• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

নৰেনেৰ ফেৰেন !

ASSAMESE Section / Spiritualism

by Sanjeev Kumar Nath
February 18, 2025
in News
Reading Time: 4 mins read
0
নৰেনেৰ ফেৰেন !
Share on FacebookShare on TwitterShare on LinkedIn

নৰেনেৰ ফেৰেন !

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

ৰমণ মহর্ষিৰ জীৱন কালত তেওঁৰ সান্নিধ্য লাভ কৰা এগৰাকী অতি উচ্চ খাপৰ সাধিকা কনক্কামালে এবাৰ কাঞ্চি কামাকোটি পীঠত সেই পীঠৰ ৬৮ তম শংকৰাচার্য শ্রীচন্দ্রশেখৰেন্দ্র সৰস্বতীক লগ পাইছিল।

এই শংকৰাচার্যজনক অদ্বৈত পৰম্পৰাৰ জীৱনমুক্ত জ্ঞানী বুলি সকলোৱে মানে। (এৱেঁই এসময়ত ইংৰাজ লেখক-সাংবাদিক পল ব্রান্টনক ৰমণ মহর্ষিক দেখা কৰাৰ উপদেশ দিছিল, আৰু পিছত ব্রান্টনে তেওঁৰ A Search In Secret India নামৰ বিখ্যাত গ্রন্থত ৰমণ মহর্ষিক লগ পোৱাৰ বর্ণনা দিছিল।)

কনক্কামালক দেখাৰ লগে লগে শ্রীচন্দ্রশেখৰেন্দ্র সৰস্বতীয়ে বুজি পাইছিল যে তেওঁ অতি উচ্চ খাপৰ সাধিকা, গতিকে তেওঁক লগ পাবলৈ অহা বিভিন্ন মানুহৰ লগত কথা বতৰা পাতি থকা সময়তো কনক্কামালক তেওঁৰ ওচৰতে বহি থাকিবলৈ ক’লে।

জীৱনমুক্ত জ্ঞানীৰ কাষত থাকিবলৈ পোৱাটো ডাঙৰ ভাগ্যৰ কথা। বহু যোগ-ধ্যান, সাধনাৰ অন্তত যি ধৰণৰ আধ্যাত্মিক লাভ হয়, এজন জীৱনমুক্তৰ দর্শনতে হেনো তেনে লাভ পোৱা যায়। সেই বাবে ভাৰতীয় ধর্মীয় পৰম্পৰাত মুনি, জ্ঞানীৰ দর্শন কৰাৰ সৌভাগ্যৰ আৰু সুফলৰ কথা কোৱা যায়। 

শংকৰাচার্য শ্রীচন্দ্রশেখৰেন্দ্র সৰস্বতীক দেখা কৰিবলৈ প্রতিদিনে বহু মানুহ যায়। সেইদিনা কনক্কামালে শংকৰাচার্যৰ ওচৰত বহি থাকি দেখিছিল কিদৰে ইজনৰ পিছত সিজনে, দশনার্থীৰ ইটো গোটৰ পিছত সিটো গোটে তেওঁক লগ পাবলৈ গৈ আছিল। এটা সময়ত, মানুহৰ সোঁত কিছু কমিলত, শংকৰাচার্যই কনক্কামালক সুধিলে, “তুমি জানানে মোক কি বুলি কোৱা হয়?”

নৰেনেৰ ফেৰেন
৬৮ তম শংকৰাচার্য শ্রীচন্দ্রশেখৰেন্দ্র সৰস্বতী

কনক্কামালে ঠিকেই জানে যে শংকৰাচার্যক জগদ্গুৰু বুলি কোৱা হয়, কিন্তু তেওঁ উত্তৰ দিয়াৰ সলনি নম্রতাৰে মৌন হৈ থাকিল। কিছুমান সাধক-সাধিকাই সুবিধা পালেই গুৰুক বা গুৰুস্থানীয় ব্যক্তিক খুব প্রশ্ন কৰে। গীতাত ভগৱান কৃষ্ণই যি চাৰিবিধ ভক্তৰ কথা কৈছে (অর্থাথী, আর্ত, জিজ্ঞাসু, জ্ঞানী) তেওঁলোকৰ ভিতৰত জিজ্ঞাসু সকলকতো তেওঁলোকৰ প্রশ্ন কৰাৰ প্রবৃত্তিৰ বাবে, ঔৎসুক্যৰ বাবেই জনা যায়।

