নীলপৱন বৰুৱা
কুমাৰ দীপক দাস
১৯৬৬ চনত শান্তিনিকেতনৰ পৰা ওলাই ‘গুৱাহাটী আৰ্ট কলেজ’ত শিক্ষকৰ কামত যোগ দি অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰি চিত্ৰ-শিল্প সৃষ্টিৰ কামত একান্ত ভাবে লাগি থকা সেই গৰাকী বিশাল হৃদয়ৰ চিৰ নমস্য পুৰোধা শিল্পী যাৰ অংকিত ছবিয়ে ‘ললিত কলা একাডেমি, দিল্লী’-ত অসমক প্ৰতিনিধিত্ব কৰিছে সেই গৰাকী স্বনামধন্য শিল্পী আমাৰ অতি আদৰৰ আৰু শ্ৰদ্ধাৰ চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ বিয়োগত আমি মৰ্মাহত হৈছো ৷
নীলপৱন বৰুৱাৰ জন্ম ১৯৩৬ চনৰ পহিলা জুনত যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ তামুলীছিঙা গাঁৱত। পিতৃ ‘ধ্বনি কবি’ ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা।
নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিবেশ কৰিম বুলি কলেজীয়া শিক্ষা লোৱা নাছিল। প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে শান্তিনিকেতন-ত শিক্ষা লোৱাৰ মানস কৰে আৰু কলিকতালৈ আহে।
প্ৰথমে তেখেতৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহণ কৰে।
১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেখেতে শ্ৰী নিকেতনৰপৰা glazed pottery বিষয়ত শিক্ষা লয়। পাছলৈ বৰুৱাই নতুন দিল্লীৰ ‘গাৰ্হি ষ্টুডিঅ’তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।
১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি ‘গুৱাহাটী আৰ্ট কলেজ’ত শিক্ষকৰ কামত যোগ দিয়ে।
১৯৭১ চনত অসম চাৰু-কাৰু কলা পৰিষদপ্ৰতিষ্ঠা কৰে, লগতে ‘বসুন্ধৰা কলা নিকেতন’ নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ ‘বিৰলা একাডমি অফ্ আৰ্ট এণ্ড কালচাৰ, কলিকতা’, ‘লক্ষ্ণৌ ললিত কলা একাডেমি’, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে ‘ললিত কলা একাডেমি, দিল্লী’-ত অসমক প্ৰতিনিধিত্ব কৰিছে।
১৯৮২ চনত বৰুৱাই অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰে। মুখা শিল্পৰ কাৰ্যশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। বৰুৱাই বৃন্দাৱনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল।
চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত অংকিত চিত্ৰ
নীলপৱন বৰুৱাই ‘চাৰমিনাৰ’ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে। নীলপৱন বৰুৱাই উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে তেখেতে চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল আৰু সেই সময়ত তেখেতে প্ৰচূৰ ধূমপান কৰিছিল।
অসম আৰু অসমীয়া জীৱনৰ বাবে এতিয়া যেন দুখ আৰু বেদনাৰে ভৰা এক দুৰ্যোগৰ সন্ধিক্ষন ,এজনৰ পিচত আনজন দিগ্বজক হেৰুৱাই আমি হতাশাত ভুগিছোঁ ৷ এগৰাকী সঁচা শিল্পী হিচাবে কেৱল নহয় বহল অন্তৰৰ প্ৰকৃত মানৱতাবাদী ব্যক্তি হিচাবে আমাৰ বাবে নীল পৱন বৰুৱাদেৱ চিৰ স্মৰণীয় হৈ ৰ’ব ৷
জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰ বাইদেউৱে ‘মটৰ-নিউৰণ ৰোগ’ত আক্ৰান্ত হৈ সেই কোকিল কন্ঠ হেৰুৱাই দিশহাৰা হোৱা সময়ত তেখেতে দেখুওৱা আত্মিয়তা আৰু সামাজিক দায়বদ্ধতাৰ আদৰ্শ সমাজৰ বাবে সদা অনুকৰণীয় হৈ ৰ’ব ৷
মুখা শিল্প আৰু বৃন্দাৱনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰ-জীৱিত কৰাৰ বাবে লোৱা প্ৰচেষ্টা আছিল তেখেতৰ অন্য এক কৃতিত্ব ৷
বিশিষ্ট চিত্ৰ শিল্পী নীল পৱন বৰুৱাদেৱৰ বিয়োগত অসমবাসীয়ে হেৰুৱালে এগৰাকী নিভাজ চিত্ৰ শিল্পী। নীৰৱে কাম কৰি যোৱা এই গৰাকী অসাধাৰণ শিল্পীৰ মৃত্যু শিল্পীৰ পৃথিবী খনৰ উপৰিও আমাৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ৷ মানবতাবাদী বিশিষ্ট শিল্পী আমাৰ হিয়াৰ আমঠু নীল পৱন বৰুৱাদেৱৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
28-10-2022
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)