পখিলাবোৰ কুশলে থাকক
সুমিত দাস

জীৱজগতত আমি দেখা বিবিধ ৰকমৰ পোক-পতঙ্গ,পোক-পৰুৱা আদিৰ ভিতৰত পখিলাৰ সুন্দৰতা তুলনামূলকভাৱে বেছি।
পখিলাৰ পাখিৰ বিচিত্ৰ বৰণে সহজতে লোকচিত্তক আকৰ্ষিত কৰে।শিশুৰ কোমল মনতো পখিলাই সাঁচ বহুৱায়।প্ৰাণোচ্ছল শিশুবোৰে অঙ্গী-ভঙ্গীৰে গায়-
“পখিলাই পাখি মেলি নাচে উৰি উৰি
আধাফুলা কলিটিক চায় ঘুৰি ঘুৰি
একেলগে খেলো বুলি কলিটিক ক’লে
ভাল পাই কলিটিয়ে
পাহি মেলি দিলে।”
পখিলাৰ এই বিচিত্ৰ ৰূপ জীৱনকালৰ কেইবাটাও স্তৰ অতিক্ৰম কৰি লোকচকুত ধৰা পৰে।
সেই স্তৰবোৰ হ’ল- ডিম্ব বা কণী(egg),পলু(larva),লেটা(pupa)আৰু পূৰ্ণবয়স্ক পখিলা(adult)।পৃথিৱীত প্ৰায় ২৮,০০০ প্ৰজাতিৰ পখিলা পোৱা যায়। পখিলাবোৰ পতঙ্গজগতৰ লেপিড’প্টেৰা(Lepidoptera)বৰ্গৰ অন্তৰ্ভুক্ত।পতঙ্গ এই পৃথিৱীৰ প্ৰাচীনতম প্ৰাণীগোষ্ঠীৰ অন্যতম।
ভূ-তাত্ত্বিক দিশত মহান পেলিঅ’জইক মহাকল্পৰ(Great Paleozoic era) কাৰ্বনিফেৰাছ কল্পৰে পৰা ইবোৰৰ জীৱাশ্ম পোৱা গৈছে।এই বিচিত্ৰ পতঙ্গৰ সৈতে মানুহৰ যদি তুলনা কৰা হয় ,তেন্তে মানুহক এতিয়াও নবীন আলহী বুলিয়েই অভিহিত কৰিব লাগিব।
বছৰৰ প্ৰতিটো সময়ত সকলো ৰকমৰ পখিলা দেখিবলৈ পোৱা নাযায়। প্ৰকৃতিত পৰিভ্ৰমী পখিলাও বিদ্যমান।এনে কিছুমান পখিলা আছে ,যিবোৰে কেইবা হেজাৰ মাইল অতিক্ৰমি ঠাই সলনি কৰিব পাৰে।
উত্তৰ আমেৰিকাৰ মনাৰ্ক(Monarch)ৰ সৈতে আমাৰ দেশৰ ব্লু টাইগাৰ(Blue tiger),প্লেইন টাইগাৰ(Plain tiger),কমন টাইগাৰ(Common tiger) আৰু বিভিন্ন প্ৰজাতিৰ ক্ৰো(Crow)বোৰে পৰিভ্ৰমণ কৰে।

ভাৰতত প্ৰায় ৬০ প্ৰজাতিৰ পৰিভ্ৰমী পখিলা আছে। পখিলাবোৰে ফুল ভাল পায়।পিছে প্ৰতিবিধ ফুলৰ ওপৰত পখিলা নপৰে। আমাৰ দেশত পোৱা নাৰ্জী (Marigold),ৰঙ্গন বা ৰাঙল(Ixora) আদি ফুলে ইহঁতক বাৰুকৈয়ে আকৰ্ষিত কৰে।
প্ৰ’টিন উৎস হিচাপে পখিলাই পৰাগৰেণু (Pollens) গ্ৰহণ কৰে। অৱশ্যে কোনোধৰণৰ কঠিন পদাৰ্থ পখিলাই সহজে গ্ৰহন নকৰে।ফুলৰ মৌৰ(Nectar)সৈতে মিশ্ৰিত অৱস্থাত পৰাগৰেণু গ্ৰহণ কৰে।
পখিলাৰ আন এবিধ আৱশ্যকীয় উপাদান হৈছে লৱন বা নিমখ(Salt)।সিক্ত মাটি,চৰাই বা আন জীৱৰ বৃষ্ঠা আৰু প্ৰশ্ৰাৱৰ পৰা লৱন সংগ্ৰহ কৰে।স্ত্ৰী পখিলাবোৰৰ বাবে লৱন এবিধ অত্যাৱশ্যকীয় উপাদান।

বিশ্বব্যাপী মানৱ সভ্যতাৰ অভাৱনীয় উত্তৰণে এই সুন্দৰ পতঙ্গবিধলৈ সংশয়বাৰ্তা কঢ়িয়াই আনিছে।বননি ধ্বংস,শস্যক্ষেত্ৰত অতিমাত্ৰা কীটনাশক প্ৰয়োগ কৰিও ইহঁতলৈ দুৰ্ঘোৰ ভৱিষ্যতৰ দিশে ঠেলি দিছে।
খাদ্যশৃংখল সন্তুলনত পখিলাৰ ভূমিকা অনন্য। পখিলাৰ সংকটময় ভৱিষ্যতে বিভিন্ন উভচৰ,সৰীসৃপ, স্তন্যপায়ী,পক্ষীকুললৈও অনাহূত সংকট নমাই আনিছে।

পখিলাবোৰে ফুলে-ফুলে উৰি ফুলৰ মৌ পান কৰাৰ বেলিকা পৰাগসংযোগ (Pollination) ক্ৰিয়া সম্পাদন কৰে।পৰাগসংযোগৰ দ্বাৰাই আমি ফুলৰ পৰা ফল পাওঁ।ফলৰ ভিতৰত থকা বীজৰ পৰাই নতুন উদ্ভিদৰ সৃষ্টি হয়।
অৰ্থাৎ উদ্ভিদ বা বননি বিস্তাৰণত পখিলাৰ দৰে ক্ষুদ্ৰ প্ৰাণীৰো বিৰাট ভুমিকা আছে। চিৰদিনলৈ যদি পৰাগসংযোগ ক্ৰিয়া বন্ধ হৈ যায় তেতিয়া সমস্ত উদ্ভিদ সমুদায়ৰ লগতে প্ৰাণীকুললৈও সংকট নামি আহিব।
১৯৭২ চনত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰণীত বন্যপ্ৰাণী সুৰক্ষা আইনে ইবোৰৰ সংৰক্ষণৰ বাবে নীতি-নিৰ্দেশনা অন্তৰ্ভুক্ত কৰিছে।ইয়াৰোপৰি বিভিন্ন বেচৰকাৰী সংস্থা আৰু ভাৰতীয় প্ৰাণীবিদ্যা সমাজেও (Indian Zoological Society) পখিলা সংৰক্ষণত হাত উজান দিছে।
এই চৰাচৰৰ পৰা পখিলাবোৰ হেৰাই যোৱাটো আমি কল্পনা কৰিবও নোৱাৰোঁ।সকলোৱে এই পৃথিৱীক পখিলাৰ ৰঙীন পাখিৰ দৰে বৰণীয়া কৰিব বিচাৰে। সেয়েহে এইশ্ৰেণীৰ বিচিত্ৰ পতঙ্গ সংৰক্ষণ কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগিব।

সুমিত দাস, উদ্ভিদ বিজ্ঞান বিভাগ, অৰুণাচল বিশ্ববিদ্যালয়
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)