নীলা নদী নে এৰা সুঁতি !
ঝৰ্ণা শৰ্মা দেৱচৌধুৰী
কিছুদিন আগতে দুখন কিতাপ পঢ়াৰ সৌভাগ্য হৈছিল।এখন হল “সোণৰ চামুচ মুখত লৈ” আৰু আনখন হল “মোৰো এটা সপোন আছে“। দুয়োখন কিতাপতেই সংগ্ৰাম , ধৈৰ্য্য, উত্তৰণ,বিশ্বাস, প্ৰতাৰণাৰে ভৰা দুটি ভিন্ন জীৱনৰ বাস্তৱ বৰ্ণনা আছিল।জীৱন কাৰো বাবে সহজ নহয়। ধনীৰ দুলালৰ বাবেও নহয়, গৰীৱৰ সন্তানৰ বাবেও নহয় ।
প্ৰত্যেকৰে থাকে নিজস্ব যুদ্ধ, নিজস্ব সংগ্ৰাম। সকলোৰে আছে নিজা নিজা আশা,বেদনা, হতাশা, প্ৰত্যাশা, প্ৰেম-অপ্ৰেমৰ এক দীঘলীয়া পৃষ্ঠা। কিন্তু তাৰ মাজতো বুকুবোৰত নীৰৱে বাজি থাকে হেজাৰ সপোনৰ ৰঙীন সুৰ। মাথো আমি নেদেখোঁ বা দেখিও উপলব্ধি কৰিবলৈ যত্নৱান নহওঁ। আনৰ মনস্তত্ব উপলব্ধি কৰিবলৈ এতিয়া সময়েই বা কাৰ?
উপলব্ধিও হেনো এতিয়া এক আউত ডেটেড ফেশ্যন। অলপ প্ৰেক্টিকেল হোৱা না। সব কথাতে কিয় ইমান ইমচনচ ঝাৰা? জীৱনৰ পৰা কোনোবা গল –chill yaar,লেট হিম/হাৰ গ‘। আৰু বেলেগ বেটাৰ অপচন আহি যাব জীৱনলৈ।


এই হাজাৰ অপচন থকাটোও এটা সমস্যাই আচলতে। অপচন আছেই যেতিয়া এৰা-ধৰা কৰাৰ প্ৰয়োজনেই বা কত? তোমালোকৰ দিনৰ কথা বেলেগ আছিল।এতিয়া ‘জামানা’ বেলেগ। সকলোবোৰ বেলেগৰ মাজতোচোন মানুহৰ আবেগবোৰ একেই আছে।ঠুনুকা হৃদয়ে বিৰহৰ পীড়া সহিব নোৱাৰি এতিয়াও দেখোন লোতক হৈ চকুৰে বাগৰে।এতিয়াও নিঃসংগতাই মানুহক কষ্ট দিয়ে।সন্তানৰ মায়া,বন্ধু মহলৰ নিভাঁজ আড্ডা,পতি পত্নীৰ মান- অভিমান ,মিলনৰ বাবে অপেক্ষাৰত প্ৰেমিক যুগলৰ উন্মাদনা,কতা? একোৱেইটো সলনি হোৱা নাই।
এতিয়া মাথোঁ মানুহে আৱেগবোৰ লুকুৱাবলৈ শিকিলে। আনে নেদেখাকৈ কান্দিবলৈ এতিয়া সকলোৰে নিজাকৈ এটা কোঠা আছে। আগতে সেই ব্যক্তিগত কোঠাবোৰ নাছিল বাবে লোতক হৈ বাগৰাৰ আগতেই টুকি পেলাব পৰা আশ্বাসৰ হাতবোৰ আগবাঢ়ি আহিবলৈ সহজ হৈছিল। এতিয়া কোঠাবোৰ আছে বাবেই আগবাঢ়িব খোজা হাতবোৰ আৰু লোতকৰ মাজত থকা ওখ দেৱালবোৰ অধিক মজবুত হৈ থিয় দিয়ে। দিনতো পকৰি বিক্ৰী কৰা স্বামী-স্ত্ৰী হাল গধূলি দোকানখন বন্ধ কৰি যেতিয়া ঘৰলৈ যাবলৈ ওলায়, দুয়োৰে মুখত এটি তৃপ্তিৰ হাঁহি বিয়পি পৰে। অভাৱৰ মাজতো এনে সুখী হাঁহি মাৰিব পৰাটো সম্ভৱনে? হয়তো সকলো কৃত্ৰিম। সকলোবোৰ মানুহক দেখুওৱাৰ প্ৰৱণতা।
