• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

পক্ষী নিৰীক্ষণ আৰু প্ৰকৃতি!

ASSAMESE SECTION / CLIMATE / Nature / Bird

by Editor
March 2, 2025
in ASSAMESE SECTION, Climate Change, Nature
Reading Time: 4 mins read
0
black drongo birds on branch

Photo by Rajukhan Pathan on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

পক্ষী নিৰীক্ষণ আৰু প্ৰকৃতি!

সুমিত দাস

Sumit Das 1
সুমিত দাস

চৰাই প্ৰকৃতিৰ অনন্য সৃষ্টি।চৰাই প্ৰাকৃতিক অৱস্থাৰো সূচক।কোনো এখন ঠাইৰ চৰাইৰ সংখ্যা সাংঘাতিকভাৱে কমি আহিলে সেই ঠাইৰ পৰিৱেশলৈ অশণি পৰিৱৰ্তন আহে।ভাৰতবৰ্ষৰ পক্ষীমানৱ খ্যাত ড: চালিম আলিয়ে কৈছিল “এই গ্ৰহত মানুহৰ অৱিহনে চৰাই জীয়াই থাকিব পাৰিব, কিন্তু চৰাইৰ অনুপস্থিতিত মানুহ জীয়াই নাথাকিবও পাৰে।“

চৰাই নিৰীক্ষণ এক আনন্দদায়ক ৰুচি।প্ৰকৃতিৰ অভ্যন্তৰলৈ প্ৰৱেশ কৰাত এই ৰুচিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।চৰাই নিৰীক্ষণ সম্প্ৰতি গোলকীয় ৰুচিলৈ পৰ্যবসিত হৈছে। আমাৰ ওচৰে-পাজৰে থকা পথাৰ-সমাৰ,নৈ-ওপনৈ,জান-জুৰি,হোলা,বিল,জলাশয় সৰু-বৰ হাবি আদি সকলোতে চৰাই-চিৰিকতিৰ কিচিৰ-মিচিৰ কলৰৱ শুনিবলৈ পোৱা যায়।

পক্ষী নিৰীক্ষণ আৰু কিছু কথা
Photo by Yogendra Singh on Pexels.com

প্ৰাকৃতিক বাতাৱৰণত চৰাইবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।অৰণ্য বিস্তাৰণতো চৰাইৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। সাধাৰণতে চৰাই পুৱাৰ ভাগত আৰু সন্ধিয়া সক্ৰিয় হোৱা দেখা যায়।এই সময়ছোৱাত চৰাইৰ কাৰ্য-কৌশল পৰ্যবেক্ষণ কৰিব পাৰি।

কুলি,কেতেকি,শ্যামা,চেকচেকী ,সখিয়তী আদি  চৰাইয়ে পুৱা গীত জুৰে। নিশাচৰ চৰাইৰ কাৰ্য-বিধি পৰ্যবেক্ষণ কৰিবলৈ সন্ধিয়াৰ পিছৰ সময়খিনি বাচি ল’ব লাগিব।সন্ধিয়াৰ পৰা গভীৰ নিশালৈকে চৰাই পৰ্যবেক্ষণ অব্যাহত ৰাখিব লাগিব।বিভিন্ন প্ৰজাতিৰ ফেঁচা,হুদু আদি চৰাই চোৱাৰ আদৰ্শ সময় হৈছে সন্ধিয়াৰ পৰা মাজনিশাপৰ্যন্ত।

পক্ষী নিৰীক্ষণ ঘৰৰ চৌপাশৰ পৰাই আৰম্ভ কৰিব পাৰি। ঘৰৰ চৌপাশৰ গছ-বিৰিখ,পুখুৰী,জনবসতি,নগৰীয়া অঞ্চলৰ মাজত থকা সৰু বননি,অটব্য অৰণ্য আদি সকলোতে চৰাইৰ  আবাদী বিস্তাৰিত হৈ আছে।অৱশ্যে কেতিয়াবা স্থানিক(Endemic) চৰাইৰ বৈচিত্ৰ অধ্যয়নৰ বাবে ঘণঘোৰ অৰণ্য বা সাগৰীয়  দ্বীপ আদিলৈও যাবলগীয়া হ’ব পাৰে।ভাৰতত বিভিন্ন অৰণ্যত জীৱন লীলা সম্পাদন কৰা চৰাইবোৰো সাধাৰণতে বৰ্ষাকালত বংশ বিস্তাৰ কৰে।