কিন্তু কিছুমান অতি গভীৰ, জ্ঞানী ভক্তই প্রশ্ন খুব কম কৰে আৰু কথাও খুব কম কয়। কনক্কামাল তেনে এগৰাকী সাধিকা আছিল। ৰমণ মহর্ষিৰ ওচৰলৈ যোৱা বহুতো মানুহে মহর্ষিক অনেক প্রশ্ন কৰে, কিন্তু কনক্কামালে তেওঁলোকৰ মাজতে থাকিও সাধাৰণতে মৌন হৈ থাকে। এতিয়া মহাস্বামী অর্থাৎ শ্রীচন্দ্রশেখৰেন্দ্র সৰস্বতীৰ প্রশ্ন শুনিও তেওঁ নীৰৱ হৈ থাকিল। এনে মৌনতাত এক প্রকাৰৰ নম্রতাও থাকে। গুৰুৰ ওচৰত তেওঁ কি জানে কোৱাতকৈ তেওঁ গুৰুৰ পৰাহে কিবা শুনিব বিচাৰে।

কনক্কামালক নীৰৱে থকা দেখি শংকৰাচার্যই নিজেই নিজৰ প্রশ্নৰ উত্তৰ দি ক’লে : “মোক জগদ্গুৰু বোলা হয়। ধর্মৰ, বেদান্তৰ জ্ঞানৰ বাবে শংকৰাচার্যক এই উপাধি দিয়া হয়। জগদ্গুৰুৰ কাম হ’ল ধর্মোপদেশ দিয়া। কিন্তু তুমি দেখিলানে ইমান পৰে ইমান বোৰ মানুহ আহি আছে, কিন্তু কোনো এজনে ধর্মৰ বিষয়ে, সাধনাৰ বিষয়ে কিবা প্রশ্ন কৰিছে নে? প্রত্যেকেই একো একোটা সাংসাৰিক সমস্যাৰ সমাধানৰ বাবেহে মোৰ আশীর্বাদ বিচাৰিছে”।

এইটো নহয় যে সাংসাৰিক সমস্যাৰ সমাধানৰ বাবে শংকৰাচার্যৰ আশীর্বাদ বিচৰা মানুহক তেওঁ আশীর্বাদ দিয়া নাই। যি যেনেকৈ বিচাৰিছে তেওঁ সকলোকে তেনকৈয়ে আশীর্বাদ কৰে; সেইটো তেওঁৰ কামেই; কিন্তু তেওঁ আশা কৰি থাকে যে কোনোৱে ধর্ম সম্বন্ধে, সাধনা সম্বন্ধে এটা ভাল প্রশ্ন কৰিব, তেওঁ এজন সাধক লগ পাব। সেইবাবেই কনক্কামালক পাই তেওঁ কিছু সময়ৰ বাবে নিজৰ কাষত বহি থাকিবলৈ দিছিল।

প্রকৃত সাধু, সন্তৰ কাষলৈ যোৱা বেছিভাগ মানুহেই কোনো পাৰমার্থিক লাভৰ বাবে নাযায়; লৌকিক, আর্থিক, সাংসাৰিক লাভ বিচাৰিহে যায়। ৰামকৃষ্ণ পৰমহংসৰ ওচৰলৈও কেতিয়াবা একোজন ধনী মানুহে তেওঁৰ কিবা মামলা-মোকর্দ্দমাত জিকাৰ উপায় (তাবিজ! আশীর্বাদ!) বিচাৰি যায়!

