–দিলীপ দৈমাৰী |
১৩ ছেপ্তেম্বৰ, সোমবাৰে নৰৱেৰ জাতীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ১৬ ছেপ্তেম্বৰ, বৃহস্পতিবাৰে ফলাফল প্ৰকাশিত হ’ল। এই ফলাফলৰ ফলত সুদীৰ্ঘ কালৰ পিছত ৰক্ষণশীল সোঁ-পন্হী দলৰ প্ৰধান তথা নৰৱেৰ প্ৰধানমন্ত্ৰী এৰনা চোলবাৰ্গে নিজৰ কাৰ্যালয় ত্যাগ কৰিবলগীয়া হল। নৰৱেৰ সম্ভাৱ্য প্ৰধানমন্ত্ৰী হিচাপে লেবাৰ পাৰ্টিৰ প্ৰধান জোনাচ্ গহৰ ষ্টোৰ-এ সম্ভৱতঃ ২০ ছেপ্টেম্বৰত শপত গ্ৰহণ কৰিব। লেবাৰ পাৰ্টি, সমাজতান্ত্ৰিক বামপন্থী দল আৰু চেন্টাৰ পাৰ্টিৰে গঠিত জোঁট-এ সংসদৰ মুঠ ১৬৯ খন আসনৰ ৮৯ খন জখল কৰিছে আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। এনে ফলাফলৰ পটভূমিত ৰক্ষণশীল সোঁপন্থী দলৰ নেতা প্ৰধানমন্ত্ৰী এৰনা চোলবাৰ্গ-এ পৰাজয় স্বীকাৰ কৰে।
২০০১ চনৰে পৰাই ক্ষমতাত থকা এৰনা চোলবাৰ্গ-এ জোনাচ গহৰ ষ্টোৰ-অক নৰৱেৰ স্থানীয় সময় অনুসৰি নিশা ১১ বজাত ফোন কৰি নিৰ্বাচনী জয়লাভৰ বাবে অভিনন্দন জনায়। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত জয়ী লেবাৰ পাৰ্টিয়ে ২০১৭ চনৰ নিৰ্বাচনত ২৭.৪ শতাংশ ভোট পাইছিল, যি পৰিমাণ এইবাৰতকৈ প্ৰায় ১ শতাংশ বেছি। আনহাতে ক্ষমতাসীন ৰক্ষণশীল সোঁপন্থী দলে যোৱা নিৰ্বাচনতকৈ এইবাৰ প্ৰায় ৫ শতাংশ ভোট কমকৈ পোৱা হেতুকে ক্ষমতা লাভ কৰিবলৈ সক্ষম নহ’ল। বিদায়ী প্ৰধানমন্ত্ৰী এৰনা চোলবাৰ্গ-এ কৈছে যে , ‘ ইমান বছৰে আমি যি অৰ্জন কৰিবলৈ সক্ষম হ’লো, তাৰবাবে আমি অবিশ্বাস্য ভাৱে গৰ্বিত। মোৰ বিশ্বাস আছিল, এইবাৰো জয়লাভ কৰি অলৌকিক কাৰ্য সম্ভৱ কৰি তুলিব পাৰিম; কিন্তু সেই অলৌকিক ঘটনা সংঘটিত নহ’ল।’ আনহাতে, নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হোৱা জোনাচ গহৰ ষ্টোৰ-এ কৈছে যে, ‘ আজি মই এনে এটা দলক নেতৃত্ব দিবলৈ পাই উচ্ছ্বাস প্ৰকাশ কৰিব বিচাৰো – যি দলৰ সদস্য সকলে অবিশ্বাস্য ভাৱে কষ্ট কৰি, সংগ্ৰাম কৰি দলৰ বাবে বিজয় মালা আজুৰি আনিবলৈ সক্ষম হৈছে। ছয়মাহ আগতেও বিভিন্ন সমীক্ষাত আমাৰ দলৰ বিজয় সম্ভৱ নহয় বুলি কোৱা হৈছিল, কিন্তু সেই সমীক্ষাক ভুল প্ৰমাণিত কৰি আমাৰ দলে নিজৰ নীতি-দিকনিৰ্দেশনা অনুসৰি কষ্টসাধ্য কৰ্মৰ দ্বাৰা বিজয় আজুৰি আনিবলৈ সক্ষম হ’ল ।’