৰ তলৰ আশ্রমত এবাৰ ৰমণ মহর্ষি (১৮৭৯-১৯৫০)ক দেখা কৰিবলৈ যোৱা এজন মানুহে শুধিলে যে নিষ্কাম কর্মৰ আচল অর্থ কি? মহর্ষিয়ে একো উত্তৰ নিদিলে। কেতিয়াবা মহর্ষিয়ে তেনেকৈ নীৰবে থাকেই।

কিছু সময়ৰ পিছত মহর্ষিয়ে অৰুণাচলা পাহাৰৰ বাটেৰে খোজ দিলে, আৰু এই প্রশ্ন কৰি উত্তৰ নোপোৱা মানুহজনো মহর্ষিৰ পিছে পিছে গ’ল। কিছু দূৰ যোৱাৰ পিচত মহর্ষিয়ে গছৰ পৰা ভাগি বাটত পৰি থকা ডাল এটা হাতেৰে তুলি ল’লে। তাৰ পিছত তেওঁ এখন কটাৰী লৈ সেই ডালটোত থকা কাঁইটবোৰ কাটি পেলালে আৰু চিকুনালে। ডালটোৰ আগ আৰু গুৰিও খুব সমানকৈ, সুন্দৰকৈ কাটিলে।

তাৰ পিছত তেওঁ হাবিৰ ভিতৰলৈ গৈ এজোপা বিশেষ গছৰ পাত আনি সেই ডালটোত ঘঁহিবলৈ ধৰিলে। মহর্ষিয়ে যিকোনো কাম কৰিলে পৰম একাগ্রতাৰে কৰে। এতিয়াও তেওঁ কাৰো সৈতে কথা-বতৰা নাপাতি, একানপতীয়াকৈ এই কামটো কৰি গৈ থাকিল, আৰু কেবা ঘন্টাৰ পৰিশ্রমৰ অন্তত সেইডাল এডাল বৰ সুন্দৰ লাখুটি হ’লগৈ।

মহর্ষিয়ে তেওঁৰ সেই ধুনীয়া লাখুটিডাল লৈ পুনৰ অৰুণাচলা পাহাৰৰ বাটত যাবলৈ লওঁতেই অৰণাচলা পাহাৰ আৰু হাবিত ছাগলী, ভেড়া চৰাই ফুৰা এটা ল’ৰা ওলালহি। সি ক’লে যে তাৰ লাখুটিডাল হেৰাইছে, সি বহুত বিচাৰিও পোৱা নাই। মহর্ষিয়ে লগে লগে নিজৰ হাতত থকা, বহুত সময়ৰ শ্রম আৰু মনোযোগেৰে বনোৱা তেওঁৰ লাখুটিডাল ভেড়া ৰখীয়া ল’ৰাটোক দি দিলে। নিষ্কাম কর্মৰ অর্থ বিচাৰি প্রশ্ন কৰা মানুহজনে তেওঁৰ উত্তৰ পাই গ’ল।

নিসঙ্গতা আৰু অসঙ্গত্ব : একেই নে?
Photo by Joaquin Carfagna on Pexels.com

নিস্বার্থ হ’লে নিষ্কাম কর্ম কৰিবলৈ কোনো যত্ন কৰিব নালাগে। ৰাগ-দ্বেষ নাথাকিলে, স্বার্থৰ ভাব নাথাকিলে, অসঙ্গত্বৰ পূর্ণতাই আত্মা ওপচাই পেলায়। অসঙ্গত্বৰ এক শান্ত আনন্দ আছে।

নিজে ভাল পোৱা মানুহৰ সঙ্গতো আনন্দ পোৱা যায়, কিন্তু সেই আনন্দ শেষ হোৱাৰ সম্ভাৱনা বা ভয় থাকে।

অসঙ্গত্বৰ আনন্দ সৎ-চিৎ-আনন্দ আত্মাৰে আনন্দ; সেই আনন্দ শাশ্বত। অসঙ্গত্বৰ আনন্দ বাহিৰৰ জগতৰ নির্দিষ্ট বস্তু, জীৱ, বা মানুহত বিচাৰি পোৱা নাযায়, কিন্তু অসঙ্গত্ব পৰিস্ফুট হ’লে সমস্ত জগত আপোন হৈ পৰে।

সমস্ত জগতৰ প্রতি মমত্বহীন, আসক্তিহীন প্রেম আৰু নিজৰ মূল স্বৰূপৰ সন্ধানৰ মাজত যে পার্থক্য নাই সেয়া বুজি পালে অসঙ্গত্বৰ তত্ত্ব উপলব্ধি হয়। অসঙ্গত্বৰ আনন্দ বিচাৰি পোৱা মানে কাহানিও নিসঙ্গ নোহোৱা। “ৱসুধৈৱ কুটুম্বকম”ৰ প্ৰকৃত উপলব্ধি হয় অসঙ্গত্বত।

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?
Spirituality

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

by Pradakshina Sarmah
August 13, 2026
0

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach PRADAKSHINA SARMAH Spirituality is a strong aspect of human...

Read moreDetails
কচু শাকৰ গুণাগুণ

কচু শাকৰ গুণাগুণ

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

July 29, 2026
Of Gurus, the True and the False

Of Gurus, the True and the False

July 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d