• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

নীৰা, হেৰাই নাযাবা

সুনীল গংগোপাধ্যায়

by Anjan Sarma
November 19, 2022
in Poetry, Literature, Poetry
Reading Time: 4 mins read
0
shadow of woman with crown on head

Photo by Kristal Tereziu on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

নীৰা, হেৰাই নাযাবা

সুনীল গংগোপাধ্যায়

sunil gangopadhyay
সুনীল গংগোপাধ্যায়

অনুবাদ:অঞ্জন শৰ্মা

নীৰা, হেৰাই নাযাবা

RelatedPosts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026

আমাৰ প্ৰতিটো দিনেই আছিল জন্ম সলনি কৰা দিন

আকাশত ভঙা কাচৰ টুকুৰাৰ দৰে পোহৰ

বিপৰীত দিগন্তৰপৰা প্ৰৱাসিনীৰ দৰে দ্বিধান্বিত খোজেৰে আগবাঢ়ি আহিলা তুমি

শুকুলা হাঁহৰ পাখিৰে সমস্ত শৰীৰ আৱৰা, ডিঙিত গেন্ধাইফুলৰ মালা

মই ভয়াৰ্ত হৈছিলো

তেতিয়া ফুৰিবলৈ অহাৰ সময় নাছিল, বহুতেই গৈছে নিৰ্বাসনত

তেতিয়া হিংসাই দাহ কৰিছে চহৰ, মানুহৰ হাতৰ ছুৰিবিদ্ধ হৈছে মানুহৰেই বুকুত

পথত বহি মৃতদেহৰ অগ্নিয়ে পুৰি খাইছে ধৰ্ম

তেজগ্ৰহণীৰ দৰে বমি হৈছে দেশপ্ৰেম

সোপানবোৰৰে যুক্ত সৰু কোঠাত বন্দী মই, তোমাক চিনিব পৰা নাছিলো

তাৰপিছত মই এটা সৰু নোটবুক লৈ জঁপিয়াই গুচি গ’লো নিবিড় নীলিমালৈ

তুমি তেতিয়া দক্ষিণেশ্বৰ দলঙৰ ওপৰত থিয় হৈ আছিলা

চকুৰ মণিত নদী

নগৰত ঘনঘোৰ নিশাৰ নিৰ্জনতা, ঢং ঢং শব্দৰে বাজিছে সমস্ত স্কুলৰ ঘণ্টা…

আমাৰ প্ৰতিটো দিনেই আছিল জন্ম সলনি কৰা দিন

মনত পৰেনে, তুমি গুহামানৱীৰ দৰে হঠাৎ কৈশোৰ অতিক্ৰমি

খুব ৰাতিপুৱাই শীতৰ নৰম ৰক্তিম বেলিটোক আলিংগনেৰে, আদৰেৰে সাবটি ধৰিছিলা

হৰি ঘোষ ষ্ট্ৰীটৰ কদম গছডালৰপৰা তেতিয়া টোপাটোপে সৰি পৰিছিল সৰু সৰু হীৰা

দিনটোৰ প্ৰথম তীক্ষ্ণ ট্ৰামখনে ঘোষণা কৰি গ’ল, জাগা, জাগা

ৰিভলভিং মঞ্চৰ দৰেই ওলট-পালট এই দুপৰীয়া, এই মাজনিশা, এই সন্ধিয়া

মই তেতিয়া গল ফালি আছিলো মিছিলত, নাকেৰে ওলাইছিল টোপা-টোপে তেজ

চাৰিওফালে জ্বলিছিল ভোকৰ অগনি

