• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

নীলা নীলা সাগৰ : নালাগে মোৰ অকণো ভাগৰ

ভৱেশ শৰ্মা

by Anjan Sarma
October 4, 2023
in Travel
Reading Time: 5 mins read
0
নীলা নীলা সাগৰ : নালাগে মোৰ অকণো ভাগৰ
Share on FacebookShare on TwitterShare on LinkedIn

নীলা নীলা সাগৰ

ভৱেশ শৰ্মা

নীলা নীলা সাগৰ : নালাগে মোৰ অকণো ভাগৰ
Photo by Gül Işık on Pexels.com

“ফাচফো:”— প্ৰশ্নবোধক চাৱনিৰে মোৰ ফালে চাই কৈ উঠিল ইউনিফৰ্ম পৰিহিতা থাই মহিলা বিষয়া গৰাকীয়ে ।

বৰ বিমোৰত পৰিলো মই । অচিন মুলুক ।  এই প্ৰথম বিদেশ ভ্ৰমণলৈ আহিছো মই । খাৰখোৱা গাৱলীয়া মানুহ মই । বিদেশৰ আও ভাও একোকে বুজিকে নাপাওঁ ।

কলিকতাৰ পৰা মাজনিশা বিমানেৰে উৰি আহি পুৱতি নিশা বেংকক আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ immigration counter ত এনেকুৱা আজৱ প্ৰশ্নৰ সমুখীন হলে মোৰ নিচিনা  অলপ ধতুৱা এজন শংকিত হোৱাৰেই কথা ।

ৰহস্যৰ সমাধান হল অলপ পিচতেই ।
মহিলা বিষয়া গৰাকীয়ে মোৰ পাচপোৰ্ট  খন চাব বিচাৰিছে ।

কান্ধৰ বেগটোৰ পৰা মোৰ পাচপোৰ্ট খন উলিয়াই সভক্তিৰে আগবঢ়াই দিলো মহিলা বিষয়া গৰাকীৰ পিনে ।

বেংকক বিমান বন্দৰৰ immigration counter ত ৰাতিপুৱাই খুব হুলস্হূলীয়া দীঘল লাইন লাগি যায় বুলি মই শুনিছিলো । তাৰ পৰা পৰিত্রাণ পাবলৈকে মই অলপ পইচা খৰচ কৰি আমাৰ দুজনৰ বাবে e-visa বনাই লৈ গৈছিলো ।

তাৰ পৰা পিচে মোৰ বিশেষ লাভ নহল ।

  লাইনত থিয় হৈ বোন্দাপৰ দি আমাৰ পাল আহালৈকে অপেক্ষা কৰিবই লাগা হল ।

যাহওক, এটা সময়ত এই আমনিদায়ক পৰ্বৰ সামৰণি পৰিল ।


-“Okay, you can stay for 15 days”– ‘ফাচফো’ খন মোলৈ ঘূৰাই দি হাঁহিমুখে কলে মহিলা বিষয়া গৰাকীয়ে ।

নীলা নীলা সাগৰ : নালাগে মোৰ অকণো ভাগৰ
বেংকক বিমান বন্দৰ

বস্তু বাহানি ট্ৰলী এখনত বোজাই কৰি দি শ্ৰীমতী আৰু মই ওলাই আহিলো বিমান বন্দৰৰ বাহিৰলৈ । পাটায়া অভিমুখী বাচৰ কাউন্টাৰটো বিচাৰি পাবলৈ আমাৰ বিশেষ কষ্ট নহল । প্ৰতি আধা ঘন্টাৰ  অন্তৰে অন্তৰে ইয়াৰ পৰা পাটায়ালৈ বাচ চলে ।

বেংককৰ স্থানীয় সময় মতে তেতিয়া ৰাতিপুৱা সাত বাজিছে । সাত বজাৰ বাচ খনত চীট খালী নাই । তাৰ পিচৰ বাচ খনতে আমি দুটা টিকট বুক কৰি ললো।

