• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

পবা সংৰক্ষিত বনাঞ্চল

-গৌতম শৰ্মা

by Anjan Sarma
June 25, 2021
in Special Report
Reading Time: 1 min read
0
পবা সংৰক্ষিত বনাঞ্চল
Share on FacebookShare on TwitterShare on LinkedIn

-গৌতম শৰ্মা |

উজনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত জৈৱ বৈচিত্ৰ্যতাৰ অনুপম নিদৰ্শন পবা হৈছে ধেমাজি জিলাৰ একমাত্র জীৱিত অৰণ্য। ২০,২২১ হেক্টৰ বনভূমিৰে আবৃত্ত পবা অৰণ্যখনৰ উত্তৰে অৰুণাচল প্ৰদেশ, পূব আৰু দক্ষিণ দিশত চিয়াং, দিবং, লোহিত নদীকে আদি কৰি কবুচাপৰি আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনি আৰু পশ্চিমে ধেমাজি জিলাৰ জোনাই মহকুমা অৱস্থিত। অৰুণাচলৰ দি ইৰিং, লক্ষী ৰিজাৰ্ভ আৰু ৰুকচিন মহকুমাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহে পবাক সদায় সুন্দৰ আৰু সু-সংগঠিত কৰি ৰাখিছে।  অৰণ্যখনিৰ ইতিহাসলৈ মন কৰিলে আমি পাওঁ যে ব্ৰিটিছ ঔপনিবেশিক কালতেই ১৯২৪ চনত এই অৰণ্যখনক এখন সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।

 প্ৰকৃতিগত দিশৰ পৰা পবা হৈছে এখনি উৎকৃষ্ট বৰ্ষাৰণ্য। পবাৰ কাষেদিয়েই বৈ যোৱা খৰস্ৰোতা চিয়াং নদীখনে অৰণ্যখনক অনন্য ৰূপ প্ৰদান কৰি ইয়াৰ নৈসৰ্গিকতাক যথেষ্ট চহকী কৰি গঢ়ি তুলিছে। পবাৰ নিচেই কাষতে পূবদিশত থকা কবুচাপৰিটো হৈছে ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা ইয়াৰ দ্বিতীয় বৃহৎ নদীদ্বীপ। একালত এই দ্বীপটো বনৰীয়া মহৰ আবাসস্থল আছিল। বৰ্তমানেও এই কবুচাপৰিটো জৈৱ বৈচিত্ৰ্যতা সংৰক্ষণৰ এক অনুপম নিদৰ্শন হিচাপে চিহ্নিত হৈ আছে। কবুচাপৰিৰ পূবলৈ থকা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানেখনেও যেন পবাক মোৰেই মানসপুত্ৰ বুলি তাহানিৰে পৰা কৈ আহিছে। পবাৰ উত্তৰ পাৰত থকা প্ৰকৃতি ৰাণী অৰুণাচল প্ৰদেশৰ অখণ্ড বনভূমিসমূহে, কবুচাপৰিয়ে, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানে আৰু পবাই মিলি যেন এই বৃহত্তৰ অঞ্চলটোক এখন অন্তহীন প্ৰকৃতি ৰাজ্য ৰূপে গঢ়িছে। প্ৰকৃতিপ্ৰেমীসকলৰ দৃষ্টিৰে পবাক কেন্দ্ৰ কৰি এই অৰণ্য কেইখনে সমকোণী অৱস্থান গ্ৰহণ কৰিছে। এইখিনিতে আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল যে বন্যপ্ৰাণীসমূহে পবা আৰু কবুচাপৰিক সদায় কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। বিশেষকৈ কবুচাপৰিক প্ৰধান কৰিড’ৰ হিচাপে লৈ অৰুণাচলৰ বনভূমি সমূহৰ পৰা পবালৈকে এই অখণ্ড বনভূমিত সিহঁতে মুক্তমনে সদায় বিচৰণ কৰি আহিছে।

