পইতা পালমৰা নহয়, বৰং পুষ্টিকৰ খাদ্য
ডাঃ মনোজ শইকীয়া

আমাৰ খাদ্যৰ তিনিটা প্ৰধান ভাগ আছে (১) সাত্বিক (২) ৰাজসিক (৩) তামসিক।
পইতা ভাত তামসিক আহাৰৰ অন্তৰ্গত বুলি ধৰা হয়। তাৰোপৰি পইতা ভাত খালে সহজে হজম হয় বাবে খোৱাৰ এঘন্টামানৰ পিছতে ভোক লাগে ।
কৰ্মব্যস্ত মানুহে , বিশেষকৈ কৃষি কৰ্মত ব্যস্ত মানুহে সময় অভাৱৰ হেতু কৰ্কৰা ভাতকে খাই ততাতৈয়াকৈ খেতি পথাৰলৈ ঢাপলি মেলে।

সেয়েহে অসমীয়াত এটা অৰ্থপূৰ্ণ ফকৰা যোজনা আছে। “ পইতা পালমৰা , কৰ্কৰা লৰ মৰা তপত, দিনটোলৈ শকত “।
গৰমৰ দিনত পইতা ভাত আৰু বেহুৱা অকনমান পালে বৰ তৃপ্তিৰে খাব পাৰি। বহুতে পইতা ভাত খাই ভাল পায় যদিও প্ৰকাশ্যে কবলৈ লাজ পায়। বহাগ বিহুত চেৰা বিহুৰ দিনা পইতা ভাত অলপ খোৱাৰ নিয়মটো আমাৰ সমাজত এতিয়াও বৰ্ত্তি আছে।
“পঁইতা ভাতক নামনি অসমত ‘পান্তা’ ভাত আৰু উজনিত ‘পঁইতা’ ভাত বুলি কয়। ইংৰাজীত ইয়াক সাধাৰণতে কোজি ৰাইচ বুলি কোৱা হয়। এইবিধ ভাতক পশ্চিম বংগত ‘পান্তা’ ভাত, তামিলনাডুত পৰইয় চৰু, কেৰেলাত পৰম কঞ্জি, ছত্তীছগড়ত পখাল ভাত আৰু উৰিষ্যাত পখাল (পখালঅ) বুলি কয়। এচিয়াৰ বহুকেইখন দেশত ইয়াক ‘চুইট ডেজাৰ্ট’ হিচাপেও ব্যৱহাৰ কৰা হয়। দাক্ষিণাত্যৰ ৰাজ্যসমূহত টেঙা ভাতৰ লগত দৈ আৰু চেনি মিহলাই একপ্ৰকাৰৰ খাদ্য দ্ৰব্য প্ৰস্তুত কৰা হয় আৰু এইবিধ খাদ্য তেওঁলোকৰ মাজত যথেষ্ট জনপ্ৰিয়। চীনত দেশত ইয়াক ‘জিউ নিয়াং’ নামেৰে জনা যায়।”
পইতা ভাতৰ কিছুমান উপকাৰীতা আছে আৰু ইয়াক তলত উল্লেখ কৰা হল। অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পইতা ভাতৰ ওপৰত চলোৱা পৰীক্ষাত পোৱা তথ্যসমূহ তলত অধিক বিশ্লেষণ কৰি দেখুওৱা হল:
(১) প্ৰতি ১০০ গ্ৰাম পইতা ভাতত ৩০৩ মিলিগ্ৰাম চদিয়াম থকাৰ বিপৰীতে ১০০ গ্ৰাম গৰম ভাতত থাকে ৪৭৫ মিলিগ্ৰাম। সেয়েহে চাবলৈ গলে উচ্চ ৰক্তচাপ থকা , ভৰিফুলা, হৃদৰোগীৰ বাবে পইতা ভাত উপকাৰী।
(২) প্ৰতি ১০০ গ্ৰাম পইতা ভাতত ৮৫০ মিলি গ্ৰাম কেলচিয়াম থকাৰ বিপৰীতে গৰম ভাতত থাকে ২১ মিলি গ্ৰাম। সেয়েহে কেলচিয়াম কম থকা ব্যক্তিৰ কাৰণে পইতা ভাত উপকাৰী।
(৩) প্ৰতি ১০০ গ্ৰাম পইতা ভাতত ৭৩’৯১ মিলি গ্ৰাম আইৰণ থকাৰ বিপৰীতে গৰম ভাতত থাকে ৩’৪ মিলি গ্ৰাম। সেয়েহে ৰক্তহীনতা ব্যক্তিৰ কাৰণে পইতা ভাত উপকাৰী।
(৪) প্ৰতি১০০ গ্ৰাম পইতা ভাতত পটেচিয়াম থাকে ৮৩৯ মিলি গ্ৰাম ।
(৫) সেইদৰে পইতা ভাতত ভিটামিন বি-৬ আৰু বি-১২ পোৱা যায়।
আমেৰিকান নিউট্ৰিচন এচোচিয়েচনৰ মতে পইতা ভাত খালে অগ্নাশয়ৰ পৰা এমাইলেছ, পেংক্ৰিয়েটিন ৰসৰ উপৰিও এনজাইম অধিক পৰিমাণে নিসৰণ হয় বাবে ভালদৰে পইতা ভাত হজম আৰু বিপাক হয়।
গতিকে পইতা ভাত খোৱা ব্যক্তিৰ পেটৰ গণ্ডগোল কমকৈ হয়। তাৰোপৰি পইতা ভাত খোৱা ব্যক্তিৰ পেটত চৰ্বি সঞ্চিত নহয় বাবে পেটুৱা নহয়।
পইতা ভাতত স্বাস্থ্যৰ কাৰণে উপকাৰী কিছুমান বেক্টেৰিয়া উৎপন্ন হয় বাবে কম পৰিমাণে ফাৰ্মেন্টেছন হয়। সেয়েহে পইতা ভাত খালে সামান্য টোপনি ভাৱ আহে আৰু শৰীৰটো ঠাণ্ডা হৈ থাকে।
অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পইতা ভাতৰ ওপৰত চলোৱা পৰীক্ষাত পোৱা তথ্য মতে:
“ভাতক পানীত তিয়াই থ’লে তাত বহুতো উপকাৰী বেক্টেৰিয়া সংশ্লেষিত হয়। তদুপৰি লেক্টিক এচিডআৰু ভিটামিন-‘বি’ উৎপন্ন হয়।
পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰ পেটৰ আন ৰোগ দূৰ কৰাতো সহায়ক হয়।
পঁইতা ভাত ছাল গঠনৰ প্ৰাথমিক প্ৰোটিন কোলাজন তৈয়াৰ কৰাত সহায়ক। কোলাজনে ছালৰ সংকোচন, সম্প্ৰসাৰণ প্ৰক্ৰিয়াত সহায় কৰে। পঁইতা ভাতে ভিটামিন-‘ই’ সংশ্লেষণেৰে ছালৰ মৃত কোষিকাবোৰ পুনৰ গঠনত সহায় কৰে।
ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে। পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।
পঁইতা ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰোবায়োটিকৰ কাম কৰে আৰু আন খাদ্য অৱশোষণত সহায় কৰে। ই সহজে হজম হোৱা খাদ্য বাবে লিভাৰক সকাহ দিয়ে। দৈনন্দিত বিভিন্ন খাদ্যশৈলীৰ দ্বাৰা নিঃসৰণ হোৱা অক্সিডেণ্টবোৰক নিষ্কাশন কৰাত সহায় কৰে।”

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.