-“কিবা এটা খাই লোৱাই ভাল হব নেকি । ভোক লাগিছে। পাটায়া গৈ পাবলৈতো কমেও দুঘন্টা লাগিব।”— ভাল কথাটোকে সোৱৰাই দিলে শ্ৰীমতীয়ে।

ওচৰতেই আছিল এখন সুদৃশ্য ৰেস্তোৰাঁ । কাচৰ সুন্দৰ শ্বো কেছ বোৰত বিভিন্ন ৰঙৰ বিভিন্ন ঢঙৰ খাদ্য সম্ভাৰ অতি লোভনীয় হৈ জিলিকি আছে ।

কাচৰ দৰ্জা খন লাহেকৈ খুলি আমি ভিতৰত প্ৰবেশ কৰিলো ।

ৰেস্তোৰাঁৰ ভিতৰৰ টেবিল বোৰৰ কাষে কাষে ভাগে ভাগে মানুহ ভোজন পৰ্বত ব্যস্ত । সকলো বোৰেই মংগোলীয় গোষ্ঠীৰ লোক যেন অনুভব হল। কিবা এটা উৎকৎ বেয়া গোন্ধ আহি পোনচাটেই মোৰ নাকত লাগিল ।ঠিক কৰ পৰা এই গোন্ধটো ভাহি আহিছে  ধৰিব নোৱাৰিলো ।

কোনো এবিধ খাদ্য সম্ভাৰৰ পৰাই নিশ্চয় । পেটৰ ভোক নিমিষতে নাইকিয়া হল । শ্ৰীমতীৰ ফালে চালো । তেওঁৰ অবস্থাও মোতকৈও শোচনীয়। বিনাবাক্যব্যয়ে দুয়ো ওলাই আহিলো ৰেস্তোৰাঁৰ ভিতৰৰ পৰা ।

ৰেস্তোৰাঁ খনৰ কাষতে লাগি থকা ডিপাৰ্টমেন্টেল ষ্টোৰ খনৰ পৰা কিনি আনা নিমখীয়া বিস্কুট এপেকেট আৰু ফিকা চাহ দুকাপেৰে আমাৰ থাইলেন্ডৰ প্ৰথম দিনৰ ব্ৰেকফাস্ট পৰ্ব সমাধা কৰিব লগা হল ।

থাইলেন্ডৰ বাচ বোৰ অতি সুন্দৰ আৰু আৰামদায়ক। সকলো বোৰ বাচেই বাতানুকুল । ৰাস্তা বোৰো বেচ আহল বহল আৰু অতি মসৃন । আৰু সকলোতকৈ ডাঙৰ কথাটো হল– খুবেই পৰিস্কাৰ। হাইৱেত উঠাৰ লগে লগেই তীব্ৰ গতিত পাটায়া অভিমুখে ধাবমান হল আমাৰ বাচ।

নীলা নীলা সাগৰ : নালাগে মোৰ অকণো ভাগৰ
থাইলেন্ডৰ বাচ

যোৱানিশা টোপনিৰ অবকাশেই নহল । বাচৰ ভিতৰৰ আৰামদায়ক পৰিবেশে মোৰ চকু মুদ খুৱাই নিব খুজিছিল যদিও জোৰ কৰিয়েই মই সাৰে থাকিলো দুই কাষৰ দৃশ্য ৰাজি চাই যাও বুলি।

অসম আৰু থাইলেন্ডৰ প্ৰকৃতিৰ মাজত মই বৰ বিশেষ একো বৈসাদৃশ্য বিচাৰি নাপালো। এটা কথা কিন্তু মানিবই লাগিব — ইয়াৰ পৰিস্কাৰ পৰিচ্ছন্নতা আৰু আন্ত:গাথনিৰ মানদন্ড অতি উন্নত ।

দুঘন্টাৰ পাচতে বাচ পাটায়া পালে। বাচৰ পৰা নামি টুকটুক এখনেৰে আমি গৈ উপস্থিত হলো Garden Sea View Resort নামৰ হোটেল খনত । এই খন হোটেলতে মই ৰুম এটা বুক কৰি ৰাখিছিলো ।

