পক্ষী দিৱস আৰু পোহৰৰ উৎসৱ দীপাৱলী
মানস প্ৰতিম দত্ত
২০২৩ বর্ষটো ভাৰতবাসীৰ বাবে আহিছিল এটি সেউজ সংযোগ লৈ।
সেই সংযোগটো আছিল জাতীয় পক্ষী দিৱস আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ। দুয়োটা দিৱসৰ মাজত থকা সংগতিটো হৈছে দীপাৱলীৰ দিনা অত্যধিক প্ৰাৱল্যৰ শব্দৰে বহু পক্ষীক ‘অতি শিক্ষিত‘ একাংশই মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।
সেউজ দীপাৱলী পালন কৰাটো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে। একক ব্যৱহাৰযোগ্য প্লাষ্টিক বন্ধ কৰিবলৈ দিয়া নিৰ্দেশনা আৰু আতচবাজী বন্ধ কৰিবলৈ দিয়া নিৰ্দেশনা দুয়োটা কাগজ-পত্ৰৰ নিৰ্দেশনাৰ বাবে বাস্তৱ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ প্ৰায় শূন্য।
আমি মনত ৰখা ভাল যে, অধিক প্ৰাৱল্যৰ শব্দৰ ফলত প্ৰায় ৩০,০০০ৰো অধিক ঘৰচিৰিকা জাতীয় চৰাইৰ মৃত্যু হয়। অথচ, এটি আঘাতপ্ৰাপ্ত ঘৰচিৰিকা জাতীয় চৰাইৰ পৰাই চালিম আলীৰ দৰে পক্ষীবিদৰ সৃষ্টি হৈছিল, যাৰ সোঁৱৰণত পক্ষী দিৱস পালন কৰা হয়।
ঘটনাটো এনেধৰণৰ-
এদিনৰ কথা :
সেইদিনা চালিমে ডিঙিত হালধীয়া দাগ থকা এটা চৰাই লৈ আহি দদায়েকক অনর্গল চৰাইটোৰ বিষয়ে প্ৰশ্ন কৰিবলৈ ধৰিলে। দদায়েকৰ ওচৰত ইবোৰ প্ৰশ্নৰ কোনো উত্তৰ নাছিল। সেয়েহে তেওঁৰ কৌতুহল পূৰণৰ বাবে তেওঁক বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটি (বিএন এইচ এছ)লৈ লৈ যোৱা হয়।
আমিৰউদ্দিন বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ সদস্য আছিল। সেইম সময়ত বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ সম্পাদক আছিল ডব্লিউ এছ মিলাৰ্ড। মিলার্ডে চালিমৰ কৌতূহল দেখি ড্ৰয়াৰত ৰখা চৰাইবোৰৰ লগত জড়িত সামগ্ৰীবোৰ উলিয়াই সেইবোৰ চালিমে অণা চৰাইটোৰ লগত মিলাই চাবলৈ ক’লে। চালিমে এটা এটাকৈ কেইবাটাও ড্ৰয়াৰ খুলি অৱশেষত হালধীয়া ডিঙিৰ চৰাইটোৰ লগত মিল থকা সামগ্ৰী বিচাৰি পালে।
মিলাৰ্ডে সেই চৰাইটোৰ বিষয়ে পঢ়িবলৈ ক’লে। চালিমে পঢ়িবলৈ আৰম্ভ কৰিলে, নুবুজাখিনি মিলাৰ্ডে বুজাই দিলে। পঢ়া-শুনাত তেওঁ মেধাৱী ছাত্ৰ নাছিল যদিও শৈশৱৰে পৰা তেওঁ পক্ষী নিৰীক্ষণ কৰি ভাল পাইছিল। অতদিনে চৰাই নিৰীক্ষণ কৰি ভালপোৱা চালিমৰ মনাকাশত সেইদিনা চৰাইবোৰক চিনাক্ত কৰা আৰু অধ্যয়ন কৰাৰ আকাংক্ষাৰ বীজটো অধিক বিকশিত হৈ উঠিল।
চালিমে এতিয়া চৰাইবোৰৰ বিষয়ে পঢ়ি অধিক তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে। গণিত বিষয়টো তেওঁ বৰ কঠিন পাইছিল। ফলত চালিমে কলেজীয়া পঢ়া-শুনা সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেওঁ পক্ষীবিজ্ঞানত বিশেষ অর্হতা আহৰণ কৰিবলৈ চেষ্টা কৰিও কৃতকার্য হ’ব পৰা নাছিল। কৃতকার্য হ’ব নোৱাৰি হতাশ হৈ তেওঁ চিন্দিত থকা ককায়েক ‘হাৰিদৰ’ ঘৰলৈ যায় আৰু তাৰ পৰা ব্ৰহ্মদেশলৈ গুছি যায়।