জৈৱ বৈচিত্ৰ্যতাৰ দিশৰপৰা পবাখন অত্যন্ত চহকী। বিশেষকৈ নল গাহৰিৰ বাবে জনাজাত এই অৰণ্যখনি অন্যান্য বহু বন্য জীৱ-জন্তুৰ আদৰ্শ বাসস্থান। পবাত পোৱা কেতবোৰ গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী হৈছে- লাজুকী বান্দৰ, মলুৱা বান্দৰ, অসমীয়া বান্দৰ, বনৰৌ, শিয়াল, গেন্দেৰা, নেউল, জহামাল, বনবোন্দা, নাহৰফুটুকী বাঘ, হাতী, লতামেকুৰী, বনগৰু, কেটেলা পহু, ডাঙৰ কেৰ্কেটুৱা, শৰ পহু, হৰিণা, শহা পহু আদি। অন্যহাতেদি, উত্তৰ-পূবৰ প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকন’ৰ লগতে অন্যান্য প্ৰকৃতিপ্ৰেমী সংগঠন আৰু ব্যক্তিসকলৰ সমীক্ষা আৰু চিনাক্তকৰণে উল্লেখ কৰা তথ্য মতে পবাত উপলব্ধ হোৱা কেতবোৰ বৃক্ষ প্ৰজাতি হৈছে- গহৰা, গমাৰি, ঘোঁৰানিম, চোম, চেৱা, চতিয়না, চেগুণ, ৰঙা চন্দন, জৰি, জামু, ডিমৰু, তিতাচপা, থেকেৰা, নাহৰ, পমা, পুৰুজা, বগৰী, বহঁত, বট, বকুল, বোৱাল, বনচোম, বেল, ভেলৌ, ভোমোৰা, মেকাই, মহুৱা, মজ, মদাৰ, শিঙৰি, শাল, শিমলু, শিলিখা, চিচু , সোঁৱালু, সাঁচি, সোণাৰু, হেলচ, হলখ, হোলোং আদি। অন্যহাতেদি, লতাজাতীয় উদ্ভিদসমূহেও পবাক সমৃদ্ধিশালী কৰি ৰাখিছে। যিসমূহৰ ভিতৰত টিকনি বৰুৱা, ভেদাইলতা, জেতুলিপকা, কাঠআলু, কণীবিহ, কাউৰীমণি, মাধৈমালতী, বেলিপকা, বনকেৰেলা, কপৌঢেকীয়া, প্ৰেমলতা, বনজালুক, আঙনি পান, আকাশীলতা, টেঙৰীলতা, নলটেঙা, গুলজলতা, ভীমৰাজ, আমৈলতা, বগুৱাচালি, কপালফুটা লতা, তুবুকীলতা ইত্যাদি। পূৰ্বে উল্লেখ কৰা ধৰণে পবাৰ জলাহভূমিত ঢেকীয়া, কচু, বেত, বনকল, দল আদি উদ্ভিদসমূহো প্ৰচুৰ পৰিমাণে পোৱা যায়।

পবা পক্ষীকূলৰো আদৰ্শ বাসস্থান হিচাপে জনাজাত হৈ আহিছে। শেহতীয়াকৈ ঢকুৱাখনাৰ মেগামিক্স নেচাৰ ক্লাবে পবা বনাঞ্চলত গ্ৰহণ কৰা চৰাই পৰ্যবেক্ষণ কাৰ্যসূচীত পবাত বহুবোৰ চিনাকি আৰু অচিনাকি চৰাইৰ অস্তিত্বৰ সম্ভেদ পোৱা গৈছে। যিবোৰ হৈছে- ৰাঙীমূৰী শেন, মৌখাপ, হয়কলি, ভুৰুং বটা, ভীমৰাজ, হুদু, কুৰুৱা, কণামুচৰী, ৱাক চৰাই, টেটেৰা বগ, গোবগ, মাজুবগ বা পেটীয়া বগ, ইটাগুৰিয়া, বৰটোকোলা, ক’লা চিলনী, ৰঙা চিলনী, মাছৰোকা, হনুমন্ত, কঁঠালগুটীয়া মাছৰোকা, পখৰা মাছৰোকা, ডাউক, ঢেকৰ, বৰ হেটুলুকা, নীলা হেটুলুকা, মৰ চৰাই, যমডাকিনী, বসন্ত পক্ষী, কোকলোঙা, কঁঠালগুটীয়া বাঢ়ৈটোকা, পখৰা বাঢ়ৈটোকা, বালিঘোঁৰা, বালিমাহী, পথৰুৱা বালিমাহী, কেঁচুখোৱা, ফেঁচু, ৰাজচৰাই, বাওনা ফেঁচু, দিনকণা, কাউচৰাই, পাতিশগুণ, ছেটচেটি, মৌপিয়া, কলডিলৰ মৌপিয়া, পাতমূগী, টিপচি, গোবৰ খোচৰা, কাকৈশিৰা, ৰূপহী চৰাই, বাৰীসুন্দৰী,পঘুৰ্মা, হাইঠা, পাতিকপৌ, ঢিলাকপৌ, মনিকপৌ, চুতীয়া শালিকা, মইনা, কানকুৰীয়া, দহিকতৰা, সাতভনী, বুলবুলি, কুকুহা, উলকুকুৰা, খাটাকুকুৰা, সৰুকুকুহা, নলচিটিকী, কুৰুলী ফেঁচা, ভৰত পক্ষী, বৰভাটৌ, টিয়া ভাটৌ, মদনা ভাটৌ, আলাসী চিলনী, মকৰাখাটী, নাচনী, কলাখাটী, চেকচেকী, পাহাৰী  চেকচেকী, পাতমাদৈ, সখিয়তী, কলীয়া চেকচেকী, বাওনা ফেঁচু, টেলটুপী, জংঘলী কেঁচুখোৱা, জীয়াঁখাটী, চন্দনা ভাটৌ, বতাহী (ডাঙৰ আৰু তীব্ৰবেগী), মাছুৱৈ চিলনী, সৰু কেতেকী, বিছাখাটী, গলমণিকা, নদীযোগ, কলীযোগ, টোকোৰা চৰাই, শ্যামা, সেউজ বুলবুলি, ভদৰকলী, ফেঁচুলুকা ইত্যাদি।