নীলা নীলা সাগৰ : নালাগে মোৰ অকণো ভাগৰ
Garden Sea View Resort


থাইলেন্ড সম্পৰ্কত ইতিমধ্যেই মই অলপ অভিজ্ঞ হৈ পৰিছো। হোটেলৰ অভ্যৰ্থনা কক্ষত মেনেজাৰ জনে বিচৰাৰ আগতেই মই আগবঢ়াই দিলো আমাৰ দুজনৰ মহামূল্যবান “ফাচফো:”।

অভ্যৰ্থনা কক্ষৰ কাম কাজ সাং কৰি উঠি সমুখৰ ফালে চাই অতি প্ৰফুল্লিত হৈ পৰিল মোৰ মন । বা: কি যে সুন্দৰ পৰিবেশ ! সমুখতে নীলিম সাগৰ খন। একেবাৰে সাগৰৰ  পানী চুই ৰৈ আছে আমাৰ হোটেল খন । কোলাহলশূন্য নিৰ্জন বীচ্চ খন হোটেলৰ প্ৰাইভেট বীচ্চ হবলা । বীচ্চ খনৰ লগতে বনাই থৈছে এটা মনোমোহা চুইমিং পুল । চুইমিং পুলৰ পানী খিনিয়ে সাগৰৰ নীলা ৰঙৰ লগত যেন প্ৰতিযোগিতাতহে নামিছে ।

সাগৰ খন আৰু চুইমিং পুলটোক সমুখত ৰাখি পিচফালে থিয় হৈ ৰৈছে হোটেলৰ মূল আবাস ভবন । একেবাৰে মোৰ মনে বিচৰা পৰিবেশ । তিনিটা দিন কলৈকো নগৈ ইয়াতেই সুন্দৰকৈ কটাই দিব পাৰি দেখোন।

নিৰ্জন বীচ্চ খনত সাগৰৰ পানীৰ সতে উমলি জামলি আমি বেচ কিছু সময় কটালো । আমাৰ দুজনৰ একেলগে ফটো একপি লবলৈ নাই কোনো তৃতীয় জন । এজনে আন জনৰ ফটো লোৱাৰ বাহিৰে আৰু কোনো উপায় নাথাকিল ।

“Love for Sale” -নামৰ Boney M ৰ গানৰ ৰেকৰ্ড খন আমাৰ কলেজীয়া দিন বোৰত  আছিল সৰ্বজনসমাদৃত। মোৰ সমসাময়িক বন্ধু বান্ধবী সকলৰ মনত থাকিব পায় । পানবজাৰৰ ভৰালী ব্ৰাদাৰ্চৰ সংগীতা নামৰ দোকান খনত সন্ধিয়া পৰত মাজে মাজে উচ্চ স্বৰত এই ৰেকৰ্ড খন বজাইছিল ।  মহামায়াত খুৰমা চাহ খাই উঠি ফুটপাথৰ ওপৰত থিয় হৈ একান্ত মনে মই এই গান বোৰ শুনিছিলো । গান বোৰ বৰ ভাল লাগিছিল মোৰ ।

প্ৰথম দিনা সন্ধিয়া  পাটায়া চহৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰোতে মোৰ এই ৰেকৰ্ড খনৰ কথাই মনলৈ আহিছিল। কিয়নো পাটায়া চহৰৰ সকলো ফালেই মই মাথো দেখিছিলো- Love for Sale। সচা কথা, যৌনাচাৰৰ এনে অবাধ মুকলি বেহাৰ জগত খন মোৰ বাবে সম্পূৰ্ণ নতুন । প্ৰথম প্ৰথম ই মোৰ চকুত অতি বিসদৃশ হৈ ধৰা দিছিল । লাহে লাহে পিচে অভ্যস্ত হৈ পৰিছিলো এই খন আজৱ দুনিয়াৰ লগত।

নীলা নীলা সাগৰ : নালাগে মোৰ অকণো ভাগৰ
Chinatown Bangkok. All the area is very popular at night because of the excellent street food