কিছু চিকাৰী চৰাইয়ে শীতকালত বংশ বিস্তাৰ কৰা পৰিলক্ষিত হয়।তদুপৰি শীতকালত ভাৰতলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে।পক্ষী নিৰীক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰধান আৰু প্ৰাথমিক সৰঞ্জাম হ’ল এখন টোকাবহী,কলম,পক্ষী নিৰীক্ষণৰ ক্ষেত্ৰ নিৰ্দেশিকা আদি।

যদিওবা পক্ষী নিৰীক্ষণ কৰোঁতে অত্যাধুনিক নিৰীক্ষণ সামগ্ৰীৰ প্ৰয়োজন নহয় তথাপিও দূৰবীণৰ ব্যৱহাৰে পক্ষী নিৰীক্ষণৰ আনন্দ দুগুণে বঢ়াই তোলে।ঘণ অৰণ্যত পক্ষী নিৰীক্ষণৰ বাবে ৮×৪২ দূৰবীণ আটাইতকৈ উপযোগী।এই দূৰবীণ খুব সহজতে  ব্যৱহাৰ কৰিব পাৰি। ওজনো যথেষ্ট কম হয়। 

আৰ্দ্ৰভূমিৰ পক্ষী নিৰীক্ষণৰ বাবে ১০×৫০ দূৰবীণৰ ব্যৱহাৰ আটাইতকৈ সুবিধাজনক।বৰ্তমান সময়ত বিভিন্ন কোম্পানীৰ দূৰবীণ উপলব্ধ।ইবোৰৰ ভিতৰত Olympus,Vanguard,Nikon,Bushnell,Carl Zeiss,Swarovski,Vortex আদি অন্যতম। 

পক্ষী নিৰীক্ষণ আৰু কিছু কথা
Photo by Vicky Deshmukh on Pexels.com

পক্ষীৰ ছবি গ্ৰহণৰ বাবে অত্যাধুণিক সৰঞ্জাম ইতিমধ্যেই বজাৰত উপলব্ধ হৈছে।পক্ষীৰ ছবি গ্ৰহন সাম্প্ৰতিক সময়ত এটি জনপ্ৰিয় ৰুচি হিচাপে পৰিগণিত হৈছে।চৰাইৰ বিভিন্ন কাৰ্যাৱলীৰ দৃশ্য তুলি ৰাখিব পৰা যায়।চৰাইৰ ফটো গ্ৰহন অত্যন্ত ব্যয় সাপেক্ষ কাম।এখন ভাল ছবি ধৰি ৰাখিবলৈ এটি উচ্চ ক্ষমতাসম্পন্ন জুমলেন্সৰ প্ৰয়োজন।অৱশ্যে নিজা ক্ষমতা আৰু লক্ষ্য অনুসৰি কেমেৰা নিৰ্বাচন কৰি ল’ব পাৰি।

পক্ষী নিৰীক্ষণৰ ক্ষেত্ৰ অনুসৰি নিৰীক্ষকৰ পোছাক-পৰিচ্ছদ সলনি হ’ব পাৰে। সেউজীয়া কাঠনিৰে আৱৰা ঠাই, তৃণভূমি বা অটব্য অৰণ্যলৈ যাওঁতে সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰা বাঞ্চনীয়। গ্ৰীষ্ম অথবা শীতকালত তৃণভূমিলৈ পক্ষী নিৰীক্ষণ কৰিবলৈ গ’লে বাদামী পোছাক পৰিধান কৰা উচিত। পক্ষীৰ চিত্ৰ গ্ৰহন বা তেনেই ওচৰৰ পৰা পক্ষী নিৰীক্ষণ কৰিব বিচাৰিলে সৈনিকৰ দৰে কেমোফ্লেজ পোছাক পৰিধান কৰিব পৰা যায়।

পক্ষী নিৰীক্ষণ আৰু কিছু কথা
Photo by Mohan Nannapaneni on Pexels.com

ৰ’দঘাই অৰণ্য বা তৃণভূমিত  বা কোনো নৈ/ সমুদ্ৰতীৰত দীৰ্ঘসময় পক্ষী নিৰীক্ষণ কৰিব বিচাৰিলে টুপি(hat) এটি পিন্ধি ল’ব লাগে। পক্ষী নিৰীক্ষণৰ বেলিকা ভাল জোতা পৰিধান কৰাটো বাঞ্চনীয়। বুটজাতীয় জোতা পৰিধান কৰিলে কাঁইট, কীট-পতঙ্গ, সাপৰ দংশনৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। চিৰসেউজ অৰণ্যত প্ৰচুৰ পৰিমানে জোক থাকে।তেনেক্ষেত্ৰত জোক প্ৰতিৰোধী মোজাই (leech guard) সুৰক্ষা প্ৰদান কৰে।সমুদ্ৰতীৰত পক্ষী নিৰীক্ষণলৈ গ’লে জলৰোধী জোতা পৰিধান কৰিলে অসুবিধাৰ সৃষ্টি নহয়।

