পণ্ডিত ৰবি শংকৰ
ৰেজাউল কৰিম
পণ্ডিত ৰবি শংকৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ভাৰতৰ প্ৰখ্যাত চেতাৰ বাদক।
তেখেতে পৃথিৱী বিখ্যাত ভায়লিন বাদক ইহুদী মেনুহিন (Yahudi Menuhin) আৰু বিটল খ্যাত গীটাৰ বাদক জৰ্জ হেৰিছনৰ সৈতে পশ্চিমীয়া দেশত ভাৰতীয় শাস্ত্ৰীয় সংগীতক জনপ্ৰিয় কৰি তুলিছিল। এই গৰাকী বিখ্যাত সংগীতজ্ঞক ভাৰত চৰকাৰে ১৯৯৯ চনত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল। ইয়াৰ উপৰিও তেখেতে পাঁচবাৰ গ্ৰেমী এৱাৰ্ড, ৰমণ মেগছেছে এৱাৰ্ড আৰু একাধিক আন আন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বটা লাভ কৰিছিল।
ৰবি শংকৰৰ গুৰু আছিল আলাউদ্দিন খান। আলাউদ্দিন খানৰ গুৰু আছিল গোপাল কৃষ্ণ ভট্টাচাৰ্য। আলাউদ্দিন খান ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মাইহাৰ ঘাৰাণাৰ জন্মদাতা। তেওঁ মাইহাৰৰ মহাৰাজা ব্ৰীজনাথ সিং জুদেৱৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল। গুৰুকুল পদ্ধতিত পণ্ডিত ৰবি শংকৰে আলাউদ্দিন খানৰ ঘৰত থাকি তেওঁৰ পুত্ৰ ওস্তাদ আলী আকবৰ খান আৰু কন্যা ৰৌশনাৰাৰ সৈতে সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ ৰবি শংকৰে গুৰু কন্যা ৰৌশনাৰাক বিবাহ কৰে আৰু তেওঁ অন্নপূৰ্ণা দেৱী হিচাপে পৰিচিত হয়।
পণ্ডিত ৰবি শংকৰ
পণ্ডিত ৰবি শংকৰে সত্তৰৰ দশকত পশ্চিমীয়া দেশত সংগীতৰ সৈতে হিপ্পি সংস্কৃতি আৰু মাৰাত্মক ড্ৰাগৰ সম্পৰ্কক কঠোৰভাৱে বিৰোধ কৰিছিল। তেওঁ কৈছিল যে সংগীতৰ দ্বাৰা ভগৱানৰ নৈকট্য লাভ কৰিব পাৰি। এনেস্থলত সংগীতক কেতিয়াও ড্ৰাগছৰ সৈতে একাকাৰ কৰিব নোৱাৰি।
এই গৰাকী মহান সংগীতজ্ঞৰ সৈতে গুৰু ওস্তাদ আলাউদ্দিন খান আৰু গুৰু মাতাৰ দীৰ্ঘদিন বিৰতিৰ পিছত হোৱা সাক্ষাতৰ আৱেগিক মুহূৰ্তৰ চোছিয়েল মেডিয়াত বহুলভাৱে প্ৰচাৰিত এক ভিডিঅ’ই সম্প্ৰতি ভাৰতীয় পৰম্পৰাত গুৰু শিষ্যৰ সম্পৰ্কক বহু উচ্চতাত তুলি ধৰিছে।
এনে ধৰণৰ পৰম্পৰাগত গুৰু শিষ্যৰ সম্পৰ্ক ভাৰতীয় সংস্কৃতিৰ অনন্য নিদৰ্শন হিচাপে চিহ্নিত হৈছে। আগ্ৰহীসকলে ইউ-টিউবত সেই ভিডিঅ’টো চাই কৃতাৰ্থ হ’ব পাৰে ( কপিৰাইট সম্পৰ্কীয় লেঠাৰ বাবে এই লেখাৰ সৈতে ভিডিঅ’টো আপলোড কৰা নহ’ল)!
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)