-মনোজ কুমাৰ ডেকা |
…শিলপুখুৰী নাপাওঁতেই পোৱা হয় এখুদ ককাইদেউ, নৱকান্ত বৰুৱাদেৱৰ বাসগৃহলৈ যোৱা পথ । বিশিষ্ট সংগঠক ফণী তালুকদাৰৰ ঘৰ এৰিলেই ছাৰৰ ঘৰ । মই প্ৰায়েই যাওঁ । লগত থাকে দুটা বা তিনিটা কেমেৰা । ছাৰৰ সৈতে কেতিয়া কি বিষয়ত কথা হয় তাৰ ঠিকনা নাই । বেছি ভাগ সময়ত আপেল মুখৰ এখুদ কঁকাইদেৱে পঢ়িয়েই থাকে ।…
মই যাওঁ । বহো । আলেখলেখ চাওঁ । যধেমধে যি কোনো কথা কিছুমান ঠাইত কোৱা মানা । নকওঁ সেয়ে । বহি থাকো । আৰামী চকীখনত আউজি ছাৰে পঢ়ি থাকে। দুপৰীয়াৰ সময় । মাজে মাজে ছাৰে পাইপত ধঁপাত খায় । মোক কয়-“মনোজ, মই অকণ প্ৰদূষণ কৰিছো দেই…বেয়া নাপাবা ।” মই হাঁহি দিওঁ ! ভাল লাগে মোৰ সময়খিনি । কথা কেইটা । …
মই বহি থাকো । চাই থাকো । ভাবি থাকো । …এয়াই নৱকান্ত বৰুৱা । আৰু এয়া মই তেখেতৰ ওচৰত । বহি আছো …! ৱাও ! নিজকে ৰাজ্যখনৰ ভীষণ কিবা এটা যেন লাগে । নিজেই নিজক কওঁ- ভাব, বহি আছ কাৰ ওচৰত !
মই তেনেকৈ ভাবি ভুল কৰিছিলোঁ নেকি !? নাই কৰা যেন লাগে মোৰ । নাই, মই ভুল কৰা নাছিলো । খাটাং ।
বাইদেৱে অসুখীয়া দেহেৰে চাহ বনাই দিয়ে । খাওঁ । ছাৰে পঢ়ি থাকে । মই একো নকৈ ফটো লওঁ । ফ্লাশ ব্যৱহাৰ নকৰো । তেতিয়া কৃত্ৰিম পোহৰে চকুত নধৰে । কোনো এজনক নীৰৱে লক্ষ্য কৰাৰ, পঢ়িবলৈ যত্ন কৰাৰ মজাই বেলেগ । বিশেষকৈ, তেওঁ যদি গুণী হয় বা আপোনাৰ প্ৰিয় হয় !
…ক্লিক ক্লিক ক্লিক !
দুপৰীয়াৰ নিৰৱতা, কঁপনি উঠে । অকণমান । বেছি নহয় । কাৰণ মই নীৰৱ । ছাৰ নীৰৱ । ধোঁৱাই শব্দ নকৰে ।
ছাৰে কৈছিল-“ই ফটো ললে মই ভালপাওঁ ।…একো নকয় । মুখেৰে নামাতে ।”
মই ছাৰক এদিন কৈছিলোঁ, ছাৰ আপুনি আপোনাৰ কাম আগবঢ়াওক । মই মোৰ কাম কৰিম । …
কৈছিলো এই বাবেই যে, কেতিয়াবা মানুহজন সচেতন হৈ পৰিলে, ফাটোখন থমথমিয়া হৈ পৰে । তাত জীৱন নেথাকে । মই মোৰ ফটোত বিচাৰিছিলো নৱকান্ত বৰুৱাক । এখুদ ককাইদেৱক । …
*****
এদিন মই আছো ছাৰৰ কাষত । ছাৰে পঢ়িছে । মই কিবাকিবি কৰিছো । চেলেংপেটেং । ফটো লৈছো ।
হঠাৎ আহিল আইনু’বা ! আইনু’বা ঘৰত সোমাব লওঁতেই ছাৰে মাতিলে-“হেৰী ও আইনু..!”
আইনু’বাই খোজ পিছুৱালে ।
“ক…কি ?”
” সাহিত্য অকাডেমিৰ অফাৰ এটি পাইছো । কলিকতালৈ যাব লাগে …!”
“যাবি আকৌ, দেহাটোও দেখুৱাই আহিবি !”
ছাৰে মিচিকিয়াই হাঁহি মাৰি যি কৈছিল, মোৰ আজিও মনত আছে । ছাৰে কৈছিল-“মই উনাশীত ভৰি দিম । আৰু জীয়াই থাকিবলৈ মন নাই…!”
পিছদিনা দুপৰীয়া ভাত খাই থাকোতে ডিঙিত লাগিল । ককাদেউতাৰ হাড় বিচাৰি কবি গুচি গ’ল ।
যাওঁ বুলিয়েই গ’ল । এক মুহূৰ্ত নৰ’ল ।…
পিছদিনা খবৰ পাই মই গৈছিলোঁ । বিকৃত মৃতদেহ দেখিলেও ভয় নোখোৱা এই মনোজৰ সিদিনা হাত ভৰি কঁপিছিল । আইনুবাই মোক সাৱটি সাৱটি কান্দিছিল…
ৰবীন্দ্ৰ ভৱনত আয়োজিত স্মৰণ সভাত কবি হীৰেন ভট্টাচাৰ্যই নৱকান্ত বৰুৱাৰ অৱৰ্তমানত তেওঁক সুঁৱৰি লিখা কবিতা পাঠ কৰিছিল-
“জুইকুৰা বঢ়াই দে
হাতখন সেকি লওঁ…!”