কেতিয়াবা পৰমহংসই সাংসাৰিক মানুহৰ এনে ব্যৱহাৰৰ কথা উলিয়াই দুখ কৰে যে এজন পৰমহংসকো সাংসাৰিক মানুহে নিজৰ ক্ষুদ্র সাংসাৰিক লাভৰ বাবে ব্যৱহাৰ কৰিব খোজে। ভগৱৎ প্রাপ্তি, মোক্ষ প্রাপ্তিৰ উপায় বিচৰাৰ সলনি, মানৱ জনম সফল কৰাৰ উপায় বিচৰাৰ সলনি মামলা মোকর্দ্দমাত জিকাৰ বাবেহে আশীর্বাদ বিচাৰে। 

নৰেনেৰ ফেৰেন
 ৰামকৃষ্ণ পৰমহংস

 ৰামকৃষ্ণ পৰমহংসৰ জীৱনীত পোৱা যায় যে তেওঁ সাংসাৰিক মানুহৰ কথা শুনি শুনি অতিষ্ঠ হৈ পৱিত্র মনৰ সাধকৰ সঙ্গ বিচাৰি উত্রাৱল হৈছিল, আৰু মা ভৱতাৰিণীক খাটনি ধৰিছিল যাতে তেওঁ পৱিত্র মনৰ সাধু লোক লগ পায়। তেতিয়াই ৰাণী ৰাসমণিয়ে নির্মাণ কৰা দক্ষিণেশ্বৰৰ মা ভৱতাৰিণী কালী মন্দিৰ আৰু উদ্যানলৈ পৰমহংসৰ ভৱিষ্যতৰ শিষ্য আৰু ৰামকৃষ্ণ মঠৰ ভৱিষ্যতৰ সাধু-সন্ন্যাসী সকলৰ আৰু ৰামকৃষ্ণ মিশনৰ গৃহস্থ ভক্ত সকলৰ আগমন ঘটিবলৈ ধৰে।

তেওঁলোকৰ অনেক আছিল কম বয়সীয়া। সেই কম বয়সীয়া সকলৰ ভিতৰত আছিল পৰমহংসৰ অতি প্রিয় ৰাখাল। ধনীৰ দুলাল, কিন্তু অতি পৱিত্র মনৰ এই ৰাখালেই এদিন ৰামকৃষ্ণ মিছনৰ প্রথম জন অধ্যক্ষ স্বামী ব্রহ্মানন্দ হ’লগৈ। গৃহস্থ ভক্তসকলৰ অন্যতম এজন মহেন্দ্রনাথ গুপ্তৰো আগমন ঘটিছিল। পৰমহংসক প্রথম দেখাৰ পৰাই তেওঁৰ প্রতি তীব্র আকর্ষণ অনুভৱ কৰা মহেদ্রনাথে তৃতীয় বাৰ দর্শনৰ বাবে যাওঁতে পৰমহংসই তেওঁক শিশু-সুলভ চপলতাৰে জোকাইছিল।

উপস্থিত ভক্তবৃন্দক উদ্দেশ্য কৰি মহেন্দ্রনাথৰ অৱস্থাৰ কথা পৰমহংসই হাঁহি হাঁহি এটা কাণি খোৱা ময়ুৰৰ সৈতে তুলনা কৰিছিল—যে এজন মানুহে এটা ময়ুৰক এদিন এটা কানিৰ পুৰিয়া খুৱালে। পিছদিনা ময়ুৰটো ঠিক সেই সময়ত মানুহজনৰ ওচৰত হাজিৰ হ’লগৈ—কানিৰ পুৰিয়া বিচাৰি!