পক্ষী নিৰীক্ষণলৈ যাওতে প্ৰতিনিয়ত পিঠিত এটা বেগ (backpack)নিব লাগে।প্ৰয়োজনীয় সা-সামগ্ৰী যেনে কেমেৰাৰ বেগ, দূৰবীনৰ কেপ আদি ৰাখিব পাৰি।এটি পানীৰ বটল, কিছু খাদ্য সামগ্ৰী যেনে বিস্কুট ,শুকান ফল আদি বেগত মজুত ৰাখিব লাগে।

পক্ষী নিৰীক্ষণৰ ক্ষেত্ৰ নিৰ্দেশিকা ব্যৱহাৰ কৰি পক্ষী চিনাক্তকৰণ কৰিব পৰা যায়। পক্ষীমানৱ ড: চালিম আলিৰ The book of Indian Birds আৰু Richard Grimmett, Carol Inskipp , Tim Inskipp ‘ৰ Birds of Indian Sub continent এইক্ষেত্ৰত আদৰ্শ। এই দুখন কিতাপৰ উপৰিও অনেক ক্ষেত্ৰ নিৰ্দেশিকা উপলব্ধ। গ্ৰন্থৰ দোকান আৰু অনলাইন চাইটবোৰৰ পৰা ক্ষেত্ৰ নিৰ্দেশিকাবোৰ সংগ্ৰহ কৰি ল’ব পৰা যায়।

black drongo birds on branch
Photo by Rajukhan Pathan on Pexels.com

সাম্প্ৰতিক সময়ত পক্ষী চিনাক্তকৰণৰ বিভিন্ন এপ্লিকেশ্যনছ্ ইন্টাৰনেটত উপলব্ধ।বম্বে নেছাৰেল হিস্টী চছাইটিৰ দ্বাৰা মুকলি কৰা ‘ইন্টাৰনেট অব্ বাৰ্ডছ’ (Internet of Birds) নামৰ বিনামূলীয়া এপ্লিকেশ্যনটোৰ সহায়ত ভাৰতভূমিত সচৰাচৰ দেখা পোৱা ৬০০ প্ৰজাতিৰ চৰাই চিনাক্ত কৰিব পাৰি ।

বম্বে নেছাৰেল হিস্টী চছাইটিৰ দ্বাৰা মুকলি কৰা এই এপলিকেশ্যনটো লোকবিজ্ঞান (Citizen Science) প্ৰকল্পৰ অন্তৰ্ভুক্ত। বিভিন্ন পক্ষী নিৰীক্ষকে প্ৰেৰণ কৰা পক্ষীৰ চিত্ৰৰ সমন্বয়ত এই এপ্লিকেশ্যনটো সমৃদ্ধ হৈছে। এই এপটো এন্ড্ৰয়ড আৰু ios দুয়োটাতেই ব্যৱহাৰ কৰিব পৰা যায়। 

পক্ষীৰ মাত চিনি পাবলৈ বা পক্ষীৰ সংৰক্ষিত মাত শুনিবলৈ ইন্টাৰনেটৰ https://www.xeno-canto.org/ ৱেবচাইটলৈ গৈ চাৰ্ছ কৰিব পৰা যায়। এই ৱেবচাইটত বিশ্বজুৰি বিস্তাৰিত পক্ষীৰ শব্দ সংৰক্ষিত হৈ আছে। 

অনেক পক্ষী নিৰীক্ষকে পক্ষীৰ নানা তথ্য নিজা টোকাবহীত লিখি ৰাখে। নিজা টোকাবহীত লিখি ৰখাৰ উপৰিও জনপ্ৰিয় লোকবিজ্ঞান মঞ্চ e-bird লৈ নিৰীক্ষণৰ তথ্য আগবঢ়াব পৰা যায়। এই তথ্যসমূহ পক্ষী বিশেষজ্ঞসকলে পক্ষীবোৰৰ বিভিন্ন সময়ত হোৱা আবাদীৰ সংখ্যাগত পৰিবৰ্তন আৰু ভৌগোলিক অৱস্থাৰ প্ৰভাৱ সম্পৰ্কত বুজ ল’ব পাৰে। 