অৱশ্যে কথাতো এনেকৈয়ো ভাবিব পাৰি যে যেতিয়ালৈকে কোনো বস্তুৰ প্ৰয়োজন অনুভৱ কৰা নহয় তেতিয়ালৈকে সেই বস্তুটোৰ অভাৱো অনুভৱ নহয়। যেনে ধৰক মই এখন প্ৰাইভেট জেট বা শচীন টেণ্ডুলকাৰৰ দৰে ছয় হাজাৰ স্কোৱাৰফিটৰ এটা ঘৰৰ প্ৰয়োজনবোধ কৰা নাই। গতিকে সেই বস্তুদুটাৰ অভাৱ অনুভৱ কৰি মই কোনোদিন দুখী হোৱা নাই। হয়তো আমি তেওঁলোকৰ যিখিনি নাই বুলি ভাবি গৰীব আখ্যা দিছো সেইখিনি তেওঁলোকে জীৱনত প্ৰয়োজনীয় বস্তু বুলি ভবাই নাই। সেয়েহে তেওঁলোকৰ হাঁহিবোৰত সুখৰ অভাৱ পৰিলক্ষিত নহয়।
বাৰু সেইবোৰ বাদ দিয়ক…মইতো আচৰিত হৈ যাওঁ তেতিয়াহে ,যেতিয়া ইনষ্টাত দামী কাপোৰ পিন্ধি নাচ বাগ কৰি থকা নামী ছোৱালীজনীৰ আত্মহত্যাৰ খবৰ শুনো। ইয়ো সম্ভৱ নে?ৰূপ,গুণ,নাম,যশ কিহৰ অভাৱ আছিল লাস্যময়ীৰ?আমি ৰিলত দেখা সেই সুখবোৰত মিছাৰ প্ৰলেপ সনা আছিল নে কি ? মনটো এইখিনিতে খেলিমেলি হৈ যায়। আচলতে ‘ফেক’ কোন আছিল? পকৰি বিক্রেতা দম্পতিহাল নে ইনষ্টাৰ আধুনিকা গৰাকী?
অপচন্ থকাতো যিদৰে কেতিয়াবা সমস্যা হৈ পৰে, সুখ-দুখ,ষ্ট্ৰেছ, ডিপ্ৰেছন আদি শব্দবোৰ জনাটো বা এইবোৰৰ বিষয়ে আলোচনা কৰিবলৈ সময় পোৱাটোও এটা সমস্যা হৈ ধৰা দিয়ে।আমি সৰু কালত কেতিয়াও ব’ৰ হৈ নাপালো।ষ্ট্ৰেছ, ডিপ্ৰেছন আদি শব্দবোৰো নাজানিছিলোঁ।এতিয়া মাত ফুটাৰ পৰাই লৰা ছোৱালী ব’ৰ হয়। ডিপ্ৰেছন হয় সিহঁতৰ।
এদিন কপিল দেৱৰ এটা ইণ্টাৰভিউ চাইছিলো।গোটেই ইন্টাৰভিউটোত তেওঁ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ খুব আমোদজনক ভাৱে দি গৈছিল। হয়তো আপোনালোকৰ বহুতেই ইন্টাৰভিউটো চাইছে।ডিপ্ৰেছনৰ ওপৰত কবলৈ গৈ তেওঁ কৈছে এই ব্ৰিটিছৰ শব্দবোৰ ভাৰতলৈ কৰ পৰা আহিল?আজি কালি এ.চি. বাছত উঠি লৰা ছোৱালী স্কুললৈ যায়, স্কুলত শিক্ষকে হাত উঠোৱাটো বাদেই, টানকৈ এষাৰ কথা কোৱাটোতো বাধা আছে, স্কুলৰ মোটা অংকৰ ফিজ মাক-দেউতাকে দিয়ে , তৎসম কণকণ লৰা ছোৱালীৰ ষ্ট্ৰেছ হৈ যায়। খেল সম্পৰ্কীয় আন এটা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল আজি কালি প্লেয়াৰে কয় আই. পি.এল. আছে,অমুক লীগ আছে, তমুক লীগ আছে, ষ্ট্ৰেছ হৈ গৈছে। আৰে যদি ষ্ট্ৰেছেই হৈছে,নেখেলিবা। কোনেওতো তোমাক জোৰ কৰিব নোৱাৰে। উপভোগেই যদি কৰিব পৰা নাই, ষ্ট্ৰেছ লৈ খেলাৰ লাভ কি?