নৰেনেৰ ফেৰেন

পিছলৈ এই মহেন্দ্রনাথৰে অমৰ সৃষ্টি “ৰামকৃষ্ণ কথামৃত” প্রথমে বাংলাত আৰু পিছত বিভিন্ন ভাষাত প্রকাশিত হৈ বিশ্বৰ অজস্র জিজ্ঞাসু ভক্তৰ এখন অতি প্রিয় গ্রন্থ হ’লগৈ। মহেন্দ্রনাথ গুপ্তই আৰম্ভণিৰে পৰা জানিছিল যে ৰামকৃষ্ণ অৱতাৰী পুৰুষ, আৰু নিজৰ পাৰমার্থিক সাধনাৰ অংশ হিচাপে পৰমহংসই কোৱা কথা অতি মনোযোগেৰে শুনি পিছত লিখি ৰাখিছিল। গ্রন্থ প্রকাশৰ কোনো পৰিকল্পনা তেওঁৰ নাছিল।

পৰমহংসৰ মহাপ্রয়াণৰ পিছত তেওঁ নিজৰ ঘৰত গোট খোৱা অনেক মানুহক পৰমহংসই কোৱা কথা কৈ শুনাইছিল। সকলোৱে অনুভৱ কৰিব পাৰিছিল যে মহেন্দ্রনাথ গুপ্ত অতি উচ্চ খাপৰ সাধক। পিছত বহু ভক্তৰ হেঁচাত, আৰু বিশেষকৈ মা শাৰদা দেৱীৰ অনুৰোধত মহেন্দ্রনাথে তেওঁ লিখি ৰখা কথাবোৰ গোটাই শ্রীৰামকৃষ্ণ কথামৃত কেবা খণ্ডত প্রকাশ কৰিছিল। শেষৰ খণ্ডটো প্রেছত থাকোতেই তেওঁ ইহ লীলা সম্বৰণ কৰে।

 ৰামকৃষ্ণৰ ভক্ত সকলৰ মাজতো সকলো ৰাখাল (স্বামী ব্রহ্মানন্দ) বা মহেন্দ্রনাথ গুপ্ত (শ্রীম)ৰ দৰে পৱিত্র হৃদয়ৰ পুণ্যাত্মা নাছিল। বহু সাধাৰণ, বিভিন্ন দোষ-গুণ থকা মানুহো পৰমহংসৰ সান্নিধ্য আৰু কৃপাত অতি উচ্চ স্তৰৰ সাধক হ’ব পাৰিছিল, সিদ্ধ হ’ব পাৰিছিল। 

ৰামকৃষ্ণক দেখা কৰিবলৈ যোৱা সকলো মানুহৰ মাজত পৃথক আছিল নৰেন্দ্রনাথ দত্ত নামৰ এটা ল’ৰা, যাক প্রথমে ৰামকৃষ্ণই কলিকতাৰ এঘৰ মানুহৰ এটা অনুষ্ঠানত লগ পাইছিল। নৰেন্দ্রনাথক (স্বামী বিবেকানন্দ) প্রথম দেখাৰে পৰা ৰামকৃষ্ণহে তেওঁৰ প্রতি অতি অদ্ভূৎ ভাৱে আকর্ষিত হৈছিল। নৰেন্দ্রনাথেতো প্রথমে ৰামকৃষ্ণই তেওঁক দেখুৱা তীব্র প্রীতিত কিছু ক্ষুণ্ণ হে হৈছিল। বিনা কাৰণত তেওঁৰ প্রতি পৰমহংসৰ ইমান মৰম কিয় তেওঁ বুজি পোৱা নাছিল।

কিন্তু লাহে লাহে পশ্চিমীয়া শিক্ষাৰে শিক্ষিত নৰেন্দ্রনাথে প্রায় নিৰক্ষৰ কিন্তু সকলো শাস্ত্রৰ সাৰ স্বৰূপ পৰমহংসৰ দৈৱিক প্রভাৱ অনুভৱ কৰিলে, আৰু এটা সময়ত তেওঁৰ পৰম সেৱক হৈ পৰিল। 

বিবেকানন্দই দিয়া অজস্র বক্তৃতা আৰু লিখা অনেক লেখাৰ মাত্র অতি ক্ষুদ্র অংশতহে তেওঁৰ গুৰু ৰামকৃষ্ণৰ কথা পোৱা যায়। এবাৰ তেওঁক সোধা হৈছিল যে তেওঁ পৰমহংসৰ এখন জীৱনী কিয় নিলিখে। তেওঁ উত্তৰ দিছিল বাংলাত ব্যৱহাৰ হোৱা এক বিশেষ ফকৰা যোজনাৰে যাৰ অর্থ হ’ব এনেকুৱা : “শিৱৰ মুর্ত্তি সাজিবলৈ গৈ বান্দৰ সাজিম নেকি?”