উল্লেখযোগ্য যে, প্ৰায় ১০,২২১ হেক্টৰ বনভূমিয়ে আগুৰি থকা পবা হৈছে জৈৱবৈচিত্ৰ্যতাৰ অনুপম ভঁৰাল। বহু দুষ্পাপ্য প্ৰাণী আৰু উদ্ভিদেৰে সমৃদ্ধ অৰণ্যখনি। এইসমূহৰ উৰ্ধত সমগ্ৰ জোনাইবাসীক ব্ৰহ্মপুত্ৰ আৰু চিয়াঙৰ প্ৰবল বান আৰু প্ৰচণ্ড খহনীয়াৰ পৰা সদায় নিৰাপত্তা দি আহিছে এই অৰণ্যখনে। ইমানবোৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা এই অৰণ্যখনিক আজি বান-খহনীয়াৰ লগতে চোৰাং চিকাৰৰ দপদপনী আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাই গভীৰ অস্তিত্বৰ সংকটত পেলাইছে। সেয়েহে, অৰণ্যখনক ৰক্ষা কৰাৰ বিশেষ প্ৰয়োজন আহি পৰিছে। ইয়াৰ বাবে পবাক তাৎক্ষণিকভাৱে সংৰক্ষিত বনাঞ্চলৰ পৰা অভয়াৰণ্যৰ শাৰীলৈ উন্নীত কৰাটো আজি খুবেই প্ৰয়োজন হৈছে। সেয়েহে, আজি আমি ক’ব খুজিছোঁ, মৃত্যুমুখী এই অৰণ্যখনৰ জীৱনটোক উজ্জীৱিত কৰিবলৈ কেতবোৰ যথোপযুক্ত ব্যৱস্থা জৰুৰীভাৱে গ্ৰহণ নকৰিলে অচিৰেই ধ্বংস হ’ব পবাৰ অস্তিত্ব। নেচাৰ্ছ বেক’নৰ লগতে ধেমাজি আৰু ধেমাজিৰ বাহিৰৰো বিভিন্ন প্রকৃতিপ্ৰেমী সংগঠন আৰু লোকসকলে, সংবাদ মাধ্যম আৰু আকাশবাণী কেন্দ্ৰসমূহেও এইক্ষেত্ৰত গ্ৰহণ কৰি অহা ইতিবাচক ভূমিকাসমূহক আমি বিশেষভাৱে শলাগ লৈছোঁ। বিশেষকৈ নেচাৰ্ছ বেক’নৰ কেন্দ্ৰীয় আৰু স্থানীয় সদস্য সকলেও অৰণ্যখনিৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰবল জনমতসমূহ গঢ়ি তোলাত বহু অৱদান আগবঢ়াই আহিছে।

এনেবোৰ ভাল খবৰে পবাক সংৰক্ষিত বনাঞ্চলৰ শাৰীৰপৰা অভয়াৰণ্য শাৰীলৈ উন্নীত কৰি ইয়াৰ নিৰাপত্তাক সুনিশ্চিত কৰাত নিশ্চিতকৈ প্ৰভূত বৰঙণি যোগাব বুলি আমি অত্যন্ত আশাবাদী। পবাক কেন্দ্ৰ কৰি আজি ধেমাজি জিলাৰ পৰ্যটন উদ্যোগটোক আগবঢ়াই লৈ যাব পৰাও যথেষ্টখিনি থল আছে। সেয়েহে ইমানবোৰ সম্ভাৱনাৰে ভৰপূৰ পবা সুৰক্ষাৰ স্বাৰ্থত সকলোৱে আজি হাত উজান দিয়ক। প্ৰশাসনেও অস্তিত্বৰ গভীৰ সংকটত ভোগা এই  অৰণ্যখনৰ যথোপযুক্ত নিৰাপত্তা ব্যৱস্থাসমূহ গঢ়ি তোলক, অচিৰেই পবাক সংৰক্ষিত বনাঞ্চলৰ পৰা অভয়াৰণ্যৰ শাৰীলৈ উন্নীত কৰক। কিয়নো পবা থাকিলেহে জোনাই থাকিব লগতে জীয়াই থাকিব এখিনি মানুহৰ সপোন আৰু ভৱিষ্যত। পবা সুৰক্ষা আৰু সংৰক্ষণৰ বাবে যুঁজি থকা লোকসকলৰ সংগ্ৰামসমূহ সফল হওক। তেখেতসকললৈ আমাৰ আন্তৰিক শুভকামনা জনাইছোঁ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: পবা সংৰক্ষিত বনাঞ্চল
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Youth-led Protest, Resilience and Humanity

Youth-led Protest, Resilience and Humanity

July 25, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d