ব্ৰহ্মদেশত তেওঁ চাৰিবছৰমান অতিবাহিত কৰে। তেওঁ ককায়েকক কাঠৰ ব্যৱসায়ত সহায় কৰিবলৈ লয় যদিও সৰহভাগ সময় ব্ৰহ্মদেশৰ বনে জংঘলে ঘুৰি নানা তৰহৰ চৰাইৰ কণী সংগ্ৰহ কৰে আৰু চৰাইৰ বিষয়ে অধ্যয়ন কৰি সময় পাৰ কৰিবলৈ ধৰে।
আপোনালোকে বাৰু ৰজনীকান্ত আৰু অক্ষয় কুমাৰ অভিনীত ২.০ চিনেমাখন চাইছেনে? এই চিনেমাখনত অক্ষয় কুমাৰ চৰিত্ৰটোৰ নাম আছিল পক্ষীৰাজন। এই চৰিত্ৰটো এগৰাকী বিখ্যাত ভাৰতীয় পক্ষীবিদৰ জীৱন শৈলীৰ দ্বাৰা অনুপ্ৰাণিত আছিল। সেই পক্ষীবিদ জনেই হ’ল চালিম আলি।
ভাৰতবর্ষত পক্ষী অধ্যয়নক জনপ্রিয় কৰি তোলা, ভাৰতৰ পক্ষী মানৱ ( দ্য বার্ড মেন অব্ ইণ্ডিয়া) নামেৰে পৰিচিত চেলিম আলিৰ জন্ম হৈছিল ১৮৯৬ চনৰ ১২ নবেম্বৰত মুম্বাইৰ খেতৱাৰী অঞ্চলত। তেখেতৰ সম্পূর্ণ নাম চালিম মাইজউদ্দিন আলি। চাৰিগৰাকী ছোৱালী আৰু পাঁচজন ল’ৰাৰে পৰিপূর্ণ মাইজউদ্দিনৰ পৰিয়ালটোৰ একেবাৰে নুমলীয়া সন্তান আছিল চালিম।
চালিমৰ এবছৰ নৌহওঁতেই পিতৃ মাইজউদ্দিনৰ মৃত্যু ঘটে আৰু দুবছৰ পিছতেই মাকৰো মৃত্যু হয়। চালিমে দদায়েক আমিৰউদ্দিন ত্যাবজী আৰু খুড়ীয়েক হামিদা বেগমৰ ঘৰত থাকিয়ে পঢ়া শুনা কৰিবলৈ লয়। অমীৰউদ্দিন আৰু হামিদা নি:সন্তান আছিল। তেওঁলোকে চালিমক খুব মৰম কৰিছিল।
শৈশৱৰে পৰা শাৰীৰিকভাৱে দুর্বল চালিমে ১৯১০ চনত তেওঁ শৰীৰচৰ্চা প্ৰশিক্ষণ কেন্দ্ৰত ভৰ্ত্তি হৈ স্বাস্থ্যৰ প্রতি যত্ন ল’বলৈ আৰম্ভ কৰে। ফলত তেওঁ সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ সক্ষম হয়। ১৯১৭ চনত তেওঁ মুম্বাইলৈ ঘৰি আহে আৰু ‘তেহমিনা’ৰ লগত বিবাহপাশত আবদ্ধ হয়। ১৯২৭ চনত তেওঁ বম্বেৰ প্ৰিন্স অৱ ৱেলছ সংগ্ৰহালয়ত নির্দেশক-প্রবক্তা হিচাপে চাকৰি লাভ কৰে যদিও দুবছৰৰ পাছতে সেই চাকৰি এৰি দিয়ে।
চৰাইৰ বিষয়ে অধিক জ্ঞান আহৰন কৰিবলৈ তেওঁ অধ্যাপক আৰউইন ষ্ট্ৰেছমেনৰ অধীনত বাৰ্লিন বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান সংগ্ৰহালয়ত পক্ষী বিজ্ঞান অধ্যয়ন কৰাৰ সিদ্ধান্ত লয়। এবছৰৰ পাছত যেতিয়া চেলিম আলী বম্বেলৈ উভতি আহিল যদিও তেতিয়ালৈ তত্ত্বাৱধায়ক-প্রবক্তা পদটো বন্ধ কৰি দিয়া হৈছিল। পক্ষী বিশেষজ্ঞৰ চাকৰিৰ বাবে প্রয়োজনীয় ডিগ্রী নথকা বাবে তেওঁৰ প্রাথীত্ব নাকচ কৰা হৈছিল।
১৯৩০ চনত চালিম আলিয়ে বিএনএইচএছক ভাৰতীয় চৰাইৰ ওপৰত পদ্ধতিগতভাৱে অধ্যয়ন কৰাৰ প্রস্তাৱ আগবঢ়ায়। এই অধ্যয়নৰ বাবে তেওঁ কোনো দৰমহা বিচৰা নাছিল, কেৱল পর্যাপ্ত খৰচহে বিচাৰিছিল৷ বি এন এইচ এছে তেখেতৰ প্রস্তাৱ গ্রহণ কৰে। প্রায় ২০ বছৰ কাল চালিম আলীয়ে চৰাইৰ ওপৰত অধ্যয়ন চলাইছিল।