আঃ সেই মায়াময়, ভিক্ষাৰীৰ ভোক, যযাতিৰ ভোক

কুম্ভীপাক নৰকৰ দৰে পেট মুচৰি দিয়া ভোক

এটা এটা পিৰিকনিৰে দেখা পাইছো বাৰাণ্ডাত ব্যাকুল মাতৃমূৰ্তি, চৰাইৰ দৰেই চকু

সপোন আছিল, পৃথিৱীৰ সকলো মাতৃয়ে এদিনাখন সমস্ত শিশুক ধোঁৱা ওলাই থকা ভাত বাঢ়ি দিব

কলেজ ষ্ট্ৰীটৰ সেই বুলেট আৰু বিস্ফোৰণ

তুমি বাছখনৰপৰা নামিছিলা, সেই ক্ষণতেই বাছখনত আৰম্ভ হৈছিল বাৰুদৰ উৎসৱ

একেদৌৰে গৈ পাৰ্কৰ ৰেলিং পাৰ হৈ কোনোবাই যেন যজ্ঞসূত্ৰৰ দৰে শুই পৰিছিল

ঘাঁহনিত মুখ গুঁজি।

আমাৰ প্ৰতিটো দিনেই আছিল জন্ম সলনি কৰা দিন

তুমি ৰমণী আছিলা, নীৰা হৈ পৰিলা

মই ডাঢ়ি-গোঁফ লগাই হৈ পৰিলো ঔষধৰ গুদামৰ কেৰাণী

জোতাৰ ষ্ট্ৰ্যাপ ছিঙি গৈছে, পথৰ মুচিৰ কাষত বহিছো আঁঠু ভাঙি

কোনোৱেই চিনিব পৰা নাই, পিঠিৰ ফালে সকলোৱেই অচিনাকি

কেতিয়াবা মই মুচি, তেওঁ বাটৰুৱা

কেতিয়াবা ময়েই পথ, মানুহবোৰে খোজ কাঢ়ি গৈছে মোৰ বুকুৰ ওপৰেৰে

কেতিয়াবা মই নীৰৱতা, ময়েই অস্থিৰ গৰ্জন

তুমি অন্ধ বৃদ্ধজনক পইচা দিছিলা, শিয়ালদহৰ ঘড়ীটো স্তব্ধ হৈ গ’ল

ট্ৰেইনৰপৰা নামি ইমান মানুহ দৌৰিছে, সকলো থমকি ৰ’ল কেইটামান মুহূৰ্ত

তাৰপিছত ঝনঝন শব্দৰে আৰম্ভ হ’ল প্ৰচুৰ ভঙা-ছিঙা

কন্দুৱা গেছৰ ধোঁৱাত পুলিচে কান্দিছে, চীনাসকলে ভাই-ভাই মানি নল’লে

ইস্তাহাৰৰ প্ৰয়োজনত ৰাস্তাত খন্দা গাঁতত ছিটিকি পৰি বহুতৰে ভৰি মোচৰ খালে

তিনিটা জীৱন্ত পোৱালিয়ে মহানন্দে লুটি-বাগৰি আছে নৰ্দমাত

ৰঙা চুলিৰ এদল চাহাবে ফৰাচী কেমেৰাৰে তুলি লৈ গ’ল তাৰে ছবি

তুমি পৰীক্ষাগৃহত অকলে বহি থাকিলা, প্ৰশ্নকাকত আহি নাপালে

মই তলমুৱা হৈ বিচাৰি আছো ফুটা পকেটৰ খুচুৰা পইচা

তুমি কুসুম সমাৰোহলৈ গৈ পতাকাৰ দৰে উৰুৱাই দিলা আঁচল

সমগ্ৰ সন্ধিয়াটো মই শুই থাকিলো শ্মশানৰ কাষত।

আমাৰ প্ৰতিটো দিনেই আছিল জন্ম সলনি কৰা দিন

সমস্ত মেজিক দৃশ্যৰ ওপৰতেই আহি পৰে শৰীৰৰ আভা

কবিতাৰ মাজতো উকি মাৰে শৰীৰে, কেতিয়াবা শৰীৰৰ ছায়া, কেতিয়াবা ৰক্ত-মাংসৰ অবাধ্যতা