প্ৰথম দিনা আচলতে আমি পাটায়াৰ ৰাস্তাত ঘূৰি ফুৰিছিলো ভাৰতীয় খাদ্যৰ সন্ধানত । থাই খাদ্যৰ জুতি মোৰ জিভাত পোনতে লাগি উঠা নাছিল । আমাৰ হোটেল খনত ভাৰতীয় খাদ্যৰ কোনো অস্তিত্বই নাছিল । দুপৰীয়াৰ সাজ সেয়েহে ভালদৰে খোৱাই নহল । ৰাতিলৈ ভাৰতীয় খানা এসাজ ভালদৰে পেট ভৰাই খাবৰ বৰ মন গৈছিল ।

কিন্তু ভাৰতীয় খাদ্য ইয়াত পাওঁ কত ! কাৰোবাক সুধিবলৈকো ইয়াত ভয়ংকৰ ভাষা বিভ্ৰাট । থাই ভাষাৰ বাহিৰে আন ভাষা কোনোৱে নাজানেইচোন । কি যে বিপদ !

-” মহাপৰাক্ৰমী বৃটিছ সকল থাইলেন্ডলৈ আহাই নাছিল। থাইলেন্ডত সেয়েহে ইংৰাজী ভাষাৰ চৰ্চা প্ৰায় অস্তিত্ববিহীন । ইয়াৰ মানুহে ইংৰাজী কোৱাৰ প্ৰয়োজনীয়তা আগতে অনুভব কৰাই নাছিল। বৰ্তমানৰ থাইলেন্ডৰ পৰ্য্যটন উদ্যোগৰ  ৰমৰমীয়া ব্যবসায়ৰ খাতিৰতহে ইয়াৰ মানুহে  ইংৰাজী কোৱাৰ প্ৰয়োজনীয়তা এতিয়া নতুনকৈ উপলব্ধি কৰিবলৈ লৈছে”— বেংককত কৰ্মৰত মোৰ সম্পৰ্কীয় ভতিজা জনে কিছুদিন আগতে মোক কোৱা কথা ।

বৃটিছ সকলৰ এই অদূৰদৰ্শী কাৰ্য্যৰ পৰিণাম সেই দিনা সন্ধিয়া আমি দুয়ো হলে বাৰুকৈয়ে ভোগ কৰিছিলো । আবেলি পৰত ভগবানৰ নাম লৈ আমি হোটেলৰ ৰুমৰ পৰা ওলাই পৰিছিলো ভাৰতীয় খাদ্য বিচাৰি। হোটেলৰ প্ৰশস্ত চোতাল খনৰ একাষত গাড়ী বোৰ পাৰ্ক কৰি থোৱাৰ ব্যবস্থা । কেবা খনো ধুনীয়া ধুনীয়া গাড়ী তাত ৰখাই থোৱা আছিল ।

-“Taxi, Sir?”— আমাক দেখি ড্ৰাইভাৰ এজনে আগবাঢ়ি আহি সুধিছিল ।

” Any Indian restaurant here?”— প্ৰশ্ন কৰিছিলো মই ।

‘restaurant’ নামৰ অদ্ভুত শব্দ এটা মানুহ জনে বোধকৰো জীৱনত এই প্ৰথম বাৰ শুনিছিল — অন্তত: তেনেকুৱাই মোৰ ভাব হৈছিল। কিছু সময় মোৰ মুখৰ ফালে অবাক হৈ চাই ৰৈ এটা সময়ত মানুহ জনে কৈ উঠিছিল –” Indian food ? eat ?”

