-মৌলি ধৰ |
এটি শিশুৰ জন্মৰে পৰা অনৌপচাৰিক শিক্ষা আৰম্ভ হয় ঘৰখনৰ পৰা | এখন ঘৰ আৰু তাৰ সামূহিক পৰিবেশৰ ওপৰত শিশুৰ ভাষিক, মানসিক, শাৰিৰীক আৰু বৌদ্ধিক বিকাশ বহু পৰিমাণে নিৰ্ভৰশীল | কিন্তু জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়, শিশু আৰু কৈশোৰ অৱস্থা, যেতিয়া মানুহৰ বিকাশৰ উত্কৰ্ষ সাধন সম্ভব সেই অৱস্থা পাৰ হয় বিদ্যালয়ত | গতিকে বিদ্যালয় হৈছে এনে এক স্থান য’ত শিশুৰ বৌদ্ধক, মানসিক, চৰিত্ৰগত আৰু নীতিগত দিশৰ শিক্ষা আৰু বিকাশৰ ওপৰত কেৱল গুৰুত্ব আৰোপ কৰাই নহয়, প্ৰয়োজনীয় পদক্ষেপো লোৱা হয় | সভ্যতাৰ আৰম্ভনিৰ লগতে আনুস্থানিক শিক্ষাও আৰম্ভ হ’ল আৰু সময়ত শিক্ষালাভ কেৱল প্ৰয়োজনীয়তাতে সীমাবদ্ধ নাৰাখি ইয়াক এক অধিকাৰ ৰূপে গণ্য কৰা হ’ল |
সময় পৰিৱৰ্তনৰ লগতে বিকাশৰ দিশতো বহুত পৰিৱৰ্তন হ’ল আৰু শিক্ষা ব্যৱস্থাতো আমূল পৰিৱৰ্তন আনিলে | ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থা অৱশ্যে এটি সুপৰিকল্পিত, উন্নত আৰু শৃংখলাবদ্ধ শিক্ষা ব্যৱস্থা বুলি জনা যায় | আধ্যাত্মিক, সামৰিক, ভৌতিক আদি শিক্ষাই প্ৰাধান্য পোৱা সমস্ত শিক্ষণ প্ৰণালীটোৱেই নীতিগত শিক্ষা আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল | বেদ, পুৰাণ, উপনিষদ আৰু আন আন মহাকাৱ্য সমূহত ইয়াৰ আভাষ পোৱা যায় | বুৰঞ্জি, ভুগোল, গণিতশাস্ত্ৰ আদিও শিক্ষাৰ বিষয় আছিল যদিও নীতিশিক্ষা অনবদ্য অংশ আছিল | প্ৰাচাত্যত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাব আৰু ইয়াৰ দ্ৰুত প্ৰসাৰে আধুনিক ভাৰতীয় শিক্ষা ব্যৱস্থাত ঠাই ল’লে | নতুন নতুন বিষয়ৰ অন্তৰ্ভুক্তিয়ে নীতিশিক্ষা বিষয়টো বিলুপ্ত কৰিলে |
শিক্ষালাভৰ মূল অৰ্থ এতিয়া প্ৰতিযোগীতা মাথোন | আনুষ্ঠানিক শিক্ষাৰ শেষ পৰ্যায় এতিয়া সমাজত প্ৰতিষ্ঠা লাভ কৰা | এই প্ৰতিযোগীতাৰ মাজতে প্ৰেম , ভাতৃত্ববোধ, সমাজ আৰু পৰিয়ালৰ প্ৰতি দায়বদ্ধতা, নিষ্ঠা, ধৰ্য্য, মানৱতা আদি গুণসমূহ লাহে লাহে বহুত কমি গ’ল | একক পৰিয়াল আৰু অতিমাত্ৰা চাপে শিশুসকলক অধিক আত্মকেন্দ্ৰিক কৰি তুলিলে | পাঠদান চলি থকা অৱস্থাত মোবাইল ফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা ছাত্ৰই পৰৱৰ্তি সময়ত শিক্ষকক ভাবুকি দিয়া নাইবা শাৰীৰিক আক্ৰমণ কৰা, কোনো সাধাৰণ নিৰপৰাধী লোকক সামান্য দোষতে মনৰ ক্ষোভ উজাৰি প্ৰহাৰ কৰা, মহিলাৰ মৰ্যদাহানি কৰা, অসংযমী হোৱা, আই পিতাইক অসন্মান কৰা আৰু পৰৱৰ্তি সময়ত বৃদ্ধাশ্ৰমৰ বাট দেখুৱা, পৰিয়ালৰ সদস্যৰ প্ৰতি দুৰ্ব্যৱহাৰ ইত্যাদি সমাজত বৰ সাধাৰণ হৈ পৰিল | নীতিশিক্ষাৰ অভাৱ আৰু ইয়াৰ প্ৰভাৱত