এবাৰ-দুবাৰ ডুবি যায়, এবাৰ-দুবাৰ আহি মুখামুখিকৈ বহে

কালিদাসৰ ভোমোৰাই স্পৰ্শ কৰিলে তোমাৰ স্ফূৰিত ওঠ

ঘাঁহনিৰ ফুল হৈ মই তোমাৰ নাভিমূলত জিভাৰে স্পৰ্শ কৰো

মদিগ্লিয়ানিৰ নাৰীৰ দৰেই তোমাৰ সুপুষ্ট উৰুত জিলিকে জোনাক

এবাৰ মই শিশু, তুমি চিৰকালৰ জননী

এবাৰ তুমি সৰু বালিকা, এজন স্বৈৰাচাৰী ৰজাই বিচাৰিছে তোমাক

সমুদ্ৰই প্ৰবল ঢৌ সৃষ্টি কৰিছে আকাশৰ পিনে

পাতাললৈ নামি আহিছে আকাশ

যোনিপদ্মৰ ঘ্ৰাণ লৈছে এজন তান্ত্ৰিকে

    অতৃপ্ত মহামায়াই কৈছে, আৰু, আৰু

আঃ সেই ক্ৰীড়া, সেই হৃদয়ৰ উন্মোচন

বসন্তশয্যাত লিখা হ’ল কত শত ৰতি-ইতিহাস

গলত সাবটি ধৰি দুয়োজনে খিৰিকীৰ কাষত নিৰ্বাসনত বহি থকা, সন্ধিয়া কিম্বা ৰাতিপুৱা

মোৰ হাতত চিগাৰেট, তোমাৰ চুলিত হিৰন্ময় ফণি

পাহৰি যোৱা পৃথিৱী উভতি আহিছে লাহে লাহেকৈ, অন্তৰীক্ষত মৃদু কণ্ঠস্বৰ

সন্ধিয়া কিম্বা ৰাতিপুৱা, আকাশত বিন্দু বিন্দু সাতৰঙী পানীৰ টোপাল

সেইফালেই তুমি চাই থাকিলা, এতিয়া কোনোদিশে বিমান উৰা নাই

কীটছৰ সৈতে কণ্ঠ মিলাই তুমি উদাসীন গালি দিলা নিউটনক

সেই মুহূৰ্ততে মোৰ পুনৰ জন্মান্তৰ হৈ গ’ল।

নীৰা, আমাৰ ভুল ভাঙি যায়, আমি পুনৰ বালিৰে সৰু সৰু দুখৰ ঘৰ সাজো

আমি এতিয়া উলংগ শিশুবোৰৰ দৰে লৰা-ঢপৰা কৰিছো

সাগৰৰ পাৰত

মাজে মাজে কি চমৎকাৰ আৱৰণ, শতাব্দীৰ কঁহুৱা বন

মই তোমাক দেখা নাপাওঁ, মই তোমাৰ নামত কলম ডুবাইছো দোৱাতত

মই তোমাক স্পৰ্শ কৰা নাই, তুমি গাভিনী হৰিণীৰ দৰে মিলি গ’লা পাহাৰ প্ৰদেশত

এটা এটা ধুমুহাই আহি উৰুৱাই লৈ গৈছে দিগন্তবৃত্ত

যাদুদণ্ড ঘূৰালেই স্বৰ্গৰপৰা নামি অহা বিদ্যুৎ-তৰংগ পোত খাইছে ভূমিত

সকলোবোৰেই শব্দৰ কটা-কটি, পৃষ্ঠা উলটি যোৱা

কৰতলৰ আমলখিটো চাই আছো মাজে মাজে, সিও মোলৈ চাই চকু টিপিয়াই হাঁহিছে

নীৰা, তুমি সুদূৰতম নাৱত অকলশৰীয়া, মেলি দিছা দুয়োখনি ডেউকা

মই দুৰন্ত ট্ৰেইনত বহি এটাও ষ্টেচনৰ নাম পঢ়িব পৰা নাই

তুমি স্কুল কমিটিৰ কাজিয়াৰপৰা আঁতৰি গ’লা দুৱাৰৰ পিছফালে

মই দুপৰীয়াৰ পিছত দুপৰীয়া পাৰ কৰিছো কাচেৰে আৱৰা কোঠাৰ চকীত

অথচ নদীৰ পাৰৰ কিমান গছৰ ছাঁ খালী হৈ পৰি আছে

বিপ্লৱ আহি গ’ল বুলি যিসকলে কৈছিল, তেওঁলোকে লিখিছে স্মৃতিকথা

আৰু যিসকল বিলীন হৈ গ’ল, তেওঁলোক একেবাৰেই বিলীন হৈ গ’ল

ৰঙা চুলিৰ মানুহবোৰৰ কেমেৰাবোৰ এতিয়া ঘূৰি আছে গলিবোৰৰ চুকে-কোণে

কোনোৱেই এতিয়া আৰু ভালপোৱাৰ কথা নকয়

মানুহৰ সভ্যতাই ভালপোৱাৰ কথা শুনিলেই অট্টহাস্যত ফাটি পৰে

বাথৰুমত মুখ ধুবলৈ গৈ কিছুমানে অকলে অকলে কান্দে আৰু মুখত পানী ছটিয়ায়

নীৰা, আমি আৰু বহুদূৰ যাত্ৰা কৰিব লাগিব, হেৰাই নাযাবা

বহু জন্ম সলনি হ’বলৈ বাকী আছে, হেৰাই নাযাবা নীৰা, অমৃতকন্যা, হেৰাই নাযাবা!

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: নীৰাহেৰাই নাযাবা
Anjan Sarma

Anjan Sarma

Related Posts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics
Climate Change

A Historical Inquiry into Climate and Environment in Assam

by Anjan Sarma
March 5, 2026
0

A Historical Inquiry into Climate and Environment in Assam ANJAN SARMA Assam’s environmental history is inseparable from the life of...

Read moreDetails
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026
বুৰঞ্জীবোধ

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

February 24, 2026
নাম শুনিলেই যাৰ….

Yandabo to 2026 Crossroads : Lost Sovereignty, Broken Accords, and Fading Regional Dreams!

February 24, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

February 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
Environmental Impacts of Electronic Waste & Potential Pathways for its Management

Environmental Impacts of Electronic Waste & Potential Pathways for its Management

March 8, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3496 shares
    Share 1398 Tweet 874
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d