-“yes, yes. Indian food. eat.”— উৎসাহেৰে মাত দিছিল এই বাৰ শ্ৰীমতীয়ে।
-“Okay. Alibaba. 200 Baht”— গাড়ীৰ ভাৰাটোও লগতে কৈ দিবলৈ পাহৰা নাছিল ড্ৰাইভাৰ জনে ।

‘আলিবাবা’ নামটো শুনি কোনোবা ভাৰতীয় খাদ্য ভান্ডাৰেই হব বুলি মোৰ অনুমান হৈছিল। আকউ এবাৰ ভগবানৰ নাম লৈ আমি গাড়ী খনৰ ভিতৰত বহি পৰিছিলো ।

নীলা নীলা সাগৰ : নালাগে মোৰ অকণো ভাগৰ
Photo by Piya Nimityongskul on Pexels.com

পাটায়াৰ মনোমোহা সমুদ্ৰ তীৰৰ নিমজ কিচকিচিয়া কলা  ‘বীচ্চ ৰোড টোৰে আমাৰ টেক্সি  ধাবমান হৈছিল । লক্ষ্যস্থান এইবাৰ —‘আলিবাবা”।
পাটায়াৰ সাগৰ তীৰৰ উৎসব মুখৰ পৰিবেশৰ কাষেৰে কিছু দূৰ যোৱাৰ পাছত অলপ ভিতৰলৈ সোমাই যোৱা ৰাস্তা এটাৰে আমাৰ ড্ৰাইভাৰ মহাশয়ে গাড়ী ঘূৰালে। চিনাকি চিনাকি লগা পৰিবেশ এটাই লগে লগেই আমাক স্বাগতম জনালে।

  ৰাস্তাৰ দুয়োকাষে Indian Food বুলি ডাঙৰকৈ লিখি থোৱা চাইন বোৰ্ড কেবাখনো আমাৰ চকুত পৰিল । ৰাস্তাত ঘূৰি ফুৰা লোক সকলৰ মাজতো ভাৰতীয় মূলৰ লোকৰ সংখ্যাই সৰহ। সাতে পাচে মিলি এক সম্পূৰ্ণ ভাৰতীয় পৰিবেশ।

‘আলিবাবা’ নামৰ দুমহলীয়া ৰেস্তোৰাঁ খনৰ সমুখতে ড্ৰাইভাৰে আমাক গাড়ীৰ পৰা নমাই দিলে। আমাৰ খাদ্য সমস্যাৰ যে পূৰ্ণ সমাধান হল সেয়া ৰেস্তোৰাঁ খনৰ মেন্যুত চকু ফুৰাই নিমিষতে আমি গম পাই গলো ।ৰেস্তোৰাঁ খনৰ ভোজন কক্ষ ওপৰ মহলাত ।  কাঠৰ চিৰি এটাৰে উঠি যাব লাগে। চিৰিটোৰ কাষতে সৰুকৈ পাণদোকান এখন ।

সদায় তামোল পান খাই থকা মোৰ গাৱলীয়া জিভা খন এইবাৰ লকলকাই উঠিল । থাইলেন্ডলৈ আহি তামোল এখন চোবাবলৈ নাপাই মোৰ মুখ খন বৰ কিবাকিবি লাগিছিলেই। শ্ৰীমতীয়ে ৰেস্তোৰাঁৰ ওপৰ মহলাত চাহ একাপ খোৱাৰ পৰতে মই নামি আহি তলৰ পাণদোকান পালোহি ।  জৰ্দা পাণ এখন চোবাবলৈ পোৱাৰ পাচতহে মোৰ মনলৈ এই বাৰ স্বাভাবিক অবস্থা ঘূৰি আহিল ।

নীলা নীলা সাগৰ : নালাগে মোৰ অকণো ভাগৰ

অকল ‘আলিবাবা’ই নহয়, এইটো ৰাস্তাত ভাৰতীয়  লোকৰ মালিকাধীন আন কেবাখনো হোটেল ৰেস্তোৰাঁ বিৰাজমান । ‘গোবিন্দম’ নামৰ নিৰামিষ ভোজনালয় খন ৰাজস্থানী লোকৰ। তাৰ পৰা অলপ আগবাঢ়ি গৈ ফুটপাথৰ কাষতে এখন চাইন বোৰ্ডত দেখিলো এষাৰ অতি চিনাকি চিনাকি লগা কথা –” এখানে বাঙালী খাবাৰ পাওয়া যায়।”

সোমাই গলো ভিতৰলৈ । ভাত, ডাইল, আলু ভাজা, বেগুন ভাজা, মাটন, চিকেন, মাছ আদি সকলো মজুত । খোৱাৰ অৰ্ডাৰ দি হোটেলৰ নাম আৰু ৰুম নম্বৰ দি গলেই হল । নিৰ্দিষ্ট সময়ত তেওঁলোকে হোটেলৰ ৰুমতেই খাদ্যৰ যোগান ধৰিবহি ।বা: কি সুন্দৰ ব্যবস্হা !