মূল্যবোধৰ অবক্ষয়ে সমাজখনক কোঙা কৰি পেলালে | এনে উগাহৰণ আৰু বহুত পোৱা যায় | এনে পৰিস্তিতিয়েই একো একোজন অপৰাধী, দুষ্কৃতিকাৰী, দুৰ্নীতিকাৰীৰ জন্ম দিয়ে | সমাজত পৰা ইয়াৰ বিকৃত প্ৰভাৱলৈ চাই সমাজবিদ আৰু শিক্ষাবিদ সকলে নীতিশিক্ষা বিষয়টো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাটো বিবেচনা কৰিলে | সেইমৰ্মেই ২০১৫ বৰ্ষৰ, ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে PIL যোগে কেন্দ্ৰ আৰু CBSE লৈ এক নিৰ্দেশনা জাৰি কৰে | ইয়াৰ দ্বাৰা নীতিশিক্ষা(moral science)ক স্কুল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক কৰা হয় | অধিবক্তা সন্তোষ সিংয়ে উপস্থাপন কৰা আৰু ন্যায়াধীশ এইচ এল্ দত্তৰ অধীনত থকা বিষয়টোৱে উপযুক্ত সহাঁৰি লাভ কৰে |
সেইমৰ্মেই বিদ্যালয় সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে নীতিশিক্ষা বিষয়টো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হোৱাটো বাধ্যতামূলক কৰা হয় | নীতিশিক্ষাত মূলত আত্মনিৰ্ভৰশীলতাৰ পৰা আদি কৰি চাফচিকূণতালৈ, বিশ্বশান্তিৰ পৰা দূৰ্যোগ পৰিকল্পনা পৰ্যন্ত সকলো অন্তৰ্ভূক্ত কৰা হৈছে |ইয়াৰ উপৰি হাস্যৰসক আটাইতকৈ উত্তম ঔষধ আৰু মানৱ প্ৰেম জীৱনত আটাইতকৈ প্ৰয়োজনীয় আদিও শিকোৱা হয় | মানৱতা, দ্বায়িত্ববোধ, সংযম আদিৰ দ্বাৰা বিশ্বখন কেনেদৰে জীৱকূলৰ বাবে আৰু সুন্দৰ কৰি তুলিব পাৰি এনেবোৰ ধাৰণা দিয়া হয় |যোগাত্মক চিন্তাধাৰা, নেতৃত্বসম্পন্ন গুণ, একতাৰ শক্তি, সময়ৰ সঠিক ব্যৱহাৰ, জেষ্ঠজনৰ প্ৰতি সন্মান, কনিষ্ঠজনৰ প্ৰতি মৰম, ভাতৃত্ববোধ, আদিও নীতিশিক্ষাৰ বিষয়বস্তুৰ অন্তৰ্গত | ইয়াৰ উপৰিও বিদ্যালয়ৰ ভিতৰত বা বাহিৰত নিয়মানুবৰ্তিতাৰ প্ৰয়োজনীয়তা, দেশৰ ঐতিয্য সমূহৰ সংৰক্ষণ, জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো উত্সৱ পালন আৰু ইয়াৰ দ্বাৰা ভাতৃত্ববোধৰ জাগৰণ আদিও নীতিশিক্ষাৰেই অংশবিশেষ | আনকি পুষ্টিদায়ক খাদ্যৰ প্ৰয়োজনীয়তা আৰু গ্ৰহণপ্ৰক্ৰিয়া, লগতে ভাৰসাম্য ৰক্ষা কৰি তৈয়াৰ কৰা খাদ্যভাসো এই পাঠ্যক্ৰমৰেই অংশ | যদিও এই পাঠ্যক্ৰমত বিভিন্ন দিশ সন্নিবিষ্ট কৰা হৈছে, তথাপি ছাত্ৰ ছাত্ৰীৰ মাজত এই বিষয়বস্তু সমূহৰ উপস্থাপণ আৰু দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰৰ মাজত পাৰ্থক্য দেখা যায় | যদি ইয়াৰ প্ৰধান আসোৱাঁহসমূহ বিবেচনা কৰা হয়, তেনেহ’লে দেখা যায় যে বিষয়ধৰ্মী পাঠ্যক্ৰম ইয়াৰ মূল অন্তৰায় | কেতিয়াবা কেৱল নম্বৰ আহৰণৰ বাবে বিষয়টো পঢ়া দেখা যায় | তদুপৰি মূল পৰীক্ষাত গ্ৰেড হিচাপেহে মূল্যাংকণ কৰা হয় বাবে ছাত্ৰ ছাত্ৰীয়ে বিশেষ আগ্ৰহেৰে বিষয়টোক লোৱা দেখা নাযায় |
