মহালয়া
কুমাৰ দীপক দাস
আজি পবিত্ৰ মহালয়া।
মহালয়া হৈছে পিতৃপক্ষ আৰু দেবীপক্ষৰ সন্ধিক্ষণ ।
আকৌ মহালয় শব্দৰ স্ত্রীবাচক পদ মহালয়া। তিথি শব্দটো যিহেতু স্ত্রীলিঙ্গ সেয়েহে ইয়াৰ বিশেষণ পদটো হ’ল মহালয়া। মহালয় শব্দৰ অর্থ বহু প্ৰকাৰৰ যেনে, মহত্ত্বৰ আলয়, মহা লয়—মোক্ষকাৰক, য’ত পৰমাত্মাত, অর্থাৎ পৰব্রহ্মত লয় প্রাপ্তি ঘটে ইত্যাদি ।
প্ৰবাদ মতে, মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয় আৰু পুৱাৰ পবিত্ৰ বতাহ জাকে সকলোৰে শৰীৰ,মন আৰু আত্মা সুস্থ কৰি তোলে । আনকি মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ লাভ কৰে বুলিও বিশ্বাস কৰা হয় ৷
সাধাৰণৰ ৰাইজৰ বাবে মহালয়া দুৰ্গা পূজাৰ আৰম্ভণি হ’লেও জ্যোতিষ শাস্ত্ৰত ইয়াৰ অন্য এক তাৎপৰ্য বাখ্যা কৰা হয় ৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি, মহালয়া হ’ল পিতৃ পক্ষৰ সমাপ্তি আৰু দেৱী পক্ষৰ আৰম্ভণি ।এই দিনটোত, বহুলোকে তেওঁলোকৰ পূৰ্ব পুৰুষ সকলক শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে । তৰ্পণৰ অৰ্থ -সন্তুষ্ট কৰা ।
পূৰ্ব পুৰুষত তৰ্পন কৰিলে নৰকত থকা পূৰ্ব পুৰুষে মুক্তি লাভ কৰে বুলি জনবিশ্বাস আছে ৷ আনকি পূৰ্ব পুৰুষে মুক্তি প্ৰদান কৰিলে পূৰ্ব পুৰুষৰ আত্মাই সন্তুষ্টি লাভ কৰাৰ লগতে কনিষ্টজনক আৰ্শীবাদো প্ৰদান কৰে বুলি লোক বিশ্বাস আছে ৷
সেয়ে পূৰ্ব পুৰুষৰ আত্মাক সন্তুষ্ট কৰিবলৈ এই বিশেষ দিনটোত প্ৰাৰ্থনা কৰা হয় ,তৰ্পণ কৰা হয় ।
আজিৰ এই পবিত্ৰ মহালয়াৰ আন্তৰিক শুভকামনা যাচিলোঁ আৰু আমাৰ পূৰ্বসূৰী সকলোকে শ্ৰদ্ধা জনাই সমুহৰ বাবে শুভাশীষ বিচাৰিলোঁ ।
25-09-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)