বিভিন্ন ছফ্টৱেৰৰ সহায়ত পক্ষী নিৰীক্ষণৰ তথ্য পাতি মজুত ৰাখিব পৰা যায়। এইক্ষেত্ৰত ‘ Cornell Lab’ৰ ‘e-bird’ নামৰ অসাধাৰণ এপ্লিকেশ্যনটি বিশ্বব্যাপি পক্ষী নিৰীক্ষণ মহলত বেছ জনপ্ৰিয়।তদুপৰি এইটো এটা বহুল ব্যৱহৃত মাধ্যম। এই এন্ড্ৰয়ড এপ্লিকেশ্যনটো গুগল প্লে’ ষ্টোৰত উপলব্ধ।এই মাধ্যমৰ সহায়ত পক্ষীৰ চেক-লিষ্ট প্ৰস্তুত কৰা,তথ্য সজোৱা,পক্ষীৰ ছবি আপলোড কৰা,পক্ষীৰ মাত যোগ কৰা,যাত্ৰাপথৰ বিৱৰণ প্ৰদান কৰা আদি কাম অনায়াসে কৰিব পাৰি। 

brown hummingbird selective focus photography
Photo by Philippe Donn on Pexels.com

কোনো এটা সংৰক্ষিত এলেকা, অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান প্ৰভৃতি ঠাইত পক্ষী নিৰীক্ষণ কৰিবলৈ হ’লে আগতীয়াকৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি ল’ব লাগে। তদুপৰি কেমেৰা ব্যৱহাৰৰ বাবে মূল্য প্ৰদান কৰিব লাগে। এইক্ষেত্ৰত আৰ্জিত ধনে সেই অঞ্চলৰ সংৰক্ষণত সাহায্য কৰে।

পক্ষী নিৰীক্ষণত শব্দ সৃষ্টি কৰা কাৰ্য বাৰণ কৰিব লাগে। কাৰণ পক্ষীৰ বাবে অশান্তিকৰ বাতাবৰণ এটাৰ সৃষ্টি কৰিলে কেতিয়াও ভালদৰে পক্ষী নিৰীক্ষণ কৰিব পৰা নাযাব।কাৰণ পক্ষীবোৰ ভীতিগ্ৰস্ত হৈ নিৰাপদ ঠাইলৈ উৰি গুচি যাব। অৰণ্য ভ্ৰমণৰ বেলিকা কোনো ধৰণৰ প্লাষ্টিক আৰু আৱৰ্জনা এৰি থৈ আহিব নালাগে। এই কাৰ্যই পাৰিপাৰ্শ্বৰ ক্ষতি সাধন কৰে।

ভাৰতবৰ্ষত পক্ষী অধ্যয়ন সম্পৰ্কীয় পাঠ্যক্ৰমো আছে। বম্বে নেছাৰেল হিস্ট্ৰী চছাইটিয়ে ‘ Basic course in Ornithology’ নামেৰে এটি চাৰ্টিফিকেট পাঠ্যক্ৰম পৰিচালনা কৰে।এই পাঠ্যক্ৰমটি ১১ মাহজোৰা অনলাইন আৰু ক্ষেত্ৰ অধ্যয়নৰ মাধ্যমত সম্পন্ন হয়।

এই পাঠ্যক্ৰমত অধ্যয়ন সামগ্ৰী প্ৰদানৰ উপৰিও বম্বে নেছাৰেল হিস্ট্ৰী চছাইটিৰ পক্ষীবিদসকলৰ সৈতে এদিনৰ ক্ষেত্ৰ ভ্ৰমণ আৰু তিনিদিনজোৰা শিবিৰ অনুষ্ঠিত হয়। সাধাৰণতে এই শিবিৰত পক্ষীৰ পৰিভ্ৰমণ আৰু পক্ষী সম্পৰ্কীয় অনেক বিষয় হাতে-কামে শিকাৰ থল থাকে।

flock of white seagulls flying over the ocean
Photo by Asad Photo Maldives on Pexels.com

সুমিত দাস, পৰিবেশকৰ্মী,ছৈখোৱাঘাট।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

group of people in public toilet using smartphones
Business

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

by Anjan Sarma
August 13, 2026
0

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন! TIMEPASS ECONOMY অঞ্জন শৰ্মা স্মাৰ্টফোন এতিয়া মাথো কেৱল যোগাযোগৰ সজুঁলি...

Read moreDetails
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d