তেওঁৰ নিৰীক্ষণ আৰু অধ্যয়ন পদ্ধতিত চৰাইৰ আৰু ইয়াৰ বাসস্থানৰ বৰ্ণনাত ইতিহাস, পৰিৱেশ আৰু ভৌগলিক দিশসমূহ নিখুঁতভাৱে উপস্থাপন কৰিছিল। ১৯৪১ চনত তেখেতৰ বিখ্যাত গ্রন্থ ‘দ্য বুক অব্ ইণ্ডিয়ান বাৰ্ডছ’ প্ৰকাশ পায়।
এই গ্ৰন্থখনে সাধাৰণ মানুহক পক্ষী বিজ্ঞান আৰু পক্ষী নিৰীক্ষণৰ প্রতি আগ্রহী কৰি তুলিছিল। পিছলৈ তেওঁ ১০ বছৰৰ গৱেষণাৰ অন্তত বিখ্যাত পক্ষীবিদ এছ ডিলন ৰিপলীৰ সৈতে লগ লাগি ১০টা খণ্ডৰ “হেণ্ডবুক অৱ দ্য বাৰ্ডছ অৱ ইণ্ডিয়া এণ্ড পাকিস্তান” লিখি উলিয়ায়।
বম্বেত থকাৰ সময়ত চেলিম আলীয়ে কঠোৰ নিয়মানুৱর্তিতা মানি চলিছিল। তেওঁ পুৱা পাঁচ বাজি শুই উঠি খোজ কাঢ়ে আৰু তাৰ পিছত দুঘণ্টামান কাম কৰি বিএনএইচএছৰ কার্যালয়লৈ যায়।
বার্ধক্যয়ো চালিমক ম্লান কৰিব পৰা নাছিল। ৮৭ বছৰ বয়সলৈকে তেওঁ বৃহৎ অন্বেষণ অভিযান চলাইছিল। ১৯৮৩ চনত তেওঁ বাৰ্মা সীমান্তৰ ওচৰৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যানত চাৰি সপ্তাহ কটাইছিল। ১৯৮৫ চনত পাহাৰীয়া বতা চৰাইৰ সন্ধানত হিমালয়লৈ যাবলৈ ওলাইছিল যদিও অসুস্থতাৰ বাবে তেওঁ এই যাত্রালৈ যাব নোৱাৰিলে। এই সময়ছোৱাত তেওঁ দ্য ফল অব্ এ স্পেৰ’ নামৰ আত্মজীৱনীখন লিখি শেষ কৰে।
পক্ষীবিজ্ঞান বা অৰনিথ’ল’জী ক্ষেত্রলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ১৯৫৮ চনত পদ্ম ভূষণ, ১৯৬৭ চনত ব্ৰিটিছ অৰনিথ’ল’জিষ্ট ইউনিয়ন (British Ornithologists’ Union)ৰ স্বৰ্ণ পদক আৰু ১৯৭৬ চনত পদ্ম বিভূষণ সন্মান লাভ কৰিছিল । উল্লেখযোগ্য যে, চালিম আছিল ব্ৰিটিছ অৰনিথ’ল’জিষ্ট ইউনিয়ন (British Ornithologists’ Union)ৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন অব্ৰিটিছ নাগৰিক।
ইয়াৰ উপৰিও তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘৰ জন চি ফিলিপছ স্মৃতি পদক লাভ কৰে। ১৯৭০ চনত ইণ্ডিয়ান নেশ্যনেল চায়েন্স একাডেমিৰ পৰা সুন্দৰ লাল হোৰা মেম’ৰিয়েল মেডেল লাভ কৰে। ইয়াৰ উপৰিও ১৯৫৮ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়, ১৯৭৩ চনত দিল্লী বিশ্ববিদ্যালয় আৰু ১৯৭৮ চনত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।
এইগৰাকী মহান পক্ষীবিদে ১৯৮৭ চনৰ ২০ জুন তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ স্মৃতিত ভাৰত চৰকাৰে ১৯৯০ চনত কইম্বাটোৰত চালিম আলি চেণ্টাৰ ফ’ৰ অৰনিথ’ল’জি এণ্ড নেচাৰেল হিষ্টী চমুকৈ SACON প্রতিষ্ঠা কৰে।
দীপাৱলী। পোহৰৰ উৎসৱ। দীপাৱলীৰ আতচবাজীৰ অতিশব্দই কেৱল বায়ুপ্ৰদূষণ কৰাই নহয় ইয়াত থকা বেৰিয়াম নাইট্ৰেট , ক্ৰনিয়াম, এলুমিনিয়াম আদিয়ে ছাল আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগৰ সৃষ্টি কৰে।
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)