আমি ভাবিব পাৰোঁ যে বিবেকানন্দই যিহেতু ৰামকৃষ্ণক ইমান ওচৰৰ পৰা ইমান দিন পাইছে, আৰু যিহেতু ৰামকৃষ্ণই বিবেকানন্দক অকপটে নিজৰ উত্তৰাধিকাৰী কৰিছে আৰু দৈৱী শক্তিৰে শক্তিমান কৰিছে, গতিকে বিবেকানন্দই নিশ্চয় ৰামকৃষ্ণৰ বিষয়ে এখন ভাল জীৱনী লিখিব পাৰিলেহেঁতেন। কিন্তু বিবেকানন্দইহে সম্পূর্ণকৈ বুজি পায় যে ৰামকৃষ্ণক সম্পূর্ণকৈ বুজা সম্ভৱ নহয়, তেওঁৰ বাবেও নহয়।

 ৰামকৃষ্ণৰ ওচৰলৈ যোৱা মানুহবোৰৰ শ্রেণী বিভাজন কৰিলে চাগৈ এনে হ’ব—১) ৰাখাল, নৰেন, শ্রীমৰ দৰে পৱিত্রাত্মা ভক্ত, ২) বিভিন্ন দোষ-গুণ থকা সাধাৰণ লোক যি পৰমহংসৰ কৃপাত আৰু নিজৰ চেষ্টাত অসাধাৰণ ভক্ত বা সাধক বা সিদ্ধ হ’ব পাৰিলে, ৩) সংসাৰিক মানুহ যি মামলা-মোকদ্দর্মাৰ বাহিৰৰ পাৰমার্থিক কথা ভাবিবলৈ আহৰি নাপায়।

 শেষত এই লেখাৰ শিৰোনামত থকা “নৰেনৰ ফেৰেন” (Friends of Narendra) সকলৰ কথা কোৱা যাওক। নৰেন্দ্রনাথে মাজে মাজে একোজন বন্ধুক লৈ যায় দক্ষিণেশ্বৰত পৰমহংসৰ দর্শন কৰোৱাবৰ বাবে। এওঁলোকৰ প্রায়ভাগৰে আচলতে ধর্ম, পৰমার্থ এইবোৰ বিষয়ৰ প্রতি কোনো আকর্ষণ নাই।

ৰামকৃষ্ণই অধ্যাত্মৰ প্রতি উদাসীন এনে সাধাৰণ সাংসাৰিক লোকৰ সান্নিধ্য মুঠেই ভাল নাপায়; গতিকে নৰেন্দ্রনাথে এইধৰণৰ মানুহ আনি তেওঁৰ ওচৰত উলিয়ালেহি তেওঁ কিছু বিৰক্ত হয়, কিন্তু নৰেনৰ প্রতি তেওঁৰ দুর্বলতাৰ বাবে এইবোৰ প্রাণীকো তেওঁ সহ্য কৰে আৰু কেতিয়াবা আশীর্বাদো দিব লগীয়াত পৰে।

নৰেনেৰ ফেৰেন
কিন্তু বিবেকানন্দইহে সম্পূর্ণকৈ বুজি পায় যে ৰামকৃষ্ণক সম্পূর্ণকৈ বুজা সম্ভৱ নহয়..

