• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

পখিলাবোৰ কুশলে থাকক

ASSAMESE SECTION

by SUMIT DAS
May 23, 2026
in ASSAMESE SECTION
Reading Time: 3 mins read
0
butterflies with window in background

Photo by Rafael Cerqueira on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

পখিলাবোৰ কুশলে থাকক

সুমিত দাস

Sumit Das 1
সুমিত দাস

জীৱজগতত আমি দেখা বিবিধ ৰকমৰ পোক-পতঙ্গ,পোক-পৰুৱা আদিৰ ভিতৰত পখিলাৰ সুন্দৰতা তুলনামূলকভাৱে বেছি।

পখিলাৰ পাখিৰ বিচিত্ৰ বৰণে সহজতে লোকচিত্তক আকৰ্ষিত কৰে।শিশুৰ কোমল মনতো পখিলাই সাঁচ বহুৱায়।প্ৰাণোচ্ছল শিশুবোৰে অঙ্গী-ভঙ্গীৰে গায়-

“পখিলাই পাখি মেলি নাচে উৰি উৰি
আধাফুলা কলিটিক চায় ঘুৰি ঘুৰি
একেলগে খেলো বুলি কলিটিক ক’লে
ভাল পাই কলিটিয়ে
পাহি মেলি দিলে।”

পখিলাৰ এই বিচিত্ৰ ৰূপ জীৱনকালৰ কেইবাটাও স্তৰ অতিক্ৰম কৰি লোকচকুত ধৰা পৰে।

সেই স্তৰবোৰ হ’ল- ডিম্ব বা কণী(egg),পলু(larva),লেটা(pupa)আৰু পূৰ্ণবয়স্ক পখিলা(adult)।পৃথিৱীত প্ৰায় ২৮,০০০ প্ৰজাতিৰ পখিলা পোৱা যায়। পখিলাবোৰ পতঙ্গজগতৰ লেপিড’প্টেৰা(Lepidoptera)বৰ্গৰ অন্তৰ্ভুক্ত।পতঙ্গ এই পৃথিৱীৰ প্ৰাচীনতম প্ৰাণীগোষ্ঠীৰ অন্যতম।

ভূ-তাত্ত্বিক দিশত মহান পেলিঅ’জইক মহাকল্পৰ(Great Paleozoic era) কাৰ্বনিফেৰাছ কল্পৰে পৰা ইবোৰৰ জীৱাশ্ম পোৱা গৈছে।এই বিচিত্ৰ পতঙ্গৰ সৈতে মানুহৰ যদি তুলনা কৰা হয় ,তেন্তে মানুহক এতিয়াও নবীন আলহী বুলিয়েই অভিহিত কৰিব লাগিব।

বছৰৰ প্ৰতিটো সময়ত সকলো ৰকমৰ পখিলা দেখিবলৈ পোৱা নাযায়। প্ৰকৃতিত পৰিভ্ৰমী পখিলাও বিদ্যমান।এনে কিছুমান পখিলা আছে ,যিবোৰে কেইবা হেজাৰ মাইল অতিক্ৰমি ঠাই সলনি কৰিব পাৰে।

উত্তৰ আমেৰিকাৰ মনাৰ্ক(Monarch)ৰ সৈতে আমাৰ দেশৰ ব্লু টাইগাৰ(Blue tiger),প্লেইন টাইগাৰ(Plain tiger),কমন টাইগাৰ(Common tiger) আৰু বিভিন্ন প্ৰজাতিৰ ক্ৰো(Crow)বোৰে পৰিভ্ৰমণ কৰে।

পখিলাবোৰ কুশলে থাকক

ভাৰতত প্ৰায় ৬০ প্ৰজাতিৰ পৰিভ্ৰমী পখিলা আছে। পখিলাবোৰে ফুল ভাল পায়।পিছে প্ৰতিবিধ ফুলৰ ওপৰত পখিলা নপৰে। আমাৰ দেশত পোৱা নাৰ্জী (Marigold),ৰঙ্গন বা ৰাঙল(Ixora) আদি ফুলে ইহঁতক বাৰুকৈয়ে আকৰ্ষিত কৰে।