তেখেতৰ কথাখিনি মনোগ্ৰাহী আছিল। ষ্ট্ৰেছ, ডিপ্ৰেছন আদিবোৰ একো একোটা মানসিক অৱস্থা।সুস্থ মনোবল,আৰু মনৰ ওপৰত নিয়ন্ত্ৰণৰে এনেবোৰ সমস্যাৰ পৰা সহজেই হাত সাৰি থাকিব পাৰি। এনে সমস্যাবোৰত উৎসাহেৰে সাৰ পানী যোগোৱা দুটা কাৰক হৈছে আনৰ পৰা প্ৰত্যাশা(expectations) আৰু আনৰ লগত তুলনা (comparison)।
কথাবোৰ নতুন নহয়। সকলোৱে জনা অথচ অনুশীলন কৰিবলৈ এলাহ কৰা দুটি সাধাৰণ বিষয়। আনৰ ওপৰত প্ৰত্যাশা নাৰাখিবলৈ আৰু আনৰ লগত নিজকে তুলনা নকৰিবলৈ কিছু অনুশীলনৰ প্ৰয়োজন হয়। আধুনিকতাৰ ধাম খুমীয়াত প্ৰদৰ্শনকামিতাৰ পয়োভৰত আমি অজানিতে এই দুই কাৰকৰ মাজত বাৰে বাৰে সোমাই পৰি দুখ দুখ পাওঁ।আজি কালি মেল মিটিং,বিয়া সবাস,পাৰ্টি আদি সকলোতে মাথোঁ প্ৰদৰ্শনকামিতা। বহুতে মাথোঁ প্ৰদৰ্শনৰ মনোভাৱ লৈয়ে ওলাই যায়। তাকে দেখি আন একাংশই ডিপ্ৰেছনত ভোগে।
এই দুয়োটা কাৰকক নিজৰ হাতৰ মুঠিত ৰখাৰ সকলোতকৈ ফলদায়ক উপায়টো হৈছে নিজকে অধ্যাত্মিকতাৰ লগত জড়িত কৰা। দিনটোৰ কিছু সময় নিৰলে নিজকে প্রাৰ্থনাত বিলীন কৰি দিব পাৰিলে হৃদয়ত যি প্ৰশান্তি বিয়পে তাক বাখ্যাৰে বুজাব নোৱাৰি। হোমেন বৰগোহাঞিদেৱে তেখেতৰ”মই যেতিয়া ক্লান্ত হওঁ”কিতাপখনত উল্লেখ কৰিছে যে বেছি ভাগ আধুনিক মানুহেই কৰ্মোন্মাদ হোৱাৰ এটা প্ৰধান কাৰণ হল তেওঁলোকে সকলো সময়তে অনুভৱ কৰি থকা এক ভয়ংকৰ আত্মক্ষয়ী আধ্যাত্মিক শূন্যতা।

পোপ ষষ্ঠদশ বেনেডিকটে মানুহক সকলো সময়তে অত্যাধিক কৰ্মব্যস্ততা আৰু পৰিশ্রমৰ বিপদ সম্পৰ্কে সতৰ্ক কৰি দি কৈছিল অত্যাধিক কৰ্মব্যস্ততাই মানুহৰ হৃদয়খন কঠিন কৰি তোলে আৰু আত্মাক যন্ত্ৰণা দিয়ে। সকলো সময়তে কাম কৰি থকাৰ পৰিবৰ্তে মানুহে কিছু সময় প্ৰাৰ্থনা আৰু ধ্যানৰ বাবে আছুটীয়াকৈ ৰখা উচিত।
বৰগোহাঞি দেৱে কৈছে যে আধুনিক মানুহক দিব পৰাকৈ ইয়াতকৈ আৰু সময়োপযোগী উপদেশ কিবা আছে বুলি তেওঁৰ বোধ নহয়। আমি সকলোৱে এটা কথাত নিজকে পতিয়ন নিয়াব পাৰিবই লাগিব যে প্ৰত্যাশা মাথোঁ নিজৰ পৰা, তুলনা মাথোঁ নিজৰ লগত।
জীৱন মোৰ,জীৱনৰ ৰং মোৰ,অনুভৱ মোৰ, হাঁহি কান্দোনৰ বৰপেৰা মোৰ। কাৰোবাৰ পৰা যদি মোৰ বাবে আশা, প্ৰেম, বিশ্বাসৰ সোঁত বৈ অহাৰ বিপৰীতে অবিশ্বাস,বিষাদ, বিয়োগাত্মকতাৰ সোঁত ববলৈ ধৰিছে, তেন্তে সেই সুঁতি এৰি এক গভীৰ নীল নদীৰ দিশে ধাৱমান হোৱাতো মোৰ অধিকাৰেই নহয়,কৰ্তব্যও।

ঝৰ্ণা শৰ্মা দেৱচৌধুৰী, দুলিয়াজান
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

