নৱকান্ত বৰুৱাৰ অৱৰ্তমানত পৃথিৱীলৈ আশাতীত শীত নামি আহিছে । কবি হীৰেন ভট্টাচাৰ্যৰ ঠাণ্ডা লাগিছে । হাত কঁপিছে । জুইকুৰা বঢ়াই দিবলৈ খাটনি ধৰিছে । ৰবীন্দ্ৰ ভৱনত নীৰৱতাই তাণ্ডৱ নাচিছে…
মোৰ আজিও মনত আছে । থাকিব । মনত পৰিলে মোৰ এনে লাগে, যেন সূৰ্য শেষ হৈ গ’ল ! কেওফালে বৰফ… শীত…ঠাণ্ডা…!
***********
অসমীয়া জাতিৰ ” মস্তকমণি” ড. ভূপেন হাজৰিকা l আমাৰ সকলোৰে অতি চেনেহৰ ভূপেন ককাইদেউৰ কথা কৈছোঁ । কিনো নকৰে ! লিখে, সুৰ দিয়ে, গায় l অকলেই দেখোন এটা অনুষ্ঠান l কোনে চাপিবলৈ সাহস কৰে বাৰু !
আজিৰ পৰা কেইবাটাও দশক পূৰ্বেই তেখেতৰ গীতে সামৰি পেলাইছিল দেশ, ৰাষ্ট্ৰ বা বিশ্বক l প্ৰকৃতিক l জাতি জনগোষ্ঠীক l আমাৰ আশা, আমাৰ দুখ, আমাৰ ভাষা , আমাৰ সুখ সকলো পাওঁ তেখেতৰ গীতত l তেখেতৰ গীত আমাৰ বাবে নিজক জুমি চাব পৰা এখন আইনা l ভূপেন’দাই আমাক এনেদৰে সমৃদ্ধ কৰাৰ পিছত এতিয়া আমি পেদেল মাৰি মাৰি মাৰি মাৰি ছোৱালীৰ ঘৰৰ আগেৰে পাইছাৰি কৰো l একাবেকা বাটেৰে টেক্সিত উঠি চিলঙলৈ যাওঁ l গা’ত গা ঘহিয়াই চেল্ফি উঠো l
ড° ভূপেন হাজৰিকাই অধিকাংশ গীত নিজেই লিখি সুৰ দি সুৰীয়া কন্ঠেৰে গাইছিল l কিন্তু আনে লিখা যে একেবাৰেই নাগাইছিল তেনে নহয় l তেখেতে আনে লিখা গীতো অলেখ গাইছে l উদাহৰণ বহু আছে l
এবাৰ ভূপেনদা’ই লগ পালে “এখুদ ককাইদেউ” নৱকান্ত বৰুৱাক l বিভিন্ন কথা হ’ল l ইয়াৰ মাজতে ভূপেনদা’ই কলে-“আপুনি মোৰ বাবেও গীত নিলিখে কিয় ?”
নৱকান্ত বৰুৱা অকণ ৰ’ল l তাৰপিছত ক’লে -” আপুনি আনে লিখা গীত গায় জানো !”
তেতিয়া ভূপেনদা’ই কাৰ কাৰ গীত গাইছে তাৰ তালিকা গাই গ’ল l এখুদ ককাইদেউ বাধ্য হ’ল ভূপেনদা’ৰ বাবে গীত লিখিব l
…এদিন গধূলি বৰুৱাদেৱ বহি আছিল বাৰান্দাত l আইনু’বা জপিয়াই আছিল চোতালত l কবিয়ে দেখিলে আইনু’ৰ চকুৰ মণিত পাহাৰখনে নাচিছে l আইনু’ৰ প্ৰতিটো জাপত পাহাৰখনেও উঠানমা কৰিছে l কবিয়ে লিখিব ল’লে l জন্ম হ’ল এটি যুগমীয়া গীতৰ-
” নিয়ৰৰে ফুল
এপাহ ফুলিল এপাহ সৰিল কেনি
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি
আইনুজনীৰ চকুৰ মণিত দিনৰ পাহাৰ
নাচিছিল
সেই পাহাৰেই ৰাতিৰ মায়াত
আকাশ হৈ পৰিছিল
অন্ধকাৰৰ এটোপাল মম
গান হৈ সৰি পৰিছিল
শব্দময়ী পৰীৰ ৰাণী
উৰি আহিছিল
গণি গণি তৰাৰ মায়াৰ মণি
সেই কন্ঠমণিৰ গুণগুণনি
সৰি পৰি
সৰি পৰি
বণৰ নিয়ৰ হ’ল
এপাহ ফুলিল এপাহ সৰিল কেনি l”
-পৰবৰ্তী কালত ভূপেনদা’ই কৈছিল যে তেওঁ গোৱা দহটা শ্ৰেষ্ঠ গীতৰ এটা “নিয়ৰৰে ফুল…।”
সেয়া আছিল এখুদ ককাইদেউৰ সৃষ্টি…!
মোৰ ভাল লাগে, মই তেওঁ পাইপত ধঁপাত খাই দুপৰীয়াৰ নির্জনতাত ডুবি থকা ফটো লৈছিলো । তেখেতক প্ৰাণভৰি চাইছিলো…!
আপুনি দেখিছে জানো, এখুদ কঁকাইদেৱে পঢ়ি থকা । নাই দেখা ! …এয়া চাওক । মই আপোনাৰ বাবেই লৈছিলোঁ এই ফটোখন । একমাত্ৰ আপোনাৰ বাবে ।