যিহেতু নীতিশিক্ষাৰ প্ৰকৃতি হৈছে ব্যক্তিনিষ্ঠ, গতিকে ই কেৱল শিক্ষাগ্ৰহণৰ স্থানৰ পৰা লোৱাটো সম্ভৱ নহয় | তথাপি শিক্ষাবিদসকলে নীতিশিক্ষাক পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত কৰাৰ লগতে ছাত্ৰসমাজে যাতে ইয়াক জীৱনপ্ৰণালীত সহজে প্ৰয়োগ কৰিব পাৰে, তেনে পাঠ্যক্ৰম যুগুত কৰা উচিত | ইয়াৰ বাবে কিছু উদাহৰণ সমাজৰ তথাকথিত সামাজিক, পাৰিবাৰিক শিক্ষা ব্যৱস্থাৰ পৰাও লব পাৰি |
(ক) সাধুকথাৰ যোগেদি শিশুসকলক নীতিশিক্ষাপ্ৰদান কৰিব পৰা যায় | ককা আইতা নাইবা মা দেউতাৰ মুখেৰে শুনা সাধুকথাবোৰ শিশুসকলৰ মনত এক সুকীয়া স্থান পায় | সাধুৰ পৰাই শিশুৱে বেয়াৰ মাজৰ পৰা ভালখিনি বাচি উলিয়াব শিকে | সৰু শ্ৰেণীৰ বাবে পাঠ্যক্ৰমত সৰু সৰু গল্প, সাধুকথা আদিৰ যোগেদি ফলপ্ৰসু হোৱাকৈ নীতিশিক্ষা দিব পৰা যায় |
(খ) চিনেমা নীতিশিক্ষাৰ মাধ্যম হব পাৰে | এনে কিছু কথাছবি প্ৰস্তুত কৰি উলিওৱা হওক য’ত হাস্যৰসৰ সংযোজনেৰে কাহিনীভাগ মনোগ্ৰাহী কৰি তোলা হয় | এনে কথাছবিৰ মূল বিষয়বস্তু নীতিশিক্ষাৰ ওপৰতেই আধাৰিত হোৱা উচিত | মূল্যবোধৰ অভাৱৰ বাবে হব পৰা কুফলসমূল কৈশোৰ অৱস্থাৰ ছাত্ৰসকলে সহজেই উপলব্ধি কৰিব পাৰিব |
(গ) নীতিশিক্ষাৰ আন এক অনবদ্য অংশ হৈছে মূল্যবোধৰ শিক্ষা | কেৱল পুথিগত শিক্ষাৰ দ্বাৰা মূল্যবোধৰ চেতনা জগাই তোলাটো সম্ভৱপৰ নহয় | কিছু সৰু সৰু প্ৰজেক্ট নাইবা শিক্ষামূলক ভ্ৰমণৰ মাধ্যমেৰে সমাজৰ পীড়িত, অনগ্ৰসৰ, অশ্পৃশ্য মানুহখিনিৰ বাবে মনত সমবেদনা সৃষ্টি কৰিব পৰাটো এনে কাৰ্যৰ লক্ষ হোৱা উচিত | বৃদ্ধাশ্ৰমৰ আবাসীক সকলৰ মানসিক বিপৰ্যয়ৰ পৰা আৰম্ভ কৰি ‘ডাইনী’ হত্যালৈকে বিভিন্ন জলন্ত সমস্যাসমূহ ছাত্ৰসমাজত ডাঙি ধৰিব পৰাটো মূল্যবোধৰ চেতনা জগোৱাৰ বাস্তৱিক প্ৰয়াস বুলি কব পাৰি |
পাঠ্যক্ৰমত নীতিশিক্ষাৰ অন্তৰ্ভূক্তি তেতিয়াহে ফলপ্ৰসু হব যেতিয়া ই সমাজত হেৰাই যোৱা মানৱীয় চেতনা জাগ্ৰত কৰিবলৈ সক্ষম হ’ব | নীতিশিক্ষাৰ বাস্তৱিক আৰু ব্যৱহাৰিক প্ৰয়োগেহে উচিত অৰ্থত মানুহৰ চিন্তাধাৰাত পৰিবৰ্তন আনিব পাৰিব | মূল্যবোধৰ অবক্ষয়ে যেনেকৈ সমাজত হিংসা, হত্যা, জেষ্ঠৰ প্ৰতি অসন্মান, অসংযত ব্যৱহাৰ, বিবেকহীন, দয়াহীন, আৰু আত্মকেন্দ্ৰিক কৰি তুলিছিল, তেনেদৰেই নীতিশিক্ষাৰ ব্যৱহাৰিক প্ৰয়োগেৰে সমাজত ভাতৃত্ববোধ, বন্ধুত্বপূৰ্ণ ব্যৱহাৰ , দয়া ,কৰুণা, শ্ৰদ্ধা, পাৰিবাৰিক আৰু সামাজিক দায়বদ্ধতা পুনৰ প্ৰতিষ্ঠা কৰিব পৰা যাব | সেয়ে নীতিশিক্ষাৰ পাঠ্যক্ৰমক নতুনকৈ সজাই তুলি ছাত্ৰসমাজত মূল্যবোধ আৰু নীতিজ্ঞানৰ বেশভূষাৰে পুনৰ সজাই তোলা হওক |