-” মাছ খান, বউদি । আজকেৰ মাছটা দাৰুণ লাগবে।”— শ্ৰীমতীৰ সদ্যপৰিচিত দেৱৰ জনে  দিহা দি উঠিল।

ভাত, ডাইল, বেগুন ভাজা আৰু মাছৰ জোলৰ অৰ্ডাৰ দি ৰংমনে আমি বাহিৰ ওলালো । সন্ধিয়া হৈ আহিছে । এক ৰঙীন মায়াবী উজাগৰী নিশাৰ বাবে প্ৰস্তুত হৈ উঠিছে পাটায়া চহৰ । পাটায়াৰ এই নিশা বোৰৰ কথা মই বহুতৰে মুখত শুনিছিলো । অৰ্থৰ বিনিময়ত সকলো ইন্দ্ৰিয় সুখ লবৰ বাবে পৃথিবীৰ বিভিন্ন দেশৰ লোক ইয়ালৈ ধপলিয়াই আহে ।

তেওঁলোকৰ চাহিদা পূৰাবৰ বাবেই স্বল্পবস্ত্রা সুন্দৰী সকল সন্ধিয়া পৰত ৰাজপথলৈ ওলাই আহিছে — সাজি কাচি এক অভিসাৰী নিশাৰ বাবে প্ৰস্তুত হৈ । অতিকৈ কামোত্তেজক তেওঁলোকৰ বেশ । দেহৰ প্ৰসাধনো অতি উগ্ৰ । দুচকুত আমন্ত্ৰণৰ চাৱনি ।  ৰাস্তাৰ দুয়ো কাষে পাৰি থোৱা আসন বোৰত শাৰী পাতি বহি লৈ তেওঁলোকে প্ৰতীক্ষা কৰিছে নিশাটোৰ বাবে কোনো পুৰুষ সংগীৰ । 

কোনোবা গৰাকীৰ হাতত বীয়েৰৰ বটল । আন কোনোবা এগৰাকীয়ে চিগাৰেটৰ ধোৱাৰ কুন্ডলী উৰুৱাইছে– বেপৰোৱা ভংগীত । ৰাস্তাৰ কাষৰ বিলিয়াৰ্ড বোৰ্ড এখনত চাৰিগৰাকী নগ্নপ্ৰায় সুন্দৰীয়ে বিলিয়াৰ্ড খেলিছে — হাতত  ৰঙীন পানীয়ৰ গিলাচ লৈ ।বগা চামৰাৰ প্ৰকান্ড চেহেৰাৰ লোক এজনে তাৰে মাজৰ দুগৰাকী সুন্দৰীক পছন্দ কৰি লৈ যোৱা মোৰ চকুত পৰিল ।উ: কি যে বিচিত্র এই জগত  খন !

নীলা নীলা সাগৰ : নালাগে মোৰ অকণো ভাগৰ
Photo by Dynamic Wang on Pexels.com

নীলা, নীলা আৰু নীলা । কেউফালে মাথো নীলা ৰঙৰেই সমাহাৰ ।

মূৰৰ ওপৰৰ নিৰ্মেঘ আকাশ খন বেচ নীলা । দুই এটুকুৰা আলসুৱা মেঘ তাৰ মাজে মাজে ভাহি ফুৰিছে অবশ্যে ।আমাৰ অসমলৈ মনোমোহা শৰতৰ  আগমন হলেই চাগে। পাটায়ালৈ বা শৰৎ আহে নে নাহে ! ইয়াৰ মনোমোহা নীলা আকাশ খনে কিন্তু মোক শৰতৰ আগমনৰ বতৰাকেই জনাব খুজিছে ।