প্ৰ’টিন উৎস হিচাপে পখিলাই পৰাগৰেণু (Pollens) গ্ৰহণ কৰে। অৱশ্যে কোনোধৰণৰ কঠিন পদাৰ্থ পখিলাই সহজে গ্ৰহন নকৰে।ফুলৰ মৌৰ(Nectar)সৈতে মিশ্ৰিত অৱস্থাত পৰাগৰেণু গ্ৰহণ কৰে।

পখিলাৰ আন এবিধ আৱশ্যকীয় উপাদান হৈছে লৱন বা নিমখ(Salt)।সিক্ত মাটি,চৰাই বা আন জীৱৰ বৃষ্ঠা আৰু প্ৰশ্ৰাৱৰ পৰা লৱন সংগ্ৰহ কৰে।স্ত্ৰী পখিলাবোৰৰ বাবে লৱন এবিধ অত্যাৱশ্যকীয় উপাদান।

পখিলাবোৰ কুশলে থাকক

বিশ্বব্যাপী মানৱ সভ্যতাৰ অভাৱনীয় উত্তৰণে এই সুন্দৰ পতঙ্গবিধলৈ সংশয়বাৰ্তা কঢ়িয়াই আনিছে।বননি ধ্বংস,শস্যক্ষেত্ৰত অতিমাত্ৰা কীটনাশক প্ৰয়োগ কৰিও ইহঁতলৈ দুৰ্ঘোৰ ভৱিষ্যতৰ দিশে ঠেলি দিছে।

খাদ্যশৃংখল সন্তুলনত পখিলাৰ ভূমিকা অনন্য। পখিলাৰ সংকটময় ভৱিষ্যতে বিভিন্ন উভচৰ,সৰীসৃপ, স্তন্যপায়ী,পক্ষীকুললৈও অনাহূত সংকট নমাই আনিছে।

পখিলাবোৰ কুশলে থাকক

পখিলাবোৰে ফুলে-ফুলে উৰি ফুলৰ মৌ পান কৰাৰ বেলিকা পৰাগসংযোগ (Pollination) ক্ৰিয়া সম্পাদন কৰে।পৰাগসংযোগৰ দ্বাৰাই আমি ফুলৰ পৰা ফল পাওঁ।ফলৰ ভিতৰত থকা বীজৰ পৰাই নতুন উদ্ভিদৰ সৃষ্টি হয়।

অৰ্থাৎ উদ্ভিদ বা বননি বিস্তাৰণত পখিলাৰ দৰে ক্ষুদ্ৰ প্ৰাণীৰো বিৰাট ভুমিকা আছে। চিৰদিনলৈ যদি পৰাগসংযোগ ক্ৰিয়া বন্ধ হৈ যায় তেতিয়া সমস্ত উদ্ভিদ সমুদায়ৰ লগতে প্ৰাণীকুললৈও সংকট নামি আহিব।

১৯৭২ চনত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰণীত বন্যপ্ৰাণী সুৰক্ষা আইনে ইবোৰৰ সংৰক্ষণৰ বাবে নীতি-নিৰ্দেশনা অন্তৰ্ভুক্ত কৰিছে।ইয়াৰোপৰি বিভিন্ন বেচৰকাৰী সংস্থা আৰু ভাৰতীয় প্ৰাণীবিদ্যা সমাজেও (Indian Zoological Society) পখিলা সংৰক্ষণত হাত উজান দিছে।

এই চৰাচৰৰ পৰা পখিলাবোৰ হেৰাই যোৱাটো আমি কল্পনা কৰিবও নোৱাৰোঁ।সকলোৱে এই পৃথিৱীক পখিলাৰ ৰঙীন পাখিৰ দৰে বৰণীয়া কৰিব বিচাৰে। সেয়েহে এইশ্ৰেণীৰ বিচিত্ৰ পতঙ্গ সংৰক্ষণ কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগিব।

পখিলাবোৰ কুশলে থাকক
Photo by Leonardo Jarro on Pexels.com

সুমিত দাস, উদ্ভিদ বিজ্ঞান বিভাগ, অৰুণাচল বিশ্ববিদ্যালয়

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
SUMIT DAS

SUMIT DAS

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d