কেতিয়াবা ৰামকৃষ্ণই আন মানুহক নৰেন্দ্রনাথৰ এই বন্ধুহঁতৰ বিষয়ে উপহাসৰ সুৰত কয় যে “এৰা নৰেনেৰ ফেৰেন” (অর্থাৎ “এওঁলোক নৰেনৰ ফেৰেন”)। “ফেৰেন” মানে “ফ্রেণ্ড” (Friend)। পৰমহংসৰ মুখত দুই এটা ইংৰাজী শব্দ শুনিবলৈ পোৱা গৈছিল। তাৰে এটা আছিল “ফেৰেন”। উপহাসৰ বাবে ইংৰাজীৰ ব্যৱহাৰ, তাকো এজন পৰমহংসৰ দ্বাৰা!

 আচলতে আমি বেচিভাগৰে নৰেনৰ ফেৰেনহঁতক হঁহাৰ যোগ্যতা নাই কাৰণ আমিও তেওঁলোকৰ দৰেই। পৰমহংসই কোৱা অনেক ক্ষুদ্র সাধুৰ এটা আছিল এই ধৰণৰ যে এগৰাকী মানুহক তেওঁৰ সম্বন্ধীয় মানুহৰ মৃত্যুৰ খবৰ দিয়া হ’লত তেওঁ প্রথমে নিজৰ কাণৰ, নাকৰ, ডিঙিৰ আ-অলংকাৰবোৰ খুলি লৈ ভালদৰে থৈ ল’লে আৰু তাৰ পিছত দুখত ম্রিয়মান হৈ মাটিত বাগৰি বাগৰি কান্দিবলৈ ধৰিলে।

এই মানুহ গৰাকীৰ দুখত কোনো তীব্রতা নাই; তেওঁ বিশেষ একো দুখ অনুভৱেই কৰা নাই। আমাৰ বেছি ভাগৰে ঈশ্বৰ-ভক্তিৰ তীব্রতাও সেই ধৰণৰে হয়। আমি সাধাৰণতে সকলো সাংসাৰিক কাম কাজ নিয়াৰিকৈ কৰি উঠি পুৱা-গধূলী ক্ষন্তেকৰ বাবে ঈশ্বৰক ভাবো।

বহুতৰ বাবে আকৌ প্রার্থনা কৰা মানে ঈশ্বৰক তাগিদাৰ এখন তালিকা দিয়া— যে মোক এইবোৰ — ১)ক, ২)খ, ৩) গ…… লাগে। কিবাকিবি পাবৰ নিমিত্তে তেওঁলোকে ঈশ্বৰক খাটনি ধৰে। সেয়াই তেওঁলোকৰ প্রার্থনা। অনেকেতো তাকো নকৰে। তদুপৰি আজিকালি ঈশ্বৰক মনা সকলক জধা মূর্খ বুলি প্রমাণ কৰিব পৰা বুদ্ধিমান সকলতো আছেই।

পশ্চিমত এতিয়া নিয়’-এথেইষ্ট সকলৰ জয়ময়। নাস্তিকতাবাদেই তেওঁলোকৰ ধর্ম। তেওঁলোকে কেৱল নাস্তিক হৈ বহি নাথাকে, নাস্তিকতাবাদৰ প্রচাৰত নামি পৰে—ধর্ম যাজকে ধর্ম প্রচাৰত নমাৰ দৰে! এই দৰে বহু ৰকমৰ মানুহ আছে। সন্দেহ নাই যে কনক্কামাল, বিবেকানন্দ, মহেন্দ্রনাথ গুপ্ত, স্বামী ব্রহ্মানন্দৰ দৰে লোকৰ সংখ্যা সদায় খুব কম। “নৰেনেৰ ফেৰেন”হঁতৰ সংখ্যা সদায় বহু বেছি।

Ramkrishna Paramhansa
ৰামকৃষ্ণ

(Sanjeev Kumar Nath, sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Adaptation Without Agency Is Not Resilience
News

Adaptation Without Agency Is Not Resilience

by CHANDRALIM PHUKAN
July 15, 2026
0

Adaptation Without Agency Is Not Resilience CHANDRALIM PHUKAN When a milk chilling centre in rural India no longer depends on...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
 All the military experience of the last century is simply irrelevant!

 All the military experience of the last century is simply irrelevant!

July 13, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d