বিশাল মহাসমুদ্ৰৰ ঢৌ ফালি ফালি তীব্ৰ গতিত গৈ আছে আমাৰ আধুনিক স্পীড বোট খন। বোট খনৰ ভিতৰত উপবিষ্ট আমি । পৰিধানত আমাৰ লাইফ জেকেট ।আমাৰ দুজনৰ বাহিৰেও আছে আৰু কেবাজনো বিদেশী পৰ্য্যটক। আমাৰ আজিৰ দিনটোৰ লক্ষ্যস্থান– সাগৰৰ মাজত অবস্থিত Coral Island । পাটায়াৰ দৰ্শণীয় স্থান সমূহৰ ভিতৰত প্ৰথমেই আহি পৰে এই দ্বীপৰ নাম।

পাটায়াৰ সমুদ্ৰ তীৰ লাহে লাহে অস্পষ্ট হৈ আহিছে। আৰু বহিৰ্বিশ্বৰ পৰা বিচ্ছিন্ন হৈ আমি প্ৰবেশ কৰিছো এখন ৰহস্যময় জগতত — যত চকুৰে মনিব পৰালৈকে কেউফালে মাথো সাগৰৰ গভীৰ নীলা।

নীলা নীলা সাগৰ : নালাগে মোৰ অকণো ভাগৰ
Photo by Thach Tran on Pexels.com

মাজ সাগৰৰ প্ৰকান্ড ঢৌ একোটাৰ বোকোচাত উঠি মাজে মাজে স্পীড বোট খনে যেন আকাশলৈ উৰা মাৰিব খোজে তেনেকুৱাই ভাব হয় । ঢৌ বোৰৰ চিটিকনি আহি আমাৰ গায়ে মূৰে পৰেহি । সাগৰৰ লুনীয়া পানীৰ স্বাদ এটা মোৰ জিভাত লাগে । পানীত ভিজি যোৱা চশমা যোৰৰ মাজেৰে মোৰ দৃষ্টি ধূসৰ হৈ পৰে । লৰালৰিকৈ জেপৰ পৰা ৰুমাল খন উলিয়াই চশমা যোৰ মচি লও ।

প্ৰথম প্ৰথম খুব ভয় খাইছিলো মই ।  স্থলভাগৰ ভূখন্ডত সগৰ্বে দপদপাই থকা অহংকাৰী মানুহ আমি । বিশাল মহাসমুদ্ৰৰ মাজত আজি কিমান অসহায় ! নিজৰ কথাটো বাদেই, আমাক কঢ়িয়াই লৈ যোৱা আমাৰ মহাপৰাক্ৰমী স্পীড বোট খনো মাজ সাগৰত যেন অতি অসহায় এক ক্ষুদ্ৰ বিন্দু তেনেকুৱাই ভাব হয় । ঘনে ঘনে লৈছিলো মই মোৰ আৰাধ্য ভগবানৰ নাম।

স্পীড বোট খনৰ গতি এটা সময়ত সামান্য মন্থৰ হৈ পৰা দেখি সচকিত হৈ উঠিলো মই । ৰিণিকি-ৰিণিকি  দূৰত দেখিলো ৰূপালী বালি আৰু সেউজ  গছ গছনিৰ সমন্বয়ৰ এক দৃষ্টিনন্দন উপকূল । সেয়াই নিশ্চয় Coral Island । আহি পালোহিয়েই তেন্তে । মিছাকৈয়ে ইমান ভয় খাইছিলো । আকউ জাগ্ৰত হৈ উঠিব খুজিলে মোৰ স্থলভাগীয় অহংকাৰ ….।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: বেংকক আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ
Anjan Sarma

Anjan Sarma

Related Posts

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells
Travel

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

by Pradakshina Sarmah
September 5, 2026
0

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells PRADAKSHINA SARMAH The tinkling sound of thousands of bells makes up...

Read moreDetails
Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

Transcend Ethnic Barriers, Build Social Bridges

August 29, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

April 21, 2026
woman sitting on the car s window

Why it is Important to Travel?

April 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d